গল্প-কবিতা

সময়ৰ গতি-(পম্পী দেৱনাথ)

 

মুক্ত চিন্তা, ৩য় বছৰ, ৩য় সংখ্যা

বহুবাট ভ্ৰমি যেতিয়া আৱিষ্কাৰ কৰিলোঁ

নিজক

পলিয়েন্দ্ৰীত সাঁতুৰি থকা দেখিলোঁ।

সুখে আমুৱালে যেতিয়া

নিজকে কাৰোবাক সঁপি দিলোঁ

পাহৰিলোঁ অতীত।

এদিন অকস্মাতে ট্ৰয় নগৰ পালোঁ

ঈৰ্ষা হৈছিল নেকি মোৰ?

—-

কেতিয়া জানো দেৱী সজালে !

পোহৰ গোট মাৰোতেই য’ত

আৰম্ভ হৈছিল

প্ৰকৃত নাটকৰ পূৰ্ণ প্ৰদৰ্শনী।

—-

গতিৰ পাকত মীৰাবাঈ হ’লোঁ

আহ ! কিযে আছিল সময়ছোৱা

লিঅ’নাৰ্ডোৰ মনালিছা তাৰ প্ৰমাণ।

—-

কিন্তু সময় শৃংখলাৱদ্ধ

তাৰেই আধাৰত এদিন হৈছিলোঁ

লক্ষ্মীবাই, মুলাগাভৰু, ৰাণী ভিক্টোৰিয়া,

চাৰুলতা, আশাপূৰ্ণা, কনকলতা,

কল্পনা চাওলা, অৰুন্ধতী, ঝুম্পালাহিড়ী…

আৰুআজি ?

Leave a Reply

Your email address will not be published. Required fields are marked *