দুখপোহা ছোৱালী ।। মূল বাংলা : তসলিমা নাছৰিন, অনুবাদ : ৰীতিমালা
মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা
কান্দোন সামৰি অলপ বহা
দুখৰ টোপোলাবোৰ এটা এটাকৈ খোলা
দেখুওৱাচোন গোপন ঘাঁবোৰ
এই কেইদিনত আৰু কিমান গভীৰ হ’ল।
ঐ ছোৱালী, শুনিছানে?
দুখবোৰ একদম তিতি গৈছে
অলপ মেলি দিয়াচোন বাহিৰত
বতাহৰ এটা চমৎকাৰ গুণ আছে
কিছু দুখ উৰুৱাই নিয়ে নিজেই।
কি গণি আছা!
দিন!
দিনতো পাৰ হ’বই! দুখপোহা ছোৱালী!
অলপ ৰ’দাবলৈ দিয়া এই সেমেকা জীৱন
কি জলমল ৰ’দ দিছে চোৱা
ঘন অৰণ্যানিও নাচি উঠিছে
হৰিণাবোৰৰ স’তে
ঐ ছোৱালী, হাঁহাচোন,
নিজলৈ চকু তুলি চোৱা
নিজৰ প্ৰেমত পৰা।

