অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

সঁচা-মিছা- (কনকলতা দত্ত)

দেওলগা দুপৰৰ বাটত

ছেও ছেও হৈ পৰি আছে –
এটা সেউজী সপোন
ডাৱৰৰ মুখৰ ৰ’দ যেন
ৰক্তস্নাত এটোপাল যৌৱন
মাতাল নিশা কুৰুকি কুৰুকি –
বখলিওৱা
এডোঙা তেজত এটা কলিজা
এনিশাৰ পাঞ্চালী |

যি ক’ম সঁচা ক’ম
আঁটি আঁটি বন্ধা আছিল-
পুৱা ‘ন’ বজাৰ বেলি
শ্বাসৰুদ্ধ স্পন্দনহীন জীৱনৰ ছন্দ
হিমযেন শীতল দূবৰিত –
ৰক্তাক্ত ফাগুনৰ মাংসপিণ্ড
জীৱশ্ৰেষ্ঠ লিংগৰ বন্য উল্লাস|

যি ক’ম সঁচা ক’ম
শইত শইত তিনি শইত
কচাইখানাৰ উচ্ছিষ্ট মঙহ –
সেয়া
হয়তো, ভোজমেলৰ উদৰস্থ-বৰাহৰ এৰেহা
নহয়,

ওৰেনিশা আঁকুহি-
বাকুহি চেলেকি চেলেকি
পাগুলি এৰা এটা জাতিৰ চুৰুহা |

শুভ্ৰ বস্ত্ৰ পৰিহিত আইনী আভৰণ
যুগ যুগৰ জীৱাস্মৰে তৈয়াৰী-
এটা ক’লা কোটত লিপিট খাই থাকে মহাত্মাৰ টোকা
গীতা, কোৰানত হাতথৈ –
দানৱৰ জিঘাংসা
হৃদয় কুটি কুটি নিশ্চিহ্নকৰা
এজাত এন্দুৰৰ ৰায়
অপহৰণ-ধৰ্ষণ আৰু হত্যাৰ
পাছতো সিহঁত নিৰ্দোষী
কাৰণ ঐতিহাসিকভাৱে
সিহঁত বণিক
বাঃ

সত্য-মেৱ-জয়তে৷

Leave a Reply

Your email address will not be published. Required fields are marked *