সম্পাদকৰ টোকা :: আতংক, হিংসা আৰু ভক্তি : অন্ধবিশ্বাস আৰু গণউন্মাদনা।। কৌশিক দাস
মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা
কণ-কণ ল’ৰা-ছোৱালীৰ ওমলা-ঘৰ এটিত (Day care center) সংঘটিত হোৱা কৰুণ আৰু কুখ্যাত কাহিনী এটাৰ আলম লৈ আমাৰ আলোচনা আৰম্ভ কৰিছোঁ। কাহিনীটো বৰ দীঘল আৰু তাৰ সকলোকেইটা দিশেই অতি চিন্তাকৰ্ষক; কিন্তু সেই আটাইখিনি কথা এই আলোচনাত প্ৰাসংগিক নহয়। গতিকে মাত্ৰ প্ৰয়োজনীয় কথাখিনিহে আমি ইয়াত চমুকৈ বৰ্ণনা কৰিম—তাকো আমাৰ আলোচ্য বিষয়টোৰ উপস্থাপনত সহায় কৰা এটা চমৎকাৰ উদাহৰণ হিচাপেহে।
এমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফ’ৰ্নিয়াৰ এখন নগৰ, নাম মানহাট্টন বিচ্ছ। সেইখন নগৰতেই আছিল শিশুৰ ওমলা-ঘৰটো—মেক্মাৰ্টিন প্ৰিস্কুল। ১৯৮৩ চনৰ কথা; ইমান দিনে—প্ৰায় কুৰিটা বছৰ—সুকলমে পাৰ কৰি অহা ওমলা-ঘৰটোত জুডি জনছন নামৰ বিবাহ-বিচ্ছেদ হোৱা মহিলা এগৰাকীয়ে তেওঁৰ আঢ়ৈ বছৰীয়া ল’ৰাটিৰ নাম লগাই দিলে। দহ দিনমান হৈছিল ওমলা-ঘৰলৈ যোৱা, ল’ৰাটো কৌষ্ঠকাঠিন্যত ভুগিছে বুলি মাকে অনুভৱ কৰিলে। জুডি জনছনে কোৱা মতে, তেওঁ লগে লগে পৰীক্ষা কৰাত পুত্ৰৰ গুহ্যদ্বাৰটি অস্বাভাবিকভাৱে ৰঙা হৈ থকা দেখিবলৈ পাইছিল। কণমানিটিক ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হ’ল। তাৰ পাছত জুডি জনছনে পুলিচত এজাহাৰ দিলে—ওমলা-ঘৰটোৰ পৰিচালকৰ পুত্ৰ ৰে বাকিয়ে অতি ভয়ংকৰভাৱে শিশুটিক যৌন-নিৰ্যাতন (Sodomy) কৰিছে। পুলিচে ৰে বাকিৰ ঘৰটো খানাতালাচ কৰি অভিযোগৰ সপক্ষে একো সাক্ষ্য নাপালে। কণমানিটিয়ে ফটোত মানুহজনক চিনাক্তও কৰিব নোৱাৰিলে। হ’লেও, ৰে বাকিক গ্ৰেপ্তাৰ কৰা হ’ল। সেইটোৱেই আছিল এমেৰিকাৰ ইতিহাসত সকলোতকৈ দীৰ্ঘ আৰু খৰচী বুলি পৰিগণিত হোৱা ফৌজদাৰী মোকৰ্দমাটোৰ আৰম্ভণি বিন্দু।
পুলিচে প্ৰায় দুশগৰাকী অভিভাবকলৈ এখন গোপন পত্ৰ প্ৰেৰণ কৰিলে। তাত জুডি জনছনৰ পুত্ৰৰ ঘটনাটোৰ কথা উল্লেখ আছিল। পত্ৰখনত বিভিন্ন প্ৰকাৰৰ যৌন-নিগ্ৰহৰ বৰ্ণনা দি অভিভাবকসকলক কোৱা হ’ল—তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালীক সুধি সেইবোৰৰ দৰে কিবা ঘটিছে নেকি ওমলা-ঘৰটোত—সেই কথাটো উলিয়াব লাগে, আৰু কথাবোৰ পুলিচক জনাব লাগে। লগতে দঢ়াই দঢ়াই কোৱা হ’ল, এইবোৰ কথা যেন গোপনে ৰাখে—একো খবৰ যাতে বাহিৰলৈ নোলায়।
মানুহৰহে কথা! গতিকে যি হ’ব লগা আছিল, সিয়েই হ’ল—ফুচফুচাই হ’লেও ঘটনাটোৰ কথা অভিভাবকসকলে আলোচনা কৰিবলৈ ধৰিলে। খুব সোনকালেই কথাটো বাগৰি ফুৰিবলৈ ধৰিলে নগৰবাসীৰ ওঁঠে-ওঁঠে-কাণে-কাণে। অলপ দিনৰ পাছতেই মেক্মাৰ্টিন প্ৰিস্কুলৰ বাতৰিটোৱে বিভিন্ন সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিলে।
পৰৱৰ্তী সময়ত কথাটো মাত্ৰ মানহাট্টন বিচ্ছতেই সীমাবদ্ধ হৈ নাথাকিল। মেক্মাৰ্টিন প্ৰিস্কুলৰ ঘটনাই সমগ্ৰ এমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰ-মহানগৰ-গাঁও-বন্দৰ সকলোতে অভাৱনীয় চাঞ্চল্যৰ সৃষ্টি কৰিলে। কিয়নো, অভিভাবকসকলৰ পৰা বৰ আচৰিত আৰু ভয়াবহ কথা ওলাবলৈ ধৰিলে। তাৰ মাজৰ কেইটিমান মাত্ৰ উদাহৰণ—অভিযোগ কৰা হ’ল যে ওমলা-ঘৰৰ শিশুৰ সমুখতেই কোনো মানুহৰ শিৰশ্ছেদ কৰি, নিৰ্গত হোৱা তেজ শিশুসকলক পান কৰোৱা হৈছিল। ভয়ংকৰ যৌন-নিৰ্যাতনৰ কথাবোৰতো আছিলেই—কোৱা হ’ল যে ওমলা-ঘৰৰটোৰ তলত থকা অন্ধকাৰ গোপন সুৰংগ এটাত সেইবোৰ বিভৎস কাৰ্য কৰা হৈছিল। কোৱা হ’ল যে শিশুসকলক নগ্ন কৰি ফটো লোৱা হৈছিল। এইবোৰ শুনি অনিবাৰ্যভাৱে ৰাজপথত এইবাৰ ওলাল সৰ্বসাধাৰণ মানুহৰ প্ৰতিবাদী সমদল। প্ৰচণ্ড হেঁচাত পৰি তদন্তৰ দায়িত্ব ততাতৈয়াকৈ ডাঙৰ সংস্থা এটাৰ (Children’s Institute International, CII) হাতত অৰ্পণ কৰা হ’ল। ওমলা-ঘৰটোৰ বহুতকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল। সংস্থাটোৱে শিশুসকলক সোধা-পোছা কৰি জনালে যে প্ৰায় ৪০০ শিশুৱে যৌন-নিৰ্যাতনৰ বিশদ বৰ্ণনা দিছে। মাথো সিমানেই নহয়, জনোৱা হ’ল যে চিকিৎসকে কৰা পৰীক্ষাত বহুতো শিশুৰ যৌনাংগ আৰু গুহ্যদ্বাৰত কিছুমান চিন পাইছে—সেইবোৰ হ’ল যৌন-নিৰ্যাতনৰ নিৰ্ভেজাল প্ৰমাণ।
সংবাদ-মাধ্যমবোৰত এইবোৰ বাতৰি বিস্তাৰিত আৰু চাঞ্চল্যকৰ ৰূপত প্ৰকাশ পাবলৈ ধৰিলে। এইবাৰ অতি আচৰিত কথা পোহৰলৈ আহিল। মানহাট্টন বিচ্ছৰ মেক্মাৰ্টিন প্ৰিস্কুলেই মাথোন নহয়—একেধৰণৰ অভিযোগ আহিবলৈ ধৰিলে এমেৰিকাৰ বিভিন্ন প্ৰান্তৰ বহুতো ওমলা-ঘৰৰ পৰা । দলে দলে মানুহ কাৰাগাৰত সোমাল, আদালতে আদালতে ফৌজদাৰী মোকৰ্দমা চলিবলৈ ধৰিলে। অকল এমেৰিকাতেই নে! একেধৰণৰ বাতৰি আহিবলৈ ধৰিলে কানাডা, নিউজিলেণ্ড, ব্ৰাজিল আৰু ইউৰোপৰ কেইখমনান দেশৰ পৰা!
তাৰ পাছত এদিন এমেৰিকাৰ সকলোতকৈ দীৰ্ঘদিনীয়া আৰু ব্যয়বহুল ফৌজদাৰী মোকৰ্দমাটোৰ ৰায় প্ৰদান কৰিলে আদালতে। কোনো দোষী নাই, কাৰণ তেনে অপৰাধৰ কোনো প্ৰমাণ নাই—গতিকে শাস্তিৰ প্ৰশ্নই নাই। তেনেহ’লে সুৰংগটো? নাই, খান্দি চোৱা হৈছিল, ওমলা-ঘৰটোৰ তলত তেনে কোনো সুৰংগৰ সন্ধান পোৱা নগ’ল। পোৱা নগ’ল এজনো শিশুৰ নগ্ন ফটোগ্ৰাফ। তেনেহ’লে যৌনাংগ আৰু গুহ্যদ্বাৰৰ চিনবোৰ? মেডিকেল ৰিপ’ৰ্টৰ পুনৰীক্ষণত ওলাই পৰিল—সেইবোৰ চিহ্ন তেনেই স্বাভাবিক, যৌন-নিৰ্যাতন নহ’লেও তেনে চিহ্ন পৰিব পাৰে। কিন্তু শিশুসকলে দিয়া সাক্ষ্যবোৰ? গম পোৱা গৈছিল যে শিশুসকলক প্ৰশ্নবোৰ—অভিভাবক আৰু অনুসন্ধানকাৰী, উভয়েই—বিশেষধৰণে কৰিছিল (Suggestive questioning), যাৰ বাবে শিশুসকলৰ উত্তৰবোৰ ডাঙৰসকলে যিটো দিশত বিচাৰিছিল, সেইটো দিশলৈ গতি কৰিছিল। তৰল হ’লেও, Suggestive questioning-ৰ কথাটো স্পষ্ট কৰিবলৈ আমি এটা উদাহৰণ ল’ব পাৰোঁ। “তুমি জানোঁ ক’লা চোলা পিন্ধা মানুহটোক দেখা নাছিলা”—এই প্ৰশ্নটোৱে ক’লা চোলাটো উত্তৰত থকাটো বিচাৰিছে; প্ৰকৃততে সুধিব লাগিছিল এইদৰে—”তুমি কাৰোবাক দেখিছিলা নেকি? তেওঁ বাৰু কি পিন্ধিছিল”? Suggestive questioning-এ জনা-বুজা ডাঙৰ মানুহকেই বিভ্ৰান্ত কৰে। মেক্মাৰ্টিন প্ৰিস্কুলৰ ঘটনাটোৰ অনুসন্ধানৰ সময়ত শিশুসকলক তেনে বিসংগতিপূৰ্ণ প্ৰশ্নই—তাকো বাৰে বাৰে কৰা—বাৰুকৈয়ে বিভ্ৰান্ত কৰিছিল বুলি পৰৱৰ্তী কালৰ গৱেষণাই প্ৰমাণ কৰিলে। উল্লেখ কৰিব পাৰি যে সেই আচৰিত আৰু বিভৎস ঘটনাবোৰ সঁচাই হৈছিল বুলি কোৱা ওমলা-ঘৰৰ শিশুৱে বহু দিনৰ পাছত, অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱাৰ পাছত কৈছিল যে সেইবোৰ একো হোৱা নাছিল, বাৰে বাৰে সুধি থকাৰ বাবে তেওঁলোকৰ মনত ধাৰণা হৈছিল যে ঘটনাবোৰ সঁচাই ঘটিছিল।
ঘটনাবোৰ মিছা আছিল, আদালতেও মোকৰ্দমা বন্ধ কৰি দিলে। কিন্তু মোকৰ্দমাৰ খৰছৰ বোজাত বহুতো মানুহ, বহুতো ওমলা-ঘৰৰ গৰাকী আৰু কৰ্মকৰ্তা সৰ্বস্বাম্ত হ’ল। অসংখ্য অভিযুক্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল। মেক্মাৰ্টিন প্ৰিস্কুলৰ দৰে অনেক ওমলা-ঘৰ বন্ধ হৈ গ’ল চিৰদিনলৈ। মেক্মাৰ্টিন প্ৰিস্কুল য’ত আছিল, এতিয়া তাত আছে এখন ড্ৰাই ক্লিনাৰ। ৰে বাকিৰ দৰে বহুত নিৰ্দোষীয়ে বহু বছৰ অনাহকতে ফাটেকত থাকিবলগীয়া হ’ল, সম্পূৰ্ণভাৱে বিনষ্ট হৈ গ’ল তেওঁলোকৰ সামাজিক মৰ্যাদা, ভাল ভৱিষ্যৎ বুলি একো নাথাকিল।
মেক্মাৰ্টিন প্ৰিস্কুলৰ ঘটনাটোৰ তেনে কৰুণ পৰিণতিৰ কথা ইয়াতেই এৰি, আমাৰ এই নিবন্ধৰ বাবে প্ৰাসংগিক প্ৰশ্ন এটালৈ যাওঁ। ইমান ডাঙৰ অসত্য কথা এটা কেনেকৈ বাৰু ইমান দ’লৈ শিপাই পৰিছিল? উত্তৰত আমি কোনো দ্বিধা নোহোৱাকৈ ক’ব পাৰোঁ যে সেইবোৰৰ আঁৰত আছিল এটা অন্ধবিশ্বাস। অন্ধবিশ্বাসটোৰ নাম হৈছে চয়তানী আতংক (Satanic panic) ।
প্ৰকৃততে চয়তানী আতংক আছিল এটা জটিল সামাজিক আৰু মনস্তাত্ত্বিক পৰিঘটনা। ১৯৭০-৮০ চনৰ ভিতৰত এমেৰিকাৰ সমাজখন বহুকেইটা সংকটৰ মুখত পৰিছিল। ভিয়েটনামত দেশখনে কৰা বৰ্বৰোচিত আগ্ৰাসনৰ লগতে তাৰ প্ৰতিবাদত বহুতো এমেৰিকানৰ বলিষ্ঠ কণ্ঠই দেশখন কঁপাই তুলিছিল। ভিয়েটনামৰ পৰা পলাবলগীয়া হৈছিল এমেৰিকাৰ সৈন্যবাহিনী। লগতে ঘটিছিল প্ৰেচিডেণ্ট নিক্সনৰ আমোলৰ ৱাটাৰগেট কেলেংকাৰীৰ দৰে ডাঙৰ ডাঙৰ ঘটনা। চৌদিশে পুঁজিতন্ত্ৰ আৰু তৎজনিত মূল্যবোধৰ অপ্ৰতিৰোধ্য বিস্তাৰণৰ ফলত ভয়ংকৰ নেতিবাচক দিশ কিছুমান প্ৰকট হৈ পৰিছিল। বিবাহ-বিচ্ছেদ, আত্মহত্যাৰ দৰে ঘটনা বাঢ়ি আহিছিল। কৰ্মস্থলৰ প্ৰচণ্ড হেঁচাত পিতৃ-মাতৃয়ে নিজৰ কণমাণি সন্তানক অন্যৰ হাতত দিনটোলৈ থৈ গৈ, নিজে গভীৰ অপৰাধবোধত আক্ৰান্ত হৈছিল। পুঁজিতন্ত্ৰজাত আশাহীন অনিশ্চয়তা, অতল অনিৰাপত্তা আৰু অসেতুবন্ধ্য বিচ্ছিন্নতাবোধে মানুহৰ মনবোৰ খুলি খুলি খাইছিল। তেনে এটা পটভূমিত সমাজত ষড়যন্ত্ৰতত্ত্বৰে (conspiracy theory) সম্পৃক্ত অন্ধবিশ্বাসে গা কৰি উঠাৰ সম্ভৱনা অতি প্ৰবল বুলি পণ্ডিতসকলে দেখুৱাইছে। এমেৰিকাৰ তেনে আৰ্থ-সামাজিক পৰিৱেশৰ মাজত চয়তানী আতংক নামৰ অন্ধবিশ্বাসটোৱে মানুহৰ মনত সোমাবলৈ আৰম্ভ কৰিলে। মানুহে বিশ্বাস কৰিবলৈ ধৰিলে যে কিছুমান লোকে গোপনে চয়তানী কাৰ্য সম্পাদন কৰি আছে দেশখনত। তেজ পি খোৱা, ডিঙি কাটি পেলোৱা, অপহৰণ, হত্যা—অলৌকিক অপশক্তিৰ চয়তানগোষ্ঠীয়ে লোকচক্ষুৰ আঁৰত এইবোৰ কৰি থাকে বুলি ধাৰণা কৰা হ’ল। তেনেতে, ১৯৮০ চনত প্ৰকাশ হ’ল ধাপ্পাবাজী কথাৰে ভৰা কিতাপ এখন, নাম Michelle Remembers। এই গ্ৰন্থখনত এগৰাকী মনস্তাত্ত্বিকে এগৰাকী ৰোগীৰ শৈশৱৰ হেৰোৱা স্মৃতি উদ্ধাৰ কৰাৰ ৰোমহৰ্ষক বৰ্ণনা আছে—তাত বৰ্ণনা কৰা হৈছে কেনেকৈ ৰোগীজন শিশুকালত চয়তানগোষ্ঠী এটাৰ কবলত পৰিছিল, কি কি ভয়ংকৰ কাণ্ড ঘটিছিল সেই সময়চোৱাত। তথাকথিত মনস্তাত্ত্বিক আৰু মনোৰাগীৰ কিতাপখনৰ বিক্ৰীৰ লেখ আছিল অভূতপূৰ্ব। গ্ৰন্থখনত বৰ্ণনা কৰা চয়তানী উপাসনাপদ্ধতিৰ কথাই মানুহৰ মাজত চয়তানী আতংকৰ বিস্তাৰ অতি দ্ৰুত কৰি পেলাইছিল।
মেক্মাৰ্টিন প্ৰিস্কুলৰ ঘটনাত চয়তানী আতংকই গণউন্মাদনাৰ (Mass Hysteria) ৰূপ পাইছিলগৈ। গণউন্মাদনাৰ বা মাছ হিষ্টিৰিয়ানো কি? কোনো সূক্ষ্ম আৰু নিটোল সংজ্ঞালৈ নোযোৱাকৈও আমি সাধাৰণভাৱে ক’ব পাৰোঁ—গণউন্মাদনা বা মাছ হিষ্টিৰিয়া মূলতঃ হৈছে এবিধ জটিল মনস্তাত্ত্বিক আৰু সামাজিক ঘটনা য’ত সমাজখনৰ বহুতো লোকে একেধৰণৰ অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে, একেধৰণৰ কিছুমান লক্ষণ দেখুৱায় যদিও সেইবোৰৰ কোনো নিৰ্দিষ্ট শাৰীৰিক কাৰণ নাথাকে। কোৱা হয়তো বাহুল্য হ’ব, তথাপিও কথা এটা উনুকিয়াই যাওঁ,—হিষ্টিৰিয়া আৰু গণহিষ্টিৰিয়া একে নহয়; হিষ্টিৰিয়া কোনো ব্যক্তিৰ ক্ষেত্ৰত দেখা যায়, গণহিষ্টিৰিয়াত কিন্তু মানুহ সমষ্টিগতভাৱে আক্ৰান্ত হয়। প্ৰথমটোৰ ক্ষেত্ৰত ব্যক্তিৰ আভ্যন্তৰীণ মানসিক গঠন ঘাইকৈ দায়ী, বিপৰীতে গণহিষ্টিৰিয়াত বাহ্যিক কাৰকে প্ৰধান নিৰ্ণায়ক ভূমিকা লয়। যিহেতু গণহিষ্টিৰিয়াহে এই আলোচনাৰ বিষয়, গতিকে হিষ্টিৰিয়াৰ কথা এৰি আমি গণহিষ্টিৰিয়াৰ এটা চমৎকাৰ উদাহৰণলৈ ইয়াতেই মনত পেলাব পাৰোঁ। ১৫১৮ চনত, তেতিয়াৰ ৰোমান সাম্ৰাজ্যৰ ষ্ট্ৰাছবাৰ্গ নামৰ ঠাইত (এতিয়া ফ্ৰান্সত) ৰাজপথত হঠাতে এগৰাকী মহিলাই অবিৰতভাৱে—উন্মাদ আৰু নিয়ন্ত্ৰণ নোহোৱাকৈ—নাচিবলৈ আৰম্ভ কৰিছিল। ক্ৰমাৎ তেওঁৰ লগত যোগ দিলে দলে দলে বিভিন্ন মানুহে, প্ৰায় তিনিমাহ তেনে নৃত্য চলি থাকিল, আনকি কিছুমান লোকৰ মাজতে মৃত্যুও হ’ল—কিন্তু নৃত্য চলি থাকিল কোনো বিৰতি নোহোৱাকৈ। সেইটো আছিল গণউন্মাদনাৰ ঐতিহাসিক আৰু অতি বিখ্যাত উদাহৰণ এটা—ইয়াক “Dancing Plague” বুলি জনা যায়। আৰু এটা গাজত লগা উদাহৰণ আমি পাওঁ ১৯৬২ চনত, বৰ্তমানৰ তাঞ্জিনিয়াত (তেতিয়াৰ টাংগানিকা)। তাৰ ব’ৰ্ডিং স্কুল এখনৰ তিনিজনী ছোৱালীয়ে কোনো কথা নাই, বতৰা নাই, ডাঙৰ ডাঙৰকৈ হাঁহিবলৈ আৰম্ভ কৰিলে। হাঁহি শেষ নহয় হে নহয়—তাতে এজন-দুজনলৈ স্কুলৰ বিদ্যাৰ্থী আহি যোগ দিবলৈ ধৰিলে—দিনে-ৰাতিয়ে হাঁহি হাঁহি মাজে মাজে দুই-এজন সংজ্ঞাহীনো হৈ পৰিল। উপায়হীন হৈ কৰ্তৃপক্ষই স্কুল বন্ধ দিয়া হৈছে বুলি ঘোষণা কৰিলে। বিদ্যাৰ্থীসকল ঘৰলৈ গ’ল সঁচা, এইবাৰ কিন্তু তেওঁলোকৰ গাঁৱৰ মানুহবোৰলৈ হাঁহি সংক্ৰমিত হৈ পৰিল, গাঁওবাসীয়েও বিৰামহীনভাৱে হাঁহিবলৈ আৰম্ভ কৰিলে। সহস্ৰাধিক মানুহ হাঁহিৰ গণহিষ্টিৰিয়াত আক্ৰান্ত হৈছিল, ঘটনাটো চলি আছিল প্ৰায় ডেৰ বছৰ ধৰি। এই গণহিষ্টিৰিয়াক টাংগানিকাৰ হাঁহিৰ মহামাৰী (The Tanganyika Laughter Epidemic) বুলি সাধাৰণভাৱে জনা যায়।
গণউন্মদনাৰ তেনে বিবিধ আৰু বিচিত্ৰ উদাহৰণ ইতিহাসতেই মাত্ৰ নহয়, আমাৰ চৌপাশেও বহুত আছে। কিছু দিনৰ আগতে বাতৰি ওলাইছিল, আমাৰ ইয়াতো কোনো কোনো বিদ্যালয়ত কোনো নিৰ্দিষ্ট শাৰীৰিক অসুস্থতা নথকাৰ পিছতো দলে দলে ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰিছিল। নক’লেও হ’ব, গণহিষ্টিৰিয়াৰ বাহ্যিক সামাজিক কাৰক নানাবিধৰ, বিচিত্ৰ আৰু বহুমাত্ৰিক। কথাটো ফ্ৰান্স আৰু তাঞ্জিনিয়াৰ উদাহৰণ দুটিৰ পৰা নিশ্চয় স্পষ্ট হ’ব, কিয়নো দুয়োটাৰে পটভূমি আৰু স্বৰূপ আছিল একেবাৰেই বেলেগ বেলেগ। গণউন্মাদনাৰ তেনে বিবিধ কাৰকৰ মাজত অন্ধবিশ্বাসো হৈছে অন্যতম শক্তিশালী কাৰক। আলোচ্য বিষয়ৰ শিৰোনামে নিৰ্ধাৰণ কৰি দিয়া সীমাৰ বাবে আমি আলোচনাৰ পৰবৰ্তী অংশ ঘাইকৈ অন্ধবিশ্বাসৰ পৰিপ্ৰেক্ষিতত গণউন্মাদনাৰ কথাতেই কেন্দ্ৰীভূত কৰিম।
অন্ধবিশ্বাস হৈছে যুক্তিৰহিত কিছুমান ধ্যান-ধাৰণা আৰু অযৌক্তিক কৰ্মকাণ্ড। এই সমন্ধে বহলাই আলোচনা কৰাৰ অবকাশ এই নিবন্ধত নাই। কিন্তু এটা গুৰুত্বপূৰ্ণ দিশলৈ উক্ত কথাটিৰ আলম লৈ আমি লক্ষ্য কৰিব পাৰোঁ। গণহিষ্টিৰিয়াত আক্ৰান্ত লোকসকলৰো—অন্ধবিশ্বাসী মানুহৰ দৰেই—যুক্তিবুদ্ধি লোপ পায়—চূড়ান্ত অযৌক্তিক ধাৰণা কিছুমান তেনে লোকৰ মনত বদ্ধমূল হৈ সোমাই পৰে, আৰু সেই মতে উদ্ভট কাণ্ড কৰিবলৈ লয়। কথাটো আমি বিপৰীত দিশৰ পৰা হয়তো এনেকৈয়ো ক’ব পাৰোঁ—যুক্তিবুদ্ধিৰে চিন্তা কৰিলে মানুহ গণহিষ্টিৰিয়াৰ কবলত পৰাৰ সম্ভাৱনা কম। কিন্তু যিসকলৰ মনত যুক্তিৰ বাবে সৰহ ঠাই নাই, ভিত্তিহীন বিশ্বাসতহে তেওঁলোকৰ আস্থা—তেনে মানুহে সতকাই যুক্তিবুদ্ধিৰে কথা-বতৰাবোৰ বিচাৰ কৰিবলৈ সমৰ্থ নহৈ গণহিষ্টিৰিয়াত আক্ৰান্ত হয়। অৰ্থাৎ, অন্ধবিশ্বাসী মানুহ গণহিষ্টিৰিয়াৰ কবলত পৰাৰ সম্ভাৱনা অতি বেছি। তাতে যদি আকৌ গণহিষ্টিৰিয়াৰ অন্যতম বাহ্যিক কাৰক অন্ধবিশ্বাস হয়, তেনেহ’লেতো আৰু কথাই নাই। অন্ধবিশ্বাসী মানুহ অতি সহজতে অন্ধবিশ্বাসজনিত গণহিষ্টিৰিয়াত আক্ৰন্ত হয়।
আমাৰ সীমিত বোধবুদ্ধিৰে অন্ধবিশ্বাসজনিত গণহিষ্টিৰিয়া ঘাইকৈ তিনিধৰণৰ হ’ব পাৰে বুলি আমি ধাৰণা কৰিছোঁ। এইটো কোৱাৰ লগে লগে কৈ থওঁ, ই হৈছে আমাৰ এটা প্ৰাৰম্ভিক ধাৰণাহে, বিদ্বানসকলে নিশ্চয় অধিক শুদ্ধকৈ এই দিশটোত আলোকপাত কৰিব। সি যিয়েই নহওক, আমাৰ আলোচ্য তিনিটা প্ৰকাৰ এনেধৰণৰ—।
প্ৰথমটো হৈছে অন্ধবিশ্বাসজনিত আতংকৰ গণহিষ্টিৰিয়া। এই দিশটো আমাৰ আলোচনাৰ প্ৰথমতেই পাই অহা মেক্মাৰ্টিন প্ৰিস্কুলৰ ঘটনাটোৱেই নিশ্চয় স্পষ্ট কৰিছে। মানুহৰ মনৰ গভীৰলৈ শিপাই যোৱা চয়তানী আতংকনো প্ৰকৃততে আছিল কি? এটা অন্ধবিশ্বাস নহয় জানোঁ? সেই বদ্ধমূল অন্ধবিশ্বাসৰ বাবেই বয়সস্থ লোকসকলে শিশুৰ যৌন-নিৰ্যাতনৰ কল্পকথাটোক চয়তানী উপাসনাৰ অন্ধবিশ্বাসটোৰ সৈতে সম্পৰ্কিত কৰি—নিজে ক’ব নোৱাৰাকৈ—এটা উদ্ভট আৰু কিম্ভূত-কিমাকাৰ ৰূপ দিছিল। আনকি প্ৰশিক্ষিত অনুসন্ধানকাৰী আৰু চিকিৎসকসকলৰো পৰ্যবেক্ষণ-কৰ্মকাণ্ড-সিদ্ধান্তগ্ৰহণ আদি অন্ধবিশ্বাসৰ দিশত আওগৰীয়া হৈ পক্ষপাতদুষ্ট হৈ পৰিছিল। অন্ধবিশ্বাসজনিত গণহিষ্টিৰিয়াৰ আতংককেন্দ্ৰিক অভিব্যক্তিৰ এটা চমৎকাৰ উদাহৰণ হৈছে মেক্মাৰ্টিন প্ৰিস্কুলৰ সেই আচৰিত আৰু কৰুণ ঘটনাটো।
দ্বিতীয়টো অন্ধবিশ্বাসজনিত গণউন্মদনাৰ প্ৰকাৰ হৈছে ভক্তিভাবৰ গণহিষ্টিৰিয়া। এইটো প্ৰকাৰ প্ৰধানতঃ ধৰ্মীয় অন্ধবিশ্বাসৰ সৈতে সম্পৰ্কিত। এই দিশটো ইমান স্পষ্ট আৰু তাৰ দেখ্দেখ্ উদাহৰণ ইমান বেছি যে এই প্ৰসংগটো বহলাই থকাৰ কোনো প্ৰয়োজনেই নাই। আমি সততেই তেনে গণহিষ্টিৰিয়া দেখিবলৈ পাওঁ সমূহীয়া প্ৰাৰ্থনা, সমদল আদিত। গীত-বাদ্য-প্ৰাৰ্থনা আদিৰ মাজতে কোনো “ঐশ্বৰিক অনুভূতি” অনুভৱ কৰি কান্দি উঠা, তেনে ক্ৰন্দন এজনৰ পৰা এজনলৈ, তাৰ পাছত বহুজনলৈ সংক্ৰমিত হোৱা, সমূহীয়া সমদলত, দলে দলে মানুহে নিজৰ গাত নিজেই প্ৰহাৰ কৰা, ধৰ্মৰ ৰসত বহুতো মানুহ অজ্ঞান হৈ যোৱা—এইবোৰ হৈছে অন্ধবিশ্বাসজনিত গণউন্মদনাৰ ভক্তিভাবৰ গণহিষ্টিৰিয়া। মনকৰিবলগীয়া কথা, বৈজ্ঞানিকভাৱে এইবোৰক গণউন্মাদনা বুলি প্ৰতিষ্ঠা কৰিলেও ভক্তপ্ৰাণ অন্ধবিশ্বাসীৰ বাবে সেইবোৰ হৈছে ঐশী আধ্যাত্মিক অভিজ্ঞতাহে। ভক্তিভাবৰ গণহিষ্টিৰিয়াৰ এটা চমৎকাৰ উদাহৰণ হৈছে ১৯৯৫ চনত ভাৰতত সংঘটিত হোৱা “গণেশৰ দুগ্ধপান”-ৰ ঘটনাটো। সেই বহুলচৰ্চিত গণহিষ্টিৰিয়াৰ ব্যাখ্যা-বৰ্ণনা ইয়াত নিষ্প্ৰয়োজন। এসময়ত আমাৰ অসমতেই টিংকু ডেকা নামৰ বালক (তেতিয়াৰ) এজনে সপোনত “বিষ্ণু” বুলি কিবা এটা দেখিছে বুলি কৈ, স্বপ্নপ্ৰাপ্ত ঔষধৰ সন্ধান পাইছে বুলি ক’বলৈ ধৰিছিল। পৰম ভক্তিভাবেৰে অসংখ্য মানুহে স্বপ্নপ্ৰাপ্ত ঔষধ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি অভাবনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তাৰ আঁৰতো বহু দূৰলৈ দায়ী আছিল অন্ধবিশ্বাসীৰ পৰম ভক্তিভাবে জন্ম দিয়া প্ৰচণ্ড গণউন্মাদনা। এতিয়াও কোনো কোনো মঠ-মন্দিৰত ভক্তিভাবৰ গণউন্মাদনাৰ বাবে হেজাৰ হেজাৰ মানুহৰ সমাবেশ হোৱা আমি সততেই দেখিবলৈ পাওঁ।
তৃতীয়টো অন্ধবিশ্বাসজনিত গণউন্মদনাৰ স্বৰূপ হৈছে হিংসাত্মক। ইয়াৰ এটা অতি স্পষ্ট উদাহৰণ বিচাৰি আমি পুনৰ এবাৰ তাঞ্জিনিয়ালৈ যাব লাগিব। তেতিয়া বিংশ শতিকাৰ আৰম্ভণি হৈছে। তাঞ্জিনিয়াত তেতিয়া চলি আছিল জাৰ্মানীৰ ঔপনিবেশিক শাসন। ঔপনিবেশিক শোষণে ভয়াবহ ৰূপ ধাৰণ কৰিছিল তাত, সেয়েহে দেশখনৰ মানুহ ভিতৰে ভিতৰে বিক্ষুব্ধ হৈ পৰিছিল। তেনেতে ওলাল এজন ধৰ্মগুৰু, নাম কিঞ্জিকিটিলে এংগৱালে (Kinjikitile Ngwale)। তেওঁ ঘোষণা কৰিলে, তেওঁ হংগো নামৰ বিৰাট সাপৰ আত্মাৰ সৈতে একাত্ম হৈ পৰিছে। হংগোৱে তেওঁক বাৰ্তা দিছে যে তাঞ্জিনিয়াৰ মানুহে জাৰ্মানসকলক আক্ৰমণ কৰিব লাগে। কিন্তু কেনেকৈ এইটো সম্ভৱ? জাৰ্মানসকলৰ আছে অত্যাধুনিক বন্দুক, মেচিনগান আৰু ক’ত কি! ইফালে দেশৰ মানুহৰ হাতত আছে ধনু-কাঁড়! কিঞ্জিকিটিলে তাৰো দিহা দিলে। হংগো সৰ্পই তেওঁক মাজি (Maji) নামৰ এবিধ বিশেষ পানী প্ৰস্তুত কৰিবলৈ শিকাই দিছে—সেই পানী ছটিয়াই দিলে জাৰ্মানসকলৰ বন্দুকৰ গুলীবোৰ পানী হৈ পৰিব। গতিকে এতিয়া জাৰ্মানসকলক আক্ৰমণ কৰাৰহে কথা! কথাটোৱে অভাবনীয় গণউন্মাদনাৰ জন্ম দিলে। দলে দলে দেশখনৰ মানুহ ওলাই আহিল হাতত ধনু-কাড় লৈ, লগত থাকিল মাজিৰ বটল। সৰু-সুৰা ঠাইত দুই-এজন জাৰ্মানক হত্যা কৰাও হ’ল। চেগাচেৰেকাকৈ স্থানীয় জাৰ্মান চকীবোৰ আক্ৰমণৰ সন্মুখীন হ’ল। কিঞ্জিকিটিলক বন্দী কৰি জাৰ্মানসকলে ফাঁচী দিলে। ফাঁচীৰ আগে আগে কিঞ্জিকিটিলে ঘোষণা কৰি গ’ল যে তেওঁ মাজি-পানী গোটেই দেশতে ছটিয়াই দিছে, জাৰ্মানসকলৰ আৰু নিস্তাৰ নাই! হিংসাত্মক গণউন্মাদনা চলি থাকিল—যুদ্ধই ক্ৰমাৎ প্ৰচণ্ড ৰূপ ধাৰণ কৰিলে। জাৰ্মানসকল এইবাৰ পূৰ্ণ শক্তিৰে ৰণত অৱতীৰ্ণ হ’ল। মেছিনগানৰ গুলিত ছেদেলি-ভেদেলি হ’ল তাঞ্জিনিয়াৰ দেশী লোকসকলৰ বাহিনী। এখন নিৰ্ণায়ক যুদ্ধত তেওঁলোকে নিশ্চিত পৰাজয় আৰু অবধাৰিত মৃত্যুৰ আগে আগে হাতৰ বটলবোৰ দলি মাৰি চিঞৰি উঠিছিল—মাজিৰ কাম নাই, আমাক ঠগিলে! পাছত জনা গৈছিল প্ৰকৃততে মাজি আছিল পানী, এৰাগুটিৰ তেল আৰু যবধানৰ গুটিৰ এটা সাধাৰণ মিশ্ৰণ। ১৯০৫ চনৰ পৰা ১৯০৭ চনলৈ চলা সেই যুদ্ধত প্ৰায় ৩,০০,০০০ লোকে প্ৰাণ হেৰুৱাইছিল। এই ঘটনাটোক সাধাৰণভাৱে মাজি মাজি বিদ্ৰোহ (Maji Maji Rebellion) বুলি জনা যায়। কোনো সন্দেহ নাই—তাত বিতৰ্ক কৰাৰ কোনো থলো নাই—যে বিদ্ৰোহৰ মূল কাৰণ আছিল আৰ্থ-সামাজিক, অবৰ্ণনীয় ঔপনিবেশিক শোষণ-অত্যাচাৰৰ বিৰুদ্ধে সেইখন দেশৰ মানুহ ওলাই আহিছিল। লগতে এইটো কথাও আমি স্বীকাৰ কৰিব লাগিব যে অন্ধবিশ্বাসজনিত গণউন্মাদনাই সমগ্ৰ ঘটনাৱলীক প্ৰদান কৰিছিল এটা হিংসাত্মক আৰু হঠকাৰী ৰূপ। এইটো এটা উদাহৰণহে মাত্ৰ। অন্ধবিশ্বাসজনিত গণহিষ্টিৰিয়াই হিংসাত্মক ৰূপ ধাৰণ কৰি সময়ে সময়ে অসমতেই “ডাইনী” হত্যাৰ দৰে ঘটনাবোৰ সংঘটিত কৰি থকা নাই জানোঁ?
এইখিনিতে এটা কথা পৰিস্কাৰকৈ উল্লেখ কৰি থোৱা ভাল হ’ব। আমি যদিও তিনিপ্ৰকাৰৰ অন্ধবিশ্বাসজনিত গণউন্মাদনাৰ কথা বৰ্ণনা কৰিছোঁ, বহু ক্ষেত্ৰতেই কিন্তু সেইসমূহৰ মাজত ফট্ফটীয়াকৈ সীমাৰেখা এডাল অংকন কৰি দিব নোৱাৰি। আমি দেখিবলৈ পাওঁ যে অন্ধবিশ্বাসে জন্ম দিয়া আতংকজনিত গণউন্মাদনাই কেতিয়াবা হিংসাত্মক ৰূপো ধাৰণ কৰিব পাৰে। উদাহৰণ হিচাপে, এমেৰিকাৰ ইতিহাসৰ এটা অতি কুখ্যাত ঘটনা—ছালেম ডাইনী বিচাৰৰ (Salem witch trials) কথাটো আমি সুঁৱৰিব পাৰোঁ। ঘটনাটোৰ কথা ভিন্ন প্ৰসংগত “মুক্ত চিন্তা”-ৰ পূৰ্বৰ সম্পাদকীয় লেখা এটাত কিছু আলোচনা কৰা হৈছিল। ১৬৯২-৯৩ চনত এমেৰিকাৰ মাচাছুচেট্ছৰ ছালেম নগৰত কেইগৰাকীমান নাৰীয়ে কিছুমান অস্বাভাবিক আচৰণ কৰিছিল, তেওঁলোকে শৰীৰত খোচা-বিন্ধাকে ধৰি বিবিধ উপসৰ্গ অনুভৱ কৰিছিল। কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি নাপাই, মানুহে সেইবোৰ ডাইনীৰ কাম বুলি ধাৰণা কৰিলে। প্ৰশ্ন উঠিব, ডাইনীৰ কথাটো মানুহৰ মনলৈ আহিল কিয়? কাৰণটো হ’ল, সেই সময়ত তাত অতি শক্তিশালী হৈ থকা পিউৰিটান ধৰ্মবিশ্বাসত ডাইনী-বিশ্বাসে এটা প্ৰভাৱশালী ভূমিকা লৈ আছিল। তেনে ধৰ্মীয় অন্ধবিশ্বাসৰ ফলত চৌদিশে ব্যাপক আতংকজনিত গণউন্মাদনাৰ সৃষ্টি হ’ল। ২০০-গৰাকী নাৰীক “ডাইনী” বুলি বন্দী কৰি উদ্ভট অভিযোগ কিছুমান অনা হ’ল। “ডাইনীসকলে” হেনো পানীৰ ওপৰেৰে খোজ কাঢ়িছিল, ঘৰত এন্দুৰ আৰু বাদুলি পুহিছিল ইত্যাদি। উচ্চশিক্ষিত বিচাৰকসকলে ১৯-গৰাকী নাৰীক ফাঁচীত ওলোমাই দিবলৈ ৰায় দিছিল আৰু তাক কাৰ্যকৰী কৰা হৈছিল। এগৰাকীক মাৰি পেলোৱা হৈছিল ভয়াবহ শাৰীৰিক অত্যাচাৰ কৰি। এই ঘটনাটোৱে দেখুৱায়, কেনেদৰে আতংকজনিত গণউন্মাদনাই হিংসাত্মক পৰিণতি ল’বগৈ পাৰে। অসমত সময়ে সময়ে “পিছল মানুহ” ওলাইছে বুলি এটা অন্ধবিশ্বাসজনিত গণউন্মাদনাৰ বিস্তাৰ ঘটি থকা আমি দেখি আহিছোঁ। তেনেদৰেই “সোপাধৰা”ও এটা আতংকজনিত গণউন্মাদনা। কিন্তু আমি লগতে দেখিবলৈ পাইছোঁ, “পিছল মানুহ” বা “সোপাধৰা” বুলি ভাবি, কোনো মানুহক ধৰি-বান্ধি কৰা গণপ্ৰহাৰৰ বহুতো ঘটনা। তেনে গণপ্ৰহাৰৰ ফলত বহুতো নিৰীহ-নিৰ্দোষী মানুহ বৰ মৰ্মান্তিকভাৱে মৃত্যুৰ মুখত পৰিছে। এইবোৰ হৈছে আতংকজনিত গণউন্মাদনাই হিংসাত্মক চৰিত্ৰ ধাৰণ কৰাৰ তৰ্কাতীত নিদৰ্শন।
অন্ধবিশ্বাসৰ ফলত সৃষ্টি হোৱা গণহিষ্টিৰিয়া হৈছে এক সমষ্টিগত মনস্তাত্ত্বিক অৱস্থা। গতিকে ই এটা সামাজিক প্ৰপঞ্চ। তেনে গণহিষ্টিৰিয়াৰ ক্ষেত্ৰত একো একোটা সামূহিক অন্ধবিশ্বাসৰদ্বাৰা বৃহৎ সংখ্যক লোক অতি কম সময়ৰ ভিতৰতেই আক্রান্ত হৈ পৰে। পৰিণতিত সমাজত চূড়ান্ত অস্থিৰতা, অন্তহীন বিভ্ৰান্তি আৰু ভয়াবহ বিভীষিকাময় ফলাফলে দেখা দিব পাৰে। এই প্ৰসংগত বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ বিপুল প্ৰচাৰ আৰু প্ৰসাৰৰ কথাটো বৰ গুৰুত্বপূৰ্ণ। অন্ধবিশ্বাসৰ প্ৰতিমুখে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্ৰাসংগিকতাৰ বিষয়টো বহুবাৰ, বহু বিদ্বানৰ আলোচনালৈ আহিছে, সেইসমূহৰ পুনৰাবৃত্তি ইয়াত অপ্ৰয়োজনীয়। বিষয়টোৰ মাত্ৰ দুটিমান আনুসংগিক দিশৰ কথাৰে আমি এই আলোচনাৰ শেষৰ দফালৈ গৈছোঁ।
আমি অলপ গমি চালেই দেখিম যে অন্ধবিশ্বাসজনিত গণউন্মাদনা এটা অতি জটিল আৰ্থ-সামাজিক-মনস্তাত্বিক বিষয়। গতিকে, ইয়াক ৰোধ কৰাৰ কোনো একমাত্ৰিক উপায় চিকিৎসকৰ নিদান-পত্ৰৰ দৰে দিয়াটো সম্ভৱ নহয়। হয়তো এক আমূল মননগত সাংস্কৃতিক মহাবিপ্লৱেহে সমস্যাটোৰ সমাধান কৰিব পাৰিব। এই সময়ত আমি বিজ্ঞানমনস্কতা আৰু আৰু যুক্তিবাদৰ দিশত মন দিয়াটো বাস্তৱসন্মত আৰু যৌক্তিক পন্থা বুলি ধাৰণা হয়। বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্ৰসংগত এটা প্ৰাথমিক কথা হৈছে যে এইসমূহে মানুহক যিকোনো দাবী, কথা বা ধাৰণাক ততাতৈয়াকৈ বিশ্বাস নকৰি, সেইবোৰৰ বিষয়ে প্ৰশ্ন কৰিবলৈ শিকায়। তাৰ পাছতহে আহে গ্ৰহণ বা বৰ্জনৰ কথা। গতিকে, বিজ্ঞানমনস্কতা আৰু যুক্তিবাদত আস্থাশীল লোকে কোনো গুজব বা অলৌকিক ঘটনাৰ কথা শুনিলে, প্ৰথমেই প্ৰমাণ বিচাৰিব। তাৰ লগতে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদে মানুহৰ মনবোৰ বিশ্লেষণাত্মক (Critical) কৰি তোলে, চিন্তাৰ তীক্ষ্নতা বৃদ্ধি কৰে। গতিকে, কোনো জনগোষ্ঠীৰ মাজত অন্ধবিশ্বাসজনিত গণউন্মাদনাই উক্মুকণি দিয়াৰ সময়ত, সেই সমাজখনত যদি বিজ্ঞানমনস্ক আৰু যুক্তিবাদৰ সপক্ষে এমুঠি মানুহো থাকে, তেনেহ’লেও বহুত—গণউন্মাদনাৰ ভয়াবহ ৰূপটো তেনে বহু ক্ষেত্ৰত প্ৰশমিত কৰা সম্ভৱ। কোনো লোকক “ডাইনী” বুলি হত্যা কৰিবলৈ ওলাই অহা সমাজখনৰেই দুই-এগৰাকী বিজ্ঞানমনস্ক আৰু যুক্তিবাদী ব্যক্তিৰ বাবে ডাঙৰ দুৰ্ঘটনা বন্ধ হোৱাৰ কথা শুনা গৈছে। অৱশ্যে সংখ্যাত তেনে লোক তেনেই কম; গতিকে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তা-চৰ্চাৰ প্ৰসাৰত আমি অহৰহ গুৰুত্ব দি যাবই লাগিব। শেষত এটা কথা কৈ থোৱা যুগুত হ’ব। আমি যদিও এই নিবন্ধত অন্ধবিশ্বাসজনিত গণহিষ্টিৰিয়াৰ কথাহে ঘাইকৈ আলোচনা কৰিলোঁ, তাৰ অৰ্থ এইটো নহয় যে অন্যান্য দিশক সাঙুৰি উদ্ভৱ হোৱা গণউন্মাদনাসমূহ উপেক্ষণীয়। অনেক উদাহৰণ আমি সকলোৱে অতি সহজেই বুটলি ল’ব পাৰোঁ আমাৰ চৌপাশৰ পৰা, আমাৰ ইতিহাসৰ পৰা, সাম্প্ৰতিক সময়ৰ পৰা। সেই উদাহৰণসমূহে সহজেই দেখুৱাই দিব যে মাত্ৰ অন্ধবিশ্বাসেই নহয়—নানান ভাষিক, গোষ্ঠীভিত্তিক কাৰকৰ বাবেও ভয়াবহ গণউন্মাদনাৰ জন্ম হ’ব পাৰে। আলোচনাৰ আৰম্ভণিলৈ আমি মনত পেলাই লওঁ—মেক্মাৰ্টিন প্ৰিস্কুলৰ ঘটনাটো সংঘটিত হৈছিল ১৯৮৩ চনত। সেই একেটা বছৰ অসমৰ বাবে আছিল “জুয়ে পোৰা তিৰাশী”-ৰ দিন, মাৰাত্মক গোষ্ঠীগত-ভাষিক গণউন্মাদনাই সৃষ্টি কৰা ভয়ংকৰ হিংসাৰ দিন। তাৰ সৈতে প্ৰত্যক্ষভাৱে অন্ধবিশ্বাস জড়িত বুলি ধাৰণা কৰিব নোৱাৰি। কিন্তু তেনে ঘটনাৰ ক্ষেত্ৰতো সতৰ্ক আৰু নিৰ্মোহ পৰ্যবেক্ষণ, বিশ্লেষণাত্মক মন, সামাজিক মংগলৰ সৈতে সংগতিপূৰ্ণ সিদ্ধান্ত গ্ৰহণ আদিৰ ডাঙৰ ইতিবাচক ভূমিকা থকাটো সম্ভৱ। গতিকে একাংশ লোকে ধাৰণা কৰাৰ দৰে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ প্ৰাসংগিকতা অন্ধবিশ্বাস-কুসংস্কাৰৰ প্ৰসংগতহে মাত্ৰ সীমাবদ্ধ নহয়—এক বৃহৎ সামাজিক আলোড়ন আৰু সাংস্কৃতিক বিপ্লৱৰো সি অন্যতম মৰ্মবস্তু।


Such an in-depth and considerate article Sir. Truly loved reading it. Also learned many dreadful incidents of history about which I was totally unaware such as Maji Maji rebellion of 1905, Satanic panic and mass hysteria of milk drinking Ganesha in UP during 1995. Your articles are full of examples that help readers like us to understand better and analyse critically. Looking forward for more such content.
অতি প্ৰয়োজনীয় বিষয় আছিল আজিৰ দিনৰ।
মানুহে যদি প্ৰতিটো কথা যুক্তিসম্পন্ন আৰু বিজ্ঞান্মনস্কতাৰে ভাবে, আমাৰ সমাজৰ পৰা কুসংস্কাৰ আঁতৰি যাব কিছু পৰিমাণে। মোৰ মতে আজিৰ Technology ৰ দিনত গণহিষ্টিৰীয়াত অতি সোনকালে আক্ৰান্ত হোৱা যাব পাৰি যদি এজন মানুহ মানসিক ভাবে দুৰ্বল – অন্ধবিশ্বাস আৰু শাৰীৰিক ভাবে অসুস্থ। লেখকে কোৱাৰ দৰে-“এইবোৰ হৈছে আতংকজনিত গণউন্মাদনাই হিংসাত্মক চৰিত্ৰ ধাৰণ কৰাৰ তৰ্কাতীত নিদৰ্শন”.
Amazing article Sir! The incidents like the infamous Salem witch trials, satanic panic, etc. gives an insight on how the society falls for superstitious beliefs. In the era of science and technology, one should always refrain from superstitious beliefs. Enjoyed reading the article.
গণ হিষ্টিৰীয়াৰ ঘটনা সকলো সময়তে অন্ধবিশ্বাসজনিত বুলি ক’বলৈকো অসুবিধা। মেকমাৰ্টিন স্কুলৰ ঘটনাটোৰ লগত দূৰ সম্পৰ্কীয় ডাইনী বা চয়তানি আতংকৰ কথা জড়িত থাকিলেও ফ্ৰান্সৰ ডেঞ্চিং প্লেগৰ লগত তেনে অন্ধবিশ্বাসৰ সংযোগ ঘটোৱাটো অসুবিধা। ৫০ ৰ পৰা ৪০০ মান মানুহৰ মৃত্যু ঘটা, প্ৰায় দুমাহজোৰা এই ‘মহামাৰী’ৰ কাৰক মনস্তাত্বিক বুলিয়েই সিংহভাগ বিশ্লেষকে ঐক্যমত প্ৰকাশ কৰিছে। অৱশ্যে ধৰ্মীয় বা আধ্যাত্মিক হিষ্টিৰীয়াবোৰ ব্যাখ্যা কৰিবলৈ সহজ, বিজ্ঞানসন্মত বা বস্তুনিষ্ঠ চিন্তাৰ অভাৱেই ইয়াৰ মূল কাৰণ। দেৱ-দেৱীয়ে শাসন কৰা আমাৰ দৰে সমাজ ব্যৱস্থাত এইবোৰ গণ হিষ্টিৰীয়ালৈ পৰিবৰ্তন কৰিবলৈও এজাক মানুহ সাজু হৈ থাকে। শেহতীয়াকৈ ‘বাংগালী সংযোজন – মিঞা বিয়োজন’ শীৰ্ষক যি গণ-হিষ্টিৰীয়া সৃষ্টি হৈছে, সেয়া চৰকাৰীভাৱেই পৰিকল্পিতভাৱে কৰা হৈছে। …….
মুঠতে লেখাটোৱে এটা নতুন দিশ পোহৰলৈ আনিছে।
অত্যন্ত সুন্দৰ লেখা।
বিশ্বৰ বিৰল চমকপ্ৰদ ঘটনা একোটাৰ আকৰ্ষণীয় উপস্থাপনেৰে গণউন্মাদনাৰ ৰেহৰূপ ইমান সাৱলীলভাৱে লিখি পেলালে ! ঠিকেই , অন্ধবিশ্বাসৰ ভেটিটোত আতংক-হিংসা আৰু ভক্তি একত্ৰ হ’লেই গণউন্মাদনাৰ জন্ম হয় ৷ পাঠকে বহু নজনা কথাতো জানিবই লগতে গণউন্মাদনাক কেইবাটাও দৃষ্টিকোণেৰে বিশ্লেষণ কৰি চোৱাৰ সুবিধা পাব ৷
বহুতো ৰাজনৈতিক উদ্দেশ্যত গণউন্মাদনাৰ সৃষ্টি কৰি লোৱা হয় ৷ জনগণৰ ভক্তিক অপব্যৱহাৰ কৰিবলৈকে নেতাৰ আবেগিক ভাষণ ব্যৱহাৰ হয় ৷নিৰ্দিষ্ট উদ্দেশ্য সাধন কৰিবলৈকে গণউন্মাদনাৰ বাবে প্ৰৰোচিত কৰাৰ নিশ্চয় এটা উদাহৰণ হ’ব পাৰে বাবৰি মচজিদ ধ্বংসৰ (১৯৯২) ঘটনাটো ৷ ‘সত্য’ প্ৰমাণৰ আগতেই অন্ধভাবে বিশ্বাস জন্মোৱা হ’ল ৷ সেই বিশ্বাসৰ জোৰ ইমানেই প্ৰবল হ’ল যে ব্যক্তিগত যুক্তি নাশ হৈ প্ৰোথিত কৰা সমূহীয়া যুক্তিৰে লাখ লাখ কৰসেৱকক উন্মাদ কৰা হ’ল ৷ আৰু গণউন্মাদনাৰ ফল কোনে খালে আমি দেখিলোঁ ৷ গোধ্ৰা আৰু শিখ নিধন কাণ্ড ? মানুহৰ চিন্তা-চেতনা-যুক্তি সকলো লোপ পোৱা সামাজিক-ৰাজনৈতিক বাতাবৰণ তৈয়াৰ হয় ৷ একধৰণৰ সমষ্টিগত মনস্তাত্বিক অৱস্থাৰ সৃষ্টি কৰি সৰ্বসাধাৰণক আক্ৰান্ত কৰোৱাৰ চেষ্টা কৰা হয় ৷
যা হওঁক — আপোনাৰ শেষৰ কথাৰ আঁত ধৰিয়েই কৈছোঁ বহু মানুহেই কেৱল কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ লগতহে যুক্তিবাদৰ প্ৰাসংগিকতাক যুক্ত কৰে ৷ অথচ প্ৰগতিশীল সমাজ এখনৰ বাবে ব্যক্তিগত চিন্তা-চেতনা গঢ়োতে , সামাজিক ন্যায়ৰ প্ৰশ্নত , ৰাজনৈতিক-অৰ্থনৈতিক সঠিক সিদ্ধান্ত গ্ৰহণত যুক্তিবাদক বাদ দি একোৱেই নহয় ৷
বহুমূলীয়া সম্পাদকীয়টোৰ বাবে বহুত ধন্যবাদ আপোনাক 🙏
It was a great reading experience Sir. I associated mass hysteria mainly to various religious superstitions. But this article revealed its deep-seated nature in society. I was also amazed by the Mcmartin Preschool case and how its narrative was expanded to such an extent.