ৱেটিং পিৰিয়ড (প্ৰিয়ংকা দাস)
বান অহা দিনৰ স্মৃতি সুঁৱৰি
খৰাঙৰ দিনকেইটাত মই তালৈ গৈছিলোঁ
নৰাৰ হুলে ভৰিৰ তলুৱা হনাদি মাজে মাজে
ধান সিজোৱা গোন্ধে পেটটো পকাই হানি ধৰে
খৰাঙৰ খং বুটলি চোলাৰ জেপত ভৰাই বাটে বাটে
মই ধান ছটিয়াই আহিছিলোঁ।
এই বাটে কোন আহিছিল?
ৰাউচিজোৰা কুকুৰ এপালে পাল পাতি পাতি চুৱা খাই ফুৰে
এই বাটে গ’ড’ অহাৰ কথা নাছিল,
ৰোৱাৰো সকাম নাছিল
তথাপি
এজাক কুকুৰ ৰৈছিল শূন্যলৈ ভুকি ভুকি
আছিল নেকি তাত কোনোবা ভ্লাডিমিৰ অথবা এষ্ট্ৰাগ’ন?
অন্ধ প’জ্জ’ বা বেঙা লাকী?
কা’লৈ ৰখাৰ সময়ত কোনে সুহুঁৰিয়াই?
কিজানি সিদিনাৰ ল’ৰাজনে ক’বলৈ আহিছে
গ’ড’ নহাৰ কথা।
কৈ যা। নুশুনোঁ।
ইয়াত ভ্লাডিমিৰো নাই, এষ্ট্ৰাগ’ন গুচি গৈছে মধ্যপ্ৰদেশৰ ফালে।
কৈ যা এই বাটে কোনো নাহে।
যি কথা জনাৰ মোৰ প্ৰয়োজন কাহানিও নাছিল,
সেই কথা চেমুৱেলক কোনে বুজায়?