জলাহভূমি : গুৰুত্ব আৰু সংৰক্ষণ
মানৱ সভ্যতাৰ বিকাশৰ আৰম্ভণিৰেপৰা মানুহ আৰু জলাহভূমিসমূহৰ মাজত এক নিবিড় সম্পর্ক বর্তি আছে। অৱশ্যে ধৰিত্ৰীৰ বুকুত জনসংখ্যা কম থকা অৱস্থাত মানুহে জলাহভূমিবিলাকৰ গুৰুত্ব উপলব্ধি কৰিবলৈ বিশেষ চেষ্টা কৰা নাছিল। একবিংশ শতিকাত এহাতে জনবিস্ফোৰণ আৰু অন্যহাতে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অগ্রগতি, অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে নিতৌ ন ন তথ্য লাভ কৰাৰ ফলত মানুহে সম্প্রতি জলাহভূমিবিলাকৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম হৈছে।
সাধাৰণ অৰ্থত বছৰটোৰ সৰহভাগ সময় পানী জমা হৈ থকা জলাশয়কে জলাহভূমি বা আৰ্দ্ৰভূমি বুলি গণ্য কৰা হয়। কৃত্রিমভাৱে সৃষ্টি হোৱা হ্রদ, সৰু-সুৰা বোৱতী পানীৰ লগতে নৈপৰীয়া পানী বন্ধ হৈ থকা ঠাই, বিল-খাল, ডোবা, ধানখেতি হোৱা দ পথাৰ, দলনি, পিটনি আদি জলাহ হিচাপে চিহ্নিত হৈ আহিছে। তদুপৰি উপকূলীয় অঞ্চলত সাগৰ-মহাসাগৰ লগত সংলগ্ন হ্রদকো ইয়াৰ অন্তর্ভুক্ত কৰিব পাৰি। ১৯৭১ চনত ইৰানৰ ৰামছাৰ চহৰত অনুষ্ঠিত হোৱা জলাহ অঞ্চল আৰু জলচৰ চৰাইৰ সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত যুগুত কৰা সংজ্ঞা অনুসৰি জলাহভূমি হ’ল— “পানীৰে আগুৰি থকা ভূমি, যি কৃত্রিম বা প্রাকৃতিক, স্থায়ী বা অস্থায়ী, বৈ থকা বা নথকা, লুণীয়া বা পৰিষ্কাৰ হ’ব পাৰে আৰু এই সকলোবোৰৰে নিম্নভাটাৰ সময়ত ছয় মিটাৰতকৈ বেছি পানী থাকিব নোৱাৰিব।” উক্ত বৈঠকত বিশ্বৰ ৯৪খন দেশৰ প্রতিনিধিসকল মিলিত হৈ অতি গুৰুত্বপূর্ণ বুলি বিবেচিত বিশ্বৰ বিভিন্ন দেশত থকা ৮০০খন জলাহভূমিৰ এখন তালিকা প্রস্তুত কৰি সিবিলাকৰ বহনক্ষম উন্নয়ন তথা সংৰক্ষণৰ প্রতি দায়বদ্ধ হৈ এখন চুক্তিপত্ৰত চহী কৰে। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ৰাষ্ট্রয়ো ইয়াৰ অংশীদাৰিত্ব গ্রহণ কৰে। ৰামছাৰ সন্মিলনে প্রস্তুত কৰা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূর্ণ জলাহভূমিসমূহেই হ’ল “ৰামছাৰ ক্ষেত্র”।
সমীক্ষা অনুসৰি ভাৰতবৰ্ষত থকা সর্বমুঠ ৬৭,৪২৯খন জলাহভূমি (প্রাকৃতিক আৰু কৃত্ৰিম)ৰ ভিতৰত অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত জলাহভূমিকেইখন হ’ল—উৰিষ্যাৰ চিল্কা হ্রদ, কচ্ছৰ লিটল ৰান অঞ্চল, মণিপুৰৰ লগটগ হ্রদ, লাডাখ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ জলাহভূমি অঞ্চল। এইবিলাকৰ উপৰি ৰাজস্থানৰ কেৱলাদেউ ৰাষ্ট্রীয় উদ্যানত অৱস্থিত ভৰতপুৰ পক্ষী উদ্যানকো এক গুৰুত্বপূর্ণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। আমাৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য, সোণাই-ৰূপাই অভয়াৰণ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, সাৰেশ্বৰ বিল,
দীপৰ বিল আদিকো গুৰুত্বপূর্ণ জলাহভূমিৰ অন্তর্ভুক্ত কৰা হৈছে। অৱশ্যে ইয়াৰ ভিতৰত কামৰূপ (মেট্র’) জিলাৰ গুৱাহাটীৰ জালুকবাৰীৰ সমীপৱৰ্তী দীপৰ বিলক ২০০২ চনৰ নৱেম্বৰ মাহত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূর্ণ প্রথম শ্রেণীৰ ৰামছাৰ ক্ষেত্রত অন্তৰ্ভুক্ত কৰা হৈছে। সম্প্রতি “অসম দূৰ সংবেদন প্রয়োগ কেন্দ্র”ই প্রকাশ কৰা তথ্যানুসৰি ৰাজ্যখনত থকা ৩,৫১৩খন জলাহভূমিয়ে প্রায় ১,০১,২৩৬ হেক্টৰ ভূমি আগুৰি আছে। উল্লেখযোগ্য যে আমাৰ অসমৰ বিভিন্ন জিলাত সৰু-ডাঙৰ বহুতো জলাহভূমি আছে যদিও নগাঁও জিলাতেই ইয়াৰ সংখ্যা সর্বাধিক (৩৭৯)।
ভূ-বিজ্ঞানী তথা নদী বিশেষজ্ঞসলৰ মতে, প্রধানকৈ ভূ-আন্দোলনৰ ফলত ভূ-পৃষ্ঠৰ কোনো অংশ বহি গৈ জলাহভূমিবিলাকৰ উৎপত্তি হয় যদিও সৰহসংখ্যকেই মূলতঃ নদী-উপনদীৰদ্বাৰা সৃষ্টি হয়। স্বীকার্য যে নানা প্ৰাকৃতিক তথা মানৱ-সৃষ্ট কাৰণত সময়ে সময়ে ৰাজ্যখনৰ বহু নদীৰ পৰিৱৰ্তন ঘটিয়েই আছে আৰু এনে পৰিৱর্তনৰ ফলত গঠিত হোৱা এৰাসুঁতিবিলাকেও জলাহভূমিবিলাকৰ সৃষ্টিত মুখ্য ভূমিকা পালন কৰিছে। তদুপৰি নদীৰ দুয়োপাৰে বান নিয়ন্ত্রণৰ উদ্দেশ্যে ডাঙৰ ডাঙৰ মথাউৰি নিৰ্মাণ কৰাৰ ফলতো বহু জলাহভূমিৰ সৃষ্টি হোৱা কথাটো উলাই কৰিব নোৱাৰি। এই জলাহভূমিসমূহ প্রাকৃতিক দিশৰপৰাও অতি গুৰুত্বপূর্ণ। কিয়নো একোটা অঞ্চলৰ জলবায়ু, মাটিৰ গুণাগুণ, জলপ্রৱাহ, পৰিস্থিতিতন্ত্র আদিৰ ওপৰত এই জলাহভূমিবিলাকে বিশেষভাৱে প্রভাৱ বিস্তাৰ কৰা দেখা যায়। নদ-নদীৰ আশে-পাশে সৃষ্টি হোৱা জলাহভূমিবিলাকে বাৰিষাৰ সময়ত পানী ধৰি ৰাখি বানৰ প্রাবল্য হ্রাস কৰাত বিশেষভাৱে সহায় কৰাৰ লগতে কোনো অঞ্চলৰপৰা বৈ অহা দূষিত জলভাগ বিশুদ্ধ কৰি তোলাৰ উপৰি পৰিৱেশো সজীৱ কৰি ৰাখে। সম্প্রতি আমাৰ ৰাজ্যখনত জলাহভূমিবিলাকৰ আয়তন ক্রমে হ্রাস হৈ অহাৰ পৰিপ্রেক্ষিতত প্রতি বছৰে বাৰিষা জলপৃষ্ঠ ঠায়ে ঠায়ে বৃদ্ধি পাই ভয়ংকৰ ৰূপ ধাৰণ কৰাটো সৰ্বজনবিদিত।
অর্থনৈতিক দিশৰপৰাও এই জলাহভূমিবিলাক অতি গুৰুত্বপূর্ণ। এইখিনিতে উল্লেখ কৰাটো সমীচীন হ’ব যে অসমৰ নদ-নদী আৰু জলাহভূমিবিলাকে ৰাজ্যখনক মাছ-কাছৰ ক্ষেত্রত অধিক সমৃদ্ধিশালী কৰি তুলিছে। এক কথাত ক’বলৈ গ’লে, ৰাজ্যখনৰ প্রধান মৎস্য ক্ষেত্র হ’ল এই জলাহভূমিবিলাকেই। জলাহভূমিসমূহে ইয়াৰ কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ পশুধনসমূহক খাদ্যৰ যোগান ধৰাৰ লগতে ঋতুভেদে প্রব্রজন কৰা ভিন্নধৰ্মী পক্ষীবিলাকক প্রত্যক্ষ কৰিবলৈ দেশী-বিদেশী পৰ্যটকসকলে ভিৰ কৰাৰ পৰিপ্রেক্ষিতত পর্যটন উদ্যোগৰ যে অপাৰ সম্ভাৱনা আছে তাক নিশ্চিতভাৱে ক’ব পাৰি।
জলাহভূমিবিলাক পানী আৰু জলজ উদ্ভিদৰ ক্ষেত্রতো অতি চহকী। সাধাৰণতে জলাহভূমিবিলাকত ওপঙি থকা জলজ উদ্ভিদ আৰু শুকান এলেকাবিলাকত জন্মা ঘাঁহজাতীয় উদ্ভিদবিলাকে প্রাকৃতিক ভাৰসাম্য ৰক্ষাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। এই জলজ উদ্ভিদবিলাকে কিছু পৰিমাণে অক্সিজেন এৰি দিয়াৰ লগতে পানীত হোৱা প্ৰদূষণ ৰোধতো মুখ্য ভূমিকা গ্রহণ কৰে।
সম্প্রতি দ্রুতগতিত বৃদ্ধি পোৱা জনসংখ্যা, ঔদ্যোগীকৰণ, নির্বনানীকৰণ, ৰাস্তা-ঘাট নির্মাণ, বেদখল, ভূমিস্খলন আদি বিভিন্ন কাৰণত জলাহভূমিসমূহ ক্রমে ধ্বংসৰ গৰাহত পৰিবলৈ ধৰিছে। প্লাষ্টিক, পলিথিন বেগ, কীটনাশক ঔষধ আদিয়ে ইয়াৰ সামগ্রিক পৰিৱেশ প্রদূষিত কৰাৰ লগতে প্রতিখন নগৰ-চহৰৰ পেলনীয়া আৱৰ্জনাবিলাকেও জলাহভূমিবিলাকৰ আয়তন সংকুচিত কৰি আনিছে। তদুপৰি কিছু স্বাৰ্থান্বেষী লোকে নিষ্ঠুৰভাৱে প্রকৃতি ধ্বংস কৰি অহাৰ লগতে, এইবিলাক এফালৰপৰা পুতি ঘৰ-দুৱাৰ, সুউচ্চ অট্টালিকা, বিভিন্ন ধৰণৰ উদ্যোগ, কল-কাৰখানা আদি নির্মাণ কৰা সহজে আমাৰ চকুত পৰে। বেচৰকাৰী প্রকৃতিপ্রেমী সংগঠন “ফ্রেণ্ডছ অব নেচাৰ”ৰ সমীক্ষা মতে বিগত এটা দশকত অসমত প্রায় ২০ শতাংশ জলাহভূমি নোহোৱা হ’ল। তদুপৰি প্রতি বছৰে ৰাজ্যখনত প্রয় ৫ শতাংশকৈ জলাহভূমি হ্রাস পাই আহিছে। অন্য এক সমীক্ষা অনুসৰি বিগত দহ বছৰৰ ভিতৰত অসমৰ ডিব্ৰু-ছৈখোৱাৰ তৰালি বিল, গুৱাহাটীৰ সৰুচলা, বৰচলা বিলকে ধৰি সৰু-ডাঙৰ বহুতো জলাহভূমি ধ্বংস হোৱাৰ লগতে দীপৰ বিললৈও কালসন্ধ্যা নামি অহাৰ উপক্রম হৈছে। ধৰিত্ৰীৰ বুকুত যিদৰে এফালে মানুহৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে অন্যফালে জলাহভূমি তথা জীৱ-জন্তুৰ সংখ্যা টুটি আহিছে। জলাহভূমিৰ পৰিমাণ হ্রাস পোৱাৰ বাবে আজি অসমত দেওহাঁহ, হাড়গিলা, বৰটোকোলা, বগলী, কণামুচৰি, দহিকতৰা, পানীকাউৰী, শৰালি, মাছৰোকা আদি চৰাইবিলাকৰ লগতে থলুৱা প্রজাতিৰ মাছবিলাকো ক্রমবর্ধমান গতিত লুপ্ত হ’বলৈ ধৰিছে। সঁচা অৰ্থত ক’বলৈ হ’লে, এই জলাহভূমিবিলাক শুকাই বা নিঃশেষ হৈ গ’লে অনাগত দিনত সমগ্র জৈৱ-বৈচিত্র্যৰ ওপৰতো এক বিৰূপ প্ৰভাৱ পৰাৰ পূৰ্ণমাত্রাই সম্ভাৱনা আছে। সেয়েহে জীৱশ্রেষ্ঠ মানৱে জলাহভূমি ৰক্ষণাবেক্ষণৰ কথা চিন্তা কৰাৰ সময় সমাগত। সময় থাকোতেই যদি এইবিলাকৰ সঠিক ৰূপত সংৰক্ষণ সম্ভৱ নহয়, তেন্তে ভৱিষ্যৎ প্রজন্মৰ বাবে সুন্দৰ বাতাৱৰণৰ এখন পৃথিৱী উপহাৰ দি যাবলৈ আমাৰ একোৱেই নাথাকিব।