গল্প-কবিতা

সাম্প্ৰতিক ।। প্ৰিয়াংশু প্ৰাঞ্জল

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

কথাবোৰ ইতিমধ্যে ৰেডিঅ’ত শুনিছে। বাতৰি কাকতত পঢ়িছে। বাৰুদৰ শব্দত শিশুবোৰে কান্দিছিল। মাকবোৰৰ স্তন আৰু গছৰ পাতবোৰ শুকাইছিল। হাটলৈ যোৱা মানুহকো মৃত বুলি ঘোষণা কৰিছিল।

কাণ কোবাই উৰি গ’ল এহালি চৰাই। কান্ধতে বতিয়াই গ’ল তেজ। যুদ্ধ আৰম্ভ। চৰাই আৰু মানুহৰ। এয়া কোনো নতুন ঘটনা নহয়।

পৃথিৱীয়েই এতিয়া মৃত। মানুহবোৰ জড়।
পুষ্টিহীনতাত ভোগা শিশুৰ দৰে
শৰীৰত তেজ নাই। বাহুত বল নাই। চকুত টোপনি নাই।

যুদ্ধৰ শেষত,
মানুহৰ মগজুৱেই পলসত পোত গ’ল।

ঘটনাৰ পুনৰাবৃত্তি হৈছে,
শীতৰ উৎসৱত ৰজাই খৰিকাত দিয়া মঙহৰ জুতি লৈ থকা খবৰে তল পেলালে জাৰত মৰা শিশুবোৰৰ কথা।

এনেদৰেই নোহোৱা হ’বগৈ নেকি মানুহ ?
জাৰৰ দিনত মৰে। ভোকৰ দিনতো মৰে।
আনকি ৰাজপথত বেতৰ কোবতো।

সাম্প্ৰতিক,
উশাহ লৈ ফুৰা মানুহো চটফটাই মৰে শেতেলিত
ৰজাৰ আদেশত কাইলৈ বা হয় কি।
এনে শংকাতে জী আছে মানুহ।

Leave a Reply

Your email address will not be published. Required fields are marked *