গল্প-কবিতা

তাইৰ চকুযুৰি আপোনাৰ নিচিনা ।। দিপ্তী কলিতা

আপোনাৰ চকুত নচা তাইৰ
চকুযুৰি কিন্তু আপোনাৰ নিচিনা
আপোনাৰ ভগৱানক নেদেখা
তাইৰ কণা চকুযুৰিয়ে
ভোকত মৰা মানুহবোৰক দেখে
পথৰ কাষত তামোলৰ পিকেৰে ৰাঙলী হোৱা,
আন কেতিয়াবা বালিচৰত লাগি ধৰা
আপোনাৰ বিকলাংগ ভগৱানৰ মৰণ কাতৰ চিঞৰ শুনি
তাই ক্ষোভত ফাটি পৰি, উচুপি কান্দে।
মন্দিৰ,নামঘৰৰ দেৱতা-ঈশ্বৰৰ মাত শুনিবৰ বাবে
পকীবেৰত তাই কোনো দিন কাণ থোৱা নাই
কাণ থয় আই-পিতাইৰ দৰে মানুহবোৰৰ বুকুত
কাণত অহৰহ বাজি থাকে
পানীকেঁচুৱাৰ হৃদয়ানুভূতিৰ গান এটা
তাই ভাল পায়
ঈশ্বৰ নিবিচৰাকৈয়ে আই-পিতায়ে শেতেলিত গোৱা
কীৰ্তন-ঘোষাৰ নিনাদিত পদ।
আইতাৰ ঢেঁকীৰ আহু-বাও ধান বনাৰ শব্দই
চকুত নচা ‘তাইক’ আজিও হাত বাউলি মাতে
তাইৰ চকুৰ চুবুৰিত ঘৰ সাজে আনে নেদেখা
দুখৰ ৰাতিবোৰে
কত ছাঁয়াৰ ছবি আঁকে
শিয়ালে মতা ৰাতি
টোপনি লুকুৱাই নিজক নিচুকায়
চকুৰ পানীৰে দুগাল তিয়াই
চিঞৰি মৰে বন কুকুৰা দিনক বিচাৰি
কোনে ক’লে আপোনাক?
আপোনাৰ চকুত নচা তাইক
শীতে হেনো নামাতে দেহাত, হাড়ত আৰু তেজত!
ৰুদ্ধ কাৰাগাৰৰ ফুটাৰে জুমি চায় আপোনাক
আৰু আপোনাৰ দেৱতা অথবা ঈশ্বৰক
ৰু-ৰুৱাই জ্বলিছে তাইৰ বুকুৰ শ্মশান
তাই দেখি আছে, চাই আছে তাই
আঙঠা হৈ জ্বলিছে আপোনাৰ কুকুৰীকণা ঈশ্বৰ
মন্দিৰ, মছজিদ, গীৰ্জাত নিজক বিচাৰি
চকুযুৰি তাইৰ আপোনাৰ নিচিনা
দিন পুৰি ৰাতি হোৱা
যেন সোৱণশিৰিৰ চিতা ।

Leave a Reply

Your email address will not be published. Required fields are marked *