সম্পাদকীয়

সম্পাদকৰ টোকা :: ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসে দিয়া মানসিক শান্তি (কৌশিক দাস)

১.

তেনেই সাধাৰণ কথা কিছুমান উদাহৰণ হিচাপে লৈ আলোচনা আৰম্ভ কৰিছোঁ।

বিৰল ব্যতিক্ৰমী লোকসকলৰ কথা বাদ দিলে, সৰহভাগ মানুহৰেই মনত মৃত্যুৰ প্ৰতি ভয় আছে। মৃত্যু সংক্ৰান্তীয় ভয়-ভীতিৰ প্ৰাবল্য কাৰোবাৰ মনত হয়তো কম, কাৰোবাৰ আকৌ অতি বেছি। বেমাৰ-আজাৰত পৰিলে তেনে লোকৰ মৃত্যুৰ প্ৰতি থকা ভয় স্বাভাৱিকতেই আৰু বাঢ়ি যায়। তাতে যদি মোটামুটি সুস্থিৰভাৱে চলি থকা সমাজ এখনত হঠাতে কোনো মহামাৰীয়ে দেখা দিয়ে, অহৰহ আহি থাকে মানুহৰ মৃত্যুৰ বাতৰি, তেনেহ’লেতো কথাই নাই; স্বাভাৱিক অৱস্থাত মৃত্যুৰ বাবে বৰ বেছি ভয়-চিন্তা কৰি নথকা বহুতো লোকৰ মনতো—ভয়াতুৰসকলৰ কথা বাদেই—মৃত্যুৰ আশংকা নিঃসীম আতংকলৈ পৰিৱৰ্তিত হৈ পৰে। তেনে আতংকগ্ৰস্ত মানুহে পৰিত্ৰাণ বিচাৰি সাধাৰণতেই কাল্পনিক দেৱ-দেৱী-ঈশ্বৰৰ শৰণাপন্ন হয়। এই সৰু কথাটোৰ আঁত ধৰিয়েই আলোচনাটিৰ প্ৰথম উদাহৰণটোলৈ লক্ষ্য কৰা যাওক। কথাটো বৰ মজাৰ।

কলেৰা এটা অতি পুৰণি ৰোগ; হিপ্পোক্ৰেটাছৰ (৪৬০-৩৭৭ খ্ৰী.পূ.) ৰচনাত এই ৰোগটোৰ লক্ষণ লিপিবদ্ধ হৈ থকাটোৱেই (দ্ৰষ্টব্য : Pappas G, Kiriaze I. J and Falagas M. E., Insights into infectious disease in the era of Hippocrates, International Journal of Infectious Diseases, 2008, 12 : 347-350) ৰোগটোৰ প্ৰাচীনত্বৰ কথা তৰ্কাতীতভাৱে প্ৰমাণ কৰে। সময়ে সময়ে বিভিন্ন স্থানত কলেৰাৰ আক্ৰমণ পৰিলক্ষিত হ’লেও, ঊনবিংশ শতিকাৰ প্ৰথমৰ পৰাহে ৰোগটিৰ কথা ব্যাপক চৰ্চালৈ আহিছিল। ১৮১৭ চনত বংগদেশত—কলিকতাকে ধৰি ব্যাপক অঞ্চল এটাত—কলেৰাই ভয়াবহ মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। কেইবছৰমানৰ পাছত— ১৮২৩ চন মানৰ পৰা—কলেৰা ইউৰোপতো বিয়পি পৰিছিল। ইউৰোপীয়সকলে তেওঁলোকৰ মহাদেশলৈ মহামাৰীটো ভাৰতৰ পৰা গৈছিল বুলি ঘোষণা কৰি ৰোগটোৰ নামেই দিছিল ভাৰতীয় কলেৰা (চিত্ৰ ১)।

চিত্ৰ ১। ইউৰোপীয়সকলে ৰোগটোৰ নাম দিছিল “ভাৰতীয় কলেৰা”।

প্ৰসংগত কৈ থওঁ, সাম্প্ৰতিক গৱেষণাই দেখুৱাইছে যে কলেৰা ৰোগটো সেই সময়ত স্বতন্ত্ৰভাৱেহে ইউৰোপত মহামাৰী হিচাপে বিস্তাৰিত হৈছিল। সি যি নহওক, মেক্‌-নামাৰা নামৰ এগৰাকী গৱেষকে পতিয়ন নিয়াব পৰা ঐতিহাসিক তথ্য-পাতিৰে, ১৮১৭ চনৰ বহু আগতেই যে ইংৰাজ-শাসিত কলিকতাত কলেৰাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, সেই কথাটো সুন্দৰভাৱে দেখুৱাইছে (Sen S, Indian Cholera: A Myth, Indian Journal of History of Science, 2012, 47 : 3, pp. 345-374)। গৱেষকগৰাকীয়ে এই প্ৰসংগত এটি বৰ চিত্তাকৰ্ষক তথ্য পোহৰলৈ আনিছে। স্থানীয় লোকসকলে মহামাৰী ৰোগটোক “ওলা-ওঠা” বুলিছিল। এই লোকসকলৰ মাজত কাহিনী এটি প্ৰচলিত আছিল। অষ্টাদশ শতিকাৰ আদিতেই এগৰাকী বৃদ্ধাই হাবিয়ে-জংঘলে বনাই থাকোঁতে হেনো এটা শিলৰ সন্ধান পালে, যিটো শিলক “ওলা-ওঠা”-ৰ দেৱী হিচাপে আৰাধনা কৰি থকা হৈছিল। স্থানীয় লোকে আৰাধ্যা দেৱীগৰাকীক বুলিছিল “ওলা বিবি”। তাৰ পাছত “ওলা বিবি”-ৰ আৰাধনা কৰিবলৈ কলিকতাৰেই মাথোন নহয়, বংগদেশৰ বিভিন্ন প্ৰান্তৰ পৰাও বহুতো লোক আহিবলৈ আৰম্ভ কৰিলে। সেয়াই নহয়, ১৭২০ চনমানত ডানকান নামৰ ইংৰাজ ব্যৱসায়ী এগৰাকীয়ে চাৰি হেজাৰ টকা দান কৰে “ওলা বিবি”-ৰ মন্দিৰ নিৰ্মাণৰ বাবে। তাৰ ত্ৰিছ বছৰ পাছত, ১৭৫০ চনত, ডানকানে কলিকতাত দ্বিতীয়টো “ওলা বিবি”-ৰ মন্দিৰৰ বাবে দান কৰে ছহেজাৰ টকা। পূৰ্বৰ ৰুক্ষ আৰু গ্ৰাম্য প্ৰস্তৰখণ্ডৰ সলনি এইবাৰ কিছু কাৰুকাৰ্যমণ্ডিত নগৰীয়া “ওলা বিবি”-ৰ বিগ্ৰহ এটা প্ৰতিষ্ঠা কৰা হ’ল (দ্ৰষ্টব্য: পূৰ্বোক্ত গৱেষণাপত্ৰ)। উল্লেখ কৰি থোৱা যুগুত হ’ব যে স্থানান্তৰত “ওলা বিবি”-ক “ওলা দেৱী” বুলিও জনা যায় (দ্ৰষ্টব্য: Nanda, C P, Political Ecology of Cholera: Orissa and Colonial Sanitary Discourse, International Journal of Health Sciences, 2020, 55.1 pp. 60-71)। সি যি নহওক, সুদীৰ্ঘ দিনৰ বিৰতিত এগৰাকী বিদেশী বণিকে “ওলা বিবি”-ৰ মন্দিৰৰ বাবে দুবাৰ বুজন পৰিমাণৰ— প্ৰথমবাৰ চাৰি হাজৰ, পাছৰবাৰ ছহেজাৰ টকা, তেতিয়াৰ দিনৰ— দান-বৰঙণি দিয়াৰ কথাই বাৰু কি প্ৰমাণ কৰে? এই কথাটোৰ পৰা আমি নিৰ্দ্বিধাই অনুমান কৰিব পাৰোঁ যে কলেৰাই বহু যুগ ধৰি ভাৰতৰ স্থানীয় লোকসকলৰ বাহিৰেও, বিদেশীসকলৰ মাজতো আতংকৰ সৃষ্টি কৰি আহিছিল। বিদেশৰ পৰা “উন্নত” সভ্যতাৰ বাণী বহন কৰি অনা বুলি সততেই গৰীয়ান ইউৰোপীয় লোকৰো যুক্তিবুদ্ধি মহামাৰীৰ আতংকই বিনষ্ট কৰি দিছিল, মহামাৰী-উদ্ভিন্ন মৃত্যু-ভীতিয়ে তেওঁলোকক শৰণাপন্ন কৰাইছিল ভাৰতৰ কোনো হাবিচুকত প্ৰচলিত লোকবিশ্বাসত। অৱশ্যে ইউৰোপৰ লোকসকল মহামাৰীয়ে জন্ম দিয়া মৃত্যু-আতংক আৰু তৎসংলগ্ন যুক্তিৰহিত বিশ্বাস আৰু আচাৰ-অনুষ্ঠানৰ পৰা মুক্ত আছিল বুলি ভাবিলে ডাঙৰ ভুল কৰা হ’ব। ১৮৭৩ চনত ইউৰোপত কলেৰাই পুনৰ মহামাৰী হিচাপে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। তেতিয়া পোলেণ্ডত পুৰুষ-মহিলা-শিশু— সকলোৱেই বাটৰ কাষত বিগ্ৰহ প্ৰতিষ্ঠা কৰি মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ আৰাধনা কৰিবলৈ ধৰিছিল (চিত্ৰ ২। দ্ৰষ্টব্য : Sen S, পূৰ্বোক্ত গৱেষণাপত্ৰ)।

চিত্ৰ ২। পোলেণ্ডত কলেৰাৰ পৰা ৰক্ষা পৰিবলৈ আৰাধনা।

মহামাৰীয়ে সৃষ্টি কৰা গণভীতিৰ সৈতে সংলগ্ন পুৰণি লোকবিশ্বাসৰ অন্য এটি উদাহৰণ এইখিনিতেই উল্লেখ কৰি পাৰি। ঊনবিংশ শতিকাত উৰিষ্যাতো কলেৰাই সাংঘাতিক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। তেতিয়া তাত মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় লোকসকলে সমূহীয়াকৈ পালন কৰা এবিধ অনুষ্ঠানৰ কথাটি বৰ চিত্তাকৰ্ষক। মানুহে সৰলা নাম প্ৰদান কৰা এগৰাকী দেৱীৰ পৰা তথাকথিত “ঐশী প্ৰত্যাদেশ” লাভ কৰাৰ পাছত, লোকসকলে মাটিৰ পাত্ৰত ধান-চাউল, আম, শাক-পাচলি আৰু তাম কিম্বা ৰূপ অকণ ভৰাই, সেইবোৰ ঘৰৰ পাছফালৰ চোতালত থৈ দিছিল। তাৰ পাছত, সেই পাত্ৰবোৰ স্থানান্তৰিত কৰা হৈছিল গাঁৱৰ সীমালৈ। কাষৰ গাঁৱখনৰ মানুহে আকৌ সেই পাত্ৰবোৰ পাছৰখন গাঁৱৰ সীমাত থৈ আহিছিল। এইদৰে, এখন গাঁৱৰ পৰা অন্য এখন গাঁও ভ্ৰমি ফুৰি অৱশেষত পাত্ৰবোৰ জমা হৈছিল পুৰীৰ জগন্নাথ মন্দিৰৰ সমীপৰ বিমলা দেৱীৰ মন্দিৰৰ প্ৰাংগণত। তেনে কাৰ্যৰ পৰা ৰোগটোও গাঁওসমূহৰ পৰা স্থানান্তৰিত হৈ পৰিব আৰু তাৰ ফলত মহামাৰীৰ সন্ত্ৰাসৰ পৰা মানুহে মুক্তি লভিব বুলি ব্যাপকভাৱে বিশ্বাস কৰা হৈছিল। বিশ্বাসৰ বিস্তাৰ এনেকুৱা প্ৰবল আছিল যে কোনো-কাৰো তত্ত্বাৱধান নোহোৱাকৈ অতি সুচাৰুৰূপে বহু দূৰৰ গাঁওসমূহৰ পৰা, বহু যোজন বাট অতিক্ৰম কৰি মাটিৰ পাত্ৰসমূহৰ স্থানান্তৰ ঘটিছিল নিৰ্দিষ্ট মন্দিৰটোলৈ। কলেৰাৰ সন্ত্ৰাস ইমানেই ভয়ংকৰ আছিল যে তাম-ৰূপ আদি মূল্যবান ধাতুৰে ভৰা তেনে পাত্ৰসমূহ দিনে-ৰাতিয়ে  মুকলিকৈ থাকিলেও কোনো চোৰে ভুলতো সেইবোৰত হাত নিদিছিল। মানুহৰ মাজত অতল আতংকৰে ভৰা বিশ্বাস আছিল যে পাত্ৰবোৰ যদি স্থানান্তৰিত নহৈ ৰৈ থাকে— কোনোবাই যদি পাত্ৰবোৰ ইফালৰ পৰা সিফাললৈ কঢ়িয়াই নিয়াত সহযোগ নকৰে, কিম্বা চুৰি কৰে—তেনে লোকক কলেৰাই বিনাশ কৰিব। মনকৰিবলগীয়া কথা, প্ৰধানতঃ হিন্দুসকলৰ অনুষ্ঠান হ’লেও মুছলিমসকলেও তাত পূৰ্ণ সহযোগিতা আগ বঢ়াইছিল (দ্ৰষ্টব্য: Nanda, C P, পূৰ্বোক্ত গৱেষণাপত্ৰ)। একেধৰণৰ উদ্দেশ্যৰ বাবেই ১৮৬০ চনত মাটিৰ পাত্ৰৰ সঞ্চালন গোৱালিয়ৰতো সংঘটিত হোৱাৰ ঐতিহাসিক সাক্ষ্য বিদ্যমান। কলেৰা মহামাৰীৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে গোৱালিয়ৰৰ পৰা উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ সীমা চুই থকা নব্বৈখনৰো অধিক গাঁৱৰ মাজেদি তেনে মাটিৰ পাত্ৰসমূহ কঢ়িয়াই লৈ যোৱা হৈছিল। (Arnold D., Colonizing the Body: State Medicine and Epidemic Disease in Nineteenth Century India, 1993 p. 177 :: দ্ৰষ্টব্য : Nanda, C P, পূৰ্বোক্ত গৱেষণাপত্ৰ)।

প্ৰসংগত আৰু এটি কথাৰ উল্লেখ কৰোঁ। মহান চলচিত্ৰ-নিৰ্মাতা সত্যজিৎ ৰায়ৰ এখন অনুপম চলচিত্ৰ হৈছে “অশনি সংকেত”। এইখন নিৰ্মাণ কৰা হৈছিল বিংশ শতিকাৰ প্ৰায় শেষ ভাগত, ১৯৭৩ চনত। অমৰ কথা-শিল্পী বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ ১৯৫৯ চনত প্ৰকাশ হোৱা একেই নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল চলচিত্ৰখন। চলচিত্ৰখনত বংগদেশৰ ভিতৰুৱা অঞ্চল এটিত, মহামাৰীৰ কালত এগৰাকী ব্ৰাহ্মণে “ওলা-ওঠা”-ৰ নাম লৈ মন্ত্ৰপাঠ কৰা দৃশ্য এটা আছে। উপন্যাসখনৰ পটভূমি বৰ বেছি আগৰ নাছিল, দ্বিতীয় মহাসমৰৰ সময়ত বংগদেশত হোৱা ভয়াবহ দুৰ্ভিক্ষৰ সময়ছোৱাই আছিল কাহিনীটোৰ কালপৰ্ব।

উপৰিউক্ত আলোচনাৰ পৰা নিশ্চয় স্পষ্ট হৈছে যে ভয়াবহ কলেৰা মহামাৰীয়ে জন্ম দিয়া মৃত্যু-আতংকই বহুতো লোকক ব্যাধি-মুক্তিৰ বাবে অলৌকিক কিম্বা ঐশীশক্তিকেন্দ্ৰিক আচাৰ-অনুষ্ঠান-বিশ্বাস আদিৰ বাটলৈ অতি দ্ৰুতভাৱে লৈ গৈছিল। মৃত্যুৰ আতংকত অগণন দিশাহীন মানুহ যে অতল আতংকত নিমজ্জিত হৈ পৰে, সেইটো একো আচৰিত কথা নহয়। তেনে আতংকিত মানুহে যে পৰিত্ৰাণ বিচাৰি যুগে যুগে নানান অলৌকিক আৰু কাল্পনিক শক্তিৰ ওপৰত আস্থা স্থাপন কৰে, ঈশ্বৰ আৰু ধৰ্মই তেওঁলোকক ৰক্ষা কৰিব বুলি বিশ্বাস কৰে—, সেই কথাটো পৰিষ্কাৰকৈ ক’বলৈ উপৰিউক্ত বৰ্ণনাটো কিঞ্চিৎ দীঘল কৰিবলগীয়া হ’ল। লক্ষণীয়, মানুহৰ মৃত্যু-ভীতি আৰু তৎসংলগ্ন আচাৰ-অনুষ্ঠানৰ প্ৰসংগত মহামাৰী কলেৰাৰ কথাটো উদাহৰণ হিচাপেহে আলোচনালৈ অনা হৈছে। বসম্ত আদি ৰোগৰ ক্ষেত্ৰতো প্ৰচলিত তেনে আচাৰ-অনুষ্ঠানৰ কথা আটায়ে জানে।

অতীতৰ কথা এৰি, এইবাৰ বৰ্তমানৰ এই কভিড-আক্ৰান্ত সময়ক আলোচনালৈ অনা যাওক। যোৱা ১১ মাৰ্চ, ২০২০ চনত বিশ্ব স্বাস্থ্য সংস্থাই কভিড-১৯ নামৰ ভাইৰাছজনিত ৰোগটিক বৈশ্বিক মহামাৰী বুলি ঘোষণা কৰি দিয়ে। কিন্তু তাৰ ডেৰ-দুমাহ আগতেই, ৰোগটোৰ কথা প্ৰথম গম পোৱাৰ প্ৰায় লগে লগেই— যেতিয়া তাৰ সংক্ৰমণ সীমাবদ্ধ আছিল চীন দেশৰ এক সীমিত ভূখণ্ডতহে মাত্ৰ—, তেতিয়াৰে পৰাই, সমগ্ৰ বিশ্বতেই ৰোগটোৰ প্ৰতি এক নোহোৱা-নোপজা আতংক বিয়পি পৰা পৰিলক্ষিত হৈছিল। কিহৰ বাবে আতংক? অলপ গমি চালেই ধৰিব পাৰি, মানুহৰ মনত জন্ম হোৱা তেনে আতংক ঘাইকৈ সম্পৃক্ত হৈ আছিল মৃত্যু-ভীতিৰ সৈতে। সংবাদ মাধ্যমত ৰোগটোক অত্যধিক গুৰুত্ব প্ৰদান আৰু সামাজিক মাধ্যমত (Social media) হকে-বিহকে নানান সঁচা-মিছা বাতৰিৰ অতিৰঞ্জিত ব্যাপক প্ৰচাৰ আছিল তেনে আতংক বিস্তাৰণৰ প্ৰধান নিৰ্ণায়ক কাৰণ। সংবাদ আৰু সামাজিক মাধ্যমে এই নতুন ৰোগটোৰ প্ৰতি মানুহৰ মনত যে ভয়াবহ আতংকৰ সৃষ্টি কৰিছিল, সেইটো স্পষ্ট কৰিবলৈ আমি তথ্য় এটিলৈ চাব পাৰোঁ। ভাৰতত কভিড-১৯-ত আক্ৰান্ত প্ৰথমগৰাকী ব্যক্তিৰ সন্ধান পোৱাৰ আগতেই বজাৰত নাক-মুখ ঢকা মুখা আৰু ছেনিটাইজাৰ গ্ৰাহকে ইমান বেছিকৈ ক্ৰয় কৰিছিল যে সেই দুবিধ সামগ্ৰী সাময়িকভাৱে বজাৰৰ পৰা অন্তৰ্হিত হৈ পৰিছিল (দ্ৰষ্টব্য: Kadam and Atre, Negative impact of social media panic during the COVID-19 outbreak in India, Journal of Travel Medicine, 2020, Vol. 27 : 3, pp. 1-2.)। প্ৰাৰম্ভিক অৱস্থাতকৈ কভিড-১৯-ৰ আতংকৰ তীব্ৰতা মানুহৰ মনত সামান্য হ্ৰাস পাইছে যদিও, তেনে আতংক সম্পূৰ্ণভাৱে আঁতৰিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব বুলি সহজেই অনুমান কৰিব পাৰি।

এতিয়া প্ৰাসংগিক প্ৰশ্নটো হৈছে, কভিড-১৯ নামৰ ৰোগবিধৰ বিস্তাৰ হোৱাৰ সময়ত মানুহৰ মাজত যে সাংঘাতিক ত্ৰাসৰ জন্ম দিয়া হৈছিল, তেতিয়া বাৰু মানুহে ঈশ্বৰ-দেৱ-দেৱীৰ ওপৰত, কোনো কাল্পনিক ঐশী শক্তিৰ ওপৰত আস্থা স্থাপন কৰি পৰিত্ৰাণ বিচৰা নাছিলনে? এই কথাটোৰ উত্তৰত বৰ আমোদজনক কথা এটা চকুত পৰে। কথাটো বুজিবলৈ পুনৰ দুটিমান হাততে পোৱা উদাহৰণৰ কাষ চপা যাওক।

সকলোৱে জানে, ধৰ্মীয় নীতি-নিয়ম পালন কৰিবলৈ বুলি পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা বছৰি অগণন ইচলামধৰ্মী লোক চৌদি আৰবলৈ যায়। কৰ’না নামৰ ভাইৰাছটোৰ বিস্তাৰণৰ দ্ৰুতি হ্ৰাস কৰিবলৈ চৌদি আৰবৰ চৰকাৰে যোৱা ফেব্ৰুৱাৰী মাহত মক্কা আৰু মদিনালৈ যোৱাত সকলো বিদেশী তীৰ্থযাত্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। দক্ষিণ এচিয়াৰ কিছুমান দেশত বৌদ্ধসকলে তেওঁলোকৰ কেলেণ্ডাৰৰ নতুন বছৰক আদৰিবলৈ মুকলিত গোট খায়; হেজাৰ হেজাৰ বৌদ্ধধৰ্মী মানুহ তেনেদৰে গোট খাই ইজনে-সিজনৰ ফালে পানী ছটিয়াই আনন্দ প্ৰকাশ কৰে। এইবাৰ কভিড-১৯-ৰ বাবে তেনে অনুষ্ঠান বাতিল কৰা হয় (Robinson K, How Are Major Religions Responding To The Coronavirus? The Council On Foreign Relations, March 19, 2020)। থাইলেণ্ডৰ ৰাজধানী বেংককত বৌদ্ধসকলৰ এটি ডাঙৰ আৰু বিখ্যাত উপাসনাস্থল আছে। তাত দেখা গ’ল, বৌদ্ধ ভিক্ষু আৰু সন্তই মুখত মুখা আৰু হাতত এলক’হলযুক্ত ছেনিটাইজাৰ সানি ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰিছে (চিত্ৰ ৩)। হিন্দুসকলৰ উপাসনাস্থলতো তলা ওলমিল। বন্ধ হৈ গ’ল গীৰ্জাৰ দুৱাৰ।

চিত্ৰ ৩। মুখত মুখাৰে, হাতত এলক’হলযুক্ত ছেনিটাইজাৰে উপাসনালৈ সাজু হৈছে বৌদ্ধ ভিক্ষু।

ধৰ্মীয় উপাসনা স্থলত তেনেধৰণৰ বাধা কভিড-১৯ ৰোগটোৰ কথা পোহৰলৈ অহাৰ পাছতেই আৰোপ কৰা হৈছিল। আপাতঃদৃষ্টিত এনে লাগিব পাৰে যে মানুহে ঐশী শক্তিৰ সহায়ত ৰোগবিধৰ পৰা পৰিত্ৰাণ পাবলৈ— পূৰ্বৰ দৰে— চেষ্টা নকৰি মাত্ৰ বিজ্ঞানৰ ওপৰতহে আস্থা স্থাপন কৰিছিল। এই মাৰ্গৰ চিন্তা সুন্দৰভাৱে প্ৰতিফলিত হোৱা এখন কাৰ্টুনলৈ আমি লক্ষ্য কৰিব পাৰোঁ (চিত্ৰ ৪। কাৰ্টুনখন ফে’চবুকৰ পৰা সংগ্ৰহ কৰা)। এনে এক পটভূমিত একাংশ নিৰীশ্বৰবাদী-নাস্তিক বৰ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছিল। তেওঁলোকে সামাজিক মাধ্যমত মুকলিকৈ মত প্ৰকাশ কৰিছিল যে কভিড-১৯-এ মানুহৰ ধৰ্ম আৰু ঈশ্বৰ-চিন্তাত আমূল পৰিৱৰ্তন আনিলে, উপাসনাস্থলবোৰত তলা ওলমিল, ধৰ্মৰ অযুক্তি-অন্ধবিশ্বাসৰ সংকীৰ্ণ পৰিমণ্ডলৰ পৰা মানুহৰ মন এইবাৰ বাহিৰলৈ ওলাই আহিব, যুক্তি আৰু বিজ্ঞানক সাৰথি কৰি সভ্যতাৰ বাটত মানৱ-জাতি আগ বাঢ়ি যাব।

চিত্ৰ ৪।

যিসকল নিৰীশ্বৰবাদী-নাস্তিকে উপৰিউক্ত মতটো আগ বঢ়াইছিল, তেওঁলোক প্ৰকৃততে ডাঙৰ ভ্ৰমত নিমজ্জিত হৈছিল। ধৰ্ম আৰু ঈশ্বৰত গভীৰ বিশ্বাস আৰু আস্থা থকা লোক যেতিয়া বিপদত পৰে, তেতিয়া নিশ্চয় ধৰ্মকৰ্ম কৰে, ঈশ্বৰৰ নাম লয়।  কিন্তু তাৰ লগে লগে, তেনে লোকে বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ যুক্তিসন্মত পন্থাও গ্ৰহণ কৰে। কোনো আস্তিকৰ হাৰ্ট এটেক হ’লে তেওঁ ঈশ্বৰৰ নাম লয় সঁচা, কিন্তু লগে লগে—উপাসনাস্থল নহয়— চিকিৎসালয়হে তেওঁৰ জৰুৰী গন্তব্য হৈ পৰে। তেনে কাৰ্যৰ আঁৰত ডাঙৰ কোনো দাৰ্শনিক চিন্তা-চৰ্চা নাথাকে, সেইটো হৈছে তেনেই সাধাৰণ চেতনাৰ পৰা উদ্ভৱ হোৱা এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া। উপাসনাস্থলৰ সলনি প্ৰথমতে চিকিৎসালয়লৈ যোৱাৰ কথাটোৰ পৰা তেনে ব্যক্তিয়ে ধৰ্ম-ঈশ্বৰত আস্থা হেৰুৱাই পেলাইছে বুলি সিদ্ধান্ত ল’ব পাৰি জানো? কভিড-১৯-ৰ প্ৰথমছোৱাত উপাসনাস্থলত তলা ওলমি থকা কথাটোও একেই; এইটো ঘটনা মানুহৰ মনবোৰ হঠাতে যুক্তিবাদী আৰু বিজ্ঞানমনস্ক হৈ পৰাৰ সাক্ষৰ বুলি ভবাটো তেনেই ভুল। কভিড-১৯-এ ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসত প্ৰচণ্ড মাধমাৰ শোধালে বুলি যিসকল নিৰীশ্বৰবাদী-নাস্তিকে মত প্ৰকাশ কৰিছিল, তেওঁলোকে বিষয়টোৰ বহুমাত্ৰিকতাৰ এটা প্ৰধান দিশ অগ্ৰাহ্য কৰিছিল। মানুহৰ ধৰ্ম আৰু ঈশ্বৰ-চিন্তাৰ বহুধাবিভক্ত জটিল ৰূপটোক বিবেচনালৈ ননাকৈ, সামাজিক-মনস্তাত্ত্বিক কাৰকসমূহত যথোচিত গুৰুত্ব প্ৰদান নকৰি, কেৱল ওপৰে ওপৰে নিৰীশ্বৰবাদ-নাস্তিকতাৰ কথা ক’বলৈ গ’লে তেনে বিভ্ৰান্তি অনিবাৰ্য। ধৰ্মীয় উপাসনাস্থলত তলা ওলমিছিল সঁচা, কিন্তু সামন্তৰালভাৱে ধৰ্মীয় কৰ্মকাণ্ডও পূৰ্ণদমে চলি আছিল। উদাহৰণস্বৰূপে, বাধা-নিষেধ থকা সত্ত্বেও ভাৰতৰ নানান স্থানত হিন্দুসকলৰ হোলি উৎসৱ পূৰ্বৰ দৰেই—কায়িক দূৰত্বৰ কথাটো সম্পূৰ্ণভাৱে অগ্ৰাহ্য আৰু অমান্য কৰি—উলহ-মালহেৰে উদযাপন কৰা হৈছিল (চিত্ৰ ৫)। ভাৰতত কভিড-১৯-ৰ আৰম্ভণি কালতেই দিল্লীৰ নিজামুদ্দিনত একাংশ মুছলিমলোকে সংঘটিত কৰা হঠকাৰী ধৰ্মীয় সমাৱেশৰ কথা কোৱাটো বাহুল্যহে হ’ব।

চিত্ৰ ৫। কায়িক দূৰত্বৰ কথাটো অগ্ৰাহ্য কৰি ফাকুৱা খেলাৰ দৃশ্য, আহমেদাবাদত। ফ’টখনৰ উৎস ৰয়েটাৰ।

স্বাভাৱিকতেই খুব কম দিনৰ ভিতৰতেই উক্ত মাৰ্গৰ নিৰীশ্বৰবাদী-নাস্তিকৰ প্ৰাৰম্ভিক উৎসাহত চেঁচা পানী পৰিল। মানুহৰ ঈশ্বৰ কিম্বা ধৰ্ম-চিন্তাত ভাটা পৰাৰ কথা বাদেই, কভিড-১৯-ৰ আলমত সংকীৰ্ণ ধৰ্মীয় সাম্প্ৰদায়িকতাহে পৰিপুষ্ট হৈ পৰিল। নিজামুদ্দিনৰ ধৰ্মীয় সমাৱেশ তৰ্কাতীতভাৱে আছিল এটা অনুচিত আৰু হঠকাৰী কাৰ্য। কিন্তু তাৰ আলমত কেউফালে ধৰ্মীয় সাম্প্ৰদায়িক বিদ্বেষ বিয়পাই দিয়া হ’ল। উপাসনাস্থলত তলা ওলমিছিল সঁচা, কিন্তু উপাসনাত তলা মৰা মুঠেও পৰিলক্ষিত নহ’ল। কভিড-১৯ আঁতৰ কৰিবলৈ যাগ-যজ্ঞ-পূজা-আৰাধনা আদিৰ জৰিয়তে ঐশীশক্তিৰ ওপৰত— অতীজত কৰাৰ দৰেই— আস্থা স্থাপন কৰা দেখা গ’ল (চিত্ৰ ৬ আৰু চিত্ৰ ৭)।

চিত্ৰ ৬। কৰ’নামুক্তি যজ্ঞ। স্থান ২৪ পৰগণা, পশ্চিমবংগ।

প্ৰতীকীভাৱে উক্ত মাৰ্গৰ ধ্যান-ধাৰণা কবৰত সোমাল, সোমোৱাৰ আগতে কফিনটোত যেন শেষৰ গজালটো ঠুকি দিলে কভিড-১৯ নিয়ন্ত্ৰণৰ দায়িত্বত থকা কৰিৎকৰ্মা মন্ত্ৰীয়ে; ঘোষণা কৰিলে তেওঁ, কৰ’না ভাইৰাছ হৈছে ঈশ্বৰৰ সৃষ্টি! ধৰ্ম সংক্ৰান্তৰ এখন পত্ৰিকাৰ সম্পাদকীয়ত আমি বৰ মজাৰ তথ্য পাওঁ। উক্ত কথাটি উদ্ধৃত কৰি আমি আমাৰ আলোচনাৰ পৰৱৰ্তী অংশলৈ যাম। উক্ত সম্পাদকীয়ত কোৱা হৈছে, “…..religious communities all over the world (কভিড-১৯-ৰ সময়ত) are conducting online services, stretching the world’s data bandwidth at certain times of the week to stream live videos of suitably modified rituals, sermons, and prayers… (Religion, Brain & Behavior, 2020, Vol. 10 :  3, pp. 115–117)”।

চিত্ৰ ৭। অসমৰ বাতৰি কাকতৰ শিৰোনাম।

২.

উপৰিউক্ত আলোচনা আৰু তথ্য-পাতিৰ পৰা নিশ্চয় স্পষ্ট হৈছে যে আতংক, ভয়-ভীতি আদি হৈছে মানুহৰ মনত ধৰ্ম আৰু ঈশ্বৰ-চিন্তা বৰ্তি থকাৰ অন্যতম প্ৰধান কাৰণ। সমাজত ধৰ্ম আৰু মনত ঈশ্বৰ-চিন্তা যুগ যুগ ধৰি সজীৱ আৰু জীৱন্ত হৈ থকাৰ বহুতো কাৰণ আছে। সেই সকলোবোৰৰ আলোচনা এই নিবন্ধৰ পৰিসৰৰ বাহিৰত। এই সংক্ৰান্তত আমি অন্যত্ৰ অলপ আলোচনা কৰাৰ প্ৰয়াস কৰিছিলোঁ (কৌশিক দাস, ধৰ্ম বিজ্ঞান যুক্তিবাদ, অসম প্রকাশন পৰিষদ, ২০০৮)। নিবন্ধটোৰ এই শেষ অংশত আমি তেনে বহুতো দিশৰ মাজৰ মাত্ৰ এটি দিশতহে আমাৰ আলোচনা সীমিত কৰি ৰাখিম।

আতংক, ভয়-ভীতি ইত্যাদিৰ প্ৰেক্ষাপটত ধৰ্ম আৰু ঈশ্বৰ-চিন্তাই মানুহক একধৰণৰ মনস্তাত্ত্বিক সকাহ প্ৰদান কৰে, ধর্ম-কর্ম আৰু ঈশ্বৰ-বিশ্বাসে মানুহক প্রদান কৰে গভীৰ মানসিক প্ৰশান্তি। এই কথাটো হঠাতে আহি পৰা মহামাৰীৰ আতংকৰ প্ৰসংগতেই মাত্ৰ সীমাবদ্ধ হৈ থকা নাই। কথাটোৰ সত্যতা পৰিষ্কাৰকৈ উন্মোচন কৰাৰ বাবেহে মহামাৰীৰ চূ‌ড়ান্ত উদাহৰণবোৰ নিবন্ধটিৰ প্ৰথম দফাৰ আলোচনালৈ অনা হৈছিল। তেনে ভয়-আতংকৰ বাহিৰেও, অন্য পৰিসৰ-প্ৰসংগতো ধৰ্ম আৰু ঈশ্বৰৰ মাজত মানুহে বিচাৰি পায় মানসিক সহায়-সাৰথি। মানুহৰ জীৱনটো সাধাৰণতেই বিবিধ আৰু বিচিত্ৰ দুখ-কষ্টৰে পৰিপূৰ্ণ। সহস্রটা দুখ-বেদনাৰে ভৰা পাৰ্থিৱ জীৱনটোত মানুহে সুখ-শান্তি বিচাৰি হাবাথুৰি খায়। কাৰোবাৰ হয়তো গোটেই জীৱনটো সীমাহীন দু্খেৰে ভৰা নহয়, কিন্তু সাময়িকভাৱে তেনে মানুহো নানাবিধৰ কষ্টত পৰিব পাৰে। তাৎক্ষণিক বৰ্তমানত কোনো দুখ-কষ্টত নিমজ্জিত নহ’লেও, অনাগত দিনবোৰৰ অনিশ্চয়তাই মানুহৰ মনত শংকাৰ জন্ম দিয়ে—ভৱিষ্যত জীৱনটোক যদি দুখ-কষ্ট-বিপদ-বেদনাই কোবাই থৈ যায়! ধর্মই মানুহৰ এইধৰণৰ জাগতিক দুখ-বেদনাক কেতিয়াও অস্বীকাৰ নকৰে। কোনো সন্দেহ নাই, ৰূঢ় বাস্তৱত মানুহে সন্মুখীন হোৱা দুখ-বেদনাৰ মূল উৎস আৰু সেইসমূহৰ তাৎপৰ্যৰ সংক্ৰান্তত ধৰ্ম-প্ৰদত্ত ব্যাখ্যা-বিশ্লেষণ মাথোন অসম্পূৰ্ণ আৰু অবৈজ্ঞানিকেই নহয়, সেইবোৰ ভয়ংকৰভাৱে ক্ষতিকাৰকো। এই কথাটোৰ ব্যাখ্যা অলপ পাছতেই আলোচনালৈ আহিব। কিন্তু ধৰ্মই প্ৰদান কৰা তেনে ব্যাখ্যা-বিশ্লেষণ যিমানেই প্ৰমাদযুক্ত নহওক, বহুতো মানুহে তাতেই বিচাৰি পায় নিৰাপত্তাৰ আশ্বাস, সেইবোৰ হৈ পৰে তেওঁলোকৰ মানসিক শান্তি, স্বস্তি আৰু স্বাচ্ছন্দ্যৰ উৎস। তীক্ষ্মধী দাৰ্শনিক-গণিতজ্ঞ বাট্রাণ্ড ৰাছেলে মনোগ্ৰাহী বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে যে আপদকালত এজন জ্যেষ্ঠ ভাতৃ কাষত থিয় দিলে যিদৰে মানুহে সাহস আৰু সকাহ পায়, ধর্মই নানান প্রতিকূল পৰিৱেশৰ মাজত মানুহক তেনে এক অনুভূতি প্রদান কৰে (B Russel, Why I am Not a Christian, Routledge, 1996, p. 25)। এইখিনিতে আমি এটি মজাৰ দিশলৈ লক্ষ্য কৰিব পাৰোঁ। ধর্মই মাত্ৰ সৎ আৰু নিৰীহ লোককহে যে তেনে মানসিক শান্তি প্ৰদান কৰে, তেনে নহয়। ভয়ংকৰ অপৰাধ সংঘটিত কৰি মানসিকভাৱে বিধ্বস্ত হৈ পৰা মাৰাত্মক অপৰাধী এজনকো ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসে তেনে মানসিক শান্তি প্ৰদান কৰিব পাৰে। ধৰ্মই প্ৰদান কৰা তেনে মানসিক প্রশান্তিয়ে যে অপৰাধী এজনক ভৱিষ্যতে অপৰাধকাৰ্যৰ পৰা নিবৃত্ত কৰি ৰাখিব, তেনে এটা সিদ্ধান্তলৈ আহিব নোৱাৰি। গংগাত গৰু-চোৰে স্নান কৰাৰ এটা বিখ্যাত প্রবচনেই আছে দেখোন! ধৰ্মই দিয়া তেনে মানসিক শান্তি ব্যক্তিকেন্দ্ৰিক, বৃহত্তৰ সমাজৰ অন্য সদস্যসকলৰ জীৱনৰ শুভাশুভৰ সৈতে সাধাৰণতে সি সম্পৰ্কিত নহয়, তেনে দিশৰ প্ৰতি কথাটো প্ৰায়েই নিৰ্লিপ্ত হৈহে ৰয়।

সি যি নহওক, ধর্মই যে মানুহক গভীৰ মানসিক শান্তি প্রদান কৰে—এই কথাটো যুক্তিবাদীসকলে গভীৰভাৱে ফঁহিয়াই চোৱাটো জৰুৰী। এইটো দিশত সচেতন নহ’লে, সাময়িকভাৱে উপাসনাস্থলত তলা দেখিয়েই ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসৰ অৱলুপ্তি ঘটিল বুলি ধাৰণা কৰাৰ দৰে বিভ্ৰান্তি ঘটিয়েই থাকিব। আদিম মানুহৰ বিপদসংকুল জীৱনৰ অনিশ্চয়তা আৰু ভয়-ভীতি-আতংক আছিল দেৱ-দেৱী-ধৰ্ম-ঈশ্বৰ আদিৰ ধাৰণাৰ উদ্ভৱ হোৱাৰ অন্যতম কাৰণ। আদিম মানৱৰ তুলনাত আধুনিক মানুহৰ জীৱন বহুগুণে নিৰাপদ হ’লেও, জীৱনৰ সকলোবোৰ দিশৰ পৰা অনিশ্চয়তা-অনিৰাপত্তা এতিয়াও আঁতৰ হোৱা নাই। মানুহৰ জীৱনৰ অনিশ্চয়তা, ভংগুৰতা, মৃত্যু-ভয় আদিয়ে কিদৰে ঈশ্বৰৰ ধাৰণাটোক জীয়াই ৰখাত ইন্ধন যোগায়, কিদৰে সেইবোৰে ভগৱান-বিশ্বাসক পৰিপুষ্ট কৰে, তাৰ এটি অতি সুন্দৰ আৰু সুগভীৰ বিশ্লেষণ আমি মননশীল যুক্তিবাদী চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰীদেৱৰ এখনি ৰচনাত পঢ়িবলৈ পাওঁ (দ্ৰষ্টব্য :  প্ৰসেনজিৎ চৌধুৰী, ভগৱানৰ ভূত ভৱিষ্যৎ ইত্যাদি, নিষিদ্ধ প্ৰসংগ, ২০১১, পৃ. ১৩২-১৫৫। ১৯৮৮ চনতেই প্ৰথম প্ৰকাশ হোৱা এই অভিনৱ প্ৰবন্ধটো যুক্তিবাদীসকলৰ বাবে অৱশ্যপাঠ্য হোৱা উচিত)। এনে এটা পটভূমিত মানুহে ঈশ্বৰ অথবা কোনো অতিপ্রাকৃত শক্তিক প্রার্থনা কৰি অনিশ্চয়তা-অনিৰাপত্তাৰে ভৰা জীৱনত নিৰাপত্তাৰ আশ্বাস পোৱা যেন অনুভৱ কৰে। কোৱা বাহুল্য, কঠিন জীৱন-সংগ্ৰামৰ ঘাত-প্ৰতিঘাতে ক্লান্ত-শ্ৰান্ত কৰি পেলোৱা মানুহৰ বাবে তেনে আশ্বাসৰ, সেইবোৰ যিমানেই অলীক আৰু অবাস্তৱ নহওক, মূল্য বহুত। বাস্তৱৰ প্রতিকূল-পৰিপন্থী সামাজিক পৰিৱেশৰ বিপৰীতে মানুহে—অলীক হ’লেও—ধর্মৰ মাজত বিচাৰি পায় এক অনুকূল আৰু উমাল পৰিৱেশ। ধর্মাচৰণৰ বাবে জীৱনৰ বহুতো হতাশা, অপ্রাপ্তি, বিফলতা আদিৰ কথা পাহৰি থকা যায়, সেইবোৰৰ বাবে সান্ত্বনাও পোৱা যায় ধৰ্মৰ মাজতেই।

সঁচা কথা, শ্ৰেণী-সমাজত মানুহৰ সৰহভাগ দুখ-বেদনাৰ নেপথ্য কাৰণ হৈছে সমাজৰ প্ৰকট শ্ৰেণী-বিভাজন। এই প্ৰসংগৰ বিস্তাৰিত আলোচনা বৰ্তমানৰ নিবন্ধৰ পৰিসীমাৰ বাহিৰত যদিও আমি তাৰ সৈতে সম্পৰ্কিত দিশ এটিলৈ লক্ষ্য কৰা উচিত হ’ব। শ্রেণীবিভক্ত সমাজত মাত্র শোষিত শ্ৰেণীটোৱেহে যে দুখ-যন্ত্রণাৰ ভুক্তভোগী, তেনে নহয়। মানৱ-জীৱনৰ এনেকুৱা কিছুমান দুখ-বেদনা আছে, যিবোৰ শ্ৰেণী-নিৰপেক্ষ আৰু চিৰায়ত। ৰোগ, মৃত্যু, স্নেহময় মানৱ-সম্পৰ্কৰ মর্মভেদী বিচ্ছেদ—এইধৰণৰ বিষয়সমূহৰ যৌক্তিক বিচাৰ-বিশ্লেষণ শ্রেণীচেতনাৰে সম্পৃক্ত দৃষ্টিকোণৰ পৰা কৰিব পাৰিলেও, এই জাতীয় বিষয়সমূহ একোটা প্রপঞ্চ হিচাপে মূলতঃ শ্রেণী-নিৰপেক্ষ। সমাজৰ শোষক শ্ৰেণীটো যে তেনে দুখ-বেদনাত নপৰিব, তেনে কোনো কথা নাই। তদুপৰি এই শ্ৰেণীটোৰ কিছুমান নিজস্ব সমস্যা আছে। তীব্র আৰু অসম প্রতিযোগিতাৰ ফলত উদ্ভূত প্রচণ্ড উদ্বেগ-উৎকণ্ঠা, সর্বগ্রাসী ভয়ংকৰ বিচ্ছিন্নতাবোধ, নিজে কৰা অন্যায়ৰ বাবে প্রচ্ছন্ন অথচ অবিৰত বিবেক-দংশন— এইবোৰৰ বাবেও শোষক শ্ৰেণীটোৱেও ধৰ্মৰ শৰণাপন্ন হয়। সকলোৱে জানে, কাৰ্ল মাৰ্ক্সে ধৰ্মক সমাজৰ আফিং বুলি আখ্যা দিছিল। কথাটো যে সঁচা, সেইটো আমি ইয়াত কোৱাৰ প্ৰয়োজন নাই। ধৰ্মৰূপী আফিং অতি পৰিকল্পিতভাৱে যে শোষিত জনতাক সেৱন কৰাই থকা হয়, সেই কথাটোৰ পুনৰাবৃত্তি কৰাটোও ইয়াত জৰুৰী নহয়। আলোচনাৰ এই অংশত আমাৰ বাবে প্ৰাসংগিক কথাটো হৈছে যে সমাজৰ আফিং দোকানখনৰ কৰিৎকর্মা দোকানীজনে নিজেও নিজৰ গুদামঘৰৰ পৰা আফিং উলিয়াই সেৱন কৰে! আনহাতেদি সমাজৰ অগণন শোষিত মানুহে জীৱন যাত্ৰাৰ ৰূঢ়-বন্ধুৰ-কঠিন পথত সহস্রটা অন্যায়-অবিচাৰৰ বাবে বাস্তৱত কোনো প্রতিকাৰক বিচাৰি নাপায়। বিকল্পহীন হৈ তেওঁলোকে ধৰ্মৰ আশ্রয় গ্রহণ কৰে। নিঃসন্দেহে তেনে আশ্রয়ে বঞ্চিত নিঃসহায় মানুহক নিৰাপত্তাৰ আশ্বাস আৰু বেদনা উপশমৰ প্রতিশ্রুতি প্রদান কৰে।

শোষিত আৰু নিষ্পেষিত শ্ৰেণীৰ শ্ৰেণীস্বার্থৰ দিশৰ পৰা, ধর্মপ্রদত্ত তেনে মানসিক প্রশান্তিৰ প্রকৃত সামাজিক তাৎপর্য বাৰু কি? ধর্মই দিয়া মানসিক শান্তি যিমানেই গভীৰ নহওক, প্রকৃততে সি হ’ল একপ্ৰকাৰৰ মানসিক বিভ্রম। ধর্মীয় ধ্যান-ধাৰণাই মানুহৰ কাল্পনিক ইচ্ছা পূৰণ কৰে; ঈশ্বৰৰ অমোঘ বিচাৰ, মৰণোত্তৰ শাস্তি, কর্মফল আদি ধ্যান-ধাৰণাই তেওঁলোকৰ মনত এনে এটা ইচ্ছাপূৰণমূলক বিশ্বাস জন্মায় যে শোষণকাৰীবিলাকে অৱশেষত শাস্তি পাবই। তেনে বদ্ধমূল বিশ্বাসে শোষিত জনতাৰ বাস্তৱৰ বঞ্চনা, যন্ত্রণা, ক্ষোভ আদিক বহুদূৰলৈ প্রশমিত কৰি ৰাখে। তদুপৰি শোষণৰ প্ৰত্যক্ষ প্রতিবাদক প্রাতিষ্ঠানিক ধর্মসমূহে উৎসাহিত নকৰে; অৰ্থাৎ, বঞ্চিত মানুহক ধর্মই প্রতিবাদী, মুক্তিসন্ধানী কার্যকলাপৰ পৰা আঁতৰাই ৰাখে। তদুপৰি তেনে মানুহচামে বাস্তৱৰ দুখ-কষ্টৰ বাবে পূর্বজন্মৰ কৰ্মফল, বিধাতাৰ বিধান, কপালৰ লিখন আদিকহে দায়ী কৰে। পাৰিপাৰ্শ্বিক সামাজিক পৰিৱেশৰ পৰা যেতিয়া ন্যায়বোধ-ন্যায়ব্যৱস্থা অন্তর্হিত হৈ পৰে, লাঞ্ছনা-বঞ্চনা-অত্যাচাৰ-নিপীড়নৰ অভিসম্পাতেৰে ভৰি পৰে দীন-দুখীৰ প্রাত্যহিক জীৱন, তেতিয়া ধর্ম-কথিত “দুষ্টক দমন, শিষ্টক পালন”-ৰ দৰে নানান ৰং সনা সাধুকথাই তেওঁলোকৰ মনলৈ গভীৰ এক সমাহিত প্রশান্তি কঢ়িয়াই আনে। বাস্তৱৰ প্রতিকূলতাৰ ঘূর্ণাৱৰ্তৰ মাজত তেনে মানসিক প্রশান্তিক তেওঁলোকে জীৱনৰ নির্বিকল্প সঞ্জীৱনী মন্ত্র বুলিয়েই গণ্য কৰে। তেওঁলোক অন্তহীন এক নিস্তেজ প্রতীক্ষাত মগ্ন হৈ ৰয়, তেওঁলোকৰ বেদনানাশক কোনোবা অৱতাৰৰ আৱিৰ্ভাৱলৈ। কোৱা বাহুল্য, ধর্মপ্রদত্ত মানসিক শান্তি লাভৰ মূল চৰিত্ৰটো কেতিয়াও প্রতিবাদী নহয়, বৰঞ্চ সি হ’ল কোনো অতিপ্রাকৃত শক্তিৰ অভ্যুদয়ৰ বাবে অযথা প্রতীক্ষাৰত এক গভীৰ আত্মবিস্মৃতিহে। এইখিনি আলোচনাৰ পৰা ধর্মপ্রদত্ত মানসিক শান্তিৰ অন্তৰ্নিহিত তাৎপর্যৰ কথাটো নিশ্চয় স্পষ্ট হৈছে। এক কথাত, ধর্মই মানুহক দিয়া মানসিক শান্তিৰ স্বৰূপটো নেতিবাচক; তেনে শান্তিৰ বাবেই শোষিত মানুহে প্রকৃত শ্রেণীশত্রুক চিনাক্ত কৰাত ব্যর্থ হয়, আনকি চিনাক্ত কৰাৰ আগ্ৰহ আৰু উদ্যমো হেৰুৱাই পেলায়।

প্ৰগতিশীল যুক্তিবাদীমহলৰ অৱস্থানৰ পৰা ধৰ্মপ্ৰদত্ত মানসিক প্ৰশান্তিৰ উক্ত নেতিবাচক স্বৰূপটো উন্মোচন কৰাৰ পাছতো কিন্তু প্ৰায়োগিক সমস্যাৰ অন্ত নপৰে। সৰহভাগ মানুহেই কোনো যুক্তিৰ বশৱৰ্তী হৈ ধৰ্মত আস্থা স্থাপন নকৰে। ধাৰ্মিক আৰু ঈশ্বৰবিশ্বাসীৰ বাবে বিশ্বাসৰ আৱেদন যুক্তিৰ আকৰ্ষণতকৈ বহুত বেছি। যুক্তিবুদ্ধিৰে কথা-বতৰাসমূহ যিমানেই নুবুজক কিয়, মানসিক অৱলম্বন হিচাপে ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসক তেওঁলোকে মনৰ চুকত লালন-পালন কৰি যায়। এইটো হৈছে ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসৰ অন্যতম শক্তিশালী সঞ্জীৱনী শক্তি। ধৰ্ম আৰু ঈশ্বৰৰ এই প্ৰাণশক্তিৰ সম্পৰ্কত যথোচিত মনোযোগ নিদিলে, সমাজত যুক্তিবাদৰ প্ৰসাৰৰ কাৰ্যক্ৰমণিকা ফলপ্ৰসূ নহ’ব। একাংশ মুষ্টিমেয় নাস্তিকে সততেই কৰাৰ দৰে ধৰ্মাচৰণ আৰু ঈশ্বৰ-বিশ্বাসক মাত্ৰ উপহাস কৰি এই সমস্যাটোৰ পৰা ওলাব পৰা নাযায়। বিশ্বাসী এগৰাকীয়ে সুধিব পাৰে, ঈশ্বৰৰ চিন্তা পৰিত্যাগ কৰিলে মানসিক সুখ-শান্তি-নিৰাপত্তাৰ মনস্তাত্ত্বিক উৎস কি হ’ব? সমস্যাটোৰ মূল জটিলতা প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত নাই। সমস্যাটো হ’ল, উক্ত প্ৰশ্নটোৰ উত্তৰ যিমানেই যুক্তি-আশ্ৰয়ী, বিজ্ঞানসন্মত আৰু শুদ্ধ নহওক—তাত ধৰ্ম আৰু ঈশ্বৰবিশ্বাসী লোক সন্তুষ্ট হৈ পতিয়ন যোৱাৰ সম্ভাৱনা কম। এইটো হৈছে যুক্তিবাদৰ প্ৰসাৰৰ এটা ডাঙৰ প্ৰায়োগিক আহুকাল।

প্ৰশ্নটো দোহাৰিছোঁ— মানুহৰ মন ঈশ্বৰ আৰু ধৰ্মমুক্ত হোৱাৰ পাছত, মানসিক সুখ-শান্তি-নিৰাপত্তাৰ মনস্তাত্ত্বিক অৱলম্বন কি হ’ব? প্ৰথমতে এই প্ৰশ্নটোৰ প্ৰসংগত দুটিমান কথা উল্লেখ কৰি, তাৰ পাছত আমি আলোচনাৰ শেষলৈ আগ বাঢ়িম। বহুতো লোকে নিৰীশ্বৰবাদী-নাস্তিকসকলৰ এটা ডাঙৰ মনস্তাত্ত্বিক অসুবিধা আছে বুলি ধাৰণা কৰে। কোৱা হয় যে ধৰ্মবিৰুদ্ধ নিৰীশ্বৰবাদীসকলৰ কোনো সবল মানসিক অৱলম্বন নাথাকে। ঈশ্বৰবাদীসকলৰ সকলো চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদিৰ কেন্দ্ৰত ঈশ্বৰৰ অৱস্থান। সকলোৱে জনা কথা, ৰেনেচাঁৰ আগে-পিছে মানুহৰ চিন্তাৰ কেন্দ্ৰৰ পৰা ঈশ্বৰ ক্ৰমাৎ অপসাৰিত হৈ পৰিছিল। হ’লেও, আজিলৈকে এইটো মূলতঃ পৰিলক্ষিত হৈ আহিছে বৌদ্ধিক জগতখনত, বিশেষকৈ ভাৰতৰ দৰে দেশসমূহত। সিংহভাগ মানুহৰ মনন-চিন্তাত ঈশ্বৰৰ ধাৰণা অতি গভীৰলৈ প্ৰোথিত হৈ আছে, ঈশ্বৰানুভূতি তেওঁলোকৰ সত্তাত অংগীভূত হৈ আছে এতিয়াও। জীৱনৰ সুখ-দুখ, সাফল্য-বিপৰ্যয়, সম্পদ-বিপদ, এই সকলোৰে সৈতে ঈশ্বৰবিশ্বাসীসকলে ঈশ্বৰ নামৰ কল্পনিক সত্তাটোক সম্পৃক্ত কৰি পেলায়। দুখ-কষ্ট, বিষাদ-আতংক, অনিৰাপত্তা-অনিশ্চয়তাৰে পৰিপূৰ্ণ জীৱনটোত ধৰ্ম আৰু ঈশ্বৰ হৈছে তেওঁলোকৰ মনৰ লাখুটি। নিতান্ত কোনো জাগতিক কাৰণত মৰ্মভেদী দুখত পৰা লোকক “ঈশ্বৰে তেওঁক পৰীক্ষা কৰি চাইছে”—এইধৰণৰ উদ্ভট ধাৰণায়ো আচৰিতধৰণে মানসিক শান্তি প্ৰদান কৰিব পাৰে। তেনেকুৱা মানসিক ধৰ্মীয় অৱলম্বন ধৰ্মবিৰুদ্ধ নিৰীশ্বৰবাদীসকলৰ নাই। ঈশ্বৰত বিশ্বাসী আৰু সংশয়বাদীসকলৰ একাংশই প্ৰশ্ন কৰে, বিপদ-আপদ-দুখ-কষ্টৰ সময়ত কিহক অৱলম্বন কৰিব নিৰীশ্বৰবাদীসকলে? তেওঁলোক মানসিকভাৱে অসহায় হৈ নপৰিবনে? কাৰণ, নিৰীশ্বৰবাদী হ’ল বুলিয়েই তেওঁলোকতো আৰু সকলো মানৱীয় দুৰ্বলতাৰ ঊৰ্ধত নহয়! ঈশ্বৰ বাৰু নাই, ধৰ্মতো বাৰু আস্থাহীন তেওঁলোক, কিন্তু কাক সাৰথি কৰিব এইসকল সোঁতৰ বিপৰীতে যোৱা মানুহে?

অস্বীকাৰ কৰিব নোৱাৰি, এইটো হৈছে বহুতো ধৰ্মবিৰুদ্ধ নিৰীশ্বৰবাদীৰ বাবে ডাঙৰ মানসিক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সুগভীৰ পৰিশীলন, নিৰ্মোহ আত্মবিশ্লেষণ আৰু নিৰন্তৰ আত্মসংশোধনৰ প্ৰয়োজন। প্ৰগতিশীলমহলৰ পৰা সততেই কোৱা হয় যে ধৰ্ম আৰু ঈশ্বৰ-চিন্তাৰ অৱলুপ্তিৰ কথাটো সমাজৰ আমূল পৰিৱৰ্তনৰ সৈতে সাঙোৰ খাই আছে। কথাটো সঁচা। কিন্তু প্ৰায়েই এটা কথাই যথোচিত গুৰুত্ব লাভ কৰা যেন ধাৰণা নহয়। সমাজৰ আমূল পৰিৱৰ্তনৰ দৰেই মানুহৰ মন-মনন-মানসিকতাৰ আমূল পৰিৱৰ্তনৰ কথাটো যে অতি জৰুৰী, সেইটো কথা প্ৰায়েই আগ্ৰাহ্য কৰা চকুত পৰে। সমাজৰ বৈপ্লৱিক পৰিৱৰ্তন হ’লেই মানুহৰ মানসিকতাৰো পৰিৱৰ্তন হ’ব নিজে নিজেই, তাত সম্প্ৰতি বিশেষ কৰিবলগীয়া নাই— এইটো এটা অতি যান্ত্ৰিক আৰু সাংঘাতিক ভ্ৰাম্ত ধাৰণা। সমাজ-পৰিৱৰ্তনৰ প্ৰচেষ্টা-পৰিশীলনৰ মাজতেই—সামন্তৰালভাৱে—মননগত দিশতো এক আমূল পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰাটো অপৰিহাৰ্য। তেনে আমূল আৰু সৰ্বাত্মক মানসিক পৰিৱৰ্তনক আমি বহল অৰ্থত, মননগত দিশৰ এক সাংস্কৃতিক বিপ্লৱ বুলি ক’ব পাৰোঁ। মননগত দিশৰ তেনে পৰিৱৰ্তনে মানুহক ক্ষুদ্ৰ ব্যক্তি-স্বাৰ্থ কিম্বা সংকীৰ্ণ গোষ্ঠী-স্বাৰ্থৰ ঊৰ্ধলৈ লৈ যাব। মানুহে নিৰ্মোহ, সৎ আৰু নৈৰ্ব্যক্তিকভাৱে উপলব্ধি কৰিব পৰিৱৰ্তনশীল পৃথিৱী আৰু বিৱৰ্তনীয় জীৱজগতত নিজৰ নাতিদীৰ্ঘ জীৱনটোৰ স্থিতি কি; অনুধাৱন কৰিব আন্তৰিকতাৰে, সামাজিক ঘটনাপ্ৰৱাহৰ ঐতিহাসিক-দ্বান্দ্বিক ভিত্তি নো কি; বিশ্বব্ৰহ্মাণ্ডৰ স্থানিক আৰু কালিক বিপুলতাই মানুহৰ ব্যক্তিগত ক্ষুদ্ৰ স্বাৰ্থ যে কিমান অৰ্থহীন, সেইবোৰৰ চিন্তা-ভাবনা যে কিমান নগণ্য, কিমান যে ক্ষুদ্ৰাতিক্ষুদ্ৰ, তাক মৰ্মে মৰ্মে উপলব্ধি কৰাব; মৃত্যু যে জীৱনৰ স্বাভাৱিক পৰিণতি, সেই সত্যটো সহজভাৱে গ্ৰহণ কৰিব। মননগত তেনে পৰিৱৰ্তনে নিজৰ সতীৰ্থসকলৰ সৈতে আন্তঃসম্পৰ্ক অতি নিৱি‌ড় আৰু অন্তৰংগ কৰি তুলিব, সতীৰ্থসকল হৈ পৰিব সুখ-দুখৰ সঁচা সমভাগী। তেনে এক পৰিমণ্ডলত ঈশ্বৰৰ দৰে কোনো কাল্পনিক ধাৰণাক মানসিক অৱলম্বন কৰাৰ কোনো প্ৰয়োজনেই নাথাকিব। কোৱা বাহুল্য, এইসমূহৰ বাবে যুক্তিবাদী লোকসকলৰ কঠোৰ আত্ম-অনুশীলনৰ প্ৰয়োজন। কথাটো গুৰুত্বসহকাৰে উল্লেখ কৰিছোঁ, কিয়নো সাম্প্ৰতিক সময়ত— কভিড-১৯-ৰ সৈতে সম্পৰ্কিত কথা-কাণ্ডত— বহুতো যুক্তিবুদ্ধিত চলি থকা মানুহো সাংঘাতিক আতংকত নিমজ্জিত হোৱা আমি দেখিবলৈ পাইছোঁ। যুক্তিহননকাৰী সীমাহীন মৃত্যু-ভীতি কথাটোৰ সৈতে সাঙোৰ খাই আছে। আলোচনাৰ প্ৰথম দফাত উল্লেখ কৰা অতীজৰ লোকসকলৰ কলেৰা মহামাৰীৰ প্ৰতি আতংক আৰু তৎসংলগ্ন ধৰ্মীয় আচাৰ-আনুষ্ঠান যে একো আচৰিত হ’বলগীয়া কথা নাছিল, সেইটো বৰ্তমানৰ এই কভিড-১৯-এ জন্ম দিয়া পৰিস্থিতিয়ে পৰিষ্কাৰ কৰি দিছে। সেয়েহে, যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাক প্ৰধান মানসিক অৱলম্বনলৈ উন্নীত কৰিবলৈ যুক্তিবাদীসকলৰ কঠোৰ আত্মবিশ্লেষণ আৰু অবিৰত আত্মসংশোধন অপৰিহাৰ্য। তাৰ লগে লগে যুক্তিবাদৰ প্ৰচাৰ-প্ৰসাৰৰ কাৰ্য নিৰন্তৰভাৱে চলাই গ’লে বিশ্বাসীসকলৰো বহুতেই— ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসৰ নেতিবাচক দিশসমূহ যুক্তিৰে বিচাৰ কৰি চাবলৈ আৰম্ভ কৰিব বুলি আশা কৰিব পাৰি। তেনে বিন্দুত আজিৰ ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসীসকলৰ একাংশ উপনীত হ’বলৈ সক্ষম হ’লে, তেওঁলোকেও কাইলৈ মানসিক অৱলম্বন হিচাপে অলৌকিক আৰু কাল্পনিক ঐশীশক্তিৰ প্ৰয়োজনীয়তাত সন্দিহান হৈ পৰাটো অসম্ভৱ নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *