সম্পাদকীয়

সম্পাদকৰ টোকা :: প্ৰযুক্তি আৰু অন্ধবিশ্বাস (কৌশিক দাস)

(১)
প্রযুক্তি আৰু অন্ধবিশ্বাসৰ মাজত কিবা সমন্ধ আছেন‌ে? যদি আছে, তেনেহ’লে সমন্ধটোৰ স্বৰূপ বাৰু কেনেকুৱা‌? প্রযুক্তিৰ বিকাশে অন্ধবিশ্বাসৰ চোক হ্রাস কৰিব পাৰেনে‌? এই চমু টোকাটি তেনে প্রশ্নসমূহৰ উত্তৰসন্ধানী তেনেই এটি প্রাথমিক প্রয়াস।
উপৰিউক্ত দিশটোত, অৰ্থাৎ প্রযুক্তি আৰু অন্ধবিশ্বাসৰ সমন্ধৰ বিষয়ে আলোচনাৰ দুৱাৰডলিতেই আমি অন্য এটি পৃথক অথচ অংগাংগীভাৱে সম্পৰ্কিত কথাত খুব ভালদৰে স্পষ্ট হৈ লোৱাটো বৰ জৰুৰী। প্রশ্নৰ আকাৰত কথাটো এইদৰে উনুকিয়াইছোঁ— বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সমন্ধটোৰ ৰেহৰূপ এক কথাত কেনেকুৱা‌? আমাৰ বৰ্তমানৰ আলোচনাৰ প্রসংগত প্রশ্নটো গুৰুত্ত্বপূৰ্ণ, কিয়নো বহুতেই বিজ্ঞান আৰু প্রযুক্তিক একেটা মুদ্রাৰেই ইপিঠি-সিপিঠি বুলি ধাৰণা কৰে। কোৱা হয়তো বাহুল্য হ’ব, যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে অৱস্থান লোৱা পণ্ডিতসকলৰ মাজত এই প্রশ্নটোৰ উত্তৰৰ প্রসংগত কোনো প্রকট মতবিৰোধ পৰিলক্ষিত নহয়। কিয়নো, বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সমন্ধটো তৰ্কাতীতভাৱে, দেখ্‌দেখ্‌কৈ, এক কথাত, বৈৰীমূলক। বিজ্ঞান হৈছে কঠোৰভাৱে তথ্য আৰু সত্য আশ্রয়ী, সতৰ্ক পৰ্যবেক্ষণভিত্তিক, শ্রমসাধ্য পৰীক্ষা-নিৰ্ভৰ, পূৰ্বধাৰণাৰে ভাৰাক্রান্ত গোড়ামিৰ পৰা মুক্ত, নিত্য নতুন তথ্য-তত্ত্বৰে পৰিশ্রুত আৰু পৰিৱৰ্ধিত, আৱেগবৰ্জিত স্বসংশোধনৰ শক্তিৰে বলীয়ান—,তাত যুক্তিৰহিত কল্পনাৰ কোনো স্থান নাই। এইধৰণৰ অনন্য চাৰিত্রিক উপাদানে জন্মৰ পিছৰে পৰাই বিজ্ঞানক এটি সদা বিকশমান স্বৰূপ প্রদান কৰিছে। কিন্তু অন্ধবিশ্বাসৰ বেলিকা‌? অন্ধবিশ্বাসৰ ক্ষেত্রত বিজ্ঞানৰ উপৰিউক্ত দিশবোৰ পৰিলক্ষিত হোৱাটোতো বাদেই—, কথাটো সম্পূৰ্ণ বিপৰীতহে হৈ পৰে। কেতিয়াবা কেতিয়াবা অৱশ্যে অন্ধবিশ্বাসৰ ক্ষেত্রতো পৰ্যৱেক্ষণৰ নিৰ্ণায়ক ভূমিকা এটা দেখা যায়; কিন্তু তেনে পৰ্যৱেক্ষণ খণ্ডিত আৰু প্রমাদযুক্ত হোৱাৰ বাবে তৎজনিত ভূমিকা সাংঘাতিক ধৰণে বিপৰ্যস্ত হৈ পৰে। বিজ্ঞানৰ ক্ষেত্রত পৰিলক্ষিত হোৱাৰ দৰে তেনে পৰ্যৱেক্ষণ সতৰ্ক, পূৰ্বধাৰণাৰ পৰা মুক্ত আৰু যুক্তিআশ্রয়ী নহয়। এটা সৰু উদাহৰণে কথাটো পৰিস্কাৰ কৰিব। বৰষুণৰ আগে-আগে ভেকুলীয়ে টোৰটোৰায়। সাধাৰণ পৰ্যৱেক্ষণৰ পৰাই সহজেই ধৰিব পাৰি যে বৰষুণ আহিবৰ হৈছে (বৰষুণ হৈছে কাৰণ) আৰু ভেকুলীয়ে টোৰটোৰাইছে (এইটো হ’ল কাৰ্য)। কিন্তু “ভেকুলীৰ বিয়া” নামৰ সেই বিখ্যাত অন্ধবিশ্বাসে বাৰু কি ঘটনা ঘটাই দিয়ে? ভেকুলীৰ প্রজননৰ সৈতে সম্পৰ্কিত জৈৱিক পৰিঘটনাটো পৰ্যবেক্ষেণ কৰা হ’ল ঠিকেই, কিন্তু তাকে কৰোঁতে গোটেই কথাটোকে ওভতাই দিয়া হ’ল; খৰাংপীড়িত কোনো কোনো মানুহৰ এই অন্ধবিশ্বাসটোৱে ভেকুলীৰ টোৰটোৰণিক কাৰণ আৰু মেঘৰ গৰ্জনকহে কাৰ্য কৰি পেলালে—“ভেকুলীয়ে টোৰটোৰাব আৰু তাৰ ফলত বৰষুণ হ’ব”! সত্যাগ্রহ, পৰীক্ষা-নিৰীক্ষা, তথ্য-তত্ত্ব—অন্ধবিশ্বাসত এইবোৰতো নাইয়েই, বৰঞ্চ অন্ধবিশ্বাস সেইবোৰৰ সম্পূৰ্ণ বিপৰীতমুখীহে। গতিকে বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সমন্ধটো যে বৈৰীমূলক, যুক্তিবাদী বিদ্বানসকলৰ মাজত এই প্রসংগত কোনো মতবিৰোধ নাই। কোনো বিজ্ঞানী অন্ধবিশ্বাসী হোৱা, কিম্বা কোনো অন্ধবিশ্বাসীয়ে বিজ্ঞানৰ চৰ্চা কৰা কথাটোৰ প্রসংগ তেনেই সুকীয়া; অন্ধবিশ্বাস আৰু বিজ্ঞানৰ সমন্ধটো—প্রপঞ্চ হিচাপে—স্পষ্টতঃ তেল আৰু পানীৰ সম্পৰ্ক।

(২)
বিজ্ঞান আৰু প্রযুক্তিৰ মাজত ঐতিহাসিকভাৱে এক অতি ওতপ্রোত সমন্ধ বিদ্যমান। চৌপাশৰ বস্তুজগত আৰু জৈৱতন্ত্রৰ উপৰিও প্রাগৈতিহাসিক যুগৰ আদিম মানুহে নিজকে জানিবলৈ-বুজিবলৈ প্রদৰ্শন কৰা অনুসন্ধিৎসাই আছিল বিজ্ঞানৰ আদিমূল। সেয়ে হ’লেও, মানৱ-জাতিয়ে পৰীক্ষা-নিৰীক্ষাভিত্তিক প্রণালীবদ্ধ বিজ্ঞান-চৰ্চা আৰম্ভ কৰিবলৈ সক্ষম হৈছিল বহু যুগৰ পাছতহে—এই ঘটনাটো সংঘটিত হৈছিল এতিয়াৰ মানুহে ঢুকি পোৱা সৌ সিদিনাৰ ঐতিহাসিক কালতহে। লক্ষণীয় কথা, বিজ্ঞানৰ তত্ত্ব-প্রমেয়-সূত্র আদিৰ বিষয়ে একো নজনাকৈয়ে, মাত্র পৰ্যৱেক্ষেণ, অভিজ্ঞতা আৰু দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি—সেই প্রাগৈতিহাসিক যুগতেই—মানুহে সাজি উলিয়াইছিল আদিম প্রযুক্তিৰে সমৃদ্ধ বিবিধ সা-সঁজুলি। তাৰ মাজৰ দুটি চমৎকাৰ উদাহৰণ হৈছে ধনু-কাঁড় আৰু বুমেৰাং। ধনু-কাঁড়ৰ বিষয়ে আমি অন্য স্থানত কিছু আলোচনা কৰিছিলোঁ (দ্রষ্টব্য: কৌশিক দাস, ধৰ্ম আৰু বিজ্ঞান, ধৰ্ম বিজ্ঞান যুক্তিবাদ গ্রন্থত, পৃ. ৭২, ২০০৮)। সেইখিনিৰ পুনৰাবৃত্তি পৰিহাৰ কৰি ইয়াত মাত্র উনুকিয়াও যে ধনু-কাঁ‌ড়ৰ ব্যৱহাৰ মানৱজাতিৰ জ্ঞানাত্মক (Cognitive) বোধশক্তিৰ চমকপ্রদ অগ্রগতিৰ এটা অন্যতম আদিম স্মাৰক। মানুহে হাতেৰে নিক্ষেপ কৰিব পৰা আদিম যাঠীৰ ব্যৱহাৰ—তাকো আগটোত বিহ সানি—শিকি পেলাইছিল প্রায় পাঁচ লক্ষ বছৰৰ আগতেই; তাৰ প্রত্নতাত্ত্বিক সাক্ষ্য এতিয়াৰ দক্ষিণ আফ্রিকাৰ কাথুত (Kathu) আৱিষ্কৃত হৈছে (দ্র: J. Wilkins, B. Schoville, K. Brown & M. Chazan, Evidence for early hafted hunting technology. Science, 338: p.942–46, 2012)। কিন্তু হাতেৰে নিক্ষেপ কৰা বৰ্শাতকৈ ধনুৰ ব্যৱহাৰৰ কথাটো গুণগতভাৱে সম্পূৰ্ণ পৃথক। ধনুখন বেঁকাকৈ বান্ধি থোৱাৰ বাবে তাত শক্তি সঞ্চিত হৈ থাকে; সেই শক্তি কাঁড়ডাল এৰি দিয়াৰ সময়ত একেলগে—তৎমুহূৰ্ত্ততেই—ব্যৱহৃত হৈ কাঁড়ডালক তীব্র গতি প্রদান কৰে। মানুহে সাজি উলিউৱা প্রাচীনতম কাঁড়ৰ সন্ধান পোৱা গৈছে এতিয়াৰ দক্ষিণ আফ্রিকাৰ চিবুডু গুহাত (Sibudu Cave); সেইসমূহ প্রায় ষাঠী হাজাৰৰ বছৰ আগৰ (দ্র: L. H. Robbins, A. C. Campbell, G. A. Brook, M. L. Murphy and R. K. Hitchcock, The Antiquity of the Bow and Arrow in the Kalahari Desert: Bone Points from White Paintings Rock Shelter, Botswana, Journal of African Archaeology, 10: pp. 7-20, 2012)।
ধনু-কাঁড়তকৈও বিস্ময়কৰ প্রাচীন প্রযুক্তিসম্বলিত এটি সঁজুলি হৈছে বুমেৰাং (Boomerang)। বুমেৰাং হৈছে এডাল কাঠৰ শকত মাৰি—তাত বৰ জোখ-মাপ কৰি এটা ভাঁজ দিয়া হয় (চিত্র ১)

চিত্র ১। বুমেৰাং। উৎসৰ বাবে ইয়াতে টিপক।

বুমেৰাং দুবিধ; এবিধ হাতেৰে নিক্ষেপ কৰাৰ পাছত নিক্ষেপ কৰোঁতাৰ কাষলৈ আচৰিত ধৰণে উভতি আহে, অন্যবিধ নাহে। উভতি অহা বুমেৰাং সঁচাই প্রাগৈতিহাসিক মানুহৰ এটি আশ্চৰ্যকৰ উদ্ভাৱন।  দেখিবলৈ ই এক তেনেই সাধাৰণ কাঠৰ মাৰি, কিন্তু ভালদৰে লক্ষ্য কৰিলেহে মাৰিডালৰ তলটো যে অপ্রতিসম (asymmetric), সেইটো ধৰিব পাৰি। সঁজুলিটিৰ নিৰ্মাণৰ সময়ত সূক্ষ্মাতিসূক্ষ্ম হিচাপেৰে প্রয়োগ কৰা কলা-কৌশল, নিক্ষেপ কৰাৰ দক্ষতা, নিক্ষেপণৰ সময়ত বতাহৰ গতি আৰু দিশ—এই সকলোবোৰৰ সমন্বয়তহে বুমেৰাঙডাল উভতি আহে (বুমেৰাং কেনেকৈ নিক্ষেপ কৰিব লাগে‌? ই উভতি অহাৰ গতিপথটি কেনেকুৱা‌? উত্তৰৰ বাবে এটি চুটি ভিডিঅ’ৰ বাবে ইয়াতে টিপক)। প্রাগৈতিহাসিক যুগত অষ্ট্রেলিয়াৰ অধিবাসীসকলে এইবিধ সঁজুলি চৰাইৰ চিকাৰত ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল যদিও বিশ্বৰ বিভিন্ন অঞ্চলত তেনে বুমেৰাঙৰ সন্ধান পোৱা গৈছে। লৌহ-যুগৰ সময়ৰ উভতি অহা বুমেৰাঙৰ প্রত্নতাত্ত্বিক অৱশেষৰ সন্ধান পোৱা গ’লেও (দ্র: F Hess, A returning boomerang from the Iron Age, Antiquity, 47 : 188, p.303, 1973), পোন-প্রথমে ক’ত এইবিধ সঁজুলি উদ্ভাৱন কৰা হৈছিল, তাৰ সঠিক উত্তৰ এতিয়াও ওলোৱা নাই। আৰু এটা গুৰুত্ত্বপূৰ্ণ কথা, বুমেৰাং এডাল নিক্ষেপকগৰাকীৰ কাষলৈ উভতি অহাৰ বৈজ্ঞানিক ব্যাখ্যাবোৰ বৰ জটিল গাণিতিক সূত্রৰে ভৰা (এটা নিদৰ্শনৰ বাবে দ্রষ্টব্য:  R Usubamatov, Physics and mathematical model for boomerang flight, International Robotics & Automation Journal, 8: PP.34‒38, 2022)।

(৩)
উপৰিউক্ত দফাটিত উদাহৰণ দুটিৰ কথা অলপ দীঘলকৈ বৰ্ণনা কৰাৰ এটি কাৰণ আছে। কথাটো হৈছে, সেই প্রাচীন কালত নেপথ্যৰ বিজ্ঞানৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ হৈ থাকিও মানুহে জটিল প্রযুক্তিৰ উদ্ভাৱন কৰিছিল মূলতঃ পৰ্যৱেক্ষণ আৰু অভিজ্ঞতাক সম্বল কৰি; তাত সচেতনভাৱে বিজ্ঞানক ব্যৱহাৰ কৰাৰ কোনো প্রশ্নই নাছিল। পৰৱৰ্তী সময়ত কিন্তু—আধুনিক বিজ্ঞানৰ বিকাশৰ গতি ত্বৰাণ্বিত হৈ অহাৰ লগে-লগে—কথাটো সলনি হৈ পৰিল। আধুনিক বিজ্ঞানৰ নৱাৱিষ্কৃত জ্ঞান আৰু তত্ত্বসমূহক মানুহে অতি সচেতনভাৱে নিত্য-নতুন প্রযুক্তিৰ উদ্ভাৱনত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। সেই সময়চোৱাৰ প্রাযুক্তিক উলম্ফন আছিল তদানীন্তন বিজ্ঞানৰ অগ্রগতিৰ অন্যতম চকুত পৰা পৰিণতি। এই ঘটনাটোৰ বাবেই সাধাৰণ মানুহৰ দৃষ্টিত বিজ্ঞান আৰু প্রযুক্তি যেন একেটা মুদ্রাৰ ইপিঠি-সিপিঠি, আনকি প্রায়েই সমাৰ্থক বুলিও পৰিগণিত হ’বলৈ আৰম্ভ কৰিলে। এই কথাটো প্রকৃততে ইউৰোপৰ ৰেনেছাঁৰ আগে-পিছে সংঘটিত হোৱা এক ঐতিহাসিক ঘটনাক্রমৰ নিশ্চিত পৰিণতি আছিল আৰু তাত নিৰ্ণায়ক ভূমিকা লৈছিল নৱোত্থিত পুঁজিবাদী দৰ্শনে। প্রযুক্তি আৰু অন্ধবিশ্বাসৰ মাজৰ সম্পৰ্কটিৰ আঁতিগুৰিৰ সন্ধান কৰাৰ সময়ত আমি এই দিশটোত স্পষ্ট হৈ লোৱাটো ভাল।
এই আলোচনাৰ প্রথমতেই উল্লেখ কৰি আহিছিলোঁ যে চৌপাশৰ বস্তুজগত আৰু জৈৱতন্ত্রৰ লগতে মানুহৰ নিজকে জানিবলৈ-বুজিবলৈ থকা অনুসন্ধিৎসাৰ মাজতেই নিহিত হৈ আছিল ভৱিষ্যতৰ বিজ্ঞানৰ বীজ। পৰৱৰ্তী সময়ত তেনে অনুসন্ধিৎসাৰ সৈতে সুশৃংখল প্রণালীবদ্ধতা সংযোজিত হৈ আধুনিক বিজ্ঞানৰ জন্ম হৈছিল। তাৰ লগে লগে মানুহৰ সেই মাৰ্গৰ চিন্তা-চৰ্চাতো আমূল পৰিৱৰ্তন আহিছিল। হ’লেও, এটা প্রপঞ্চ হিচাপে জ্ঞানাণ্বেষণৰ সেই মূল চৰিত্রটো বিজ্ঞানৰ মৰ্মত অবিকৃত-অপৰিৱৰ্তিত হৈয়েই থাকি গ’ল। কিন্তু আমি সাৱধানে লক্ষ্য কৰিলে ধৰিবলৈ সক্ষম হ’ম যে মানুহে চৌপাশৰ জীৱন আৰু জগতখনৰ মাত্র বৈজ্ঞানিক ব্যাখ্যা-বিশ্লেষণতেই সন্তুষ্ট হৈ নাথাকিল। তাৰ উপৰিও মানুহে নিজৰ পাৰিপৰ্শ্বিকতাক, নিজৰ সমাজখনক, আনকি সমগ্র পৃথিৱীখনকেই নিজৰ অনুকুলে গ‌ঢ় দিয়াৰ কিম্বা সাল-সলনি কৰাৰ চেষ্টা চলাবলৈ ধৰিলে। মানৱ-জাতিয়ে চৌকাষৰ পৰিৱেশক নিজৰ অনুকুলে পৰিচালিত কৰিবলৈ কৰা প্রচেষ্টাৰ ইতিহাস অতি প্রাচীন যদিও পুঁজিবাদৰ প্রচণ্ড বিকাশে এই দিশটোত সুদূৰপ্রসাৰী প্রভাৱ পেলালে। প্রায় প্রতিটো বৈজ্ঞানিক আৱিষ্কাৰক, পুঁজিপতিয়ে—নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ—মুনাফা-অৰ্জনৰ সৈতে সম্পৰ্কিত কৰি পেলাবলৈ আৰম্ভ কৰিলে। তাৰ বাবে দিনক দিনে বিজ্ঞানৰ ওপৰত পুঁজিবাদৰ হেঁচা বাঢ়ি আহিল; অহৰ্নিশে চাপ দি থকা হ’ল নতুন নতুন প্রযুক্তিৰ উদ্ভাৱন কৰিবলৈ যাতে মুনাফা অৰ্জনৰ ক্ষেত্রখন অধিক প্রশস্ত হৈ পৰে। অৰ্থাৎ, বিজ্ঞানীয়ে মাত্র জ্ঞানৰ চৰ্চা কৰিলেই নহ’ব, তেনে জ্ঞানৰ প্রায়োগিক পুঁজিবাদী উপযোগিতা থাকিবই লাগিব। সেয়েহে বিজ্ঞানৰ ব্যাখ্যা-বিশ্লেষণ-তথ্য-তত্ত্ববোৰ অতি তৎপৰতাৰে অত্যাধুনিক সা-সঁজুলি, যন্ত্র, যান-বাহন ইত্যাদি হৰেক ৰকমৰ প্রযুক্তিৰ উদ্ভাৱনত ব্যৱহৃত হ’বলৈ ধৰিলে। প্রাগৈতিহাসিক যুগত যে বিজ্ঞান অবিহনেও আদিম প্রযুক্তিৰ জন্ম হৈছিল, সেই কথাটো আমি আলোচনা কৰি আহিছিলোঁ। আধুনিক যুগৰ সূচনা হোৱাৰ লগে লগে কথাটো কিন্তু সলনি হৈ পৰিল; প্রযুক্তিৰ উদ্ভাৱনত অতি সচেতনভাৱে আৰু ব্যাপক ৰূপত বিজ্ঞানৰ তত্ত্ব-সূত্র আদিক কামত লগোৱা আৰম্ভ হ’ল। এই যুগত বিজ্ঞান হৈ পৰিল প্রযুক্তিৰ জন্মদাতা।

(৪)
প্রযুক্তি আৰু বিজ্ঞানৰ মাজৰ আন্তঃসম্পৰ্কৰ সন্ধান কৰোঁতে আমি উপৰিউক্ত আলোচনাৰ মৰ্মকথাখিনি মনত ৰাখিব লাগিব। কিয়নো, বাহ্যিক সামাজিক কাৰকে বিজ্ঞান-চৰ্চাৰ বিষয় নিৰ্বাচনত গভীৰভাৱে প্রভাৱ পেলালেও, বিজ্ঞানৰ আভ্যন্তৰীণ চৰিত্রটোক কোনোপধ্যেই লৰচৰ কৰিব নোৱাৰে। এটা কাল্পনিক উদাহৰণ লোৱা যাওঁক; দুটা বিষয়, ‘ক’ আৰু ‘খ’। বিভিন্ন বাহ্যিক কাৰকে—যেনে, সামাজিক চাহিদা / প্রয়োজন, পুঁজিপতিৰ স্বাৰ্থ ইত্যাদিয়ে— বিজ্ঞানীসকলক ‘ক’ বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ প্রচণ্ড হেঁচা দিছে; বিপৰীতে, ‘খ’ বিষয়টোৰ তেনে উপযোগিতা নাই, যদিও সেইটো মানৱ-মননৰ বাবে বৰ চিন্তাকৰ্ষক জ্ঞানচৰ্চাৰ বিষয়। স্বাভাৱিকতেই তেনে এটি পটভূমিত বিষয় হিচাপে ‘খ’ অবহেলিত হৈ ৰ’ব, আনহাতে ‘ক’ বিষয়টোক কেন্দ্র কৰি সকলো ব্যস্ত হৈ পৰিব। অৰ্থাৎ, বাহ্যিক কাৰকে বিজ্ঞানৰ বিষয় নিৰ্বাচনত গভীৰ প্রভাৱ পেলালে, বিজ্ঞান-চৰ্চাৰ গতিপথ নিৰ্ধাৰণত এটা নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিলে। কিন্তু অলপ গমি চালেই আমি ধৰিবলৈ সক্ষম হ’ম যে সেই সুগভীৰ প্রভাৱৰ পাছতো, বিজ্ঞানৰ আভ্যন্তৰীণ অনন্য চৰিত্রটি—একান্ত বস্তুনিষ্ঠ, তথ্য আৰু সত্য আশ্রয়ী, নিৰ্মোহ, পৰ্যবেক্ষণভিত্তিক পৰীক্ষা-নিৰ্ভৰ, গোড়ামিৰ পৰা মুক্ত ইত্যাদিৰ সমাহাৰটি—অকণো বিপৰ্যস্ত নোহোৱাকৈ বৰ্তি থাকিল। মনৰ গভীৰ বিশ্বাসৰ লগতে প্রচণ্ড সামাজিক উপযোগিতাক সম্বল কৰি কোনোবা বিজ্ঞানীয়ে কোনো জন্তুৰ মল-মূত্রত কেন্সাৰ নিৰাময়ৰ উপাদানৰ সন্ধান কৰিবলৈ বৰ আগ্রহ-উদ্দীপনাৰে বৈজ্ঞানিক কাম-কাজ আৰম্ভ কৰি দিব পাৰে। কিন্তু তেনে জন্তুৰ  মল-মূত্রত ঔষধী উপাদানৰ উপস্থিতি-অনুপস্থিতিৰ প্রশ্নটোত অনুসন্ধানকাৰী বিজ্ঞানীগৰাকীৰ হেঁপাহ, কিম্বা সামাজিক হেঁচাৰ দিশটো তেনেই অপ্রাসংগিক। সামাজিক হেঁচাৰ বাবে যদি তেনে মল-মূত্রত কোনো উত্তম উপাদান নথকা সত্ত্বেও কোনো বিজ্ঞানীয়ে সেইবোৰ তাত আছে বুলি কয়, কিম্বা, থকাৰ পাছতো নাই বুলি ঘোষণা কৰে, তেনেহ’লে বিষয়টো আৰু বিজ্ঞান হৈ নাথাকিল—সেইটো তেতিয়া হৈ পৰিব এক নিৰ্ভেজাল জালিয়াতি, তাৰপৰা বিজ্ঞানৰ সকলো চৰিত্র অন্তৰ্হিত হৈ পৰিব। মানুহৰ সুখ-দুখ, আশা-আকাংক্ষা, সফলতা-বিফলতা ইত্যাদি মানৱীয় গুণাৱলীৰ প্রতি বিজ্ঞান নিৰ্লিপ্ত—এটা প্রপঞ্চ হিচাপে ই মাথোন এটা পদ্ধতিহে। এই আপোচহীন পদ্ধতিটোৰ আভ্যন্তৰীণ ক্ষেত্রখনক কোনো বাহ্যিক কাৰকে বিচলিত কৰিব নোৱাৰে। এইটো কাৰণৰ বাবেই বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সমন্ধটো অসেতুবন্ধ্য, ইটো সিটোৰ সৈতে চিৰবিবাদমান।

(৫)
আমি উনুকিয়াই আহিছিলোঁ যে আধুনিক যুগত বিজ্ঞান হ’ল অত্যাধুনিক প্রযুক্তিৰ উদ্গাতা। এতিয়া প্রশ্নটো হৈছে, অন্ধবিশ্বাসৰ চিৰবৈৰী বিজ্ঞানে জন্ম দিয়া প্রযুক্তিও বাৰু অন্ধবিশ্বাসৰ বিৰোধী নেকি‌?
বিজ্ঞান আৰু অন্ধবিশ্বাসৰ প্রসংগত অসমীয়া ভাষাত বহুতো বিদ্বান মেধাজীৱীয়ে গভীৰ আৰু বিস্তাৰিতভাৱে (দ্র: প্রসেনজিৎ চৌধুৰী, বিজ্ঞান বনাম অন্ধবিশ্বাস, ১৯৯৩; প্রসেনজিৎ চৌধুৰী, ধৰ্ম আৰু বিজ্ঞান, ২০১৬) কিম্বা চমু অথচ চিন্তাকৰ্ষক ৰূপত (দ্র: ইন্দিবৰ দেউৰী, বিজ্ঞান, প্রযুক্তিবিজ্ঞান আৰু ধৰ্ম, যুক্তি আৰু জনসমাজ গ্রন্থত, পৃ. ৪১-৪৬, ২০০৭) আলোচনা কৰিছে। আমিও ইতিপূৰ্বে সেইটো দিশত কিঞ্চিৎ আলোকপাত কৰাৰ প্রয়াস দুটিমান কৰি চাইছিলোঁ (দ্র: কৌশিক দাস, ধৰ্ম আৰু বিজ্ঞান, ধৰ্ম বিজ্ঞান যুক্তিবাদ গ্রন্থত, পৃ.৭০-৮৭, ২০০৮; বিজ্ঞানীৰ আস্তিকতা, বিজ্ঞানীৰ নাস্তিকতা, যুক্তিবাদ আৰু এজন পগলা ট্রাক-ড্রাইভাৰ গ্রন্থত, পৃ.২৬-৩৩, ২০১৭)। কিন্তু লক্ষণীয় কথা, অসমীয়া ভাষাত সৰহভাগ তেনে আলোচনা-বিলোচনাৰ কেন্দ্রীয় বিষয় হৈছে বিজ্ঞান আৰু অন্ধবিশ্বাসৰ মাজৰ সমন্ধটোৰ স্বৰূপ উদ্ঘাটন; প্রযুক্তিৰ প্রসংগটো সাধাৰণতেই তাৰ লগৰীয়া হিচাপেহে উত্থাপিত হোৱা পৰিলক্ষিত হয়। এটা বিশেষ বিষয় হিচাপে—প্রযুক্তি আৰু অন্ধবিশ্বাসৰ সমন্ধটোৰ সন্দৰ্ভত—বিস্তাৰিত আলোচনা আমাৰ ভাষাত তেনেকৈ হোৱা চকুত পৰা নাই। আশা কৰোঁ বিদ্বৎ মেধাজীৱীসকলে এইটো দিশত গভীৰভাৱে আলোকপাত কৰিব। ইয়াত আমি মাত্র কেইটিমান কথাহে মাত্র উত্থাপন কৰিবলৈ প্রয়াস কৰিম।
এইখিনিতে গুৰুত্ত্ব দি কথা এটিৰ পুনৰাবৃত্তি কৰিছোঁ—বিজ্ঞান হৈছে এক যৌক্তিক বিশ্ববীক্ষাৰ আধাৰ, তাৰ আভ্যন্তৰীণ ক্ষেত্রখন বাহ্যিক প্রভাৱৰ পৰা মুক্ত। লগতে আমি দেখিছিলোঁ যে আধুনিক প্রযুক্তি হ’ল বিজ্ঞান-উদ্ভিন্ন, বিজ্ঞানক সাৰথি কৰি এই যুগৰ প্রযুক্তিৰ বিকাশ ঘটি আছে। বিজ্ঞান আৰু প্রযুক্তিৰ সমন্ধটো বৰ ওতপ্রোত হোৱাৰ বাবে দুয়োটাই প্রায় একে উশাহতে উচ্চাৰিত হয়, ইংৰাজীতো তেনেদৰেই কোৱা হয় Science and technology। ইয়াৰ ফলত বহুতৰে বাবে বিজ্ঞান আৰু প্রযুক্তি যেন প্রায় সমাৰ্থক হৈ পৰিছে। কিন্তু সেই বুলিয়েই আমি বিজ্ঞান আৰু প্রযুক্তিৰ স্বৰূপ অভিন্ন বুলি ভাবিলে ডাঙৰ ভুল হ’ব।
বিজ্ঞান এটি বিৰাট-বিপুল বিশ্ববীক্ষাৰ পদ্ধতিগত আধাৰ, কিন্তু প্রযুক্তিৰ পৰিসৰ কিছু ভিন্ন আৰু সংকীৰ্ণ। প্রযুক্তিৰ স্বৰূপ মূৰ্ত হয় তাৰ প্রয়োগত। এটা উদাহৰণে এই পাৰ্থক্যটো ভালদৰে উন্মোচন কৰিব। পৰমাণুৰ বিভংগণন কেনেকৈ ঘটে, তাৰ ব্যাখ্যা আগ ব‌ঢ়াব বিজ্ঞানে। কিন্তু, পৰমাণুৰ নিয়ন্ত্রিত বিভংগন ঘটাই শক্তি উৎপাদন কৰা কাৰ্যটো সম্পাদন কৰে আধুনিক প্রযুক্তিয়ে। কোনো সন্দেহ নাই, তাৰ আঁৰত থাকিব বিজ্ঞানৰ বিবিধ তত্ত্বৰ ভূমিকা। কিন্তু প্রযুক্তি যে প্রায়োগিক দিশটোৰ সৈতে অভিন্নভাৱে সম্পৰ্কিত, সেইটো আমি মনত ৰখা যুগুত। এই দিশটো বিজ্ঞানৰহে স্বৰূপ বুলি সততেই ভুল কৰা চকুত পৰে।
অথচ, প্রযুক্তি আৰু অন্ধবিশ্বাসৰ আন্তঃসম্পৰ্কৰ আঁতিগুৰিৰ আঁতডাল উপৰিউক্ত মেৰপেছটোৰ মাজতেই সোমাই আছে। বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখন বাহ্যিক কাৰকৰ সাপেক্ষে নিৰপেক্ষ-নিৰ্লিপ্ত হোৱাৰ বিপৰীতে প্রযুক্তিৰ প্রয়োগ সদায় মানৱীয় তৎপৰতাৰ সৈতে সম্পৰ্কিত হৈ থাকে। প্রযুক্তিৰ প্রয়োগ মানুহৰ ইচ্ছাধীন। তাৰ এটা চমৎকাৰ উদাহৰণ, পৰমাণুৰ বিভংগন ঘটাই লাভ কৰা শক্তি বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব, নে পৰমাণু বোমাত কামত লগাব—সেইটো ঠিক কৰিব মানুহৰ ইচ্ছাই। এই প্রসংগত গুৰুতৰ কথাটো হৈছে, প্রযুক্তিৰ ব্যৱহাৰকাৰী কোন, সেই ব্যৱহাৰৰ স্বৰূপেই বা কি—এই সন্দৰ্ভত প্রযুক্তি এটা নিৰপেক্ষ প্রপঞ্চ। এই নিৰপেক্ষতাক বাহ্যিক কাৰকৰ সাপেক্ষে বিজ্ঞান নিৰ্লিপ্ত স্বৰূপটোৰ সৈতে একাকাৰ কৰিব নোৱাৰি, কৰিলে সেইটো এটা ডাঙৰ বিভ্রান্তিৰ মূল হৈ পৰিব।

(৬)
(ক)
উপৰিউক্ত দফাটিত আমি কৈ আহিছোঁ যে প্রযুক্তিৰ প্রয়োগ মানুহৰ ইচ্ছাধীন। কিন্তু মানুহৰ ইচ্ছাবোৰ সম্পূৰ্ণ স্বাধীন হয়নে‌ (এই সংখ্যাৰ ‘মুক্ত চিন্তা’-ত ‘স্বাধীন ইচ্ছা’-ৰ প্রসংগত ডা: অঞ্জন শইকীয়াৰ এটি চিত্তাকৰ্ষক প্রবন্ধ পঢ়িবলৈ ইয়াতে টিপক)‌? মাৰ্ক্সীয় বিচাৰ-বিশ্লেষণে সন্দেহাতীতভাৱে প্রতিপন্ন কৰিছে যে মানুহৰ সামাজিক-মানসিক-আৰ্থিক ইচ্ছা-অনিচ্ছাসমূহ সাঙোৰ খাই থাকে নিজৰ শ্রেণী-স্বাৰ্থৰ সৈতে, নিজৰ ভাবাদৰ্শগত অৱস্থানৰ লগত। তেনে অৱস্থানে প্রযুক্তিৰ প্রয়োগৰ অভীস্পিত লক্ষ্য নিৰ্ধাৰণত মুখ্য ভূমিকা গ্রহণ কৰে। উল্লিখিত এটি উদাহৰণলৈ উভতি চালেই কথাটো সহজভাৱে আমাৰ চকুত ধৰা দিব। যুদ্ধবাজ মতাদৰ্শৰ মানুহেহে অণু-পৰমাণুৰ বৈজ্ঞানিক তত্ত্বক ভয়ংকৰ বোমাৰ প্রযুক্তিৰ বাবে ব্যৱহাৰ কৰিব, শান্তিকামী মানুহে কেতিয়াও তেনে মাৰাত্মক প্রযুক্তিৰ ব্যৱহাৰ কৰি নৰসংহাৰ কৰিবলৈ মত নিদিব; সেই একেই প্রযুক্তি অন্যধৰণে বিকশিত কৰি তাক বিদ্যুৎ উৎপাদন আদিত ব্যৱহাৰ কৰিবলৈহে তেওঁলোক আগবাঢ়িব। আৰু সহজ এটি উদাহৰণ— ইণ্টাৰনেট-সম্বলিত কম্পিউটাৰ এটা আধুনিক প্রযুক্তি; ইয়াত  কলাসুলভ উচ্চ মানৰ চলচ্চিত্র কিম্বা বজৰুৱা সস্তীয়া কথাছবি—দুয়োবিধেই ব্যৱহাৰকাৰীৰ বাবে সহজলভ্য। এতিয়া ব্যৱহাৰকাৰীয়ে কোনবিধত নিমগ্ন হ’ব, সেইটো নিৰ্ভৰ কৰিব তেওঁলোকৰ ইচ্ছাৰ ওপৰত। তেনে ইচ্ছাক আকৌ গঢ় দিব তেওঁলোকৰ ৰুচিবোধে, নিজ নিজ মতাদৰ্শগত অৱস্থানে।
উপৰিউক্ত কথাখিনি প্রযুক্তিৰ সৈতে অন্ধবিশ্বাসৰ সম্পৰ্কটো নিৰূপণ কৰাৰ বেলিকা অতিশয় গুৰুত্ত্বপূৰ্ণ। কথাখিনিৰ পৰা দুয়োটাৰে মাজৰ যোগসূত্রৰ ক্ষেত্রত আমি বোধকৰোঁ এটা সিদ্ধান্তলৈ আহিব পাৰোঁ। কথাটো এনেকুৱা, একেটা প্রযুক্তিকে মানুহে অন্ধবিশ্বাসৰ প্রসাৰ আৰু প্রচাৰত যেনেকৈ ব্যৱহাৰ কৰিব পাৰে, ঠিক তেনেদৰেই তাক যুক্তিবাদীসকলে বিজ্ঞানমনস্কতাৰ প্রসাৰ আৰু অন্ধবিশ্বাসবিৰোধী সংগ্রামত ব্যৱহাৰ কৰিব পাৰে। ব্যৱহাৰৰ তেনে ভিন্নতাৰ প্রতি প্রযুক্তি নিজে নিৰ্লিপ্ত আৰু নিৰপেক্ষ। অন্ধবিশ্বাসৰ চিৰ বৈৰী বিজ্ঞানৰ আভ্যন্তৰীণ স্বৰূপটোৰ সৈতে প্রযুক্তিৰ এইটো এটা মৌলিক আৰু অপৰিত্যাজ্য পাৰ্থক্য।
(খ)
উপৰিউক্ত দফাটিৰ সিদ্ধান্তটো কিছুমান ঐতিহাসিক উদাহৰণ-নিদৰ্শনৰ জৰিয়তে অধিক স্পষ্ট কৰি তুলিব পাৰি। অতীতৰ চীন দেশত কাগজৰ উৎপাদনৰ লগতে মুদ্ৰন-প্ৰযুক্তিৰ সাক্ষ্য পোৱা গ’লেও মুদ্রিত গ্ৰন্থৰ প্রকৃত অগ্রগতি আৰম্ভ হৈছিল পোন্ধৰ শতিকাৰ মধ্যভাগত, জাৰ্মানিৰ জন গুটেনবাৰ্গে (১৪০০-১৪৬৮) ছপাযন্ত্ৰ এটি নিৰ্মাণ কৰাৰ পিছৰে পৰা। আমাৰ এই আলোচনাৰ বাবে প্রাসংগিক তথ্যটি হৈছে, সেই ছপাযন্ত্ৰত প্রথমেই বাইবেলৰ ১৮০-টা কপি গ্ৰন্থাকাৰে ছপা কৰা হৈছিল (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য : কৌশিক দাস, কিতাপৰ কথা : অলপ চিন্তা, অলপ দুশ্চিন্তা, সাতসৰী, মাৰ্চ, ২০২২, পৃ. ৩৩-৩৯)। কথাটো অতি মজাৰ আৰু চিন্তাকৰ্ষক। ধৰ্ম আৰু বিজ্ঞান—উভয়ে মানুহৰ জীৱন আৰু জগতৰ সন্দৰ্ভত বিভিন্ন স্তৰত, বিভিন্ন মাত্রাত আগ্রহী। তেনেবোৰৰ ব্যাখ্যা-বিশ্লেষণত ধৰ্ম আৰু বিজ্ঞান কিন্তু সম্পূৰ্ণ ভিন্ন মাৰ্গৰ; বিজ্ঞানৰ মৰ্মমূলত আছে অবিচল যৌক্তিক বস্তুনিষ্ঠতা, তাৰ বিপৰীতে নিৰ্ভেজাল অযৌক্তিক আধিভৌতিক কল্পকথা হ’ল ধৰ্মৰ অনড় কেন্দ্র। এই বিপৰীত চৰিত্রৰ বাবেই অন্যান্য অন্ধবিশ্বাসৰ দৰেই, ধৰ্ম আৰু বিজ্ঞানৰ মাজৰ সমন্ধটো সদায় বৈৰীমূলক—এই কথাটো উল্লেখ কৰি অহা হৈছে। তাতোতকৈও ডাঙৰ কথা, বিজ্ঞানৰ বস্তুনিষ্ঠ আৰু যৌক্তিক ব্যাখ্যাই পৃথিৱীকেন্দ্রী ব্রহ্মাণ্ডৰ ধাৰণা, জীৱ আৰু বস্তু জগতৰ উদ্ভৱৰ ঐশ্বৰিক উৎস আদি ধৰ্মৰ মূল প্রমেয় কিছুমানক একেবাৰেই বাতিল কৰি পেলালে। কিন্তু মজাৰ কথাটো হ’ল, বিজ্ঞানৰ সৈতে তেনে চিৰবৈৰীতাৰ পিছতো, বিজ্ঞান-উদ্ভিন্ন বিবিধ প্রযুক্তিৰ প্রতি ধৰ্ম আৰু অন্যান্য অন্ধবিশ্বাসে অকণো বৈৰীতা প্রদৰ্শন নকৰে, বৰঞ্চ অন্ধবিশ্বাসৰ প্রচাৰ আৰু প্রসাৰত প্রযুক্তিৰ ব্যৱহাৰত তৎপৰতাহে দেখুৱায়।
মধ্যযুগৰ অন্তত ইউৰোপৰ সামুদ্রিক অভিযাত্রীসকলৰ গা উঠিছিল নতুন নতুন দেশ আৱিষ্কাৰ কৰিবলৈ। কোনো সন্দেহ নাই, তেনে তৎপৰতাৰ আঁৰত আছিল উদীয়মান পুঁজিবাদৰ তীব্র সামাজিক হেঁচা (বিস্তাৰিত আলোচনাৰ বাবে দ্রষ্টব্য: বিজ্ঞান আৰু মানৱীয় মূল্যবোধ, যুক্তিবাদ আৰু এজন পগলা ট্রাক-ড্রাইভাৰ গ্রন্থত, পৃ. ১৮৭-২০৮, ২০১৭)। কিন্তু তাৰ লগতে আমি মন কৰিব লাগিব, সেই সময়ত ইউৰোপৰ ধৰ্মান্ধ খ্রীষ্টানসকলে বিশ্বৰ অন্য প্রান্তৰ ধৰ্মবোৰক হীন বুলি গণ্য কৰিছিল, আৰু তেওঁলোকক খ্রীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত কৰাটো এটা ‘পবিত্র’ কাম বুলি বিশ্বাস কৰিছিল। সফল সামুদ্রিক অভিযানৰ অন্তত তেওঁলোক লাগি গৈছিল ‘নতুন’ দেশত নিজৰ ধৰ্ম প্রচাৰ কৰিবলৈ। কলম্বাছে ‘নতুন পৃথিৱী’-ত ভৰি দিয়েই সেই দেশৰ মাটিত এডাল ধৰ্মীয় দণ্ড প্রোথিত কৰিছিল (দ্র:  কৌশিক দাস, প্রাতিষ্ঠানিক ধৰ্ম : পৰিত‌্যাজ্য মায়ামৃগ, ধৰ্ম বিজ্ঞান যুক্তিবাদ গ্রন্থত, পৃ. ২৮, ২০০৮)। তেনে সামুদ্রিক অভিযানসমূহৰ বাবে বহুতো প্রযুক্তিৰ প্রয়োজন হৈছিল (কম্পাছ, মানচিত্র আদি) আৰু বহুতেই—, পুঁজিবাদে দিয়া হেঁচাৰ উপৰিও—ধৰ্মপ্রচাৰৰ উন্মাদনাত উন্নত প্রযুক্তিৰ বিকাশৰ পৃষ্ঠপোষকতা কৰিছিল। আন নালাগে, ঊনবিংশ শতিকাৰ মাজভাগত অসমতো এমেৰিকাৰ ব্যাপ্‌টিষ্ট মিশ্যনেৰীসকলে তদানীন্তন আধুনিক মুদ্রণ-প্রযুক্তিৰ সহায়ত অসমীয়া ভাষাৰ প্রথমখনি আলোচনী উলিয়াইছিল, যাৰ মুখ্য উদ্দেশ্য আছিল ধৰ্ম-প্রচাৰ (মনোগ্রাহী আৰু বিপুল তথ্যসমৃদ্ধ এই গ্রন্থখন দ্রষ্টব্য : প্রসেনজিৎ চৌধুৰী, অৰুনোদই, ১৯৯৫)।
১৮৯৫ চনত মাৰ্কনিয়ে ৰেডিঅ’ৰ কথাটো জনাজাত কৰিছিল। পাছলৈ, যোৱা শতিকাৰ প্রথম ভাগত এমেৰিকা যুক্তৰাষ্ট্রতো ৰেডিঅ’ৰ অনুষ্ঠান সম্প্রচাৰিত হ’বলৈ আৰম্ভ হৈছিল। ১৯২০ চনৰ ২ নৱেম্বৰত তাত প্রথমবাৰৰ বাবে প্রচাৰিত হৈছিল বাণিজ্যিক ৰেডিঅ’ৰ অনুষ্ঠান (তথ্যৰ উৎসৰ বাবে ইয়াতে টিপক)। মজাৰ কথাটো হৈছে, ধৰ্মবেত্তাসকলে অতি সোনকালেই এই নতুন মাধ্যমটিক নিজৰ কামত লগাবলৈ আৰম্ভ কৰিলে। ১৯২১ চনৰ জানুৱাৰী মাহৰ ২ তাৰিখে—ঠিক দুমাহৰ পিছতেই—সেই দেশৰ বাণিজ্যিক ৰেডিঅ’ত সম্প্রচাৰিত হ’ল ধৰ্মবেত্তাৰ ধৰ্মীয় অনুষ্ঠান; সেইদিনা পিটচবাৰ্গ কেলভাৰী এপিস্ক’পেল চাৰ্চৰ পৰা তেনে অনুষ্ঠানৰ প্রচাৰ কৰা হৈছিল; মন কৰিবলগীয়া কথা, তেনে ধৰ্মীয় অনাতাঁৰ কেন্দ্রৰ সংখ্যা সেই দেশখনত অতি দ্রুত গতিত বৃদ্ধি পাইছিল—১৯২৪ চনত তেনে ধৰ্মীয় অনাতাঁৰ কেন্দ্রৰ সংখ্যা হৈছিলগৈ ২৯-টা, ১৯২৫ চনত ৭১-টা (তথ্যৰ উৎসৰ বাবে ইয়াতে টিপক)। নক’লেও হ’ব যে তেতিয়াৰ অত্যাধুনিক প্রযুক্তি এটা এইদৰেই অন্ধবিশ্বাসৰ বিপুল প্রচাৰ আৰু তৎজনিত ব্যাপক প্রসাৰত ব্যৱহৃত হৈছিল। ১৯৩০ চনৰ পৰা ১৯৫০ চনলৈ, দীৰ্ঘ কুৰি বছৰ ধৰি ফুল্টন শ্বীন (Fulton J. Sheen) নামৰ এগৰাকী ধৰ্মবেত্তা The Catholic Hour শীৰ্ষক ধৰ্মীয় অনাতাঁৰ অনুষ্ঠানৰ মাজেৰে বিখ্যাত হৈ পৰিছিল। মজাৰ কথা, টেলিভিছনৰ প্রসাৰ বাঢ়ি অহাৰ লগে লগে এইগৰাকী ধৰ্মবেত্তাই ৰেডিঅ’ বাদ দি টেলিভিছনত পৰ্দাত ধৰ্মপ্রচাৰকৰূপে আত্মপ্রকাশ কৰিছিল (তথ্যৰ উৎসৰ বাবে ইয়াতে টিপক)। অন্ধবিশ্বাসৰ প্রচাৰত নতুন প্রযুক্তিৰ প্রতি অন্ধবিশ্বাসীসকল কিমানে যে নিঃসংকোচভাৱে আগ্রহী, তাক এই উদাহৰণটিয়ে সুন্দৰকৈ দেখুৱাই দিয়ে।
আমাৰ অসমতো ব্যক্তিগতখণ্ডৰ টেলিভিছন চেনেলৰ সংখ্যা বা‌ঢ়ি অহাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিছে জ্যোতিষ, অন্ধবিশ্বাসভিত্তিক চিকিৎসা, ৰাশিফল আদিৰ অনুষ্ঠান। তাৰো আগৰে পৰা সমগ্র ভাৰতৰেই নানান ধৰ্মীয় চিৰিয়েলৰ মাধ্যমেৰে মানুহৰ মাজত বিয়পাই দিয়া হৈছিল হৰেক ৰকমৰ অন্ধবিশ্বাসৰ লগতে ধৰ্মীয় অনুভূতিৰ সুৰসুৰণি। ব্যাপক সংখ্যক মানুহৰ মনত সাম্প্রদায়িকতাৰ বিহগুটি সিচি দিয়াৰ প্রাৰম্ভিক প্রাযুক্তিক কামকাজ এইদৰেই আৰম্ভ হৈছিল।
প্রাচীন কালত দেশে দেশে মানুহৰ মাজত অন্ধবিশ্বাস, অযৌক্তিক অতিকথা, শাস্ত্রৰ অযৌক্তিক বাণী আদিৰ গভীৰ প্রভাৱ আছিল বুলি সাহিত্য-সংস্কৃতিমূলক আৰু প্রত্নতাত্ত্বিক সাক্ষ্যই নিৰ্ভৰযোগ্য প্রমাণ দি যায়। কিন্তু তেতিয়া অন্ধবিশ্বাসসমূহৰ বিস্তাৰণৰ গতি অতি মন্থৰ আছিল। কিয়নো, মৌখিক জনশ্রুতি কিম্বা সীমিত সংখ্যক প্রাচীন পুথি-শাস্ত্র আছিল তেনে বিস্তাৰৰ মাধ্যম। আধুনিক যুগৰ ঊষালগ্নত গুটেনবাৰ্গৰ মুদ্রন-প্রযুক্তিৰ কথা আমি উল্লেখ কৰি আহিছিলোঁ; তাত প্রথমে ছপা কৰা হৈছিল ধৰ্মগ্রন্থ বাইবেল। পূৰ্বতে তেনে শাস্ত্ৰপুথি হাতেৰে নকল কৰিবলগীয়া হৈছিল—সি আছিল অতি শ্রমসাধ্য আৰু ভুলৰ সম্ভাৱনাৰে পৰিপূৰ্ণ কাম। মুদ্রন-প্রযুক্তিৰ অগ্রগতিৰ লগে লগে তেনে কিতাপবোৰ বৃহৎসংখ্যক মানুহৰ কাষ চাপিবলৈ সক্ষম হৈ পৰিল। উদাহৰণ হিচাপে আমি বাতৰি কাকতত ছপা হোৱা ৰাশিফলৰ নিয়মীয়া শিতানটিলৈ আঙুলিয়াব পাৰোঁ। প্রযুক্তিৰ  অগ্রগতিৰ লগে লগে বাঢ়ি আহিল অন্ধবিশ্বাসৰ বিস্তাৰণৰ দ্রুতি।
এতিয়াৰ যুগত বৈদ্যুতিন যোগাযোগ প্রযুক্তিয়ে বৈপ্লৱিক অগ্রগতি লাভ কৰিছে। তাৰ লগে লগে সি ধৰ্মকে ধৰি অন্যান্য অন্ধবিশ্বাসৰ প্রচাৰ আৰু প্রসাৰত অভূতপূৰ্ব দ্রুতি আনি দিছে। তাৰ লগে লগে, কিছুমান চিত্তাকৰ্ষক সামাজিক ঘটনা-পৰিঘটনাৰ ৰেহৰূপো পৰিৱৰ্তিত হৈ পৰিছে। বৈদ্যুতিন যোগাযোগ প্রযুক্তিয়ে মানুহৰ মাজৰ যোগাযোগক মাত্র দ্রুততৰেই কৰি তোলা নাই, সি সাঙুৰি ল’বলৈ সক্ষম হৈছে বিপুল সংখ্যক মানুহকো। ফলত, ধৰ্মীয় আৰু আন অন্ধবিশ্বাসৰ ভাগ-বতৰা বৃহৎসংখ্যক মানুহৰ মাজত সংঘটিত হ’বলৈ আৰম্ভ কৰিছে। ইণ্টাৰনেটত আজি বিভিন্ন ধৰ্মৰ ধৰ্মগ্রন্থ, ৰাশিফলৰ পুস্তক, জ্যোতিষ-বিদ্যাৰ হাতপুথি ইত্যাদি সহজেই উপলব্ধ। কঠিন, দুৰ্বোধ্য ধৰ্মশাস্ত্ৰৰ সহজ ভাষ্য কিম্বা প্রাঞ্জল ব্যাখ্যা কম্পিউটাৰ কিম্বা মোবাইল ফোনত ইণ্টাৰনেটৰ জৰিয়তে হৈ পৰিছে তেনেই সুলভ্য। মাত্র লিখিত কিম্বা বাণীবন্ধ ৰূপতেই নহয়—অতি চমৎকাৰ আৰু আকৰ্ষণীয় ভিডিঅ’ৰ সহায়ৰে নিৰ্ভেজাল আৰু উদ্ভট অন্ধবিশ্বাসবোৰকো আজি বিশ্বাসযোগ্যৰূপত মানুহৰ মাজত মেলি দিয়া হৈছে। কোনো সন্দেহ নাই, তেনে উন্নত প্রযুক্তিক ব্যৱহাৰ কৰি অন্ধবিশ্বাসসমূহ সমাজখনৰ চুকে-কোণে বৰ তীব্র গতিত সোমাই পৰিছে।
এইবোৰ পৰিৱৰ্তনে ধৰ্মবেত্তা আৰু অন্ধবিশ্বাসৰ উদ্গাতা গুৰুসকলক বৰ সকাহ দিছে। তেওঁলোকৰ পূৰ্বৰ কষ্ট বহু পৰিমাণে হ্রাস পাই আহিছে। সুপণ্ডিত মেধাজীৱী ইন্দিবৰ দেউৰীদেৱে দেখুৱাই থৈ গৈছিল যে প্রযুক্তিয়ে মানুহক বস্তুগত আৰাম (material comfort) প্রদান কৰে (দ্র: ইন্দিবৰ দেউৰী, পূৰ্বোক্ত প্রবন্ধ)। মজাৰ কথা, ঐহিক সম্পদ আৰু বস্তুগত বৈভৱৰ প্রতি অনাসক্ত বুলি ঘোষণা কৰা ধৰ্মগুৰুবৃন্দই দ্বিধহীনভাৱে ধৰ্মৰ প্রচাৰত প্রযুক্তিপ্রদত্ত আৰাম উপভোগ কৰিবলৈ উন্মুখ হৈ পৰিছে। তেওঁলোকে অন-লাইন ব্লগ্‌ আদিৰ জৰিয়তে বহুতো শিষ্যক—তাকো বিভিন্ন ঠাইৰ—একেলগে বাণী প্রেৰণ কৰিবলৈ সুবিধা পাইছে। দেখ্‌দেখ্‌কৈ আধুনিক প্রযুক্তিয়ে লাঘব কৰিছে তেওঁলোকৰ পূৰ্বৰ কষ্ট। ফে’চবুক, ৱাটছেপ, পড্‌ কাষ্ট্‌ আদিৰ সহায় লোৱা ধৰ্মগুৰুৰ সংখ্যাটো আজি বেছ ডাঙৰ। মাত্র ধৰ্মগুৰুৱেই নহয়, ৰেইকী, ফেংচুইৰ দৰে আমাৰ ইয়ালৈ আমদানিকৃত কিছুমান অন্ধবিশ্বাসবোৰও এনে প্রাযুক্তিক মাধ্যমৰ সহায়ত বিশাল বিষবৃক্ষৰ ৰূপ ধাৰণ কৰিছে। অন্ধবিশ্বাসক বিক্রী কৰি ধন ঘটাৰ ক্ষেত্রতো এইসকলক বৰকৈ সহায় কৰিছে আধুনিক প্রযুক্তিয়ে। অসমৰেই এগৰাকী ৰেইকী-গুৰ্বীৰ শিষ্য-শিষ্যাৰ সংখ্যাটো অন-লাইন ব্লগ্‌ত দেখিলে তবধ মানিবলগীয়া হয়;  সেই বৃহৎসংখ্যক শিষ্য-শিষ্যাৰ পৰা লোৱা মাচুলৰ পৰিমাণটোলৈ চাই সকলোৰে চকু নিশ্চয় কপালত উঠিব। ইণ্টাৰনেট প্রযুক্তি ব্যৱহাৰ কৰি বহুতো গুৰুৱে অন-লাইনতেই দীক্ষা-মন্ত্র-বিধান আদি দিবলৈ আৰম্ভ কৰিছে। কিছুমান ধৰ্মবেত্তা আৰু ধৰ্মীয় অনুষ্ঠানে বিপুল পৰিমাণৰ অৰ্থ-সংগ্রহৰ পন্থা হিচাপে ব্যৱহাৰ কৰিছে অন-লাইনৰ মাধ্যমক। ধৰ্মানুষ্ঠানে চলাই থকা অন-লাইন অৰ্থ-সংগ্রহ অভিযানৰ এটি চমৎকাৰ উদাহৰণ ইয়াতে টিপিলে খোল খোৱা  ইণ্টাৰনেটৰ লিংকটিত  পাব।
উপৰিউক্ত বৰ্ণনাখিনিয়ে অন্ধবিশ্বাসৰ প্রেক্ষাপটত আমাৰ সমাজখনলৈ আধুনিক প্রযুক্তিৰ ব্যৱহাৰে কঢ়িয়াই অনা ভয়াবহ দিশ কিছুমান নিশ্চিতভাৱে চিত্রিত কৰিছে। কিন্তু প্রযুক্তিৰ তেনে ব্যৱহাৰে অন্ধবিশ্বাসৰ ক্ষেত্রত তাতোতকৈও ভয়ংকৰ কথা কিছুমান কঢ়িয়াই আনিছে আমাৰ সমাজখনলৈ। আধুনিক প্রযুক্তিৰে সজ্জিত বিবিধ বৈদ্যুতিন মাধ্যমে মানুহৰ মাজত যি দ্রুতি আৰু প্রাৱল্যৰে সাম্প্রদায়িক আৰু গোষ্ঠীগত ঘৃণা-বিদ্বেষৰ বিস্তাৰ কৰিছে, সি সঁচাই অতি মাৰাত্মক। অতি আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি আলোকচিত্র, গ্রন্থ, তথ্য আদি অতি সূক্ষ্মভাৱে—সত্যাসত্য নিৰ্ণয় কৰাত প্রায় অসাধ্যকৈ—বিকৃত কৰি মানুহৰ মাজত, সংগঠিতৰূপত অবিৰত প্রচাৰ চলাই আছে সাম্প্রদায়িক ন্যস্ত স্বাৰ্থাণ্বেষী মহলে। অন্য সম্প্রদায় কিম্বা গোষ্ঠীৰ প্রতি ঘৃণাৰে ভৰা তেনে বিকৃত উপস্থাপনে দিনক-দিনে বৃদ্ধি কৰি পেলাইছে ঘৃণা-বিদ্বেষৰ তীব্রতা।

(৭)
উপৰিউক্ত দফাটিত আমি দেখিবলৈ পালোঁ যে প্রযুক্তিৰ কৌশলী অপব্যৱহাৰে অন্ধবিশ্বাসৰ প্রসাৰৰ দ্রুতি দিনক-দিনে বঢ়াই আনিছে। তাৰ নেতিবাচক প্রভাৱো অতি মাৰাত্মকভাৱে পৰিছে সমাজৰ বিভিন্ন স্তৰত। এইটোৰ বাবে কিন্তু প্রযুক্তিক দোষাৰোপ কৰিলে সমস্যাটোৰ পৰা কোনোপধ্যই হাত সাৰিব পৰা নাযাব। কিয়নো প্রযুক্তিৰ বিকাশ আৰু অগ্রগতি অপ্রতিৰোধ্য। লগতে, আমি পূৰ্বতে আলচ কৰি অহাৰ দৰে, অন্ধবিশ্বাস, ধৰ্মীয় সাম্প্রদায়িকতা, গোষ্ঠীগত বিদ্বেষ আদিৰ প্রসাৰৰ হ্রাস-বৃদ্ধিৰ প্রতি প্রযুক্তি নিৰ্লিপ্ত আৰু নিৰপেক্ষ।
প্রযুক্তিক কোনে কেনেদৰে, কি উদ্দেশ্যত কিমান দক্ষতাৰে ব্যৱহাৰ কৰিছে—সেইটো কথাহে অতি জৰুৰী কথা। বিজ্ঞানমনস্ক যুক্তিবাদী সংগঠন কিম্বা ব্যক্তিৰ সন্মুখত আধুনিক প্রযুক্তিয়ে আনি দিয়া এইটো এটা কঠিন প্রত্যাহ্বান। অভিজ্ঞতাৰ পৰা অনুভৱ হয়, অসমত আধুনিক প্রযুক্তিক অন্ধবিশ্বাসৰ অনুকূলে ব্যৱহাৰ কৰাত প্রতিক্রিয়াশীল অন্ধবিশ্বাসী মহলটোৰ যি উদ্যম আৰু উৎসাহ, তেনে সক্রিয়তা যুক্তিবাদী শিৱিৰটোত সাধাৰণতে পৰিলক্ষিত নহয়। তেনে ক্ষেত্রত তুলনামূলক হিচাপত যুক্তিবাদী মহলটি অতি নিষ্প্রভ। প্রসংগত উল্লেখ কৰি থ’ব পাৰি, প্রায় এটা দশকৰ আগতেই অসমত অন-লাইন যুক্তিবাদী গোট “মুক্ত চিন্তা”-ৰ কাম-কাজ আৰম্ভ কৰা হৈছিল; সম্ভৱতঃ এইটোৱেই হৈছে যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে অৱস্থান লোৱা বুলি ৰাজহুৱাকৈ ঘোষণা কৰা অসমৰ প্রথমটি অন-লাইন গোট। বিগত কেইটিমান বছৰত আৰু দুই-এটি সমসুৰীয়া অন-লাইন সংগঠনে আত্মপ্রকাশ কৰিলেও, অন্ধবিশ্বাসৰ ভয়াবহ বিস্তাৰণৰ ক্ষেত্রত সামগ্রিকভাৱে প্রযুক্তিৰ ব্যৱহাৰত পৰিস্থিতিটো বৰ এটা আশাপ্রদ হৈছে বুলি ক’ব নোৱাৰি। অন-লাইনত নিজৰ উপস্থিতিক মাত্র ঘোষণা কৰিলেই নহ’ব—প্রাযুক্তিক সমলসমূহৰ বিষয়ে জ্ঞান আয়ত্ত্ব কৰি, সেইবোৰৰ পৰিচালনাত দক্ষ হৈ উঠিব লাগিব। দক্ষতাহীন উপস্থিতি প্রযুক্তিৰ জগতখনত মূল্যহীন। অভিজ্ঞতাসম্ভূত অনুভৱে আমাক বাৰে বাৰে সকীয়াই যায় যে তেনে দক্ষতা আহৰণত যুক্তিবাদী শিৱিৰটো যেন পাছ পৰি আছে। কথাটো অতি আচৰিত, কিয়নো বিজ্ঞানমনস্কতাৰ সপক্ষে অৱস্থান লোৱা লোকসকল বিজ্ঞান-উদ্ভিন্ন প্রযুক্তিৰ প্রতি অধিক আগ্রহীহে হ’ব লাগিছিল! যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ সপক্ষে অতি আন্তৰিকতাৰে থিয় দিয়া এনে ব্যক্তি এতিয়াও আছে, যিসকলে ফে’চবুক আৰু ৱাটছেপৰ ব্যৱহাৰৰ পাৰ্থক্য ক’ত, সেইটো অনুধাৱন কৰিব পৰা নাই। যিটো কাৰ্যত ফে’চবুক ব্যৱহাৰ কৰিব লাগে, তাত যদি ৱাটছেপক মাধ্যম হিচাপে ল’য়; কিম্বা য’ত কামত লগাব লাগে ৱাটছেপক, তাত যদি ফে’চবুক ব্যৱহাৰ কৰে—তেনেহ’লে দক্ষতা অৰ্জন জানো সম্ভৱ হ’ব‌? এইটো এটা উদাহৰণহে মাত্র। বস্তুনিষ্ঠ যুক্তিতকৈ কল্পনাশ্রয়ী অন্ধবিশ্বাসৰ আৱেদন সিংহভাগ মানুহৰ বাবে বহু বেছি আকৰ্ষণীয়। গতিকে প্রযুক্তিয়ে আনি দিয়া প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ যুক্তিবাদীসকলে বহু বেছি সক্রিয় হোৱাৰ লগতে সুনিপুন দক্ষতা অৰ্জন কৰিব লাগিব। কোনো সন্দেহ নাই, এইটো এটা কঠিন কাম আৰু নিৰবচ্ছিন্ন সংগঠিত প্রয়াসৰ অবিহনে সি ফলপ্রসূ নহ’ব। এইটো দিশত বিজ্ঞানমনস্কতা-যুক্তিবাদৰ সপক্ষে, আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিয়া লোকসকল যিমান পাৰে সোনকালে সচেতন হ’লে ভাল।

Leave a Reply

Your email address will not be published. Required fields are marked *