বিবিধ চিন্তা

সাম্প্রতিক সময়ত নিৰপেক্ষ সংবাদ-মাধ্যমৰ গুৰুত্ব   (পাৰভিন চুলতানা)

ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে উচ্চতম ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশ জাষ্টিছ জোছেফ আৰু জাষ্টিছ ৰয়ৰ এটা বেঞ্চে কিছু গুৰুত্বপূর্ণ মতামত আগবঢ়ায়। তাৰে ভিতৰত তেওঁলোকে হেট স্পীচ বা ঘৃণা বিয়পোৱাৰ ক্ষেত্রত সংবাদ-মাধ্যম বিশেষকৈ ইলেকট্রনিক বা বৈদ্যুতিন সংবাদ মাধ্যমক যথেষ্ট সমালোচনা কৰে। তেওঁলোকে কিছু চেনেলৰ এংকৰ বা নিউজ প্রেজেণ্টাৰবোৰে মুকলিকৈ কোনো এক জাতি জনগোষ্ঠী বা সম্প্রদায়ৰ বিৰুদ্ধে ভুৱা বাতৰি বা প্রপাগাণ্ডা প্রচাৰ কৰাৰ দৰে গুৰুতৰ অপৰাধৰ কথা উনুকিয়াই দিয়ে লগতে চৰকাৰে এনে সংবাদ-মাধ্যমৰ বিৰুদ্ধে কি পদক্ষেপ গ্রহণ কৰিছে সেই বিষয়েও চৰকাৰক জবাবদিহি কৰে। সাম্প্রতিক সময়ত এনে ঘটনাই সংবাদ-মাধ্যমৰ নিৰপেক্ষতাৰ অৱনতিৰ এক ভয়ংকৰ দিশৰ আভাস দিয়ে।

সংবাদ-মাধ্যমক গণতন্ত্রৰ চতুর্থ স্তম্ভ বুলি কোৱা হয়। এটি স্বাধীন, নিৰপেক্ষ সংবাদ-মাধ্যম অবিহনে এটি সুস্থ গণতন্ত্র সম্ভৱ নহয়। সংবাদ-মাধ্যমে ক্ষমতাধিষ্ট চৰকাৰক দায়বদ্ধ কৰি ৰখাত এটা গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু আজিৰ সময়ত সংবাদ-মাধ্যমৰ নিৰপেক্ষতাৰ লগতে, এই মাধ্যমৰ নৈতিকতালৈও প্রশ্ন উত্থাপিত হৈছে। বহু সময়ত সংবাদ-মাধ্যম জনগণৰ কণ্ঠ হৈ উঠাৰ ঠাইত, জনগণক বিভ্রান্ত কৰি প্রতিবাদী কণ্ঠক বাকৰুদ্ধ কৰাহে পৰিলক্ষিত হৈছে। তেনে ক্ষেত্রত সংবাদ-মাধ্যমে নিৰীহৰ নহৈ শক্তিশালীৰহে পৃষ্ঠপোষকতা কৰাও দেখা গৈছে। বৈদ্যুতিন সংবাদ-মাধ্যমে প্রায় সময় সহানুভূতিৰ অভাৱ প্রদর্শিত কৰে। বিভিন্ন হিংসাৰ ভুক্তভোগীৰ ক্রন্দনৰত ভাষ্যক ভালকৈ প্রচাৰ নকৰি সর্বহাৰাসকলক সোধে সকলোখিনি হেৰুৱাই তেওঁলোকৰ কেনে অনুভৱ হৈছে! সংবাদ-মাধ্যমৰ লগত ক্ষমতাধিষ্টসকলৰ মধুৰ সম্পর্ক হ’ব লোৱাৰে, কিন্তু তেনে ক্ষেত্রত আজিৰ দিনত বহু সংবাদ-মাধ্যম কেৱল ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতা মতে চলা দেখা যায়। নিউজৰ নামত প্রচাৰ হয় বিভিন্নধৰণৰ ৰাজনৈতিক বিজ্ঞাপন বা ‘প্রপাগাণ্ডা’।

এই ক্ষেত্রত বাতৰি কাকতবোৰে তুলনামূলকভাৱে কম পক্ষপাতিত্ব কৰা দেখা যায়। কিন্তু আমি জানোঁ যে সৰহ সংখ্যক মানুহৰ বাবে বাতৰি যোগান ধৰে বৈদ্যুতিন সংবাদ-মাধ্যমে। আৰু এই চেনেলবোৰ যেন এক প্রতিযোগিতাত নামি পৰে বিশেষকৈ টি. আৰ. পি.-ৰ প্রতিযোগিতা। কিন্তু আচৰিত হ’বলগীয়া কথা হ’ল যে এই সংবাদ-মাধ্যমৰ একেবাৰে কম সংখ্যকে সাধাৰণ জনতাৰহৈ বাতৰি প্রকাশ কৰে। আমি বিভিন্ন চেনেলবোৰৰ এটি তুলনামূলক অধ্যয়ন কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে দেশৰ অর্থনৈতিক অৱস্থা বা মুদ্রাস্ফীতিৰ সমস্যাকলৈ তেনেকুৱা কোনোধৰণৰ গভীৰ আলোচনা নহয়। কিন্তু একে সময়ত ধর্মীয় মেৰুকৰণ হ’ব পৰা বাতৰিবোৰ উচ্চস্বৰে প্রাইম টাইম চলি থাকে। যোৱা কেইটামান বছৰত কিছু সংবাদ-মাধ্যমৰ কর্মকাণ্ড চালে এই কথা স্পষ্ট হৈ পৰে। প্রথমতে তবলীগ জামাতৰ মানুহৰ কিছু অজ্ঞতা আৰু ভুলৰ বাবে সেই মানুহবোৰক কৰ’না বিয়পোৱাৰ মূল অপৰাধী সজোৱা হৈছিল। উল্লেখযোগ্য যে সেই সময়ত এটি আগতে নঘটা পৰিস্থিতিৰ সন্মুখীন হৈছিল গোটেই দেশ। কিন্তু এনে পৰিস্থিতিতো দুটা সম্প্রদায়ৰ মাজত সম্পর্ক বিনষ্ট কৰাৰ চেষ্টা চলি থাকিল। এটি বেমাৰৰ দ্বাৰা আক্রান্ত ব্যক্তিসকলক অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হ’ল কিন্তু সেই বেমাৰ কঢ়িয়াই আনি কোনো নিয়ম নামানি ঘূৰি ফুৰা কিছু ডাঙৰ চৰকাৰী বিষয়াৰ সন্তানৰ ক্ষেত্রত যথেষ্ট নমনীয় স্থিতি গ্রহণ কৰা হ’ল। এনে পক্ষপাতিত্বই সম্প্রদায়বোৰৰ মাজত থকা সদ্ভাৱ নষ্ট কৰে।

এতিয়া অহা যাওক একে সময়ত ঘটা আন এটা ঘটনালৈ। কৰ’না মহামাৰী আৰু লকডাউনে ধনী-দুখীয়া সকলোৰে জীৱনত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছিল। আনকি কাম নোপোৱাৰ বাবে বহু সাধাৰণ দিন হাজিৰা কৰি খোৱাসকলে আত্মহত্যা কৰিছিল। তেনে সময়তে বলীউডৰ জনপ্রিয় তাৰকা সুশান্ত সিং ৰাজপুতেও বিভিন্ন কাৰণত আত্মহত্যা কৰে। তেওঁ মানসিক অসুস্থতাতো ভুগি আছিল বুলি পৰিয়ালৰ মানুহে জনাইছিল। যি সময়ত গোটেই দেশত সাধাৰণ মানুহৰ জীৱনলৈ আহুকাল নামি আহিছিল, আৰু চৰকাৰে এই মানুহবোৰক আশ্বস্ত কৰিবলৈ সম্পূর্ণ ৰূপে ব্যর্থ হৈ পৰিছিল, সেই সময়ত চৰকাৰৰ ব্যর্থতা উনুকিয়াই দিয়াৰ ঠাইত সংবাদ-মাধ্যমবোৰ ব্যস্ত হৈ পৰিছিল সুশান্ত সিং ৰাজপুতৰ তথাকথিত হত্যাৰ আলোচনাকলৈ।

এই ঘটনাবোৰে সংবাদ-মাধ্যমৰ নিৰপেক্ষতাকলৈ গভীৰ প্রশ্ন উত্থাপন কৰে। এনে ব্যাধিৰ পৰা অসমৰ সংবাদ-মাধ্যমবোৰো প্রভাৱিত। অসমতো চৰকাৰক জবাবদিহি কৰাৰ সৎ সাহস থকা সাংবাদিক বা সংবাদ গোষ্ঠীৰ সংখ্যা তেনেই কম। ইয়াৰ উপৰিও চৰকাৰৰ কাম-কাজক বৈধতা প্রদান কৰাৰ প্রচেষ্টাতে ব্যস্ত থকা দেখা যায় এই সংবাদ-মাধ্যমবোৰক। এনে পক্ষপাতিত্বৰ ভয়ংকৰ উদাহৰণ পোৱা গৈছে চৰকাৰে চলোৱা বিভিন্ন উচ্ছেদৰ কার্যত। উচ্ছেদিতসকলক মানৱীয় দৃষ্টিভংগীৰ পৰা ন্যায় দিয়াৰ দাবী কৰাতো দূৰৰ কথা, বহু সংবাদ-মাধ্যমে এই উচ্ছেদিত ব্যক্তিসকল মিঞা মুছলমান হ’লেই তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি ঘোষণা কৰি দিয়ে। এনে ঘোষণাৰ কোনো তথ্য বা প্রমাণ এই সংবাদ-মাধ্যমবোৰৰ ওচৰত নাই। কিন্তু একে পৰিস্থিতিত আন জনগোষ্ঠীৰ মানুহৰ ক্ষেত্রত এনে কৰা দেখা নাযায়। এতিয়া কথা হ’ল সংবাদ-মাধ্যমৰ এনে অপৰিপক্কতা আৰু পক্ষপাতিত্বই বছৰীয়া বান আৰু গৰাখহনীয়াৰ দৰে ভয়ংকৰ সমস্যাৰ পৰা মানুহবোৰৰ চিন্তা আঁতৰাই দি কেৱল সন্দেহযুক্ত নাগৰিকৰ প্রশ্নতে মানুহক ব্যতিব্যস্ত কৰি ৰাখে।

এনে সমস্যাৰ কাৰণবোৰ বিচাৰি গ’লে দুটা কাৰণ মূল বুলি ক’ব পাৰি। প্রথমতে সাম্প্রতিক সময়ৰ ৰাজনৈতিক পৰিৱেশে এনে সংবাদ-মাধ্যমক শাস্তি দিয়াৰ ঠাইত পুৰস্কৃত কৰাহে দেখা যায়। ৰাজনৈতিক দলবোৰে তেওঁলোকক সমালোচনা কৰা সংবাদ-মাধ্যমক বিভিন্নধৰণে, বিশেষকৈ বিজ্ঞাপন ইত্যাদিৰ ক্ষেত্রত বৈষম্যমূলক আচৰণ কৰে। আমি জানোঁ যে আজিৰ দিনত বাতৰি কাকতবোৰৰ মূল চালিকা শক্তি হ’ল বিজ্ঞাপন। চৰকাৰৰ এই স্থিতিয়ে দেশত গণতান্ত্রিক মানসিকতাৰ স্খলনহে উদঙাই দিয়ে। চৰকাৰে সমালোচনাৰ পৰিৱেশ যেন নাইকিয়া কৰি আছে লাহে লাহে।

দ্বিতীয়তে এনে পৰিস্থিতিৰ এটা ডাঙৰ কাৰণ হ’ল কর্পোৰেট মিডিয়াৰ পয়োভৰ অর্থাৎ সংবাদ মাধ্যমবোৰৰ মালিকানা সাধাৰণতে এনে ব্যৱসায়ীৰ ওচৰত থাকে যিসকলৰ মূল লক্ষ্য হ’ল মুনাফা— নৈতিকতা, সততা ইয়াতে ‘বেকছীট’ ল’ব লগা হয়। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে কর্পোৰেট মিডিয়া কেৱল ভাৰতবর্ষত উদ্ভৱ হোৱা এটি নতুন প্রক্রিয়া নহয়। পশ্চিমীয়া দেশবোৰতো কর্পোৰেট মিডিয়াই সংবাদ-মাধ্যমবোৰ চলাই আছে। কিন্তু সেই দেশবোৰত বিভিন্ন ব্যৱসায়িক সংগঠনবোৰৰ মাজতো এটা প্রতিযোগিতা চলে– যদি এটা সংবাদগোষ্ঠীয়ে চৰকাৰৰ পৃষ্ঠপোষকতা কৰে আন এটা গোষ্ঠীয়ে চৰকাৰক জবাবদিই কৰাৰ চেষ্টা কৰে। ভাৰতবর্ষত কর্পোৰেট মিডিয়াৰ ক্ষেত্রত দেখা গৈছে যে এই সকলোবোৰ বাণিজ্যিক অনুষ্ঠানবোৰে কম-বেছি পৰিমাণে চৰকাৰৰ পৃষ্ঠপোষকতা কৰে আৰু ৰাজনৈতিক নেতাবোৰৰ লগত এটা নেক্সাছ আছে। ইয়াৰ ফলত সৰহ সংখ্যক মিডিয়াই একে দৃষ্টিভংগী বা ভাৱধাৰাৰ প্রচাৰ কৰে। এনে পৰিস্থিতিত সাধাৰণ মানুহৰ মাজত কেৱল এটা মতহে প্রচাৰ কৰা হয়। আজিৰ দিনত নৱ প্রজন্মৰ বহুতেই এনে একপক্ষীয় বাতৰি সম্প্রসাৰণৰ বিৰোধ কৰি সামাজিক মাধ্যমক ভেঁটি হিচাপে লৈ গঢ়ি উঠা বিকল্প মাধ্যম চোৱা আৰম্ভ কৰিছে।

এতিয়া অহা যাওক এই সমস্যাৰ সাম্ভাৱ্য সমাধানলৈ। সংবাদ-মাধ্যমৰ গুৰুত্ব কোনোপধ্যেই নুই কৰিব নোৱাৰি। বিকল্প মাধ্যমে এতিয়াও সম্পূর্ণৰূপে মূলসূঁতিৰ সংবাদ-মাধ্যমৰ ঠাই লোৱা নাই। সংবাদ-মাধ্যমৰ আঁসোৱাহবোৰ আঁতৰাবলৈ হ’লে প্রথমতে কিছু আইনৰ জৰিয়তে সংবাদ-মাধ্যমবোৰৰ দ্বাৰা বিষবাষ্প বিয়পোৱাটো বন্ধ কৰিব লাগিব। কেৱল টি. আৰ. পি. সংবাদ মূল্যায়নৰ একমাত্র আহিলা হ’ব নোৱাৰিব। কিছুমান নিয়ন্ত্রণমূলক ব্যৱস্থা গ্রহণ কৰিব পৰা অনুষ্ঠান স্থাপন কৰিব লাগিব যিবোৰে ভুল বাতৰি বা প্রপাগাণ্ডা বিয়পোৱাৰ বাবে সংবাদ-মাধ্যমবোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিব পাৰে, লগতে এই অনুষ্ঠানবোৰ সাধাৰণ ৰাইজৰ বাবে সহজে ঢুকি পোৱা বিধৰ হ’ব লাগিব।

ইয়াৰ উপৰিও কর্পোৰেট মিডিয়াৰ প্রত্যুত্তৰ ৰূপে ৰাইজৰ বৰঙণিৰে চলা সংবাদগোষ্ঠীবোৰক সমর্থন কৰা উচিত। আজিৰ দিনত ইউটিউবত এনে বহু সংবাদ-মাধ্যম আছে যিবোৰক সাধাৰণ মানুহে crowd funding কৰিব পাৰে। সাধাৰণ ৰাইজৰ টকাৰে চলা এই সংবাদ-মাধ্যমবোৰে কোনো এটা গোট বা চৰকাৰৰ পৃষ্ঠপোষকতা কৰাৰ তাগিদা অনুভৱ নকৰিব। মূলসূঁতিৰ সংবাদ-মাধ্যমবোৰক নিয়ন্ত্রণ কৰাৰ এটা গুৰুত্বপূর্ণ আহিলা হ’ল বিকল্প মাধ্যম।

সংবাদ-মাধ্যমে গণমত গঠন কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে, কিন্তু বেছি ভাগ সংবাদ-মাধ্যমে কেৱল অদৰকাৰী বিতর্কৰ সহায়লৈ উচ্চ টি. আৰ. পি.-হে লক্ষ্য কৰে। বর্ত্তমানৰ পৰিস্থিতিত সকলোৱে সংযত হৈ পৰিস্থিতি শান্তিপূর্ণ কৰি ৰখাত গুৰুত্ব দিয়া উচিত। ৰাজ্যত বহু সমস্যা গা কৰি উঠিছে। সকলো সংবাদ-মাধ্যমে ক্ষমতাধিষ্টসকলক জনতাৰ হকে জবাবদিহি কৰিব লাগিব। এনে পৰিৱেশত বিভিন্ন ৰাজনৈতিক দলবোৰৰ ঠেক বিভাজনমূলক ৰাজনীতিক সাধাৰণ ৰাইজে যেন নাকচ কৰে সেয়াও চোৱা উচিত সংবাদ-মাধ্যমে। লক্ষ্য কৰা উচিত যে শংকৰ-আজানৰ দেশত বিভাজনমূলক ৰাজনীতি, ঠেক জাতীয়তাবাদ বা উগ্র সাম্প্রদায়িকতা যেন গা কৰি নুঠে।

Leave a Reply

Your email address will not be published. Required fields are marked *