শীত: এটা ৰাজনৈতিক পদ্য-(কুলেন দাস)
ধানৰ পাতে কটা হাতত
শীতৰ দবনা-দবনি কোব
জুহালত দি সেকিছোঁ
ধোঁৱাই খুঁচি অনা লোতকেৰে
মচিব নোৱাৰি শোকৰ উহ
পোৰা মাংসৰ গোন্ধত
কালিকা লগা ৰাতিক
এতিয়াও সমীহ কৰোঁ
যদিও শীতে আয়োজন কৰে ভোগৰ উৎসৱ
বান্ধৈ, পোৰা মাংসৰ একেটাই গোন্ধ–পশু পক্ষী মানুহ ইত্যাদিৰ
প্রতিশ্রুতিত চলি থকা ধাৰাল শূন্যতাই
কাটিছে মুখৰ জিভা
দুচকুৰ স্বচ্ছতা
বেলিৰ ধাৰত পোত যোৱা জোন
জোনে নসলায় চেঁচা বুকুৰ জুনুন
অন্ধ এন্ধাৰত সিটো পৃষ্ঠত
কোনে জানে কেতিয়া চলে কি ষড়যন্ত্রৰ গুপুত মেল
গুপ্ত নে মুক্ত হত্যাৰ
সূৰ্যাস্তত বৌদ্ধ মন্দিৰৰ চূড়াত
ৰ’দ গলি শীত নামে
এন্ধাৰৰ হাত ধৰি মোৰ গাঁৱত সোমাই গোপনে
দিনৰ শেষত শোকৰ বাদে শীতে আনেনো কি
শোক নিৰন্ন প্রজাৰ আত্মমগন
জীৱনৰ অহৈতুক সঞ্চয়ণ