বিশ্বাস-অবিশ্বাস

সকলো বিজ্ঞানমনস্ক ব্যক্তি নাস্তিক হ’ব পাৰে নে?-( অঞ্জন শইকীয়া)

সকলো বিজ্ঞানমনষ্ক ব্যক্তি নাস্তিক হ’ব পাৰেনে?

প্ৰশ্নটিৰ উত্তৰ দিয়াৰ আগতে ‘নাস্তিক’ আৰু ‘বিজ্ঞানমনস্ক’ মানে কি ধাৰণাটো অলপ স্পষ্ট আৰু সহজকৈ বুজি লোৱা সঠিক হ’ব। নাস্তিক শব্দটিৰ ইংৰাজী সমাৰ্থক শব্দ Atheist। সংস্কৃত আৰু ভাৰতীয় আধুনিক ভাষাবোৰত ‘আস্তিক’ শব্দটিৰ বিপৰীত শব্দৰূপে ‘নাস্তিক’ শব্দটি ব্যবহাৰ কৰা হয়! আস্তিক শব্দটো বেদৰ কৰ্তৃত্বক স্বীকাৰ কৰা সকলক আৰু নাস্তিক শব্দটো বেদৰ কৰ্তৃত্বক স্বীকাৰ নকৰা সকলক বুজাবলৈহে অতীত ভাৰতত ব্যৱহাৰ হৈছিল! প্ৰাচীন ভাৰতত বিকশিত হোৱা সাংখ্য দৰ্শন আৰু পূৰ্ব-মীমাংসা দৰ্শনে স্পষ্টভাৱে ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰিছিল। কিন্তু এই দুই দৰ্শনে বেদৰ বিৰোধ কৰা নাছিল, বেদৰ কৰ্তৃত্বক প্ৰত্যক্ষ ভাৱে অস্বীকাৰ কৰা নাছিল! নিৰীশ্বৰবাদী যদিও এই দুই দৰ্শনক নাস্তিক্য দৰ্শন বুলি অভিহিত কৰা নহয়! সেইসময়ত বেদৰ কৰ্তৃত্ব স্বীকাৰ কৰা নকৰাৰ ভিত্তিতহে মানুহ এজন আস্তিক বা নাস্তিক হৈছিল, ঈশ্বৰ বিশ্বাসটো মূলকথা নাছিল! প্ৰাচীন ভাৰতীয় দৰ্শনৰ ভিতৰত ‘চাৰ্বাক বা লোকায়ত দৰ্শন’, ‘বৌদ্ধ দৰ্শন’ আৰু ‘জৈন দৰ্শন’ আছিল নিৰীশ্বৰবাদী দৰ্শন লগতে নাস্তিক দৰ্শন। এই তিনি দৰ্শনে ঈশ্বৰৰ অস্তিত্ব আৰু বেদৰ কৰ্তৃত্ব দুয়োটাই অস্বীকাৰ কৰিছিল! জৈন আৰু বৌদ্ধ দৰ্শনত ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা নাছিল যদিও জন্মান্তৰবাদ, কৰ্মফলবাদ, নিৰ্বান আদি তত্ববোৰ প্ৰচাৰ কৰিছিল! সেইদিশৰ পৰা বিচাৰ কৰিলে সাম্প্রতিক কালত আধুনিক ধ্যান-ধাৰণাৰে ইংৰাজী Atheist শব্দৰ সমাৰ্থক ৰূপে যি ‘নাস্তিক’ শব্দ আধুনিক ভাৰতীয় ভাষাত ব্যবহাৰ কৰা হয় তাৰ লগত চাৰ্বাকৰ লোকায়ত দৰ্শনকহে কঠোৰভাৱে (Strictly) নাস্তিক দৰ্শন বুলি ক’ব পাৰি। চাৰ্বাকসকলৰ দাৰ্শনিক ভিত্তিটো আছিল বস্তুবাদী। এই দৰ্শনে ঈশ্বৰ অস্বীকাৰ কৰাৰ লগতে দেহবিহীন আত্মা, পৰকাল, স্বৰ্গ, নৰক, মোক্ষ আদিও অস্বীকাৰ কৰিছিল! সেইসময়ৰ পটভূমিত চাৰ্বাকসকলৰ বাস্তৱবাদী চিন্তাচৰ্চাত বিজ্ঞানমনস্ক (আধুনিক দৃষ্টিকোণেৰে) চেতনা আছিল বুলি নিশ্চয় ক’ব পাৰি! সেইদৰে বৌদ্ধ আৰু জৈনসকলক চিন্তাচৰ্চাতো আংশিকভাৱে বিজ্ঞানমনস্কতাৰ অংকুৰণ ঘটিছিল বুলি ক’ব পাৰিনে বাৰু? আত্মা, পূৰ্বজন্ম, জন্মান্তৰবাদ, কৰ্মফলতত্ত্ব আদি তথ্য প্ৰমাণহীন ধুসৰ বিশ্বাসবোৰ সংলগ্ন হোৱাৰ বাবে এই দুই দৰ্শন নাস্তিক্য দৰ্শন হৈয়ো বস্তবাদী দৰ্শন নহয়! ‘বিজ্ঞানমনস্ক’ শব্দটি আধুনিক। ইয়াৰ অৰ্থত বিশেষ বিবিধতা নাই! বৈজ্ঞানিক মানসিকতা বা বৈজ্ঞানিক দৃষ্টিভংগী থকা অৰ্থাৎ বিজ্ঞানৰ লগত খাপখোৱা মনোবৃত্তি থকা লোক এজনক আমি বিজ্ঞানমনস্ক মানুহ বুলি কওঁ! বিজ্ঞানৰ মূলতে আছে মানুহৰ প্ৰশ্ন-মনষ্কতা, সন্ধিৎসুতা আৰু পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা জীৱন জগতৰ পৰিঘটনাবোৰৰ বাস্তৱ ব্যৱহাৰিক জ্ঞান আহৰণ কৰা! বিজ্ঞানে কোনো জাতি, দেশ, বৰ্ণ, সম্প্ৰদায় নেমানে। বিজ্ঞান কোনো পৰমগুৰু, বেদবাক্য, চৰমসত্য ,সৰ্বময় কৰ্তৃত্ব আদিৰ দ্বাৰা পৰিচালিত নহয়! বিজ্ঞানে কাহানিও কোনো ধ্ৰুবসত্য বা অপৰিৱৰ্তনীয় তত্বক স্বীকাৰ নকৰে! সৰলভাৱে বিজ্ঞানৰ মূল বৈশিষ্ট্য হৈছে – বাস্তৱ পৰ্যবেক্ষণ, তথ্য-বিন্যাস, পৰীক্ষা নিৰীক্ষা, যুক্তি নিৰ্ভৰতা, পুনৰপৰীক্ষণীয় পুনৰবিচাৰযোগ্য সিদ্ধান্ত (চূড়ান্ত নহয়)। বিজ্ঞানমনস্কতাই বিজ্ঞানৰ এই বৈশিষ্টখিনিক আঁকোৱালি লৈ গঢ়ি তোলা মানসিকতাকে প্ৰতিনিধিত্ব কৰে! ওপৰত উল্লিখিত এইবোৰ কথা প্ৰতিষ্ঠানিক ধৰ্মবোৰৰ লগত মুঠেই নিমিলে! ধৰ্মত কাল্পনিক অবাস্তৱ, অলৌকিক, অতিপ্ৰাকৃতিক চিন্তাধাৰা থাকেই! প্ৰায়বোৰ ধৰ্মতে ঈশ্বৰ, আল্লাহ জাতীয় অতিপ্ৰাকৃতিক শক্তিত বিশ্বাস আছে, স্বৰ্গ, নৰক আদি পৰলৌকিক কাল্পনিক ধাৰণা আছে বা পৰকাল, জন্মান্তৰ, মোক্ষ, নিৰ্বান আদি ধুসৰ অস্পষ্ট, দুৰ্বোধ্য কল্প-তত্ব থাকে!ধৰ্মমনস্কতা বা ঈশ্বৰপৰায়ণতা আৰু বিজ্ঞানমনস্কতা দুয়োটাৰে দিশ বিপৰীতমুখী! আস্তিকতা আৰু বিজ্ঞানমনস্কতা বিপৰীত মেৰুত অৱস্থিত দুটা বিন্দু! এতিয়া মূল প্ৰশ্নটোলৈ আহোঁ! সকলো বিজ্ঞানমনস্ক ব্যক্তি নাস্তিক হ’ব পাৰেনে? মোৰ ধাৰণাত মানুহ হঠাৎ বিজ্ঞানমনস্ক হৈ নপৰে ! বিশেষকৈ আমাৰ দেশত, আমাৰ সমাজত! আমিবোৰ সাধাৰণতে ধৰ্মীয় আচাৰ নীতি পালন কৰা, ঈশ্বৰ-আল্লাক গভীৰভাৱে বিশ্বাস কৰা পৰিয়ালতে জন্ম হৈছিলোঁ! জন্মৰ পাছৰে পৰাই ঐশ্বৰিক বিশ্বাসক আমাৰ মনৰ গভীৰ কোণত নিগাজীকৈ প্ৰোথিত কৰিবলৈ চেষ্টা কৰা হয়! আমাৰ দেশৰ ৮৫- ৯০% মানুহেই ধৰ্মপৰায়ণ! পৰিয়াল বা সমাজৰ ধৰ্মপ্ৰাণ সদস্য সকলে শিশু মনত প্ৰচলিত সংস্কাৰ বা পৰম্পৰা হিচাপে ঈশ্বৰপৰায়ণতা আৰু ধৰ্মমনস্কতাৰ চেতনা ৰোপন কৰে! শিশুসকলৰ সহজাত কৌতূহলবোধ আৰু সন্ধিৎসুতাক উদ্গনি দিয়াৰ বিপৰীতে ধৰ্মীয় বাখ্যা মনত সুমুৱাই দি তেওঁলোকৰ প্ৰশ্নশীল মনটোক সচৰাচৰ দমন কৰাহে দেখা যায়!আমাৰ দেশৰ আৰ্থসামাজিক, ৰাজনৈতিক বাতাৱৰণো শিশু কিশোৰৰ বৈজ্ঞানিক মনোবৃত্তি গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল নহয়। শিক্ষাব্যবস্থাতো বিজ্ঞানমনস্কতাক গুৰুত্বসহকাৰে লোৱা নহয়! ইয়াৰ মাজতে বহু শিশু এই প্ৰতিকূলতাবোৰক নেওচি ডাঙৰ হৈ যৌৱনপ্রাপ্ত হোৱাৰ সময়লৈ ধৰ্মীয় চেতনাৰ পৰা মুক্ত হয়। বহুতো লোক মধ্যবয়সীয়া হোৱাৰ সময়লৈ আস্তিকতা এৰি সংশয়বাদী, অজ্ঞেয়বাদী হৈ পৰে! তাৰপাছত নাস্তিক হৈ পৰে! আস্তিকৰ পৰা নাস্তিক হোৱা প্ৰক্ৰিয়াটোত মানুহৰ কিছু মনস্তাত্ত্বিক বিৱৰ্তন ঘটিব লাগিব। সেইখিনি ঘটিবৰ বাবে সাধাৰণতে কিছু সময়ৰ প্ৰয়োজন হয়! শিশুমনত প্ৰোথিত কৰা জীৱন জগতক উপলব্ধি কৰা আস্তিক দৰ্শন এৰি সম্পূৰ্ণ বিপৰীত বিজ্ঞানমনস্ক নাস্তিক্য দৰ্শন গ্ৰহণ কৰাটোক এক মনস্তাত্ত্বিক যাত্ৰা বুলি ক’ব পাৰি! এই যাত্ৰাত আস্তিকতাৰ চেতনা অলপ অলপকৈ কমি আহে আৰু বিজ্ঞানমনস্কতাৰ চেতনা অলপ অলপকৈ বৃদ্ধি হৈ আহে! আৰু যাত্ৰাৰ এটা পৰ্যায়লৈ মানুহজন সম্পূৰ্ণ বিজ্ঞানমনস্ক হৈ পৰে!যিজন মানুহ সম্পূৰ্ণ বিজ্ঞানমনস্ক হ’ব পাৰিছে, তেওঁ নাস্তিক হৈ পৰিবই। অৱশ্যে নাস্তিক হোৱাই বিজ্ঞানমনস্ক যাত্ৰাৰ অন্তিম পৰ্যায় নহয়। ৰূপান্তৰৰ এই যাত্ৰা কৰি থকা অৱস্থাত মানুহ এজন অৱশ্যেই আংশিকভাৱে বিজ্ঞানমনস্ক আৰু আংশিকভাৱে আস্তিক বা আংশিকভাৱে নাস্তিক হ’ব পাৰে। ‘নাস্তিক মানেই বিজ্ঞানমনস্ক’ আৰু ‘বিজ্ঞানমনস্ক মানে নাস্তিক’ – দুয়োষাৰ কথাই অশুদ্ধ! বিজ্ঞানমনস্কতাৰ পৰিধি নাস্তিকতাতকৈ বিশাল। বিজ্ঞানমনস্কতা এক গতিশীল সামগ্রিক অনুশীলন! নাস্তিকতা বিজ্ঞানমনস্কতাৰ এটা অংশহে!

নাস্তিক সকল অন্ধবিশ্বাসী হ’ব পাৰে নে?

এনে হোৱা দেখা যায়! বহু নাস্তিকৰ জ্যোতিষ, ৰাশিফল, বাস্তু, ৰেইকী, ফেংচুই, আদিত অন্ধবিশ্বাস থকা দেখা যায়! কিছুমান নাস্তিক মানুহে দামী দামী খাটি(?) গ্ৰহৰত্ন আঙুলিত পিন্ধাও দেখা পোৱা যায়! ঈশ্বৰ বিশ্বাসী নহয়, কিন্তু আত্মা পৰমাত্মা, পূৰ্বজন্মৰ কৰ্মফল, পৰজন্ম পৰকাল বিশ্বাস কৰাজনক অন্ধবিশ্বাসী বুলিয়েই ক’ব লাগিব! কিছুমান বিজ্ঞানমনস্ক নাস্তিক মানুহৰ মনতো কেতিয়াবা অন্ধবিশ্বাস গঢ় ল’ব পাৰে! ৰেইকী, বাস্তু, আদি বিষয়ৰ কিছু জ্ঞান নেথাকিলে এইবোৰ তেওঁ সঁচা বুলি বিশ্বাস কৰি ল’ব পাৰে! এচাম ধুৰন্ধৰ শিক্ষিত মানুহে দুষ্ট অভিপ্ৰায়েৰে বিজ্ঞানৰ পৰিভাষা কৌশলেৰে ব্যৱহাৰ কৰি অবৈজ্ঞানিক ধাৰণা কিছুমানক মানুহৰ মনত বিশ্বাস জন্মাবলৈ চেষ্টা কৰি থাকে! টিভি, বাতৰিকাকত, সামাজিক মাধ্যম সকলোতে এই ছদ্মবিজ্ঞান প্ৰচাৰিত হৈ থাকে! বিজ্ঞানমনস্ক হ’বলৈ হ’লে বিজ্ঞান জগত খনৰ কিছু আওভাও নিয়মিত লৈ থাকিব লাগিব! বিজ্ঞানজগতৰ গতিশীলতাৰ লগত নিজক খাপ খুৱাই আগবাঢ়ি যাব লাগিব! এইখিনিতে অলপ ব্যক্তিগত কথা কওঁ! মোৰ এজন ককাদেউতাকৰ কথা মনত পৰিছে। ককাই পঢ়াশালিত দুইশ্ৰেণী মান পঢ়িছিল ! অসমীয়া, বাঙালী ধৰ্মপুথিবোৰ পঢ়িব পাৰিছিল! মোৰ মাৰ মোমাইদেউ এই ককাজনৰ সংগ মই বৰ ভাল পাইছিলোঁ। ককাদেউতাজনৰ চিন্তাই সৰুকালত মোৰ মনত যথেষ্ট প্ৰভাৱ পেলাইছিল। ককাই ৰামায়ণ মহাভাৰতত থকা কাহিনীবোৰ মোক সাধু কোৱাদি কৈছিল। কিন্তু এই কাহিনীবোৰ সঁচা বুলি নেমানিছিল! ব্ৰহ্মাই জগত স্ৰজিছিল, নাৰয়নে প্ৰলয়ৰ জলৰ মাজত চাৰিবেদ উদ্ধাৰ কৰিছিল -এইবোৰ চব অতীতৰ ঋষিবোৰে ভাং খাই খাই মিছামিছিকৈ লিখি থৈ গ’ল বুলি কয়! হনুমানে কাষলটি চেপত বেলিটো লৈ আহিব পাৰে নেকি, ৰাৱণৰ দহটা মূৰ থাকিব পাৰে নেকি, চব সাজি সাজি লেখা বুলি কয়! এই ককাই লগৰসকল নামঘৰলৈ যায় বাবে গৈছিল, সময় পাৰ কৰিবলৈ আৰু চাহ, প্ৰসাদ খাই ভাল পাই বাবেহে তেখেত নামঘৰলৈ যায় বুলি নিজেই কৈছিল, ধৰ্ম মানি বা ঈশ্বৰসেৱা কৰিবলৈ যোৱা নাছিল! কিন্তু ককাই ৰাতিপুৱা সদায় সূৰ্যৰ ফালে চাই দুই হাত যোৰ কৰি প্ৰণাম জনাইছিল। সম্ভৱ ৰাতিৰ আকাশত দেখা পোৱা চন্দ্ৰটোকো ককাই প্ৰণাম জনাইছিল। মই চতুর্থ শ্ৰেণীত পঢ়ি থাকোতে এদিন বুনিয়াদী বিজ্ঞানৰ পাঠ এটিত থকা মানুহ চন্দ্ৰলৈ যোৱা ছবি এখন দেখুৱাই ককাক মানুহ যে গৈ চন্দ্ৰত ভৰি দিলেগৈ সেয়া কৈছিলোঁ! সদায় ধেমেলিয়া ৰঙীয়াল ককাজনৰ সেইখন চাই হঠাৎ প্ৰচণ্ড খং উঠিল , এচাৰি এডাল লৈ মোক পিটিবলৈ খেদি অহাত মই দৌৰ দিলোঁ! ‘তোৰ কিতাপত মই মুতি দিম’, ‘মানুহ চন্দ্ৰলৈ যাব পাৰে নেকি’, এইবুলি ভোৰভোৰাই মোক বহুসময় দৌৰালে! স্বল্পাক্ষৰী ককাজনে সেইদিনতে ধৰ্মপুথিত বৰ্ণিত ঈশ্বৰ বিশ্বাস নকৰিছিল, কিন্তু চন্দ্ৰ-সূৰ্যই ককাৰ মনত গভীৰভাৱে ঐশীশক্তিৰ স্থান লাভ কৰিছিল! ককাই বুঢ়াডাঙৰীয়া, বাঁক, দঁত আদিক নিজেই কেইবাবাৰো লগ পাইছিল বুলিও কৈছিল! নাস্তিক হৈয়ো ককা অন্যক্ষেত্ৰত অন্ধবিশ্বাসী আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *