শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু নব্য ব্ৰাহ্মণ্যবাদী বিকাৰ-(ৰঞ্জিত বড়া)
আজিৰ পৰা ডেৰ দশকৰ আগতে সাপ্তাহিক বাতৰি কাকত ‘সাদিন’ত স্বনামধন্য লেখক তোষেশ্বৰ চেতিয়াৰ এটা লেখা প্ৰকাশ হৈছিল৷ লেখাটোত লেখক চেতিয়াই শ্ৰীমন্ত শংকৰদেৱ সংঘ নব্য ব্ৰাহ্মণ্যবাদী মতাদৰ্শত বিশ্বাসী বুলি অভিযোগ কৰিছিল৷ যিমানদূৰ মনত আছে চেতিয়াৰ সহধৰ্মিনীগৰাকী সংঘৰ কোনো অনুষ্ঠানলৈ যোৱাৰ পিছত হোৱা অভিজ্ঞতাৰ ভিত্তিত চেতিয়াই লেখাটো লিখিছিল আৰু সম্পূৰ্ণ এটা পৃষ্ঠাত লেখাটো প্ৰকাশ পাইছিল৷ লেখাটো পঢ়ি মই সহমত প্ৰকাশ কৰিছিলোঁ আৰু দুই-এটা কথা সংযোগ কৰি এখনি পত্ৰ লিখিছিলোঁ, যিখন সাদিনৰ ‘ৰাইজৰ চিঠি’ নামৰ শিতানত প্ৰকাশ হৈছিল৷ চেতিয়াৰ লেখাটো আৰু মোৰ পত্ৰখন পঢ়ি আৰু দুই-এখন পত্ৰ সাদিনত প্ৰকাশ পাইছিল৷
আমি কেইজনমান বন্ধু লগলাগি এখন কবিতাৰ আলোচনী প্ৰকাশ কৰিছিলোঁ৷ চনটো সম্ভৱতঃ ২০০৫৷ আলোচনীখনৰ এটা সংখ্যাত বৰ্তমান মধ্য অসমৰ এখন মহাবিদ্যালয়ৰ প্ৰবক্তা তথা দিখৌমুখৰ সন্তান অজিত ভৰালীৰ এটা কবিতা প্ৰকাশ পাইছিল৷ কবিতাটো আছিল সংঘক লৈ৷
কথাটো হ’ল যে মই নিজেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য (সংগী)। আমাৰ ঘৰখনে ১৯৯৭ চনত সংঘৰ সদস্য পদ গ্ৰহণ কৰিছিল৷ ওপৰত উল্লেখ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘকেন্দ্ৰিক তোষেশ্বৰ চেতিয়াৰ সমালোচনাত্মক লেখাৰ স’তে সহমত পোষণ কৰি পত্ৰ লেখা পাঠকজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সদস্য আৰু অজিত ভৰালীৰ কবিতা প্ৰকাশ কৰা মানুহকেইজনৰ মাজৰ চাৰিজনেই আছিলো সংঘৰ আৰু অজিত ভৰালীও তেতিয়া সংঘৰ সংগী আছিল৷
অৰ্থাৎ যিকোনো এটা অনুষ্ঠান বা ব্যক্তিক নীতিৰ ভিত্তিত সমালোচনা কৰাটো এটা অতি প্ৰশংসনীয় কাম বুলি মই অন্ততঃ বিশ্বাস কৰোঁ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘকো নীতিৰ ভিত্তিত সমালোচনা কৰাত আপত্তি থকাৰ কথা নাই৷ ব্যক্তিগতভাৱে মই ইয়াক আদৰণি জনাইছোঁ৷
এতিয়া কথা হ’ল, এক শৰণ হৰিনাম ধৰ্মৰ নীতিৰ ভিত্তিত গঢ়ি উঠা অনুষ্ঠান এটাক সমালোচনা কৰিবলৈ যাওঁতে শ্ৰীমন্ত শংকৰদেৱ আৰু শংকৰদেৱ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম কি তাক জনাটো উচিত৷ এক শৰণ হৰিনাম ধৰ্ম, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গ্ৰন্থৰাজিত পোষণ কৰা মত আৰু শংকৰদেৱৰ জীৱন কালত হোৱা অভিজ্ঞতা সম্পৰ্কত জনাটো অতি জৰুৰী৷ সদাশিৱৰ আশীৰ্বাদত জন্ম লাভ কৰা সন্তানটিৰ নাম শংকৰ ৰখা হ’ল ঠিকেই, কিন্তু শংকৰে শিৱক নহয় কৃষ্ণকহে (বিষ্ণু, ৰাম) মুখ্য দেৱতা বুলি ভাগৱত পুৰাণৰ দৰ্শন চৰ্চাত নিমগ্ন হ’ল৷ আকৌ সংস্কৃত ভাষাত পাৰ্গত হৈয়ো ‘অসমীয়া’ ভাষাতহে নিজৰ প্ৰায় সকলো ৰচনা লিখিলে৷ বিভিন্ন জাতি-জনগোষ্ঠীক লৈ হৰিনাম কীৰ্ত্তন কৰাৰ কথা ক’লে আৰু এনে এখন সমাজ গঠনৰ বাবে নিজকে সমৰ্পণ কৰিলে যিখনত কোনো উচ্চ-নীচ নাথাকিব৷ জাতি-বৰ্ণৰ বিভাজন নাই৷ সেয়ে জনজাতি, তথাকথিত শূদ্ৰ, বৰ্ণহিন্দু সকলোৱে একেখন পতাকাৰ তলত সমবেত হৈ সমাজ গঢ়াৰ নীতি সাৰোগত কৰি ধৰ্মমত প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হ’ল৷ উল্লেখযোগ্য যে শংকৰদেৱ প্ৰৱৰ্তিত ধৰ্মমত কোনো ব্যতিক্ৰম কথা নাছিল৷ ভাৰতবৰ্ষজুৰি হোৱা ভক্তি আন্দোলনৰ প্ৰভাৱতেই শংকৰদেৱে অসম প্ৰান্তত এক শৰণ হৰিনাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ কামত ব্ৰতী হৈছিল৷ নৱবৈষ্ণৱ ধৰ্মৰ ব্যাপক প্ৰচাৰ-প্ৰসাৰে সৰ্বভাৰতজুৰি এক সামাজিক জাগৰণৰ সৃষ্টি কৰিছিল আৰু তথাকথিত নিম্ন জাতি-জনগোষ্ঠীৰ মাজত ব্যাপক আদৰ লাভ কৰিছিল৷ নৱবৈষ্ণৱ ধৰ্মৰ এই সমাদৰৰ অন্তৰালত আছিল জাতিভেদ বিৰোধিতা৷ যাৰবাবে ব্ৰাহ্মণক বাদ দি বিভিন্ন জাতি-জনগোষ্ঠীয়ে অসমত শংকৰদেৱ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্ম বা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল আৰু গ্ৰহণ কৰিছিল৷ পৰৱৰ্তী কালত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত এক শৰণ হৰিনাম ধৰ্ম নামঘৰ আৰু সত্ৰক কেন্দ্ৰ কৰি অসমৰ সমাজ জীৱনত বৰ্তি থাকিল আৰু আজিও নামঘৰ আৰু সত্ৰৰ জৰিয়তেই শংকৰদেৱ প্ৰৱৰ্তিত ধৰ্মমতৰ ভিত্তিত অসমৰ বৃহত্তৰ সমূহে সামাজিক আৰু ধৰ্মীয় জীৱন চলাই আছে৷
কিন্তু সত্ৰৰ নীতি-নিৰ্দেশনাত চলা অসমৰ নামঘৰকেন্দ্ৰিক সমাজ জীৱনত শংকৰদেৱ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ নীতি কিমান দূৰ মানি চলা হ’ল — আজি এইটোহে মূল প্ৰশ্ন হোৱা উচিত৷ নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দৰ পৰা কৈৱৰ্তৰ ৰাধিকালৈকে জনজাতি-নিম্ন জাতি-নাৰীয়ে যিখন সমাজত সম-মৰ্যাদা পাব লাগিছিল আৰু ‘অসমীয়া জাতি’ গঠন প্ৰক্ৰিয়াক অধিক গতিশীল ৰূপত তুলি ধৰিব লাগিছিল সেই কাৰ্য সাধিত নহ’ল কিয়? ইয়াৰ বাবে দায়ী কোন? সত্ৰৰ অধিকাৰসকল জনজাতি, নিম্ন জাতি বা কোচ-আহোম আদি জনগোষ্ঠীৰ মাজৰ পৰা নোলাল কিয়? অসমৰ গাঁৱে গাঁৱে থকা নামঘৰবিলাকত কোচ, কৈৱৰ্ত, আহোম, মিচিং আদিয়ে একেলগে হৰিনাম কীৰ্ত্তন কৰাৰ পৰম্পৰা গঢ়ি নুঠিল কিয়? এইসকলৰ মাজত অসবৰ্ণ বিবাহ আজিও নিষেধ কিয়? কৈৱৰ্তৰ স’তে কোচ-কলিতা-আহোমৰ ল’ৰা-ছোৱালীৰ বিয়া-বাৰু কিমান হৈছে? তথাকথিত নিম্ন জাতি আৰু জনজাতিৰ প্ৰতি থকা বিদ্বেষ আজিও শেষ নহ’ল কিয়? আনকি একেলগে হৰিনাম ল’লেও, দঁকচি মদ-গাহৰি খালেও সামাজিক আৰু বৈবাহিক সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত দাসৰ লগত বৰা-কলিতা-গগৈৰ নিষেধ নীতি চলে কিয়? আচল প্ৰশ্ন হ’ব লাগে এইবোৰ৷ কিন্তু ‘নীতি’ৰ কোনো স্পষ্ট জ্ঞান-ধাৰণা নথকাৰ বাবে গুৰুত্বপূৰ্ণ সামাজিক প্ৰসংগত আমাৰ মন-মগজুৰ অৱস্থা কালিদাসক আঁঠুৱা তৰি শুবলৈ দিওঁতে আঁঠুৱাৰ ওপৰত জঁপিয়াই পৰাৰ স্তৰৰ৷ শংকৰদেৱৰ পৰৱৰ্তী কালত ‘এক শৰণ হৰিনাম ধৰ্ম’ৰ পীঠস্থান সত্ৰ আৰু নামঘৰত ইমান দিনে আচলতে কৰা হ’ল কি? শংকৰদেৱ আৰু এক শৰণ নামধৰ্মৰ মতক সমাধিস্থ কৰি মাহ-প্ৰসাদ আৰু ভোজ-ভাত খাই থকা নাই নে? একোটা ধৰ্মমত-দৰ্শন যে প্ৰবুদ্ধ ব্যক্তি তথা ক্ষুদ্ৰ সমূহৰ নেতৃত্বত একান্তই সামাজিক প্ৰয়োজনক ভিত্তি কৰিহে গঢ়ি উঠে এই কথা বুজি পোৱাটো জৰুৰী৷
শ্ৰীমন্ত শংকৰদেৱ সংঘঃ পুনৰ আহো ‘সংঘ’ৰ কথালৈ৷ অৱশ্যে কথাখিনি মই সিমানখিনিহে ক’ম, যিমানখিনিলৈকে মোৰ চিন্তা-চেতনাই ঢুকি পায়৷ ব্যক্তিগতভাৱে মোৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বা ইয়াৰ নেতৃত্বৰ প্ৰতি কোনো অন্ধ আনুগত্য নাই৷ সংঘৰ সভা-সমিতি, আনকি নামঘৰলৈও মই নাযাওঁ৷ এক কথাত ভকতীয়া কৰ্ম-কাণ্ডৰ প্ৰতি মই নিৰ্বিকাৰ৷
প্ৰথম কথাটোৱেই হ’ল যে ১৯৩০ চনত গঠন কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা ধৰ্মমত নহয়৷ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ নীতি [Priniciples] ৰ ভিত্তিত গঢ়ি উঠা এটা সামাজিক সংগঠন৷ এই সংগঠন কোনো পৰম্পৰাৰ ভিত্তিত নচলে, চলে আধুনিক নিয়মেৰে৷ সেয়ে ইয়াৰ এখন সংবিধান বা নিৰ্দিষ্ট কিছু বিধি-বিধান [By laws] আছে৷ ইয়াৰ নেতৃত্ব গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হয়৷ সংঘত অন্তৰ্ভুক্ত কোচ, কলিতা, আহোম, কৈৱৰ্ত, আদিবাসী, জনজাতি সকলোৱে একেলগে খোৱা-বোৱা কৰে৷ অমুক জাতিৰ মানুহে ৰান্ধিলে মই নাখাওঁ বোলা ৰীতি সংঘৰ সংগীয়ে মানি নচলে, মানি চলে সংঘই পালন কৰা এক শৰণ নীতিভিত্তিক নিয়ম৷ বিবাহ সন্দৰ্ভতো নীতিৰ গুৰুত্ব অপৰিসীম৷ সংঘৰ সংগী হ’লে ল’ৰা-ছোৱালীৰ মন-মত মিলিলে বিবাহ সম্পন্ন হ’ব পাৰে৷ (অৱশ্যে অসবৰ্ণ বিবাহ ব্যাপক ৰূপক সংঘৰ সংগীৰ মাজতো সুলভ নাই হোৱাগৈ৷)
লক্ষ্যণীয় যে সংঘৰ বাহিৰৰ মানুহ এখিনিৰ অভিযোগ যে সংঘই মদ-মাংস বাহিৰত নাখায় ঘৰত বা হোটেলত দঁকচি খায়৷ এই প্ৰসংগত উল্লেখযোগ্য কথাটো হ’ল যে এক শৰণ হৰি নামধৰ্ম মানেই বৈষ্ণৱ মাৰ্গ৷ শংকৰদেৱ প্ৰৱৰ্তিত বৈষ্ণৱ পীঠ ‘নামঘৰ’ত সেয়ে ভোজ-ভাত খালেও মাছ-মাংস নচলে৷ অৰ্থাৎ কেৱল সাত্তিক আহাৰৰহে এই মত-দৰ্শনে অনুমতি দিয়ে৷ মদ-মাংস খোৱা, নামঘৰলৈ যোৱা কোনো জাতি-জনগোষ্ঠীৰ লোকে নামঘৰত গাহৰি-কুকুৰাতো বাদেই হাঁহ-পাৰ-মাছেৰে এসাঁজ খাই পাইছে নে এই কথা জানিবলৈ পোৱা নাই হোৱা৷ মোৰ বিচাৰত সংঘই নীতিৰ ভিত্তিতেই সামাজিক কৰ্মত নিৰামিষ আহাৰৰ পোষকতা কৰে৷ দ্বিতীয়তে, সংঘৰ সমাজখনত নিৰ্দিষ্ট এটা সম্প্ৰদায় নাই, আছে বিভিন্ন সম্প্ৰদায়৷ সকলোৰে খাদ্যাভাস পৃথক পৃথক৷ অৰ্থাৎ আমিষভোজীৰ খাদ্য বৈচিত্ৰ্যপূৰ্ণ৷ গৰু, ম’হ, গাহৰি, হাঁহ, কুকুৰা, পাৰ, মাছ আমিষ খাদ্যৰ অন্তৰ্ভুক্ত হ’লেও সকলো আমিষভোজীয়ে গো-গ্ৰাসে যিকোনো জন্তু-চৰাই বা মাছক খাদ্য হিচাপে গ্ৰহণ নকৰে৷ গাহৰি খোৱাসকলে কিমানে গৰু খাই এই কথা এইখিনিতে বিচাৰ্যৰ বিষয়৷ কিন্তু নিৰামিষৰ ক্ষেত্ৰত এনে অসুবিধা নাই৷ সেয়ে নিৰামিষ আহাৰ ভিন্ন সম্প্ৰদায় সমবেত হোৱা সমাজত নিৰ্বিবাদে গ্ৰহণযোগ্য৷ উল্লেখযোগ্য যে শেহতীয়াকৈ অসম সাহিত্য সভাৰ এখন সভাত গাহৰি মাংস পৰিৱেশন কৰাক লৈ বিতৰ্ক হৈছিল৷ এই বিতৰ্ক সন্দৰ্ভত মই মোৰ মত স্পষ্ট কৰিছিলোঁ৷ যিহেতু এজন মানুহৰ খাদ্য আন এজনৰ বাবে বিহসদৃশ হ’ব পাৰে৷ এই কথাটো আমিষ আহাৰৰ ক্ষেত্ৰত এশ শতাংশ প্ৰযোজ্য৷
সংঘৰ সংগীৰ বৃত্তিঃ গাহৰি, কুকুৰা আৰু মদৰ ব্যৱসায় সংঘৰ লোকে কৰাত বাধা আছে৷ এয়া সংঘৰ সম্পাদকৰ বক্তব্য৷ সম্পাদকৰ বক্তব্য মানে সংঘৰ অভিমত৷ এই ক্ষেত্ৰত মোৰ মত এনেকুৱাঃ মদৰ বেপাৰ কৰাৰ পক্ষত ময়ো নাই৷ কিন্তু গাহৰি আৰু কুকুৰা পোহা বা ফাৰ্মিং কৰাৰ পক্ষত মই আছোঁ৷ পৰিৱৰ্তিত আৰ্থ-সামাজিক প্ৰেক্ষাপটত ভাৰতৰ দৰে এখন পশ্চাদ্পদ দেশৰ অসমৰ নিচিনা দুৰ্বল অৰ্থনৈতিক আন্তঃগাঁথনিৰ ৰাজ্যত নিবনুৱাৰ বাবে ফাৰ্মিং এক নিৰ্ভৰযোগ্য জীৱিকা৷ সেয়ে মই ব্যক্তিগতভাৱে গাহৰি-কুকুৰা পোহা বা ফাৰ্মিং কৰাৰ পক্ষত৷ যিহেতু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চাহিদা অনুপাতে দুয়োটাৰে উৎপাদন কম বুলি কোৱা হয়৷ অসম অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ হ’লে, আমাৰ নিবনুৱা সমস্যাৰ সমাধান হ’বলৈ হ’লে উৎপাদনমুখী কৰ্মত প্ৰবৃত্ত হ’বই লাগিব৷ সংঘ-অসংঘৰ মজিয়াত নচলিলেও ব্যাপক হাৰত গাহৰি আৰু কুকুৰাৰ মাংস অসমত চলে৷ খোৱাই খাব ৷ ঘৰত খাব ৷ হোটেলত খাব ৷ বনভোজত খাব…. ৷
এইখিনিতে উল্লেখযোগ্য যে চৰকাৰে গো-সুৰক্ষা আইন অনাৰ পিছত অসমৰ দৰিদ্ৰ কৃষকৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে৷ গো-ধনৰ উপযুক্ত মূল্য নাপাই দৰিদ্ৰ কৃষকৰ জীৱিকা ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰগতিশীল সমাজ গঠনৰ বাবে মতাদৰ্শ-ধৰ্মৰ বিশুদ্ধতা ৰক্ষাৰ নামত চলা ধৰ্মীয় আৰু ৰাজনৈতিক নীতি-নিয়মৰ পৰিৱৰ্তন ঘটাব লাগিব৷ সকলোকে সাঙুৰিব পৰা নীতি লাগিব৷ নীতিৰ নামত কেৱল আচাৰ-আচৰণসৰ্বস্ব ৰীতিৰ প্ৰচলনে সমাজ গঠন কৰাৰ পৰিৱৰ্তে সমাজ ভাঙিব৷ মানুহৰ জীৱন-জীৱিকাৰ মান উন্নত কৰাৰ সমান্তৰালভাৱে বিশ্বজনীন চিন্তা-চেতনা আপদাল কৰিব লাগিব৷ আমি শংকৰী, ব্ৰাহ্মণ্য, জনগোষ্ঠীয়, জনজাতীয় আদি স্থান-স্থিতি, চিন্তা-চেতনাহে সবাতোকৈ শুদ্ধ বুলি আঁকোৰগোজ হৈ থাকিলে সমাজৰ প্ৰগতি বাধাগ্ৰস্ত হ’ব৷
সম্প্ৰতি অসমত ‘শ্ৰীমন্ত শংকৰদেৱ সংঘ’ক লৈ চলি থকা বিতৰ্ক মোৰ বিচাৰত নব্য ব্ৰাহ্মণ্যবাদী বিকাৰ (Neo-Brahminical Disorder)৷ সংঘৰ নেতৃত্ব আৰু আহোম সংগঠনৰ নেতৃত্ব দুয়ো পক্ষই এই নব্য ব্ৰাহ্মণবাদী বিকাৰৰ বলি হৈছে৷ যি ভাৰতৰ সমাজ জীৱনক আজিও সামন্তীয় স্তৰত ৰখা ব্ৰাহ্মণ্যবাদী আধিপত্যক নিকপকপীয়া কৰাত সাৰ-পানী যোগোৱাৰ লগতে ‘জনাৰ্দন গোস্বামী’ৰ অধ্যায়টোক তল পেলাবলৈ সক্ষম হ’ল৷ এয়া পৰিকল্পিত নে অৱধাৰিত মই তত্ ধৰিব পৰা নাই৷
বিঃ দ্ৰঃ এয়া মোৰ একান্ত ব্যক্তিগত চিন্তা-উপলব্ধি৷ ইয়াত ব্যৱহাৰ কৰা Neo-Brahminical Disorder এই বাক্য খণ্ড মই স্বইচ্চাৰে ব্যৱহাৰ কৰিছোঁ৷ এনেকুৱা কিবা পৰিভাষা আছে নে নাই মই নাজানো৷ মই নিৰামিষভোজী নহয়৷ মাছ-মাংস খাওঁ৷ মোৰ ঘৰতো চলে৷ মই গাহৰিও খাওঁ৷ মাজে-মধ্যে সুৰাও পান কৰোঁ৷