সম্পাদকৰ টোকা :: আত্মপ্ৰতাৰণাৰ বিচিত্ৰ জগত : কিছু স্বল্পালোচিত দিশ (কৌশিক দাস)
১. প্ৰথমতেই এটি উদাহৰণ
জীৱিত কালতেই অজস্ৰ মানুহৰ দৃষ্টিত কিংবদন্তিৰ মহানায়ক হৈ পৰিছিল কিউবাৰ বিপ্লৱৰ অন্যতম কাণ্ডাৰী আৰ্নেষ্টো চে গুৱেভাৰা। সকলোৱে জানে, কিউবাৰ সফল বিপ্লৱৰ পাছত, মন্ত্ৰিত্বৰ নিৰাপদ অৱস্থান ত্যাগ কৰি চে গুৱেভাৰাই ভৰি দিছিল অতিশয় বিপদসংকুল বাট এটিত। লেটিন এমেৰিকাৰেই অন্য এখন দেশ বলিভিয়ালৈ গৈছিল চে, লগত আছিল মাত্ৰ কেইগৰাকীমান সংগী—উদ্দেশ্য বলিভিয়াতো বিপ্লৱ সংঘটিত কৰা। তাতেই শত্ৰুপক্ষৰ হাতত মৃত্যু হৈছিল চে গুৱেভাৰাৰ।
চে গুৱেভাৰাৰ বৈপ্লৱিক কৰ্মকাণ্ড এইটো টোকাৰ বিষয় নহয়। আৰম্ভণিতেই এই অকুতোভয় কমিউনিষ্ট বিপ্লৱীগৰাকীৰ নাম আলোচনালৈ আনিছোঁ বলিভিয়াত তেওঁক কেন্দ্ৰ কৰি চলি থকা বৰ চিত্তাকৰ্ষক—লগতে হয়তো কিছু আমোদজনক—কথা এটাৰ বাবেহে। এই মজাৰ তথ্যটো আমি সংগ্ৰহ কৰিছোঁ হ্যেৰি ট্ৰিয়েনডিছ নামৰ এগৰাকী গৱেষকৰ গৱেষণাপত্ৰৰ পৰা। কথাটো এনেকুৱা; বলিভিয়াৰ দুখন গাঁও, তাৰ স্থানীয় মানুহৰ ঘৰে ঘৰে আছে চে গুৱেভাৰৰ ফটো। সেইটো একো উল্লেখযোগ্য কথা নহয়, কিয়নো বহুতৰ বাবে চে তাহানিতেই হৈ পৰিছিল এক মহানায়ক; মাত্ৰ লেটিন এমেৰিকাতেই নহয়, সমগ্ৰ পৃথিৱীতেই চে-ৰ ফটো য’তে-ত’তে ব্যৱহাৰ কৰা হয়। কিন্তু ডাঙৰ কথাটো হ’ল, বলিভিয়াৰ সেই গাঁও দুখনৰ মানুহে আক্ষৰিক অৰ্থত চে-ক প্ৰাৰ্থনা কৰে, নিতৌ পূজা-অৰ্চনা কৰে। বি.বি.চি.-ৰ সাংবাদিকৰ আগত এগৰাকী গাঁওবাসীয়ে জনাইছিল যে তেওঁ কোনো সা-সামগ্ৰী বিচাৰি চে-ক প্ৰাৰ্থনা নকৰে। মাত্ৰ তেওঁ চে-ক প্ৰাৰ্থনা কৰে যাতে তেওঁৰ নাতি-নাতিনীয়ে স্কুলৰ পৰীক্ষাত ভাল নম্বৰ গোটাব পাৰে। তেওঁ লগতে কৈছিল যে চে-এ তেওঁলোকৰ প্ৰাৰ্থনা শুনে, কিয়নো নাতি-নাতিনীকেইটিয়ে পৰীক্ষাত ভাল নম্বৰেই লাভ কৰে (দ্ৰষ্টব্য: Triandis H. C, Self-deception: An Introduction, Acta de Investigacin Psicolgica, pp.1069-1078, 2013)।
অবিচল মাৰ্ক্সবাদী, কমিউনিষ্ট বিপ্লৱৰ কাণ্ডাৰী, নিৰীশ্বৰবাদী চে-ক এইদৰে স্থানীয় সন্তপুৰুষ এজনলৈ পৰিৱৰ্তন কৰাৰ ঘটনাটো বাৰু অতি চিত্তাকৰ্ষক নহয়নে? এই কথাটো নিশ্চয় বহুতো দিশৰ পৰা আলোচনা কৰা যায়। বিজ্ঞানমনস্কতাৰ অভাৱ, অন্ধবিশ্বাস, গ্ৰাম্য সৰলতা, ধৰ্মৰ প্ৰভাৱ, মানুহৰ হাবিয়াস পূৰণৰ অলীক প্ৰচেষ্টা, চে গুৱেভাৰাৰ গগনচুম্বী জনপ্ৰিয়তা—এইধৰণৰ বহুতো দিশ আলোচনালৈ আনিব পাৰি। গৱেষকগৰাকীয়ে তেনে দিশৰ মাজৰ এটি বিশেষ দিশ তেওঁৰ ৰচনাখনিত আলোচনালৈ আনিছে। সেইটো হ’ল, মানুহৰ আত্মপ্ৰতাৰণা। আমিও সেইটো দিশতে এই টোকাত দুটিমান কথা চমুকৈ আলোচনা কৰিম।
২. “আত্মপ্ৰতাৰণা” : শব্দটোৱে দিয়া আহুকাল
“প্ৰতাৰণা” শব্দটিৰ আগত “আত্ম” যোগ দি “আত্মপ্ৰতাৰণা” শব্দটো নিৰ্মাণ কৰা হৈছে। সেইফালৰ পৰা—সহজ ভাষাত—নিজেই নিজকে প্ৰতাৰণা কৰাই হৈছে “আত্মপ্ৰতাৰণা”। কিন্তু প্ৰকৃততে কথাটো সিমান সহজ নহয়, ই বেছ জঞ্জালযুক্ত বিষয়। “প্ৰতাৰণা” শব্দটোৰ আভিধানিক অৰ্থ হৈছে—ঠগ, ছলনা, প্ৰৱঞ্চনা (দ্ৰ: সুমন্ত চলিহা, আধুনিক অসমীয়া শব্দকোষ)। আমি জানোঁ যে আভিধানিক অৰ্থ সকলো ক্ষেত্ৰতে শব্দ একোটাৰ গভীৰ তাৎপৰ্য প্ৰতিফলিত কৰিবলৈ পৰ্যাপ্ত নহয়। সাধাৰণতেই শব্দ একো-একোটাৰ ব্যাপক সম্প্ৰসাৰিত দিশ কিছুমানো বিদ্যমান, যিবোৰৰ সম্ভেদ মাত্ৰ আভিধানিক অৰ্থই আমাক দিব নোৱাৰে। কোনো সন্দেহ নাই, “প্ৰতাৰণা”-ই—অভিধানে সঠিকভাৱে কোৱাৰ দৰেই—কোনোবাই কাৰোবাক ঠগোৱা, ছলনা কৰা আদিক নিৰ্দেশ কৰে। কিন্তু সংগত কাৰণতেই আমি সুধিব পাৰোঁ, প্ৰতাৰণা কৰাৰ আঁৰৰ মূল কথাবোৰনো কি?
প্ৰতাৰণাৰ অন্যতম শক্তিশালী আৰু প্ৰধান ভিত্তিমূল হৈছে নিৰ্ভেজাল মিথ্যাচাৰ; সাধাৰণতেই বিশুদ্ধ মিথ্যা কথাৰে প্ৰতাৰকে অন্যক প্ৰতাৰিত কৰে। তেনেক্ষেত্ৰত বাস্তৱত কাহানিও সম্ভৱ নোহোৱা, কাল্পনিক মিথ্যা কথাক সত্য বুলি প্ৰতাৰিতৰ আগত উপস্থাপন কৰা হয়। প্ৰতাৰকৰ মিথ্যাচাৰত পতিয়ন হৈ ইটো পক্ষ প্ৰতাৰিত হৈ পৰে। কিন্তু আমি অলপ মন কৰিলেই ধৰিব পাৰিম যে মাত্ৰ নিৰ্ভেজাল মিথ্যাচাৰেই প্ৰতাৰণাৰ একক আৰু অনন্য পন্থা নহয়। বিশুদ্ধ মিথ্যাচাৰ নকৰাকৈয়ো, কেতিয়াবা সত্যক লুকুৱাই ৰাখি, কিম্বা সত্যক অগ্ৰাহ্য-অস্বীকাৰ কৰি প্ৰতাৰণা কাৰ্যটি সম্পাদন কৰা হয়। আমোদজনকভাৱে, কেতিয়াবা আকৌ সত্যকেই ভিত্তি কৰি, প্ৰধানতঃ তিনিধৰণে প্ৰতাৰণা কৰা দেখা যায়। প্ৰথম ক্ষেত্ৰত প্ৰতাৰকৰ সুবিধা মতে সত্যক খণ্ডিত ৰূপত প্ৰতাৰিতৰ আগত হাজিৰ কৰোৱা হয়। দ্বিতীয় ক্ষেত্ৰত সত্যক অস্বীকাৰ কৰা নহয়, বৰঞ্চ সত্য এটাক সাংঘাতিকধৰণে অতিৰঞ্জিত কৰি অন্যক প্ৰতাৰণা কৰা হয়। তৃতীয় ক্ষেত্ৰত সত্যৰ ওপৰত ব্যাপক সন্দেহ আৰোপ কৰি দিয়া হয়। পাঠকে বিভিন্ন ক্ষেত্ৰৰ পৰা অনায়াসে সেইসমূহৰ সহজলভ্য উদাহৰণ মনলৈ আনিব পাৰিব।
আত্মপ্ৰতাৰণাৰ ক্ষেত্ৰতো প্ৰায় তদ্ৰুপ ঘটনাই সংঘটিত হয়—কেবল ইয়াত মানুহে নিজেই নিজকে প্ৰতাৰণা কৰে। কথাটো মাত্ৰ সিমানতে সামৰি থলে “আত্মপ্ৰতাৰণা” শব্দটোৰ ব্যৱহাৰত কোনো আহুকাল নাই যেনেই লাগিব। কিন্তু আমি উল্লেখ কৰি আহিছিলোঁ যে কথাটো ইমান সৰল নহয়, “আত্মপ্ৰতাৰণা” শব্দটোৰ জঞ্জাল আছে। এই ক্ষেত্ৰত আমি তিনিটা দিশলৈ আঙুলিয়াব পাৰোঁ। প্ৰথম কথাটো হ’ল, প্ৰতাৰণাত কমেও দুটা পক্ষ থাকে; এটা পক্ষই প্ৰতাৰণা কৰে, ঠগে বা প্ৰৱঞ্চনা কৰে—আনহাতে অন্যটো পক্ষ সমান্তৰালভাৱে প্ৰতাৰিত হয়। দ্বিতীয়, প্ৰতাৰণা অতি সংগত কাৰণতেই এটা নেতিবাচক কথা বুলি পৰিগণিত হৈ আহিছে; সুস্থ মানৱীয় প্ৰমূল্যগত দিশে প্ৰতাৰণাক নিকৃষ্ট আৰু নিন্দনীয় কাৰ্য বুলি বিবেচনা কৰে। তৃতীয়তে, প্ৰতাৰণা হৈছে প্ৰতাৰকৰ স্বাৰ্থাণ্বেষী শঠতাপূৰ্ণ কাৰ্য, সি সদায় অতি সচেতন আৰু উদ্দেশ্যপূৰ্ণ।
কোনো সন্দেহ নাই, আত্মপ্ৰতাৰণাৰ ক্ষেত্ৰতো—প্ৰতাৰণাৰ দৰেই—অসম্ভৱ, অবাস্তৱ, কাল্পনিক আৰু মিথ্যা কথাক সত্য বুলি আত্মপ্ৰতাৰক একোজন পতিয়ন যায়। আত্মপ্ৰতাৰকে কেতিয়াবা সত্যক যথোচিত গুৰুত্ত্ব নিদিয়ে, বা সত্যক অগ্ৰাহ্য কৰে, অথবা সত্যক খণ্ডিত ৰূপত গ্ৰহণ কৰে। কেতিয়াবা তেওঁলোকে সত্যক অতিৰঞ্জিত কৰে কিম্বা তাক অযৌক্তিকভাৱে মহিমামণ্ডিত ৰূপ দিয়ে, কেতিয়াবা আকৌ সত্যৰ ওপৰত আৰোপ কৰে যুক্তিহীন আৰু অহেতুক সংশয়-সন্দেহ। এইখিনিলৈকে মোটামোটিভাৱে প্ৰতাৰণা আৰু আত্মপ্ৰতাৰণাৰ মাজত সাদৃশ্য থকা যেনেই লাগিব। কিন্তু আত্মপ্ৰতাৰণাত—প্ৰতাৰণাত থকাৰ দৰে—একাধিক কোনো পক্ষ নাথাকে, ইয়াত মানুহে নিজেই নিজকে প্ৰতাৰণা কৰে। এইটো হোৱাৰ লগে লগেই, প্ৰতাৰণা আৰু আত্মপ্ৰতাৰণাৰ মাজত এটা গুণগত আমূল প্ৰভেদ আহি পৰে। কিয়নো আত্মপ্ৰতাৰণাক প্ৰতাৰণাৰ দৰে কোনো নগ্ন স্বাৰ্থকেন্দ্ৰী সচেতন আৰু উদ্দেশ্যপ্ৰণোদিত শঠতাপূৰ্ণ কাৰ্য বুলি পোনপতীয়াকৈ ক’ব নোৱাৰি। আত্মপ্ৰতাৰণা—প্ৰতাৰণাৰ একেবাৰে বিপৰীতে—এটা অসচেতন প্ৰক্ৰিয়া। আত্মপ্ৰতাৰণাক প্ৰমূল্যগত দিশৰ পৰা নিন্দনীয় কাৰ্য বুলিও বিবেচনা নহয়। এই প্ৰসংগত যুক্তিবাদী চিন্তাবিদ প্ৰসেনজিৎ চৌধুৰীদেৱে তেখেতৰ এটি অতি চুটি অথচ বৰ চমৎকাৰ প্ৰবন্ধত লেখিছে, “… ‘প্ৰতাৰণা’ শব্দটো সাধাৰণতে নিন্দাৰ্থে ব্যৱহৃত হয়। ‘আত্মপ্ৰতাৰণা’ৰ ক্ষেত্ৰত কিন্তু শব্দটো সেই অৰ্থত ব্যৱহাৰ কৰা হোৱা নাই। বিশেষ উদ্দেশ্য পূৰণৰ অৰ্থে পৰিকল্পিতভাৱে প্ৰতাৰণা কৰা হয়। প্ৰতাৰণাত সচেতনতা থাকে…..সচেতনভাৱে আনকহে প্ৰতাৰণা কৰিব পাৰি, নিজক নোৱাৰি” (প্ৰসেনজিৎ চৌধুৰী, প্ৰতিস্ৰোত, পৃ.৭৯, ২০১৮)।
গতিকে আমি দেখিলোঁ যে প্ৰাৰম্ভিক পৰ্যায়ত কিছু উপৰুৱা মিল থকা যেন লাগিলেও প্ৰতাৰণা আৰু আত্মপ্ৰতাৰণা দুটা সম্পূৰ্ণ সুকীয়া বিষয়। “প্ৰতাৰণা” শব্দটোৰ সৈতে “আত্ম” যোগ দিয়াৰ পাছত, প্ৰতাৰণা আৰু আত্মপ্ৰতাৰণাৰ মাজত শব্দগত সাদৃশ্য এটা আহিলেও সিহঁতৰ মাজত গুৰুতৰ আৰু মৌলিক পাৰ্থক্য আছে। প্ৰতাৰণাৰ প্ৰধান দিশটো নিহিত হৈ থাকে একাধিক ব্যক্তিৰ মাজৰ বাস্তৱ আন্তঃসম্পৰ্কত। অন্যহাতেদি, আত্মপ্ৰতাৰণাৰ ক্ষেত্ৰত মূল নিৰ্ণায়ক কাৰক হৈছে ব্যক্তিৰ অভ্যন্তৰৰ ধূসৰ মনস্তত্ত্বত। ইয়াত আমি ব্যক্তিৰ মাজৰ আন্তঃসম্পৰ্ক আৰু ব্যক্তিৰ মনস্তত্ত্বক যথাক্ৰমে প্ৰতাৰণা আৰু আত্মপ্ৰতাৰণাৰ মূল দিশ হিচাপে প্ৰক্ষেপ কৰিছোঁ। তাৰ অৰ্থ কিন্তু এইটো নহয় যে মানৱীয় আন্তঃসম্পৰ্ক আৰু ব্যক্তিৰ মনস্তত্ত্ব সমাজ-নিৰপেক্ষ কোনো নিৰালম্ব স্বাধীন প্ৰপঞ্চ। মানুহৰ সামাজিক কৰ্মকাণ্ডৰ এৰাব নোৱাৰা অমোচনীয় প্ৰভাৱে যিদৰে বহু দূৰলৈ নিৰ্ণয় কৰে আন্তঃমানৱিক সম্পৰ্কৰ ৰেহৰূপটো, তেনেদৰেই বাহ্যিক সামাজিক কাৰকে ব্যক্তিৰ মনস্তাত্ত্বিক গাঁথনিৰ স্বৰূপটোক গভীৰভাৱে প্ৰভাৱাণ্বিত কৰে। বিভ্ৰান্তিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা থকাৰ বাবে কথাটো ইয়াতে উনুকিয়াই থোৱা হ’ল।
৩. আত্মপ্ৰতাৰণা আৰু মানসিক প্ৰশান্তি : কেইটিমান বিক্ষিপ্ত কথা
প্ৰতাৰণা বিভিন্নধৰণে, বিভিন্ন ক্ষেত্ৰত সংঘটিত হ’ব পাৰে। প্ৰেম-বন্ধুত্ব, মাটি-বাৰী, অৰ্থ-সম্পদ, ক্ষমতা-অধিকাৰ—এনে বহু বিচিত্ৰ আৰু বৈচিত্ৰ্যপূৰ্ণ ক্ষেত্ৰত প্ৰতাৰণা হোৱা দেখা যায়। বিষয় বা ক্ষেত্ৰ যিয়েই নহওঁক, প্ৰতাৰণা সকলো ক্ষেত্ৰতে প্ৰতাৰিতৰ বাবে পীড়াদায়ক, অনভিপ্ৰেত, অবাঞ্ছিত আৰু যন্ত্ৰণাদায়ক। কিন্তু আত্মপ্ৰতাৰণাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ বিপৰীত ছবি এখনহে দেখিবলৈ পাওঁ। আত্মপ্ৰৱঞ্চনাই মানুহক মানসিক স্বস্তিহে প্ৰদান কৰে।
চৌদিশৰ বিশ্বচৰাচৰখনৰ, চৌদিশৰ সমাজ-বাস্তৱতাৰ ঘটনাৱলীৰ লগতে ব্যক্তি এজনৰো এটা স্বকীয় অস্তিত্ব আছে, এটা নিজস্ব স্বৰূপ বিদ্যমান। নিৰ্মোহ পৰ্যবেক্ষক হিচাপে কোনো ব্যক্তিয়ে তেনে বাস্তৱতাৰ সঠিক উমান পাবলৈ সক্ষম হয়। কিন্তু আত্মপ্ৰতাৰণাৰ ক্ষেত্ৰত কথাটো বিসংগতিপূৰ্ণ হৈ পৰে। আত্মপ্ৰতাৰণাৰ কবলত পৰা ব্যক্তিয়ে চৌপাশৰ ঘটনা-পৰিঘটনাৰ লগতে নিজকো—বাস্তৱৰ সঁচা অবয়ৱটোৰ বিপৰীতে—নিজে যিধৰণে বিচাৰে, সেইধৰণেহে অৱলোকন কৰে। কোনো কোনো পণ্ডিতে দেখুৱাইছে যে আত্মপ্ৰতাৰণাৰ জন্মৰ বেলিকা মনৰ ভ্ৰান্ত বিশ্বাসৰ সৈতে ব্যক্তিগৰাকীৰ আৱেগ নিবিড়ভাৱে মিশ্ৰিত হৈ পৰে (দ্ৰ: Sahdra B and Thagard P, Self-Deception and Emotional Coherence, Minds and Machines 13: 213–231, 2003)। চৌপাশৰ ঘটনাৱলীৰ লগতে আত্মপ্ৰতাৰিত লোকে নিজৰো বিচাৰ-বিশ্লেষণ কৰে তেনে আৱেগেৰে সম্পৃক্ত অলীক কল্পনা, খণ্ডিত কিম্বা অতিৰঞ্জিত সত্য ইত্যাদিৰ ওপৰত ভিত্তি কৰি। নিজৰ মনৰ হেঁপাহ, আশা-আকাংক্ষা, আদৰ্শ আদি বিবিধ আৰু বৈচিত্ৰ্যময় উপাদানক ব্যক্তি এগৰাকীয়ে এনেদৰে সজ্জিত কৰে যাতে সেই সজ্জাটো তেওঁ সকলোবোৰ দিশ যেনেকৈ চাবলৈ বিচাৰিছে, তাৰ সৈতে যেন সহায়ক বা সংগতিপূৰ্ণ হয়। এইটো কৰোঁতে এটা বৰ চিত্তাকৰ্ষক দিশো আমি দেখিবলৈ পাওঁ। মানুহে সচৰাচৰ নানান তথ্য আৰু অভিজ্ঞতা চৌপাশৰ বাস্তৱতাৰ পৰাই সংগ্ৰহ কৰে। নিৰ্মোহ বিচাৰ-বিশ্লেষণৰ বাবে এই প্ৰক্ৰিয়াটোৰ গুৰুত্ত্ব অতি বেছি, কিয়নো নৱলব্ধ তথ্য আৰু অভিজ্ঞতাই তেওঁলোকক সত্যৰ দিশলৈ আগ বঢ়াত সহায় কৰে। কিন্তু আত্মপ্ৰতাৰক ব্যক্তিৰ ক্ষেত্ৰত কথাটো একেবাৰে বিপৰীত হৈ পৰে। তেওঁলোকে নিজৰ কল্পজগতখনৰ সৈতে সংগতিপূৰ্ণ, সেই জগতখনক সমৰ্থন কৰা তথ্যহে সংগ্ৰহ আৰু গ্ৰহণ কৰে; নিজৰ বিশ্বাসৰ বিপৰীতে যোৱা আৰু অসামঞ্জস্যপূৰ্ণ উপাদানক—সি যিমানেই শুদ্ধ আৰু সত্য নহওক—আত্মপ্ৰতাৰিত মানুহে অগ্ৰাহ্য কিম্বা অস্বীকাৰ কৰে। গ্ৰহণ-বৰ্জনৰ তেনে পক্ষপাতদুষ্ট প্ৰক্ৰিয়াটোৱে তেওঁলোকৰ আত্মপ্ৰতাৰণাৰ গভীৰতা দিনক-দিনে বৃদ্ধি কৰি যায়। এই কামটো তেওঁলোকে যে সচেতনভাৱে কৰে, তেনে নহয়—সি প্ৰায় ব্যক্তিগৰাকীৰ অজানিতেই সংঘটিত হয়। এইখিনিতে আমি মনত পেলাই ল’ব পাৰোঁ যে প্ৰতাৰণাৰ ক্ষেত্ৰত—আত্মপ্ৰতাৰণাৰ বিপৰীতে—মানুহৰ অতি সচেতন আৰু পৰিকল্পিত ভূমিকা থাকে। সি যিয়েই নহওক, পৃথিৱীখনক নিজৰ মতে—সঁচাকৈ নহ’লেও—সজাই লোৱাৰ বাবে আত্মপ্ৰতাৰিত মানুহে বৰ ডাঙৰ মানসিক স্বস্তি লাভ কৰে। সাধাৰণ উদাহৰণ এটিলৈ এইখিনিতে আমি লক্ষ্য কৰিব পাৰোঁ। ব্যক্তি এগৰাকীয়ে নিজৰ সক্ষমতা, বুদ্ধিমত্তা, চেহেৰা আদিৰ দৰে বহুতো দিশত নিজকে বৰ উৎকৃষ্ট-উত্তম বুলি ভাবি, নিজৰ সঁচা দুৰ্বলতাবোৰক নিজৰ মনৰ পৰা আঁতৰ কৰি থৈ আত্মপ্ৰতাৰণাৰ কবলত পৰিব পাৰে। নিজে বিচৰা কথাবোৰ তাত মুখ্য হোৱাৰ বাবে আত্মপ্ৰতাৰণাই মানুহৰ গভীৰ মানসিক প্ৰশান্তি প্ৰদান কৰে। অৱশ্যে, বাস্তৱৰ সত্যই সাধাৰণতেই তেনে মানসিক স্বস্তিক সাময়িক বুলি প্ৰতিপন্ন কৰি পেলায়।
৪. আত্মপ্ৰতাৰণাই দিয়া মানসিক প্ৰশান্তি : সামাজিক স্বৰূপ আৰু ভয়াবহতা
আত্মপ্ৰতাৰণাই মানুহক যি সাময়িক মানসিক প্ৰশান্তি আনি দিয়ে তাৰ স্বৰূপ কি? তেনে মানসিক প্ৰশান্তি ইতিবাচক নে নেতিবাচক? এই কথাটো আমি সতৰ্কভাৱে আলোচনা কৰা যুগুত। কোনো সন্দেহ নাই, কোনো কোনো ব্যক্তিগত ক্ষেত্ৰত—মৰ্মান্তিক দু্খ-বেদনাৰ প্ৰসংগত—আত্মপ্ৰতাৰণাই মানুহক কিছু সাময়িক সকাহ দিব পাৰে। তেনেদৰেই, আত্মপ্ৰতাৰণাই আনি দিয়া আত্মবিশ্বাসত উজ্জীৱিত হৈ কোনো কঠিন কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ ব্যক্তি এজন আগ বাঢ়ি যাবও পাৰে। তেনে আপাতঃইতিবাচক উদাহৰণৰ সংখ্যা আমি সহজতেই বঢ়াই যাব পাৰোঁ। কিন্তু আমি গুৰুত্ত্বসহকাৰে ক’বলৈ বিচাৰিম যে তেনে কিছু ইতিবাচক দিশ থাকিলেও, শেষ বিচাৰত যুক্তিহননকাৰী আত্মপ্ৰতাৰণা ব্যক্তি-জীৱনত কেতিয়াও ইতিবাচক হ’ব নোৱাৰে। এই প্ৰসংগত সামাজিক দিশটোহে অধিক সতৰ্কভাৱে লক্ষ্যনীয়। আত্মপ্ৰতাৰণা মাত্ৰ ব্যক্তিগত স্তৰতেই সীমাবদ্ধ হৈ নাথাকে,—“তাৎপৰ্যপূৰ্ণ কথা হ’ল, আত্মপ্ৰতাৰণা কেৱল ব্যক্তি-মানসৰ ভিতৰ চ’ৰাতেই আবদ্ধ নাথাকে, ই সমষ্টি-মানস (collective psyche)লৈও সম্প্ৰসাৰিত হয়” (প্ৰসেনজিৎ চৌধুৰী, প্ৰতিস্ৰোত, পৃ.৭৭, ২০১৮)। আত্মপ্ৰতাৰণাৰ সামাজিক স্বৰূপটো বুজিবলৈ এই কথাটো অতি গুৰুত্ত্বপূৰ্ণ।
আত্মপ্ৰতাৰণা ব্যক্তিগত স্তৰত সততে পৰিলক্ষিত হ’লেও, কোনো যুক্তিহীন, অলীক, খণ্ডিত কিম্বা অতিৰঞ্জিত সত্য যদি সমষ্টিগতভাৱে ব্যাপকসংখ্যক মানুহৰ মনলৈ সোমাই যায়, তেনে সি এটা নেতিবাচক সামাজিক শক্তি হৈ পৰে। সমষ্টিগত আত্মপ্ৰতাৰণাৰ অলেখ উদাহৰণ আমি পুৰাণকথা আৰু ইতিহাসত পঢ়িবলৈ পাওঁ। ভাৰতীয় মহাকাব্যিক সাহিত্যমূলক উদাহৰণত আমি পাওঁ কোনো “ধৰ্মযুদ্ধ”-ত প্ৰাণ হেৰুৱালে অলীক স্বৰ্গ লাভ কৰাৰ সমূহীয়া বিশ্বাসৰ কথা, মধ্যযুগৰ ইউৰোপৰ ইতিহাসত পাওঁ ক্ৰুছেদৰ সময়ত প্ৰাণ হেৰুৱালে যীশুৰ কাষলৈ যোৱাৰ সমষ্টিগত বিশ্বাসৰ কথা। লক্ষ্যনীয়, এইবোৰ আত্মপ্ৰতাৰণাই—অন্যতো বাদেই—যুদ্ধত প্ৰাণ হেৰুৱাবলগীয়া অৱস্থা এটাতো সন্ধান পাইছে অনাবিল স্বস্তিৰ, পৰম মানসিক প্ৰশান্তিৰ। তেনেদৰেই, আত্মপ্ৰতাৰিত মানুহে নিজৰ দেশ, নিজৰ সংস্কৃতি, নিজৰ ভাষা আদিক পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি অহেতুক ধাৰণা কৰিব পাৰে, তেনে ধাৰণাৰ বাবে উচ্চাত্মিকাবোধসম্পন্ন স্বস্তি-আনন্দও লাভ কৰিব পাৰে। তাতোতকৈও ডাঙৰ কথা, তেনে ধাৰণাৰ বশৱৰ্তী হৈ “তৰিলে দেশ, মৰিলে স্বৰ্গ” ধ্বনিৰে অধিক শক্তিশালী সমষ্টিগত আত্মপ্ৰতাৰণাৰ কবলত পৰিব পাৰে। আত্মপ্ৰতাৰণাই শক্তিশালী কৰা অযৌক্তিক আৱেগৰ তেনে সমষ্টিগত উন্মাদনাৰ শেষ ফল শুভ হ’ব বুলি ক’ব নোৱাৰি।
আত্মপ্ৰতাৰণাৰ সময়ত যুক্তিহীন বিশ্বাস কিম্বা অলীক বিভ্ৰম সঁচা বাস্তৱ বুলি ব্যক্তি এগৰাকীৰ মনত প্ৰতিষ্ঠিত হৈ পৰে; আত্মপ্ৰতাৰণাত কোনো বিশ্বাসক অন্ধ, নিঃচৰ্ত আৰু অপৰীক্ষিতভাৱে গ্ৰহণ কৰা হয়। এই কথাটো মানুহৰ মনত গভীৰভাৱে সোমাই থকা বিবিধ অন্ধবিশ্বাসৰ ক্ষেত্ৰত অতি স্পষ্ট ৰূপত ধৰা পৰে। সত্যক অস্বীকাৰ কিম্বা অগ্ৰাহ্য কৰা, পৰিষ্কাৰ তথ্য-প্ৰমাণে দেখুৱাই যোৱা কথাক ভ্ৰান্ত আৰু ছদ্ম “যুক্তি”-ৰ আলমত অযৌক্তিকৰণ কৰা, বাস্তৱৰ বৰ্ণনাক অযৌক্তিকভাৱে অপব্যাখ্যা কৰা—ইত্যাদিৰ মাজেৰে অন্ধবিশ্বাসৰ সৈতে মানুহৰ আত্মপ্ৰতাৰণা সাঙোৰ খাই পৰে। অৱশ্যে অন্ধবিশ্বাসৰ স্বৰূপ একমাত্ৰ মানুহৰ আত্মপ্ৰতাৰণাৰ মাজতেই সোমাই আছে বুলি ভাবিলে ভুল হ’ব—অন্যান্য বহুতো সামাজিক-মনস্তাত্বিক কাৰক বিষয়টোৰ সৈতে সম্পৰ্কিত হৈ আছে। হ’লেও আমি অন্ধবিশ্বসৰ সৈতে মানুহৰ আত্মপ্ৰতাৰণাৰ দিশটোত যথোচিত গুৰুত্ব দিয়া যুগুত।
জাকৰুৱা আত্মপ্ৰতাৰণাৰ বোধহয় সকলোতকৈ চকুত পৰা উদাহৰণ হৈছে মানুহৰ ধৰ্মবিশ্বাস। বস্তুবাদী দৰ্শনে অত্যন্ত সঠিকভাৱে দেখুৱাইছে যে ধৰ্মই বাস্তৱৰ জগতখন বিপৰ্যস্ত (Inverted) ৰূপত আমাৰ আগত প্ৰতিফলিত কৰে। সহস্ৰ বছৰৰ ঐতিহ্য থকা ধৰ্মসমূহে জীৱন, জগৎ, বিশ্বচৰাচৰত মনুষ্যৰ স্থিতি, নশ্চৰ মানৱ-জীৱনৰ ভৱিতব্য ইত্যাদিৰ সন্দৰ্ভত অনেক গভীৰ আৰু কঠিন প্ৰশ্নৰ উত্থাপন কৰে। তাৰ লগে লগে ধৰ্মই নিজৰ ধৰণে প্ৰশ্নসমূহৰ উত্তৰো দিয়াৰো প্ৰয়াস কৰে। কিন্তু সমস্যাটো হ’ল, ধৰ্মৰ মূল ভিত্তিটো যুক্তিনিৰ্ভৰ নোহোৱাৰ বাবে—প্ৰশ্নসমূহ অতি মৌলিক আৰু গভীৰ হ’লেও—উত্তৰবোৰ একেবাৰেই উদ্ভট আৰু মূল্যহীন হৈ পৰে। আমাৰ আলোচ্য প্ৰসংগত এই কথাটো অতি গুৰুত্ত্বপূৰ্ণ, কিয়নো তেনে বিভ্ৰান্তিকৰ মৰীচিকাকেই পৰম সত্য বুলি বিশ্বাস কৰি সমাজৰ সৰহভাগ মানুহ নিমজ্জিত হয় অতল আত্মপ্ৰতাৰণাৰ ভয়াবহ পংকত। প্ৰসংগত কৈ থোৱা ভাল, ধৰ্মই যে মানুহক প্ৰত্যক্ষভাৱে শোষণ কৰি আহিছে, যুগ যুগ ধৰি দেখ্দে্খ্কৈ নগ্নভাৱে প্ৰতাৰণা কৰি আহিছে—যুক্তিবাদী মানুহে এই দিশটোত বহু দিনৰে পৰা যথেষ্ট গুৰুত্ত্ব দি আহিছে। এই গুৰুত্বপ্ৰদান কৰা কামটো সংগত আৰু দৰকাৰী। কিন্তু ধৰ্মই মানুহক যে আত্মপ্ৰতাৰণাৰ দিশলৈও লৈ যায়—সেইটো দিশ বোধহয় স্বল্পালোচিত (সামান্য আলোচনাৰ বাবে দ্ৰষ্টব্য: কৌশিক দাস, প্ৰাতিষ্ঠানিক ধৰ্ম : পৰিত্যাজ্য মায়ামৃগ, ধৰ্ম বিজ্ঞান যুক্তিবাদ গ্ৰন্থত, পৃ. ১০-৪১, ২০০৮)।
কিন্তু প্ৰশ্ন উঠিব, যুক্তিহননকাৰী তেনে ধৰ্মীয় আত্মপ্ৰতাৰণাৰ প্ৰাংগনলৈ মানুহ কিয় স্বইচ্ছাৰে সোমাই যায়? তেওঁলোককতো কোনেও জোৰকৈ তালৈ লৈ যোৱা নাই?
এই প্ৰশ্নটোৰ উত্তৰ বহুমাত্ৰিক আৰু সেইবোৰ মানুহৰ সমাজখনৰ জাগতিক পৰিস্থিতিৰ সৈতে সম্পৰ্কিত। কিন্তু, আমাৰ এই আলোচনাৰ অতি প্ৰাসংগিক দিশ এটিও হৈছে তেনে উত্তৰবোৰৰ এটা গুৰুত্ত্বপূৰ্ণ অংশ। কথাটো হ’ল, ধৰ্মই মানুহক প্ৰদান কৰে অতি গভীৰ মানসিক শান্তি। বাস্তৱৰ নিৰ্মম, কঠিন, ৰূঢ় পৃথিৱীখনত মানুহক বিভিন্ন দিশৰ পৰা দুখ-বেদনা-কষ্টই আগুৰি ধৰে। মানুহৰ তেনে দুখ-বেদনাক ধৰ্মই আকুণ্ঠে স্বীকৃতি দিয়ে; প্ৰকৃততে মানৱ-জীৱনৰ দুখ-বেদনাৰ প্ৰসংগটো ধৰ্মৰ এটি প্ৰধান উপজীব্য। তেনে দুখ-বেদনাৰ কাৰণৰ ধৰ্মীয় ব্যাখ্যাবোৰ যে অযৌক্তিক আৰু উদ্ভট সেয়া নক’লেও হ’ব, কিন্তু জীৱনৰ সমস্যা-কষ্টৰ প্ৰতি ধৰ্মই দিয়া সঁহাৰিয়ে ধৰ্মপ্ৰাণ মানুহৰ মন উদ্বেলিত কৰি তোলে। ধৰ্মৰ মাজত বিশ্বাসী মানুহে সন্ধান পায় গভীৰ প্ৰশান্তিৰ। প্ৰতিকূল প্ৰকৃতিক পৰিৱেশে আদিম মানৱ সমাজখনত প্ৰদান কৰা অনিশ্চয়তা আজিৰ আমাৰ সমাজখনত নাই সঁচা, কিন্তু দেখ্দেখ্কৈ বিভিন্ন কাৰণত এতিয়া আমাৰ সামাজিক দিশত আছে প্ৰচণ্ড অনিশ্চয়তা, ভয়াবহ শংকা আৰু অতল অনিশ্চয়তা। এনে এটা পটভূমিত সৰহভাগ মানুহেই ধৰ্মৰ মাজত বিচাৰি পায় নিৰাপত্তাৰ উমাল উত্তাপ। জীৱনৰ অনিশ্চয়তা, শংকা আৰু অনিশ্চয়তা আদি মানুহে ধৰ্মচিন্তাৰ বাবে পাহৰি যায়—মনলৈ আহে স্বস্তিৰ লহৰ। লক্ষ্যনীয় কথা, ধৰ্মপ্ৰদত্ত তেনে মানসিক প্ৰশান্তি মানুহে লাভ কৰিলেও, সমাজৰ পৰা কিন্তু প্ৰকৃততে দুখ-কষ্টবোৰ আঁতৰ হৈ নাযায়, বাস্তৱত সেইবোৰ থাকি যায়েই। সেয়েহে, ধৰ্মই দিয়া মানসিক শান্তি হৈছে একধৰণৰ আত্মপ্ৰতাৰণা বুলি আমি নিৰ্দ্বিধাই ক’ব পাৰোঁ। ধৰ্মপ্ৰদত্ত তেনে মানসিক প্ৰশান্তিৰ সামাজিক মূল্যায়ন কৰিলে আমি কি দেখিবলৈ পাম? সহজতেই ধৰিব পাৰি—কথাটো উল্লেখ কৰি আহিছোঁৱেই—ধৰ্মই আনি দিয়া শান্তি-স্বস্তি হৈছে একধৰণৰ মানসিক বিভ্ৰম, আত্মপ্ৰতাৰণা। উদাৰণৰ সৈতে ব্যাখ্যা কৰিলে কথাটো স্পষ্ট হ’ব। শ্ৰেণী-সমাজখনত অহৰহ শোষণ, নিপীড়ন, মৰ্মান্তিক কষ্টৰ মুখামুখি হোৱা মানুহে যেতিয়া বিশ্বাস কৰে যে এদিন ঈশ্বৰে দুখ দিয়া মানুহবোৰৰ বিচাৰ কৰিব, সিহঁতক নৰকৰ গৰম তেলত ডুবাই থ’ব—তেতিয়া তেওঁলোকে মনৰ মাজত একধৰণৰ ইচ্ছাপূৰণমূলক আনন্দ লাভ কৰে। “কাম কৰি যোৱা, পৰজন্মত সুখ লাভ কৰিবা”—এইধৰণৰ কথা-বাণীয়ে তেওঁলোকৰ মনলৈ প্ৰশান্তি কঢ়িয়াই আনে। “দুষ্টক দমন আৰু শিষ্টক পালন” কৰা কোনোবা এজন কোনোবা এদিন আহিবই বুলি বিশ্বাস কৰি তেওঁলোক বৰ আহ্লাদিত হয়।
ধৰ্মই দিয়া তেনে ফুৰ্তি-আনন্দ-আহ্লাদ-প্ৰশান্তিৰ সামাজিক উপযোগিতা আৰু তাৎপৰ্য কেনেকুৱা? এই সন্দৰ্ভত আমি ইতিপূৰ্বে কিছু আলোচনা কৰাৰ প্ৰয়াস কৰিছিলোঁ (পূৰ্বোক্ত গ্ৰন্থ)। ইয়াত বাহুল্যভৰা পুনৰাবৃত্তি নকৰি মাত্ৰ কেইটিমান কথা উনুকিয়াই থওঁ। ধৰ্মই মানুহক যি আত্মপ্ৰতাৰণাৰ মাজলৈ লৈ যায়, সেই জগতখন যুক্তিহীন, অলীক। গতিকে বাস্তৱৰ দুখ-কষ্টৰ প্ৰকৃত কাৰণবোৰ মানুহে বিচাৰি পাবলৈ সেইটো বাটেৰে কেতিয়াও সক্ষম নহয়। বাস্তৱৰ নিৰ্মম শোষণৰ কাৰণ যে শ্ৰেণী-শত্ৰু—সেই কথাটো তেনে আত্মপ্ৰতাৰণাই তেওঁলোকৰ মনলৈ আহিবলৈকে নিদিয়ে। “পূৰ্বজন্ম”-ৰ কৰ্মফল আদিহে “ইহজন্ম”-ৰ দুখ-কষ্টৰ কাৰণ—এইধৰণৰ অতি উদ্ভট কথাও ধৰ্মীয় আত্মপ্ৰতাৰণাই মানুহক প্ৰশ্নহীন আনুগত্যৰে বিশ্বাস কৰাবলৈ বিস্ময়কৰভাৱে সক্ষম। শোষণ-নিপীড়ন, দুখ-কষ্টৰ জাগতিক কাৰণানুসন্ধানৰ পৰা বিৰত ৰাখি, প্ৰকৃত শ্ৰেণী-শত্ৰুক আঁৰ কৰা ৰাখি ধৰ্মীয় আত্মপ্ৰতাৰণাই মানুহক সংগ্ৰামবিমুখ কৰি তোলে। মানুহ হৈ পৰে সৰ্বংসহা, সকলো কথা তেওঁলোকে নতশিৰে, আনন্দ কিম্বা নিৰ্লিপ্ততাৰ মাজেৰে গ্ৰহণ কৰে—মনত কোনো ক্ষোভ নাথাকে, মানুহ হৈ পৰে প্ৰতিবাদহীন আৰু পৰিৱৰ্তনবিমুখ। এক কথাত এইটোৱেই হৈছে ধৰ্মীয় আত্মপ্ৰতাৰণাৰ অতি নেতিবাচক সামাজিক তাৎপৰ্য আৰু তাৰ ভয়াবহতা। দ্বান্দ্বিক বস্তুবাদক সাৰথি কৰি সামাজিক পৰিৱৰ্তনৰ লক্ষ্য স্থিৰ কৰা লোকসকলে ধৰ্মৰ এই স্বল্পালোচিত দিশটোত যথোচিত গুৰুত্ত্ব দি, সামন্তৰালভাৱে ধৰ্মবিৰোধী যুক্তিবাদী আন্দোলনক শক্তিশালী কৰা অতি জৰুৰী বুলি ধাৰণা হয়।
৫. সামৰণি
এই “সামৰণি” অংশত এতিয়ালৈকে খাটাং নোহোৱা, বিজ্ঞানীমহলত প্ৰচণ্ড বিতৰ্কৰ বিষয় এটিৰ কথা উনুকিয়াই টোকাটো শেষ কৰিম। এইখিনিৰ উল্লেখ যিহেতু অতি চমু, সেয়েহে বিশেষ তথ্য-উৎস আদি বাদ দি মাত্ৰ সাৰাংশৰ ৰূপত দুটিমান কথা চুই যোৱাহে হ’ব মাত্ৰ।
প্ৰশ্নটো হ’ল, মানুহৰ আত্মপ্ৰতাৰণাৰ মূল কি? মানুহে কিয় নিজকে নিজে প্ৰতাৰণা কৰে?
কোনো সন্দেহ নাই, এইটো এটা অতি জটিল প্ৰশ্ন। বাহ্যিক কাৰকে প্ৰচুৰ প্ৰভাৱ পেলালেও বিষয়টো ঘাইকৈ মানুহৰ আভ্যন্তৰীণ মনস্তত্ত্বৰ সৈতে জড়িত। বিশুদ্ধ বিজ্ঞানৰ দৰে খাটাং ৰূপত, গাণিতিক প্ৰক্ৰিয়াৰে এনে প্ৰসংগত কোনো সৰ্বজনসন্মত সিদ্ধান্তলৈ অহাটো এতিয়াও সম্ভৱ হৈ উঠা নাই। আমাৰ বোধেৰে এইধৰণৰ বিষয়ত—সৰহভাগ ক্ষেত্ৰতে—বিজ্ঞানীসকলে যুক্তিগ্ৰাহ্য অনুমানৰ ওপৰত বহুদূৰলৈ নিৰ্ভৰশীল। তেনে অনুমান যদিও যুক্তি-আধাৰিত, কিন্তু বিশুদ্ধ বিজ্ঞানত কৰাৰ দৰে সেইসমূহৰ পানী নসৰকা প্ৰমাণ উপস্থিত কৰাটো অতি দুৰূহ। দুটামান উদাহৰণে কথাটো বোধহয় সহজ কৰিব। বহুতো বিদ্বানে আত্মপ্ৰতাৰণাক একধৰণৰ প্ৰতিৰক্ষামূলক কিম্বা আত্মৰক্ষামূলক ব্যৱস্থা বুলি বিবেচনা কৰে। কেনেকুৱাধৰণৰ প্ৰতিৰক্ষা? ধৰি লোৱা হ’ল, মানুহ এগৰাকী কোনো মৰ্মান্তিক দুখত পৰিল। তেনে দুখৰ অস্বীকাৰ, তিক্ত স্মৃতিৰ পাহৰণি, আনন্দদায়ক ছদ্মস্মৃতি, দুখৰ কাৰণৰ অযৌক্তিকৰণ আৰু অপব্যাখ্যা—এইবোৰৰ মাজেৰে সংঘটিত হোৱা আত্মপ্ৰতাৰণাই বহু দূৰলৈ ব্যক্তিগৰাকীৰ মানসিক যাতনা প্ৰশমিত কৰি তোলে। তেনে ব্যাখ্যাৰ সম্প্ৰসাৰিত দিশটো আমি দেখিবলৈ পাওঁ একাংশ বিৱৰ্তনীয় মনোবিদ্যাৰ প্ৰবক্তাৰ ধ্যান-ধাৰণাৰ মাজত। তেওঁলোকৰ মতে আত্মপ্ৰতাৰণা মানুহে জৈৱ-বিৱৰ্তনৰ বাটত আহৰণ আৰু সংৰক্ষণ কৰা এটা জৈৱিক গুণ বা ধৰ্ম—ইয়াৰ বিৱৰ্তনীয় উপযোগিতা আছে। নক’লেও হ’ব, বহুতো দিশত আজি বিৱৰ্তনীয় জীৱ-বিদ্যাই যি আলোড়নৰ সৃষ্টি কৰিছে, তাৰ প্ৰচণ্ড অভিঘাত ধ্ৰুপদী মনোবিদ্যাৰ ওপৰতো বাৰুকৈয়ে অনুভূত হৈছে—আগ বঢ়োৱা হৈছে বিৱৰ্তনীয় মনোবিদ্যাৰ ন ন তত্ত্ব। লগে লগে আৰম্ভ হৈছে প্ৰচণ্ড বিতৰ্কৰো—লক্ষ্যনীয়ভাৱে বিৱৰ্তনীয় মনস্তাত্ত্বিকসকলৰ মাজতেই আভ্যন্তৰীণ বিতৰ্ক চলি আছে। কোনো কোনোৱে আৰু গভীৰলৈ গৈ আত্মপ্ৰতাৰণাৰ স্নায়ুবিক-শৰীৰতাত্ত্বিক উৎসৰ সন্ধান কৰিছে। মানুহৰ যিকোনো শাৰীৰিক-মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া শেষ বিচাৰত কিছুমান জৈৱ-ৰাসায়নিক বিক্ৰিয়াৰ পৰিণতি। সেই বিচাৰত আত্মপ্ৰতাৰণাৰো নিশ্চয় কোনো স্নায়ুবিক-শৰীৰতাত্ত্বিক ভিত্তি থাকিবই লাগিব। এই প্ৰসংগত অতি চিত্তাকৰ্ষক গৱেষণা বিভিন্ন বিজ্ঞানীয়ে কৰি আছে। কালিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ Brain and Perception Laboratory-ৰ গৱেষকে অতি সাংঘাতিক পৰ্যবেক্ষণ কিছুমান প্ৰকাশ কৰিছে (দ্ৰ. Ramachandran, V. S., The Evolutionary Biology of Self-Deception, Laughter, Dreaming and Depression: Some Clues from Anosognosia, Medical Hypotheses, 47, 347-362, 1996)। মগজুৰ সোঁফালে ষ্ট্ৰোক হোৱা মানুহৰ এটি বিশেষ অৱস্থাৰ (এনোছ’গন’চিয়া, Anosognosia) বিশ্লেষণ কৰা হৈছিল পৰীক্ষা-নিৰীক্ষাবোৰত। মগজুৰ সোঁফালে ষ্ট্ৰোক হোৱা ৰোগীসকলৰ স্বাভাবিকতেই শৰীৰৰ বাঁওফালটো পক্ষাঘাতত আক্ৰান্ত হৈছিল। কিন্তু ৰোগীসকলৰ কিছুমানে পক্ষাঘাতৰ কথাটো চিকিৎসকৰ প্ৰশ্নত অস্বীকাৰ কৰিছিল, এগৰাকীয়ে আনকি হাত-চাপৰি বজাবলৈ অনুৰোধ কৰাত মাত্ৰ সোঁহাতখন ব্যৱহাৰ কৰি আত্মবিশ্বাসেৰে হাত-চাপৰি বজোৱা বুলি কৈছিল—বাস্তৱত কিন্তু বাঁওহাতখন হৈ আছিল নিশ্চল। বিভিন্নজন তেনে ৰোগীৰ মাজত কম-বেচি তীব্ৰতাৰে একেই প্ৰৱণতা দেখা গৈছিল। গৱেষকবৃন্দই এইজাতীয় প্ৰতিক্ৰিয়াক নিৰ্দ্বিধাই আত্মপ্ৰতাৰণা বুলি প্ৰতিপন্ন কৰিছে। তাতোতকৈ ডাঙৰ কথা, মগজুৰ বাঁওঅংশত ষ্টোক হোৱা ৰোগীৰ যদি সোঁফালটি পক্ষাঘাতগ্ৰস্ত হৈ পৰে, তেনেহ’লে কিন্তু এনোছ’গন’চিয়া দেখা নাযায়। গতিকে অতিশয় চিত্তাকৰ্ষক প্ৰশ্ন, সেই বিশেষ আত্মপ্ৰতাৰণা মগজুৰ সোঁফালটোৱে নিৰ্ণয় কৰে নেকি? এইধৰণৰ গুৰুতৰ কথাত আমাৰ দৰে লোকে কোনো সিদ্ধান্ত দিবলৈ যোৱাটো বাতুলামি হ’ব। কিন্তু কোনো সন্দেহ নাই, স্নায়ুবিক-শৰীৰতাত্ত্বিক কাৰকক আজি আৰু সমুলঞ্চে অস্বীকাৰ কৰাটো সম্ভৱ নহয়। তাৰ বিপৰীতে, বাহ্যিক উদ্দীপকসমূহৰ ভূমিকাৰ কথা পাহৰি যোৱাটো হ’বগৈ খণ্ডিত বিচাৰৰ পৰিচায়ক। আমাৰ বোধেৰে, স্নায়ুবিক-শৰীৰতাত্ত্বিক-বাহ্যিক—এই সকলোবোৰ সাঙুৰি ভৱিষ্যতে এক পূৰ্ণাংগ তত্ত্ব বিকশিত হ’ব।
যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ কথাৰে টোকাটো শেষ কৰিছোঁ। বিদ্বানসকলে আঙুলিয়াই দিছে যে আত্মপ্ৰতাৰণাৰ আঁৰত থকা বিশ্বাসবোৰ যে ভ্ৰান্ত—সেইটো কথা অন্য কোনোবাই, বা আত্মপ্ৰতাৰিত লোকজনে নিজেই সতৰ্কতাৰে বিচাৰ-বিশ্লেষণ কৰি ধৰা পেলাব পাৰে (দ্ৰ: Mitchell, J., Living a Lie: Self-Deception, Habit, and Social Roles, Human Studies 23, pp.145–156, 2000) । গতিকে অন্ধবিশ্বাস, ধৰ্ম আদিৰে আত্মপ্ৰতাৰিত ব্যক্তিসকলৰ প্ৰসংগত বিজ্ঞানমনস্ক আৰু যুক্তিবাদী প্ৰচাৰৰ গুৰুত্ত্ব আছে।