গল্প-কবিতা

শ্ৰীমতী ৰেখা দত্ত ।। বিদিশা শইকীয়া

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

খৰধৰকৈ হেতা চলাইছে ৰেখাই। ঘনে ঘনে বেৰৰ চুকত ওলমি থকা ঘড়ীটোলৈ চাই সময়ৰ উমান এটা লৈছে। “এতিয়া তেওঁ স্কুলৰ পৰা ওলালে। আৰু খুব বেছি বিশ মিনিটত আহি পাব”। কথাষাৰ মনলে অহাৰ লগে লগে ৰেখাৰ কামৰ গতি আৰু বৃদ্ধি পালে। পুৱাতেই বেপাৰীজনে দি যোৱা সতেজ মাছৰ সৈতে বাৰীৰে পালেং দি  ৰন্ধাখিনি ইতিমধ্যেই সিজিছেই। তেওঁ সেইখিনি নমাই থৈ এইবাৰ আনখন কেৰাহীত পুৱাতেই বুটলি ৰখা শেৱালী ফুলখিনিৰ বৰ বনাবলৈ  লাগিল। এইবোৰ তেওঁৰ হেঁপাহৰ কাম। বিধে বিধে ইটো সিটো ৰান্ধি ঘৰখনৰ মানুহকেইটাক নতুন নতুন সোৱাদ দি তেওঁ ভালপায়। মানুহ বুলিবলৈ আছে‌নো কোন! ৰেখাৰ স্বামী প্ৰশান্ত বৰা আৰু ল’ৰা-ছোৱালী দুটা। প্ৰশান্ত পেছাত এজন শিক্ষক। গোটেই দিনটো চিঞৰি-বাখৰি ক্লাছবোৰ কৰি ভোকে ভাগৰে ঘৰ ওভতা মানুহজনক গৰমে গৰমে এসাঁজ তৃপ্তিৰে ৰান্ধি খুৱাই ৰেখাই সুখ পায়। মাজনী আৰু বাবুৱে কাঁহীখন চুঁচি-মাজি ভাতকেইটা খোৱা দেখিলে দিনটোলৈ এমোকোৰা হাঁহিয়ে তেওঁৰ মুখত খেলি থাকে। অত’ বছৰে তেওঁ এইবোৰতেই সুখ বিচাৰি পাইছে। এনেকৈয়ে সুখী হৈছে।

প্ৰেছাৰ কুকাৰৰ শব্দত ৰেখাৰ তন্দ্ৰা‌ ভাঙিল। ইফালে বাহিৰত  বাইকৰ  শব্দ হ’ল। ৰেখাই এহাতে পানীৰ গিলাছ আৰু আনহাতে গামোচা এখন  হাতত লৈ খৰধৰকৈ ওলাই গ’ল।

দিনবোৰ এনেকৈয়ে যায়। স্কুল বন্ধৰ দিনকেইটাৰ বাহিৰে বাকী দিনবোৰত ৰেখাৰ এই দিনলিপিৰ কোনো ব্যতিক্ৰম নাই। সুগৃহিনী হিচাপে ৰেখাৰ চুবুৰিটোত নাম আছে। “মাষ্টৰৰ ঘৰখন ঘৰ কৰি ৰাখিছে”। “ল’ৰা-ছোৱালীহালকো মানুহ কৰিছে মাষ্টৰৰ বোৱাৰীয়ে”—চুবুৰীয়াই ৰেখাৰ বিষয়ে কয়। কেৱল ঘৰখনেই নে! সমাজৰ বিয়া-সবাহত লাগি-ভাগি দি, নিজে দায়িত্ব লৈ সুকলমে সকলো কৰি অঁতাব পাৰে মাষ্টৰৰ বোৱাৰীয়ে। প্ৰথম বিয়া হৈ গাঁওখনলৈ আহোঁতেই ৰেখাক কোনোবাই সম্বোধন কৰিছিল, “মাষ্টৰৰ বোৱাৰী”। কোনে কৰিছিল, কাৰো মনত নাই। কিন্তু সেই তেতিয়াৰে পৰা এই নামটোৰেই ৰেখাক সকলোৱে চিনিবলৈ ল’লে। কোনো এখন গাঁওৰ ৰেখা দত্ত হৈ পৰিল এই গাওঁৰ “মাষ্টৰৰ বোৱাৰী”। আৰু এতিয়া এই নামেই তেওঁৰ চিনাকি।

“মাজনী, মাৰে তোৰ লগত মোবাইল টিপাৰ কম্পিটিশ্যন খেলিছে হ’ব পায়! মূৰ দাঙি চাবলৈকেচোন সময় নাই। হেৰা, ইমান নো কি টিপা টিপিখন‌ কৰি থাকা হে”। হাতত বাতৰি কাকত এখন‌ লৈ বাৰান্দাত এক বিশেষ ভংগীমাত এখনৰ ওপৰত আনখন ভৰি তুলি বহি থকাৰ পৰাই মাষ্টৰে মাত লগায়। আবেলিৰ এই সময়খিনি ঘৰখনৰ চাৰিওটা মানুহে  একেলগে কটায়। কেতিয়াবা কেৰম, লুডু খেলা হয় যদি আকৌ আন কেতিয়াবা আটাইয়ে হাতত আলোচনী তুলি লয়, চিনেমা চায় নতুবা ফুল ৰোৱে।

মাজনী ডাঙৰ হৈছে। এইবাৰ কলেজত ভৰি থোৱা ছোৱালীজনীয়ে আজৰি সময়খিনিত ঘৰৰ মানুহকেইটাৰ লগত সময় কটোৱাৰ লগতে বাৰেপতি মোবাইলটো হাতত লৈ ভূমুকিয়াই ফুৰে। এই লৈ “মাষ্টৰৰ বোৱাৰী”য়ে মাজে-সময়ে আপত্তিও কৰে। আৰু এতিয়া আজি কিছুদিনৰ পৰা স্বয়ং “মাষ্টৰৰ বোৱাৰী” অৰ্থাৎ ৰেখাইও বাৰেপতি মোবাইলটোত চকু ফুৰাই থকাক লৈ মাষ্টৰে কৌতুক কৰে।

মাজনীয়ে মুখ টিপি হাঁহে। “তুমি নুবুজিবা দেউতা। মাক বুক এখনৰ লগত চিনাকি কৰাই দিলোঁ। ফে’চবুক। এতিয়া মাৰ ধেৰ বন্ধু বুজিছা। এতিয়া আৰু মাক কোনে পায়”। “জানোঁ, তহঁত মাৰ-জীয়েৰেহে জান আৰু দেই। বাবু ৰেডিঅ’টো লগাই দে অ’। আমি ৰেডিঅ’কে শুনোঁ”। মাষ্টৰে এনেকৈয়ে কথাষাৰ পাতলাই থয়। ৰেখাক লৈ চিন্তা কৰিবৰ কাৰণ তেওঁ বিচাৰি নাপায়। “বুজন মহিলা তেওঁ। নিজৰ ভাল-বেয়া চাব পৰাকৈ সক্ষম”। মাষ্টৰে ভাবে।

সঁচাকৈয়ে ৰেখাৰ ব্যৱহাৰ কিছু সলনি হৈছে। কেতিয়াৰে পৰা হৈছে মাষ্টৰে সঠিককৈ ক’ব নোৱাৰিব। কিন্তু সেই ৰবিবাৰৰ দিনাৰ ঘটনাটোৰ পৰা যেন তেওঁৰ মনে ধৰে।

ওৰেটো দিন মোবাইল টিপাক লৈ মাজনীৰ মাকে তাইক সেইদিনা বৰকৈ খঙ কৰিছিল। গধূলিৰ বেলালৈ মাষ্টৰে স্কুলৰ পাঠদানৰ খাতিৰত নতুনকৈ লোৱা এনড্ৰইড মোবাইলটো মাজনীয়ে হাতত লৈ মাকৰ সৈতে বহু সময় কটোৱা তেওঁ দেখিছিল। তেওঁলোকে সেই মোবাইলটোৰ সৰহভাগ ব্যৱহাৰেই নাজানে। মাজনীয়ে দুই-এটা শিকাই দিছে। সেইদিনাও ৰেখাৰ চকুত কৌতুহল দেখি তেনেকুৱাই কিবা বুলি মাষ্টৰে ভাবি থয়। পিছে আজি হঠাৎ সেইদিনাৰ কথাষাৰে মাষ্টৰৰ মনত খুন্দিয়াই যায়। হয়, ঠিক সেইদিনাৰে পৰাই ৰেখা হয়তো অলপ সলনি হৈছে। কোনোদিন মোবাইলক লৈ আগ্ৰহ নেদেখুওৱা মানুহগৰাকীয়ে আজিকালি সুযোগ পালেই মোবাইলটো হাতত তুলি লয়। কিবা চাই হাঁহে, আপোন বিভোৰ হয়।

“দেউতা, কি ভাবি আছা”?
“হা”।— বাবুৰ মাতত মাষ্টৰৰ তন্ময়তা ভাগে। ৰেখাক পুনৰ একেদৰেই দেখি মাষ্টৰ ক্ষন্তেক চিন্তাত পৰে। জীয়েকক উদ্দেশ্যি তেওঁ কয়, “মাজনী, অকণমান খোজ কাঢ়ি আহোগৈ ব’ল”।

পশ্চিম আকাশত সূৰ্য ঢলিবলৈ ধৰিছে। আকাশখনৰ ৰঙ বৰ মোহনীয় হৈ উঠিছে। মাজনীয়ে ফটো উঠাইছে। মোবাইলত হেঙুলীয়াখিনি ধৰি ৰখাত ব্যস্ত তাই। বহু সময় জীয়েকক চাই থাকি কওঁ নকওঁকৈ অৱশেষত তেওঁ কয়, “মাজনী, মাৰক নো মোবাইলত কি শিকাই দিলি অ’। কিনো চাই ইমান হাঁহি থাকে”।

দেউতাকৰ চিন্তাক্লিষ্ট মুখখনলৈ চাই মাজনীৰ ভিতৰি হাঁহি উঠে যদিও হাঁহি সামৰি তাই গভীৰভাৱেই কয়, “দেউতা, মাক ইণ্টাৰনেটৰ ব্যৱহাৰ শিকাইছোঁ। তুমিও শিকি লোৱা, বুজিছা। ইউটিউব, ফে’চবুক এইবোৰ। মায়ে সেইদিনা যে মাংসৰ আঞ্জাখন ৰান্ধিছিল, তুমি যে খুউব ভাল পাইছিলা খাই, সেই ইউটিউব‌ চায়েই ৰান্ধিছিল তেওঁ। আৰু মাক ফে’চবুক একাউণ্ট এটাও খুলি দিছোঁ”।
“ফে’চবুক মানে সেই ফটো দিব লাগে যে সেইটো”! মাষ্টৰে তাইৰ কথা শেষ হ’বলৈ নিদি তপৰাই সোধে।
“নহয় দেউতা। ফে’চবুকত কেৱল ফটোই নহয়, আৰু ধেৰ কিবা কৰিব পাৰি। এইয়া চোৱা, মাৰ প্ৰফাইলটো। কিমান ভাল লিখে তেওঁ। কালি প্ৰতিযোগিতা এখনত তেওঁৰ গল্পই পুৰস্কাৰো পাইছে। এইকেইদিনতে মাক ভালপোৱা কিমান মানুহ যে হৈ গৈছে নহয়! প্ৰথম কেইদিনমান মায়ে ফোনটো হাতত লৈ ফে’চবুকটো খুলি নিজৰ নামটো ওলাই থকাখিনি বহু দেৰি চাই থাকে। কেতিয়াবা নামটো চুই চায়, আকৌ থৈ দিয়ে। মই এদিন মনে মনে তেওঁৰ গল্প এটা দি দিলোঁ। সকলোৱে পঢ়ি ইমান ভালপালে! ইনু মাহীয়ে ফোন কৰি মাক ভাল হৈছে বুলি কৈছে। তেওঁৰ আলোচনীখনলৈও লেখা বিচাৰিছে। চোৱা, মায়ে কিম্মান ভাল লিখে। আৰু জানা, মায়ে মাজে মাজে বৰগীতো গায়। এইটো শুনি চোৱা”।আঙুলিটো ওপৰলৈ চোঁচৰাই চোঁচৰাই বহুত কিবাকিবি দেখুৱাই গ’ল মাজনীয়ে। মাষ্টৰে দুই-এটা চালে। আখৰবোৰৰ মাজত তেওঁ আন কিবাহে দেখিবলৈ পালে।

বিয়াৰ কথাবোৰ আগ বাঢ়োঁতে কলেজৰ আলোচনী বিভাগৰ সম্পাদিকা আছিল ৰেখা। “বিয়াৰ পাছত তোমাৰ মোৰ পৰা বিশেষ কিবা আশা আছে নেকি”? সৰু মাতেৰে চাবলৈ অহা ডেকা মাষ্টৰজনে ৰেখাক সোধে।
“ওহো, মাথোঁ ৰেখা দত্ত নামৰ চিনাকীটো হেৰুৱাব নোখোজোঁ”। চেপা কণ্ঠৰ মাত এষাৰ ডেকা মাষ্টৰজনৰ কাণত পৰে।

“দেউতা, কি ভাবিছা? তুমি আগতে জানিছিলা নে মায়ে ইমান ভাল লিখে বুলি”?
“হা। অ’ জানিছিলোঁ অ’। মাথোঁ পাহৰিছিলোঁহে। বৰ ভাল কৰিলি তই মনত পেলাই দি”।

মাজনীৰ মূৰত হাত ফুৰাই তেওঁ আকৌ এবাৰ মোবাইলটোলৈ চায়। মোবাইল স্ক্ৰীণত স্পষ্টকৈ জিলিকি আছে এটি নাম, “ৰেখা দত্ত”।

ৰেখা বৰা‌, মাষ্টৰৰ বোৱাৰী কিম্বা মাজনীৰ মাক নহয়। এইয়া ৰেখা দত্ত। সুলেখিকা, সাহসী মহিলা ৰেখা দত্ত। গৌৰৱেৰে মাষ্টৰৰ বুকুখন ফুলি উঠে।

“যাওঁ ব’লা দেউতা, গধূলিয়েই হ’ল”।

বেলিৰ ফালে পিঠি দি দুয়ো ঘৰলৈ ওভতে। পদূলিৰ ওচৰ পাওঁতেই হঠাৎ কিবা এটা মনত পৰাৰ দৰে মাষ্টৰে কৈ উঠে, “হেৰি নহয় মাজনী, আজিকালি আৰু অনলাইন ক্লাছ নাই‌ নহয়। ডাঙৰ মোবাইলটো মই ঘৰতে থৈ যাম দে। মোৰ চিমখন উলিয়াই মাৰৰখন লগাই দিবি”।

মূৰ দুপিয়াই মাজনী ভিতৰলৈ সোমাই যায়। তাইৰ মোবাইল স্ক্ৰীণত জিলিকি থকা সেই নামটোৰ পোহৰত এইবাৰ মাষ্টৰৰ চকু তিৰবিৰাই উঠে “ৰেখা দত্ত”।

ৰেখা বৰা‌, মাষ্টৰৰ বোৱাৰী কিম্বা মাজনীৰ মাক নহয়। তেওঁ “ৰেখা দত্ত”।

Leave a Reply

Your email address will not be published. Required fields are marked *