সীমান্তৰ সিপাৰে সপোনৰঙী প্ৰহেলিকা – (চাও ৰাহুল শ্যাম)
“নীলিম আকাশ তিৰবিৰ, অলেখ তৰা জলিছে;
এজাক জোনাকী জিলমিল, সপোন সপোন লাগিছে…”
দিগন্তত মিলি যোৱা নীলা আকাশখন কি যে শুৱনি, ভাৱৰ বুৰবুৰণি তুলিবলৈ যেন একুৰা নীলা জুই। ৰাতিৰ আকাশখনৰ কথা নকলোৱেই যেনিবা, কল্পনাৰ নৈ খনৰ যেন ৰূপান্তৰৰ দাপোন। দাপোন খন যদি সীমান্ত, সীমান্তৰ সিপাৰে কি আছে? ৰহস্য? নে বিপদ? একো নাথাকিলেও আমাৰ কৌতূহলটো আছে। সীমান্তৱৰ্তী এলেকাৰ প্ৰতি এনেও আমাৰ শংকা এটা আহে, ৰাজনৈতিক ক্ষমতাৰ প্ৰতিপত্তি প্ৰদৰ্শনৰ বাবেই হওক বা জীৱনৰ নিৰাপত্তাৰ বাবেই হওক; আৰু হয়তো উগ্ৰ ৰাষ্ট্ৰীয়তাবাদী মনোভাৱৰ এটা ফচল! সীমান্তৱৰ্তী অঞ্চলত অস্ত্ৰৰ ঝনঝননি অতি সুলভ। সেয়ে সীমান্তৰ সিপাৰে কি আছে তাক লৈ আমাৰ স্বাভাৱিকতেই কৌতুহল আৰু শংকা। যদিওবা এনে কৌতুহলকেই ইন্ধন হিচাপে লৈ আজি বিজ্ঞান সমাজ জ্ঞান অন্বেষণৰ পথত বহুদূৰ আগবাঢ়ি গৈছে, কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত ইয়াৰ ওলোটা ছবিহে দেখা যায়, শংকাক ইন্ধন হিচাপে লৈ আমাৰ দেশ গতি কৰিছে উগ্ৰ ৰাষ্ট্ৰীয়তাবাদৰ পশ্চাদমুখী যাত্ৰালৈ। বাৰু থাকক…
কল্পনাই ঢুকি পোৱালৈকে মহাকাশত আমি কিমান দূৰলৈকে যাব পাৰিম আৰু কি পৰিঘটনাৰ সন্মুখীন হ’ম? এই যাত্ৰাৰ কৰবাত শেষ আছেন? নে অসীমত হেৰাই যাব আমাৰ ক্ষুদ্ৰ সত্বা? অথবা, পুনৰ ঘূৰি আহি যাত্ৰাৰ আদি স্থানতে উপস্থিত হমগৈ? এক কথাত কবলৈ গ’লে, মহাবিশ্বখনৰ সীমান্ত আছেনে? যদি আছে, ক’ত আৰু কিমান দূৰত আছে?
তাৎপৰ্যপূৰ্ণভাৱে এই প্ৰশ্নটো সোধাৰ তিনিটা বেলেগ বেলেগ প্ৰকাৰ আছে আৰু প্ৰতিটোৰে উত্তৰ সুকীয়া-
•১)এখন মহাকাশযানত মহাবিশ্বৰ সীমা অভিমূখে আজিয়ে যদি যাত্ৰা কৰো, এই যাত্ৰাৰ শেষ ক’ত হ’ব?
•২) মহাবিশ্বৰ কিমান দূৰৈৰ পৰা অহা সংকেত আমি লাভ কৰিব পাৰিম বা অত্যাধিক কিমান দূৰত্বলৈ আমি সংকেত পঠিয়াব পাৰিম, ইয়াৰ ওপৰত ভিত্তি কৰি কৰা সীমাৰ বিবেচনা।
•৩)আমাৰ কল্পনাৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি অনিৰীক্ষণীয় সম্পূৰ্ণ মহাবিশ্বখনৰ সীমান্ত কিমান দূৰত থাকিব পাৰে?
মহাকাশ খন আমি সাধাৰণতে যিদৰে ধাৰণা কৰো আচলতে তেনে নহয়। গতানুগতিক ভাৱেই আমাৰ মনলৈ আহে মহাকাশখন এক ত্ৰিমাত্ৰীক (দৈৰ্ঘ, প্ৰস্থ আৰু উচ্চতা) প্ৰণালী য’ত, দুটা বিন্দুৰ মাজৰ ন্যূন্যতম দূৰত্বটো হ’ল এডাল সৰলৰেখা আৰু দূৰত্ব সময় অনুপাতে সলনি নহয়। কিন্তু এই দুয়োটা ধাৰণাই যিটো নেকি আমাৰ দৈনন্দিন জীৱনৰ চিৰন্তন সত্য স্বৰূপ, আচৰিতভাৱে সিদ্ধি নহয় যেতিয়া আমি বিশাল মহাবিশ্বখনৰ বিশালতাৰ উমান ল’বলৈ দূঃসাহস কৰো। অন্তৰীক্ষ আৰু সময়, এটাক আনটোৰপৰা পৃথক কৰিব নোৱাৰি (space and time : Spacetime) । অন্তৰীক্ষৰ প্ৰতিটো অৱস্থান, প্ৰতিটো বিন্দুতে নিৰ্দিষ্ট সময় বিৰাজমান, আৰু প্ৰতিটো বিন্দুৰ সময় এটা আনটোৰ আপেক্ষিক। তদুপৰি অন্তৰীক্ষ খনে বক্ৰতল (curvature)ৰ ধৰ্ম দৰ্শায়। বৃহৎ মহাজাগতিক অৱয়ব যেনে নক্ষত্ৰ, গ্ৰহ, কৃষ্ণগহ্বৰ আদিৰ উপস্থিতিত আৰু মহাকৰ্ষণ বল, কৃষ্ণশক্তি আদি বলৰ প্ৰভাৱত অন্তৰীক্ষই বক্ৰতাৰ ধৰ্ম লাভ কৰে। সহজ ভাষাত ফুলা বেলুন এটাত আঙুলিৰে হেঁচি দিলে বেলুনটোৰ পৃষ্ঠখন যেনেদৰে তললৈ দোঁ খাই যায়, তেনেদৰেই গ্ৰহ বা নক্ষত্ৰৰ অৱস্থিতিত অন্তৰীক্ষ খন বেলুনৰ পৃষ্ঠৰ দৰে মেৰ খাই যায়। এইকাৰণেই মহাকাশ বা অন্তৰীক্ষত দুটা বিন্দুৰ মাজৰ ন্যূন্যতম দূৰত্ব সৰলৰেখা নহয়। ইয়াৰ ওপৰিও, অন্তৰীক্ষখন সময় অনুপাতে স্থবিৰ নহয়। আইনষ্টাইনৰ আপেক্ষিকতাবাদ সূত্ৰ যদি শুদ্ধ, তেন্তে মহাবিশ্বখন প্ৰসাৰণ নতুবা সংকোচনৰ যোগেদিয়েই বিকাশ হৈছে। ‘বিগ্ ব্যেং’ সূত্ৰ অনুসৰি মহাবিশ্বখন যে এক অকল্পনীয় হাৰত প্ৰসাৰণ ঘটি আছে, এই তথ্যটো আশ্বৰ্যজনক : আইনষ্টাইনৰ পূৰ্বানুমানৰ এক দৰ্শনীয় প্ৰতিপাদন। কিন্তু ই মহাজাগতিক দূৰত্বৰ দ্বাৰা পৃথকিত অৱয়বৰ মাজৰ দূৰত্ব নিৰ্ণয়ত প্ৰভাৱ পেলায়। অৰ্থাৎ সময় অনুপাতে দুটা মহাজাগতিক অৱয়বৰ মাজৰ দূৰত্ব বাঢ়ি গৈ থাকে। বৰ্তমান কালত আমি মহাকাশত দেখিব পৰা আটাইতকৈ দূৰৰ বস্তুটো ৩০ বিলিয়ন আলোকবৰ্ষৰো অধিক দূৰত্বৰ। কিন্তু মহাবিশ্বৰ আদিক্ষণ ‘বিগ ব্যেং’ সংঘটিত হৈছিল তাৰ তুলনাত মাত্ৰ ১৩.৮ বিলিয়ন আলোকবৰ্ষ আগতে। মহাজাগতিক অৱয়ব বোৰৰ মাজৰ প্ৰকৃত দূৰত্ব আৰু সিহঁতৰ জ্যোতিস্মান ধৰ্ম, লগতে মহাবিশ্বৰ প্ৰসাৰণৰ ফলত হোৱা পোহৰৰ স্থানান্তৰ – এই আটাইবোৰ গণনা কৰাৰ পাছত মহাবিশ্বৰ গঠন প্ৰণালী সম্পৰ্কে বহু তথ্য আহৰণ কৰিব পৰা যায়। বিশ্বব্ৰহ্মাণ্ডখনৰ মহাজাগতিক মিশ্ৰণৰ উপাদানসমূহ হৈছে :
• পোহৰকণা (photon)ৰ ৰূপত ০.০১% বিকিৰণ।
• ০.১% নিম্ন ভৰযুক্ত কণা নিউট্ৰিন’।
• ৪.৯% স্বাভাৱিক পদাৰ্থ (প্ৰ’টন, নিউট্ৰন আৰু ইলেক্ট্ৰন ৰ দ্বাৰা গঠিত)
• ২৭% কৃষ্ণ পদাৰ্থ (dark matter) – এক অজ্ঞাত অদৃশ্য পদাৰ্থ যি পোহৰ শোষণ বা প্ৰতিফলন নকৰে।
• ৬৮% কৃষ্ণশক্তি (dark energy) যি মহাবিশ্বৰ প্ৰসাৰণৰ এক কাৰক।
যেতিয়া আমি এই আটাইবোৰ কাৰক একেলগ কৰো, তেতিয়া আমি এক নিৰ্দিষ্ট আৰু নিশ্চিত পূৰ্বানুমান পাঁও বিশ্বব্ৰহ্মাণ্ড খনৰ প্ৰসাৰণ দ্ৰুতি, অতীত আৰু বৰ্তমানৰ, আৰু আমি নিৰীক্ষণ কৰিব পৰা সীমালৈ। অৱশ্যে এই সীমাই মহাবিশ্বৰ প্ৰকৃত সীমা নহয়, এয়া আমাৰ নিৰীক্ষণৰ সীমাবদ্ধতাহে। কাৰণ বিগ ব্যেং ৰ মূহুৰ্ত ধৰি ১৩.৮ বিলিয়ন আলোকবৰ্ষ মহাবিশ্বখন প্ৰসাৰিত হৈ আছে। কৃষ্ণশক্তিৰ প্ৰভাৱৰ ফলত এই প্ৰসাৰণৰ দ্ৰুতি পোহৰৰ বেগতকৈয়ো অধিক। গতিকে ১৩.৮ বিলিয়ন আলোকবৰ্ষ দূৰত্বৰ এটা অৱয়ব বা এটা মহাজাগতিক ঘটনা যদি আমি নিৰীক্ষণ কৰিবলৈ পাঁও, তেন্তে সেয়া হল অতীত আৰু যিহেতু মহাবিশ্বখনৰ প্ৰসাৰণৰ বেগ পোহৰৰ বেগতকৈয়ো বেছি, এই দূৰত্বটো আৰু অধিক যেন আমাৰ বোধ হ’ব। যিমানেই দূৰলৈ আমি নিৰীক্ষণ কৰিম, সিমানেই দূৰৰ অৱয়ববোৰ আমাৰ পৰা বেগেৰে আঁতৰি যোৱা পৰিলক্ষিত হ’ব। এক কথাত, অৱয়ব এটাৰ মহাকাশত অৱস্থান আৰু ইয়াৰ প্ৰসাৰণৰ বেগে আমাক দূৰত্বৰ হিচাপ দিয়ে। গণনা কৰি দেখা পোৱা গৈছে যে আমাৰ নিৰীক্ষণীয় মহাজাগতিক দিগন্তৰ দূৰত্ব হৈছে ৪৬.১ বিলিয়ন আলোকবৰ্ষ। ইয়তকৈ অধিক দূৰত্ব আমি নিৰীক্ষণ কৰিব নোৱাৰো কাৰণ পোহৰকণা এই দূৰত্বৰ অধিক অতিক্ৰম কৰি আমাৰ চকুত পৰিবলৈ সময়ৰ অভাৱ। যিহেতু পোহৰতকৈ বহুগুণে অধিক বেগত মহাবিশ্বৰ প্ৰসাৰণ ঘটি আছে। গতিকে, ৪৬.১ বিলিয়ন আলোকবৰ্ষ ব্যাসৰ এই গোলকক্ষেত্ৰটো আমাৰ কেৱল নিৰীক্ষণীয় বিশ্বব্ৰহ্মাণ্ডৰ পৰিধি হে, প্ৰকৃত সীমা নহয়। আমি যদি মহাবিশ্বৰ যিকোনো বেলেগ এটা স্থানতো অৱস্থিত থাকিলোহেঁতেন, তথাপিও আমি ৪৬.১ বিলিয়ন আলোকবৰ্ষ ব্যাসৰ গোলকক্ষেত্ৰটোৰ অন্তৰ্ভুত অনুৰূপ নিৰীক্ষণেই পালোহেঁতেন। এয়া এই কাৰণেই যে এই পৰিধিটো এটা সময়ৰ সীমাহে, অন্তৰীক্ষৰ ত্ৰিমাত্ৰীক সীমা নহয়। এই সীমা আমাৰ নিৰীক্ষণ ক্ষমতাৰ সীমাবদ্ধতা। এতিয়া, ধৰা হ’ল এজন মহাকাশচাৰী এখন অত্যাধুনিক তীব্ৰবেগী মহাকাশযানত উঠি মহাবিশ্বৰ সীমান্ত অভিমূখে গতি কৰিলে। তেওঁ যাত্ৰাপথত ১৮ বিলিয়ন আলোকবৰ্ষ (গণনা মতে) ব্যাসাৰ্ধৰ অন্তৰ্গত সকলো অৱয়ব আৰু মহাজাগতিক ঘটনা দেখা পাব, যদিওবা বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণ ঘটিয়েই আছে আৰু দুটা অৱস্থানৰ মাজৰ দূৰত্ব বাঢ়িয়েই আছে। যি কি নহওক, এই সীমাৰ বাহিৰৰ অৱয়ব নিৰীক্ষণ আমাৰ বাবে অসম্ভৱ। আমি যিমানেই দূৰত্ব অতিক্ৰম নকৰো কিয়, মহাবিশ্বখনৰ প্ৰসাৰণৰ বেগে আমাক সদায় পাছ পেলাই থাকিব। অৰ্থাৎ অনন্তকাল দৰ্শনৰ পৰা মানৱজাতি বঞ্চিত? ইতিমধ্যেই নিৰীক্ষণীয় মহাবিশ্বৰ ৯৪% তাৰকামণ্ডল আমাৰ পৰা অনন্তকালৰ বাবে আঁতৰ হৈ গৈছে।
ইয়াৰ পাছতো, আৰু এক সীমাৰ ধাৰণা আমি বিবেচনা কৰিব পাৰো, কিজানিবা ৰহস্যৰ ভেদ পায়েই যাও। বৰ্তমান আমাৰ অন্তৰীক্ষত নিৰীক্ষণৰ সীমাবদ্ধতাৰ বাহিৰেও, অথবা ভবিষ্যতলৈও যিমান দূৰলৈ নিৰীক্ষণ কৰিব পাৰিম, যদি আমি আমাৰ তাত্বিক ঘড়ীক অসীমলৈ ধাৱমান কৰাও, তেতিয়া আমি এক আভাস পাম বিশ্বব্ৰহ্মাণ্ডখন কিমান বিশাল হব পাৰে। অৰ্থাৎ, নিৰীক্ষণীয় মহাবিশ্ব (observable universe) আৰু অনিৰীক্ষণীয় মহাবিশ্ব (unobservable universe) এই দুটা ভাগ লগ হৈ সম্পূৰ্ণ মহাবিশ্বখনৰ পৃষ্ঠতলে ভাঁজ লৈছে নে ই সমতল পৃষ্ঠ ? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি এক কল্পনাৰ আশ্ৰয় লব লাগিব – ধৰা হ’ল, আমি বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰীক্ষীয় পৃষ্ঠৰ উচ্চতম বক্ৰতা গণনা কৰি উলিয়ালো। যদি মহাবিশ্বখনৰ বক্ৰতা ধনাত্মক হয়, তেন্তে দুডাল সমান্তৰাল সৰলৰেখা কোনোবা এক বিন্দুত ছেদ হ’ব আৰু এই পৃষ্ঠত অৱস্থিত এটা ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি ১৮০° তকৈ বেছি হ’ব। যদি মহাবিশ্বখনৰ বক্ৰতা ঋণাত্মক হয়, তেন্তে দুডাল সমান্তৰাল সৰলৰেখা সদায় এডাল আনডালৰ পৰা আঁতৰি যাব আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° ত কৈ কম হ’ব। আকৌ যদি মহাবিশ্বখনৰ বক্ৰতা নাথাকে, তেন্তে সমান্তৰাল সৰলৰেখা সদায় সমান্তৰালেই থাকিব আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সম্পূৰ্ণ ১৮০° হ’ব। এতিয়া, মহাবিশ্ব সৃষ্টিৰ আদিসময়ৰ কিছুমান সংকেত যেনে পোহৰ যি বিগ ব্যেং ৰ সময়ত বিকিৰিত হৈছিল, বিস্তৃতভাবে অধ্যয়ন কৰিলে আমি পোহৰৰ উত্থান-পতনৰ এক বিন্যাস পাঁও। যদি মহাবিশ্বখন ধনাত্মক বা ঋণাত্মক ভাবে বক্ৰ হয়, তেন্তে এই বিন্যাস বিকৃতভাবে আবিৰ্ভাৱ হ’ব, অৰ্থাৎ ত্ৰিভুজৰ কৌণিক মাপত ১৮০° ৰ উচ্চ বা নিম্ন মাপ পোৱা যাব। আৰু যদি মহাবিশ্বখনৰ বক্ৰতা নাই তেন্তে ইয়াৰ বিপৰীত মান পোৱা যাব।
বৰ্তমান বিজ্ঞান সমাজৰ হাতত থকা আটাইতকৈ নিৰ্ভৰযোগ্য তথ্য, যিটো নেকি লোৱা হৈছে ‘Cosmic microwave background’s fluctuation’ ৰ গণনাৰ পৰা, আমি এক মীমাংসালৈ আহিব পাৰো যে মহাবিশ্বখন প্ৰায় সম্পূৰ্ণৰূপে চেপেটা। আৰু যদি বক্ৰও হয় তেনেহলে এই বক্ৰতা ০.৪% ৰ বেছি নহব। ইয়াৰ অৰ্থ এয়েই যে মহাবিশ্বখন যদি ধনাত্মকভাৱে বক্ৰ হয়, তেনেহলে ইয়াৰ ব্যাসাৰ্ধ আমাৰ বৰ্তমানৰ নিৰীক্ষণীয় মহাবিশ্বৰ (observable universe) প্ৰায় ২৫০ গুণ বেছি হ’ব।
মহাবিশ্বখনৰ সীমাক যদি আমি সোশৰীৰে উপস্থিত হ’ত পৰা আটাইতকৈ দূৰৰ অৱস্থান বুলি গণ্য কৰো, তেনেহলে আমাৰ বৰ্তমানৰ সীমাবদ্ধতা হ’ল ১৮ বিলিয়ন আলোকবৰ্ষ, যিটো নিৰীক্ষণীয় মহাবিশ্বৰ আয়তনৰ মাথোঁ ৬% । যদি আমি মহাবিশ্বৰ সীমাক মহাজাগতিক সংকেত গ্ৰহণ কৰিব পৰা আটাইতকৈ দূৰৰ অৱস্থান বুলি গণ্য কৰো তেনেহলে এই সীমা ৪৬.১ বিলিয়ন আলোকবৰ্ষ আঁতৰাত অৱস্থিত হ’ব। কিন্তু যদি আমি মহাবিশ্বৰ সীমাক অনিৰীক্ষীয় মহাবিশ্বৰ ক্ষেত্ৰত বিবেচনা কৰো, তেতিয়া প্ৰায় ১১৫০০ বিলিয়ন আলোকবৰ্ষ দূৰত্বৰ এটা সীমাবদ্ধতা আমি লাভ কৰিম; হয়তোবা ইয়াতকৈয়ো ডাঙৰ এক মান। অৱশ্যে এই সমিকৰণবোৰে এইটো প্ৰমাণ নকৰে যে মহাবিশ্বখন অসীম। ই সমান পৃষ্ঠৰো হ’ব পাৰে আৰু তথাপিও পৃষ্ঠতলৰ কোনো এক বিন্দুত বিপৰীতমুখী বক্ৰ ভাঁজ লৈ পুনৰ সেই অৱস্থানত মিলিত হব পাৰে, ঠিক এটা ‘donut’ মিঠাইৰ দৰে। গাণিতিকভাৱে এই আকৃতিটোক ‘টৰাছ’ (torus) বোলা হয়।
অৰ্থাৎ যিমানেই বিশাল আৰু তীব্ৰ প্ৰসাৰণশীল নহওঁক কিয়, মহাবিশ্বখন তথাপিও সসীম। অসীমত সীমা হেৰুৱাৰ বিপৰীতে, সীমান্তৰ সপোনৰঙী প্ৰহেলিকা ভেদ কৰিবলৈ আমাৰ আশা এতিয়াও সজীৱ। যি কি নহওঁক, বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাক, ইয়াৰ অনন্তকালৰ সীমাক উপলব্ধি কৰা বা সাংখ্যিক মাপেৰে জুখিবলৈ বা বুজিবলৈ মানৱ চেতনা অপৰাগ। তথাপিও, চেষ্টা অব্যাহত আছে :
‘এই আশা এখনি সৰব নৈ… ‘