কেন্দ্ৰীয় নিবন্ধ

সমাজৰ সর্বাঙ্গীন বিকাশত বৈজ্ঞানিক মানসিকতাৰ প্ৰয়োজনীয়তা-(ড° অৰবিন্দ ৰাজখোৱা)

মানৱ সভ্যতাৰ বিকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বিজ্ঞানে। বিজ্ঞান হ’ল সকলো ধৰণৰ বিষয়ৰ প্ৰণালীৱদ্ধ অধ্যয়ন। বিজ্ঞান সম্পূৰ্ণৰূপে যুক্তিৰ ওপৰত আধাৰিত। এলবাৰ্ট আইনষ্টাইনৰ মতেও বিজ্ঞান হৈছে বিধিৱদ্ধ চিন্তাৰ দ্বাৰা বিশ্বৰ ইন্দ্রিয়গ্রাহ্য পৰিঘটনাসমূহক যথাসম্ভৱ এটা যুক্তিগত সম্পৰ্কেৰে বান্ধিবলৈ কৰা শতাব্দীজোৰা সাধনা। মানৱ সভ্যতাৰ আধুনিক যুগটো সম্পূৰ্ণৰূপে বিজ্ঞানৰ যুগ। এইটো যুগত মানৱ জীৱনৰ প্ৰতিটো কথাই নিয়ন্ত্রিত হৈছে বিজ্ঞানৰ দ্বাৰা। দৈনন্দিন জীৱনৰ সৰু-সুৰা প্রয়োজনৰ পৰা আৰম্ভ কৰি যাতায়াত, যোগাযোগ, চিকিৎসা আদি সকলো ক্ষেত্রতে বিজ্ঞানক বাদ দি কোনো কথাই চিন্তা কৰিব নোৱাৰি। আনকি মানুহৰ মৌলিক প্রয়োজন আহাৰ, বস্ত্ৰ আৰু বাসস্থানৰ ক্ষেত্ৰতো বিজ্ঞানৰ ভূমিকা অপৰিহাৰ্য হৈ পৰিল। সেয়েহে কোৱা হয় বৰ্তমানৰ যুগটো সম্পূৰ্ণৰূপে বিজ্ঞানৰ যুগ।
বৈজ্ঞানিক মানসিকতা – এই খণ্ডবাক্যটো উনবিংশ শতিকাৰপৰা জনপ্রিয় হৈ উঠিছে। ইয়াত মানসিকতাৰ লগত বিজ্ঞানৰ সম্পৰ্ক গ্ৰন্থন কৰা হৈছে। অৱশ্যে বিজ্ঞানৰ জটিল সমীকৰণৰ লগত ইয়াৰ কোনো বিশেষ সম্পৰ্ক নাই। বিজ্ঞান যুক্তি আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেনে যুক্তি আৰু সত্যক আধাৰ কৰি গঢ় লোৱা মানৱ মনক বৈজ্ঞানিক মন বুলি কোৱা হয়। তাৰপৰাই বৈজ্ঞানিক মানসিকতা খণ্ডবাক্যটোৰ উৎপত্তি। বৈজ্ঞানিক মানসিকতাই মানুহক সকলো কথা চালি-জাৰি চাই বিশদভাৱে জানিবলৈ সহায় কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণতো সহায় কৰে। প্ৰতিটো কাৰ্যৰ কাৰণ নির্ণয়ৰ চেষ্টা আৰু প্রশ্ন কৰাৰ প্ৰৱণতা বৈজ্ঞানিক মানসিকতাৰ অন্যতম দিশ। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বৰ বাবে বিজ্ঞানৰ ডাঙৰ ডিগ্ৰী থাকিব লাগিব বুলি কোনো কথা নাই। এজন ব্যক্তি বিজ্ঞানৰ সু-উচ্চ ডিগ্রীধাৰী হ’লেও তেওঁৰ মানসিকতা বৈজ্ঞানিক নহ’বও পাৰে। অন্যহাতে হোজা, নিৰক্ষৰ ব্যক্তি এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে।
মানৱ সমাজৰ বিকাশত বিজ্ঞানৰ যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে তেনেদৰে বৈজ্ঞানিক মানসিকতাৰো বিশেষ প্রয়োজন আছে। বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনৰ বিকাশ সাধে কিন্তু বৈজ্ঞানিক মানসিকতাই মানুহৰ অন্তৰ্জীৱনলৈ পৰিৱৰ্তন আনে। কোৱা বাহুল্য মাথোন যে যিখন সমাজত মানুহৰ মানসিক জগত সংশয়হীন নহয় তেনে সমাজত জ্ঞানৰ বিকাশ সম্ভৱ নহয়। এই সংশয়হীন চেতনা গঢ় ল’বৰ বাবে বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ ঘটোৱাৰ বাদে অন্য ব্যৱস্থা নাই।
বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত ঘটি থকা কিছুমান পৰিঘটনা উল্লেখ কৰিলে বিষয়টো অধিক পৰিষ্কাৰ হ’ব।।
আমাৰ সমাজত সন্তান জন্ম হ’লে কোষ্ঠী চোৱাই গণনা কৰা হয় আৰু সন্তানৰ মঙ্গল অমঙ্গল বিচাৰ কৰা হয়। কন্যা সন্তানৰ ক্ষেত্ৰত ঋতুকাল আৰম্ভ হোৱাৰ সময়ত জ্যোতিষীয়ে গণনা কৰি পুনৰ মঙ্গল অমঙ্গল বিচাৰ কৰে। বিভিন্ন ধৰণৰ অপশক্তি তথা গ্ৰহদোষৰ পৰা ৰেহাই পাবলৈ আমাৰ অগণন লোকে তাবিজ, পাথৰ যুক্ত আঙঠি আদি পৰিধান কৰে। আমাৰ সমাজত বসন্ত ৰোগৰ কাৰণ এতিয়াও বিশেষ শক্তিধাৰী শৰীৰী আই বুলি ভবা হয় আৰু সেই ৰোগ হ’লে আইক তুষ্ট কৰিবলৈ টোপোলা বন্ধা হয় আৰু শৰাই দিয়া হয়। ৰাস্তাত মেকুৰী দেখিলে বা খালী পাত্র দেখিলে যাত্রা অমঙ্গলীয়া হ’ব বুলি ভবা হয়। বৰষুণ আহিবৰ বাবে ভেকুলীৰ বিয়া পতা হয়। ছোৱালী বা বোৱাৰীয়ে যঁজা কল বা যঁজা তামোল খালে যঁজা সন্তান জন্ম হ’ব বুলি বিশ্বাস কৰা হয়। শনি আৰু মঙ্গলবাৰে চুলি আৰু নখ কটা নহয়। লাও গছত নজৰ নালাগিবৰ বাবে চূণেৰে আখৰ লিখি আৰি দিয়া হয়। ঘৰৰ মূধচত ফেঁচা পৰিলে বা বাৰীত ফেঁচাই মাতিলে ঘৰখনৰ বিপদ আসন্ন বুলি ভবা হয়। ভূত-প্রেতৰপৰা ৰক্ষা পাবলৈ ঘৰৰ মূল দুৱাৰৰ ওপৰত কাঁইটীয়া লতা ওলোমাই ৰখা হয়।
এনেধৰণৰ অলেখ পৰিঘটনা আমাৰ সমাজত যুগ যুগ ধৰি চলি আছে। সাম্প্ৰতিক কালত বিজ্ঞানৰ অগ্রগতিয়ে ইয়াৰ দুই এটা বিশ্বাস নোহোৱা কৰিছে যদিও সৰহভাগ এতিয়াও প্ৰচলিত হৈয়ে আছে। এই বিশ্বাসবোৰৰ প্ৰচলনে সমাজৰ উন্নতিত কেনেদৰে বাধা সৃষ্টি কৰিছে সেয়া আলোচনা কৰাৰ প্রয়োজন আছে।
মানৱ সভ্যতাৰ প্ৰাচীন আৰু মধ্যযুগত বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ বিশেষ বিকাশ ঘটা নাছিল। সেয়ে সেই কালৰ মানুহে কোনো জটিল বিষয়ৰ ব্যাখ্যা দিব পৰা নাছিল। প্ৰাকৃতিক পৰিঘটনাসমূহৰো কাৰণ তেওঁলোকে নির্ণয় কৰিব পৰা নাছিল। বিভিন্ন সময়ত বিভিন্ন দুৰ্যোগৰ মুখামুখি হোৱা মানুহে নিজক প্ৰবোধ দিবৰ বাবে বহু বিশ্বাস আৰু পৰম্পৰাৰ জন্ম দিছিল। তেওঁলোকে অনাবৃষ্টি, অতিবৃষ্টি, ভূমিকম্প, ধুমুহা আদি প্ৰাকৃতিক পৰিঘটনাৰ কাৰণ নির্ণয় কৰিব নোৱাৰি সেইবোৰ অলৌকিক শক্তি বা দেৱতাৰ দ্বাৰা পৰিচালিত হোৱা বুলি ভাবিছিল আৰু সেইবোৰক সন্তুষ্ট কৰিবৰ বাবে পূজা পাতল কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছিল। কিন্তু আধুনিক যুগত সকলো প্ৰাকৃতিক পৰিঘটনাৰ ব্যাখ্যা সম্ভৱ হৈছে। আনকি কিছুমান প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্রণ কৰাও সম্ভৱ হৈছে। আচলতে বিজ্ঞানৰ এই অগ্ৰগতিৰ কাৰণে ই বৰ্তমানৰ সময়খিনি আধুনিক যুগ হিচাপে নামকৰণ কৰা হৈছে। কিন্তু এতিয়াও যদি কোনো সমাজত প্রাকৃতিক পৰিঘটনা দেৱতাৰ দ্বাৰা নিয়ন্ত্রিত বুলি ভবা হয় আৰু তেনে দেৱতাক সন্তুষ্ট কৰা হয় তেন্তে সেই সমাজক প্ৰকৃতাৰ্থত আধুনিক সমাজ বুলি কোৱা নাযায়। বিজ্ঞানৰ সকলো সা-সুবিধাৰে বাহ্যিক জীৱন সহজ কৰি ৰখা সেই সমাজৰ ব্যক্তিসকল মানসিকভাৱে আচলতে মধ্যযুগতেই বসবাস কৰি থাকে। ফলত যুগোপযোগী জ্ঞান আৰু চিন্তাৰপৰা সেই সমাজ বঞ্চিত হয়। পূজা-পতালৰ লগত ব্যস্ত থকা সমাজখনে সমস্যা সমাধানৰ ব্যৱহাৰিক পথবোৰ আওকাণ কৰাৰ ফলত বিকাশৰ পথ ৰুদ্ধ হয়। কেৱল বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰেহে সমাজৰপৰা উক্ত অন্ধবিশ্বাসবোৰ আঁতৰাব পাৰে।
সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ জন্ম হয় অজ্ঞতাৰ বাবে। প্ৰাচীন আৰু মধ্যযুগত যেতিয়া জ্ঞানৰ বিকাশ ঘটা নাছিল তেতিয়া বিমূঢ় মানুহে সেইবোৰৰ জন্ম দিছিল। সংস্কৃতি ঐতিহ্য ৰক্ষাৰ নামত সেই অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ বর্তমানেও জীয়ন দি ৰখাৰ কোনো যুক্তি থাকিব নোৱাৰে। অৱশ্যে সাংস্কৃতিক পৰম্পৰাৰ ক্ষেত্ৰত কথাটো সুকীয়া। জাতি এটাৰ স্বকীয়তা ৰক্ষাৰ বাবে কিছুমান সাংস্কৃতিক পৰম্পৰা জীয়ন দি ৰখা হয়। এই জীয়ন দিয়া কার্য্য সমাপন কৰা হয় বৈজ্ঞানিক ভাৱেহে। ইয়াৰ লগত অন্ধবিশ্বাস আৰু কু-সংস্কাৰক একাকাৰ কৰিব নোৱাৰি।
বৈজ্ঞানিক মানসিকতাৰ অভাৱে সমাজৰ উন্নতি কেনেদৰে স্থবিৰ কৰে সেয়া বুজিবলৈ কেইটামান উদাহৰণ লক্ষ্য কৰিলেই যথেষ্ট।
অসম এখন কৃষিপ্ৰধান ঠাই। কৃষিৰ উৎপাদনৰ ওপৰত এই ঠাইৰ উন্নতি বহু পৰিমানে নিৰ্ভৰ পৰে। অসমত কৃষিৰ বাবে এতিয়াও পর্যাপ্ত জলসিঞ্চনৰ ব্যৱস্থা হৈ উঠা নাই। সেয়ে অসমৰ কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্যত নামিব লাগে। কিন্তু বৈজ্ঞানিক মানসিকতাৰ অভাৱে এই প্রকৃতি-নিৰ্ভৰ কৃষি ব্যৱস্থাটোক ক্ষতিগ্ৰস্ত কৰে। আমাৰ সমাজত বিশ্বাস আছে যে জোনমৰা, একাদশী, ষাট আদিত হাল বাব নাপায়। এই বিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। কিন্তু সমাজৰ গৰিষ্ঠসংখ্যকে সেয়া শ্ৰদ্ধাৰে মানি চলে। ফলত কেতিয়াবা অত্যন্ত উপযুক্ত সময়ত পথাৰলৈ যোৱাৰ পৰা বিৰত থাকিব লগা হয় আৰু কৃষিৰ উৎপাদনত ই বিৰূপ প্ৰভাৱ পেলায়। অৱশ্যে সপ্তাহ বা পষেকত এদিন বা দুদিন কৃষিকৰ্মত বিৰতি থাকিব পাৰে। কিন্তু সেই বিৰতি হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থকা চন্দ্ৰটোৱে নিয়ন্ত্রণ কৰাতকৈ কৃষকৰ ব্যক্তিগত তাগিদাইহে নিয়ন্ত্রণ কৰা উচিত।
আমাৰ মানুহে দৈনন্দিন জীৱনত বহু বিজ্ঞান-সৃষ্ট আহিলা আৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰে। সেই আহিলা আৰু যন্ত্ৰ পাতিসমূহৰ আৱিষ্কাৰক বা সেইসমূহ ক’ত কেনেকৈ উৎপাদন কৰা হৈছে সেই কথা অতি কম সংখ্যকেহে জানে বা জানিবলৈ ইচ্ছা কৰে। কিন্তু সেইসমূহৰ কুশল মঙ্গলৰ বাবে গৰিষ্ঠসংখ্যক ব্যক্তিয়ে দেৱতাৰ নামত পূজা আগবঢ়ায়। সম্প্ৰতি তেনে পূজা পাতল কমি আহিব লাগিছিল যদিও ব্যাপক মাত্ৰাত সেয়া বাঢ়িহে আহিছে। আনকি উচ্চশিক্ষা প্ৰতিষ্ঠান আৰু কাৰিকৰী প্ৰতিষ্ঠানতো তেনে পূজা পতা হয়। যন্ত্ৰ পাতিৰ লগত পূজা বা দেৱতাৰ কোনো সম্পৰ্ক নাই বা থাকিব নোৱাৰে। এই সত্যটো একবিংশ শতিকাতো উপলব্ধি কৰিব নোৱৰাটো আমাৰ বাবে দুৰ্ভাগ্যজনক। ইয়াৰ ফলত নতুন প্ৰজন্মৰ মনত বিজ্ঞান আৰু বিজ্ঞানী সম্পৰ্কে সচেতনতা জন্ম হোৱাৰ পৰিৱৰ্তে দেৱতাৰ প্ৰতিহে কৃতজ্ঞতাবোধৰ জন্ম হয়। ফলত যুক্তি বুদ্ধিৰ পৰিৱৰ্তে ব্যাখ্যাহীন, মায়াময় জগত এখনকহে আদৰণি জনোৱা হয়। কেৱল বৈজ্ঞানিক মানসিকতাৰ অভাৱতেই এই দুৰ্ভাগ্যজনক পৰিঘটনাই আমাৰ সমাজ চানি ধৰি আছে। সমাজৰ উন্নতিত ই বহু অন্তৰায় সৃষ্টি কৰে।
আমাৰ সমাজত এতিয়াও মধ্যযুগৰ দৰে জাতিগত আৰু সম্প্রদায়গত ভেদাভেদ বিৰাজমান। এতিয়াও সামাজিক ৰীতি-নীতি, বিয়া-বাৰু, অনুষ্ঠান আদিত জাতিগত আৰু সম্প্রদায়গত পৰিচয়সমূহ গুৰুত্বপূৰ্ণ হৈয়ে আছে। অর্থাৎ মানুহক মানুহ হিচাপে মূল্যায়ণ কৰাতকৈ জাতি আৰু সম্প্রদায় হিচাপেই আজিও মূল্যায়ণ কৰা হয় । উচ্চবর্ণ, নিম্নবর্ণ ভেদাভেদ এতিয়াও আছে। অথচ বিজ্ঞানে কোন কাহানিবাই মানুহৰ ক্ৰম-বিৱৰ্তনৰ ব্যাখ্যা আগবঢ়াইছে। সকলো মানুহৰ জন্ম প্রক্রিয়া একে, সকলোৰে শৰীৰত একে পৰিমাণৰ আৰু একে ধৰণৰ অস্থি, ৰক্ত আৰু অন্যান্য অঙ্গ প্রত্যঙ্গ আছে। মাথোঁ ছালৰ বৰণ বা দেহৰ গঠনৰ সামান্য প্ৰভেদ আছে। তেনেস্থলত এই ভেদাভেদবোৰৰ ভিত্তি কোনোধৰণে থকা সম্ভৱ নহয়। কিন্তু আমাৰ সমাজত সেয়া এতিয়াও অতি তীব্ৰভাৱে বিৰাজ কৰিছে। বৈজ্ঞানিক মানসিকতাৰ অভাৱেই ইয়াৰ মূল কাৰণ। যিখন সমাজত বৈজ্ঞানিকভাৱে, যুক্তিৰে এই কথাবোৰ আলোচিত হয় সেই সমাজত এনে ভেদাভেদ থাকিব নোৱাৰে। এই ভেদাভেদে সমাজৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। আমাৰ অসমৰ ক্ষেত্ৰতে কথাটো স্পষ্ট হয়। জাতিগত আৰু সম্প্ৰদায়গত ভেদাভেদে অসমত এতিয়ালৈকে যিমান অস্থিৰতাৰ জন্ম দিছে তেনে অস্থিৰতা আন একোৱেই জন্ম দিব পৰা নাই।
মানুহৰ উন্নতি আৰু সফলতা নিৰ্ভৰ কৰে পৰিশ্ৰম, আত্মবিশ্বাস আৰু প্ৰতিভাৰ উচিত ব্যৱহাৰৰ ওপৰত। তাকে নকৰি ভাগ্যক ধিয়াই দেৱ দেৱতাৰ পূজা কৰি থাকিলে উন্নতি সম্ভৱ নহয়। কিন্তু আমাৰ সমাজত সেয়া হৈ আছে। আকৌ মানুহৰ জীৱনৰ সংঘাত আৰু দুৰ্ঘটনাবোৰ প্ৰায়ে আকস্মিকভাৱে সংঘর্তিত হয়। আঙঠি, তাবিজ আদি পিন্ধি কোনো অপায় অমঙ্গলৰপৰা ৰক্ষা পাব নোৱাৰি। বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও তেনে চেষ্টা চলি আছে।
মানুহৰ দেহৰ সৰহভাগ ৰোগৰ কাৰণ হ’ল বীজাণুৰ আক্ৰমণ। তাৰপৰা ৰেহাই পাবলৈ যিমান পাৰি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। আমাৰ সমাজত কিন্তু এতিয়াও বিভিন্ন অযুক্তিকৰ কাৰ্যৰে ৰোগৰ বাধা দিবলৈ চেষ্টা কৰা হয়। ইয়াৰ ফলত ৰোগত মৃত্যু পৰ্যন্ত ঘটিব পাৰে। পিছে আমাৰ সমাজত বৈজ্ঞানিক মানসিকতাৰ অভাৱত এতিয়াও জৰা-ফুকা, টোপোলা বন্ধা, পূজা পাতল আদি চলিয়েই আছে।
সমাজৰ সর্বাঙ্গীন উন্নতিৰ বাবে মানুহৰ মনৰ এই অযৌক্তিকতাৰ অৱসান ঘটিব লাগিব। অস্পষ্টতা আৰু ধূসৰতা শেষ হ’ব লাগিব। যুক্তিৰ মাজতহে প্ৰকৃত নৈতিকতাই বিৰাজ কৰে। তাৰ মাজতেই উন্নতিৰ বীজ সোমাই থাকে।
আমাৰ ভাৰতবৰ্ষ এতিয়াও এখন তৃতীয় বিশ্বৰ দেশ। প্রগতিৰ পথত প্রথম আৰু দ্বিতীয় বিশ্বৰ দেশসমূহক লগ পাবলৈ ভাৰতবৰ্ষই এতিয়াও বহু বেগেৰে বহু পথ অতিক্ৰম কৰিব লাগিব। বিশ্বৰ উন্নত দেশসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে তাৰ জনসাধাৰণৰ সামগ্ৰিক উন্নতিৰ মূলতেই হ’ল বৈজ্ঞানিক মানসিকতাৰ ব্যাপক প্ৰসাৰ। যুক্তিহীন কথাবোৰক লৈ তেনে দেশসমূহত ব্যস্ততা দেখুওৱা নহয়। আমাৰ দেশ ভাৰতবৰ্ষক প্ৰকৃত উন্নতিৰ পথলৈ আগুৱাই নিবলৈ হ’লে আমিও বৈজ্ঞানিক মানসিকতাক সাৰথি হিচাপে গ্ৰহণ কৰিব লাগিব। এইক্ষেত্ৰত সমাজৰ জ্যেষ্ঠসকলেই বাট দেখুৱাব লাগিব। বিশেষকৈ শিক্ষকসকলে এইক্ষেত্ৰত আগভাগ ল’ব লাগিব। অতি দুখেৰে লক্ষ্য কৰা যায় যে আমাৰ বহু বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তিয়েও গ্ৰহদোষৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন আঙঠি পিন্ধে, অমঙ্গল দূৰ কৰিবলৈ পুৰোহিত মাতি যজ্ঞ কৰে, ভৱিষ্যতৰ খতিয়ান ল’বলৈ ৰাশিফল চায়। অৱশ্যে তাৰ মাজতো যুক্তিবাদী মানুহ আছে। সংখ্যা কম হ’লেও সেই বৈজ্ঞানিক চেতনাৰ ব্যক্তি আমাৰ সমাজত আছে। তেওঁলোকৰ চেতনাৰ বহুল প্ৰসাৰৰ প্রয়োজন। তেতিয়াহে সমাজৰ সর্বাঙ্গীন উন্নতি সাধিত হ’ব।
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *