সি কৈছিল, তাই শুনিছিল (মূল : অমৃতা প্ৰীতম; অনুবাদ : ৰুমা অধিকাৰী)
সি কৈছিল আৰু তাই শুনিছিল
আৰম্ভণি হৈছিল
এখন কোৱা আৰু শুনাৰ খেল৷
দুটুকুৰা কাকত আছিল
খেলৰ সামগ্ৰী৷
এখনত লিখা আছিল-‘কোৱা ’
আনখনত আছিল লিখা-‘শুনা ’৷
এয়া নিয়তিৰ খেল আছিল
নে মাথোঁ এক কাকতালীয় সংযোগ?
তাইৰ হাতত বাৰেবাৰে পৰিছিলহি মাথোঁ
সেইখন কাকতৰ টুকুৰা
য’ত লিখা আছিল-‘শুনা ’৷
তাই মাথোঁ শুনি থাকিল ৷
তাই শুনি গ’ল আদেশ,
তাই শুনি গ’ল উপদেশ,
হকা-বধাবোৰ তাইৰ বাবেহে
সকলো বৰ্জিত তাইৰ বাবেহে৷
তাই জানিছিল,
কোৱা আৰু শুনাৰ খেলখন
কেৱল মাথোঁ খেল নাছিল!
ৰজাই আদেশ দিলে—বিহ পান কৰা৷
তাই মীৰা হৈ গ’ল৷
ঋষিয়ে ক’লে—শিল হোৱা৷
তাই অহল্যা হ’ল!
প্ৰভুৱে আদেশ দিলে—ওলাই যোৱা!
তাই সীতা হ’ল৷
জ্বলন্ত চিতাৰ পৰা উফৰি অহা আৰ্তনাদবোৰ
কাৰো কাণত নপৰিল
তাই সতী হ’ল৷
তিনিবাৰ তালাক বুলি কওঁতেই
তাই পৰিত্যক্তা হ’ল৷
অৱৰুদ্ধ হৈ ৰ’ল তাইৰ মিনতি
শব্দবোৰ ডিঙিত আৱদ্ধ হৈ থাকিল৷
ওঁঠ দুটিতো সীয়নি পৰিল
কণ্ঠ ৰুদ্ধ হৈ থাকিল৷
তাইৰ হাতত কাহানিও নপৰিল
সেই কাকতৰ টুকুৰাটো
য’ত লিখা আছিল—’কোৱা’৷