তেজীমলাৰ মাহীমাকে চুলি কাটিবলৈ ঠাই এটুকুৰা পালে-(মনস্বিনী মহন্ত)
তেজীমলাৰ মাহীমাকৰ একালত নাম এটা আছিল। নামটো কি আছিল, অন্য বহুজনী প্ৰাপ্তবয়স্ক মাইকী মানুহৰ দৰে তায়ো পাহৰিলে। অৱশ্যে অন্য বেছিভাগ মাইকী মানুহৰ অমুকৰ মাক নামৰ উত্তৰ বৈবাহিক চিনাকি একোটাহঁত অন্ততঃ থাকে। অমুকৰ ঘৰৰ ছোৱালীজনী, তমুকৰ জীয়েক, ভচুকৰ বোৱাৰীয়েক বা ঘৈণীয়েক, এই অজস্ৰ চিনাকিৰ সৈতে সাঙোৰ খাই এই এটা চিনাকিও মাইকী মানুহবোৰৰ নামটোৰ চিনাকিৰ চিহ্ন মচি থিয় হৈ উঠে। তেজীমলাৰ মাহীমাকৰ সেইটো চিনাকিও নাই। এইখন পৃথিৱীত তাইৰ চিনাকি বুলিবলৈ বাকী আছেগৈ মাহীমাকৰ খিতাপ এটা। তেজীমলাৰ মাহীমাক! বিল্ডিঙৰ তলৰ ৰাজহুৱা কুকুৰজনীয়ে জন্ম দিয়া কণমানি কুকুৰ পোৱালিকেইটাক গা-ধুৱাই থকা তেজীমলাৰ মাহীমাকৰ ফিচিককৈ হাঁহি উঠিল। এইটোও এটা চিনাকি হ’ল নে? তথাপি আছে। পুৰণা তাৱেলখনেৰে গাটো মচি দি তাই শুকাবলৈ বুলি পোৱালিকেইটা ৰ’দচেৰেঙালৈ ঠেলি দিলে। কুঁকুঁৱাই গোটেইকেইটা দৌৰ মাৰি গৈ মাকৰ ভাত খোৱা বাতিটোত উবুৰি খাই পৰিল। ভাত খাব পৰা হোৱাই নাই এথোন, তথাপি আকলটো আছে। তেজীমলাৰ মাহীমাক বাৰান্দাখনৰ পৰা উঠি ভিতৰলৈ গ’ল। হাতখন ধুই তাই ৰান্ধনিঘৰৰ গাখীৰৰ পাত্ৰটোৰ পৰা গাখীৰ অকণ কাণ এৰুওৱা গিলাচটোতে আনি বাতিটোত ঢালি দিলে। পোৱালিকেইটাই চেলেকি চেলেকি বাতিটো চাফা কৰি দিলে। এইবাৰ সিহঁতে তাইৰ দীঘল চোলাটোৰ তলখিনিত অকণি অকণি নুফুটা দাঁত আৰু নখেৰে টানিবলৈ ধৰিলে। তেজীমলাৰ মাহীমাক বহিল। গোটেইকেইটাৰ মূৰে-গায়ে হাত ফুৰালে। সিহঁতে বা তাইক কি বুলি জানে? একো বুলি নেজানে চাগৈ। কুকুৰকেইটাৰ লগত এই সম্পৰ্কৰ, কথোপকথনৰ অৱস্থিতিটোত তাইৰ একো নাম নাই। পৰিচিতি আছে। চিনাকি নাই। নামগত চিনাকিৰ উৰ্দ্ধত তাইক কোনোবাই এনেকৈ সম্পৰ্কৰ আবহত বান্ধিছিল নে কেতিয়াবা? তাইৰ জীৱনত সম্পৰ্ক বুলিব পৰা মানৱীয় স্থান তেনেই সংকুলিত। মাক-দেউতাক আছে। বায়েক আছে। অৱশ্যে ভিনিহিয়েক নামৰ চিনাকিটো যোগ হোৱাৰ পিছত বায়েক কিমান আছে, সেইটোও ভাবিবলগীয়া। সৰুতে এজন খুড়াক আছিল। দূৰ সম্পৰ্কীয় কিন্তু একেখন চহৰতে থকা সূত্ৰেই বাৰে বাৰে সিহঁতৰ ঘৰলৈ অহা, তাইতকৈ বাইছ বছৰমান ডাঙৰ খুড়াকে তাইৰ আঢ়ৈ বছৰ বয়সত চকলেট এটা উপঢৌকন দি, ঘৰৰ অন্য মানুহৰ অলক্ষিতে কেৱল তাইৰে লগত এটা সম্পৰ্কৰ চিনাকি গঢ়িবলৈ চালে। তেজীমলাৰ মাহীমাক দৰক লাগিল। বুজা হোৱাৰে পৰা তাইৰ নিজৰ গাটোলৈকে ঘিণ ঘিণ লগা হ’ল। মানুহটো ঘৰ সোমালেই তাইৰ চকুৱে বিদ্ৰোহ কৰিবলৈ ল’লে। হাতৰ বনে অসহযোগ কৰি বাতি-লোটা-ঘটী থন থনকৈ পকী ঘৰৰ মজিয়াত পৰিবলৈ ল’লে। তথাপি ঘৰখনৰ কোনো মানুহে নুশুনিলে। নুবুজিলে। নেজানিলে। আনকি মাকেও। কোনেও নুশুনা-নুবুজা, ঘৰৰ মানুহবোৰ কামে-কাজে গ’লে অথবা বিজুলী সংযোগ ব্যাহত হ’লে গঢ়ি উঠা সেই চিনাকিটো তাইৰ সাউদৰ লগত বিয়া হোৱাৰ দিনটোলৈকে চলি থাকিল। সেইটো চিনাকিতো তাইৰ নাম নাছিল। তাই কোনোবা এদিন বনৰী আছিল, কোনোবা এদিন চালী ৰেণ্ডী! অথচ নিজে বিচাৰি, কামনা কৰি সেইটো চিনাকি তাই গঢ়াই নাছিল। তাইৰ ইচ্ছাত সেই চিনাকিৰ সমীকৰণ গঢ় লোৱাই নাছিল। নিবিচৰা চিনাকি একোটাহঁতো বহুদিন গাত লাগি ধৰিলে কেনেকৈ গুচাব পাৰি মানুহে তাৰ আঁত ধৰিব নোৱৰা হয়গৈ চাগৈ! আঁত পোৱাৰ দিনা মাত্ৰ এটা চিঞৰতে এই চিনাকিবোৰ নোহোৱা হয়, সেই কথা তাই বুজি পোৱালৈ তাই নিজৰ নামটো পাহৰি তেজীমলাৰ মাহীমাক হৈছিলগৈ।
এটা সময়ত নাম নোহোৱা আৰু এটা সমীকৰণ তাইৰ কলেজলৈ যোৱাৰ বাটত থিয় হৈ থাকিবলৈ লৈছিল। মফচলীয়া ঠাইখনলৈ মানুহটো নতুনকৈ আহিছিল। বাগান চাবলৈ অহা সাউদৰ হাত ধৰিবলৈ অহা বহুৱা নামৰ মানুহটোৰ চকুত তাইলৈ সামৰা এসাগৰ আদৰ তাই স্পষ্টকৈ দেখিছিল। চিঠি এখন তাইৰ হাতত গুজি দি কৃষ্ণচূড়াজোপাৰ পিছফালে সাউৎকৈ নোহোৱা হোৱা মানুহটোৰ আচল নাম তাই ঘৰলৈ আহি চিঠি খুলিহে দেখিছিল। শাক্য সৌৰভ। শাক্য সৌৰভৰ দৰে সুন্দৰ নাম এটা কি কাহিনীৰ পাকত পথে-ঘাটে বহুৱা ৰূপে অৱতাৰ হ’ল, সেই পাক খুলিবলৈ তাইৰ মনতো উচপিচনি উঠাৰ সময়তে মানুহটোক তাই আৰু নেদেখা হৈছিল। আদৰবোৰ সামৰি ল’বলৈ সাহস গোটাবলৈ নৌপাওঁতেই সি তাইৰ কলেজলৈ যোৱা বাটত আৰু ৰৈ নথকা হৈছিল। পাতিব খোজা, পাতিবলৈ থকা অনেক কথা পাতনিতে সামৰি সি অন্তৰ্ধান হৈছিল। আৰু সেইখিনি সময়তে সাউদৰ ঘৰৰ পৰা তাইলৈ বুলি কিংখাপ, গছা, মগৰ, কল্কা সকলো আৰ্হিৰে ভৰা ভমকাফুলীয়া, মিনা কৰা কাপোৰৰ থাক লৈ মানুহ কেইগৰাকীমান আহিছিল। ঢিলা হোৱা সাতামপুৰুষীয়া জেঠীনেজীয়া আঙঠিটো সূতা এডালেৰে পকাই জোখলৈ আনি বাওঁহাতৰ অনামিকা আঙুলিত নিকপকপীয়া কৰি, তাই ১৯বছৰ বয়সত ৪১বছৰীয়া সাউদৰ দ্বিতীয় পত্নী, ১২ বছৰীয়া তেজীমলাৰ মাকৰ চিনাকিত বান্ধ খাইছিল। মাকনো কি, মাহীমাক।
বিয়াৰ দহদিনমান পিছত তেজীমলাৰ মাহীমাকৰ হাতেৰে সাউদে বহুৱাক চাহ একাপ যাঁচিছিল। ন-ছোৱালীয়ে খুওৱা চাহকাপ বাৰুকৈয়ে শলাগি সি ঘৰ এখন ধৰি ৰাখিবলৈ মাইকী মানুহ এজনী যে লাগে সেই বিষয়ে সাউদৰ কথাত সহমত পোষণ কৰি মূৰ জোকাৰিছিল। লাগে, ১২ বছৰীয়া ছোৱালী এজনী চাবলৈ ১৯বছৰীয়া মানুহ এজনী লাগে। সি মানি লৈছিল। চাহ-জলপান খোৱাৰ পিছত ন-সাউদনীয়ে দিয়া গামোচাখন হাত পাতি লওঁতেহে বহুৱাৰ অকণমান থোতা-মোজা লাগিছিল। সেইদিনাখনেই নেকি, দিন-বাৰ-নক্ষত্ৰ তেজীমলাৰ মাহীমাকৰ আজি আৰু ইমান স্পষ্টকৈ মনত নাই, গধূলি গোঁসাই চাকি দি ধূপ কেইডাল কোঠাই কোঠাই ঘূৰাই অনাৰ সময়ত- তেতিয়ালৈকে তেজীমলাৰ মাহীমাকে সেই কামফেৰা নিষ্ঠা সহকাৰে কৰিছিল- এপাৰ্টমেণ্টৰ দুৱাৰদলিৰে কাগজৰ টুকুৰা এটা কোনোবাই ভিতৰলৈ ঠেলি থৈ গৈছিল। আই হ’লেৰে জুমি চাওঁতে তেজীমলাৰ মাহীমাকে জুলাই মহীয়া গৰমতো মূৰে-গায়ে গামোচা এখন বান্ধি অহা মানুহ এটা দৌৰি আঁতৰ হোৱা দেখিছিল। সাউদ সেইখিনি সময়ত ঘৰত নাছিল। ব্যৱসায়ৰ কামতে শিলপুখুৰীৰ ফালে ওলাই গৈছিল। ছীল-মোহৰ, খাম একো নোহোৱা কিনো এইখন বুলি এনেয়ে খুলি চাওঁতে তেজীমলাৰ মাহীমাকে তাতে স্পষ্টীকৰণ এটা পাইছিল। সেয়া সাউদৰ ছত্ৰছায়াতে ডাঙৰ হোৱা মানুহ এটাৰ কাপুৰুষালিৰ স্পষ্টীকৰণ আছিল। তেজীমলাৰ মাহীমাকে কাগজৰ টুকুৰাটো ফালি পেলাইছিল। শৌচাগাৰৰ বাটেৰে নিৰ্গমনৰ বাট দেখুৱাই দিয়া কাগজৰ টুকুৰাবোৰৰ সৈতে তাইৰ জীৱনৰ পৰা শাক্য সৌৰভ বোলা মানুহটোও নোহোৱা হৈছিল। অৱশ্যে সাউদৰ ঘৰৰ জেঠীনেজীয়া আঙঠিটো আঙুলিত সুমুওৱাৰ আগতে সি দিয়া চিঠিখন আৰু চিঠিখন দিয়াৰ পিছত সি হঠাৎ নোহোৱা হৈ যোৱাৰ সময়ত তাই তাক উদ্দেশ্যি ডায়েৰীৰ দৰে লিখি যোৱা কথাবোৰ তাই পেলাই দিব পৰা নাছিল। তাইৰ কাপোৰৰ আলমাৰিৰ একোণত বিয়াত দিয়া কাপোৰবোৰৰ ভাঁজত সেই কাগজৰ টুকুৰাবোৰ আইতাকৰ বৰপেৰাৰ কেতেকীৰ পাহিৰ দৰে সোমাই আছিল।
নতুন ঘৰখনত তেজীমলাৰ মাহীমাকৰ কৰিবলগীয়া একোৱেই নাছিল। তাই হাত ধুই ভাত খাব পাৰিছিল। আচলতে নিজৰ মতে কিবা এটা কৰিবলৈ তাইৰ অৱসৰ, অৱকাশ আৰু সুযোগ ন-ঘৰখনে তাইক এবাৰলৈয়ো দিব খোজা নাছিল। ভাত-পানী ৰান্ধিব বাৰু নেলাগে; কিন্তু দিহা দিবলৈয়ো ৰান্ধনিজনক তাইৰ প্ৰয়োজন নহৈছিল। ডাবল ড’ৰৰ ফ্ৰীজৰ ওপৰত থোৱা মানী প্লাণ্টজোপালৈকে বুলি মালীয়ে চোৱাচিতা কৰিছিল। চেলাউৰি চুচি-মাজি চিকুণ হৈ থকা, স্পা কৰাই চুলি জলমলাই ৰখা, বুকুৱে-তপিনাই মঙহ ধৰায়ো কঁকাল খামুচীয়াকৈ ৰাখিব পৰাকৈ জিমলৈ যোৱা, ছালচটা জিলিকাই ৰখাকৈ বাদাম খোৱা, একনে নোলাবলৈ নিম পাতৰ লেপন দিয়া ইত্যাদি এশ এবুৰি পৰিচৰ্যাৰ আতিশয্যত তেজীমলাৰ মাহীমাকৰ সময়বোৰ পাৰ হৈছিল। হেজাৰ ব্যস্ততাৰ মাজতে সাউদে তাইক কাপোৰৰ বজাৰৰ সময়ত লগ দিছিল। সাউদৰ ঘৈণীয়েক জিলিকি থাকিব লাগিব। তেজীমলাৰ মাকে পিন্ধাৰ দৰে কাপোৰ পিন্ধি দহজনৰ আগত সাউদৰ ঘৈণীয়েক জিলিকি থাকিব লাগিব। জিলিকিহে থাকিব লাগিব, সেইবুলি চুব পৰা দূৰত্বৰ বুলি ভাবিব পৰাকৈ জিলিকিলে নহ’ব। সেয়েহে সাউদে সতৰ্কতাৰে তাইৰ কাৰণে কাপোৰ নিৰ্বাচন কৰিছিল। এদিন দুপৰীয়া মাকৰ ঘৰত খোৱা গাহৰি মাংস অকণমান বাঁহগাজেৰে ৰান্ধিব খোজোঁতে বয়সস্থ ৰান্ধনিজনে ছাৰ আৰু তেজী আইটিয়ে সেইবিধ মাংস নোখোৱাৰ কথা কৈছিল। তেজীমলাৰ মাহীমাকে মাংসখিনি কুকুৰটোক খুৱাইছিল। বাঁহগাজখিনি জানো কোনে নি পেলাই দিছিল। কুকুৰটোক খুওৱা কামটোত যেনিবা তেজীমলাৰ মাহীমাকক কোনেও বাধা দিয়া নাছিল।
বিয়াৰ ছমাহমান পিছত সাউদৰ পুৰণি ঘৰত মাজনিশা হাতীৰ গচকত বহুৱা নামৰ মানুহটো মৰিছিল। সাউদ সেইসময়ত কলকাতাত আছিল। হাতীটোৰ মাকজনীকে সাউদৰ দেউতাকৰ দিনতে বনবিভাগক দিয়া হৈছিল। পুৰণি ঘৰলৈ কেৱল মাটিকঁঠাল, কলগছ খাবলৈ বা গণেশ চতুৰ্থীৰ পূজা ল’বলৈ অহা হাতীটোৰ ওচৰলৈনো বহুৱা ওৰফে শাক্য সৌৰভ নামৰ এদিনীয়া মানুহটো মাজনিশাখন কিয় গৈছিল, সেই প্ৰশ্ন কোনেও তোলা নাছিল। দিনতহে সাধাৰণতে ফুৰাবলৈ অনা হাতীটোওনো মাজনিশাখন ঘৰখনলৈ কিয় আহিছিল বা ঘটনাটোৰ সময়ত হাতীটোৰ মাউতনো ক’ত আছিল সেই সকলো প্ৰশ্নও গাপ দি থোৱা হৈছিল। এনেকুৱা এটা কাণ্ড কৰা হাতীটো ৰাইজ উঠি ফুৰিব পৰাকৈ কেনেকৈ সুৰক্ষিত সেই প্ৰশ্নও কোনেও ক’তো সোধা নাছিল! পৃথিৱীৰ কোনো আদালতত এইবোৰ প্ৰশ্নৰ বিচাৰ নোহোৱাকৈয়ে ঘটনাটো পুৰণি খবৰ হৈছিল। অৱশ্যে সেই ঘটনাৰ কিছুদিন আগত তেজীমলাৰ মাহীমাকৰ সামৰণৰ কাপোৰবোৰ থকা আলমাৰিটোৰ পৰা পুৰণি কথা টুকি থোৱা ডায়েৰীৰ দৰে বহীবোৰ হেৰাইছিল। চিঠিখন পিছে থকাতে আছিল। তাই দুদিনমান সাউদলৈ চোৰাং চকুৰে চাই ফুৰিছিল। ভাতৰ পাতত, চাদত বহি চাহ খাওঁতে। দাঢ়ি খুৰাওঁতে। পিছে মানুহজন সদায় থকাৰ দৰেই আপাত নিৰ্বিকাৰ হৈয়েই আছিল। চিগাৰ হুপিছিল। চালক নহাত তেজীমলাক থ’বলৈ নিজে গাড়ী চলাই স্কুললৈ গৈছিল। দুপৰীয়া খাবলৈ বহি মাংসৰ চালাড বত্ৰিশটা দাতেৰে বত্ৰিশবাৰ চোবাই খাইছিল। বহুৱা বোলা মানুহটো মৰাৰ পিছতো সকলো ধৰাবন্ধা গততেই চলি আছিল। কেৱল তেজীমলাৰ মাহীমাকজনীক বাদ দি। সেইখিনি সময়তে এদিন তাই সেইখন ঘৰ এৰি গুচি আহিছিল।
আগদিনা ৰাতি শোৱা কোঠাত সাউদে তাইৰ চুলিকোচাত খামুচি ধৰিছিল। কিচকিচীয়া ক’লা দীঘল একোচা চুলি আছিল তাইৰ। কঁকাললৈকে পৰা। সাউদে সেইকোচা চুলিতে ধৰি তাইক এটা কাণতলীয়া চৰ শোধাইছিল। বেলকনিত মালীয়ে লগোৱা চাৰিফুটতে লগা আমগছজোপাৰ ছাঁতে আঁউজি তেজীমলাৰ মাহীমাক মাৰ্বলৰ মজিয়াতে বহি পৰিছিল। দোষ বুলিবলৈ ৰাতি দেউতাকৰ সৈতে একেখন বিছনাতে শুবলৈ অহা তেজীমলাক তাই নিজৰ কোঠালৈ যাবলৈ কৈছিল। চৰটো মাৰি যুৰীয়া বিছনাখনৰ পৰা নিজৰ গাৰুটো লৈ তেজীমলাৰ কোঠালৈ যোৱা সাউদে হিচহিচাই কৈ যোৱা কথাষাৰ উফৰি আহি আমগছৰ ছাঁত জিৰাই থকা তাইৰ কাণত পৰিছিল, “খজুৱতি মাৰিবলৈ শাক্য সৌৰভ নোহোৱা হ’লতো! ব্লাডী হোৰ!” পিছদিনা ৰাতিপুৱাই তাই আহি নিজৰ ঘৰ সোমাইছিল। সেই যে সোমাইছিল। দুমাহ তাই ওলোৱা নাছিল। বাহিৰত মাকৰ কান্দোন, দেউতাকৰ ভোৰভোৰণি আৰু সাউদে বহুৱাৰে সানি তাইৰ নামত উলিওৱা হেজাৰ অপবাদ, তেজীমলাৰ মাহীমাকৰ কুখ্যাতি একোলৈকৈ গুৰুত্ব নিদিয়াকৈ, খোৱা আৰু গা-ধোৱাৰ কাৰণে ওলাই অহা বাদ দিলে, কেতিয়াবা সেয়াও নকৰাকৈয়ে কোঠাটোতে সোমাই থাকি দুমাহ পাৰ কৰাৰ পিছত তাই এদিন আলিমূৰত থকা পাৰ্লাৰ এখনলৈ গৈছিল আৰু কঁকাললৈকে পৰা চুলিকোচা কাটি, একেবাৰে টকলা হৈ ওলাই আহিছিল। সাউদৰ কাহিনীবোৰ সঁচা বুলিব পৰাকৈ এইবাৰ মানুহে ধেৰ অৱলম্বন পাইছিল। বহুৱাৰ লগত মিলি, তেজীমলাক মাৰি, সাউদকো খাদ্যত বিহ মিহলাই খুৱাই সম্পত্তি হাত কৰিবলৈ তাই, তেজীমলাৰ মাহীমাকে কিমান কি কৰিছিল, তাৰো কিমান কাহিনী মুখ বাগৰি আহি তাইৰে কাষ চাপোতেও তাই নিৰ্বিকাৰ চিত্তে শুনি থ’ব পৰা হৈছিল। বহুৱাৰ মৃ্ত্যুত তেজীমলাৰ মাহীমাকজনী পাগল হ’ল। এই সাধুটো তাইৰ নিজৰে পিছলৈ বিশ্বাস কৰিবলৈ মন যোৱা হৈছিল। ঠিক সেইখিনি সময়তে ঘৰলৈ অহা সম্পৰ্কীয় খুড়াকটোক তাই এক চৰ মাৰি খেদিছিল। আচৰিতভাৱে মানুহটোৱে তাইলৈ মূৰ তুলি চাব পৰা নাছিল। এই এটা চৰ মাৰিবলৈ তাই ওঠৰ বছৰ কিয় লগালে সেই পশ্চাতাপে তাইক সেইদিনা ওৰে ৰাতি সাৰে ৰাখিছিল । শেষনিশালৈ আলমাৰী খুচৰি ৰং-তুলিকা উলিয়াই তাই এখন ছবি আঁকিছিল- এখন ফৰকাল আকাশত এসোপা তৰা। তৰাবোৰৰ মাজত টকলা মূৰেৰে মানুহ এজনী। মানুহবোৰে সেই টকলা মানুহজনীক আৰু জোকাবলৈ নহা হৈছিল। দূৰে দূৰে কোৱা কথাবোৰে তাইকো আৰু নিবিন্ধা হৈছিলগৈ।
বকি-জকি হ’লেও মাকে তিলতেল, ভোট এৰাৰ তেল ঘঁহি তাইৰ মূৰটো পোন্ধৰদিন মানত কদমফুলীয়া কৰিছিলহে, তাই এদিন আকৌ গোটেইবোৰ বৈদ্যুতিক ক্ষুৰ এখনেৰে খুৰাই পেলাইছিল। কাৰ শ্ৰাদ্ধ পাতি তাই চুলিকোচা দান দিছিলে, তাই নিজেও বুজিব পৰা নাছিল। নামত হোৱা গোৱাৰ মধুচন্দ্ৰিকাত তাই পিন্ধিব খোজা চানড্ৰেচটো একেষাৰতে নহ’ব বুলি কোৱা গিৰিয়েকৰ, নিজৰ ঘৰৰ পাকঘৰটোতো নিজৰ মতে একো এটা ৰান্ধি খাবলৈ নিদিয়া বুঢ়া ৰান্ধনিটোৰ, বাৰ বছৰ বয়সতো দেউতাকৰ সৈতে শুবলৈ জেদ কৰা তেজীমলাৰ, চকলেট খুৱাম বুলি আভুৱা ভাৰি বিস্বাদ অখাদ্য ‘ললীপপ’ এটা মুখত গুজি দিয়া খুৰাকটোৰ নে বহুত কথা পাতিম বুলি সপোন দেখুৱাই আধা বাটতে লগ এৰা দিয়া বহুৱাৰ?
সেয়া তিনিটা আগষ্টৰ আগৰ কথা। তেজীমলাৰ মাহীমাক চিনাকিটো বাদ দিলে বাকী সাউদৰ ঘৰত কটোৱা দিনবোৰ আজিকালি তাইৰ তেনেই সাধুকথা যেন লগা হ’ল। মানুহবোৰেও অন্য কাহিনীত তুলাৰ মাকজনীক, চিলনীৰ জীয়েকৰ সতিনীয়েক কেইজনীক লৈ ফেনাবলৈ লাগিল। সিহঁতৰ ফে’চবুকৰ ৱালো আৰু আজি তেজীমলাৰ মাহীমাকৰ সাধুৱে গৰম কৰিব কিংবা ভিজাব নোৱৰা হ’ল। আজিকালি তেজীমলাৰ মাহীমাকৰ চুলিবোৰ পিক্সি কাট। এতিয়া লকডাউনত চুলিবোৰ বাঢ়িছে। বাঢ়িছে মানে মুঠিয়াই ধৰিব পৰাকৈ বাঢ়িছে। দুদিনমান তাই চুলিখিনিৰে সৰুতে দেউতাকে মূৰৰ ওপৰত বান্ধি দিয়া ঘড়ীৰ কাঁটা হেন টিকনিডালৰ দৰে টিকনি এডাল বান্ধি থ’লে। টিকনিডাল বান্ধি ছবি আঁকি থাকোঁতে চুলিবোৰ চকুৰ আগলৈ আহি অশান্তি দি থকাৰ পৰা পৰিত্ৰাণ পালে যদিও চুলিখিনিয়ে তাইক মানসিক অশান্তি এটা দি থাকিলে। কিবা এটা যেন বান্ধোন। এৰি থৈ অহা, পুৰণি, এক কোনোবা জন্মৰ চিনাকি চুলিবোৰতে কঢ়িয়াই ফুৰিবলগীয়া কথাটোও কেনে যন্ত্ৰণাদায়ক! পাৰ্লাৰবোৰো বন্ধ হৈ আছিল তাতে। এতিয়া খুলিছে যদিও সকলোৱে তাই বিচৰা ধৰণে চুলিবোৰ কাটিব নোৱাৰে। তাই নিজৰ চিনা-জনা সকলোকে চুলিকোচানো ক’ত কাটিব পাৰি সুধিলে। দহজনে দহটা কথা ক’লে। আজি অৱশেষত ছয়মাইলৰ ওচৰৰ ইউনিচেক্স চেল’ এখনৰ খবৰ পায়, তাই তালৈকে বুলি ওলাইছে। আগষ্ট মাহৰ গৰম। কুকুৰপোৱালিকেইটাৰ কেও মেও আঁতৰাই, ঘৰৰ পৰা ওলাই মূল পথত ভৰি দিয়েই তেজীমলাৰ মাহীমাকে ৰ’দৰ তাপত ছাতিটো মেলি ল’বলগীয়া হ’ল। ছাতিটো মেলিবলৈ লওঁতেই তাই চকা-চমকাকৈ ছোৱালীজনী দেখিলে। শুষ্ক-দুমুখীয়া চুলি সাপৰ নেগুৰৰ দৰে হৈছে, ছালো ফটুৱৈ ফটা যেন হৈছে। আগতকৈ ভালেখিনি ক্ষীণালে। তথাপি তেজীমলাৰ মাহীমাকে চিনাত ভুল নকৰিলে। সেইজনী তাইৰে সতিনীৰ জী- তেজীমলা! তেজীমলাই একো ক’বলগীয়া নহ’ল। সাউদৰ ন-ঘৈণীৰ দুৰ্দান্ত প্ৰতাপৰ খবৰ, আঙুৰলতাৰ আগ বাগৰি তেজীমলাৰ মাহীমাকৰ কাণতো ইতিমধ্যেই পৰিছিল। ভালেই হৈছে, সাউদৰ ন-ঘৈণী আগৰে পৰা গুৰি পোন হৈ আহিছে, ভাল হৈছে। নহ’লে পোন হ’বলৈ তাইকো তেজীমলাৰ মাহীমাকৰ দৰে চিনাকি এটাৰ প্ৰয়োজন হ’লহেঁতেন। তেজীমলালৈ চাই মাহীমাকে সুধিলে, “চুলি কাটিবি?” তাই মূৰ জোকাৰিলে। কাটিব। গোটেই মূৰটোত খজুৱতি। ওকণিয়েই হৈছে নেকি! গোটেই বাটচোৱা উবেৰখনত তাই ৰকহ ৰকহকৈ মূৰটো খজুৱাই থাকিল। তেজীমলাৰ মাহীমাকে তেজীমলাৰ কাৰণে মেডিকেয়াৰ এটা কিনাৰ কথা ভাবিলে। নিমপাত অকণমান পানীত সিজাই সেই পানীৰে মূৰটোও ধুবলৈ দিব লাগিব বুলিও মনতে পাঙি থ’লে।
চেল’খনত সোমাওঁতেই বীজাণুমু্ক্তকৰণৰ প্ৰচেষ্টাত তেজীমলাৰ মূৰৰ পৰা ওকণি কেইটামান থলথলকৈ পৰিল। পানী ছটিওৱা ছোৱালীকেইজনী ‘ইউউ’ বুলি চিঞৰ এটা মাৰি অলপ আঁতৰি গ’ল। থাৰ্মেল স্কেনিঙো যিমান আঁতৰৰ পৰা কৰিব পাৰি সিমান আঁতৰৰ পৰাই কৰিলে। তেজীমলাৰ মাহীমাকৰ হাঁহি উঠিল। লকডাউনত ব্যৱসায়ৰ মণ্ডাৱস্থা কাৰণেহে, নহ’লে তেজীমলাৰ এইটো ৰূপত এইখন দোকানে দুৱাৰৰ পৰাই ঘূৰাই পঠিয়ালেহেঁতেন। কাঠবাদামৰ গাখীৰৰ চাহ নে কফি খাব সোধা মানুহজন যোৱাৰ পিছত মানুহ এজনী সিহঁতৰ ফালে আগবাঢ়ি আহিল। মানুহজনীৰ মুখাৰ মাজেৰে ওলাই থকা ছালখন চিকমিকাই আছিল। তেজীমলাৰ মাহীমাকে চুলি কটোৱাৰ কথা ক’লে। মানুহজনীয়ে চুলি কটা বিশেষজ্ঞকেইজন ইতিমধ্যে ব্যস্ত হৈ আছে বুলি জনালে। তিনিঘণ্টাৰ আগত এজনো আজৰি নহয় বুলি জনাই তাই সেইখিনি সময়তে তেজীমলাৰ মাহীমাকে মুখৰ যতন অকণ কৰাব পাৰে বুলি বিনামূলীয়া উপদেশ এফেৰি দিলে। তেজীমলাৰ মাহীমাকৰ গোটেই গালখন একনেৰে ভৰ্তি হৈ আছে, স্ক্ৰীণখন একেবাৰে ডেমেজ হৈ গৈছে বুলি ইচ-ইচ, আচ-আচ কৰি থাকোঁতেই তাইৰ এইবাৰ তেজীমলালৈ চকু গ’ল। ডিঙিৰে ওলাই আহিব খোজা চিঞৰটো সৌজন্যৰ (পঢ়ক ব্যৱসায়ৰ) খাতিৰতে কোনোমতে লেগাম টানি ৰখালে। চিঞৰটো সামৰি মানুহজনীয়ে এইবাৰ ফটুৱৈ বোৰ এৰুৱাই টেনড বডীত গ্ল’ আনি মডেলৰ দৰে সুন্দৰ কৰিবলৈ তেজীমলাক সম্পূৰ্ণ বডী আৰু হেয়াৰ ৰিজুভিনেট ট্ৰিটমেণ্টৰ কৰ্চ এটা কৰাব লাগিব বুলি মতপোষণ কৰি মোটামুটি খৰচৰ হিচাপ এটাও দাঙি ধৰিলে। এইবোৰৰ লগতে দুয়োৰে দাঁত-চকু নীলাভ বৰণৰ কৰা ট্ৰিটমেণ্টটো সিহঁতে বিনাখৰচতে কৰি দিব বুলি জনাই তাই অকণমান সময় ৰ’ল। হয়তো তথ্যখিনি গ্ৰহণ কৰিব পৰাকৈ তেজীমলাৰ মাহীমাকক তাই অকণমান সময় দিব খুজিলে। তেজীমলাৰ মাহীমাক লকডাউনত ঘৰতে থাকি থাকি অকণমান শকত হৈছে। নেমু আৰু মৌজোল, সেউজীয়া চাহ একোৱেই বুকুৰ আৰু তপিনাৰ ভাজত জমা হোৱা মঙহখিনি আঁতৰাব পৰা নাই। চেণ্ট্ৰেল এচি বন্ধ থকাত গুলুপ মৰা গৰমত তাই এতিয়া অকণমান ঘামিছে। হাতেৰে মুখখন বিচি থাকোঁতেই ইমান গৰম বুলি তাইৰ মুখৰ পৰা ওলাবলৈহে পালে, এইবাৰ মানুহজনীয়ে তাইৰ শৰীৰত বাঢ়ি অহা মঙহৰ বিষয়টোত জঁপিয়াই পৰিল। মঙহ কমিলেই তেজীমলাৰ মাহীমাকৰ গৰম কমি যাব। তেওঁ তেনেই লুধুমী হৈ পৰিছে আৰু তেজীমলা তেনেই দূৰ্ভিক্ষপীড়িত, তাই জনালে। তেজীমলাৰ গাত ২.৪৯ কেজি বেছি মঙহ আৰু মাহীমাকৰ ৩.২০০০২ কেজি কম মঙহ হ’লেই দুয়ো কেলেণ্ডাৰৰ পাতত ওলাব পৰা জোখৰ হ’ব বুলি কোৱাৰ পিছতে অৱশ্যে দুয়োৰে উচ্চতাটো অকণমান কম হ’ল বুলি জনাবলৈয়ো তাই একেবাৰেই নেপাহৰিলে। তেজীমলাৰ মাহীমাকৰ বিৰক্তি উপচি পৰা চকুৰ চাৱনিক সম্পূৰ্ণ অৱজ্ঞা কৰি তাই দুয়োৰে উচ্চতা ৩.৪৪৪৪৪৭ চেমি বেছি ওখ হোৱা হ’লেই একদম চিন্তা নাছিল বুলি বিশ্লেষণ এটা কৰিলে। “তথাপিও আমাৰ জিমৰ মেম্বাৰ হৈ অকণমান ওজন কমিলে মই ট্ৰাই এটা কৰিব পাৰিম।” মানুহজনীয়ে অৱশেষত কথা সামৰিলে। তেজীমলাৰ মাহীমাকৰ কেলেণ্ডাৰৰ পাতত ওলাবলৈয়ো মন নাছিল আৰু ইমান ঋণাত্নক শৰীৰ বিশ্লেষণ কিছুমানেৰে মনটো গধূৰ কৰি লোৱাৰো ইচ্ছা নাছিল। তাই চেল’খনৰ পৰা ওলাই আহিব খোজোতেই, মানুহজনীয়ে ইমান দেৰি দিয়া বিনা পইচাৰ জ্ঞানেৰে দুয়োৰে মন মুহিলোঁ বুলি প্ৰায় নিশ্চিত হৈ ফৰ্ম দুখন উলিয়ালে। “মেডাম, আপোনাৰ আৰু বেবীৰ নেম, ফাডাৰচ নেম এণ্ড নেচেছেৰী ডিটেইলচখিনি ফিল আপ কৰি কেনি সেই চোফাটোতে বহক।” তেজীমলাৰ মাহীমাকৰ হাঁহি উঠিল। নিজৰ নামটো বাৰু তাই তেজীমলাৰ মাহীমাক বুলি লিখিলেই, পিছে তেজীমলাৰ দেউতাকৰ নামটোচোন তাইৰ আজিকালি মনতেই নপৰে। আগৰ জন্মৰ সেই কু-স্মৃতি তাই সমূলঞ্চে পাহৰিলে। এনেতে বিপৰীত দিশৰ দেৱালৰ বিজ্ঞাপনত ওলমি থকা মানুহটোৰ ছবিখনলৈ তাইৰ চকু গ’ল। সাউদৰ হাঁহি মুৱা মুখখন গ্ল’চী কাগজত ছপা হৈ আৰু জিলিকিছে। কাঠবাদাম খাই খাই মানুহটো গাল দুখন বাৰুকৈয়ে জিলিকাইছে। তেজীমলাৰ মাহীমাকৰ বৰকৈ হাঁহি উঠিল। এৰা, মাইকী মানুহৰ চেহেৰা, চকু, মঙহৰ হিচাপ সাউদে নকৰিলে কোনে কৰিব? দীঘল-পোন কঁকাললৈকে পৰা চুলি, নীলাভ চকু, আধা লিটাৰ গাখীৰত নীল এটোপাল দিলে যি ৰং হয় সেই ৰঙৰ ডালিমগুটীয়া দাঁত, বালি ঘড়ী যেন দেহবল্লৱী এইবোৰ নহ’লে যে মাইকী মানুহ মানুহেই নহয়, শাখিনী, কুলটা, কুলক্ষণী হয় এইটো সৰল ঋণাত্মক হিচাপ তেজীমলাৰ মাহীমাকহঁতে মূৰত সুমুৱাই নুফুৰিলে, সাউদৰ ব্যৱসায় মুখথেকেচা খাই নপৰিবনে! সাউদে যেনেকৈ বিচাৰে, বিউটী বিজনেচ তেনেকৈয়ে চলে। বুকুত মঙহ, কঁকালত মঙহ- পাটীৰ তিৰি। সেইবোৰ নাই- কেলেণ্ডাৰ গাৰ্ল। দুয়োৰে কঁকালত কিন্তু সাউদৰে হাত। ইমান দেৰি আগ-গুৰি নোহোৱা কথা কিছুমানেৰে তাইৰ মূৰটো গৰম কৰা মানুহজনীক হতবাক কৰি তেজীমলাৰ মাহীমাকে ডাঙৰকৈয়ে হাঁহি দিলে।
ভি আই পি ৰ’ড হৈ নুনমাটি পোৱালৈকে তেজীমলাৰ মাহীমাকৰ হাঁহি নৰ’ল। তেজীমলা আচৰিত হ’ল। তাইৰ ভালো লাগিল। মাহীমাকৰ হাঁহিৰে ৰ’দালি মুখখন ক’ৰবাত তাইৰ মাকৰ মুখখন যেন লাগিল। ঘৰত থাকোঁতে মানুহজনীয়ে হঁহা নাছিল। মানুহজনী তাইৰ পৰা আঁতৰি আঁতৰি থাকিছিল। তায়ো। মানুহবোৰে ইমান কথা কৈছিল। তাই মানুহজনীক সহজভাৱে লোৱাৰ অৱকাশেই পোৱা নাছিল। মানুহজনীও খোলা এটাত আছিল। হয়তো মাহীমাক বোলা মানুহজনীকো বহুতে বহুত কথা কৈছিল। তেজীমলাই বহুদেৰি মাহীমাকৰ মুখখনলৈকে চাই ৰ’ল। চুটি চুলিৰ, জলহু কাপোৰ পিন্ধা মানুহজনী তাইৰ মাকৰ দৰে, নহয় মাক নহয় বান্ধৱী এজনীৰ দৰে লাগি গ’ল! হিয়া উদঙাই দেখুৱাব পৰা বান্ধৱী এজনী।
নুনমাটিৰ ৰিফাইনেৰীৰ ঠিক সন্মুখতে চেলুন এখন আছে। সেইখিনি পাৰ হওঁতেই হঠাতে হাঁহি সামৰি তেজীমলাৰ মাহীমাকে গাড়ীখন ৰখালে। হতচকিত চালকজনক পইচা-পাতি দি গাড়ীখন বিদায় দিয়াৰ পিছত মাহীমাকে তেজীমলাক আকৌ সুধিলে, “চুলি কাটিবি নে ঘৰলৈ যাবি?” তেজীমলাই আকৌ মূৰ জোকাৰিলে। তাই চুলি কাটিব। ঘৰলৈ যাব নে নেযায়, পিছৰ কথা। পিছত ভাবিব। তেজীমলাৰ মাহীমাকে মিচিকিয়াই হাঁহিলে। সতিনীয়েকৰ জী একেবাৰে তাইৰ ফুটতে উঠিছে। দুয়ো চেলুনৰ ভিতৰ সোমাল। বিহাৰী নাপিতক চুলি কটোৱাৰ কথা ক’লে। বি গ্ৰেড বলীউডী চিনেমাৰ সস্তীয়া গান শুনি শুনি চুলি কটোৱাই, মূৰ মালিচ কৰোৱাই থাকোঁতে হঠাতে তেজীমলাৰ মাহীমাকৰ মনত পৰে, তাইৰ নাম পানেই আছিল। পানেই। হেৰোৱা বুলি ভবা স্মৃতিৰ টুকুৰা এটা ঘূৰাই পালে, যেনেকুৱা স্ফূৰ্তি লাগে, তাইৰো তেনেকুৱাই লাগিল। কিন্তু একালত যিমানেই আপোন নহওক, স্মৃতিটো স্মৃতিয়েই। স্মৃতিৰ পাতত ভূমুকিয়াব পাৰি; কিন্তু ঘূৰি যাব নোৱাৰি। আজি তেজীমলাৰ মাহীমাক চিনাকিটোহে তাইৰ আপোন যেন লাগে।
পাতল মূৰ এটাৰে ঘৰলৈ ওভটাৰ বাটত মাহীমাক আৰু সতিনীয়েকৰ জীয়েক দুয়ো চিচিডিত সোমায়। চ’ক’ চিপচ দিয়া গৰম কফীত চুমুক দি তেজীমলাৰ মাহীমাকে উপলব্ধি কৰে, তাইৰ চুলিখিনিৰ গতি এটা লাগিল। অৱশেষত তেজীমলাৰ মাহীমাকে চুলি কাটিবলৈ ঠাই এটুকুৰা পালে।