আন্ধাৰ ।। ভূমিকা লহকৰ
মুক্ত চিন্তা । ১০ম বছৰ ।। ৬ষ্ঠ সংখ্যা
টোপনি নিচুকাই পাৰ কৰা ৰাতিটোৰ শেষত মই এটা সপোন দেখোঁ
সপোনৰ বাটত মই খোজ হেৰুৱাওঁ
পানীত নাও হেৰুৱাওঁ
দলঙত ভৰি হেৰুৱাওঁ
তাৰপিছত
জুই একুৰাৰ মাজত পুৰি থকা দেখোঁ মোক
জুইৰ মাজৰপৰা বহু জুই
জুইত পুৰি চটফটাই থকা মোক আৰু বহুতক
গাঁও, নগৰ, দেশ, অৰণ্য পৰ্বত, নদী
দপদপকৈ জ্বলি উঠা দেখোঁ
লালসাৰ দেৱতাই পোৰা মঙহ খোৱা দেখোঁ
লালসাৰ দেৱতাৰ জুই লগা হাত
লালসাৰ দেৱতাৰ জুই লগা হাতত পদুম নে
পতাকা নে থোপাথোপে আমাৰ কেঁচা তেজ
আৰু কি দেখোঁ আৰু কি দেখোঁ
খকমককৈ সাৰ পাই উঠোঁ। দাপোনত
মই মোক নেদেখোঁ
আন্ধাৰত বুৰ গৈ থকা এখন ছবি দেখোঁ
আন্ধাৰত মোৰ মুখ আন্ধাৰত মোৰ চকুদুটা
মোৰ মাতটো
ক্ৰমে আন্ধাৰত

