জয়ন্ত বিষ্ণু নাৰ্লিকাৰঃ জ্যোতি পদাৰ্থবিদ আৰু …. ।।পৰমানন্দ মহন্ত
মুক্ত চিন্তা । ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা
১৯৬৫ চনত মাত্ৰ ২৬ বছৰ বয়সতে ভাৰতৰ তৃতীয় সবোৰ্চ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ প্ৰাপক জয়ন্ত বিষ্ণু নাৰ্লিকাৰ তেতিয়া ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষক৷ কিংছ কলেজৰ সন্মানীয় সদস্য (fellow) আৰু জ্যোতি পদাৰ্থবিজ্ঞানৰ এগৰাকী উজ্জল তাৰকা৷ শিক্ষাগুৰু স্ৰেড হয়লেৰে লগ লাগি তেওঁ উদ্ভাৱন কৰিলে মহাকৰ্ষণৰ এক বিকল্প তত্ত্ব,— আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ বিপৰীতে৷ এই সূত্ৰৰ সহায়েৰে বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ বিকল্প — স্থিৰ-অৱস্থা-বিশ্বব্ৰহ্মাণ্ড তত্ত্বৰ গাণিতিক বৰ্ণনা ৰূপায়িত হ’ল৷ বহুলভাৱে সমৰ্থিত মহানাদ (Big Bang) তত্ত্বৰ তুলনাত স্থিৰ-অৱস্থা-বিশ্বব্ৰহ্মাণ্ড তত্ত্ব সম্প্ৰতি নিস্প্ৰভ হৈ পৰিলেও ২০০২ চন পৰ্যন্ত এই তত্ত্বৰ সংশোধনেৰে ইয়াৰ উন্নত ৰূপ দিয়াৰ ক্ষেত্ৰত জয়ন্ত নাৰ্লিকাৰে আগভাগ লৈছিল৷ তেওঁৰ অন্যান্য উল্লেখযোগ্য বৈজ্ঞানিক গৱেষণাৰ বিষয়সমূহৰ ভিতৰত মাচ সূত্ৰ (Mach principle), কোৱাণ্টাম বিশ্ব-ব্ৰহ্মাণ্ড তত্ত্ব, দূৰত্ব-ক্ৰিয়া-পদাৰ্থ বিজ্ঞান (action-at-a-distance Physics), দূৰ দিগন্তৰ শক্তিশালী বিকিৰণকাৰী জ্যোতিস্ক কোৱাজাৰ, কৃষ্ণ-গহ্বৰ আদিয়েই প্ৰধান৷ তদুপৰি, ১৯৯৯ চনৰ পৰা তেওঁৰ নেতৃত্বত বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকৰ দল এটাই মহাকাশ সম্বন্ধীয় পৰীক্ষামূলক গৱেষণা এলানি সম্পন্ন কৰি আহিছে৷ বায়ুমণ্ডলৰ প্ৰায় ৪১ কিঃমিঃ উচ্চতাৰ পৰা বায়ুৰ নমুনা সংগ্ৰহ কৰি ইবোৰত অনুজীৱৰ অনুসন্ধান কৰি ২০০১ আৰু ২০০৫ চনত জীৱিত কোষ আৰু বেক্টেৰিয়াৰ উপস্থিতি ধৰা পেলাইছিল৷ ইয়াৰ সহায়েৰে পৃথিৱীত প্ৰাণীৰ উদ্ভৱৰ বিকল্প তত্ত্ব এটাও আগবঢ়োৱা হৈছিল৷
এইসমূহ থোৰতে ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ বৈজ্ঞানিক গৱেষণাৰ বিষয়বস্তু আৰু কৃতিত্ব৷ নাৰ্লিকাৰৰ জন্ম ১৯৩৮ চনৰ ১৯ জুলাইত কোলাপুৰত, পিতৃ বানাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক বিষ্ণু বসুদেৱ নাৰ্লিকাৰ — এখেত প্ৰখ্যাত গণিতজ্ঞ আৰু ইতিহাসবিদ ডি.ডি কোচাম্বিৰো বন্ধু আৰু মাতৃ সুমতি নাৰ্লিকাৰ এগৰাকী সংস্কৃত পণ্ডিত৷ বানাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে বি.এছচি মহলাত উত্তীৰ্ণ হৈ পিতৃৰ পদাংক অনুসৰণ কৰি ১৯৫৭ চনত নাৰ্লিকাৰে ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়য়লৈ উচ্চ শিক্ষাৰ্থে গৈ তাৰপৰাই ১৯৬০ চনত গণিতৰ ৰেংলাৰ পদবীৰে বি.এ, ১৯৬৩ চনত পি.এইচ.ডি, ১৯৬৪ চনত এম.এ আৰু ১৯৭৬ চনত ডি.এছ.চিৰে বিভূষিত হয়৷ ১৯৬০ চনত জ্যোতিৰ্বিজ্ঞানৰ টাইচন মেডেল, ১৯৬২ চনত স্মিথ বঁটা, ১৯৬৭ চনত স্মিথ বঁটা, ১৯৬৭ চনত আদামচ্ বঁটা লাভ কৰি ১৯৬৩-৭২ চনলৈ কিংছ্ কলেজৰ সন্মানীয় সদস্য (Fellow) হৈ গৱেষণা কৰি থাকে৷ ১৯৬৫-৭২ চন পৰ্যন্ত তেওঁ বিশিষ্ট জ্যোতি পদাৰ্থবিদ ফ্ৰেডহয়লৰ নেতৃত্বত স্থাপিত হোৱা ইনষ্টিটিউট অৱ থিওৰিটিকেল এষ্ট্ৰন’মিৰ অন্যতম প্ৰতিস্থাপক সদস্য হৈ কাৰ্যনিৰ্বাহ কৰে৷ মুম্বাইৰ প্ৰখ্যাত গৱেষণা অনুষ্ঠান টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেেল ৰিচাৰ্চৰ (TIFR) অধ্যাপকৰ পদত নিযুক্তি লাভ কৰি ১৯৭২ চনত তেওঁ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে৷
টি. আই. এফ. আৰ.ত তাত্ত্বিক জ্যোতিপদাৰ্থবিজ্ঞানৰ গোটটোৰ নেতৃত্ব দি ইয়াক আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তুলিলে নাৰ্লিকাৰে৷ ১৯৮৮ চনত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুৰোধমৰ্মে পুনেত আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান কেন্দ্ৰ (IUCAA) প্ৰতিষ্ঠা কৰি পৰৱৰ্তী কালত ইয়াক এটা আন্তৰ্জাতিক স্তৰৰ উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীত কৰে৷ ২০০৩ চনত এই অনুষ্ঠানৰ অধ্যক্ষ পদৰপৰা অৱসৰ লোৱাৰ পাছতো এমেৰিটাছ অধ্যাপকৰূপে অনুষ্ঠানটোৰ লগত তেওঁ ওতপ্ৰোতভাৱে জড়িত হৈ ৰয়৷
IUCAA এনে এটা অনুষ্ঠান য’ত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞানৰ উচ্চস্তৰীয় শিক্ষা দিয়া আৰু গৱেষণা কৰাই নহয়, ইয়ালৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহি এমাহ, দুমাহৰ প্ৰশিক্ষণ লোৱাৰ সুবিধা আছে৷ উদ্দেশ্য এদল গৱেষণাৰ প্ৰতি ইচ্ছুক ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ গৱেষণাৰ বাবে প্ৰণোদিত কৰি তোলা৷ তদুপৰি, অনুষ্ঠানৰ তৰফৰ পৰা লোকবোধ্য বক্তৃতা, বিভিন্ন কৰ্মশালা আদিৰো আয়োজন কৰা হয়৷ ভাৰতৰ যিকোনো বিশ্ববিদ্যালয়ৰ শিক্ষকে ইয়াত গৱেষণা কৰাৰ সুবিধা লাভ কৰে৷
তেওঁৰ মাৰাঠী ভাষাত ৰচিত কিতাপখনৰ নাম ‘পষ্টকাৰ্ডাৰ্ডিন বিজ্ঞান’ (পষ্টকাৰ্ডযোগে বিজ্ঞান)। প্ৰকাশ কৰিছে মাৰাঠী বিজ্ঞান পৰিষদ নামৰ অনুষ্ঠানটোৱে — অসম বিজ্ঞান সমিতিৰ নিচিনাকৈ এই অনুষ্ঠানটোৱে মহাৰাষ্ট্ৰত বিজ্ঞানৰ প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আহিছে৷ কিতাপখন সঁচাসচিকৈ প’ষ্টকাৰ্ডত লিখা বিজ্ঞানৰ প্ৰশ্নৰ চুটি উত্তৰৰ সংকলন৷ নাৰ্লিকাৰে বিজ্ঞানৰ প্ৰচাৰৰ কামত নিজকে লিপ্ত কৰিছিল কেমব্ৰিজত থকা দিনৰে পৰাই— ১৯৬০ চনতে লণ্ডনৰ Discovery নামৰ আলোচনীত জ্যোতিৰ্বৈজ্ঞানিক বিষয়ৰ সম্পৰ্কে সাধাৰণ মানুহে বুজিব পৰাকৈ লিখা প্ৰৱন্ধটোৱে বহুতৰ পৰা প্ৰশংসা পাইছিল৷ তাৰ পিছৰ পৰা New Scientist নামৰ বিখ্যাত আলোচনীখনেও তেওঁৰ পৰা খুজি নি ভালেমান বৈজ্ঞানিক প্ৰৱন্ধ প্ৰকাশ কৰিছিল৷ কেমব্ৰিজত থকাৰ কালছোৱাত তেওঁ স্কুল-কলেজৰ ছাত্ৰৰ নিমন্ত্ৰণক্ৰমে বিজ্ঞানৰ লোকবোধ্য বক্তৃতা দি সমাদৃত হৈছিল৷ ভাৰতলৈ অহাৰ পাছতো তেওঁৰ ৰাজহুৱা বক্তৃতা প্ৰদানৰ ধাৰাত যতি নপৰিলে, বৰঞ্চ হিন্দী, ইংৰাজী আৰু মাতৃভাষা মাৰাঠীত তেওঁ দেশৰ বিভিন্ন স্থানত বক্তৃতা দিছিল আৰু অলেখ প্ৰৱন্ধ-পাতিও ৰচনা কৰিছিল৷ তেওঁৰ লোকবোধ্য বক্তৃতাৰ সোৱাদ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো উপভোগ কৰিছিলোঁ — ২০০২ চনৰ নৱেম্বৰ মাহত তেওঁ তিনিদিন ধৰি বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অতিথি বক্তা হৈছিলহি৷ আমি ‘সহস্ৰাব্দ বক্তৃতা’ নাম দি পদাৰ্থ বিজ্ঞানৰ দুটামান বিষয়ৰ ওপৰত বক্তৃতাৰে নতুন সহস্ৰাব্দক আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছিলোঁ, নাৰ্লিকাৰ আছিল ইয়াৰ দ্বিতীয়জন বক্তা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ৰংঘৰ’ প্ৰেক্ষাগৃহত দিয়া বক্তৃতাটো সেই সময়ত ছাত্ৰ-ছাত্ৰী আৰু গৱেষক, শিক্ষক সকলোৱে উপভোগ কৰিছিল৷ যি কি নহওক, ওপৰত উনুকিওৱা ‘প’ষ্টকাৰ্ড যোগে বিজ্ঞান’খন নাৰ্লিকাৰৰ আন এক উদ্ভাৱনী চমৎকাৰ— বিজ্ঞানৰ প্ৰতি স্পৃহা জন্মোৱাৰ সৃষ্টিমূলক প্ৰয়াস৷ তেওঁ বক্তৃতা শুনা ল’ৰা-ছোৱালীয়ে যেতিয়া তেওঁৰ স্মৃতিস্বাক্ষৰ (autograph) বিচাৰি হেতা-ওপৰা লগায়, তেওঁ এটা চৰ্ত বান্ধিহে স্মৃতিস্বাক্ষৰ দিবলৈ ল’লে৷ চৰ্তটো হ’ল যে স্মৃতিস্বাক্ষৰ লোৱাজনে প’ষ্টকাৰ্ডত বিজ্ঞানৰ প্ৰশ্ন এটা সুধি নাৰ্লিকাৰলৈ পঠিয়াব লাগিব, আৰু ইয়াৰ উত্তৰ তেওঁ প’ষ্টকাৰ্ডৰ জৰিয়তেই দিব৷ এই ব্যৱস্থাৰ সঁহাৰি আছিল অভূতপূৰ্ব— তাৰে বছা বছা প্ৰশ্ন উত্তৰসমূহৰ এটা সংগ্ৰহেই উপৰোক্ত কিতাপখন৷ সমাজত বিজ্ঞানৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কিমান হাবিয়াস থাকিলে এজন ব্যস্ত পেছাদাৰী খ্যাতনামা বিজ্ঞানীয়ে এনে কামত সময় খৰচ কৰিব, ভাৱিলে তৱধ মানিব লাগে আৰু শ্ৰদ্ধাত মূৰ দোঁ খাই যায়৷
তেনেই নিৰহংকাৰী আছিল এই বিজ্ঞানীগৰাকী, কথা-বতৰা পাতিবলৈ সাধাৰণ লোকেও অকণো সংকোচ নকৰে যেন লাগে৷ মিহি মিহি অনুচ্চ স্বৰেৰে দিয়া তেওঁৰ ভাষণ শুনি শ্ৰোতা মুগ্ধ হৈছিল আৰু কিবা নতুন কথা শিকা বুলি আপ্লুত হোৱা যেন লাগিছিল৷ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ উপৰিও শিক্ষা, ধৰ্ম আৰু বিজ্ঞানৰ ইতিহাস সম্পৰ্কেও তেওঁ লেখা-মেলা কৰিছিল৷ ‘‘বেদত আধুনিক বিজ্ঞানৰ সকলো কথাই আছে’’ ধৰণৰ উপৰোৱা দায়িত্বহীন বক্তব্য তেওঁ সহ্য নকৰিছিল আৰু ৰুচিসন্মতভাৱেই নিখুঁত যুক্তিৰে এনেবোৰ উক্তিৰ সজোৰে বিৰোধিতা কৰিছিল৷ এইটো নহয় যে বেদৰ সকলো কথা তেওঁ উলাই কৰিছিল, সন্মান সহকাৰে বহুত কথা আলোচনা কৰিছিল৷ পৌৰাণিক ভাৰতৰ বৈজ্ঞানিক উদ্ভাৱনৰ কথা ক’বলৈ গৈ তেওঁ গণিত, জ্যোতিৰ্বিদ্যা, এলজেব্ৰা আৰু চিকিৎসা সম্পৰ্কীয় কেতবোৰ উল্লেখযোগ্য অৱদানৰ কথা গৌৰৱেৰে উল্লেখ কৰিও এটা সাৱধানবাণী শুনাই থৈছে এইবুলি– ‘বিজ্ঞানৰ সকলো আধুনিক আৱিস্কাৰ বৈদিক মূলৰ বুলি কৰা দাবী বৈজ্ঞানিক বিচাৰত নৰজে৷ আচলতে এনে জাতীয় দাৱীয়ে পৌৰাণিক ভাৰতত উদ্ভৱ হোৱা কিছুমান আচল আৱিস্কাৰৰ পৰা মনোযোগ আঁতৰাই প্ৰতিফলোদ্ভাৱক (Counter Productive) হিচাপেহে ক্ৰিয়া কৰে৷’’
‘বৈদিক গণিত’ নাম দি যি ‘জাতীয়’ গণিত শিকোৱাৰ সম্পৰ্কে উৎসাহ প্ৰদৰ্শন কৰা হৈছে সেইয়া সম্পূৰ্ণ নস্যাৎ কৰি তেওঁ মন্তব্য কৰিছে এইবুলি, ‘‘আশাকৰোঁ অচিৰেই শুভবুদ্ধিৰ উদয় হ’ব আৰু এই বিষয়ে কোনেও কেতিয়াও উচ্চ-বাচ্য নকৰিব৷’’
একেদৰে ভাৰতীয় শিক্ষা ব্যৱস্থাত জ্যোতিষ শাস্ত্ৰৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ বিপক্ষেও তেওঁ আছিল সৰৱ৷
ভাৰতীয় বিজ্ঞানে আশানুৰূপ উৎকৰ্ষ লাভ কৰাত ব্যৰ্থ হোৱাৰ সম্পৰ্কে তেওঁৰ এটা গুৰুত্বপূৰ্ণ মত হ’ল যে স্বাধীনতাৰ পিছতে বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ গৱেষণা আগুৱাই নিবলৈ অনেক গৱেষণাগাৰ স্থাপন কৰা হ’ল হয়, কিন্তু একে সময়তে বিশ্ববিদ্যালয় বিলাকৰ লগতে এই নতুন গৱেষণা অনুষ্ঠানবিলাকৰ কোনো ধৰণৰ সংযোগ সাধন নহ’ল৷ ইয়াৰ ফলত বিশ্ববিদ্যালয়ৰ পৰা পাবলগীয়া মেধাৰ স্ৰোত গৱেষণাগাৰসমূহলৈ নবলিল৷ বিশ্ববিদ্যালয়বিলাকো উপযুক্ত সঁহাৰি আৰু উৎসাহৰ অভাৱত গৱেষণাৰ উপযুক্ত পৰিৱেশ হেৰুৱাই নিস্তেজ হৈ পৰিলে৷ ইয়াৰ পৰিণামস্বৰূপে আধুনিক বিজ্ঞানৰ গৱেষণা বাধাগ্ৰস্ত হৈ পৰিল৷
শিক্ষা সম্পৰ্কেও তেওঁৰ এষাৰ সাৰুৱা মন্তব্য আছিল মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাদান সম্পৰ্কে৷ উচ্চ মাধ্যমিক স্তৰ পৰ্যন্ত মাতৃভাষাৰ মাধ্যমত শিক্ষাদানৰ পক্ষে তেওঁ মত পোষণ কৰি লেখা-মেলা কৰিছিল৷
তেওঁৰ বিজ্ঞান-জনপ্ৰিয়তাকৰণৰ প্ৰচেষ্টাৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে উল্লেখ কৰা অতীৱ প্ৰয়োজনীয়৷ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ মাধ্যমেদিও তেওঁ বিজ্ঞানৰ লোকবোধ্য প্ৰচাৰ অব্যাহত ৰাখিছিল৷ ১৯৮০ ৰ দশকত বিখ্যাত কল্পকাহিনী লেখক কাৰ্ল চাগানৰ ‘কছম’জ’ নামৰ ধাৰাৱাহিক এখনৰ প্ৰচাৰ হৈছিল৷ ইয়াত নাৰ্লিকাৰে হিন্দীত ধাৰাভাষ্যকাৰ হিচাপে যোগ দিয়াৰ উপৰিও আৰম্ভণিতে হিন্দীত ধাৰাৱাহিকখনৰ কথাবোৰ থূলমূল আভাস¸ দিছিল৷ তেওঁৰ সহজ ব্যাখ্যাই ধাৰাৱাহিকখনৰ প্ৰতি শ্ৰোতা দৰ্শকৰ আকৰ্ষণ বঢ়ালে৷ জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি সাধাৰণ মানুহৰ আগ্ৰহ লক্ষ্য কৰি সেই সময়ৰ প্ৰধান মন্ত্ৰীৰ বিজ্ঞান উপদেষ্টা মণ্ডলীৰ সদস্য হৈ থকা নাৰ্লিকাৰে তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক বিষয়টোৰ ওপৰত এনে এখন ধাৰাৱাহিক প্ৰস্তুত কৰাৰ পৰামৰ্শ দিয়ে৷ প্ৰধান মন্ত্ৰীয়ে ততালিকে পৰামৰ্শটো কাৰ্যত ৰূপায়ন কৰিবলৈ ফিল্ম ডিভিজন অৱ ইণ্ডিয়াৰ নিৰ্দেশ দিলে৷ ধাৰাৱাহিকখনক নিমাৰ্ণৰ পৰিকল্পনাৰ সম্পূৰ্ণ দায়িত্ব দিয়া হয় নাৰ্লিকাৰক৷ ১৯৯৪-৯৫ চনত ১৭ খণ্ডৰ ‘ব্ৰহ্মাণ্ড’ নামৰ ধাৰাৱাহিকখন দৰ্শকে চাবলৈ পায়৷ ‘সাধু’ আৰু আখ্যানৰ সহায়ত এই ছিৰিয়েলখনত জ্যোতিৰ্বিজ্ঞানৰ বিভিন্ন কালজয়ী আৱিস্কাৰৰ কথা প্ৰচাৰ কৰা হয়৷ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে জড়িত কৰি নিমাৰ্ণ কৰা বাবে কাৰ্যসূচীসমূহ বহু বেছি সংখ্যক দৰ্শকৰ মাজত প্ৰচাৰ লাভ কৰে৷
বিজ্ঞানলৈ সাধাৰণ লোকৰ আকৰ্ষণ বঢ়াবলৈ তেওঁ কল্পকাহিনীৰ ৰচনাতো হাত দিছিল৷ ইয়াৰে শিশু উপযোগী ‘ধুমকেতু’ নামৰ কল্পকাহিনীৰ আধাৰত চিলড্ৰেন্স ফিল্ম ছ’চাইটিয়েয় দুঘণ্টীয়া কথাছবি এখন নিমাৰ্ণ কৰে৷
চাৰিশতকৈয়ো অধিক প্ৰৱন্ধ আৰু কেইবাখনো গ্ৰন্থৰ জৰিয়তে নাৰ্লিকাৰে বিজ্ঞানৰ জনপ্ৰিয়কৰণত একাণপতীয়া উদ্যমেৰে লাগি আছিল৷ তেওঁৰ এই উদ্যমে শিশুৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণত দেহে-কেহে লাগি থকা আন এজন প্ৰখ্যাত আৰু নমস্য ভাৰতীয় মহাকাশ বিজ্ঞানী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামলৈ মনত পেলায়৷ অন্যান্য ভাৰতীয় ভাষালৈ অনুদিত হৈছে এই ৰচনাৰাজি৷ নাৰ্লিকাৰৰ বহুমূলীয়া অৱদানে শ্ৰোতা আৰু পাঠকৰ পৰা পোৱা সঁহাৰিৰ উপৰিও ৰাষ্ট্ৰীয় স্তৰত ইণ্ডিয়ান ছায়েন্স একাডেমিৰ ইন্দিৰা গান্ধী বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত বিখ্যাত কলিন্স বঁটাৰে স্বীকৃতি লাভ কৰিছে৷ অকল সেয়াই নহয়, সাহিত্য অকাডেমিয়ে ২০১৪ চনত মাৰাঠী ভাষাৰ শ্ৰেষ্ঠ গ্ৰন্থৰ বিচাৰত তেওঁক প্ৰদান কৰা একাডেমি বঁটাৰ জৰিয়তে তেওঁৰ সাহিত্যকৰ্মৰ উপযুক্ত স্বীকৃতি দিছে৷
২০০৪ চনত ভাৰত চৰকাৰে তেওঁক দ্বিতীয় সবোৰ্চ্চ অসামৰিক সন্মান ‘পদ্ম-বিভূষণ’ আৰু মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ সবোৰ্চ্চ সন্মান ‘মহাৰাষ্ট্ৰ ভূষণ’ প্ৰদান কৰে৷
২০১২ চনত Third World Academy নামৰ আন্তৰ্জাতিক গৱেষণা অনুষ্ঠানটোৱে- IUCAA ক উচ্চ মানসম্পন্ন গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ কাৰণে নাৰ্লিকাৰক Third World Academy বঁটাৰে সন্মান জনায়৷ ভাটনাগৰ বঁটা আৰু এম. পি বিড়লা বঁটাৰেও নাৰ্লিকাৰৰ বৈজ্ঞানিক কৰ্মৰাজীক স্বীকৃতি দিয়া হয়৷ ইয়াৰ উপৰিও তেওঁক লণ্ডনৰ Royal Astronomical Society ৰ Associate, ফ্ৰান্সৰ Astronomical Society য়ে Prix-Janseen, ভাৰতবৰ্ষৰ তিনিওখন জাতীয় বিজ্ঞান একাডেমিৰ সদস্য পদেৰে সন্মান যঁচা হয়৷ এই বঁটা-বাহনৰ উৰ্ধত চিৰস্মৰণীয় হৈ ৰ’ব মাত্ৰ বিষ্ণু নাৰ্লিকাৰৰ ব্যতিক্ৰমী গৱেষণাসমূহ, ভাৰতত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থবিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰত তেওঁ দিয়া দৃঢ় নেতৃত্ব, IUCAA ৰ দৰে উন্নতমানৰ গৱেষণা প্ৰতিষ্ঠান আৰু সমাজত বিজ্ঞানৰ প্ৰসাৰৰ কাৰণে তেওঁৰ একাণপতীয়া প্ৰচেষ্টাৰ আদৰ্শ৷

