চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতা – (খগেশ সেন ডেকা)
(হীৰু দাৰ স্মৃতিত)
চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতা
খহি পৰিল এক পুৰুষৰ পৰা আনটো পুৰুষলৈ বুলি
কান্ধত বৈ ফুৰা মেটমৰা শব্দৰ ভাৰখন৷
গুটিধানৰ ডাঙৰিটো ডাঙৰীয়াৰ চোতালত থৈ
হাত পোন ল’ৰা এটিৰ আশাৰে ঘৰলৈ ওভতা কবিতাটোৰ বাবে
নঙলাত ৰৈ আছে গাত লেঠা লগা আইজনীৰ মাক৷
চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতা
দেওলগা হাতেৰে ৰজাৰ দ’ল ভাঙিব খোজা
কবিতাটোৱে কঢ়িয়াই লৈ ফুৰিছিল
দেশ মাটি মানুহ আৰু বুকুৰ ভিতৰত ৰু ৰুৱাই জ্বলা
সুগন্ধি পখিলাৰ পাখি লাহি প্ৰেমৰ সঁচা জলছবি৷
চিনাকি বাটটোৰে গুচি যোৱা কবিতাটোৰ
কোঁহে কোঁহে আছিল ভৰুণ সপোন
শইচ সোণোৱালী ভৱিষ্যতৰ
ৰ’দ আৰু পোহৰৰ এখন বিশাল আকাশৰ৷
হাতধৰ স্বাধীনতা তই মোৰ সহোদৰ বুলি দৃঢ় প্ৰত্যায়িত
কবিতাটোৰ দৃপ্ত কঠিন স্বৰ নিজম পৰিল
চৌদিশ নিমাত নিতাল এতিয়া
কিবা যেন নাই নাই
সমুখত আছে মাথোঁ এক কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য৷
আই তোৰ এতিয়া দুখেই দুখ
আকৌ এবাৰ সুদা হ’ল তোৰ বুকু
তোৰ কলিজাৰ আঁহে আঁহে থূপ খাই থকা
সাধুবোৰ
কবিতাবোৰ
গীতবোৰ
গুচি গ’ল সেই একেই চিনাকি বাটটোৰে
তোৰ পৃথিৱীত আই মানুহৰ বৰ আকাল
এতিয়া কাৰ সতে কিদৰে সুখ-দুখৰ কথা পাতোঁ!
বাতৰি বিলাওঁ দেশ মাটি প্ৰেম আৰু মানুহৰ
এন্ধাৰ ৰাতি তোৰ চোতালত কোনে জ্বলাবহি পোহৰ বিলোৱা চাকি
উদং পথাৰত কোনে ছটিয়াব গজালি মেলা শইচৰ বীজ
কাকনো গতাবি নিয়াৰিত সযতনে গঢ়ি লোৱা দাৱনীৰ হাতৰ কাঁচিখন
বেলতলাৰ পথাৰখনলৈ এতিয়া যেন বহুত দূৰ
কোন ক’ত আছা
হালোৱা হজুৱা ৰণুৱা বণুৱা
সকলোৱে আইক তুলি ধৰা
শুকান ডালত কুঁহিপাত হৈ আকৌ নাচক কবিতা
শেষ হওক ব্যাধিগ্ৰস্ত নগৰৰ অহেতুক বিলাস বৈভৱ
আকৌ এটা কবিতাৰ বাবে
আমি আটায়ে লগে ভাগে পামগৈ
বহু আকাংক্ষিত বেলতলাৰ পথাৰ৷