গল্প-কবিতা

তেজৰঙী নিচান ।। প্ৰাগজ্যোতি গগৈ

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

মাটিৰে ধোৱা তেজ
অথবা তেজেৰে ধোৱা মাটি
দুয়োটা বেলেগ কথা।

যৌৱনোদীপ্ত তেজবোৰ গোট মাৰি বৰফ হয়
তেজপিয়াৰ দংশনত
মাটিয়ে তেজ নোধোৱে
তেজেৰেহে ধোৱে মাটি
কাৰখানাৰ এলান্ধুময় ধোঁৱাবোৰ গোট মাৰি কফ হয়
চালনীফুটা হাওফাও কঢ়িয়াই ওলমি থাকে
এচটা ৰুটিৰ জীৱন
মাটি অথবা ৰুটিৰ জীৱন।

তাৰ মাজতেই মধ্যবিত্তই গীত ৰচে মাটি মাটি
জীৱন, এৰা! বৰ অনুপম

তাৰ মাজতো প্ৰাণত তেজৰ বসন্ত নামে
ইস্পাতৰ হাতৰ ঠাৰিত তেজৰ খৰস্ৰোতা বান আহে
আশা আছে বাবেই আছে জীৱন
সেই জীৱনে তেজ হৈ তেজৰঙী নিচান ধৰে
মাটি আৰু ৰুটিৰ অধিকাৰ বিচাৰি

Leave a Reply

Your email address will not be published. Required fields are marked *