সাক্ষাৎকাৰ

শিৱনাথ বৰ্মনৰ সৈতে সাক্ষাৎকাৰ- (সাক্ষাৎ গ্ৰহণ: ভাস্কৰ ভূঞা)

‘মুক্ত চিন্তা’ আলোচনীৰপৰা আপোনাক কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ৷ অসমৰ সমাজ জীৱনত এগৰাকী সফল আৰু বৰেণ্য লেখক হিচাপে আপুনি জীৱনৰ বেছিভাগ সময় পাৰ কৰিছে৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এজন অধ্যাপক হিচাপে, সাংবাদিকতাৰ ক্ষেত্ৰখনত জ্যেষ্ঠ সাংবাদিক হিচাপে কাম কৰাৰ উপৰি এজন অভিধান প্ৰণেতা, সম্পাদক, বিজ্ঞান লেখক, গৱেষকৰূপে অসমীয়া সমাজ-সাহিত্যলৈ আপুনি অতুলনীয় অৱদান আগবঢ়াইছে৷ এতিয়ালৈকে প্ৰায় চল্লিশখনমান গ্ৰন্থ লিখাৰ উপৰি ৰচনাৱলী, স্মাৰক গ্ৰন্থ, অভিনন্দন গ্ৰন্থ আদিৰ সম্পাদনাৰ লগতে কুৰিখনতকৈয়ো অধিক ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক গ্ৰন্থ সম্পাদনা কৰিছে৷ জনপ্ৰিয় বিজ্ঞানৰ ক্ষেত্ৰখনতো আপুনি বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰি জাতিটোক সমৃদ্ধ কৰিছে৷ চাৰিখনকৈ ইংৰাজী ভাষাৰ গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে দুখন অনুদিত গ্ৰন্থও প্ৰকাশ কৰিছে৷ ইতিমধ্যেই প্ৰকাশ পোৱা আপোনাৰ ৰচনাৱলী আৰু আপোনাৰ কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই প্ৰস্তুত কৰা অভিনন্দন গ্ৰন্থখনে আপোনাৰ বিশাল সাহিত্য প্ৰতিভাৰ চানেকী পাঠক সমাজৰ আগত দাঙি ধৰিছে৷ আত্মজীৱনীখনৰ মাজেৰেও আপোনাৰ সামগ্ৰিক ব্যক্তিত্ব আৰু সত্তাটো অসমৰ পাঠক সমাজে অনুধাৱন কৰিব পাৰিছে৷ এনে এক সমৃদ্ধিশালী সাহিত্যিক প্ৰতিভাৰে সমৃদ্ধ আপোনাৰ বৰ্ণিল জীৱনটোৰ কিছু বিষয় ই-মাধ্যমত নতুন প্ৰজন্মটোৱে বিচাৰিলেই পাবপৰাকৈ এই সাক্ষাৎকাৰটি গ্ৰহণ কৰিব বিচাৰিছোঁ৷ আপোনাক সুধিবলগীয়া বহু প্ৰশ্নৰ উত্তৰ ইতিমধ্যেই আপুনি ছপা মাধ্যমৰ বিভিন্ন গ্ৰন্থত উল্লেখ কৰিছে৷ তথাপিও ডিজিটেল মাধ্যমত উপলব্ধ হোৱাকৈ দুই এক প্ৰাসংগিক প্ৰশ্নৰ সন্দৰ্ভত আপোনাৰ মতামত, স্থিতি সম্পৰ্কে জানিব বিচাৰিছোঁ৷

(বিঃদ্ৰঃ বৰ্তমান স্বাস্থ্যজনিত কাৰণত শিৱনাথ বৰ্মনৰ শৰীৰৰ অৱস্থা সুখকৰ নহয়৷ তাৰ পিছতো তেওঁ অশেষ কষ্ট কৰি ‘মুক্ত চিন্তা’ৰ বাবে এই সাক্ষাৎকাৰটি আগবঢ়াইছে৷ সম্পাদনা সমিতিৰ তৰফৰ পৰা তেখেতৰ আশুআৰোগ্য কামনা কৰিছোঁ।)

প্ৰশ্নঃ ভাষা-সাহিত্যৰ সৈতে জড়িত হ’বলৈ আৰু দীৰ্ঘদিন কাম কৰি যাবলৈ আপুনি কিদৰে অনুপ্ৰাণিত হৈছিল? আপোনাৰ শৈশৱৰ সামাজিক প্ৰেক্ষাপটটোৱে আজিৰ শিৱনাথ বৰ্মনজন সৃষ্টি কৰাত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছিল?
উত্তৰঃ আমাৰ ঘৰত এটা সাহিত্যিক পৰিৱেশ আছিল৷ আমাৰ পিতা আছিল এগৰাকী শিক্ষক লগতে তেওঁ সাহিত্য চৰ্চাও কৰিছিল৷ ১৯২৯ চনতে তেওঁ ভাৰতীয় নাৰীৰ বিষয়ে ‘নাৰী ৰত্ন’ নামেৰে এখন গ্ৰন্থ ৰচনা কৰিছিল৷ এইখনেই আছিল নাৰীৰ বিষয়ে লিখা প্ৰথম অসমীয়া গ্ৰন্থ৷ তদুপৰি তেওঁ ‘শান্তি দূত’, ‘অমৰ কাহিনী’ প্ৰমুখ্যে ভালেমান জীৱনী পুথিৰো ৰচক আছিল৷ তেওঁৰ ৰচনাৱলী অসম প্ৰকাশন পৰিষদে ইতিমধ্যে প্ৰকাশ কৰিছে৷ এইবোৰেই চাগৈ মোৰ কুমলীয়া মনত সাহিত্য চৰ্চাৰ প্ৰতি প্ৰেৰণা যোগাইছিল৷

প্ৰশ্নঃ আপুনি কটন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত কটন কলেজত কিছুদিনৰ বাবে অধ্যাপনাও কৰিছিল৷ বৰ্তমান কটন কলেজে বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে৷ আপুনি পঢ়া কটন কলেজ আৰু এতিয়াৰ কটন বিশ্ববিদ্যালয়খনৰ সম্পৰ্কত আপোনাৰ অনুভৱ কেনেধৰণৰ?
উত্তৰঃ মই একালত কটন কলেজৰ ছাত্ৰ আৰু পাছলৈ শিক্ষক আছিলোঁ৷ আমাৰ দিনত কটন কলেজ অকল অসমৰে নহয়, সমস্ত উত্তৰ পূৰ্বাঞ্চলৰে আটাইতকৈ উন্নত শিক্ষানুষ্ঠান আছিল৷ অসমৰ প্ৰায়বোৰ খ্যাতনামা ব্যক্তি কটন কলেজৰ ছাত্ৰ আছিল৷ সম্প্ৰতি কটন কলেজ বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে৷ ভালেমান কলেজ অন্তৰ্ভুক্ত হৈছে কটন বিশ্ববিদ্যালয়ত৷ ইয়াৰ পৰিণাম কি হ’বগৈ মই ভালকৈ ক’ব পৰা নাই৷ কিন্তু এটা কথাত মই নিঃসন্দেহ যে অসমৰ অনেক কলেজে বৰ্তমান সময়ত কটন কলেজক শিক্ষা বিষয়ত চেৰ পেলাইছে৷ ই নিশ্চয় কটনৰ বাবে চিন্তনীয় কথা৷ এই বিষয়ে অসমৰ শিক্ষাবিদসকলে চিন্তা-চৰ্চা কৰা উচিত৷

প্ৰশ্নঃ আপুনি ‘জনসাধাৰণ’ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্বত কিছু বছৰৰ বাবে আছিল৷ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে আপুনি কেনেদৰে জড়িত হ’বলৈ সুযোগ লাভ কৰিলে?
উত্তৰঃ মই চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচত শিক্ষা বিষয়ক দুখন আলোচনীৰ (ছাত্ৰ সাৰথি আৰু ষ্টুডেণ্টচ্‌ ৱৰ্ল্ড) সম্পাদনা কৰিছিলোঁ৷ এনেতে হৃদৰোগত আক্ৰান্ত হৈ মই সেই কামৰপৰা অব্যাহতি ল’ব লগা হৈছিল৷ বছৰেক পিচত ‘জনসাধাৰণ’ কাকতৰপৰা কাৰ্যবাহী সম্পাদক বেদব্ৰত বৰাই কাকতখন সম্পাদন কৰিবলৈ মোক অনুৰোধ জনালে৷ কিছুকাল ভাবি গুণি মই এই দায়িত্ব গ্ৰহণ কৰিবলৈ সন্মত হ’লোঁ৷ এনেদৰেই শিক্ষকতাৰপৰা বাতৰি কাকতৰ সম্পাদনালৈ মোৰ ৰূপান্তৰ ঘটিল৷

প্ৰশ্নঃ আপুনি ১৯৯০-৯১ ৰ সময়ত ‘বিজ্ঞান জেউতি’ৰ সম্পাদক আছিল৷ সেই সময়ৰ কথা মনত পৰে নে? অভিজ্ঞতা কেনেকুৱা আছিল? বিজ্ঞান লেখকৰ সঁহাৰি আছিল নে? অসম বিজ্ঞান সমিতিৰ সম্পৰ্কে কি ক’ব? বৰ্তমানৰ সময়ৰ সমিতিৰ বিষয়ে কিবা ক’ব বিচাৰিব নেকি?
উত্তৰঃ মোক দুবছৰৰ বাবে ‘বিজ্ঞান জেউতী’ৰ সম্পাদনাৰ ভাৰ দিয়া হৈছিল৷ পিচত কাৰ্যকাল আৰু এবছৰলৈ বঢ়াই দিয়া হ’ল৷ সম্পাদনাৰ বছৰ কেইটা মোৰ বাবে বেছ সুখৰ আছিল৷ বিজ্ঞান সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক আদিৰ লগত অতি মিলা-প্ৰীতিৰে মই কাম কৰিছিলোঁ৷ আলোচনীখনৰ বাবে লিখা প্ৰবন্ধসমূহৰ নিৰ্বাচন কৰা, নিজে ছপাশাললৈ গৈ সেইবোৰৰ প্ৰুফ চোৱা আদি সকলো কাম নিজেই কৰিছিলোঁ৷ আলোচনীখনৰ প্ৰতিটো সংখ্যাত মোৰ একোটাকৈ প্ৰবন্ধ ওলাইছিল৷ কাৰো ক’তো বাধা নিষেধ নাছিল৷ ‘বিজ্ঞান জেউতী’ আলোচনীখন আজিও চলি আছে৷ কিন্তু আগৰ দৰে নিয়মীয়া হৈ থকা নাই৷ অসম বিজ্ঞান সমিতিয়ে বহুখিনি ভাল কাম কৰি আছে৷ কিন্তু কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ই যিমান সৰৱ হ’ব লাগিছিল, তেনে সৰৱতা যেন এতিয়াও হোৱা নাই, তেনে অনুমান হয়৷

প্ৰশ্নঃ ‘আইনষ্টাইন আৰু পদাৰ্থজগত’ৰ দৰে কিতাপ অসমীয়াত বহুত বেছি এতিয়াও নাই৷ এইখনে বিজ্ঞানৰ পাঠক, লেখক, আৰু বৈজ্ঞানিক মানসিকতা গঢ়াতো সহায় কৰে৷ কিতাপখন লিখোঁতে কিমান দিন লাগিছিল? তেতিয়া সমল গোটোৱাৰ পৰিৱেশ কেনে আছিল? বৈজ্ঞানিক মানসিকতা আহিবলৈ শিশু-কিশোৰ তথা ডেকাচামৰ বাবে কি কৰা প্ৰয়োজন?
উত্তৰঃ ‘আইনষ্টাইন আৰু পদাৰ্থজগত’ মোৰ জীৱনৰ প্ৰথম কিতাপ৷ প্ৰায় আঢ়ৈ কুৰি বছৰ আগতে লিখা এই কিতাপখন প্ৰস্তুত কৰোঁতে আজিৰ দৰে পৰিৱেশ নাছিল৷ এই বিষয়ত কিতাপ পত্ৰ সহজে পোৱা নগৈছিল৷ ফটো কপিৰ ব্যৱস্থাও নাছিল৷ গতিকে কিতাপখন লিখোঁতে অনেক কষ্ট কৰিবলগীয়া হৈছিল৷ তদুপৰি এই জাতীয় কিতাপৰ প্ৰকাশৰ বাবে প্ৰকাশকো পোৱা নগৈছিল৷ কেইবাটাও প্ৰকাশন সংস্থাৰ লগত যোগাযোগ কৰিও মই ব্যৰ্থ হৈছিলোঁ৷ অৱশেষত ‘অসম প্ৰকাশন পৰিষদ’ৰ তেতিয়াৰ মুৰব্বী প্ৰয়াত চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে কিতাপখন প্ৰকাশৰ দায়িত্ব ল’লে৷ কিতাপখনৰ মই নাম দিছিলোঁ ‘আইনষ্টাইন আৰু পদাৰ্থজগত’, কিন্তু ই প্ৰকাশ পালে ‘আইনষ্টাইন আৰু পদাৰ্থবিজ্ঞান’ নামেৰে৷ ই আমাৰ বিজ্ঞানৰ প্ৰতি অনিহাৰেই অভিব্যক্তি৷ পৰৱৰ্তী সংস্কৰণবিলাকত মোৰ অনুৰোধত ই অৱশ্যে পুনৰ মই দিয়া নামেৰে প্ৰকাশিত হয়৷
তুমি সোধা দ্বিতীয় প্ৰশ্নৰ উত্তৰত কওঁ– কিশোৰ-কিশোৰীৰ মাজত বিজ্ঞানমনস্কতা গঢ়িবৰ বাবে কাম কৰা বিজ্ঞান সংস্থাবিলাকৰ প্ৰচুৰ দায়বদ্ধতা তথা ভূমিকা আছে৷ যেনে– বিজ্ঞানৰ লোকগ্ৰন্থ প্ৰকাশ কৰা, কিশোৰ-কিশোৰীৰ মাজত আলোচনা চক্ৰ আদি আয়োজন কৰা, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা৷ দুখৰ কথা এই বিষয়ত সংস্থাবিলাক বিশেষ আগবাঢ়িব পৰা নাই৷

প্ৰশ্ন ‘আইনষ্টাইন’ৰ ‘Why Socialism?’ লেখাটোও আপুনি অনুবাদ কৰিছিল৷ সেই সময়ৰ কথা, কেনেকৈ অনুবাদৰ কথা ওলাল, লেখাটোৰ সম্পৰ্কে, বিজ্ঞানীসকলৰ সমাজ-ৰাজনৈতিক চিন্তা বা দায়িত্বৰ সম্পৰ্কে কিবা ক’ব নেকি? এই অনুবাদটো লগত আছে যদি মুক্তচিন্তা আলোচনীত পুনঃ প্ৰকাশ কৰিব খোজোঁ৷ দিবনে?
উত্তৰঃ প্ৰবন্ধটোৰ অনুবাদ মোৰ সমাজবাদী চিন্তাৰ পৰা উদ্ভূত৷ আইনষ্টাইন এগৰাকী সমাজবাদীয়েই নাছিল, নিজৰ সমাজবাদী ধ্যান-ধাৰণাৰ বাবে তেওঁ অনেক দুৰ্যোগৰো সন্মুখীন হ’ব লগা হৈছিল৷ সমাজবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বুদ্ধিজীৱীসকলে কি ভূমিকা লোৱা উচিত, সেই বিষয়েও তেওঁ ‘বুদ্ধিজীৱীসকললৈ বাৰ্ত্তা’ শীৰ্ষক এখন ৰচনাত এইবুলি কৈ গৈছিল– ‘আমি আমাৰ চিন্তাৰ বৈপ্লৱীকৰণ কৰিব লাগিব, আৰু পৃথিৱীৰ দেশসমূহৰ মাজত থকা সম্পৰ্কবিলাক বৈপ্লৱীকৰণ কৰিবলৈ আমাৰ সাহস থাকিব লাগিব৷ কালিৰ কথা আজি নাখাটে আৰু কাইলৈ সি নিৰাশাজনকভাৱে পুৰণিকলীয়া হৈ যাব৷ পৃথিৱীৰ সমস্ত মানুহক এই কথা বুজাই দিয়াটো বুদ্ধিজীৱীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ভাগ্য বিধায়ক সামূহিক কাম৷’ – আইনষ্টাইনৰ এই মতেই মোৰো মত৷

প্ৰশ্ন: সুদীৰ্ঘ সময় ধৰি আপুনি যিসমূহ গ্ৰন্থ ৰচনা কৰি আহিছে, সেইসমূহৰ বিষয়-বৈচিত্ৰই আমাক সঁচাই আচৰিত কৰে৷ অণু-পৰমাণুৰ জগতৰ পৰা শংকৰদেৱ, স্পিনোজাৰ পৰা টমাছ মূৰ, আইনষ্টাইনৰ পৰা কাম্পানেল্লা, মাক্সৰ্ৰ পৰা অসমীয়া ব্যাকৰণ! আৰু ক’ত কি! এই প্ৰসংগত আমাৰ প্ৰশ্নটো হৈছে, ইমান বৈচিত্ৰ্যময় বিবিধ বিষয়ত আপোনাৰ সুগভীৰ চিন্তা আৰু অনায়াস বিচৰণ কেনেকৈ সম্ভৱ হৈছে?
উত্তৰঃ ‘মানৱ জীৱনৰ কোনো দিশেই মোৰ বাবে আচহুৱা নহয়’– ইটালীয় কবি এগৰাকীয়ে কৈছিল৷ মোৰ নিজৰ বিষয়েও একে কথাকে ক’ব পাৰি৷ সাহিত্য, বিজ্ঞান, দৰ্শন– মানবীয় জীৱনৰ কোনো দিশকেই মই অনাত্মীয় বুলি নাভাবোঁ৷ জীৱনৰ আন সকলো দিশৰ প্ৰতি চকু মুদি থাকি কেৱল এটা দিশতে মনোনিৱেশ কৰা বিশেষীকৰণ মোৰ পছন্দ নহয়৷ কিয় নহয় তাৰ কাৰণ মই ক’ব নোৱাৰিম৷ বিভিন্ন ফুলৰ মৌ সংগ্ৰহ কৰা মৌপিয়া চৰাইক তুমি ফুলৰ মৌ চুহা কিয় বুলি প্ৰশ্ন কৰিলে চৰাইজনীয়ে যিদৰে উত্তৰ দিব নোৱাৰে, ময়ো এই প্ৰশ্নটোৰ যথাযথ উত্তৰ দিব নোৱাৰোঁ৷ ই হয়তো মোৰ স্বভাৱজাত ধৰ্ম৷

প্ৰশ্ন: উপৰিউক্ত প্ৰসংগটোৰ লগে লগে আৰু এটা প্ৰশ্ন আমাৰ মনলৈ আহে৷ আধুনিক যুগত, জ্ঞান-তথ্যৰ বিপুল বিস্তাৰণৰ সময়ত, এনে লাগে যেন বিজ্ঞান আৰু কলা দুটি ভিন্ন প্ৰকোষ্ঠত সোমাই পৰিছে৷ তাৰ প্ৰতিমুখে আপোনাৰ পৰা আমি পাইছোঁ “ন মনুষ্যৎ”, “একক সংস্কৃতিৰ অভিমুখে”-ৰ দৰে কলা-বিজ্ঞানৰ সীমা মানি নচলা চিত্তাকৰ্ষক গ্ৰন্থ৷ চিন্তাৰ জগতত বিজ্ঞান আৰু কলাৰ বিভাজনৰ সন্দৰ্ভত আপোনাৰ মতামত জনালে আমি বৰ উপকৃত হ’ম৷
উত্তৰঃ বাহ্য দৃষ্টিত কলা আৰু বিজ্ঞান দুয়োটা ভিন্ন যেন লাগিলেও গভীৰ দাৰ্শনিক অৰ্থত দুয়োটাৰে মাজত বিশেষ পাৰ্থক্য নাই৷ মাথোঁ সিহঁতৰ পথ সুকীয়া সুকীয়া৷ সামগ্ৰিক জীৱনবোধ গঢ়ি তুলিব লাগিলে এই কথাৰ ওপৰত আমি বিশ্বাস ৰখা উচিত৷ এই কথাই হয়তো একক সংস্কৃতিৰ অভিমুখৰ দৰে কিতাপ ৰচিবলৈ প্ৰেৰণা যোগাইছিল৷

প্ৰশ্ন: ইংৰাজৰ দিনত অসমত বঙলা ভাষা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত প্ৰচলিত হৈ থকা বাঙালী আমোলাৰ ষড়যন্ত্ৰৰ তত্ত্বটোৰ ভিত্তিহীনতা বহুতো তথ্যপাতিৰে প্ৰসেনজিৎ চৌধুৰীদেৱৰ সৈতে আপুনি দেখুৱাই দিছিল৷ এইক্ষেত্ৰত আপোনালোক দুগৰাকীয়ে বহু বছৰ আগতেই যুটীয়াভাৱে প্ৰণয়ন কৰা “বাস্তৱ নে বিভ্ৰম” এখন অতি গুৰুত্ত্বপূৰ্ণ গ্ৰন্থ৷ উক্ত বিষয়টো অসমীয়া জাতীয়তাবাদৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত৷ অসমীয়া জাতীয়তাবাদৰ সন্দৰ্ভত আপোনাৰ মতামত জনালে বৰ ভাল হ’ব৷ এই দীঘলীয়া সময়ছোৱাত জাতীয়তাবাদ সন্দৰ্ভত আপোনাৰ ধ্যান-ধাৰণাত কিবা পৰিৱৰ্তন আহিছে নেকি বাৰু?
উত্তৰঃ মই সদায় উদাৰ জাতীয়তাবাদত বিশ্বাসী৷ কিন্তু উগ্ৰ জাতীয়াবাদৰ নামত যদি কোনোবাই সত্যক বিকৃত কৰে তেন্তে তাৰ বিৰোধিতা কৰাটো মোৰ কৰ্তব্য বুলি ভাবোঁ৷ ইংৰাজ দেশাধিকাৰ সকলৰ লগত চাটুকাৰী কৰিবলৈ গৈ পদ্মনাথ গোহাঞি বৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি সকলে অসমত বাংলা ভাষা প্ৰচলনত বাঙালীসকলৰ ভূমিকা সম্পৰ্কে যি বিভ্ৰমৰ সৃষ্টি কৰিলে সি বাস্তৱসন্মত নাছিল৷ সেয়ে প্ৰসেনজিৎ চৌধুৰীৰ সৈতে লগ লাগি আমি তাৰ বিৰোধিতা কৰিছিলোঁ৷ অন্ধ দেশপ্ৰেমতকৈ সত্য সদায় উদ্ধৰ্ত৷

প্ৰশ্ন: প্ৰাচীন ভাৰতীয় দৰ্শনৰ ক্ষেত্ৰত আপোনাৰ “ভাৰতীয় চিন্তা” গ্ৰন্থখনৰ দুয়োটা খণ্ডই অসমীয়া ভাষাত অভিনৱ৷ তেনেদৰেই “লোককৃষ্টিৰ উৎস” গ্ৰন্থখনিও অসমীয়া ভাষাৰ এক সম্পদ৷ এইসমূহ গ্ৰন্থত আপুনি একান্ত বস্তুনিষ্ঠতাৰে মানৱ-চিন্তাৰ বিবিধ দিশ আৰু আয়তনৰ আলোচনা কৰিছে৷ ভাৱবাদী মাৰ্গৰ বিপৰীতে আপোনাৰ মাৰ্ক্সীয় বস্তুবাদী বিচাৰ-বিশ্লেষণে অসমৰ বৌদ্ধিক জগতত গভীৰ প্ৰভাৱ পেলাইছে৷ সাম্প্ৰতিক অসমত এইটো ধাৰাৰ গতি-প্ৰকৃতি বাৰু কেনেকুৱা? লগতে সুধিছোঁ, সামগ্ৰিকভাৱে মাৰ্ক্সীয় বিচাৰ-বিশ্লেষণৰ সন্দৰ্ভত আপোনাৰ মত কি?
উত্তৰঃ সাম্প্ৰতিক কালত মাৰ্ক্সীয় চিন্তাৰ গতি-প্ৰকৃতি একেবাৰে সন্তোষজনক নহয়৷ পুঁজিবাদৰ পৰা নিৰ্গত ধৰ্মতান্ত্ৰিকতাই এই ধাৰাক নিৰ্মূল কৰাৰ চেষ্টা চলি আছে৷ ঊনবিংশ শতিকাতে আৰম্ভ হোৱা মাৰ্ক্সৰ চিন্তাৰাজি শিলৰ ৰেখাৰ দৰে নিশ্চল বুলি ভবা উচিত নহয়৷ সকলো বৈজ্ঞানিক চিন্তাৰ ক্ৰমপৰিৱৰ্তন ঘটাৰ দৰে মাৰ্ক্সীয় চিন্তাৰো পৰিৱৰ্তন ঘটিছে আৰু ঘটা উচিতো৷ মাৰ্ক্সবাদ সম্পৰ্কে এয়াই মোৰ দৃষ্টিভংগী৷

প্ৰশ্ন: ভাৱবাদ-বস্তুবাদৰ প্ৰসংগতেই এই প্ৰশ্নটো কৰিছোঁ৷ দৰ্শন, ইতিহাস চৰ্চা, সাহিত্য সমালোচনা আদি অনেক ক্ষেত্ৰত ভাৱবাদ আৰু বস্তুবাদৰ মাজত দ্বন্দ্ব অতি স্পষ্ট বুলি কোৱা হয়৷ প্ৰশ্নটো হৈছে, তেনে দ্বন্দ্ব বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰখনতো বিদ্যমান নেকি বাৰু? নে, তেনে দ্বন্দ্বৰ পৰা বিজ্ঞান একেবাৰেই মুক্ত?
উত্তৰঃ মোৰ আগৰ প্ৰশ্নটোৰ উত্তৰতে এই প্ৰশ্নৰ উত্তৰ লুকাই আছে৷ সাহিত্য যিহেতু মূলতে বাস্তৱধৰ্মী সত্যৰ উদ্‌ঘাটক৷ বিজ্ঞানৰ দৰে সাহিত্যতো ভাববাদৰ প্ৰশ্ন নিৰৰ্থক৷ ‘সাহিত্যত প্ৰচাৰধৰ্মীতা’, ‘কল্পনা আৰু বিজ্ঞান’ আদি প্ৰবন্ধত এই বিষয়ে ইতিমধ্যেই মই বহলাই লিখিছোঁ৷ চমুকৈ এই বিষয়ত এটা সঠিক উত্তৰ দিব পৰা বা ইয়াৰ আলোচনা সম্ভৱ নহয়৷

প্ৰশ্নঃ বৰ্তমান ভাৰতবৰ্ষৰ সংবাদ ক্ষেত্ৰখনক লৈ আপুনি সুখীনে? বৰ্তমান অসমত সংবাদৰ ৰাজনীতিকৰণ বিষয়টো সততে চৰ্চা হৈ আছে৷ ৰাজনীতিকে ক্ষমতাৰ বাবে যেনেকৈ যিকোনো পৰিস্থিতিলৈ যাবলৈ কুণ্ঠাবোধ নকৰে, সাংবাদিকে তেনেকৈ টিআৰপি আৰু অৰ্থৰ বাবে যিকোনো নিউজ চলাবলৈ বা ৰাজনীতিকৰ হৈ চামচাগিৰি কৰিবলৈ লাজ নকৰে৷ আপুনি কি ভাৱে এই বিষয়ত?
উত্তৰঃ সংবাদ পত্ৰৰ সাম্প্ৰতিক ভূমিকাক লৈ মই খুব সুখী বুলি ক’লে ভুল কোৱা হ’ব৷ একালত সংবাদ জগতখনে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল৷ শাসক বৰ্গই ইয়াৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল৷ কিন্তু বৰ্তমানে সংবাদ জগতৰ ওপৰত শাসক বৰ্গৰ প্ৰচুৰ প্ৰভাৱ পৰিছে বুলি মই ভাবোঁ৷ কাকতবিলাকে নিজৰ ব্যৱসায়িক লাভালাভৰ বাবে (তুমি কোৱাৰ দৰে টিআৰপিৰ স্বাৰ্থত) শাসক বৰ্গৰ মুখাপেক্ষী হ’বলৈ বাধ্য হৈছে৷ এইটো একেবাৰে ভাল লক্ষণ বুলিব নোৱাৰি৷ কিন্তু আজিৰ পুঁজিবাদী যুগে এনে পৰিস্থিতি সৃষ্টি কৰাটোৱেই স্বাভাৱিক৷

প্ৰশ্নঃ সততে আলোচনা হয় যে আজিৰ সাংবাদিকে বাতৰি পৰিৱেশন কৰি যিমান অৰ্থ উপাৰ্জন কৰে, বাতৰি এটা সংগ্ৰহ কৰি বাতৰিটো পৰিৱেশন নকৰাকৈহে ততোধিক টকা উপাৰ্জন কৰে৷ মাজতে এজন জ্যেষ্ঠ সাংবাদিকে টেলিভিশ্যনতে লাইভ প্ৰগেম এটাত কৈছিল– “সাংবাদিকৰ পৰিচয় পত্ৰখন বহুতৰ বাবে এটিএম কাৰ্ডৰ দৰে৷” কথাটো আপুনি কেনেদৰে পৰ্যবেক্ষণ কৰিব?
উত্তৰঃ কথাটো অসত্য নহয়৷ কিন্তু সকলো সাংবাদিক এনেকুৱা নহয়৷ সত্য বাতৰি পৰিৱেশন কৰা সাংবাদিক এতিয়াও আমাৰ দেশত নিঃশেষ হৈ যোৱা নাই৷

প্ৰশ্নঃ আপুনি ১৯৯৫ চনতে ‘অসমৰ জনজাতি সমস্যা’ শীৰ্ষক এখন গ্ৰন্থ লিখিছিল৷ গ্ৰন্থখনৰ প্ৰসংগ আনি সুধিব বিচাৰিছোঁ অসমৰ ৰাজনীতিত বৰ্তমান প্ৰাসংগিক হৈ থকা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোৰ কথা৷ তেওঁলোকৰ এই দাবীৰ ন্যায্যতা সম্পৰ্কে আপুনি কি ভাৱে? যদিহে তেওঁলোৰ দাবী ন্যায্য, তেন্তে চৰকাৰে কিয় তেওঁলোকক দীৰ্ঘদিন টোপ দি দি লোভ দেখুৱাই আছে? যদি দাবীটোৱেই ন্যায্য নহয়, তেন্তে এই দাবীটোক কিয় প্ৰাসংগিক কৰি জীয়াই ৰখা হৈছে বুলি ভাবে?
উত্তৰঃ মই যেতিয়া এই গ্ৰন্থখন লিখিছিলোঁ, সেই সময়ত জনজাতিসকলৰ বিশেষকৈ বড়োসকলৰ দাবীৰ ন্যায্যতা আছিল৷ এতিয়া পৰিস্থিতি সলনি হৈছে৷ তেওঁলোকৰ এতিয়া প্ৰধান উদ্দেশ্য হৈছে শাসন আৰু ক্ষমতা৷ উজনি অসমৰ কোনো কোনো জনগোষ্ঠীয়ে জনজাতিকৰণৰ যি দাবী তুলি আছে সেই দাবী ন্যায্য হয় নে নহয় তাত সন্দেহৰ অৱকাশ আছে৷ কাৰণ জনজাতিসকলৰ দৰেই সা-সুবিধা তেওঁলোকে ভোগ কৰি আছে৷ কলিতাসকলেও এনে দাবী উত্থাপন কৰিছে৷ এনে দাবী নিৰৰ্থক বুলিয়েই মোৰ ধাৰণা হয়৷ এনে দাবী যদি পূৰণ হয়, তেন্তে অদূৰ ভৱিষ্যতে ব্ৰাহ্মণসকলেও এইধৰণৰ দাবী তুলিবগৈ পাৰে৷

প্ৰশ্নঃ ঊনবিংশ শতিকা বা বিংশ শতিকাৰ সৈতে একবিংশ শতিকাৰ অসম আৰু অসমীয়াৰ জাতীয়তাবাদক লৈ আপুনি সুখীনে? সৰ্বতোপ্ৰকাৰে ৰাষ্ট্ৰীয়তাবাদৰ জনপ্ৰিয়তাৰ বাবে দেশত যিধৰণৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ অসমৰ দৰে জাতীয়তাবাদৰ আধাৰত গঢ় লৈ উঠা ৰাজ্যসমূহৰ ভৱিষ্যত কেনেধৰণৰ হ’বগৈ বুলি আপুনি ভাবে?
উত্তৰঃ পোন্ধৰ-ষোল শতিকাত অসমীয়া ভাষাৰ এক গৌৰৱোজ্বল স্থান আছিল৷ কিন্তু নানা কাৰণত ই লাহে-লাহে মোলান পৰি আহিছিল৷ ঊনৈশ শতিকাৰ আগভাগত ই লুপ্তপ্ৰায় হোৱাৰ উপক্ৰম হৈছিল৷ কিন্তু আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আদিৰ জাতীয় প্ৰেমৰ পৰিণতিত ভাষাটোৱে ক্ৰমে ঠন ধৰি উঠিবলৈ ধৰে৷ আনপাকে ক’ব লাগিলে অসমীয়া ভাষা উদ্ধাৰৰ প্ৰধান হেতু হ’ল উদাৰ জাতীয়তাবাদ৷ চমুকৈ ক’ব লাগিলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সকলোৰে মূলতঃ আছে জাতীয়তাবাদ৷ কিন্তু সি উদাৰ হ’ব লাগিব৷ সংকীৰ্ণমনা উদ্ৰ জাতীয়তাবাদ কাৰো বাবে বাঞ্ছিত নহয়৷ ৰাষ্ট্ৰীয়তবাদকো অশুভ বুলি ক’ব নোৱাৰি৷ কিন্তু জাতীয়তাবাদৰ ধ্বংসৰ ভিত্তিত যি ৰাষ্ট্ৰীয়তাবাদ গঢ়ি উঠিছে, তাক কোনো পধ্যেই সমৰ্থন জনাব নোৱাৰি৷ জ্যোতিপ্ৰসাদে কৈছিল– ‘‘ওপজা গাঁৱৰপৰা জান জুৰি নদীয়েদি লুইতৰ বালি ভাত খাই মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ৷’’ এইটোৱেই মই ভাবোঁ জাতীয়তাবাদৰপৰা ৰাষ্ট্ৰীয়তাবাদলৈ যোৱাৰ উত্তম পথ৷

প্ৰশ্নঃ আপুনি সম্পাদনা কৰা ‘অসমীয়া জীৱনী অভিধান’খনৰ কথা সুধিব বিচাৰিছোঁ৷ এই অভিধানখন প্ৰস্তুত কৰোঁতে আপুনি নিশ্চয়কৈ যথেষ্ট কষ্ট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তাতে এনে গ্ৰন্থৰ ব্যৱসায়িক মূল্যও নাথাকে বুলি আপুনি নিজেই পাতনিত উল্লেখ কৰিছে৷ এই অভিধানখন প্ৰস্তুত কৰাৰ অন্তৰালৰ কিছু কথা কওকচোন৷
উত্তৰঃ মই যেতিয়া শঙ্কৰদেৱ বিষয়ক গ্ৰন্থখন ৰচনা কৰিছিলোঁ, তেতিয়া নানা গ্ৰন্থ পঢ়িব লগা হৈছিল৷ বিখ্যাত লোকসকলৰ কোন আগৰ কোন পিছৰ, তাক মনত ৰখাটো মোৰ বাবে সম্ভৱ নাছিল৷ গতিকে তেওঁলোকৰ চমু জীৱনী মই লিখি ৰাখিছিলোঁ৷ মোৰ ‘অসমীয়া জীৱনী অভিধান’ গ্ৰন্থখন প্ৰস্তুত কৰা হৈছিল এইদৰেই৷ প্ৰথম কেৱল প্ৰাচীন লোকসকলৰ কথা সন্নিৱিষ্ট কৰিছিলোঁ, কিন্তু পিছলৈ যিসকলে কুৰি শতিকাৰ আগলৈকে অসম বুৰঞ্জীৰ বিভিন্ন দিশলৈ অৱদান আগবঢ়াইছে, সেই সকলকো গ্ৰন্থখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ দৰাচলতে এনে অভিধান প্ৰস্তুত কৰাটো এক নিৰন্তৰ প্ৰচেষ্টা৷ সময়ৰ লগে লগে ইয়াত ন ন তথ্য সংযোজন কৰাৰ অৱকাশ থাকে৷

প্ৰশ্নঃ বৰ্তমান অসমৰ শিক্ষাৰ মাধ্যম বিতৰ্ক চলি আছে৷ চৰকাৰী বিদ্যালয়সমূহত কিছু পাঠ্যক্ৰমত অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাৰ প্ৰচলন হ’ব বুলি চৰকাৰে আইন কৰিছে৷ এজন ভাষাবিদ হিচাপে আপুনি এই বিষয়টো কেনেদৰে পৰ্যবেক্ষণ কৰিছে? অসমীয়া ভাষাটোৰ ভৱিষ্যত কেনে পৰ্যায়ৰ হ’বলৈ গৈ আছে বুলি ভাবে?
উত্তৰঃ অসমত শিক্ষাৰ মাধ্যম ইংৰাজী কৰা বিষয়টোক মই বিৰোধিতা কৰোঁ৷ ইংৰাজী শিকা আৰু ইংৰাজী মাধ্যমত শিকা দুয়োটা একে নহয়৷ এটা আন্তৰ্জাতিক ভাষাৰূপে ইংৰাজী ভাষা আমি শিকিবই লাগিব কিন্তু নিজ মাতৃভাষা পৰিত্যাগ কৰি কেৱল ইংৰাজী ভাষা যদি শিকা যায়, তেন্তে মাতৃভাষাবোৰৰ পতন অৱশ্যম্ভাৱী৷ আমাৰ অসমীয়া এটা ঐতিহ্যপূৰ্ণ ভাষা৷ এই ভাষা এৰি যদি ইংৰাজী শিকা যায়, তেন্তে এই ভাষাও এক দোৱান হৈ পৰাৰ সম্ভাৱনা আছে৷

প্ৰশ্নঃ আপুনি নাভাবেনে অসমীয়া ভাষাটোৰ চৰ্চা আৰু ইয়াৰ প্ৰসাৰ প্ৰচাৰক লৈ চৰকাৰ বা বিদ্যালয়, বিশ্ববিদ্যালয়সমূহে যেনেদৰে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগিছিল, সেইদৰে ভূমিকা গ্ৰহণ কৰাত তেওঁলোক বিফল হৈছে৷ যদি ভাবে, তেন্তে আপোনাৰপৰা কেইটামান প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব নেকি?
উত্তৰঃ অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভা বা বিশ্ববিদ্যালয়সমূহে বিশেষ কিবা কৰিছে বুলি মই নাভাবোঁ৷ সাহিত্য সভাই যি কণ কৰিছে বুলি দাবী কৰে, সি মই ভাবোঁ মৌখিক৷ সাহিত্য সভাৰ যিসকল কৰ্ণধাৰ, তেওঁলোকৰ বহুতেই নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাইছেগৈ৷ ইয়াৰ অনেক উদাহৰণ আছে৷ চৰকাৰেতো এতিয়া অসমীয়া ভাষাৰ সলনি ইংৰাজীক শিক্ষাৰ মাধ্যম কৰাৰ গুণাগঁথা কৰি আছে৷

প্ৰশ্নঃ ‘অসম সাহিত্য সভা’ৰ সৈতে আপোনাৰ সম্পৰ্ক কেনেকুৱা? এটা জাতীয় সংগঠন হিচাপে অসমীয়া ভাষা-সাহিত্যক সংগঠনটোৱে সৰ্বতোপ্ৰকাৰে নেতৃত্ব দিব পাৰিছে বুলি আপুনি ভাবে নে? সংগঠনটোক লৈ আপোনাৰ অনুভৱ বা মতামত কেনেধৰণৰ?
উত্তৰঃ অসম সাহিত্য সভাৰ লগত মোৰ সম্পৰ্ক ভালো নহয়, বেয়াও নহয়৷ এই সংগঠনটোৱে একালত অসমীয়া ভাষাৰ উন্নতিৰ হকে ভালেমান কাম কৰিছিল৷ কিন্তু এতিয়া সেই দিন আৰু নাই৷ অসমীয়া ভাষাৰ ডিজিটেলাইজেছনকে ধৰি কিছু প্ৰশংসনীয় কাম সাহিত্য সভাই নকৰা নহয়৷ কিন্তু সৰ্বাঙ্গীনভাৱে অসমীয়া ভাষাৰ উন্নতিৰ হকে সাহিত্য সভাৰ ভূমিকা মোলান পৰা৷

প্ৰশ্নঃ ধৰ্ম সম্পৰ্কে আপোনাৰ স্থিতি কেনেধৰণৰ? ‘ঈশ্বৰ’ সম্পৰ্কীয় ধাৰণাটোৰ অস্তিত্ব সম্পৰ্কে আপুনি কি ভাবে?
উত্তৰঃ ধৰ্ম এক বৰ্ণাঢ্য আৰু জটিল বিষয়৷ বিভিন্ন ব্যক্তিয়ে ইয়াক বিভিন্ন ব্যাখ্যা দি আহিছে৷ ব্যক্তিগতভাৱে মই কোনো প্ৰাতিস্থানিক ধৰ্মৰ প্ৰতি বা কোনো সাকাৰ ঈশ্বৰৰ প্ৰতি মোৰ কোনো বিশ্বাস নাই৷ দাৰ্শনিক স্পিনোজাৰ নিচিনাকৈ প্ৰকৃতিয়েই মোৰ বাবে ঈশ্বৰ৷ প্ৰকৃতিৰ অসীম ৰহস্যময়তাতেই মই ভাবোঁ ‘ঈশ্বৰ’ বুলি কোৱা ধাৰণাটো নিহিত হৈ আছে৷

প্ৰশ্নঃ ধৰ্মকেন্দ্ৰিক সমাজ এখন বৰ্তি থকাটো আপুনি বিচাৰেনে? যদি নিবিচাৰে, তেন্তে আপোনাৰ মতে সমাজ এখন বৰ্তি থকাৰ মূল স্তম্ভ কেনেধৰণৰ হোৱা উচিত? যদি বিচাৰে তেন্তে আপোনাৰ সপক্ষে কেইটামান যুক্তি?
উত্তৰঃ ধৰ্মতান্ত্ৰিকতাৰ প্ৰতি মোৰ তিলমানো বিশ্বাস নাই৷ নিশ্চিদ্ৰ ধৰ্মতান্ত্ৰিকতাই একোখন দেশক কেনেকৈ পটন ঘটাব পাৰে তাৰ উদাহৰণ ইতিহাসত ভুৰি ভুৰি আছে৷ এটা উদাহৰণ– ক্ৰুছেদ যুদ্ধই মছজিদৰ প্ৰাঙ্গনত ইমান তেজৰ সোঁত বোৱাইছিল যে তাত ঘোঁৰাৰ খুৰা ডুব গৈছিল৷ এখন দেশ বৰ্তি থাকিব পাৰে মই ভাবোঁ জাতি, ধৰ্ম নিৰ্বিশেষে সমাজৰ প্ৰতিজন ব্যক্তিৰ পাৰস্পৰিক সন্মান আৰু বুজাপৰাৰ জৰিয়তে৷

প্ৰশ্নঃ প্ৰায়ভাগ ধৰ্মতে থকা বলি-বিধান আৰু ঈশ্বৰ সম্পৰ্কীয় পূজা-পাতল সম্পৰ্কে আপোনাৰ মন্তব্য কেনেধৰণৰ? এইধৰণৰ নীতি-নিয়মে প্ৰকৃততেই সমাজ এখন সুস্থ কৰি ৰাখে বুলি আপুনি ভাবেনে?
উত্তৰঃ বলি বিধান হ’ল মানুহে প্ৰাচীন কালত কৰা এবিধ ধৰ্মীয় আচাৰ৷ শস্য পচি গ’লে নতুন বীজ যেনেকৈ ওলায়, তেনেকৈ মানুহ মৰিলেও তাৰ পুনৰ জন্ম ঘটে বুলি মানুহে ভাবিছিল৷ জ্ঞান বৃদ্ধিৰ লগে লগে নৰবলি প্ৰথা বিলুপ্ত হ’ল কিন্তু জীৱ-জন্তুৰ বলি বিধান আজি পৰ্যন্ত বহুতো ধৰ্মত চলি আছে৷ ই বিলুপ্ত হোৱা উচিত বুলি মই ভাবোঁ৷

প্ৰশ্নঃ বিজ্ঞান চৰ্চা আৰু বিজ্ঞান মানসিকতা গঠন সম্পৰ্কে আপুনি বহুখিনি কাম কৰিছে৷ গ্ৰন্থ প্ৰকাশৰ সমান্তৰালভাৱে আপুনি ব্যৱহাৰিক ক্ষেত্ৰখনতো জনসাধাৰণৰ মাজলৈ বিজ্ঞান মানসিকতাক লৈ যোৱাৰ বাবে কাম কৰিছে৷ বিজ্ঞানতকৈ পৰম্পৰা আৰু প্ৰচলিত গোড়া বিশ্বাস, ৰীতি-নীতিৰ প্ৰতি গৰিষ্ঠ সংখ্যক লোক আগ্ৰহী হোৱাৰ মূলতে কি বুলি ভাবে?
উত্তৰঃ বহু যুগ ধৰি অন্ধবিশ্বাসৰ মায়াজালেৰে ছাতি ৰখা সমাজ এখনক সম্পূৰ্ণ কু-সংস্কাৰমুক্ত কৰি তোলাটো বৰ সহজ কাম নহয়৷ কিন্তু আমি হাত সাবটি বহি থাকিলেও নহ’ব৷ আমি এইবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব৷ লিখা-পঢ়াৰ মাধ্যমেৰে মই বহুবছৰ ধৰি এইখন যুদ্ধৰ সৈতে জড়িত হৈ আছোঁ৷

প্ৰশ্নঃ অসমত বিজ্ঞান মানসিকতা গঠনৰ বাবে বৰ্তমান সময়ত কেনেধৰণৰ পৰিকল্পনা আৰু উদ্যোগৰ প্ৰয়োজন বুলি ভাৱে? অসমত যিমানবোৰ বিজ্ঞান মানসিকতা গঠন সম্পৰ্কীয় সংগঠন বা ব্যক্তি আছে৷ তেওঁলোকলৈ আপোনাৰ কিবা পৰামৰ্শ বা ক’বলগীয়া আছে নেকি?
উত্তৰঃ অসমৰ বহুতো সংগঠনে কুসংস্কাৰ বিৰোধী সংগ্ৰামত প্ৰশংসনীয় কাম কৰি আছে৷ সেই সকললৈ মোৰ কাতৰ অনুৰোধ– আপোনালোকে এই সংগ্ৰামত লাগি থাকক৷ এই সংগ্ৰামৰ পথ দূৰ্লঘ্য৷ কিন্তু অলঘ্য নহয়৷

প্ৰশ্নঃ ‘মুক্ত চিন্তা’ আলোচনীখনে অসমত বিজ্ঞান মানসিকতা গঠন সন্দৰ্ভত কিছু গতিশীল কাম কৰি আছে৷ এই আলোচনীখনৰ প্ৰতি আপোনাৰপৰা কিছু পৰামৰ্শ বিচাৰিছোঁ৷
উত্তৰঃ এই সম্পৰ্কে মই কোনো মতামত দিব নোৱাৰিম৷ কাৰণ আলোচনীখন আজিলৈকে মই দেখা নাই৷ অৱশ্যে আলোচনীখনে কুসংস্কাৰ নিমূৰ্লৰ কামত ভালেমান প্ৰশংসনীয় কাম কৰি আছে বুলি গম পাইছোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *