অনুবাদপ্ৰবন্ধ

সকলোবোৰ বেদতে আছে-(মূল: মেঘনাদ সাহা, অনুবাদ: পৰাগ দাহাল)

(অনুবাদকৰ টোকা: আধুনিক প্ৰাকৃতিক বিজ্ঞানচৰ্চাৰ জগতখনত যিসকল ক্ষণজন্মা ব্যক্তিক লৈ ভাৰতে গৌৰৱ কৰে, বৈজ্ঞানিক মেঘনাদ সাহা (১৮৯৩-১৯৫৬) তাৰে এজন; তেওঁৰ ‘আয়নীভৱন সূত্ৰ’ আধুনিক জ্যোতিঃ-পদাৰ্থবিজ্ঞানৰ এটা মাইলৰ খুটি। তেওঁৰ জন্ম হৈছিল ঢাকা নগৰৰ ওচৰৰ এখন গাঁৱত, যি তেতিয়া ভাৰতৰে অন্তৰ্ভূক্ত আছিল। আনুষ্ঠানিক শিক্ষা সামৰাৰ পিছত ১৯১৯ চনত তেওঁ ইউৰোপলৈ যায় আৰু ইংলেণ্ড, জাৰ্মানী, ছুইজাৰলেণ্ডত বিভিন্ন বিজ্ঞানী তথা বিজ্ঞানাগাৰৰ সৈতে পৰিচিত হয়। দেশলৈ উভতি আহি তেওঁ এলাহবাদ আৰু কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনাৰ উপৰিও গৱেষণাত মনোনিৱেশ কৰে। স্বাধীনতাৰ পিছত, ১৯৫২-ৰ পৰা আমৃত্যু তেওঁ লোকসভাত বিৰোধী সাংসদো আছিল।১৯৩৮ চনৰ নবেম্বৰত কৱিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আমন্ত্ৰণ ৰক্ষা কৰি সাহাই শান্তিনিকেতনত এটা বক্তৃতা প্ৰদান কৰিছিল। তাত প্ৰসংগক্ৰমে তেওঁ প্ৰাচীন ভাৰতীয় বিজ্ঞানচৰ্চা সম্পৰ্কে কিছু মন্তব্য কৰে যি তদানীন্তন ৰক্ষণশীল পণ্ডিতবৰ্গৰ মনঃপুত নহ’ল। ফলত তেনে এগৰাকী পণ্ডিত অনিল বৰণ ৰায়ৰ সৈতে তেওঁ বৌদ্ধিক বিতৰ্ক এটাত লিপ্ত হবলগীয়া হয়। সেইসূত্ৰে সাহাই “ভাৰতবৰ্ষ” নামৰ বাংলা আলোচনীখনত এলানি প্ৰবন্ধ লিখে, য’ত বিপক্ষৰ যুক্তি খণ্ডনতে ক্ষান্ত নাথাকি তেওঁ বিষয়টোত নিজৰ অধ্যয়নলব্ধ পৰ্য্যবেক্ষণো অন্তৰ্ভূক্ত কৰে। এই প্ৰবন্ধলানিৰ চতুৰ্থ আৰু আটাইতকৈ চৰ্চিত প্ৰবন্ধটো (“সবাই ব্যাদে আছে”) প্ৰকাশ হৈছিল আলোচনীখনৰ ১৯৪০ চনৰ ফাগুন সংখ্যাত। প্ৰবন্ধটোত উল্লেখিত ইতিহাসৰ সন্দৰ্ভত যোৱা আশী বছৰে কিছু নতুন তথ্য আৱিষ্কৃত হৈছে যদিও ইয়াৰ মূল বক্তব্যখিনি যিহেতু আজিও প্ৰাসংগিক, সেয়ে আমি তাৰ অসমীয়া ভাষান্তৰ প্ৰস্তুত কৰিছোঁ। অনুবাদটো ইতিপূৰ্বে কলিয়াবৰ মহাবিদ্যালয়ৰ আলোচনীত প্ৰকাশিত হৈছে‌।)

আমাৰ প্ৰথম প্ৰবন্ধটোত “সকলোবোৰ ‘ব্যাদ’তে আছে” কথাষাৰ লিখাৰ বাবে বহু পাঠক অলপ অসন্তুষ্ট হৈছে। বহুতে ধৰি লৈছে যে আমি বেদৰ প্ৰতি অযথা অৱজ্ঞা প্ৰকাশ কৰিছোঁ। কথাটো কিন্তু তেনে নহয়। এই উক্তিটোক লৈ আমাৰ এটা ব্যক্তিগত ইতিহাস আছে। ওঠৰ বছৰমান আগৰ কথা, সদ্য বিলাতৰ পৰা উভতি আহিছোঁ। বিজ্ঞান জগতত তেতিয়ালৈ আমাৰ সামান্য কিছু সুনামো হৈছে। ঢাকা চহৰনিবাসী (অৰ্থাৎ আমাৰ স্বদেশবাসী) লব্ধপ্ৰতিষ্ঠ উকিল এগৰাকীয়ে জানিব বিচাৰিলে আমিনো কি বৈজ্ঞানিক কামকাজ কৰিলোঁ। আমিও যৌৱনৰ প্ৰবল উৎসাহৰ সৈতে তেখেতৰ সন্মুখত আমাৰ তদানীন্তন গৱেষণাৰ বিষয়ে (অৰ্থাৎ সূৰ্য আৰু নক্ষত্ৰবোৰৰ প্ৰাকৃতিক অৱস্থা, যাক Theory of Ionisation of Elements-ৰ সহায়ত সুস্পষ্টকৈ বুজিব পাৰি) সবিস্তাৰ বৰ্ণাবলৈ ধৰিলোঁ। ইফালে তেখেতে এক-দুই মিনিট পিছে পিছে কবলৈ ধৰিলে, “এয়ানো কি নতুন কথা হ’ল, এই আটাইবোৰ চোন আমাৰ ‘ব্যাদ’তে আছে। “আমি দুই-এবাৰ মৃদু আপত্তি কৰাৰ পিছত সুধি দিলোঁ, “ডাঙৰীয়া, এই তত্ববোৰ বেদৰ কোনখিনিত আছে, অনুগ্ৰহ কৰি দেখুৱাই দিবনে?” তেখেতে উত্তৰ দিলে, “মানে মই বাৰু ‘ব্যাদ’ কাহানিও পঢ়ি পোৱা নাই, কিন্তু মোৰ বিশ্বাস, তোমালোকে আধুনিক বিজ্ঞানত যিবোৰ কাম কৰা বুলি দাবী কৰি থাকাঁ, সেই গোটেইখিনি ‘ব্যাদ’তে আছে।” অথচ এই ভদ্ৰলোক বিশ্ববিদ্যালয়ৰ উচ্চতম পৰীক্ষাত সসন্মান উত্তীৰ্ণ হৈছিল।
এয়া কোৱাই বাহুল্য যে যোৱা একুৰি বছৰে আমি বেদ, উপনিষদ, পুৰাণ ইত্যাদি সমস্ত হিন্দু শাস্ত্ৰগ্ৰন্থ, হিন্দু জ্যোতিষ তথা অন্যান্য বিজ্ঞান সম্পৰ্কীয় প্ৰাচীন গ্ৰন্থবোৰ তন্ন তন্নকৈ খুচৰি চাইছোঁ, তৎসত্বেও এই প্ৰাচীন গ্ৰন্থবোৰত সাম্প্ৰতিক বিজ্ঞানৰ মূলতত্ব নিহিত হৈ থকাটো বিচাৰি পোৱা নাই। প্ৰাচীন সভ্য দেশবোৰৰ প্ৰতিখনৰে পণ্ডিতবৰ্গই বিশ্বজগতত পৃথিৱীৰ স্থান, চন্দ্ৰ, সূৰ্য্য, গ্ৰহ আদিৰ গতি, ৰসায়ন বিদ্যা, প্ৰাণী বিদ্যা ইত্যাদিৰ সম্পৰ্কে বহু কথাই কৈ গৈছে, কিন্তু এয়া অনস্বীকাৰ্য্য যে বাস্তৱিকতে সাম্প্ৰতিক বিজ্ঞান হৈছে ইউৰোপীয় পণ্ডিতবৰ্গৰ বিগত তিনিশ বছৰীয়া সমৱেত গৱেষণা, বিচাৰশক্তি আৰু অধ্যৱসায়ৰ পৰিণাম। এটা দৃষ্টান্ত দিওঁ: আমাৰ দেশত বহুতে ভাবে যে যিহেতু একাদশ শতিকাত ভাস্কৰাচাৰ্য্যই তেনেই অস্পষ্ট ভাষাত মহাকৰ্ষণ শক্তিৰ কথা কৈ গৈছিল, গতিকে তেওঁ নিউটনৰ সমতুল্য। অৰ্থাৎ, নিউটনে নতুনকৈ কিনো আৰু কৰিলে? কিন্তু এই ‘অল্প-বিদ্যা-ভয়ংকৰী’ শ্ৰেণীৰ তাৰ্কিকসকলে যিটো কথা পাহৰি যায় সেয়া হ’ল, ভাস্কৰাচাৰ্য্যই ক’তো উল্লেখ কৰা নাই যে পৃথিৱী আৰু অন্যান্য গ্ৰহবোৰে সূৰ্য্যৰ চতুৰ্দিশে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰে। তেওঁ ক’তো প্ৰমাণ কৰা নাই যে মহাকৰ্ষণ শক্তি আৰু গতিবিজ্ঞানৰ নিয়মবোৰ প্ৰয়োগ কৰি পৃথিৱী তথা অন্যান্য গ্ৰহৰ পৰিভ্ৰমণৰ কক্ষপথ নিৰুপণ কৰিব পাৰি। গতিকে ভাস্কৰাচাৰ্য্য বা অইন কোনো হিন্দু, গ্ৰীক অথবা আৰবী পণ্ডিতে কেপলাৰ-গেলিলিঅ’ বা নিউটনতকৈ বহু আগতে মহাকৰ্ষণ তত্ব আৱিষ্কাৰ কৰিছিল বোলাটো পাগলৰ প্ৰলাপৰ বাহিৰে আন একো নহয়। দুখৰ কথা, দেশখনত এনে অপবিজ্ঞান প্ৰচাৰকৰ অভাৱ নাই, তেওঁলোকে সত্যৰ নামত কেৱল গোকাট মিছা কথাৰহে প্ৰচাৰ কৰে।
এইধৰণৰ মানুহ যে বিৰল নহয় তাৰ প্ৰমাণ হৈছে সমালোচক অনিল বৰণ ৰায়। এখেতো সেই ‘আটাইবোৰ-ব্যাদতে-আছে’ দলৰে মানুহ, অৱশ্যে এখেতে বেদখন চাগে’ মূল ভাষাত নহ’লেও অনুবাদত পঢ়িছে। সেয়ে সকলো জ্ঞান বেদতে আছে, এই জাতীয় অপজ্ঞান প্ৰচাৰ কৰাত অধিক সৰৱ হোৱাটো এখেতৰ বাবে সম্ভৱপৰ হৈছে। আমি “সকলোবোৰ ‘ব্যাদ’তে আছে” উক্তিটো বেদৰ প্ৰতি কোনো অৱজ্ঞা প্ৰকাশ কৰিবলৈ লিখা নাছিলোঁ, অনিল বৰণ ৰায় মহাশয়ৰ দৰে মনোবৃত্তিসম্পন্ন ব্যক্তিসকলৰ প্ৰতি আমাৰ মনোভাব প্ৰকাশ কৰিবলৈহে লিখিছিলোঁ।

বেদত কি আছে?

উপৰোক্ত ঘটনাটো ঘটাৰ সময়ত — অৰ্থাৎ আজিৰ পৰা ওঠৰ বছৰমান আগত — আমি নিজেও বেদ পঢ়া নাছিলোঁ। কোৱা বাহুল্য, ‘বেদ’ বুলোঁতে আমি ইয়াত ঋগ্বেদৰ কথাই কৈছোঁ। পিছলৈ ইংৰাজী আৰু বাংলা অনুবাদত ঋগ্বেদ পঢ়িছোঁ, মূল বৈদিক সংস্কৃতত পঢ়িব যিহেতু নোৱাৰোঁ। সমালোচক অনিল বৰণ ৰায়েও সম্ভৱতঃ মূল বৈদিক সংস্কৃতত বেদখন পঢ়া নাই; অৱশ্যে পঢ়িলেও সেয়া বিশেষ কোনো কামত নাহিলহেঁতেন, কাৰণ পাণিনিৰ যুগ (খ্ৰীষ্টপূৰ্ব ষষ্ঠ বা পঞ্চম শতিকা) আহি পায় মানে ঋগ্বেদ ইতিমধ্যে দুৰ্বোধ্য হৈ পৰিছিল। খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত সায়নাচাৰ্য্যই বেদৰ অৰ্থ বুজাৰ প্ৰয়াস কৰিছিল (সায়নভাষ্য)। কিন্তু ঘাইকৈ ইউৰোপীয় পণ্ডিতসকলেই সম্পূৰ্ণ বেদ সংগ্ৰহ কৰি প্ৰকাশ কৰিছিল আৰু বিভিন্ন উপায় অৱলম্বন কৰি তাৰ দুৰ্বোধ্য অংশসমূহৰ অৰ্থ বুজাৰ চেষ্টা চলাইছিল। কিন্তু তেওঁলোকৰ চেষ্টা সত্বেও অধিকাংশ স্থলতে অৰ্থবোৰ সুস্পষ্টভাৱে হৃদয়ঙ্গম কৰিব নোৱাৰি। তাৰ কাৰণ বহুতো — এটা প্ৰধান কাৰণ হ’ল, – বেদৰ বিভিন্ন অংশ অতি প্ৰাচীন কালত ৰচিত হৈছিল আৰু যি স্থান-কাল-পৰিৱেশত যিসকল মানুহে ৰচনা কৰিছিল, সেয়া পৰৱৰ্তী যুগত সম্পূৰ্ণৰূপে বিস্মৃত হৈ গ’ল। বেদ-ৰচয়িতা সমাজখনৰ প্ৰেক্ষাপট (background)-ৰ বিষয়ে নাজানিলে তাৰ প্ৰকৃত অৰ্থবোধ হোৱাটো দুঃসাধ্য আৰু পৰৱৰ্তী কালৰ মানুহে তাৰ অৰ্থ বুজিবলৈ কষ্ট-কল্পনাৰ সহায় লবলগীয়া হয়।

পোণতেই আমি জানিব লাগিব, বেদ কেতিয়া ৰচিত হৈছিল? বেদত বহুতো মহাজাগতিক ঘটনাৰ উল্লেখ আছে। এই ঘটনাবোৰৰ কাল নিৰ্ণয় কৰা দুঃসাধ্য নহয়। অধ্যাপক জেক’বী, শঙ্কৰ বালকৃষ্ণ দীক্ষিত, বাল গংগাধৰ তিলক, শ্ৰীযুক্ত প্ৰবোধচন্দ্ৰ সেনগুপ্ত ইত্যাদি দেশীয় আৰু বিদেশী পণ্ডিতসকলে সেই মহাজাগতিক ঘটনাৱলীৰ উল্লেখৰ বিজ্ঞানসন্মত পৰ্য্যালোচনা কৰি বেদৰ সংশ্লিষ্ট অংশৰ কাল নিৰ্ণয়ৰ প্ৰয়াস কৰিছে। শ্ৰীযুক্ত বসন্তকুমাৰ চট্টোপাধ্যায়কে ধৰি বৰ্তমান লেখকৰ যিসকল সমালোচকে এসময়ত গণিতশাস্ত্ৰ অধ্যয়ন কৰিছিল, তেওঁলোকে অহেতুক বাগাড়ম্বৰ বিস্তাৰ নকৰি সেই প্ৰবন্ধবোৰ পঢ়িলে নিজৰ মানসিক জড়তা আঁতৰাব পাৰিব। উক্ত প্ৰবন্ধবোৰত প্ৰমাণিত হৈছে যে বেদত উল্লেখিত সেই মহাজাগতিক ঘটনাবোৰৰ কোনোটোৱেই খ্ৰীষ্টপূৰ্ব চাৰি হাজাৰ বছৰৰ আগৰ নহয়। বহুতৰ মতে প্ৰকৃততে খ্ৰীষ্টপূৰ্ব ২৫০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ৮০০-ৰ ভিতৰত বেদৰ বিভিন্ন অংশ সংকলিত বা ৰচিত হৈছিল; তাতোকৈও পুৰণি যিবোৰ ঘটনাৰ উল্লেখ আছে, সেইবোৰ কেৱল ‘শ্ৰুতি’হে। যেনে, বৰ্তমান আমাৰ দেশত প্ৰচলিত পঞ্জিকাত অশ্বিনী নক্ষত্ৰক প্ৰাৰম্ভিক নক্ষত্ৰপুঞ্জ বুলি ধৰা হয়; কিন্তু সেয়া কেৱল ‘শ্ৰুতি’হে, কাৰণ আচলতে অশ্বিনী প্ৰাৰম্ভিক নক্ষত্ৰ আছিল ৫০৫ খ্ৰীষ্টাব্দতহে, ১৯৩৯ খ্ৰীষ্টাব্দত নহয়। বৰ্তমান পঞ্জিকা প্ৰস্তুতকাৰীসকলে তেওঁলোকৰ ‘মানসিক জড়তা’বশতঃ ১৪৩৪ বছৰ আগৰ মহাজাগতিক ঘটনাকে বৰ্তমান কালৰ ঘটনা বুলি প্ৰচাৰ কৰি আছে। বহু সুবিজ্ঞ লেখকৰ মতে বেদৰ প্ৰাচীনতম অংশয়ো প্ৰকৃত সংকলন কালৰ প্ৰায় হাজাৰ বছৰ আগৰ ঘটনাৰ শ্ৰুতিহে বহন কৰিছে। যি কি নহওক, বেদৰ প্ৰাচীনতম অংশকো খ্ৰীষ্টপূৰ্ব ২৫০০ বছৰমানত থবলৈ ইউৰোপীয় পণ্ডিতসকলৰো বিশেষ আপত্তি নাই।গতিকে পৌৰাণিক সত্যযুগ “১৭,২৮,০০০ বছৰ জুৰি স্থায়ী আছিল আৰু বৰ্তমান কালতকৈ ২১,৬৫,০৪০ বছৰ আগত অন্ত পৰিছিল” বুলি যি প্ৰচাৰ চলোৱা হয়, সেয়া সম্পূৰ্ণ অলীক আৰু ভ্ৰান্ত।

খ্ৰীষ্টাব্দৰ সূচনাতকৈ ২৫০০ বছৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন ঠাইত বহুতো বৃহৎ বৃহৎ সভ্যতাৰ উৎপত্তি হৈছিল। মিচৰীয় সভ্যতাক খ্ৰীষ্টপূৰ্ব ৪২০০ অব্দলৈকে টানি নিব পাৰি। আনুমানিক খ্ৰীষ্টপূৰ্ব ২৭০০ মানতে মিচৰত পিৰামিড নিৰ্মাণ হব ধৰিছিল। খ্ৰীষ্টপূৰ্ব ২৬০০-তে বৰ্তমান ইৰাক দেশত চুমেৰীয় জাতিয়ে সভ্যতাৰ উচ্চ শীৰ্ষ আৰোহণ কৰিছিল। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১৯০০-ত প্ৰাচীন সভ্য জগতৰ কেন্দ্ৰস্বৰূপ বেবিলন নগৰী ইৰাকৰ ৰাজধানী হয়গৈ। বিভিন্ন সাক্ষ্য-প্ৰমাণৰ পৰা দেখা যায় যে মহেঞ্জেদাৰো আৰু হৰপ্পাৰ যি প্ৰাক-বৈদিক সভ্যতাৰ নিদৰ্শন পোৱা গৈছে, সি খ্ৰীষ্টপূৰ্ব ২৫০০-ৰ দুই-এক শতিকা ইফালৰ বা সিফালৰ।
এতিয়া প্ৰশ্ন হ’ল ‘বৈদিক সভ্যতা’ এই কালছোৱাত কোনখন দেশত প্ৰচলিত আছিল আৰু প্ৰাচীন মিচৰীয়, চুমেৰীয় আৰু প্ৰাক-বৈদিক ভাৰতীয় সভ্যতাৰ সৈতে তাৰ কোনো আদান-প্ৰদান আছিল নে নাই? বৈদিক সভ্যতাৰ প্ৰথম উল্লেখ পোৱা যায় খ্ৰীষ্টপূৰ্ব ১৪৫০-ৰ মিটানীয় (মেছোপটেমীয়াৰ এখন ৰাজ্য) ৰজাৰ শিলালেখত। এই ৰজাসকলে আধুনিক মোচাল নগৰীৰ উত্তৰ-পশ্চিম অংশত বাস কৰিছিল আৰু তেওঁলোকে যি ধৰণৰ সম্ভ্ৰম সহকাৰে মিচৰীয় আৰু বেবিলনীয় সভ্যতাৰ কথা উল্লেখ কৰিছে তাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকে নিজকে উক্ত দুটা সভ্যতাৰ সমপৰ্য্যায়ৰ বুলি গণ্য কৰা নাছিল। আন এটা প্ৰণিধানযোগ্য কথা হ’ল, যদিও প্ৰাচীন মিটানীয়, ইৰানীয় অৰ্থাৎ পাৰস্য দেশবাসী আৰ্য্য আৰু ভাৰতীয় বৈদিক আৰ্য্য — সকলোৰে ভাষা প্ৰায় একে আছিল, কিন্তু তেওঁলোকৰ নিজা কোনো লিপি থকাৰ কোনো অবিসম্বাদিত প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। বৰং প্ৰমাণ পোৱা যায় যে পৰৱৰ্তী কালৰ তুৰ্কী বা মধ্য-এচিয়াবাসীসকলৰ লেখীয়াকৈ তেওঁলোক যেতিয়াই যি দেশলৈকে গৈছে, সেই দেশৰ লিপিয়েই গ্ৰহণ কৰিছে। যেনে, পাৰস্যৰ এথিমিনীয় বংশৰ ৰজাসকল, বিশেষকৈ ডেৰিয়াচ (দৰায়াবুস্) আৰু তেওঁৰ পৰৱৰ্তী সম্ৰাটসকলে খ্ৰীষ্টপূৰ্ব ৫০০ মানত পৰ্বতশিলাত খোদিত কৰি যি আচাৰ সংহিতা জাৰি কৰিছিল, সেয়া বৈদিক ভাষাৰ সৈতে প্ৰায় একে, কিন্তু লিপি আছিল প্ৰাচীন বেবিলনত প্ৰচলিত কিউনিফৰ্ম লিপি আৰু তেওঁলোকৰ সাম্ৰাজ্যৰ অংশবিশেষ চিৰিয়াত প্ৰচলিত আৰামাইক লিপি। খ্ৰীষ্টপূৰ্ব ১৪৫০-ত মিটানীয়সকলে তেওঁলোকৰ সংহিতাত ইন্দ্ৰ, মিত্ৰ, বৰুণ, নাসত্যস আদি বৈদিক দেৱতাৰ নাম উল্লেখ কৰিছে, কিন্তু তাতো বেবিলনৰ কিউনিফৰ্ম লিপি ব্যৱহৃত হৈছে। ভাৰতীয় আৰ্য্যসকলে খ্ৰীষ্টপূৰ্ব ৫০০-ৰ আগেয়ে কি লিপিত লিখামেলা কৰিছিল তাৰ কোনো সাক্ষ্য এতিয়ালৈ ওলোৱা নাই। খ্ৰীষ্টপূৰ্ব ২৫০-ৰ অশোক ৰজাৰ সংহিতাবোৰ ব্ৰাহ্মী লিপিত লিখা হৈছিল, হয়তো এই লিপিৰ উৎপত্তি তাৰো বহু আগতে হৈছিল। এই ব্ৰাহ্মী লিপিৰ উৎপত্তি কেনেকৈ হৈছিল তাৰ কোনো ধাৰাবাহিক ইতিহাস এতিয়ালৈ আৱিষ্কাৰ হোৱা নাই।
এই গোটেইখিনি কথাৰ পৰা হয়তো এয়া ধৰি লোৱাটো অসংগত নহব যে প্ৰাচীন আৰ্য্যসকলৰ নিজাকৈ কোনো লিপি নাছিল, তেওঁলোকে বিজেতা হিচাপে যি দেশলৈ গৈছে তাৰে লিপি গ্ৰহণ কৰিছে। নিজস্ব লিপি থকা হ’লে তেওঁলোকে কেতিয়াও ভিন্নদেশীয় লিপিত নিজৰ সংহিতা খোদিত নকৰিলেহেঁতেন। ইংৰাজসকলে ভাৰত বা চীনলৈ আহি নিজৰ লিপি পৰিৱৰ্তন কৰিছে জানো? মধ্যযুগত আৰবসকলে বহু সুসভ্য দেশক নিজৰ শাসনৰ অধীনলৈ আনিছে, কিন্তু সকলোতে সেই দেশবোৰৰ অধিবাসীক আৰব লিপি গ্ৰহণ কৰিবলৈ বাধ্য কৰিছে। তাৰ বিপৰীতে মধ্য এচিয়াৰ তুৰ্কী বা হুন বৰ্বৰসকলে বিজেতা হৈয়ো চীনত চীনৰ লিপি, পাৰস্যত ফাৰ্চী লিপি আৰু ৰুচীয়াত চিৰিলিক লিপি গ্ৰহণ কৰিছিল, কাৰণ তেওঁলোকৰ নিজা কোনো লিপি নাছিল।
এতেকে আশা কৰোঁ, সমালোচকসকলে স্বীকাৰ কৰিব যে ঋগ্বেদ খ্ৰীষ্টপূৰ্ব ২৫০০-ৰ পৰা ৰচিত হবলৈ ধৰে আৰু এই গ্ৰন্থখনে যি ধৰণৰ সমাজক চিত্ৰিত কৰিছে, সেই সমাজতকৈ উন্নত সমাজ আৰু সভ্যতা পৃথিৱীৰ অন্যান্য অংশত (ইজিপ্ত, ইৰাক) আৰু সম্ভৱতঃ আমাৰ ভাৰতবৰ্ষতো বিদ্যমান আছিল। ঋগ্বেদত যি নদ-নদীৰ উল্লেখ আছে, তাৰ পৰ্য্যালোচনা কৰিলে বুজা যায় যে প্ৰাচীন ভাৰতীয় আৰ্য্যসকলে বৰ্তমান পাঞ্জাবৰ উত্তৰ-পশ্চিমাংশ আৰু আফগানিস্তানৰ পূৰ্বাংশত বসবাস কৰিছিল আৰু সভ্যতাৰ জোখত তেওঁলোকতকৈ উন্নত সিন্ধু উপত্যকাৰ অধিবাসীসকলক সততে উৎপীড়ন কৰিছিল।
ঋগ্বেদ সংহিতাত সমসাময়িক চুমেৰীয় বা মিচৰীয় সভ্যতাৰ উল্লেখ পোৱা যায়নে? এই বিষয়ে কোনো সুস্পষ্ট প্ৰমাণ পোৱা হোৱা নাই যদিও স্বৰ্গীয় লোকমান্য বাল গংগাধৰ তিলকে এটা সুচিন্তিত প্ৰবন্ধত দেখুৱাইছে যে অথৰ্ববেদৰ কেইটামান দুৰ্বোধ্য শব্দ আৰু শ্লোক যিবোৰৰ কোনো সুস্পষ্ট অৰ্থ উদ্ধাৰ কৰা এতিয়ালৈ সম্ভৱপৰ হোৱা নাই, সেইবোৰৰ অৰ্থ সম্পূৰ্ণ স্পষ্ট হৈ যায় যদিহে ধৰি লোৱা হয় যে সেইবোৰ বেবিলন দেশত প্ৰচলিত পৌৰাণিক কাহিনীৰ পৰা লোৱা হৈছে। যদি ধৰি লোৱা হয় যে অথৰ্ববেদ ১৫০০-১৬০০ খ্ৰীষ্টপূৰ্বত ৰচিত হৈছিল, তেন্তে তিলকৰ প্ৰবন্ধৰ পৰা প্ৰমাণিত হয় যে তেতিয়া ভাৰত আৰু বেবিলনৰ মাজত যোগাযোগ আছিল। ঋগ্বেদৰ কিছু দুৰূহ অংশৰ অৰ্থোদ্ধাৰৰ কামটোও হয়তো এইধৰণৰেই কৰিব পৰা যাব।
ঋগ্বেদ হৈছে বিভিন্ন পৰিয়ালস্থ বা গোত্ৰভূক্ত ঋষিসকলৰ দ্বাৰা সূৰ্য্য বা সৱিতা, চন্দ্ৰ বা সোম ইত্যাদি প্ৰাকৃতিক দেৱতা আৰু ইন্দ্ৰ, বৰুণ, মিত্ৰ ইত্যাদি দেৱতাৰ উদ্দেশ্যে ৰচিত স্তোত্ৰাৱলীৰ সমষ্টিহে। বহুতৰ মতে মিত্ৰ, বৰুণ, বিষ্ণু ইত্যাদি দেৱতাও সূৰ্য্যৰেই প্ৰতীক মাথোন। কিন্তু গ্ৰহ-নক্ষত্ৰাদি আৰু প্ৰাকৃতিক শক্তিক দেৱতাৰূপে কল্পনা কৰি সেইসৱৰ স্তৱ-স্তুতি কৰাটো বৈদিক আৰ্য্যসকলৰ মৌলিক আৱিষ্কাৰ বা একচেটিয়া বৃত্তি নাছিল। বৈদিক সভ্যতাৰ সমসাময়িক মিচৰীয় বা চুমেৰীয় সভ্যতাত আৰু আচলতে বিশ্বৰ সকলোতে, সভ্যতাৰ স্তৰ অনুসৰি সকলো প্ৰাচীন জনগোষ্ঠীৰ মাজতে, এই পৰম্পৰা দেখা যায়। প্ৰাচীন মিচৰীয়সকলে সূৰ্য্য বা “ৰা” দেৱতাক প্ৰধান দেৱতা আৰু সৃষ্টিকৰ্তা বুলি ভাবিছিল; জ্যোতিষ্কমণ্ডলীৰ শ্ৰেষ্ঠস্থানীয় (খালি চকুৰে দেখা আটাইতকৈ উজ্জ্বল তৰা) Sirius, অৰ্থাৎ লুব্ধক নক্ষত্ৰক তেওঁলোকৰ Isis দেৱীৰ প্ৰতীক বুলি ভাবিছিল। প্ৰাচীন চুমেৰীয়সকলৰ অধিকাংশ দেৱতাই আছিল গ্ৰহ-নক্ষত্ৰভিত্তিক, যেনে: An বা Anu – আকাশ বা দ্যৌ; Shamash বা Babbar – সূৰ্য্য, ন্যায় আৰু আইনৰ দেৱতা; Sin বা Nannar – চন্দ্ৰ; শুক্ৰ গ্ৰহক তেওঁলোকৰ সৌন্দৰ্য্য আৰু প্ৰেমৰ দেৱী Istar-ৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল; বৃহস্পতি গ্ৰহক তেওঁলোকৰ দেৱতাৰ ৰজা Marduk-ৰ প্ৰতীক, শনি গ্ৰহক তেওঁলোকৰ লিখক দেৱতা Nabu-ৰ প্ৰতীক, মংগল গ্ৰহটোক তেওঁলোকৰ যুদ্ধৰ দেৱতা Nergal-ৰ প্ৰতীক বুলি ভাবিছিল। এই গোটেইখিনি দেৱতা আৰু অন্যান্য সাগৰ, নদী বা পৰ্বতাত্মক দেৱতাদিক উদ্দেশ্যি প্ৰাচীন চুমেৰীয় কৱি বা ঋষিসকলে যিবিলাক স্তোত্ৰ ৰচনা কৰিছিল, তাৰে একাংশ সম্প্ৰতি আৱিষ্কৃত হৈছে আৰু বৃটিছ মিউজিয়ামৰ চুমেৰীয় প্ৰত্নতত্ব বিভাগৰ সহকাৰী অধ্যক্ষ Dr. Gadd-এ সেয়া ইংৰাজী অনুবাদসহ প্ৰকাশো কৰিছে। ইজিপ্তীয় দেৱতাসকলৰ উদ্দেশ্যে ৰচিত স্তোত্ৰাৱলীও Egyptian Book of Dead নামৰ গ্ৰন্থত সংকলিত হৈছে। কিছুদিন আগেয়ে পৰলোকগত বিখ্যাত আমেৰিকীয় প্ৰত্নতাত্বিক অধ্যাপক ব্ৰেষ্টডে তেওঁৰ Dawn of Conscience in the World গ্ৰন্থত প্ৰমাণ কৰিছে যে খ্ৰীষ্টান বাইবেলত যিবোৰ আধ্যাত্মিকতাৰ বাণীক যিশু খ্ৰীষ্টৰ মুখনিঃসৃত বুলি বৰ্ণনা কৰা হয়, সেইবোৰৰ অধিকাংশই, কেৱল মূলভাবৰ ফালৰ পৰাই নহয়, আনকি আক্ষৰিকভাৱেই, প্ৰাচীন বেবিলনীয় আৰু মিচৰীয় শাস্ত্ৰৰ পৰা ধাৰ কৰা। অৰ্থাৎ বাস্তৱপক্ষে খ্ৰীষ্টপূৰ্ব ৪০০০-ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০-ৰ ভিতৰত উক্ত প্ৰাচীন সভ্য জাতি দুটাই তেওঁলোকৰ কেইবা হাজাৰ বছৰীয়া অভিজ্ঞতাৰ মাজেৰে যি আধ্যাত্মিকতাৰ তত্ব (Altruistic Philosophy) উদ্ভাৱন কৰিছিল, পৰৱৰ্তী কালত সেয়াই খ্ৰীষ্টান ধৰ্মৰ আধ্যাত্মিকতাৰ ভিত্তি গঠন কৰিছে। কেৱল কথা হ’ল, খ্ৰীষ্টান ধৰ্মকে ধৰি কেইবাটাও ধৰ্মত গ্ৰহ-নক্ষত্ৰ আৰু নদী-পৰ্বতাত্মক দেৱতাৰ ধাৰণাটো অপ্ৰয়োজনীয় বুলি পৰিত্যক্ত হৈছে। পৰৱৰ্তী দুহাজাৰ বছৰৰ ইতিহাসে প্ৰমাণ কৰিছে যে আধ্যাত্মিকতাৰ ভিত্তি গঠনৰ বাবে বহুদেৱতা উপাসনাৰ কোনো প্ৰয়োজন নাই।
বেদ আৰু বেদ-পৰৱৰ্তী শাস্ত্ৰাদি পৰ্য্যালোচনা কৰিলেও একে ধৰণৰ সিদ্ধান্তত উপনীত হোৱা যায়। মহেঞ্জেদাৰোৰ সময় (খ্ৰীষ্টপূৰ্ব ২৫০০) আৰু সম্ৰাট অশোকৰ সময়ৰ (খ্ৰীষ্টপূৰ্ব ৩০০) মধ্যৱৰ্তী যুগৰ ইতিহাস লিখিব পৰাকৈ পৰ্য্যাপ্ত সমলৰ সন্ধান এতিয়ালৈ পোৱা হোৱা নাই, কিন্তু এই সময়ছোৱাতে ভাৰতীয় ধৰ্ম আৰু সভ্যতাৰ সমস্ত মূলসূত্ৰ আৱিষ্কৃত আৰু গঠিত হৈছিল। বৈদিক সভ্যতা আৰু প্ৰাক্-বৈদিক ভাৰতীয় সভ্যতাৰ দুটা বা তিনিটা ধাৰাৰ সঙ্গমৰ পৰিণতিতে ভাৰতীয় ধৰ্ম, সমাজ আৰু সভ্যতা গঠিত হৈছিল। তাৰো পিছৰ যুগত (অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৩০০-ৰ পিছত) লিখিত মহাভাৰত, ৰামায়ণ আৰু পুৰাণ ইত্যাদিত এই ২২০০ বছৰীয়া যুগৰ অস্পষ্ট শ্ৰুতিহে শুনা যায় মাথোন। বৈদিক আৰ্য্যসকল যেতিয়া ভাৰতলৈ আহিছিল, তেওঁলোকে আড়ম্বৰপূৰ্ণভাৱে যাগযজ্ঞ আদি কৰিছিল, কিন্তু পিছলৈ (বোধকৰোঁ বৌদ্ধ ধৰ্মৰ উৎপত্তিৰ কেইবা শতিকা আগৰ পৰাই) বৈদিক যাগযজ্ঞৰ কাৰ্য্যকৰিতাক লৈ নানানটা প্ৰশ্ন উঠিবলৈ ধৰে। উপনিষদত এই সন্দেহী মনোভাবৰ পৰিচয় পোৱা যায়। উপনিষদৰ আধ্যাত্মিকতা ব্ৰহ্মবাদৰ ভিত্তিত প্ৰতিষ্ঠিত, তাত বৈদিক দেৱ-দেৱতাসকল পৰিত্যক্ত হৈছে। বৌদ্ধ আৰু জৈনসকলে বেদক সম্পূৰ্ণ অগ্ৰাহ্য কৰি নিজৰ ধৰ্মমত গঢ়ি তুলিছিল। যিবোৰ শাস্ত্ৰ বা দৰ্শন খাঁটি সনাতনী বুলি প্ৰচলিত, সেইবোৰৰ অধিকাংশই মূলতঃ বেদবিৰোধী। উদাহৰণস্বৰূপে সাংখ্য দৰ্শনৰ কথাই কোৱা যাওক: ইয়াৰ বিস্তৃত পৰ্য্যালোচনা কৰি বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে লিখিছে, “বেদৰ (প্ৰত্যক্ষ) অৱজ্ঞা সাংখ্যৰ ক’তো নাই, বৰং দেখাত বৈদিকতাৰ আড়ম্বৰহে বহুল পৰিমাণে পোৱা যাব। কিন্তু সাংখ্যৰ প্ৰৱচনকাৰীসকলে বেদানুগত্যৰ নাম লৈ বেদৰেই শিপা উঘালিছে।”
বেদৰ উৎপত্তিৰ বিষয়ে বিভিন্ন হিন্দু ধৰ্মশাস্ত্ৰৰ সমস্ত মতবোৰ বংকিমচন্দ্ৰই ‘বিবিধপ্ৰবন্ধ’ৰ পঞ্চম পৰিচ্ছেদত উদ্ধৃত কৰিছে। কৌতুহলী পাঠকে পঢ়ি চাব পাৰে। এই আটাইবোৰ মত অনুধাৱন কৰি চালে স্পষ্টকৈ প্ৰতীয়মান হয় যে বেদ অপৌৰুষেয় আৰু অভ্ৰান্ত বুলি প্ৰচাৰিত মতটো আপেক্ষিকভাৱে আধুনিক কাল, অৰ্থাৎ পুৰাণ আদি ৰচনাৰ সময়ৰ পৰাহে প্ৰচলিত হৈছে। প্ৰাচীনকালৰ শাস্ত্ৰগ্ৰন্থাদিত বেদৰ উৎপত্তি সম্বন্ধে প্ৰচূৰ অদ্ভুত আৰু অস্পষ্ট মতবাদৰ সন্ধান পোৱা যায়, কিন্তু কোনো এটা মতবাদেই বেদক অপৌৰুষেয় আৰু অভ্ৰান্ত বুলি প্ৰতিপন্ন কৰাৰ যত্ন কৰা নাই।
এইখিনিতে এটা প্ৰশ্ন উঠিব পাৰে: বেদৰ ইমান প্ৰতিপত্তিৰ কাৰণ কি? যিসকলে বেদৰ বিৰোধ কৰিব বিচাৰে তেওঁলোকেও কিয় বেদৰ গইনা লৈহে সেয়া কৰিব পাৰে? বিষয়টো বুজিবলৈ ইছলাম ধৰ্মৰ ইতিহাসৰ সৈতে তুলনা কৰি চাব পাৰি। ইছলাম ধৰ্মটো কোৰানৰ ভিত্তিত প্ৰতিষ্ঠিত। কোৱা হয় যে হজৰত মহম্মদে “ঈশ্বৰৰ প্ৰত্যাদেশ” লাভ কৰি যিসমূহ কথা কৈছিল, তেওঁৰ অনুগামীসকলে সেয়া লিপিবদ্ধ কৰি গৈছিল — এইসমূহৰ সংগ্ৰহেই হৈছে কোৰান। কিন্তু হজৰত মহম্মদৰ মৃত্যুৰ পিছত কুৰি বছৰমানৰ ভিতৰতে নানা কাৰণত বিশাল ইছলামিক সাম্ৰাজ্যৰ বিভিন্ন অংশত কোৰানৰ বিভিন্ন সংস্কৰণ আৰু অনুলিপি প্ৰচলিত হয়। তেতিয়া খলিফা ওচমানে দেখিলে যে ভিন ভিন দেশত ভিন ভিন ধৰণৰ কোৰান প্ৰচলিত হৈ থাকিলে শীঘ্ৰে ইছলাম ধৰ্মত অনৈক্যৰ সৃষ্টি হব, ইছলামিক জগতখন শতধা বিভক্ত হব। তাৰ প্ৰতিকাৰৰ বাবে তেওঁ এটা অভিনৱ উপায় উলিয়ালে। তেওঁ ততালিকে এখন বৃহৎ সভাৰ আয়োজন কৰিলে আৰু হজৰত মহম্মদৰ যিসকল শিষ্য আৰু কৰ্মসংগী তেতিয়ালৈ জীৱিত অৱস্থাত আছিল, তেওঁলোকক সমৱেত কৰালে। তাত বিভিন্ন দেশত প্ৰচলিত কোৰানৰ বিভিন্ন বাণীবোৰ সঁচাসঁচি হজৰত মহম্মদৰ মুখনিঃসৃত হয় নে নহয় তাৰ সাক্ষ্য লোৱা হ’ল। বহুদিন জুৰি এনেকৈ পৰীক্ষা কৰাৰ পিছত যিবোৰ বাণী সঁচাসঁচি হজৰত মহম্মদৰ মুখনিঃসৃত বুলি প্ৰতিপন্ন হ’ল, সেইবোৰ লিপিবদ্ধ কৰাই তেওঁ প্ৰকৃত ‘কোৰান’ৰ পাণ্ডুলিপি প্ৰণয়ন কৰালে আৰু নিয়ম বান্ধি দিলে যে যদি ভৱিষ্যতে কোৰানৰ কোনো অনুলিপিত কিবা ভুল ওলায় (অৰ্থাৎ উক্ত চৰকাৰী সংস্কৰণৰ সৈতে অমিল থাকে) তেন্তে সেয়া অশুদ্ধ বুলি বিবেচিত হব। এই কটকটীয়া নিয়মৰ ফলত যোৱা চৈধ্য শ বছৰে বিশাল ইছলামিক জগতৰ ক’তো কোৰানৰ পাঠ পৰিৱৰ্তন সম্ভৱ হোৱা নাই। ইছলামিক জগতৰ সকলোতে কোৰান অভিন্ন।
কিন্তু এনে কাঢ়া নিয়ম সত্বেও ইছলাম ধৰ্মত বিভিন্ন সম্প্ৰদায়ৰ উদ্ভৱ হৈছে। অধ্যাপক তাৰাচাঁদৰ মত অনুসৰি ইছলামত ৭২ টা ভিন ভিন সম্প্ৰদায় আছে। প্ৰতিটো সম্প্ৰদায়ে বাহ্যতঃ কোৰানক অভ্ৰান্ত আৰু অপৌৰুষেয় (অৰ্থাৎ হজৰত মহম্মদৰ মুখনিঃসৃত ঈশ্বৰৰ প্ৰত্যাদেশ) বুলি কয়। অথচ বাস্তৱক্ষেত্ৰত বহু সময়ত এই বিভিন্ন সম্প্ৰদায়ৰ ধৰ্মবিশ্বাস, আচাৰ-ব্যৱহাৰত আকাশ-পাতাল পাৰ্থক্য দেখা যায়, গোড়া মুছলমানৰ মতে তাৰে বহুখিনি কোৰানসন্মত নহয়। এই বিভিন্ন সম্প্ৰদায়বোৰৰ ভিতৰত ঘোৰ যুক্তিবাদী মুত্তাজীল সম্প্ৰদায়ৰ পৰা (যিসকল আচলতে চক্ৰেটিচ, প্লেটো, এৰিষ্ট’টল আদি প্ৰাচীন যুক্তিবাদী গ্ৰীক দাৰ্শনিকসকলৰ মতবাদৰ অনুগামী আছিল) আৰম্ভ কৰি আগা খানী সম্প্ৰদায়লৈ (যিসকল অৱতাৰ, জন্মান্তৰবাদ আদি ভাৰতবৰ্ষীয় মতবাদত বিশ্বাসী আছিল) সকলো ধৰণৰ ধৰ্মবিশ্বাসীয়েই আছে। তাৰ কাৰণ, ইছলাম ধৰ্ম অতি কম সময়ৰ ভিতৰতে চিৰিয়া, পাৰস্য, ইৰাক, মধ্য এচিয়া আদি নানা দেশত প্ৰচাৰিত হয়; এই সমগ্ৰ দেশবোৰৰ অধিবাসীসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে যদিও তেওঁলোকৰ নিজ নিজ দেশৰ পৰম্পৰাগত ধৰ্মবিশ্বাস সমূলঞ্চে ত্যাগ কৰা নাছিল। বহুক্ষেত্ৰত প্ৰাচীন গ্ৰীক আৰু ভাৰতীয় ধৰ্মদৰ্শনতত্বজ্ঞ পণ্ডিতসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰি উঠিও ইছলামীয় ধৰ্মতত্বত শ্ৰদ্ধাশীল হব পৰা নাছিল; কিন্তু যিহেতু ৰাজশক্তি ইছলাম ধৰ্মাৱলম্বী, গতিকে বিৰোধী মত প্ৰকাশ কৰাৰ সাহসো তেওঁলোকে গোটাব পৰা নাছিল। গতিকে মুখত কোৰানৰ নাম লৈও তেওঁলোকে কাৰ্য্যতঃ এনে ধৰ্মমত পোষণ কৰিছিল যি গোড়া মুছলমানৰ মতে কোৰানবিৰোধী।
বেদৰ ‘অভ্ৰান্ততা’ৰ ক্ষেত্ৰতো তদ্ৰূপ ঘটনা ঘটিছে। বৈদিক আৰ্য্যসকলে খ্ৰীষ্টপূৰ্ব ২৫০০-ৰ আশে পাশে যেতিয়া উত্তৰ ভাৰতৰ সৰ্বত্ৰ আধিপত্য বিস্তাৰ কৰিছিল, তেতিয়া তেওঁলোকৰ নেতাস্বৰূপ পুৰোহিত (ঋষি) আৰু ৰজাসকলে জাক-জমকতাৰে যাগযজ্ঞৰ আয়োজন কৰিছিল। এই যজ্ঞানুষ্ঠানবোৰত তেওঁলোকে নিজৰ উপাস্য দেৱতাৰ উদ্দেশ্যে স্ত্ৰোত্ৰপাঠ কৰিছিল আৰু পশুবলি দিছিল। পাণিনী যুগৰ পূৰ্বেই এই স্তোত্ৰসমূহৰ সংকলন, সংখ্যাগণনা আৰু শ্ৰেণীবিভাজন হৈ গৈছিল। কিন্তু উপনিষদৰ যুগ আহি পোৱালৈ চিন্তাশীল ঋষিসকলৰ মনত বৈদিক যাগযজ্ঞৰ আধ্যাত্মিকতাৰ সম্পৰ্কে সন্দেহৰ উদ্ৰেক হবলৈ ধৰে। আনহাতে যিসকলে প্ৰাক্-বৈদিক সভ্যতা গঢ়িছিল, তেওঁলোকৰো নিজস্ব ধৰ্মবিশ্বাস আছিল — সম্ভৱতঃ পাশুপত-ধৰ্ম বা নাৰায়ণী ধৰ্ম; ক্ৰমান্বয়ে তেওঁলোকেও অন্য উপায়েৰে প্ৰতিষ্ঠালাভ কৰাৰ যত্ন কৰি আছিল। দেশৰ ৰাজশক্তি আৰু পুৰোহিত-শক্তি বৈদিক ক্ৰিয়াকাণ্ডত প্ৰবল বিশ্বাসী, গতিকে তেওঁলোকৰ মতৰ বিৰুদ্ধে মুকলিমূৰীয়াকৈ নিজৰ মতবাদ প্ৰচাৰ কৰিবলৈ উক্ত প্ৰাচীন ধৰ্মবিশ্বাসীসকলে সাহস গোটাব পৰা নাছিল, সেয়ে তেওঁলোকে বেদৰ অস্পষ্ট সূক্তবোৰৰ নামত নিজ নিজ ধৰ্মমতৰ পুণঃ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলায়। সেয়ে প্ৰাক্-বৈদিক শিৱ পশুপতি বেদস্থ অমংগলৰ দেৱতা ৰূদ্ৰৰ সৈতে একাকাৰ হৈ গ’ল আৰু বেদৰ সৌৰদেৱতা বিষ্ণুৰ সৈতে নাৰায়ণী ধৰ্মৰ নাৰায়ণৰ একত্ব সম্পাদনৰ প্ৰয়াস চলিল। পাশুপত আৰু নাৰায়ণী মতাৱলম্বীসকলে এনেদৰেই বেদৰ নাম লৈয়েই, অবৈদিক ক্ৰিয়াকাণ্ডক ‘জাত’ত তুলি ল’লে, যদিও বহুক্ষেত্ৰত গোড়া বেদ-বিশ্বাসীবৃন্দ তাত সন্তুষ্ট হব নোৱাৰিলে। আনহাতে জৈন আৰু বৌদ্ধসকলে সেই পথত খোজেই নেপেলালে; তেওঁলোকে পোণে পোণে বেদৰ অভ্ৰান্ততা অস্বীকাৰ কৰিলে আৰু বৈদিক ক্ৰিয়াকাণ্ডবোৰ নিৰৰ্থক বুলি ঘোষণা কৰিলে।
বৰ্তমান লেখকে এজন বৈজ্ঞানিকৰ নিৰপেক্ষ দৃষ্টিৰে হিন্দুৰ বেদ আৰু লগতে অন্যান্য ধৰ্মৰ মূলতত্ব বুজাৰ প্ৰয়াস কৰিছে। ইয়াত অৱজ্ঞা বা অৱহেলা জাতীয় কোনো কথা নাহে। আমি এই কথাত বিশ্বাসী যে প্ৰাচীন ধৰ্মগ্ৰন্থসমূহ যিবোৰ জাগতিক তথ্য (World Phenomena), ঐতিহাসিক জ্ঞান আৰু মানৱ চৰিত্ৰৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত, সেইবোৰক ভিত্তি কৰি বৰ্তমান যুগৰ উপযোগী ‘আধ্যাত্মিকতা’ গঢ়ি তোলাটো সম্ভৱ নহয়। কিদৰে ‘বৈজ্ঞানিক মনোবৃত্তি’ৰ ভিত্তিত নৱযুগৰ উপযোগী ‘আধ্যাত্মিকতা’ গঢ়িব পাৰি সেই সেই বিষয়ে প্ৰবন্ধান্তৰত আলচ কৰা হব।

Leave a Reply

Your email address will not be published. Required fields are marked *