সময়ৰ গতি-(পম্পী দেৱনাথ)
বহুবাট ভ্ৰমি যেতিয়া আৱিষ্কাৰ কৰিলোঁ
নিজক
পলিয়েন্দ্ৰীত সাঁতুৰি থকা দেখিলোঁ।
সুখে আমুৱালে যেতিয়া
নিজকে কাৰোবাক সঁপি দিলোঁ
পাহৰিলোঁ অতীত।
—
এদিন অকস্মাতে ট্ৰয় নগৰ পালোঁ
ঈৰ্ষা হৈছিল নেকি মোৰ?
—-
কেতিয়া জানো দেৱী সজালে !
পোহৰ গোট মাৰোতেই য’ত
আৰম্ভ হৈছিল
প্ৰকৃত নাটকৰ পূৰ্ণ প্ৰদৰ্শনী।
—-
গতিৰ পাকত মীৰাবাঈ হ’লো
আহ ! কিযে আছিল সময়ছোৱা
লিঅ’নাৰ্ডোৰ মনালিছা তাৰ প্ৰমাণ।
—-
কিন্তু সময় শৃংখলাৱদ্ধ
তাৰেই আধাৰত এদিন হৈছিলোঁ
লক্ষ্মীবাই, মুলাগাভৰু, ৰাণী ভিক্টোৰিয়া,
চাৰুলতা, আশাপূৰ্ণা, কনকলতা,
কল্পনা চাওলা, অৰুন্ধতী, ঝুম্পালাহিড়ী…
—
আৰুআজি ?