নিবন্ধবিজ্ঞান-প্ৰযুক্তি

শিক্ষাত শৈক্ষিক প্ৰযুক্তিৰ ব্যৱহাৰ (প্ৰাৰ্থনা গগৈ)

১৯৯৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত যেতিয়া জুলি ইয়ং নামৰ এগৰাকী শিক্ষাবিদৰ উদোগত প্ৰথম ‘ফ্লৰিডা ভাৰ্চুৱেল স্কুল’ স্হাপন হৈছিল, বিশ্ববাসীয়ে হয়তো ভৱা নাছিল যে এই ভাৰ্চুৱেল স্কুল বা ভাৰ্চুৱেল শিক্ষা আমাৰ সকলোৰে বাবে এক বাস্তৱ হৈ পৰিব। ক’ভিড মহামাৰীয়ে যোৱা কেইটা বছৰত ভাৰ্চুৱেল বা অনলাইন শিক্ষাক বিকল্প হিচাপে ল’বলৈ বাধ্য কৰিছিল। ক’ভিড অতিমাৰী অহাৰ আগলৈকে আমি শিক্ষাক্ষেত্ৰত কেৱল তথ্য প্ৰযুক্তিৰ ব্যৱহাৰতহে আৱদ্ধ আছিলোঁ। অনলাইন শিক্ষাক লৈ বিশেষ সম্পৰীক্ষা হোৱা নাছিল যদিওবা এচাম আগশাৰীৰ অনুষ্ঠানে আমাৰ ভাৰততো অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান প্ৰক্ৰিয়াক গুৰুত্ব দিছিল। শিক্ষা ক্ষেত্ৰত ক’ভিডৰ আাটইতকৈ যোগাত্মক প্ৰভাৱ হ’ল ই-কনটেণ্টৰ বহুল প্ৰসাৰ, শিক্ষকসকলৰ বিভিন্ন সম্পৰীক্ষা আৰু ইয়াৰ গতিশীলতা। অনলাইন শিক্ষাত ব্যৱহৃত প্ৰযুক্তিৰ মাধ্যমসমূহক Synchronous আৰু Asynchronous এই দুটা ভাগত ভগোৱা হৈছে। Synchronous ম’ডসমূহ হৈছে–কনফাৰেঞ্চিং এপ্ যেনে- Zoom, WebEx, Google Meet, আৰু ভিডিঅ’ কলিং এপ্ যেনে-Hangout, Duo, Facebook Messenger আৰু YouTube আৰু Facebook ৰ লাইভ ভিডিঅ’। Asynchronous প্লেটফৰ্মবোৰ হৈছে-Google Classroom, Moodle, WhatsApp, Telegram, Blog Forum, আদি। মূল্যায়ণৰ বাবে থকা উল্লেখনীয় এপছবোৰ হৈছে কাহুট(Kahoot), গুগল ফৰ্ম বা অন্যান্য কুইজ বনোৱা এপ্ বা ৱেবচাইট। আমাৰ দেশৰ শিক্ষাখণ্ডত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ বিংশ শতিকাৰ শেষ দশকৰ পৰাই আৰম্ভ হৈছিল যদিও ইয়াৰ পৰিসৰ সিমান বিস্তৃত নাছিল। একবিংশ শতিকাৰ আৰম্ভণিতে, 2004 ত বিদ্যালয়সমূহত তথ্য প্ৰযুক্তিৰ সূচনা কৰিছিল যদিও 2010 চনৰ পৰা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ উদ্যোগত মাধ্যমিক স্তৰত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ বহুল ৰূপত কৰিবলৈ বিদ্যালয়সমূহত কম্পিউটাৰ যোগান ধৰা হয়। পিছত পৰ্যায়ক্ৰমে ফ্লিপ ক্লাছৰুম, স্মাৰ্ট ক্লাছৰ সুবিধা দিয়া হয়। বৰ্তমান নতুন শিক্ষানীতিৰ অন্তৰ্গত সমগ্ৰ শিক্ষা অভিযানে শৈক্ষিক প্ৰযুক্তি ব্যৱহাৰ কৰি শিক্ষকসকলে কেনেকৈ উঠি অহা প্ৰজন্মক শিক্ষা দিব এই দিশটোত গুৰুত্ব দিছে। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকলক সময়ৰ সৈতে খাপ খুৱাই গঢ়ি তুলিব লাগিব। তদুপৰি বৰ্তমান সময়ছোৱাত প্ৰযুক্তিয়ে নতুন নতুন কেৰিয়াৰৰ জন্ম দিছে।যেনে-ডাটা এনালিষ্ট, গ্ৰেম ডেভেলপাৰ, কম্পিউটাৰ প্ৰ’গ্ৰেমাৰ, ৱেব ডিজাইনাৰ, চাৰ্ছ ইঞ্জিন অপ্টিমাইজাৰ, আৰ্টিফিচিয়েল ইনটেলিজঞ্চ এক্সপাৰ্ট, আদি। বৰ্তমান শৈক্ষিক প্ৰযুক্তিৰ (Educational technologies) পৰিসৰ অতি বিস্তৃত। এই প্ৰযুক্তিয়ে তথ্য প্ৰযুক্তিৰ মাধ্যম যেনে- ইণ্টাৰনেট, চছিয়েল মেডিয়াৰ মাধ্যমসমূহ, মেডিয়া এপছ্, চফটৱেৰ, আদিবোৰৰ লগতে শৈক্ষিক প্ৰযুক্তিৰ ন ন আহিলাসমূহক বুজায়।এই প্ৰযুক্তিসমূহৰ বহুল প্ৰয়োগে শিক্ষণক গঠনমূলক কৰি শিক্ষা আহৰণক অৰ্থবহ কৰি তুলিছে। কিন্তু এই প্ৰযুক্তিৰ আহিলাসমূহ ব্যৱহাৰ কৰিবলৈ শিকি শিক্ষকসকলে প্ৰথম দক্ষতা আহৰণ কৰি ল’ব লাগিব। সম্প্ৰতি শিক্ষাদান অনলাইন আৰু অফলাইন দুয়োটা ম’ডতে হয়। Byjus (বাণিজ্যিক) আৰু অন্যান্য শিক্ষণ এপছ্ বোৰে অনলাইন শিক্ষালৈ এক আন্দোলন কঢ়িয়াই আনিছে আৰু অনলাইন শিক্ষাৰ বাবে উপলব্ধ প্ৰযুক্তিৰ ব্যৱহাৰে শিক্ষাক্ষেত্ৰলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিছে। ছাত্ৰ-ছাত্ৰীক কনটেণ্টবোৰ শিকাওতে শিক্ষকসকলে কেৱল প্ৰযুক্তি (প্ৰযুক্তিয়ে ICT -তকৈ বহল পৰিসৰ বুজাইছে) ব্যৱহাৰ কৰিলেই নহ’ব সেই প্ৰযুক্তি শিক্ষণ কলাৰ সৈতে সংবদ্ধ হৈছেনে নাই সেই বিষয়লৈও দৃষ্টি দিব লাগিব। শিক্ষাত ডিজিটেল টুলবোৰক সংবদ্ধন কৰিবৰ বাবে মিছিগেন বিশ্ববিদ্যালয়ত কৰ্মৰত সময়ছোৱাত শিক্ষাবিদ পূণ্য মিশ্ৰ (এজন ভাৰতীয়) আৰু মেথিউ জে ক’হলাৰে 2006 চনত TPACK (Technological Pedagogical Content Knowledge) ফ্ৰেমৱৰ্ক উলিয়াইছিল। যোৱা দুটা দশকত শিক্ষাক্ষেত্ৰলৈ আন্দোলন অনা এক উল্লেখনীয় সৃষ্টি হৈছে এই TPACK ফ্ৰেমৱৰ্ক। তেওঁলোকৰ পূৰ্বে আমেৰিকান শিক্ষা মনোবিজ্ঞানী লি শ্বলমানে পেডাগগিকেল কনটেণ্ট ন’লেজ (pedagogical content knowledge) এই ধাৰণাটি সূচনা কৰিছিল। TPACK ফ্ৰেমৱৰ্কৰ মূল সাৰাংশ হৈছে শিক্ষকসকলে শ্ৰেণীকোঠাত শৈক্ষিক প্ৰযুক্তি ব্যৱহাৰ কৰি শিক্ষণ কলা আৰু দক্ষতাৰে কেনেকৈ পাঠদান কৰিব। এটা প’ডকাষ্ট ইণ্টাৰভিউত পূণ্য মিশ্ৰদেৱে কৈছে -” এটা গল্প এজন শিক্ষকে কেনেকৈ ডিজিটেলি ক’ব সেইটোৱেই হৈছে সহজ অৰ্থত TPACK” । এই ফ্ৰেমৱৰ্কয়ে সেয়েহে Technology, Content আৰু Pedagogy এই তিনিওটা উপাদানকে সমানে গুৰুত্ব দিছে। কনটেণ্টে ইয়াত পাঠদানৰ বিষয় (যেনে, ইংৰাজী, বিজ্ঞান, গণিত) শিক্ষণ কলাই (pedagogy) শিক্ষকজনে বিষয়বস্তু উপস্থাপন কৰিবলৈ লোৱা শিক্ষা পদ্ধতি আৰু শিক্ষকজনৰ শিক্ষণ কলাৰ দক্ষতাক বুজাইছে আৰু প্ৰযুক্তিয়ে (technological knowledge) এজন শিক্ষকে এটা কনটেণ্ট বুজাবলৈ যাওতে ব্যৱহাৰ কৰা প্ৰযুক্তিৰ আহিলা বা সঁজুলিসমূহক বুজাইছে। এই বিষয়বস্তু উপস্থাপনৰ বাবে ব্যৱহাৰ হোৱা শৈক্ষিক প্ৰযুক্তিৰ আহিলাসমূহ হৈছে -স্মাৰ্ট ফোন, লেপটপ, স্মাৰ্ট ব’ড, গুগল ড্ৰাইভ, অডিঅ’ বুক, বিভিন্ন চফটৱেৰ প্ৰগাম, মাল্টিমেডিয়া এপলিকেচন, আদি। শিক্ষকসকলে সেয়েহে কেনেকৈ গুণগতভাৱে পাঠদান কৰাৰ লগতে মানবিশিষ্ট ই-কনটেণ্ট সৃষ্টি কৰিব পাৰি অধ্যয়ন কৰিব লাগে। শিক্ষণৰ ভিডিঅ’, অডিঅ’, পিপিটি, ৱৰ্ড ডকুমেণ্ট প্ৰস্তুত কৰোঁতে এই TPACK ফ্ৰেমৱৰ্ক মনত ৰখাটো দৰকাৰী। শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণৰ বাবে ই- কনটেণ্টবোৰ মনোগ্ৰাহীকৈ প্ৰস্তুত কৰিব লাগে যিহেতু আমি শিক্ষকসকলে এজন ছাত্ৰক প্ৰত্যক্ষ শ্ৰেণীত অভিৰোচন বাবে সৃষ্টি কৰা পৰিৱেশ এটি অনলাইনত গঢ়ি ল’ব নোৱাৰোঁ। শিক্ষাত ‘মুক্ত শৈক্ষিক সমল’ৰ ( Open Educational Resource) ব্যৱহাৰ অতি দৰকাৰী। এই সমলসমূহ যদিওবা কপিৰাইটৰ অন্তৰ্ভুক্ত, যিহেতু লাইচেঞ্চ মুক্ত, সেইবাবে ব্যৱহাৰত জটিলতা নাই। শিক্ষকসকলে বিশেষকৈ Diksha , Epathsala, Clix OER, NR OER আদি ৱেবচাইটকেইটাৰ শৈক্ষিক সমলসমূহ আমাৰ প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ বাবে ব্যৱহাৰ কৰিব পাৰে।অথবা নিজে সমলবোৰ পুনৰ বিবেচনা কৰি, সম্পাদনা কৰি অধিক উচ্চ মানৰ কৰি তুলিব পাৰে। Creative Commons (CC)-ৰ অধীনত প্ৰকাশ কৰা ৱেবচাইটৰ কিছুমান সমল পুনৰ ব্যৱহাৰত কিছু সীমাবদ্ধতা নথকা নহয়। শিক্ষকসকলে Creative Commons -ৰ প্ৰতীকসমূহৰ বিপৰীতে থকা ব্যৱহাৰিক নিয়মবোৰ খুটিনাটি মাৰি বুজি ল’ব লাগে। এই মুক্ত শৈক্ষিক সমলসমূহ শিক্ষক, ছাত্ৰ, আৰু অভিভাৱক সকলোৰে বাবে দৰকাৰী সমল। অনুসন্ধানমূলক শিক্ষণৰ বাবে শিক্ষকসকলে ছাত্র-ছাত্ৰীসকলক সমলৰ (resources) লিংক দিব পাৰে। গুগল ড্ৰাইভ, গুগল ডক্ আদিত text লিখি শ্বেয়াৰ কৰাৰ লগতে এডিট কৰাৰ সুবিধা দিব লাগে। লগতে এই উল্লেখিত এপকেইটাত কেনেকৈ অডিঅ’, ভিডিঅ’, ৱৰ্ড ডকুমেণ্ট আপলোড কৰি লিংক শ্বেয়াৰ কৰিব লাগে এইটো শিকোৱাটো অতি দৰকাৰী। ইণ্টাৰনেটত বহু শৈক্ষিক সমল পোৱা যায়। আমাৰ শিক্ষকসকলে অনলাইন শিক্ষাৰ বিষয়ে নন তথ্য অধ্যয়ন কৰি আৰু প্ৰয়োজনত প্ৰযুক্তিসমূহৰ ব্যৱহাৰৰ বাবে ইউটিউবত টিউটৰিয়েল চাই বা অন্য উপায়েৰে শিকি ল’লে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে শিক্ষাদান ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দদায়ক আৰু মনোগ্ৰাহী হ’ব। কিয়নো পাঠদান বিৰক্তিদায়ক হ’লে শিক্ষাদান ফলপ্ৰসু নহয়। আমাৰ অসমত বহু মেধাৱী চাকৰিপ্ৰাৰ্থী নিবনুৱা আছে, যিসকলৰ শিক্ষকতাত আগ্ৰহ আছে তেওঁলোকেও ব্যৱসায়িক ভিত্তিত পাঠদান দিয়া অনুষ্ঠানবোৰত আবেদন কৰি, নিজৰ দক্ষতাৰ সুব্যৱহাৰ কৰি উপাৰ্জনৰ পথ উলিয়াই ল’ব পাৰে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *