থমাছ হাৰ্ডি আৰু তেওঁৰ কাব্যিক কল্পনাৰ সৌন্দৰ্য ।। ডাঃ মৃণাল দাস
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
ইংলেণ্ডৰ মহান সাহিত্যিকৰ মাজৰ অন্যতম আছিল থমাছ হাৰ্ডি (১৮৪০–১৯২৮)। তেওঁৰ উপন্যাস—টেছ অৱ দ্য ডি’আৰ্বাৰভিলছ, ফাৰ ফ্ৰম দ্য মেডিং ক্ৰাউড আৰু জুড দ্য অবস্কুৰ বাবে বহুলভাৱে পৰিচিত। তেওঁৰ গদ্যবোৰে শক্তিশালী কাহিনী কোৱাৰ উপৰিও, তেওঁৰ কবিতাত নিহিত হৈ আছিল এক নিস্তব্ধ আৰু গভীৰ সৃষ্টিশীল শক্তি। তেওঁৰ কবিতাবোৰ এক নিৰৱ প্ৰকাশ— অন্তৰ্দৃষ্টিসম্পন্ন, কৰুণ আৰু গ্ৰাম্য জীৱন আৰু মানুহৰ আকাংক্ষাৰ মিশ্ৰণত ডুব যোৱা।
ভিক্টোৰিয়ান ঔপন্যাসিকৰ পৰা আধুনিকতাবাদী কবিলৈ হাৰ্ডিৰ পৰিৱৰ্তনটি অনন্য আৰু উল্লেখযোগ্য। তেওঁৰ উপন্যাসসমূহে খ্যাতি কঢ়িয়াই আনিলেও—বিশেষকৈ সামাজিক বাধা আৰু ব্যক্তিগত হতাশাৰ অতল চিত্ৰণৰ বাবে—তেওঁ কঠোৰ সমালোচনাৰো সন্মুখীন হৈছিল। ১৮৯০ চনৰ আৰম্ভণিতে হাৰ্ডিয়ে প্ৰায় একান্তভাৱে কবিতাৰ ফালে মুখ কৰিলে—যিটো মাধ্যমে তেওঁক হৃদয় আৰু আত্মাৰ ব্যক্তিগত পৰিৱেশ অন্বেষণ কৰিবলৈ অধিক স্বাধীনতা প্ৰদান কৰিছিল।
তেওঁ এবাৰ কৈছিল যে তেওঁ সদায় নিজকে কবি হিচাপেহে প্ৰথম গণ্য কৰিছিল। কথাটো মিছাও নহয়, তেওঁ ঔপন্যাসিক হিচাপে স্বীকৃতি লাভ কৰাৰ বহু আগতেই—১৮৬০ চনৰ পৰাই—কবিতা লিখিছিল। তেওঁৰ প্ৰথমটো কবিতাৰ খণ্ড ৱেছেক্স পয়েমছ (১৮৯৮) জীৱনৰ শেষৰ ফালে আহিছিল যদিও ইয়াৰ ফলত তিনিটা দশকৰ এক চহকী কাব্যিক যাত্ৰাৰ আৰম্ভণি হৈছিল।
হাৰ্ডিৰ কবিতাবোৰ প্ৰায়ে স্মৃতি, হেৰোৱা সময় আৰু জীৱনৰ অদম্য গতিৰ ওপৰত আবদ্ধ। তেওঁৰ ৰচনাত যদিও এক নিস্তব্ধ, সমাহিত দুখ প্ৰতিধ্বনিত হয়—তথাপিও ই কেতিয়াও হতাশাত ভাগি নপৰে। বৰঞ্চ তাত এক কৰুণ সৌন্দৰ্য্য, ক্ষন্তেকীয়া আৰু পাহৰি যোৱা বস্তুৰ প্ৰতি এক শ্ৰদ্ধাৰ অনুৰণনে ভুমুকি মাৰে।
উদাহৰণস্বৰূপে তেওঁৰ অন্যতম প্ৰখ্যাত কবিতা “দ্য ডাৰ্কলিং থ্ৰাছ” (১৯০০)। শতিকাৰ পৰিৱৰ্তনৰ সময়ত লিখা এই কবিতাটোৱে ভিক্টোৰিয়ান যুগৰ ম্লান হৈ অহা সজীৱতাক প্ৰতিফলিত কৰিছে। শীতকালৰ নিৰ্জন প্ৰাকৃতিক দৃশ্যৰ মাজত বক্তাই শুনিছে এটা চৰাইৰ অভাৱনীয় গীত:
At once a voice arose among
The bleak twigs overhead
In a full-hearted evensong
Of joy illimited;
এই শাৰীবোৰত হাৰ্ডিয়ে আমাক এটা ৰহস্যময় আশাৰ মুহূৰ্ত দিছে— মৃত্যুমুখী পৃথিৱীৰ পটভূমিত উঠি অহা এক ভংগুৰ আনন্দ। কবিতাটোৰ পৰা অনুমান কৰিব পাৰি যে হতাশাৰ মাজতো সৌন্দৰ্য অভাৱনীয়ভাৱে স্পন্দিত হৈ উঠিব পাৰে ।
হাৰ্ডিৰ কবিতাক যিটোৱে পৃথক কৰি তুলিছে সেয়া হ’ল ইয়াৰ গভীৰ ব্যক্তিগত সুৰ। তেওঁ প্ৰায়ে নিজৰ অভিজ্ঞতা নিজেই সংশ্লেষিত ৰপত প্ৰকাশ কৰিছিল—বিশেষকৈ তেওঁৰ প্ৰথম পত্নী এমাৰ মৃত্যুৰ পাছত ১৯১২–১৩ চনৰ কবিতাত। ইংৰাজী সাহিত্যৰ আটাইতকৈ মন চুই যোৱা কাব্যগাথাৰ ভিতৰত অন্যতম এইসমূহ, শোকক এক যন্ত্ৰণাদায়ক অন্তৰংগতাৰে ধৰি ৰাখিছে এই কবিতাসমূহে। “দ্য ভইচ”ত তেওঁ কল্পনা কৰে যে তেওঁ কবৰৰ সিপাৰৰ পৰা এমাই তেওঁক মাতি থকা শুনিছে:
Woman much missed, how you call to me, call to me, Saying that now you are not as you were When you had changed from the one who was all to me, But as at first, when our day was fair. ইয়াত হাৰ্ডিৰ পদ্যটো হৈ পৰিছে স্মৃতি আৰু আকাংক্ষাৰ এক প্ৰতিধ্বনিৰ কক্ষ, য’ত অতীত সজীৱ আৰু বেদনাদায়কভাৱে প্ৰাঞ্জল হৈ পৰিছে।
ডৰচেটৰ স্থানীয় লোক হিচাপে হাৰ্ডিয়ে ইংৰাজী গ্ৰাম্য অঞ্চলত সান্ত্বনা আৰু প্ৰতীকী দুয়োটাকে পাইছিল। তেওঁৰ কল্পিত “ৱেচেক্স”ৰ পৰিৱেশ তেওঁৰ কবিতাসমূহৰ এক পুনৰাবৃত্তিমূলক পৰিৱেশলৈ পৰিণত হয়—যেন প্ৰকৃতিৰ ছন্দৰ মাজত সি হৈ পৰে মানৱ-জীৱনৰ নাটকৰ পৌৰাণিক ৰংগমঞ্চ। হাৰ্ডিৰ কবিতাৰ প্ৰাকৃতিক দৃশ্য কেতিয়াও কেৱল নিৰ্জীৱ পটভূমি নহয়—এইবোৰে যেন বহন কৰি আনে চৰিত্ৰ, আবেগ, ঐতিহাসিক সাক্ষ্য আৰু সময়ৰ আঁচোৰ।
এলিয়ট আৰু এজ্ৰা পাউণ্ডে তেওঁৰ সংগীতময়তা আৰু অতল আৱেগিক সততাক প্ৰশংসা কৰিছিল। আজিও তেওঁৰ কবিতাবোৰ নিস্তব্ধ শক্তি, দাৰ্শনিক গভীৰতা আৰু অসাধাৰণ সংবেদনশীলতাৰ বাবে প্ৰোজ্জ্বল হৈ আছে।

