গল্প-কবিতা

শালভঞ্জিকা-(ববিতা কলিতা)

এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী। সেই খিৰিকীখনৰ মুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই। হওঁতে প্ৰাসাদটোত তেনে অজস্ৰ খিৰিকীয়েই আছে। কিন্ত্ত এইখন খিৰিকী তাইৰ বাবে বিশেষ। এই বাটেৰেই তাই তাইৰ মন-বিহংগক বনলৈ এৰি দিয়ে।
খিৰিকীখন থকা বাবেইতো তাই আকাশ দেখিছে, আঙুলিৰ ঠাঁৰেৰে তৰা লেখিছে, জোন-বেলিৰ সৈতে কথা পাতিছে, গছ-বন, ফুল-চৰাইক আপোন বুলি ভাবিছে।
সোণালী চুলিৰে, জোনাকী দেহেৰে পোহৰৰ টোপোলা এটা হৈ উপজিছিল তাই। ৰাণীমাকে তাইৰ নাম দিছিল-স্বৰ্ণলতিকা। সোণৰ দৰে উজ্জ্বল ৰং। লতাৰ দৰে কোমল দেহা।স্বৰ্ণলতিকা!
ৰাজবংশৰ প্ৰথামতেই কন্যা সন্তানটিৰ জন্মৰ পাছত ৰজাই ৰাজ-প্ৰসাদৰ চৌহদত লগাই দিছিল শালগছৰ পুলি এটা। স্বৰ্ণলতিকাৰ সৈতে পুলিটি একেলগে বাঢ়ি আহিছিল। ৰহণীয়া ফুলনিখনৰ মাজত অকলে থিয় হৈ থকা ফল-ফুল নোহোৱা শালগছজোপালৈ কণমানি স্বৰ্ণাৰ মনত ব্যথা জাগিছিল। সেয়েহে, তাই পদূলিত ওলালেই গছজোপাৰ সৈতে কথা পাতি উমলিছিল। স্বৰ্ণাৰ হাঁহি-কিৰিলিয়ে ইটাৰ নিষ্প্ৰাণ দালানবোৰত প্ৰাণৰ সঞ্চাৰ কৰিছিল।
পিছে সোণৰ পুতলীজনীৰ মুকলি জীৱনত শিকলি লগাবলৈকে সিদিনা সহস্ৰলিংগ পাহাৰৰ পৰা নামি আহিছিল সিদ্ধ যোগীৰ দল এটা। বনত উমলি থকা ৰাজকুমাৰীৰ আপাদমস্তক নিৰীক্ষণ কৰি দীঘলকৈ উশাহ টানিছিল দলৰ মুৰব্বী যোগীজনে।
ধ্যানত কি পালে যোগীয়ে? মহাৰাজৰ পুত্ৰীৰ কলংকিনী যোগ!
“কুল-মৰ্যাদা ৰক্ষা কৰিবলৈ হ’লে স্বৰ্ণলতিকাক চাৰিবেৰৰ ভিতৰতে ৰাখিব লাগিব। পুৰুষৰ ছাঁটোৱেও যেন চুই নাযায় তাইক।”যোগীয়ে ৰজালৈ বাৰ্তা পঠিয়ালে।
ৰজাই শুনিলে তপস্বীৰ কথা। বিবাহযোগ্যা নোহোৱালৈ স্বৰ্ণা থাকিব অন্তেষপুৰত। স্বাচ্ছন্দ্যৰ নৈ নুশুকোৱা ৰাজ প্ৰাসাদত স্বৰ্ণাৰ বাবে একোৰেই অভাৱ নহ’ব। যোগীৰ কথামতেই ৰাজগৃহৰ চৌপাশৰ কুৰি যোজনৰ বৃত্তলৈ অন্য পুৰুষৰ উপস্হিতিক অপৰাধ হিচাপে ঘোষণা কৰিলে ৰজাই। ৰজাৰ চিপাহী-চন্তৰী, আমত্য, কৰ্মচাৰী সকলোকে চৌহদৰ বাহিৰত অৱস্হান কৰিবলৈ দিয়া হ’ল।
ছাঁত গজা গছৰ দৰেই বন্ধ কোঠালিতেই বাঢ়ি আহিল স্বৰ্ণলতিকা। প্ৰকৃতিয়ে অকৃত্ৰিমভাৱেই স্বৰ্ণাক যৌৱনৰ সম্ভাৰেৰে সজাই তুলিলে। কিন্ত্ত বন্দীত্বৰ যন্ত্ৰণাই পিষ্ট কৰে তাইৰ হেঁপাহৰ পানচৈখনিক। সোণ-ৰূপ,মণি-মুকুতা সকলো আজুৰি পেলাই আউলি-বাউলিকৈ বহি ৰয় তাই খিৰিকীমুখত। বিশাল ৰাজপ্ৰসাদটোত এতিয়া তাইৰ বাবে খিৰিকীখনতকৈ আপোন আৰু কোনো নাই। খোলা খিৰিকীখনেৰে তাই মূৰ তুলি ৰাতিৰ আকাশখনলৈ চায়।
জোনাকে ধুই নিয়া ফুলনিখনত তাইৰ দৰেই অকলশৰে ৰৈ আছিল শালগছজোপা। গছজোপাক তাই নিজৰ দৰেই পায়।গছজোপাৰ শিপাবোৰ যেন ৰজাৰ কঠোৰ নিয়মৰ জৰী।ছিঙো বুলিয়েই ছিঙি ওলাই যাব নোৱাৰি নিয়মৰ লৌহ বেষ্টনী ভাঙি।
পিতাকৰ নিয়মৰ জৰীয়ে তাইক মেৰিয়াই বান্ধিছে। গছজোপাৰ দৰেই তাই নিয়মৰ শিপাত খামুচি ৰৈ গৈছে একেডোখৰ ঠাইতে;সম্পূৰ্ণ এটি দশক।
কিন্ত্ত মনটোক জানো বান্ধিব পাৰি নিয়মৰ জৰীৰে?ইটা-শিলেৰে ভেটা দি ৰখিব নোৱাৰি প্ৰকৃতিয়ে অনা পৰিৱৰ্তনৰ ঢৌক।
খিৰিকীৰ সিপাৰৰ পৃথিৱীখন হঠাতে স্বৰ্ণাৰ নতুন নতুন লাগিবলৈ ধৰিলে।চৰাইৰ মাতবোৰ গীত হৈ তাইৰ দেহ-মন জগালে,জোনাকী পৰুৱাবোৰে তাইক হাত বাউলি মাতিলে।নুবুজিলে স্বৰ্ণাই, কিয় এজাক বৰষুণত তিতিবলৈ তাই বাউলি হৈ পৰে। ফাগুন আহিলে বুকুখন কিয় ৰিঙা ৰিঙা লাগে। ফুলনিত ফুলা ৰক্তজবাবোৰ এতিয়া বুকুত কিয় ফুলে!
স্বৰ্ণলতাক আলপৈচান ধৰা লিগিৰীজনীক সিদিনা তাই বাটভেটি ধৰিলে। বিচাৰি নোপোৱা প্ৰশ্নবোৰ তাই এটা এটাকৈ সুধিলে। লিগিৰীজনীয়ে ফুচফুচকৈ ক’লে তাইক ফুলৰ কথা, ভোমোৰাৰ কথা; গছক সাৱটি ধৰি থকা লতিকাৰ কথা। লিগিৰীৰ কথাই তাইৰ গাত এক নুবুজা শিহৰণ তুলিলে। তাইৰ এই শিহৰণবোৰ ভাল লাগি আহিবলৈ ধৰিলে। লিগিৰীজনী পলমকৈ আহিলে তাই লাহে লাহে অস্হিৰ হৈ পৰিবলৈ ধৰিলে।
এদিন লিগিৰীৰ ফটামুখেৰে সৰি পৰিল নক’বলগীয়া কথাবোৰ।
“প্ৰকৃতিৰ লগত সম্পৰ্ক ঘটে পুৰুষৰ। সেই পুৰুষ তোমাৰ দৰে নহয়, মোৰ দৰেও নহয়। সিহঁতো মানুহ। কিন্ত্ত সিহঁত আমাৰ দৰে নহয়।”
‘তেন্তে কিহৰ দৰে? ‘জানিব বিচাৰে স্বৰ্ণলতিকাই।
‘দৃঢ়, বলিষ্ঠ…ঠিক তোমাৰ খিৰিকীমুখৰ শালগছজোপাৰ দৰে।’
স্বৰ্ণলতিকাৰ গাটো জিকাৰ খাই উঠে। পুৰুষ তাইৰ সন্মুখত থকা শালগছজোপাৰ দৰে!
দৃঢ়, স্হিৰ, অবিচল, সহিষ্ণু।
খিৰিকীমুখত বহি স্বৰ্ণাই চাই ৰয় তাইৰ সৈতে বাঢ়ি অহা শালগছজোপালৈ। তাই মন কৰে গছজোপাইও চাইছে তাইলৈ। গছজোপাৰ বুকুতো বাজিছে সেই একেই আকূতি। তাইৰ মুখত বাউলি হৈ পৰি থকা চুলিখিনি সি বতাহ হৈ উৰুৱাইছে। তাৰ বহল পাতৰ খৰমৰ শব্দবোৰ সুহুৰি হৈ ভাহি আহি তাইৰ কাণত বাজিছে। তৃপ্তিত তাই চকুমুদি বহি ৰৈছে।খিৰিকী ফাঁকেৰে সোমাই অহা গৰম বতাহ এছাটিয়ে তাইৰ ওঁঠৰ পাহিত মিঠা চুমা এটি আঁকি নিমিষতে আঁতৰি গৈছে। মিঠা আৱেশখিনি সাৱটি বহি ৰৈছে তাই শেষ ৰাতিলৈ।
স্বৰ্ণলতিকা হঠাৎ যেন সৌন্দৰ্য সচেতন হৈ পৰিছে। তাই ঘনে ঘনে সলাইছে আভৰণ। আঁচলত বুটলি লৈছে সিঁচৰতি হৈ থকা মণি-মুকুতাৰ আভূষণ। সাজি-কাচি ৰূপহীজনী হৈ তাই বহি ৰৈছে খিৰিকীমুখত। তাই জানে গছজোপাই তাইক এৰি ক’লৈকো নাযায়। দুবাহু প্ৰসাৰী গছজোপাক চুই অহা বতাহছাটিকে তাই বুকুত সামৰি লয়। উৰি যায় তাইৰ নীল অৱগুণ্ঠন খোলা খিৰিকীৰ সিপাৰে। উৰি গৈ সেইখন অকলশৰীয়া গছজোপাৰ ডালত লাগি ৰয়।
লিগিৰীয়ে শিকাইছিল তাইক কামনাবোৰ হেনো নীল বৰণীয়া! তাই সুঠাম শালজোপাৰ ডালত লাগি থকা নীলা ওৰণিখনলৈ চাইছিল। বতাহ লাগি সেইখন তেতিয়াও ফিৰিক্ ফিৰিককৈ উৰি আছিল।
‘স্বৰ্ণা!’
হঠাৎ কাৰোবাৰ মাত শুনি চমকি উঠিল স্বৰ্ণলতিকা।
তাই জনা নাছিল ৰাণীমাক এনে অসময়ত আহি তাইৰ পিছপিনে ৰৈ থাকিবহি।
‘মা।তুমি? আজি বাৰ্তা নিদিয়াকৈ আহিলা? ‘স্বৰ্ণলতাই মাকলৈ চাই সুধিলে।
‘হয় সোণজনী। বাৰ্তা নিদিয়াকৈয়ে আহিলোঁ। আচলতে তোমাক বাৰ্তা এটি দিবলৈহে আহিলোঁ।’
‘মোলৈ আনিছা বাৰ্তা? বন্দীলৈ জানো থাকিব পাৰে কিবা বাতৰি? ‘অভিমানত ফাটি পৰে স্বৰ্ণলতিকা।
‘পাৰে আই।ব ন্দীলৈ মুক্তিৰ বাতৰি থাকিব পাৰে। ‘মাকে স্বৰ্ণাৰ মূৰত হাত বুলাই মৰমেৰে কয়।
‘মুক্তি? ‘আঁচৰিত হয় স্বৰ্ণলতিকা।
‘তোমাৰ পিতাৰাই তোমালৈ এজন যোগ্য বৰ বিচাৰি উলিয়াইছে। ৰাজভৱনত তোমাৰ বিবাহৰ ব্যাপক আয়োজন কৰা হৈছে। পিতাৰাই ঘোষণা কৰিছে, এতিয়াৰে পৰা মুক্ত তুমি।’
দহবছৰৰ বন্দীত্বৰ পাছত পোৱা মুক্তিৰ বাতৰিয়ে আহ্লাদিত নকৰিলে স্বৰ্ণাক। ওলোটাই বুকুখন কিহবাই হেঁচা মাৰি ধৰিলে। তাই শালগছজোপাৰ দৰেই লৰচৰ নকৰাকৈ ঠাইতে বহি ৰ’ল। তাইক মুকুতিৰ ফৰমানখন শুনাই মাক অহা বাটেই আঁতৰি গ’ল।
লিগিৰীজনীয়ে স্বৰ্ণালতিকালৈ চাই দুষ্ট হাঁহি এটা মাৰিলে। প্ৰেমৰ অনুভূতি কিদৰে দেহৰ পৰা আত্মালৈ শিপাই যায়, খুলি ভাঙি বুজালে।
বাহিৰত ঘোপমৰা আন্ধাৰ। আকাশত চপৰা চপৰে ওলমি আছে কলীয়া মেঘ। জোনটোৱে মেঘৰ আঁৰেৰে জুমা-জুমি কৰিছে। স্বৰ্ণলতিকাই ছাঁ-পোহৰত দেখিছে গছজোপাৰ দুখ।তাইৰ বিৰহত গছজোপাই নীৰৱে কান্দিছে।
স্বৰ্ণলতিকাই তাইৰ মুকুতিৰ প্ৰথমটো দিনত চুই চাব বিচাৰিলে শালগছজোপাক। দহবছৰৰ মূৰত তাই ওপৰমহলাৰ পৰা এখুজি-দুখুজিকৈ নামি আহিল।নিশাৰ অন্তিম প্ৰহৰত নিঃপালি দিয়া লিগিৰীসকলৰ পৰা গা বচাই ওলাই গ’ল তাই বিশাল চৌহদটোৰ এমূৰে থকা ফুলনিখনৰ মাজলৈ। গৈ গৈ থমকি ৰ’ল তাই শালগছজোপাৰ তলত। শালজোপাইও যেন অতদিনে তাইলেয়ে বাট চাই আছিল। চমকা চমক পোহৰত তাই পঢ়ি চালে গছজোপাই ক’ব নোৱাৰা কথাবোৰ।
পাতলীয়া বিজুলী চমক একোটাৰ মাজে মাজে এটুপি-দুটুপিকৈ বৰষুণ সৰিবলৈ ধৰিলে। স্বৰ্ণলতাই আবেগসনা স্পৰ্শেৰে চুই চালে গা-গছজোপাক। দৃঢ়। অবিচল।সুঠাম। সহিষ্ণু।তাই লাহে লাহে কাষ চাপি গৈ থাকিল গছজোপাৰ নিচেই ওচৰলৈ। তথাপি যেন কৰবাত দূৰত্ব থাকি গৈছে! এন্ধাৰৰ আঁৰ লৈ তাই খহাই গ’ল এখন এখনকৈ,কাপোৰৰ কাঁইটীয়া বান্ধোনবোৰ। বিবসনা হৈ মেৰিয়াই ধৰিলে তাই শালগছজোপাক। ধৰিয়েই থাকিল। মেঘে ঢকা আকাশত কেতিয়া জোন ডুবি বেলি ওলাল, স্বৰ্ণলতিকাই ভু নাপালে।
‘সিদিনাৰ পৰাই হয়তো স্বৰ্ণলতিকাৰ নাম হ’লগৈ শালভঞ্জিকা!’
হাতত নৱম শতিকাৰ ভাস্কৰ্যটো লৈ ভাবি থাকিলোঁ মই, কোন বাৰু এইগৰাকী কামনাৰ জুয়ে পোৰা বিবসনা নাৰী? আলিংগন কৰিছে তেওঁ শালগছ এজোপাক, ঠিক লতিকা এডালৰ দৰেই। গছৰ সৈতে অভিসাৰৰতা নাৰীৰ বিৰল এক ভাস্কৰ্য! সংগ্ৰাহলয়ৰ স্হাপত্যবিদজনেও জনা নাছিল যিটো প্ৰাচীন মূৰ্ত্তিৰ আঁৰৰ কাহিনী।
‘বিশেষজ্ঞই ভাস্কৰ্যটোৰ নাম দিলে ‘শালভঞ্জিকা’। কিন্ত্ত নামৰ আঁৰতো জানো নাম নাথাকে। হয়তো নহ’ব পাৰে তেওঁৰ নাম স্বৰ্ণলতিকা। কিন্ত্ত তেওঁৰ নাম জানো নাছিল কিবা।’
মোৰ মনেসজা কাহিনীটো শুনি হাঁহি উঠিল গাইডজনৰ। আমাৰ দলত যোৱা খুহুটীয়া বুলি জনাজাত বৰুণে ভাস্কৰ্যটো লিৰিকি-বিদাৰি চাই ক’লে,
‘এই আলিংগন এলা-পেচা আলিংগন নহয়। লতাই সাৱটি গছ মাৰি পেলোৱা দেখিছা? এই আলিংগনো তেনেই কিবা এটা।’
বৰুণৰ কথাত পৰ্যটনলৈ যোৱা আমাৰ দলটোৰ আটায়ে গিৰ্জনি পাৰি হাঁহিলে। কিন্ত্ত মই হাঁহিব নোৱাৰিলোঁ। উভতি গ’লো মই নৱম শতিকাৰ কাল্পনিক প্ৰাসাদটোৰ সেই বিশেষ দিনটোলৈ।
‘স্বৰ্ণলতিকাক অসংযত অৱস্হাত দেখি তাইক প্ৰেমৰ পাঠ শিকোৱা লিগিৰীজনীয়েই প্ৰথমতে চিঞৰ-বাখৰ লগালে। স্বৰ্ণলতাক বেৰি ধৰিলেহি ৰজাঘৰীয়া মানুহে। ৰাণীয়ে নিজৰ ওৰণিখনেৰে ঢাকি পেলালে স্বৰ্ণলতিকাৰ নিৰাভৰণ দেহটি।
যোগীয়ে কৈছিল ৰজাক, স্বৰ্ণলতিকাৰ আছে হেনো কলংকিনী যোগ।
কিন্ত্ত কলংক কাৰ সৈতে? এজোপা শালগছৰ সৈতে?
ৰজাই কালৈকো বাট নাচায়। কাকো আদেশো নকৰে। নিজে হাতত কুঠাৰ এখন লৈ টুকুৰা টুকুৰ কৰি পেলায় শালগছজোপা। স্বৰ্ণলতিকাই কৰা আলিংগনৰ বাবেই ভূ-লুণ্ঠিত হৈ পৰি ৰয় কাৰো একো অপকাৰ নকৰা মূল্যবান গছজোপা।’
‘পিছে স্বৰ্ণলতিকাৰ কি হ’ল?’
কাল্পনিক কাহিনীটোৰ মাজত সোমাই পৰিছিল আমাৰ দলটো।আটায়ে ঔৎসুকতাৰে মোৰপিনে চালে।
‘স্বৰ্ণলতিকাৰ কি হ’ল নাজানোঁ।কিন্ত্ত সিদিনাৰ পৰা এন্ধাৰ প্ৰাসাদটোত পোহৰৰ খিৰিকীখন দেখা নগ’ল।’
ইমানপৰে হাঁহি-ধেমালি কৰি থকা আমাৰ দলটো অস্বাভাৱিকভাবে গহীন হৈ পৰিল।
গাইডজনে “শালভঞ্জিকা” নামৰ মূৰ্ত্তিটো সংগ্ৰহালয়ৰ শ্ব’কেচত যেনেকৈ আছিল,তেনেকৈয়ে সজাই থ’লে।
আমাৰ দলটোৰ পিছে পিছে আহি আছিল আৰু কেইবাটাও পৰ্যটকৰ দল।হয়তো মোৰ দৰেই আৰু কোনোবা থমকি ৰ’ব ‘শালভঞ্জিকা’-ৰ সন্মুখত। হয়তো সাজিব তেওঁ অন্য এটি কাহিনী। পিছে কাহিনীকাৰ সলনি হ’লেও প্ৰেমৰ গাঁথা কাহানিওতো নহয় সলনি।
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *