বিজ্ঞান-প্ৰযুক্তি

কৃষি ক্ষেত্ৰত ব্যৱহৃত জৈৱিক সংশোধকৰ বিষয়ে দুৱাষাৰ (মানসী বৰুৱা)

পাতনি

চীন দেশৰ পুৰণি টোকাসমূহত ২০০০ বছৰতকৈও অধিককাল আগততে কৃষিকাৰ্যত গোৱৰ ব্যৱহাৰৰ কথা উল্লেখ পোৱা যায়। অতীজত গ্ৰীকসকলে নলা-নৰ্দমাৰ আৱৰ্জনাসমূহ পথাৰত সাৰ হিচাপে প্ৰয়োগ কৰিছিল। ৰোমানসকলেও কৈ গৈছে যে শস্যৰ বৃদ্ধিৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ অৱশিষ্ট প্ৰয়োগ কৰিব পাৰি, কিন্তু মাটি আৰু শস্যভেদে ইয়াৰ পৰিমাণ ভিন্ন হয়। জৈৱিক পদাৰ্থৰ অভাৱ থকা অঞ্চলৰ মাটিত জৈৱিক সংশোধনৰ ব্যৱহাৰেই একমাত্ৰ উপায় আছিল যাৰ দ্বাৰা মাটিত পুষ্টিকৰ পদাৰ্থ যোগান ধৰা হৈছিল। কৃষিভূমিত জৈৱিক পদাৰ্থ প্ৰয়োগ কৰাৰ প্ৰধান কাৰণ আছিল উদ্ভিদৰ পুষ্টিকৰ উপাদানসমূহ পুনৰ মাটিলৈ ঘূৰাই অনা। “জৈৱিক সংশোধক” (Organic Amendment) হৈছে উদ্ভিদ বা প্ৰাণীৰ অৱশেষৰ পৰা উৎপত্তি হোৱা কিছুমান সামগ্ৰী যাক মাটিত যোগ কৰি মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক ধৰ্ম উন্নত কৰিব পাৰি। জৈৱিক সংশোধকসমূহ মৃত বা পচি যোৱা জীৱৰ (উদ্ভিদ বা প্ৰাণী) পৰাও উৎপত্তি হয়। পামৰ আৱৰ্জনা, পুনঃব্যৱহৃত ঘৰুৱা আৱৰ্জনা, গোৱৰ, পৌৰসভাৰ সেউজ আৱৰ্জনা আৰু বোকা (বায়’ছলিড) আদিকে ধৰি বিভিন্ন উৎসৰ পৰাও জৈৱিক সংশোধকসমূহ সৃষ্টি হয়। বিভিন্নধৰণৰ জৈৱিক সংশোধকত থকা পুষ্টিকৰ পদাৰ্থৰ পৰিমাণ ভিন ভিন। জৈৱিক কৃষিবিজ্ঞানে (Organic agriculture) কৃষিক্ষেত্ৰৰ উৎপাদনক বহনক্ষম স্তৰত ৰখাত সহায় কৰে। ইয়াৰ দ্বাৰা কৃষি উৎপাদনৰ ব্যয় হ্ৰাস পোৱাৰ লগতে মাটিৰ স্বাস্থ্যও উন্নত হয়। ই হ্ৰস্বম্যাদী লাভৰ বাবে প্ৰাকৃতিক সম্পদৰ অনুকূল ব্যৱহাৰ নিশ্চিত কৰে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাত সহায় কৰে। লগতে ইয়াৰ লক্ষ্য হৈছে পৰিৱেশত কিছুমান মানৱ কাৰ্যকলাপৰ নেতিবাচক প্ৰভাৱ কম কৰা। পৰিৱেশ সুৰক্ষা তথা উৎপাদনৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ (পানী, মাটি, জৈৱ-বৈচিত্ৰ্য ইত্যাদি) বহনক্ষম নবীকৰণ নিশ্চিত কৰা আৰু অনবীকৰণযোগ্য সম্পদৰ কম ব্যৱহাৰ কৰাৰ দিশতো ই গুৰুত্ব আৰোপ কৰে। আমি ইয়াত ক’বলৈ বিচৰা জৈৱিক সংশোধকসমূহ এই জৈৱিক কৃষি ব্যৱস্থাৰেই এটা অংশ। জৈৱিক সংশোধকে ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ বন্ধ কৰি জৈৱিক কৃষি কাৰ্যকৰী কৰাৰ দিশত চেষ্টা কৰে, যিয়ে কৃষক আৰু উপভোক্তাৰ স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায়। এই চমু নিবন্ধত জৈৱিক সংশোধকৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ। 

সাধাৰণতে ব্যৱহৃত কিছুমান জৈৱিক সংশোধক

১) শস্যৰ অৱশিষ্ট

২) খাদ্যৰ অৱশিষ্ট আৰু আৱৰ্জনা

৩) উৎপাদন প্ৰক্ৰিয়াৰ পৰা সৃষ্ট আৱৰ্জনা

৪) পামৰ গোবৰ (FYM)

৫) পচন সাৰ

৬) পৌৰসভাৰ কঠিন আৱৰ্জনা

৭) গছৰ বাকলিৰ টুকুৰা

৮) হাঁহ-কুকুৰাৰ বিষ্ঠা

৯) কাঠৰ ছাঁই ইত্যাদি।

মাটিৰ জৈৱিক সংশোধকৰ মুখ্য ভূমিকাসমূহ

  • মাটিৰ গঠন আৰু বায়ুমণ্ডল উন্নত কৰা।
  • পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰা।
  • উদ্ভিদৰ পানীৰ উপলদ্ধতা বৃদ্ধি কৰা।
  • পানী নিষ্কাশন উন্নত কৰা।
  • ক্ষাৰকীয় মাটি পুনৰুদ্ধাৰ কৰা।
  • শিপাৰ উন্নত বিকাশ সাধন।
  • শস্যৰ অধিক উৎপাদন আৰু গুণগত মানৰ উন্নয়ন।

জৈৱিক সংশোধক সমূহ কেনেকৈ ব্যৱহাৰ কৰা হয়?

               জৈৱিক সংশোধকৰ বেছিভাগেই শস্যৰ ৰোপণৰ পূৰ্বে প্ৰধানত: নগদ শস্য (cash crop) বা আৱৰণী শস্যৰ (cover crop) ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। জৈৱিক সংশোধকসমূহ শস্য ৰোপণৰ বাবে সাজু কৰি লোৱা গোটেই মাটিডৰাৰ ওপৰত ছটিয়াই দিয়া হয় আৰু মাটিৰ লগত যাতে ভালদৰে মিহলি হৈ যায় সেইটো মন দিয়া হয়। পিছলৈ মাটিৰ পৃষ্ঠত থাকি যোৱা সংশোধকবোৰে অপতৃণ দমনত সহায় কৰে। কেতিয়াবা শস্যৰ ৰোপণৰ পিছতো সংশোধকৰ প্ৰয়োগ কৰা হয়, কিন্তু তেনেক্ষেত্ৰত সংশোধকবিধ পেলেটাইজ বা যৌগ/মিশ্ৰ সাৰৰ অংশ নহ’লে সাধাৰণতে শস্যত প্ৰয়োগ কৰা সম্ভৱ নহয়। কিছুমান তৰল সংশোধক শস্যৰ ৰোপণৰ পিছত প্ৰয়োগ কৰিব পাৰি। উৎপত্তিৰ দিশটোৰ ওপৰত নিৰ্ভৰ কৰি পুনঃব্যৱহৃত জৈৱিক পদাৰ্থৰ পৰা পোৱা সংশোধকৰ ব্যৱহাৰৰ দিশত নিয়ম প্ৰযোজ্য হয়। নিয়ম প্ৰযোজ্য কৰাৰ উদ্দেশ্য হৈছে পৰিৱেশক ইউট্ৰ’ফিকেচন বা প্ৰদূষণৰ পৰা ৰক্ষা কৰা আৰু মানুহ আৰু বা জীৱ-জন্তুক ৰোগ আৰু বিষাক্ত পদাৰ্থৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰা (খাদ্য সুৰক্ষা প্ৰদান)।

কাৰ্বন নিষ্কাশন, সেউজ গৃহ গেছ নিৰ্গমন আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত জৈৱিক সংশোধকৰ প্ৰভাৱ

  • কাৰ্বন নিষ্কাশন (Carbon sequestration) হ’ল বায়ুমণ্ডলীয় কাৰ্বন-ডাই-অক্সাইডক মাটিৰ জৈৱিক কাৰ্বন পুললৈ দীৰ্ঘকাললৈ স্থানান্তৰ কৰা, য’ত ইয়াক সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয় যাতে ইয়াৰ তৎক্ষণাত পুনৰ নিৰ্গমন নহয়।
  • মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে আৰু বায়ুমণ্ডললৈ সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে মাটিৰ জৈৱিক কাৰ্বন (Soil Organic Carbon) নিষ্কাশন অতি গুৰুত্বপূৰ্ণ। মাটিৰ জৈৱিক কাৰ্বন (SOC) নিষ্কাশনৰ কাৰ্যক্ষমতা জৈৱিক পদাৰ্থৰ পৰিমাণ আৰু গুণগত মান, মাটিৰ প্ৰকাৰ আৰু জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে।
  • মাটিত সংশোধকৰ প্ৰয়োগে কাৰ্বন (C) নিষ্কাশন বৃদ্ধি কৰে আৰু স্থলজ পৰিৱেশতন্ত্ৰৰ পৰা সেউজ গৃহ গেছ (GHG) নিৰ্গমন হ্ৰাস কৰে, যিয়ে বিশ্বজুৰি জলবায়ু পৰিৱৰ্তন (Global climate change) হ্ৰাসৰ ক্ষেত্ৰত কিছু অৰিহণা যোগায়।

জৈৱিক সংশোধনে মাটি আৰু শস্যৰ ওপৰত কি প্ৰভাৱ পেলায়?

মাটি আৰু শাক-পাচলিৰ তথা অন্য শস্যৰ ওপৰত জৈৱিক সংশোধকৰ প্ৰভাৱ বেলেগ বেলেগধৰণৰ হয় বুলি নানা পৰ্যালোচনাত দেখা গৈছে। সংশোধকৰ প্ৰভাৱৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে:

  • সংশোধকৰ ধৰণ।
  • শস্য আৰু ইয়াৰ উৎপাদন পৰিৱেশ (মাটি, বতৰ, ৰোগৰ চাপ) ।
  • সংশোধকৰ ব্যৱহাৰৰ সময় আৰু আয়তন।

মাটিৰ ওপৰত সংশোধকৰ প্ৰভাৱ

উল্লেখিত উপাদানসমূহৰ পৰিৱৰ্তিত মাত্ৰাৰ উপৰিও সংশোধকৰ প্ৰভাৱ মাটিৰ কিছুমান ধৰ্মৰ ওপৰত পৰে। প্ৰভাৱিত মাটিৰ মূল ধৰ্মসমূহৰ ভিতৰত আছে:

১) pH আৰু EC / পুষ্টিকৰ পদাৰ্থৰ উপলব্ধতা

২) ছডিচিটি / বিক্ষিপ্ততা

৩) অনুপ্ৰৱেশ / তিতা ক্ষমতা, পানী ধৰি ৰখা ক্ষমতা আৰু পাৰ্যমান্যতা / নিষ্কাশন

৪) টেক্সচাৰ / ছিদ্ৰতা / বাল্ক ঘনত্ব

৫) জৈৱিক কাৰ্য্যকলাপ আৰু গঠন / শ্বাস-প্ৰশ্বাস / পুষ্টিকৰ চক্ৰ।

শস্যৰ ওপৰত সংশোধকৰ প্ৰভাৱ

শস্যৰ ওপৰত জৈৱিক সংশোধকৰ প্ৰভাৱ নিৰ্ভৰ কৰে ইয়াক কেনেকৈ, কিমান, ক’ত আৰু কেতিয়া ব্যৱহাৰ কৰা হয় তাৰ ওপৰত। অন্যান্য ব্যৱস্থাপনা আৰু কাৰ্য্যকলাপ যেনে: মাটি চহোৱা, পুষ্টিযোগান, জলসিঞ্চন, কীট-পতংগ, অপতৃণ আৰু ৰোগ নিয়ন্ত্ৰণৰ জৰিয়তে সংশোধকৰ প্ৰভাৱ বৃদ্ধি বা হ্ৰাস কৰিব পাৰি। বিভিন্ন গৱেষকে জানিবলৈ দিয়া ইতিবাচক প্ৰভাৱসমূহ হ’ল-

  • কীট-পতংগ, ৰোগ বা অপতৃণ দমনৰ লগতে কীটনাশকৰ ব্যৱহাৰ হ্ৰাস।
  • সাৰৰ যোগান হ্ৰাস।
  • শস্যৰ শিপাৰ গভীৰতা আৰু বিতৰণৰ উন্নয়ন।

জৈৱিক সংশোধকৰ ব্যৱহাৰৰ পৰা সৃষ্টি পৰা আশংকা

  • গ্ৰহণৰ অযোগ্য মাত্ৰাত অশুদ্ধি (impurities) আৰু দূষিত পদাৰ্থ থকাকৈ নিৰ্মিত সামগ্ৰীৰ পৰা হ’ব পৰা আশংকা: সংশোধকৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা পদাৰ্থবোৰ গধুৰ ধাতু, ৰোগ সৃষ্টিকাৰী জীৱাণু, অপতৃণৰ বীজ, প্লাষ্টিক আৰু অন্যান্য পেলনীয়া সামগ্ৰী হ’ব পাৰে। নিৰ্মাণৰ সময়ৰ অনুপযুক্ত আৰু অপৰ্যাপ্ত ব্যৱস্থাপনাই গ্ৰহণৰ অযোগ্য মাত্ৰাৰ দূষিত পদাৰ্থ থকা সংশোধকৰ সৃষ্টি কৰিব পাৰে।
  • বছৰটোৰ ভিন্ন ঋতুত ফিডষ্টকৰ উপলব্ধতা ভিন্ন হ’ব পাৰে যাৰ ফলত কিছুমান জৈৱিক সংশোধক নিৰ্মাতাই গোটেই বছৰজুৰি এক সামঞ্জস্যপূৰ্ণ পণ্য প্ৰদান কৰিব নোৱাৰে। তেনেক্ষেত্ৰত একেই ধৰণৰ সংশোধক ব্যৱহাৰ কৰা কৃষকৰ কিছু সমস্যা হয়।
  • শাক-পাচলিৰ উত্তম উৎপাদনৰ বাবে জৈৱিক সংশোধক প্ৰয়োগৰ সময়টো অতি গুৰুত্বপূৰ্ণ। ৰোপণৰ সময়ত যদি এবিধ সক্ৰিয় কাৰ্বনভিত্তিক মাটি সংশোধক প্ৰয়োগ কৰা কৰা হয়, তেতিয়া মাটিত থকা অণুজীৱই মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰি পচন সাৰৰ অৱক্ষয় কৰি পেলায় আৰু ই উদ্ভিদক পুষ্টিকৰ উপাদান লাভৰ পৰা বঞ্চিত কৰে।

কেডমিয়ামৰ (Cd) দ্বাৰা মাটিৰ প্ৰদূষণ, ইয়াৰ পৰিণতি আৰু জৈৱিক সংশোধক ব্যৱহাৰ কৰি পোৱা প্ৰতিকাৰ

প্ৰাকৃতিক আৰু মানুহৰ দ্বাৰা সৃষ্টি হোৱা কাৰ্যকলাপৰ পৰা পৰিৱৰ্তনশীল পৰিমাণত পৰিৱেশলৈ কেডমিয়াম নিৰ্গত হয়। আগ্নেয়গিৰিৰ উদ্গীৰণ, বনাঞ্চলৰ জুই, বতাহৰ ফলত উৰি যোৱা ধূলি ইত্যাদি বায়ুমণ্ডলত মিহলি হোৱা কেডমিয়ামৰ প্ৰাকৃতিক উৎসৰ ভিতৰত অন্যতম। কেডমিয়ামৰ অন্যান্য উৎসসমূহৰ ভিতৰত পলিভিনাইল ক্ল’ৰাইড প্লাষ্টিক উৎপাদন, ৰবৰ আৰু বস্ত্ৰ নিৰ্মাণ আদি হ’ব পাৰে।

কেডমিয়ামে মানৱ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় য’ত হাড় আৰু বৃক্কত আটাইতকৈ বেছি পৰিমাণত প্ৰভাৱ পৰে। তেতিয়া ক্ৰমান্বয়ে মানুহৰ শৰীৰত কেডমিয়াম জমা হয় আৰু শেষত বিভিন্ন বিৰূপ স্বাস্থ্যজনিত প্ৰভাৱৰ সৃষ্টি কৰে, বিশেষকৈ হাড়ৰ ক্ষতি আৰু নেফ্ৰন-বিষাক্ততা অন্যতম। শৰীৰত প্ৰৱেশ কৰা মুঠ Cd ৰ প্ৰায় আধা অংশ বৃক্কত জমা হৈ থাকে, য’ত ই মেটাল’থাইঅ’নেইন নামৰ প্ৰ’টিনৰ সৈতে বান্ধ খায়। কোষত কেডমিয়ামে Ca, Fe, Mg, Cu, আৰু Zn ৰ বিপাকীয় ক্ৰিয়াত বাধা দিয়ে, ইয়াৰ ফলত ডি-মিনেৰেলাইজেচন, অষ্টিঅ’পৰ’ছিছ, অষ্টিঅ’মেলেচিয়া আৰু হাড়ৰ বিকাৰৰ দৰে সমস্যা হয়।

জৈৱিক সংশোধকৰ ব্যৱহাৰৰ জৰিয়তে কেডমিয়াম প্ৰদূষণৰ প্ৰতিকাৰ

কৃষিৰ বাবে উপকাৰী মাটি সংশোধক হিচাপে জৈৱিক আৱৰ্জনা ব্যৱহাৰ কৰাটো কেইবা দশক ধৰি কাৰ্যকৰী হৈ আহিছে। সাধাৰণতে উৎপাদিত জৈৱিক আৱৰ্জনাসমূহৰ ভিতৰত জন্তুৰ গোৱৰ, উদ্ভিদৰ অৱশিষ্ট, আৰু পৌৰসভাৰ কঠিন আৱৰ্জনা আদি অন্তৰ্ভুক্ত। জন্তুৰ গোৱৰক জৈৱিক সংশোধকৰ এটা প্ৰধান উৎস হিচাপে গণ্য কৰা হয়। গোৱৰ আহৰণ কৰা প্ৰধান উৎসসমূহ হ’ল হাঁহ-কুকুৰা, গাহৰি, ভেড়া, গৰু-ম’হৰ পাম। জৈৱিক সংশোধক ব্যৱহাৰ কৰি কেডমিয়াম প্ৰদূষিত মাটিৰ সংশোধন জৈৱিক সংশোধকৰ উপলব্ধতা আৰু খৰচৰ লগতে ইয়াৰ ফলপ্ৰসূতাৰ ওপৰত নিৰ্ভৰ কৰে। এই সংশোধকসমূহে মাটিৰ Cd গ্ৰহণ ক্ষমতা হ্ৰাস কৰে আৰু আয়ন বিনিময় (Ion exchange), শোষণ (adsorption), দ্রাৱক নিষ্কাশন (Solvent extraction) আৰু বৃষ্টিপাত (Precipitation) প্ৰক্ৰিয়াৰ দ্বাৰা Cd-ৰ স্থিৰতা বৃদ্ধি কৰে।

জৈৱিক মাটি সংশোধকৰ বৈশিষ্ট্যসমূহ

) জীৱজন্তুৰ গোৱৰ

সাধাৰণতে কেঁচা গোৱৰ এন, পি আৰু কে (N, P, K)-ৰ লগতে জৈৱিক পদাৰ্থৰ ভাল উৎস। প্ৰতিটো পূৰ্ণবয়স্ক দুগ্ধজাত গৰুৱে প্ৰতিদিনে প্ৰায় ৮০ পাউণ্ড গোৱৰ উৎপাদন কৰে, ইয়াৰ অৰ্থ হ’ল বছৰি ৩ কোটি টনতকৈ অধিক গোৱৰ উৎপাদন কৰা হয়।

গোবৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা

কেঁচা গোৱৰত বিশেষকৈ ছডিয়াম বেছি পৰিমাণে থাকিব পাৰে, ইয়াৰ ফলত উদ্ভিদৰ বৃদ্ধিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি কেঁচা গোৱৰ মাটিত প্ৰয়োগ কৰা হয় তেন্তে ছডিয়ামৰ ঘনত্ব পাতলাবলৈ ইয়াক ভালদৰে মিহলি কৰাটো দৰকাৰী। শস্য ৰোপণৰ আগতে বৰষুণ হৈ তাৰ ফলত কিছু পৰিমাণৰ ছডিয়াম লিচিং হ’বলৈ দিয়াটো ভাল। দীৰ্ঘদিন ধৰি মাটিত গোবৰ প্ৰয়োগ কৰিলে পৃষ্ঠৰ মাটিত পটাছিয়াম (K) জমা হ’ব পাৰে। ইয়াৰ ফলত পশুধনৰ খাদ্যত পটাছিয়ামৰ ঘনত্ব বৃদ্ধি পাব পাৰে, যিটো গৰুৰ স্বাস্থ্যজনিত কিছুমান সমস্যাৰ সৈতে জড়িত। কেঁচা গোবৰত প্ৰায়ে অপতৃণৰ গুটি আৰু ৰোগ সৃষ্টিকাৰী জীৱাণু থাকে। বিশেষকৈ শস্য ৰোপণৰ কেইবামাহো আগতে গোবৰ প্ৰয়োগ কৰিলে পশুৰ পাচনতন্ত্ৰত পোৱা ৰোগ সৃষ্টিকাৰী জীৱাণু সাধাৰণতে মাটিত জীয়াই নাথাকে। যদি শাক-পাচলিত সতেজ গোবৰ প্ৰয়োগ কৰা হয়, তেন্তে শস্য চপোৱাৰ কমেও তিনিমাহ আগতে প্ৰয়োগ কৰিব লাগে।

২) শস্যৰ অৱশিষ্ট, ঘাঁহ আৰু খেৰ

ব্যৱহাৰযোগ্য অংশ চপোৱাৰ পিছত উদ্ভিদৰ যিবোৰ অংশ বাকী থাকে সেইবোৰক শস্যৰ অৱশিষ্ট (Crop residue) বোলা হয়। ই জৈৱিক পদাৰ্থৰ এক গুৰুত্বপূৰ্ণ উৎস। মাটিৰ পৃষ্ঠৰ তলত পচি যোৱা শিপাবোৰেও মাটিত জৈৱিক পদাৰ্থ যোগ কৰে। গতিকে এই জৈৱিক পদাৰ্থ পথাৰলৈ ঘূৰাই অনাৰ আগতে ৰুগীয়া উদ্ভিদৰ অৱশিষ্ট আঁতৰাই পচন সাৰ কৰি লোৱাটো গুৰুত্বপূৰ্ণ। শস্য ঘূৰ্ণন (Crop rotation) কৰিলেও মাটিৰ পৰা হোৱা বহুতো ৰোগৰ সংক্ৰমণ হ্ৰাস পায়। ঘাঁহ, খেৰ আদিকো জৈৱিক সংশোধক হিচাপে মাটিত প্ৰয়োগ কৰিব পাৰি। কিন্তু এই সামগ্ৰীবোৰত উচ্চ পৰিমাণত কাৰ্বন থাকে আৰু জৈৱিকভাৱে অতি সক্ৰিয়। সেইবাবেই শস্য ৰোপণৰ সময়ত কমেও দুমাহ আগতে জৈৱিক সংশোধক প্ৰয়োগ কৰিব লাগে যাতে ইহঁতৰ পচনৰ সক্ৰিয় পৰ্যায়ত পুষ্টিকৰ পদাৰ্থৰ বান্ধ খাই নাযায়।

৩) পৌৰসভাৰ আৱৰ্জনা

পৌৰসভাৰ আৱৰ্জনাৰ (Municipal waste) ভিতৰত পাত, ব্ৰাছ আৰু ঘাঁহৰ টুকুৰা আদিক অন্তৰ্ভুক্ত কৰা হয় যিবোৰ বেছিভাগ পৌৰসভাতে কাৰ্বছাইডত সংগ্ৰহ কৰা হয়। পৌৰসভাৰ আৱৰ্জনাসমূহ পচন সাৰ কৰি লোৱা হয় আৰু কৃষিভূমিত প্ৰয়োগ কৰা হয়। আৱৰ্জনাৰ পৰা পচন সাৰৰ প্ৰস্তুতিত সু-ব্যৱস্থাপনা নকৰিলে নিম্নমানৰ সামগ্ৰীৰ সৃষ্টি হয় য’ত প্ৰায়ে কাঠৰ ধ্বংসাৱশেষ, আৱৰ্জনা আৰু অপতৃণৰ বীজ থাকে। পিছলৈ সেইবোৰে মাটিৰ লগতে শস্যৰ অপকাৰ সাধন কৰিব পাৰে।

৪) জৈৱ কঠিন পদাৰ্থ (নলাৰ বোকা)

জৈৱ কঠিন পদাৰ্থ (Biosolid) হৈছে পৌৰসভাৰ বর্জিত পানী আৰু নলা পৰিশোধনৰ পৰা সৃষ্টি হোৱা আৱৰ্জনা। পৌৰসভাৰ নলা-নৰ্দমাৰ আৱৰ্জনাৰ এৰোবিক (অক্সিজেনৰ সৈতে) বা এনাৰোবিক (অক্সিজেনৰ অনুপস্থিতিত) পচনৰ পিছত তাত থকা কঠিন পদাৰ্থ পৃথক কৰিবলৈ কেইবাটাও প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। কিছুমান বর্জিত পানী পৰিশোধন কৰিবলৈ চূণ ব্যৱহাৰ কৰা হয়। কিছুমানে কঠিন পদাৰ্থবোৰ ৰাসায়নিকভাৱে স্থিৰ কৰি পৃথক কৰিবলৈ কাঠ বা কয়লাৰ ছাই ব্যৱহাৰ কৰে।

বলগীয়া সাৱধানতা

বায়’চলিডত বেক্টেৰিয়া, প্ৰট’য’ৱা আৰু ভাইৰাছৰ দৰে ৰোগ সৃষ্টিকাৰী জীৱৰ উপস্থিতি, অতিৰিক্ত ছডিয়াম, তাম, সীহ, কেডমিয়ামৰ দৰে গধুৰ ধাতুৰ উপস্থিতি আৰু পলিক্ল’ৰিনেটেড বাইফেনাইল (পিচিবি বা ডাইঅক্সিন) আদি জৈৱিক প্ৰদূষকৰ উপস্থিতিয়ে সম্ভাৱ্য ক্ষতি কৰিব পাৰে। মন কৰিবলগীয়া যে বিগত ২০ বছৰ ধৰি বায়’চলিডত গধুৰ ধাতু আৰু জৈৱিক বিষাক্ত পদাৰ্থৰ ঘনত্ব হ্ৰাস পাইছে কাৰণ ঔদ্যোগিক উৎসৰ পৰা ধাতু বা জৈৱিক বিষাক্ত পদাৰ্থৰ নিৰ্গমনৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম আৰোপ কৰা হৈছে।

৫) কাগজ কল, কাঠ আৰু কাগজৰ সামগ্ৰীৰ পৰা ওলোৱা আৱৰ্জনা

কাগজ কলৰ আৱৰ্জনাবোৰ হৈছে অন্যতম বৃহৎ অব্যৱহৃত জৈৱিক উপজাত (Organic byproducts)। কাগজ কলৰ অৱশিষ্টবোৰ মাটিত বিস্তাৰিত হয়। ঐতিহাসিকভাৱে কাগজ কলৰ আৱৰ্জনাত জৈৱিক দূষক (organic contaminant যেনে, পিচিবি, ডাইঅক্সিন আদি) আৰু গধুৰ ধাতু পৰিমাণ অধিক আছিল। কিন্তু বেছিভাগ কাগজ কোম্পানীয়ে কাগজ নিৰ্মাণৰ ধৰণ সলনি কৰিছে যাতে কম প্ৰদূষক অৱশিষ্ট উৎপন্ন হয়।

৬) পিট মছ

পিট হৈছে আংশিকভাৱে পচি যোৱা উদ্ভিদৰ অংশ যি পুখুৰী আৰু হ্ৰদৰ তলত বা জলাশয় অঞ্চলত লাহে লাহে জমা হয়। স্ফেগনাম পিট মছ অধিক পচি যোৱা ধৰণৰ মছ। পিট মছ সম্পূৰ্ণৰূপে সংপৃক্ত (saturated) হ’লে নিজৰ ওজনৰ দহৰ পৰা পোন্ধৰগুণ পানী আৰু পুষ্টিকৰ উপাদান ধৰি ৰাখিব পাৰে, লগতে ৪০% বায়ু ধৰি ৰাখিব পাৰে। বাণিজ্যিক পটিং মিশ্ৰণবোৰত ব্যৱহাৰ কৰা এবিধ প্ৰধান উপাদান হৈছে পিট মছ। চিন্তাৰ বিষয় যে পিট নবীকৰণযোগ্য নহয়। বৃদ্ধিৰ মাধ্যম হিচাপে পিটৰ ওপৰত নিৰ্ভৰশীল বাণিজ্যিক নাৰ্চাৰীসমূহে বিচাৰি উলিয়াইছে যে উচ্চমানৰ উৎস পোৱাটো অধিক কঠিন। সৌভাগ্যক্ৰমে পিট মছৰ বিকল্প হিচাপে কাম কৰিব পৰাকৈ সাম্প্ৰতিক সময়ত পচন সাৰ প্ৰস্তুত কৰা হৈছে।

৭) পচন সাৰ (Compost)

পচন সাৰ প্ৰস্তুত কৰিলে কেঁচা জৈৱিক আৱৰ্জনাবোৰ জৈৱিকভাৱে সুস্থিৰ, হিউমিক পদাৰ্থলৈ ৰূপান্তৰিত কৰা হয় যিয়ে মাটিৰ উৎকৃষ্ট সংশোধন কৰে। মাটিৰ ৰাসায়নিক, ভৌতিক আৰু জৈৱিক বৈশিষ্ট্য উন্নত কৰাৰ ক্ষেত্ৰত পচন সাৰৰ এক অনন্য ক্ষমতা আছে। ই বালিচহীয়া মাটিত পানী ধৰি ৰখাৰ ক্ষমতা উন্নত কৰে আৰু মাটিৰ স্থিৰতা বৃদ্ধি কৰি মাটিৰ গঠনত সহায় কৰে। সাধাৰণ পচন সাৰ উৎপাদনকাৰী সামগ্ৰীসমূহ (যাক ফিডষ্টক বুলি কোৱা হয়) হ’ল হাঁহ-কুকুৰা আৰু গৰুৰ গোৱৰ, খাদ্য প্ৰক্ৰিয়াকৰণৰ আৱৰ্জনা, জৈৱকঠিন পদাৰ্থ, পৌৰসভাসমূহে সংগ্ৰহ কৰা পাত, ব্ৰাছ আৰু ঘাঁহৰ টুকুৰা আৰু কাঠ প্ৰক্ৰিয়াকৰণৰ পৰা  কাঠৰ গুড়ি, কাঠৰ টুকুৰা আৰু বাকলি ইত্যাদি।

ভৱিষ্যতৰ সম্ভাৱনা

কৃষিক্ষেত্ৰত কি জৈৱিক সংশোধক ব্যৱহাৰ কৰিব সেইটো নিৰ্ণয় কৰাৰ সময়ত খাদ্য সুৰক্ষা, গুণগত মান আৰু খৰচৰ কথা বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। লগতে মনত ৰখা উচিত যে জৈৱিক সংশোধকৰ ব্যৱহাৰে ভৱিষ্যতে বিভিন্ন গৱেষণা, মাটি আৰু পৰিৱেশৰ ওপৰত আৰু শস্যৰ কাৰ্যক্ষমতা আৰু উৎপাদনত কেনে প্ৰভাৱ পেলাব পাৰে। এটা কথা কিন্তু বিতৰ্কাতীত যে জৈৱিক সংশোধকৰ ব্যৱহাৰ কেৱল মাটি-উদ্ভিদ-পৰিৱেশগত সম্পৰ্ক ৰক্ষা/বজাই ৰখাটোৱেই নহয়, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ কমোৱাৰ বাবেও সৰ্বোত্তম বিকল্পৰূপে পৰিগণিত হৈছে।

উপসংহাৰ

জৈৱিক সংশোধকে মাটিত পুষ্টিকৰ উপাদান বৃদ্ধিত অৰিহণা যোগায় আৰু উদ্ভিদৰ জৈৱিক কাৰ্যকলাপ সজীৱ কৰি তোলে। ই মাটিত গধুৰ ধাতুৰ কু-প্ৰভাৱ হ্ৰাস কৰে। কৃষকে শস্য উৎপাদন বঢ়াবলৈ জৈৱিক সংশোধক ব্যৱহাৰ কৰি যথেষ্ট লাভাম্বিত হ’ব পাৰে। লগতে Cd বা Al toxicity নিষ্ক্ৰিয় কৰাত জৈৱিক সংশোধকৰ উল্লেখযোগ্য ভূমিকা আছে। তদুপৰি জৈৱিক সংশোধকে মাটিৰ ভৌতিক-ৰাসায়নিক, জৈৱিক আৰু জৈৱ-ৰাসায়নিক ধৰ্মৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায় যাৰ ফলত আম্লিক মাটিৰ উৰ্বৰতা সামগ্ৰিকভাৱে উন্নত হয়। জৈৱিক সংশোধক আৰু জৈৱিক আৱৰ্জনাসমূহ উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ মৌল বিশেষকৈ কাৰ্বন (C) তথা মুখ্য মৌল (N, P, K)-ৰৰ মূল উৎস। জৈৱিক সংশোধকসমূহৰ পচনৰ ফলত CO2 আৰু কিছুমান উপকাৰী জৈৱিক এচিড নিৰ্গত হয়। এই সংশোধকসমূহে মাটিৰ pH হ্ৰাস কৰাত, CaCO3 আৰু অন্যান্য মাটিৰ খনিজ পদাৰ্থ দ্ৰৱীভূত কৰাত সহায় কৰে। জৈৱিক সংশোধকসমূহ পৰিৱেশগতভাৱে সুস্থ আৰু পৰিৱেশৰ প্ৰতি সুৰক্ষিত হ’ব লাগে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *