অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

থমাছ পেইন (উপাসনা বৰদলৈ)

“পৃথিৱীখন মোৰ দেশ, মানৱতা মোৰ ভাতৃ আৰু পুণ্য কৰাটো মোৰ ধৰ্ম।“
~থমাছ পেইন

থমাছ পেইন : চিন্তাত যাৰ আছিল বিপ্লৱৰ অগ্নি

মানৱ-জাতিৰ ইতিহাস হৈছে সংগ্রামৰ ইতিহাস। সংগ্রামেই হৈছে মানৱ-সমাজৰ অগ্রগতিৰ মূল নিৰ্ণায়ক নেপথ্য-শক্তি। আদিতে তেনে সংগ্রাম ঘাইকৈ আছিল প্রতিকূল প্রকৃতিত বৰ্তি থকাৰ জীৱন-মৰণ সংগ্রাম। পাছলৈ যেতিয়া সমাজখন শ্রেণীৰ ভিত্তিত বিভক্ত হৈ পৰিল, তেতিয়াৰে পৰা অন্য এটা দিশেও মানৱ-ইতিহাসৰ ৰংগমঞ্চত প্রৱেশ কৰিলে। সেইটো হৈছে শ্রেণী-সংগ্রাম। সমাজৰ বিভিন্ন শ্রেণীৰ মাজত স্বাভাৱিকতেই দ্বন্দ্বৰ উদ্ভৱ আৰু বিস্তাৰ ঘটিল। কালক্রমত তেনে দ্বন্দ্ব হৈ পৰিল ইতিহাসৰ প্রধান চালিকাশক্তি। বস্তুনিষ্ঠ ইতিহাস-অধ্যয়নে দেখুৱাই দিয়ে যে ইতিহাসৰ দীৰ্ঘ পথৰ আলি-কেঁকুৰিসমূহত তেনে দ্বন্দ্বই সাধাৰণতেই প্রকট শ্রেণীসংগ্রামৰ ৰূপ ধাৰণ কৰে। ক্ষমতাৰ হস্তান্তৰ ঘটে বিদ্রোহ-বিপ্লৱৰ পৰিণতি স্বৰূপে।

গতিকে দেখা যায়, মানুহৰ ইতিহাস মানুহে নিজেই নিৰ্মাণ কৰে। বিভিন্ন শ্রেণীৰ মাজৰ অবিৰত সংঘাতেই হৈছে এই ইতিহাসৰ মূল চালিকাশক্তি। তেনে সংঘাত প্রায়েই ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, ধৰ্ম আদি বিভিন্ন প্রপঞ্চৰ মাজেদি আত্মপ্রকাশ কৰে। সংঘাতৰ তীব্রতাই দিয়ে নতুন যুগৰ অভ্যুদয়ৰ আগজাননী। তেনে যুগসন্ধিক্ষণে জন্ম দিয়ে একো একোজন বিপ্লৱী চিন্তানায়কক, একো একোজন বিপ্লৱী কৰ্মযোগীক। তদানীন্তন যুগটোৰ সংগ্রাম আৰু আন্দোলন মূৰ্ত হয় তেনে যুগন্ধৰ প্রতিভাসকলৰ চিন্তা আৰু কৰ্মত। তেনে যুগনায়কসকলৰ কৰ্ম আৰু চিন্তাই আকৌ সামাজিক আন্দোলনকো নতুন দিশ আৰু গতি প্রদান কৰে। সমস্যাত আকন্ঠ ডুব যোৱা সমাজ ব্যৱস্থাক নিজ জ্ঞান, উদ্যম আৰু নেৰানেপেৰা চেষ্টাৰে বহুজনে উদ্ধাৰ কৰাৰ উদাহৰণ ইতিহাসত স্পষ্ট। ইতিহাসত সোণোৱালী আখৰেৰে লিপিবদ্ধ সেই প্ৰতিজন মনীষীৰ কৰ্মৰাজি। সেইসকলৰ অন্যতম আছিল মাৰ্কিন ৰাজনীতিবিদ, দাৰ্শনিক, বিপ্লৱী থমাছ পেইন।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপক নেতাসকলৰ অন্যতম, দুখনকৈ প্ৰভাৱশালী আলোচনীৰ নিয়মিত লেখক আৰু মাৰ্কিন বিপ্লৱৰ প্ৰধান গুৰি ধৰোতা পেইন আছিল একাধাৰে সক্ৰিয় ৰাজনৈতিক কৰ্মী, দাৰ্শনিক আৰু সংবাদকর্মী। ১৭৩৭ চনৰ ৯ ফেব্ৰুৱাৰীত ব্ৰিটেইনৰ থেটফ’ডত জন্ম গ্ৰহণ কৰিছিল থমাছ পেইনে। পিতৃ য’চেফ পেছা অনুযায়ী কৃষক আছিল। লগতে তেওঁৰ আছিল জাহাজত ব্যৱহৃত হোৱা ৰছী তৈয়াৰ কৰাৰ ব্যৱসায়। ১৭৪৪ চনৰ পৰা ১৭৪৯ চনলৈ পেইনে থেটফ’ৰ্ড গ্ৰামাৰ স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। পেইনৰ জীৱনটো আছিল সমস্যাৰে ভৰা।১৭৫৯ চনৰ ২৭ ছেপ্টেম্বৰত পেইন মেৰী লেমবাৰ্টৰ সৈতে বিবাহপাশত আবদ্ধ হয়।ঠিক তাৰ পাছতেই তেওঁৰ ৰছী তৈয়াৰ কৰাৰ যি ব্যৱসায় আছিল, তাৰ অৱনতি ঘটিল। তেওঁলোকৰ প্ৰথমটো সন্তান প্ৰসৱৰ সময়ত জটিলতাৰ সন্মুখীন হৈ পত্নী মেৰী আৰু সন্তানটোৰ মৃত্যু ঘটিল। ইয়াৰ পাছতেই ১৭৬১ চনৰ জুলাইত পেইন থেটফ’ৰ্ডলৈ ঘূৰি আহে। কেইবাটাও চাকৰিৰ সালসলনিৰ পাছত পেইন লিৱিছলৈ আহে য’ত তেওঁ বিভিন্ন সামাজিক সংগঠনৰ সদস্য হিচাপে কাম কৰে। ১৭৭১ চনত ৩৪ বছৰ বয়সত তেওঁ এলিজাবেথ অলিভৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৭৭২ চনত পেইনে আবকাৰী বিষয়া হিচাপে যোগদান কৰে আৰু সেই সময়ছোৱাতে তেওঁ ‘কেছ অব দ্য অফিচাৰছ অব এক্সাইজ’ নামৰ এটা প্ৰবন্ধ লিখি উলিয়ায়। সেয়া তেখেতৰ ৰাজনৈতিক কৰ্মজীৱনৰ প্ৰথম পদক্ষেপ আছিল। তাৰ পাছত পেইন সন্মুখীন হয় কেইটিমান গুৰুতৰ সমস্যাৰ। ১৭৭৪ চনত পেইনক অনুমতি নোলোৱাকৈ কৰ্মস্থলত অনুপস্থিত থকাৰ হেতুকে আবকাৰী বিভাগৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। সেই বছৰৰে জুন মাহত পেইন আৰু এলিজাবেথ অলিভৰ আনুষ্ঠানিক বিবাহ-বিচ্ছেদ ঘটে।

উক্ত ঘটনাৰ পাছতেই পাছতেই পেইন লণ্ডনলৈ আহে। লণ্ডনত বেঞ্জামিন ফ্ৰেংকলিনৰ সৈতে তেওঁৰ পৰিচয় ঘটে। ফ্ৰেংকলিনৰ সহায়তেই পেইন তেতিয়াৰ ইংৰাজৰ উপনিৱেশ আমেৰিকালৈ যায়। তেতিয়া আমেৰিকাত ইংৰাজৰ বিৰুদ্ধে স্বাধীনতাৰ সংগ্রাম অতি তীব্র হৈ উঠিছিল।  পেইনে সেই সংগ্রামখনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ১৭৭৫ চনৰ মাৰ্চ মাহত পেইন ‘পেনচিলভেনিয়া মেগাজিন’ৰ সম্পাদকৰ পদত অধিষ্ঠিত হয় আৰু ইয়াৰ যোগেদিয়ে তেওঁ এক শক্তিশালী ৰাজনৈতিক দৃষ্টিকোণৰ আৰম্ভণি ঘটায়। তেওঁ সেই আলোচনীখনৰ জৰিয়তে আমেৰিকানসকলৰ মাজত শিক্ষাৰ প্ৰসাৰেৰে নৈতিকতাৰ জ্ঞান আৰু অনুশীলন ঘটোৱাৰ প্ৰচেষ্টা চলায়। উক্ত আলোচনীখনত প্ৰকাশ হোৱা পেইনৰ ‘আফ্ৰিকান শ্লেভাৰী ইন আমেৰিকা’ শীৰ্ষক ৰচনাখনে যথেষ্ট চৰ্চা লাভ কৰে, য’ত তেওঁ দাসত্ব প্ৰথাক শক্তিশালী ভাষাৰে আক্রমণ কৰে। ১৭৭৭ চনত, পেইনে বৈদেশিক পৰিক্ৰমাৰ কংগ্রেছনেল কমিটিৰ সম্পাদকৰ আসন গ্ৰহণ কৰে। তেওঁ ‘বেংক অব নৰ্থ আমেৰিকা’ৰ পুঁজি গঠন প্ৰক্ৰিয়াত সহায় আগবঢ়াইছিল। কিন্তু কিছুসংখ্যক লোকৰ সৈতে আভ্যন্তৰীণ সংঘাতৰ সূত্ৰপাত হোৱাত পেইনক কমিটিখনৰ পৰা অব্যাহতি দিয়া হয়। সেয়া আছিল ১৭৭৯ চনৰ কথা। ১৭৮৩ চনত পেইনে নিউ জাৰ্চিৰ ব’ৰডেনটাউন চিটিত ঘৰ এটা ক্ৰয় কৰে আৰু মৃত্যুৰ সময়লৈকে তাতেই মূল গৃহ হিচাপে বাস কৰিবলৈ লয়।

পেইনৰ প্রতিভা আছিল বহুমুখী। ১৭৮৭ চনত পেইনৰ আৰ্হি অনুযায়ী ফিলাডেলফিয়াত এখন দলং নিৰ্মাণ কৰা হয়। সেই সময়ছোৱাতে তেওঁ লোৰ দলঙৰ নিৰ্মাণকাৰ্যৰ কৰ্মসূত্ৰে পেৰিছলৈ ৰাওনা হয়। সেই বছৰটোৰ শেষৰ ফালে পেইন পেৰিছৰ পৰা লণ্ডনলৈ উভতি আহে। তাৰ পিছতেই তেওঁ এখন আলোচনী প্ৰকাশ কৰি উলিয়ায়। সেই সময়ত ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজৰ সংঘাত তুংগত উঠিছিল। পেইনৰ ৰাজনীতিৰ বিশ্লেষণসমূহে ব্ৰিটিছ মন্ত্ৰণালয়ক ফ্ৰান্সৰ সৈতে যুদ্ধৰ ফলাফলসমূহৰ বিষয়ে পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। ১৭৮৯ চনত ফৰাচী বিপ্লৱৰ সূত্ৰপাত ঘটাৰ পাছত পেইন ফ্ৰান্সলৈ যায়। পেৰিছত পেইনৰ প্ৰভাৱ আছিল যথেষ্ট। পেইন ফৰাচী বিপ্লৱৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আছিল। ফ্ৰান্সৰ বিপ্লৱত উল্লেখনীয় অৱদান আছিল তেওঁৰ। তেওঁৰ ‘ৰাইটছ অব মেন’ শীৰ্ষক গ্ৰন্থ এখন প্ৰকাশ পায় ১৭৯১ চনৰ ১৩ মার্চত, যিখন ৰাজতন্ত্ৰ আৰু পাৰম্পৰিক সামাজিক অনুষ্ঠানবোৰক তচ-নচ কৰিব পৰাকৈ শক্তিশালী আছিল। চৰকাৰী হস্তক্ষেপ সত্ত্বেও, পেইনে ১৭৯২ চনত ‘ৰাইটছ অব মেন’ৰ দ্বিতীয় খণ্ডটো প্ৰকাশ কৰি উলিয়ায়।

ফৰাচী বিপ্লৱৰ উৎসাহী সমৰ্থক পেইনক ফ্ৰান্সৰ সন্মানীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল। ফ্ৰান্স গণৰাজ্যৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণৰ দায়িত্বত থকা ৯-জনীয়া সমিতিৰ অন্যতম আছিল পেইন। কিছুসংখ্যক ৰাজনৈতিক উপদলৰ ৰোষত পৰি পেইন ১৭৯৩ চনৰ ডিচেম্বৰত কাৰাৰুদ্ধ হ’ব লগা হৈছিল। ১৭৯৪ চনত পেইনক কাৰাবাসৰ পৰা মুক্তি দিয়া হয়।

১৮০২-১৮০৩ চনত পেইন ফ্ৰান্সৰ পৰা যুক্তৰাষ্ট্রলৈ ওভতে। ১৮০৯ চনৰ ৮ জুনৰ পুৱা ৭২ বছৰ বয়সত পেইনৰ ঘটনাবহুল জীৱনৰ সমাপ্তি ঘটে।

পেইনৰ যুগটোক প্ৰবুদ্ধিৰ যুগ বোলা হয়। সেই সময়ত ইংৰাজ আৰু আমেৰিকানসকলে ৰাজতন্ত্ৰ আৰু সমাজৰ সৈতে জড়িত জটিল সমস্যাবোৰৰ সমাধান বিচাৰিছিল। পেইনে এই সকলোবোৰ প্ৰশ্নৰনিজা সমাধান আগবঢ়াইছিল। তেওঁ নিজৰ আদর্শসমূহ বিভিন্ন ৰচনাৰ যোগেদি দাঙি ধৰিছিল। অষ্টাদশ শতিকাৰ তেওঁৰ বহুপঠিত কৰ্মৰাজিৰ অন্যতম আছিল ‘কমন ছেন্স’, ‘ৰাইটছ অব মেন’ আৰু ‘দ্য এ’জ অব ৰিজন’। ‘কমন ছেন্স’ত দেখা যায় আমেৰিকানসকলক নিজ স্বাধীনতা প্ৰাপ্তিৰ অৰ্থে ইংৰাজৰ বিপক্ষে যুঁজ দিবলৈ কৰা পেইনৰ আহ্বান। ‘ৰাইটছ অব মেন’ত তেওঁ ফৰাচী বিপ্লৱৰ সমালোচকসকলৰ বিৰুদ্ধে ওকালতি কৰিছিল। ‘দ্য এ’জ অব ৰিজন’ত পেইনে প্ৰতিফলিত কৰিছে ব্যক্তিৰ ধৰ্মীয় অধিকাৰক, যি কোনোধৰণৰ অনুমোদনৰ তলতীয়া নহয়। দাসত্ব প্ৰথাৰ বিৰোধিতা কৰি প্ৰস্তুত কৰা তেওঁৰ লেখাবোৰে বৈপ্লৱিক চিন্তাধাৰাৰ উন্মেষ ঘটাইছিল জনগণৰ মনত। ‘আফ্ৰিকান শ্লেভাৰি ইন আমেৰিকা’ শীৰ্ষক প্ৰবন্ধটোত দাসত্ব প্ৰথাৰ ধ্বংস সন্দৰ্ভত পেইনে কৰা বিশ্লেষণ প্ৰথমবাৰৰ বাবে দেখা পোৱা যায়।

থমাছ পেইন এগৰাকী অতিশয় শক্তিশালী ব্যক্তিত্বসম্পন্ন লোক আছিল। তেওঁৰ সান্নিধ্যই আনকো প্ৰবুদ্ধ কৰিছিল। তেওঁৰ মেধাশক্তি আছিল প্ৰখৰ। তেওঁৰ এজন আমেৰিকান অনুগামীয়ে এবাৰ উল্লেখ কৰিছিল, “তেওঁৰ মগজুটো এটা সুমথিৰাৰ দৰে আছিল- প্ৰতিটো বিষয়ৰ বাবে যেন পৃথক পৃথক কুঠৰি আছিল তাত!” থমাছ পেইন মানৱতাপ্ৰেমী, দুখীয়াৰ প্ৰতি দানশীল ব্যক্তি আছিল। মূলতঃ মানৱতা, ভাতৃত্ববোধ, দয়াশীলতা পেইনৰ জীৱনৰ মূলমন্ত্ৰ আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *