সম্পাদকৰ টোকা : ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ (কৌশিক দাস)
ধৰ্মভিত্তিক ৰাষ্ট্র আৰু তৎজনিত বিপদ
আধুনিক যুগত ধৰ্মৰ ভিত্তিত এখন কল্যাণকামী, মংগলময় আৰু প্রগতিশীল ৰাষ্ট্র নিৰ্মাণ কৰাটো সম্ভৱ নহয়। তাৰ এটা চমৎকাৰ উদাহৰণ হৈছে পাকিস্তান। বহুতেই মন নকৰে যে পাকিস্তানৰ প্রকৃত নাম হৈছে Islamic Republic of Pakistan। এই অফিচিয়েল নামটোৱে নিৰ্দেশ কৰে, ৰাষ্ট্রখনৰ ভিত্তিমূলতেই আছে ধৰ্মৰ সুস্পষ্ট উপস্থিতি।
ভাৰতীয় উপমহাদেশ ৰাজনৈতিকভাৱে ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল এক ৰক্তাক্ত, হৃদয়বিদাৰক আৰু মৰ্মান্তিক দেশ-বিভাজনৰ মাজেদি। ভাৰত আৰু পাকিস্তান নামৰ দুই সুকীয়া ৰাষ্ট্রৰ জন্মৰ মূলতেই আছিল ধৰ্ম আৰু ধৰ্মভিত্তিক সম্প্রদায়বাদ। এই দেশ-বিভাজনৰ কাৰণৰ সন্দৰ্ভত ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা ধাৰণা বৰ জনপ্রিয়। ভাৰতৰ বুজন সংখ্যক লোকেই দেশ-বিভাজনৰ বাবে, সাধাৰণতেই, মহম্মদ আলী জিন্নাক এককভাৱে দায়ী কৰে। ভাৰত আৰু পাকিস্তানৰ জন্মৰ সময়ৰ সেই অশান্ত সময়ৰ ৰাজনীতিত জিন্নাৰ যে এটা নিৰ্ণায়ক ভূমিকা আছিল, সেইটো কোনেও অস্বীকাৰ নকৰিব। কিন্তু আমি পাহৰি গ’লে ভুল হ’ব যে জিন্নাৰ সেইসময়ৰ ৰাজনৈতিক অৱস্থান আৰু মতবাদ আছিল এক বাস্তৱ ঘটনাক্রমৰ পৰিণতি। গতিকে দেশ-বিভাজনৰ প্রসংগত ব্যক্তিবিশেষৰ ভূমিকাৰ কথাটো অগ্রাহ্য নকৰিলেও, সমগ্র ঘটনাটোত প্রকৃততে যে বিভিন্ন স্বাৰ্থপ্রণোদিত সামাজিক শক্তিসমূহেহে নিৰ্ণায়ক ভূমিকা লৈছিল, সেইটোও আমি মনত ৰখা উচিত।
জিন্নাৰ ৰাজনৈতিক চৰিত্র আছিল বৈচিত্র্যময় আৰু পৰিৱৰ্তশীল। তেনে পৰিৱৰ্তন সংঘটিত হৈছিল দেশৰ ৰাজনৈতিক অৱস্থাৰ পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি। প্রথম অৱস্থাত মুছলিম লীগৰ প্রতি জিন্নাই একধৰণৰ অবজ্ঞাসূচক মনোভাব পোষণ কৰিছিল ; তেখেতে তাত যোগ দিয়া নাছিল। এগৰাকী নিষ্ঠাবান মুছলিমৰ পৰিৱৰ্তে তেখেতৰ আদৱ-কায়দা, খ্যাদ্যাভাস আদি আছিল চাহাবী মেজাজৰ। ইংৰাজৰ বিৰুদ্ধে হিন্দু আৰু মুছলিমৰ ঐক্যবদ্ধ সংগ্রামৰ সোচ্ছাৰ প্রবক্তা আছিল জিন্না।
যিটো ধাৰণাক ভিত্তি কৰি এই উপমহাদেশখনত দেশ-বিভাজন হৈছিল সেইটোক সাধাৰণভাৱে দ্বি-জাতিতত্ত্ব বুলি অভিহিত কৰা হয়। বহুতো ঠাইত এই দ্বি-জাতিতত্ত্বৰ উদ্ভাৱক হিচাপে চাৰ চৈয়দ আহমদ খানৰ নামটো পোৱা যায়। তেখেত আছিল এগৰাকী পণ্ডিত, শিক্ষাবিদ আৰু সংস্কাৰক। কোনো কোনো মহলে তেখেতক দ্বি-জাতিতত্ত্বৰ প্রধান ৰূপকাৰ বুলি প্রক্ষেপ কৰিলেও, তেখেতে বহু সময়ত একেবাৰেই বেলেগধৰণৰ কথাও কৈ গৈছে। তেখেতে কৈছিল, “Remember that the words Hindu and Mahomedan are only meant for religious distinction: otherwise all persons, whether Hindu or Mahomedan or even Christans who reside in this country, are all in this particular respect belonging to one and the same nation.” এই কথাটোৰ মৰ্মকথাযে দ্বি-জাতিতত্ত্বৰ সৈতে বিসদৃশ, সেইটো নক’লেও হ’ব। অসহযোগ আন্দোলন আৰু খিলাফৎ আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা আছিল মৌলনা মহম্মদ আলী। গান্ধীয়ে অসহযোগ আন্দোলনটো প্রত্যাহাৰ কৰাৰ পাছত কংগ্রেছ ত্যাগ কৰিছিল তেখেতে। কিন্তু তাৰ পাছতো, ১৯৩০ চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত তেখেতে কোৱা কথা এটি অতি তাৎপৰ্যপূৰ্ণ, “Where God commands I am a Muslim first, a Muslim second, and a Muslim last, and nothing but a Muslim…… But where India is concerned, where India’s freedom is concerned, I am an Indian first, an Indian second, an Indian last, and nothing but an Indian”। ১৯৩০ চনতেই পোন-প্রথমবাৰৰ বাবে এগৰাকী বিদ্বান চাৰ মহম্মদ ইকবালে মুছলমান লোকৰ ঘন বসতি থকা অঞ্চলসমূহক সামৰি এখন সুকীয়া “ষ্টেট”-ৰ দাবী উত্থাপন কৰিছিল। সেই দাবীত “পাকিস্তান” শব্দটোতো নাছিলেই, তাত সম্ভৱ কোনো পৃথক ৰাষ্ট্রৰ ধাৰণাও নাছিল। কিন্তু তাৰ দহ বছৰ পাছতেই, অৰ্থাৎ স্বাধীনতাৰ সাত বছৰ আগতে, এখন পৃথক ৰাষ্ট্র হিচাপে “পাকিস্তান”-ৰ দাবী সুস্পষ্টভাৱে উত্থাপিত হয়। জিন্না আছিল উক্ত দাবীৰ অন্যতম প্রধান আৰু বিখ্যাত প্রবক্তা। এসময়ৰ হিন্দু-মুছলিমৰ ঐক্যৰ হকে সৰৱ জিন্নাৰ মতৰ তেনে আমূল পৰিৱৰ্তনৰ আঁৰত কি আছিল, সেইটো বৰ কৌতুহলোদ্দীপক বিষয় হলেও এই টোকাত সি প্রসংগান্তৰৰ কথা। সেয়েহে, উক্ত কথাটো অগ্রাহ্য কৰি আমি আলোচনাৰ মূল বিষয়টোলৈ চকু দিওঁ।
১৯৪৩ চনত মুছলিম লীগৰ অধিৱেশনত আবদুল হামিদ কাজীৰ নেতৃত্বত একাংশ মুছলিম নেতাই দাবী এটা উত্থাপন কৰাৰ পৰিকল্পনা কৰিছিল। দাবীটো আছিল যে প্রস্তাবিত পাকিস্তানৰ সংবিধান ৰচনা কৰা হ’ব কোৰাণৰ ভিত্তিত—এই বুলি লীগৰ পৰা ঘোষণা কৰিব লাগে। কিন্তু এই দাবী উত্থাপিত হোৱাৰ আগতেই জিন্নাই ঘোষণা কৰিলে, “‘The constitution of Pakistan can only be framed by the Millat and the people. Prepare yourself and see that you frame a constitution which is to your heart’s desire. There is a lot of misunderstanding. A lot of mischief is created. Is it going to be an Islamic government? Is it not begging the question? Is it not a question of passing a vote of censure on yourself? The constitution and the government will be what the people will decide….”. গতিকে হামিদ কাজীয়ে উক্ত দাবীটো উত্থাপন কৰাৰ সুযোগ নাপালে। যি কি নহওঁক, এইসমূহে দেখুৱাই দিয়ে যে লীগৰ সকলো মানুহৰ চিন্তা-ভাবনা—দ্বি-জাতিতত্ত্বৰ প্রতি একমাত্রিক নাছিল। ১৯৪৬ চনত ৰয়েটাৰক জিন্নাই এটা সাক্ষাৎকাৰ দিছিল। তাত তেওঁ স্পষ্টকৈ কৈছিল, “The new state would be a modern democratic state with sovereignty resting in the people and the members of the new nation having equal rights of citizenship regardless of religion, caste or creed…..”।
দেশ বিভাজনৰ আগমুহূৰ্তত —১৯৪৭ চনৰ ১১ আগষ্টত— জিন্নাই Constituent Assembly of Pakistan-ত দিয়া বক্তৃতাত এটা বৰ চিন্তাকৰ্ষক কথা আছে। জিন্নাই কৈছিল, “………….. the first duty of a government is to maintain law and order, so that the life, property and religious beliefs of its subjects are fully protected by the State”. এই কথাটোত জন্ম হ’বলৈ আগবঢ়া পাকিস্তানত অন্য ধৰ্মৰকো যে ৰক্ষণাবেক্ষণ দিয়া হ’ব, সেই কথাটো প্রতিফলিত হৈছিল।
জিন্নাৰ মৃত্যু হ’ল অলপ দিনৰ পাছতেই, ১৯৪৮ চনৰ শেষৰ ফালে। কালক্রমত পাকিস্তানৰ শাসন-প্রক্রিয়াটো ইছলাম ধৰ্মৰ সৈতেহে সম্পৃক্ত হৈ পৰিল। এই কথাটো আৰম্ভণিতে উল্লেখ কৰি অহা কথাটোৰ সৈতে বৰ প্রাসংগিক। ধৰ্মৰ ভিত্তিত গঢ়লৈ উঠা ৰাষ্ট্রখনে জানোঁ এখন কল্যাণকামী দেশ বুলি পৰিচয় দিবলৈ সক্ষম হ’ল? কথাটো তেতিয়াৰ পূৰ্ব-পাকিস্তানলৈ (এতিয়াৰ বাংলাদেশ) লক্ষ্য কৰিলেই পৰিষ্কাৰ হ’ব।
ঔপনিৱেশিক শাসনে শাসিত-শোষিত দেশৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰপঞ্চসমূহৰ স্বাভাবিক বিকাশ ব্যাহত কৰি পেলায়। ইয়াৰ ফলত সাধাৰণতেই এক যথেচ্ছাচাৰী জধলা উচ্ছৃংখলতাৰ জন্ম হয়। উদাহৰণ স্বৰূপে, সম্ৰাট জাহাংগীৰৰ দিনতেই ভাৰতবৰ্ষত একেবাৰেই প্ৰাৰম্ভিক অৱস্থাৰ পুঁজিবাদৰ অংকুৰোদ্গম হৈছিল। কিন্তু ইংৰাজৰ আগ্ৰাসনে ভাৰতত পুঁজিবাদৰ স্বাভাবিক বিকাশ মুকুলতেই মোহাৰি পেলাইছিল। দেখা যায় যে সাম্প্রতিক ভাৰতৰ বহুতো আৰ্থ-সামাজিক-ৰাজনৈতিক সমস্যাৰ উৎস পুঁজিবাদৰ অস্বাভাবিক অসম বিকাশ। এই কথাটো পূৰ্ব-পাকিস্তানৰ ক্ষেত্রত আছিল অধিক গুৰুতৰ। স্বাধীনতাই ভাৰতত কিছু দূৰলৈ পুঁজিবাদৰ স্বতন্ত্ৰ বিকাশৰ সম্ভাবনাৰ সৃষ্টি কৰিছিল। তেতিয়াৰ পূৰ্ব-পাকিস্তান কিন্তু সেই সুযোগৰ পৰাও বঞ্চিত হৈছিল। উপমহাদেশৰখনিৰ সেইছোৱা ভূখণ্ড পুনৰবাৰ পৰিল ইছলামিক ৰিপাব্লিক অব্ পাকিস্তানৰ কঠোৰ অৱদমনৰ কবলত।
উপমহাদেশৰ বিভাজনৰ পাছতেই পূৰ্ব-পাকিস্তান সন্মুখীন হ’ল পশ্চিম-পাকিস্তানৰ প্ৰচণ্ড অৰ্থনৈতিক শোষণ, নগ্ন ভাষিক অৱদমন আৰু কঠোৰ সামৰিক আইনৰ। ১৯৪৮ চনত জিন্নাই ঢাকাত (তেতিয়াৰ Dacca) গৰ্বিত কণ্ঠৰে ঘোষণা কৰিছিল, ঊৰ্দ্দুৱেই (“Urdu, and only Urdu”) হ’ব সকলো পাক-নাগৰিকৰ সাধাৰণ ভাষা। পৰিহাস অথচ আমোদজনক কথা, এই কথাটো কৈছিল একেজন মানুহেই, যিগৰাকীয়ে অলপ দিনৰ আগতেই ঘোষণা কৰিছিল সকলো মানুহৰেই— সকলো “religion, caste or creed”-ৰ— অধিকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ কথা। স্বাভাবিকতেই, ক্ৰমাৎ তীব্ৰ হৈ পৰিছিল পশ্চিমৰ পাকিস্তানৰ বিৰুদ্ধে বাংলা-জাতীয়তাৰ বিক্ষোভ, প্ৰতিবাদ আৰু প্ৰতিৰোধ। ১৯৪৮ চনৰ ৩১ ডিচেম্বৰত পূর্ব-পাকিস্তান সাহিত্য সম্মিলনত ডo মুহম্মদ শহীদুল্লাহে ঘোষণা কৰিছিল- ‘আমৰা বাঙালি’।
গতিকে, ১৯৪৭-ৰ আগে-পিছে বিৰাজ কৰা ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিষ-বাস্পৰে পৰিপূৰ্ণ শ্বাসৰূদ্ধকৰ বাতাবৰণত নতুনকৈ মিহলি হ’ল ভাষিক চেতনাৰ নবোত্থিত জাতীয়তাবোধ। মন কৰিবলগীয়া কথা, পশ্চিমৰ পাকিস্তান আৰু পূৰ্বদিশৰ পাকিস্তান একেই ধৰ্মৰ ভিত্তিত, এখনেই ৰাষ্ট্ৰৰ পৰিসৰত বান্ধ খাই পৰিলেও, সেই দুই স্থানৰ মাজত ভৌগোলিক, ভাষিক, ৰাজনৈতিক, সাংস্কৃতিক ইত্যাদি ক্ষেত্ৰত বহুতো মৌলিক প্ৰভেদ আছিল। তেনে প্রভেদ অৱদমন আৰু সংঘাতৰ উৎস হৈ পৰিছিল।
তেনে এক পটভূমিত বাংলা ভাষাৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামে পূৰ্ব-পাকিস্তানৰ আকাশ-বতাহ কঁপাই তুলিলে। ১৯৬৯ চনত শ্বেখ মুজিবুৰ ৰহমানে পূর্ব-পাকিস্তানৰ নামকৰণ কৰে ‘বাংলাদেশ’ বুলি। ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখে, নিশাৰ ভাগত, পাকিস্তানৰ সেনাই পূৰ্ণ পৰ্যায়ৰ সামৰিক অভিযান আৰম্ভ কৰিলে পূৰ্ব-পাকিস্তানৰ অসামৰিক জনতা, বুদ্ধিজীৱী, ছাত্ৰ সংগঠন আদিৰ বিৰুদ্ধে। সেই অভিযানৰ নাম আছিল অপাৰেশ্বন চাৰ্চ লাইট। পূৰ্ব-পাকিস্তান আক্ষৰিক অৰ্থতেই পৰিণত হৈ পৰিল মানৱতাৰ বধ্যভূমিত। ২৫ মাৰ্চৰ নিশা পাকী-বাহিনীৰ পৈশাচিক তাণ্ডৱে পূৰ্ব পাকিস্তানত তেজৰ ঢল বোৱাই দিলে। অতি ব্যাপক ৰূপত অবিৰতভাবে চলি থাকিল অত্যাচাৰ-লুন্ঠন-হত্যা-ধৰ্ষণৰ নাৰকীয় কৰ্ম-কাণ্ড। এটা সমীক্ষা অনুসৰী উক্ত মুক্তি-যুদ্ধই প্ৰায় ১০ মিলিয়ন লোকক অতি কম সময়ৰ ভিতৰতেই নি:সহায় উদ্বাস্তুত পৰিণত কৰিছিল; গণ-স্থানান্তৰ ঘটিছিল প্ৰায় ৩০ মিলিয়ন লোকৰ। তেনে হিংসা-হত্যাৰ মাজেদিয়েই নতুন এখন ৰাষ্ট্রৰ জন্ম হ’ল ; ধৰ্মক অৱলম্বন কৰি গঢ় দিয়া পাকিস্তান নামৰ দেশখনৰ আকৌ এবাৰ ৰক্তাক্ত বিভাজন ঘটিল। এয়াই হ’লগৈ ধৰ্মৰভিত্তিত প্রতিষ্ঠা কৰা ৰাষ্ট্র এখনৰ মৰ্মান্তিক পৰিণতি।
মনকৰিবলগীয়া কথা, পাকিস্তানৰ বিপক্ষে মুক্তি-যুদ্ধত বাংলাদেশৰ সকলো মানুহৰ অৱস্থান একমাত্রিক নাছিল। একাংশ লোকে ধৰ্মাশ্রয়ী কাৰকৰ বশবৰ্তী হৈ মুক্তি-যুদ্ধৰ বিৰোধিতাতো কৰিছিলেই, তেওঁলোকে অতি সক্ৰিয়ভাৱে পাকিস্তানৰ সেনাক সহায়-সহযোগিতাও আগবঢ়াইছিল। জনা যায়, সেই সময়ছোৱাত প্ৰায় ৩ লাখ নাৰীক ধৰ্ষণ আৰু ৩০ লাখক হত্যা কৰা হৈছিল। এনেধৰণৰ মানবতাবিৰোধী পৈশাচিক অপৰাধত পাকিস্তানী সৈন্যক প্রত্যক্ষভাৱে সহায় কৰিছিল বাংলাদেশৰেই একাংশ ধৰ্মান্ধ আৰু সাম্প্ৰদায়িক চৰিত্ৰৰ মানুহে। আনকি সিহঁতে ৰাজাকাৰ, আলবদৰ, আলচামছ নামৰ বিভিন্ন বাহিনী গঠন কৰি নিজাববীয়াকৈ হত্যা, ধর্ষণ, নির্যাতন, লুন্ঠন, অগ্নিসংযোগ আদি নাৰকীয় কাণ্ডত লিপ্ত হৈছিল। মুক্তি-যুদ্ধৰ প্ৰতি সহানুভূতিশীল বহুতো বুদ্ধিজীবীক সিহঁতে নৃশংসভাবে হত্যা কৰিছিল।
ধৰ্মভিত্তিক ৰাষ্ট্র প্রতিষ্ঠাৰ সেই ভংয়কৰ ৰক্তাক্ত অভিজ্ঞতাটো সম্ভৱ খুৱ তাজা আৰু তাৎক্ষণিক আছিল বাবেই স্বাধীন বাংলাদেশৰ প্রথমগৰাকী ৰাষ্ট্রপতি শ্বেখ মুজিবুৰ ৰহমানে ঘোষণা কৰিলে, “…..সকলোৱে জানি থওঁক, বাংলাদেশ এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম মুছলিম ৰাষ্ট্র…….। বাংলাদেশ এখন আদৰ্শ ৰাষ্ট্র হ’ব। আৰু তাৰ ভিত্তি বিশেষ কোনো ধৰ্ম নহ’ব। ৰাষ্ট্রৰ ভিত্তি হ’ব গণতন্ত্র, সমাজতন্ত্র আৰু ধৰ্মনিৰপেক্ষতা”।
কিন্তু সমাজ-ব্যৱস্থাৰ অতি গভীৰলৈ প্ৰোথিত ধৰ্মান্ধতাৰ শিপা ইমান সহজে উভালি নেযায়। অনগ্ৰসৰ দেশখনৰ বহুধা-বিভক্ত সমাজখনৰ মজ্জাই মজ্জাই শিপাই আছিল ধৰ্মৰ কট্কটীয়া অনড় ৰীতি-নীতি-পৰম্পৰা। সেয়া আছিল ধৰ্মীয় মৌলবাদৰ দ্ৰুত বিস্তাৰণৰ বাবে অতি অনুকূল পৰিস্থিতি। তেনে পৰিস্থিতিত ধৰ্মীয় মৌলবাদীৰ সক্ৰিয়তা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিলে। প্ৰাৰম্ভিক সময়ৰ ধৰ্ম-নিৰপেক্ষতাৰ বাণীক ভৰিৰে মোহাৰি হত্যা কৰা হ’ল শ্বেখ মুজিবুৰ ৰহমানক। ইছলাম দেশখনৰ ৰাষ্ট্ৰধৰ্ম হৈ পৰিল। মৌলবাদৰ হাতোৰাত পুনৰ সোমাই পৰিল বাংলাদেশ। গণতান্ত্রিক চিন্তা-ভাবনাক মষিমূৰ কৰি দিয়া হ’ল। প্রগতিশীল শক্তিসমূহে ক্রমাৎ মূৰ ডাঙি উঠিলেও বাংলাদেশত আজিও ধৰ্মীয় মৌলবাদ অতি শক্তিশালী। গণতান্ত্রিক ধাৰণা আৰু মুক্ত-চিন্তাৰ প্রবক্তাসকলক তাত ধাৰাবাহিকভাৱে, মুকলিকৈ, হত্যা কৰি থকা হৈছে। অভিজিৎ ৰায়ৰ দৰে বিদ্বৎ লিখকো তেনে পৈশাচিক কাণ্ডৰ বলি হৈ ৰাজপথতে মৃত্যুৰ মুখত পৰিছে।
এয়াই হ’ল আমাৰ অতি চুবুৰীয়া দেশৰ সাম্প্রতিক ইতিহাসৰ পৰা লাভ কৰা শিক্ষা। এই শিক্ষাৰ মৰ্মাৰ্থ আমি জানোঁ সকলোৱে হৃদয়ংগম কৰিছোঁ? উপৰিউক্ত কথাখনি বিগত কেইটামান দশকত ভাৰতবৰ্ষৰ পৰিস্থিতিটোৰ সৈতে ৰিজাই চালে আমি কি পাম? আমাৰ দেশখনতো সাম্প্রদায়িক অপশক্তিসমূহৰ উত্থান তৰাণ্বিত হোৱা নাইনে? মুক্ত-চিন্তাৰ গতি ব্যাহত কৰিবলৈ সেই অপশক্তিবোৰ যে তৎপৰ হৈ উঠিছে, তাত কোনো সন্দেহ নাই। দাভোলকাৰ, পানছাৰে, কালবুৰ্গি আদি মুক্ত-চিন্তকক ভাৰতবৰ্ষত হত্যা কৰা হৈছে। অলপ দিনৰ আগতে নিৰ্ভীক সাংবাদিক গৌৰী লংকেশক গুলিয়াই হত্যা কৰা হৈছে।
এই ঘটনাবোৰ আৰু এতিয়া ভৱিষ্যতৰ কোনো বিপদৰ আগজাননী হৈ থকা নাই। সমগ্র দেশৰ গণতান্ত্রিক আৰু শুভশক্তিসমূহ এতিয়া ভয়াবহ বিপদৰ মাজত। পৰিতাপৰ কথা, তেনে বিপদৰ প্রতি গৰিষ্ঠসংখ্যক লোক অজ্ঞ আৰু উদাসীন। উপৰুৱা চটকদাৰী কৰ্মকাণ্ড কিছুমানে তেওঁলোকৰ মন এতিয়াও মোহগ্রস্ত কৰি ৰাখিছে। তেনে মোহগ্রস্ততা আঁতৰাই ধৰ্মভিত্তিক ৰাষ্ট্র প্রতিষ্ঠাৰ ভয়াবহতাৰ প্রতি সচেতনতা গঢ়ি তোলাটো প্রগতিশীল শক্তিসমূহৰ বাবে এটা কঠিন প্রত্যাহ্বান।
“মুক্ত চিন্তা”-ৰ নতুন ৰূপ
“মুক্ত চিন্তা” অন-লাইন আলোচনীখনে দুটা বছৰ অতিক্রম কৰিলে। এইটো আলোচনীখনৰ তৃতীয় বৰ্ষৰ প্রথম সংখ্যা। এই সংখ্যাৰ পৰা আলোচনীখনৰ শিতানসমূহত সামান্য পৰিৱৰ্তন অনা হৈছে। কাৰিকৰী সুবিধাৰ বাবে “পৰিৱেশ-প্রকৃতি” আৰু “ক্রীড়াংগন”—এই দুটা স্বতন্ত্র শিতান বিলুপ্ত কৰা হৈছে। শিতান দুটিৰ লিখাসমূহ এই সংখ্যাৰ পৰা “বিবিধ চিন্তা” শিতানত প্রকাশ পাব। লগতে আৰম্ভ কৰা হৈছে এটি নতুন শিতান, “বিশ্বাস-অবিশ্বাস”। “সম্পাদকৰ টোকা”-ৰ ৰেহৰূপো এই সংখ্যাৰ পৰা সলনি কৰা হৈছে। আশাকৰোঁ “মুক্ত চিন্তা”-ৰ এই সামান্য পৰিৱৰ্তিত ৰূপটোকো, বিগত দুটা বছৰৰ দৰেই, পাঠকসকলে আঁকোৱালি ল’ব।
মুক্ত চিন্তাৰ সম্পাদকীয়টো পলমকৈ পঢ়িলোঁ, বৰ সময় উপযোগী লেখা হৈছে। আজিৰ ভাৰতীয় শাসক দলটোৰ সপোনে ধৰ্মীয় ৰাষ্ট্ৰ জন্ম দিয়াৰ কথাই কয় । এনে ৰাষ্ট্ৰৰ ভয়াবহতা, লেখাটো পঢ়ি পাঠকে বুজিব নে ?!!
পাকিস্তান আৰু বাংলাদেশৰ সমাখনৰ , ধৰ্ম কেন্দ্ৰীক চৰিত্ৰৰ বহুমাত্ৰিক সমস্যাৰ ভয়াবহতা আৰু ৰাজনৈতিক সমাধানৰ প্ৰত্যাহ্বান সমূহৰ বিষয়ে এটা লেখা আপোনাৰ পৰা আশা কৰিলোঁ
…..। লগতে আপোনাৰ নিতুল হিচাবি ভাষাৰ প্ৰয়োগৰ পুনৰ শলাগ ললোঁ..
.