সোঁ, বাঁও আৰু জেণ্ডাৰ (৩য় খণ্ড) ।। জিতেন বেজবৰুৱা
মুক্ত চিন্তা, ১০ম বছৰ ৬ষ্ঠ সংখ্যা
(পূৰ্বৰ খণ্ডটোৰ বাবে ইয়াত টিপক)
(৪)
জেণ্ডাৰ মতাদৰ্শই সম্প্ৰতি এক সামাজিক সংক্ৰমণৰ (social contagion) ৰূপ পৰিগ্ৰহ কৰিছে৷ শিক্ষা, আনুষ্ঠানিক প্ৰচাৰ আৰু ছ’চিয়েল মেডিয়াৰ জৰিয়তে ইয়াক সৰ্বগ্ৰাসী ৰূপ প্ৰদান কৰা হৈছে৷ এই সংক্ৰমণৰ প্ৰধান লক্ষ্য হ’ল উঠি অহা প্ৰজন্মসমূহ৷ সম্প্ৰতি ঘটা ট্ৰেন্সজেণ্ডাৰ আত্মচিনাক্তকৰণৰ প্ৰচণ্ড বিস্ফোৰণৰ কথা যেতিয়া পতা যায়, বেছিভাগ সময়তেই ক্ৰমবৰ্ধমান সামাজিক গ্ৰহণযোগ্যতা আৰু ট্ৰেন্সজেণ্ডাৰ মানুহৰ আত্মসচেতনতাকেই কাৰক হিচাপে দেখুওৱা হয়৷ কিন্তু জেণ্ডাৰ মতান্ধতাৰপৰা মূৰ তুলি অলপ লক্ষ্য কৰিলেই বুজিব পাৰি যে এই সামাজিক পৰিঘটনাটোৰ মাজত আন কিছুমান চিন্তাজনক দিশ জড়িত হৈ আছে৷ এইটো ব্যাপকভাৱে দেখিবলৈ পোৱা গৈছে যে সৰুৰেপৰা জেণ্ডাৰ ডিস্ফ’ৰিয়া বা সেইধৰণৰ সমস্যাৰ কোনো লক্ষণ নেদেখুওৱা বহুতো কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীয়ে হঠাতে নিজকে ট্ৰেন্সজেণ্ডাৰ বুলি ঘোষণা কৰিছে৷ ইয়াৰ সৈতে জড়িত দুটা কাৰক লক্ষ্য কৰিব পাৰি – সমনীয়াৰ প্ৰভাৱ আৰু ছ’চিয়েল মেডিয়াৰ প্ৰভাৱ৷ বহু সময়ত এজাক সমনীয়াৰ ভিতৰত বহুসংখ্যকে, আৰু কেতিয়াবা আনকি সকলোৱেই, একে সময়তে নিজকে ট্ৰেন্স বুলি চিনাক্ত কৰিছে৷ ছ’চিয়েল মেডিয়াত এটা সময় ধৰি অস্বাভাৱিকভাৱে আৰু অধিক ৰূপত নিমজ্জিত হৈ থকাৰ পাছতে বহুতে নিজকে ট্ৰেন্স বুলি চিনাক্ত কৰিছে৷ উল্লেখযোগ্য কথাটো হ’ল এইসকলৰ ভিতৰত সৰহভাগেই হ’ল ছোৱালী৷ আবিগেইল শ্ৰায়াৰে (Abigail Shrier, Irreversible Damage: The Transgender Craze Seducing Our Daughters) দেখুৱাইছে, কেনেদৰে হাই স্কুল, কলেজ, আনকি মাধ্যমিক স্কুলৰো জাক জাক ছোৱালীয়ে সমসাময়িকভাৱে নিজকে ট্ৰেন্স বুলি চিনাকি দিবলৈ লৈছে৷ ক’ভিডৰ পাছত এই ঘটনা বহুগুণে বৃদ্ধি পাইছে৷ জেণ্ডাৰ ক্লিনিকবিলাকত নতুন কেছৰ হেঁচা-ঠেলা লাগিছে৷ সি যি নহওক, এইটো ঠিক যে কেৱল সমনীয়া আৰু ছ’চিয়েল মেডিয়াৰ প্ৰভাৱে মানুহক ট্ৰেন্সজেণ্ডাৰত পৰিণত কৰিব নোৱাৰে; কিন্তু শেহতীয়া অধ্যয়ন-গৱেষণাই দেখুৱাইছে যে এই দুটা কাৰকে এনে কিছুমান বিশ্বাস আৰম্ভ, বৃদ্ধি কৰিব পাৰে আৰু ৰক্ষণাবেক্ষণ দিব পাৰে, যিবিলাকে জেণ্ডাৰ ডিস্ফ’ৰিয়াৰ গঠনত সহায় কৰিব পাৰে৷ কিছুমান অ-বিশেষ (non-specific) লক্ষণক জেণ্ডাৰ ডিস্ফ’ৰিয়া বুলি ভবাৰ আৰু সেইবিলাকৰ উপস্থিতিক ট্ৰেন্সজেণ্ডাৰ হোৱাৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰাৰ প্ৰৱণতা সৃষ্টি হ’ব পাৰে৷ লগতে ট্ৰেঞ্জিচনক সুখী হোৱাৰ একমাত্ৰ পথ বুলি গ্ৰহণ কৰাৰ বিশ্বাস গঢ় ল’ব পাৰে৷ বহুতো কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীৰ বাবে জেণ্ডাৰ ডিস্ফ’ৰিয়া হ’ব পাৰে ‘a maladaptive coping mechanism’৷ ছেক্স-যৌনতাৰ সৈতে সম্পৰ্কিত ট্ৰমা, বিভিন্ন ছাইকিয়েট্ৰিক সমস্যাই সৃষ্টি কৰা মনস্তাত্ত্বিক যন্ত্ৰণাৰ ফলত মানুহে এটা ‘a coping mechanism’অৰ সন্ধানত আতুৰ হৈ পৰে, আৰু তেনে অৱস্থাত বহুতে সামাজিক পৰিবেশত বহুলভাৱে উপলব্ধ ‘coping mechanism’ হিচাপে জেণ্ডাৰ ডিস্ফ’ৰিয়াক অসচেতনভাৱে বাছি ল’ব পাৰে৷ উল্লেখনীয় যে জেণ্ডাৰ আত্মচিনাক্তকৰণৰ সমান্তৰালভাৱে তেওঁলোকৰ মাজত বিভিন্ন comorbid mental health issues (যেনে, depressive disorder, anxiety, PTSD, attention deficit disorder, autism spectrum condition, eating disorder, personality disorder আদি) দেখিবলৈ পোৱা গৈছে৷ এনে অৱস্থাত সামগ্ৰিক মূল্যায়ন নোহোৱাকৈ ঘোষিত জেণ্ডাৰক অনুমোদন জনোৱাটো আৰু ট্ৰেঞ্জিচনৰ বাবে উৎসাহিত কৰাটো তেওঁলোকৰ বাবে ক্ষতিকাৰক হোৱাই স্বাভাৱিক৷ ছ’চিয়েল মেডিয়াত সহস্ৰ কম বয়সীয়া ইনফ্লুৱেন্সাৰ অহৰহ ব্যস্ত হৈ আছে যিসকলে নিজৰ জেণ্ডাৰ যাত্ৰাৰ আকৰ্ষণীয় বৰ্ণনা দি শিশু-কিশোৰসকলক জেণ্ডাৰ সম্পৰ্কে পৰামৰ্শ দিয়ে আৰু মুক্তভাৱে জেণ্ডাৰ পৰিচিতিৰ সন্ধান কৰিবলৈ উৎসাহিত কৰে৷ কিছুমান ইনফ্লুৱেন্সাৰে এনে ধাৰণা বিয়পাই দিয়ে যে কোনোবাই যদি মানসিক অশান্তি আৰু কষ্টত ভুগিছে, তাৰ কাৰণ হ’ব পাৰে সেই ল’ৰাজন বা ছোৱালীগৰাকী প্ৰকৃততে ট্ৰেন্স আৰু তেওঁ জেণ্ডাৰ ডিস্ফ’ৰিয়াত ভুগি আছে; আৰু তাৰ সমাধানটো হ’ল ট্ৰেন্স বা নন-বাইনেৰি হিচাপে আত্মপ্ৰকাশ কৰা, যিটোৱে তেওঁলোকক যন্ত্ৰণাৰপৰা মুক্তি দিব৷ আনকি দিনটো নাযায়-নুপুৱায় লগা, জীৱনটো অৰ্থহীন যেন লগা, বিচ্ছিন্নতাবোধ কৰা আদিকো জেণ্ডাৰ ডিস্ফ’ৰিয়াৰ পৰোক্ষ লক্ষণ হিচাপে প্ৰচাৰ কৰাৰ উদাহৰণ আছে৷ লগতে এইটোও কোৱা হয় যে ট্ৰেন্স হিচাপে আত্মপ্ৰকাশ কৰা কিশোৰ-কিশোৰীসকলক আঁকোৱালি ল’বলৈ ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায় আৰু জেণ্ডাৰ-সহযাত্ৰীৰে ভৰি থকা এখন অনলাইন পৃথিৱী আছে৷ এই ভাৰ্চুৱেল গ্ৰহণযোগ্যতাক কিশোৰ-কিশোৰীসকলৰ পৰিয়ালৰ সম্ভাব্য বাধা-নিষেধৰ বিপৰীতে উপস্থাপন কৰা হয়, আৰু পৰিয়ালৰপৰা পাব পৰা এই অসুবিধা কেনেকৈ অতিক্ৰম কৰিব পাৰি সেই সম্পৰ্কেও পৰামৰ্শ দিয়া হয়৷ তেওঁলোকৰ মনত অভিভাৱক তথা পৰিয়ালৰ প্ৰতি সমালোচনাত্মক আৰু বিদ্ৰোহাত্মক মনোভাব গঢ়ি তুলিবলৈ প্ৰায়ে চেষ্টা কৰা দেখা যায়৷ তেওঁলোকক যথাসম্ভৱ ক্ষিপ্ৰতাৰে ট্ৰেঞ্জিচন কৰিবলৈও পৰামৰ্শ দিয়া হয়৷ আনহাতে, জেণ্ডাৰ ক্লিনিকলৈ গ’লে ডাক্তৰ-ছাইক’লজিষ্টক কেনেধৰণৰ কাহিনী ক’ব লাগিব আৰু সেইটো কেনেকৈ তৈয়াৰ কৰিব লাগিব, যাতে তেওঁলোকে একে আষাৰে মানি লৈ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে, তাৰ পৰামৰ্শ দিয়া মানুহো ছ’চিয়েল মেডিয়াত দেখিবলৈ পোৱা যায়৷ বহু মাক-দেউতাকে কোৱা মতে, তেওঁলোকৰ সন্তানে ট্ৰেন্স আত্মপ্ৰকাশৰ কথা কওঁতে অনলাইনত পোৱা ভাষা ব্যৱহাৰ কৰিছিল৷ সন্তানৰ কথাখিনি শুনি তেওঁলোকে অনুভৱ কৰিছিল যেন তেওঁলোকৰ সন্তান নহয়, বেলেগ কোনোবাইহে কথাখিনি কৈ আছে, আৰু পাছত তেওঁলোকে অনলাইন খোঁচৰোতে দেখিছিল যে সন্তানে কোৱা কথাবোৰ হুবহু, একে শব্দ আৰু একে পৰিভাষা, অনলাইনৰ লগত মিলি গৈছে৷ আনহাতে, জেণ্ডাৰ সম্পৰ্কীয় যিবোৰ তথ্যধৰ্মী লেখা-মেলা পোৱা যায়, সেইবোৰৰ প্ৰায়ভাগতে তথ্যৰ সৈতে প্ৰচাৰ আৰু প্ৰৰোচনা ধৰিব নোৱৰাকৈ সানমিহলি হৈ থকা পৰিলক্ষিত হয়৷ ‘‘আপুনি ট্ৰেন্সজেণ্ডাৰ বা অমুক জেণ্ডাৰ হয় নেকি?’’ – এইধৰণৰ লেখা এটা যদি পঢ়ে দেখিব যে তাত আপোনাক ইতিমধ্যে ট্ৰেন্সজেণ্ডাৰ (বা সেই বিশেষ জেণ্ডাৰটো) বনাই পেলোৱা হৈছে৷ আপোনাৰ জেণ্ডাৰ সম্পৰ্কে কেৱল আপুনিহে জানিব পাৰে, সেইটো আপোনাৰ অধিকাৰ; আপুনি ট্ৰেন্সজেণ্ডাৰ বা অমুক জেণ্ডাৰ হয় নে নহয় জানিবলৈ প্ৰথমে চিন্তা কৰক, নিজৰ মাজত অনুসন্ধান কৰক; এই বিষয়ক অনলাইন লেখা আৰু কিতাপ পঢ়ক, এই বিষয়ক ইউটিউবৰ ভিডিঅ’ চাওক, জেণ্ডাৰ পৰিচিতি সম্পৰ্কীয় বিভিন্ন ৰচনাৰাজি খোঁচৰক; এই জেণ্ডাৰৰ মানুহৰ অভিজ্ঞতা জানিবলৈ চেষ্টা কৰক; নন-বাইনেৰি, জেণ্ডাৰ-ফ্লুইড, অমুক-তমুক জেণ্ডাৰৰ তথা জেণ্ডাৰক লৈ প্ৰশ্ন কৰি থকা মানুহৰ সৈতে মিলা-মিছা কৰক আৰু কথা পাতক, আপোনাৰ অনুভৱ বিনিময় কৰক; আপোনাৰ এলেকাৰ এল জি বি টি কিউ সভা-সমাবেশত অংশগ্ৰহণ কৰক; নিজকে ট্ৰেন্সজেণ্ডাৰ বা অমুক জেণ্ডাৰ বুলি ক’বলৈ আৰম্ভ কৰক, মনৰ ভিতৰত কওক, জোৰকৈ চিয়ঁৰি কওক, যেনেকৈ ভাল লাগে তেনেকৈয়ে কওক; আপুনি এই জেণ্ডাৰ পৰিচিতিৰ সৈতে খাপ খাব পৰা নাই নেকি? জেণ্ডাৰ সম্পৰ্কীয় বহু লেখা-মেলা এনেকৈয়ে আগ বাঢ়ে – অমুক জেণ্ডাৰনো কি বুলি থকা আপোনাৰ ঔৎসুক্যটো পৰিবৰ্তিত হৈ শেষত আপোনাৰ জেণ্ডাৰ পৰিচিতিত পৰিণত হৈ পৰে৷ এয়া হ’ল স্পষ্ট ৰূপত – indoctrination in the guise of information. সি যি নহওক, বহুতো ট্ৰেন্সজেণ্ডাৰ ব্যক্তি তথা গৱেষক-ক্লিনিচিয়ানে এই সামাজিক সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে আৰু তাৰ প্ৰতি ট্ৰেন্সজেণ্ডাৰ এষ্টাব্লিছমেণ্টৰ নস্যাৎবাদী মনোভাবক সমালোচনা কৰিছে৷ উদাহৰণস্বৰূপে, WPATHঅৰ প্ৰাক্তন ব’ৰ্ড মেম্বাৰ আৰু USPATHঅৰ প্ৰাক্তন সভাপতি, প্ৰসিদ্ধ জেণ্ডাৰ ছাইক’লজিষ্ট আৰু নিজে এগৰাকী ট্ৰেন্স নাৰী এ’ৰিকা এণ্ডাৰ্ছন (Erica Anderson) হ’ল এই বিষয়ত সৰৱ এগৰাকী ব্যক্তি৷ বিষয়টো আলোচনা কৰোতে মাজতে তেওঁ কৈছে – “In my over 40 years as a psychologist, I’ve seen psychotherapeutic phenomena come and go. Eating disorders, multiple personality disorders and repressed memory syndrome have in retrospect spread through subgroups of adolescents and the professionals who have treated them. This spread is like wildfire through vulnerable underbrush, clearly borne in an environment of contagion.” প্ৰশ্ন হয়, এতিয়াৰ ট্ৰেন্সজেণ্ডাৰ পৰিঘটনাটো পূৰ্বৰ এই ছাইক’থেৰাপিউটিক পৰিঘটনাবিলাকতকৈ কেনেকৈ বেলেগ? বাকী সকলো ক্ষেত্ৰতে যদি কিশোৰ-কিশোৰীৰ ওপৰত সামাজিক তথা সমনীয়াৰ প্ৰভাৱ পৰিব পাৰে, জেণ্ডাৰ পৰিচিতিৰ ক্ষেত্ৰত কিয় নোৱাৰে? এণ্ডাৰ্ছনৰ প্ৰশ্ন – “How is it possible that gender identity formation constitutes the only area of development in adolescence that is immune from peer influence?” (Erica Anderson, ‘Opinion: When it comes to trans youth, we’re in danger of losing our way’, sfexaminer.com)
শেহতীয়াভাৱে ডিট্ৰেঞ্জিচনাৰৰ (Detransitioner) সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাব লাগিছে৷ ট্ৰেন্সজেণ্ডাৰ এষ্টাব্লিছমেণ্ট তথা তাৰ প্ৰতি সমৰ্থন থকা এচাম গৱেষকে সাধাৰণতে ডিট্ৰেঞ্জিচন বা ট্ৰেঞ্জিচন-পৰৱৰ্তী অনুশোচনাৰ (regret) কথা প্ৰায় নুই কৰা দেখা যায় – ‘Rare case of detransition’, ‘the risk of regret is incredibly low’, ‘the rate of regret is very low’ আদি হ’ল তেওঁলোকৰ বক্তব্য৷ আচল কথাটো হ’ল এই হাৰ এতিয়ালৈকে সঠিকভাৱে জানিব পৰা হোৱা নাই; গৱেষণাও প্ৰাৰম্ভিক স্তৰতে আছে৷ কিন্তু যোৱা কিছু বছৰৰপৰা অনলাইন আৰু অফলাইন দুই ক্ষেত্ৰতে ডিট্ৰেঞ্জিচনাৰসকলৰ ক্ৰমবৰ্ধমান উপস্থিতি আৰু আত্মঘোষণা দেখিবলৈ পোৱা গৈছে৷ ডিট্ৰেঞ্জিচন হ’ল ট্ৰেঞ্জিচনৰ ওলোটা প্ৰক্ৰিয়াটো৷ এজন ব্যক্তিয়ে ট্ৰেন্সজেণ্ডাৰ হিচাপে আত্মচিনাক্ত কৰিলে, সামাজিকভাৱে আৰু মেডিকেল পদ্ধতিৰে ট্ৰেঞ্জিচন কৰিবলৈ আৰম্ভ কৰিলে; কিন্তু কোনোবা এটা সময়ত কিবা উপলব্ধি বা সমস্যাৰ বাবে তেওঁ সেই প্ৰক্ৰিয়াটো সিমানতে বন্ধ কৰি দিলে; তেওঁ এতিয়া নিজৰ জন্মগত ছেক্স/জেণ্ডাৰৰ সৈতে চিনাক্ত কৰে, আৰু সেইটো হ’বৰ বাবে হয়তো তেওঁ পুনৰ কিছুমান মেডিকেল হস্তক্ষেপৰ সহায় ল’ব বিচাৰে, যাৰ জৰিয়তে ট্ৰেঞ্জিচনে অনা শাৰীৰিক পৰিবৰ্তনবোৰ undo কৰিব পাৰি৷ ডিট্ৰেঞ্জিচন বিভিন্ন কাৰণত হ’ব পাৰে : মেডিকেল ট্ৰেঞ্জিচনে কিছুমান অসহনীয় শাৰীৰিক সমস্যাৰ সৃষ্টি কৰাৰ বাবে, ট্ৰেঞ্জিচনে আশাপ্ৰদ শাৰীৰিক পৰিবৰ্তন ঘটাব নোৱৰাৰ বাবে, ট্ৰেঞ্জিচনৰ পাছতো জেণ্ডাৰ ডিস্ফ’ৰিয়া হ্ৰাস নোহোৱাৰ বাবে, ডিস্ফ’ৰিয়াৰ মোকাবিলা কৰিবৰ বাবে অন্য পথৰ সন্ধান পোৱাৰ বাবে, সামাজিক বিৰোধ-সমালোচনা সন্মুখীন হোৱাৰ বাবে, ইত্যাদি ইত্যাদি৷ কিন্তু এটা বহুল অংশৰ মাজত ইয়াৰ কাৰণ হিচাপে দেখা গৈছে অনুশোচনা, যে জেণ্ডাৰ ট্ৰেঞ্জিচনৰ গোটেই কথাটোৱেই ভুল আছিল, এটা ভুল ধাৰণাৰ বশৱৰ্তী হৈ তেওঁ সেই কাম কৰিছিল; যাক তেওঁ জেণ্ডাৰ ডিস্ফ’ৰিয়া বুলি ভাবিছিল সেয়া আছিল আচলতে মানসিক স্বাস্থ্যজনিত অন্য কিছুমান সমস্যাহে৷ চিন্তনীয় কথাটো হ’ল এই ডিট্ৰেঞ্জিনাৰসকলৰ সৰহভাগেই হ’ল ছোৱালী৷ তেওঁলোকৰ বহুতে এতিয়া ক’ব খোজে যে তেওঁলোকে জেণ্ডাৰ মতাদৰ্শৰ ছত্ৰছায়াত পৰি জেণ্ডাৰ ট্ৰেঞ্জিচনৰ পথ বাছি লৈছিল৷ পুৰুষ হ’বলৈ চেষ্টা কৰি কৰি তেওঁলোকে এদিন উপলব্ধি কৰিছিল যে তেওঁলোক হ’ল নাৰী, আৰু সেইটো সলনি কৰাটো কোনোধৰণেই সম্ভৱ নহয়৷ দেখা যায় যে ডিট্ৰেঞ্জিচনাৰসকলৰ সৰহভাগেই ট্ৰেন্স আত্মচিনাক্তকৰণৰ পূৰ্বে বিভিন্ন mental health comorbiditiesঅত ভুগি আছিল৷ কোনো কোনোৱে কয় যে তেওঁলোক টমবয় আছিল; ল’ৰাসুলভ হোৱা বাবে সামাজিক প্ৰত্যাশাবিলাকৰ সৈতে খাপ খোৱা নাছিল, লগৰ ছোৱালীবিলাকৰ সৈতে মিলিব পৰা নাছিল; গতিকে বিচ্ছিন্নতাবোধ ক্ৰমাৎ বাঢ়ি আহিছিল৷ বয়ঃসন্ধিয়ে কঢ়িয়াই অনা পৰিবৰ্তনবোৰ তেওঁলোকে ভাল পোৱা নাছিল; শৰীৰটোত ঘটা যৌন বিকাশ তেওঁলোকৰ বাবে অনাকাংক্ষিত আছিল৷ কোনো কোনো যৌন নিগ্ৰহৰ বলি হৈছিল; তাৰ পিছত সৃষ্টি হোৱা ট্ৰমাই নাৰী হৈ তেওঁলোক জন্ম হোৱাটোৰ প্ৰতিয়েই বিতৃষ্ণা জন্মাইছিল; নিজৰ যৌনাংগসমূহৰ প্ৰতি ক্ৰমবৰ্ধমান ঘৃণাৰ জন্ম হৈছিল আৰু সেইবোৰৰপৰা তেওঁলোকে মুক্তি পোৱাৰ কামনা কৰিছিল৷ ঠিক তেনে সময়তে তেওঁলোকে অনলাইন পৃথিৱীত জেণ্ডাৰ ধাৰণাৰ সন্মুখীন হৈছিল, যাক এই সকলো দুখ-যন্ত্ৰণাৰ কাৰণ তথা সৰ্বঢাক মন্ত্ৰ হিচাপে উপস্থাপন কৰা হৈছিল৷ ক’ব পাৰি যে এইক্ষেত্ৰত ট্ৰেন্স আত্মচিনাক্তকৰণ হৈ পৰিছিল শৰীৰৰপৰা পলায়নৰ (escape from the body) এক চেষ্টা – one way of desexualization in a highly sexualized society. আনহাতে, কিছুমানৰ ক্ষেত্ৰত দেখা যায় যে ট্ৰেন্স আত্মচিনাক্তকৰণৰ মূল কাৰণ আছিল internalized homophobia. তেওঁলোকে অন্য ছোৱালীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল, কিন্তু নিজকে লেছবিয়ান বুলি গ্ৰহণ কৰি ল’ব পৰা নাছিল বা তেনেকুৱা এটা ধাৰণাৰ পৰিচয়েই তেওঁলোকৰ নাছিল; তেওঁলোকে ধৰি লৈছিল যে তেওঁলোকৰ মাজত কিবা এটা ডাঙৰ গণ্ডগোল আছে৷ অনলাইন জেণ্ডাৰৰ সৈতে পৰিচিত হোৱাৰ পাছত তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে তেওঁলোক প্ৰকৃততে ল’ৰাহে, যি ভুলকৈ ছোৱালীৰ শৰীৰত জন্ম লাভ কৰিছিল৷ সি যি নহওক, ট্ৰেঞ্জিচনৰ জৰিয়তে পুৰুষ হোৱাটোৰ মাজতেই তেওঁলোকৰ এই সকলোধৰণৰ সমস্যাৰ সমাধান হ’ব বুলি তেওঁলোকে ধৰি লৈছিল৷ সি যি নহওক, যেতিয়া তেওঁলোকে জেণ্ডাৰ ক্লিনিকলৈ গৈছিল, তেওঁলোকৰ ট্ৰেন্স পৰিচিতিক লগালগ অনুমোদন জনাই ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হৈছিল৷ অভিভাৱকে এই লৈ একমত নহ’লে ডাক্তৰ-ছাইক’লজিষ্টে বহু সময়ত তেওঁলোকক প্ৰশ্ন কৰিছিল – তেওঁলোকে এজন ট্ৰেন্স বয় বিচাৰে নে এগৰাকী মৃত জীয়েক বিচাৰে? অৰ্থাৎ, যদি ট্ৰেঞ্জিচন নকৰে তেনেহ’লে ছোৱালীজনীয়ে আত্মহত্যা কৰাৰ সম্ভাৱনা প্ৰবল৷ মন কৰিবলগীয়া যে এই আত্মহত্যাৰ কথাটো ট্ৰেন্স এক্টিভিষ্ট মহলত অধিক অতিৰঞ্জন কৰি প্ৰচাৰ কৰা হয়, আৰু অনিচ্ছুক বা দোধোৰ-মোধোৰ অভিভাৱকক ভয় খুৱাবলৈ বহু সময়ত ব্যৱহাৰ কৰা হয়৷ এনেকৈ আন প্ৰশ্ন নকৰি এই ছোৱালীসকলক খৰধৰকৈ মেডিকেল ট্ৰেঞ্জিচনৰ পথলৈ ঠেলি পঠোৱা হৈছিল৷ এতিয়া ডিট্ৰেঞ্জিচন কৰা ভালেমান ছোৱালীয়ে আদালতৰ কাষ চাপিছে তেওঁলোকক জেণ্ডাৰ ট্ৰিটমেণ্ট দিয়া মেডিকেল অনুষ্ঠান তথা ডাক্তৰ-ছাইক’লজিষ্টৰ বিৰুদ্ধে৷ এই কেছসমূহে আদালতত কি ৰূপ পায়গৈ সেইটো আগতীয়াকৈ ক’ব নোৱাৰি; কিন্তু ইয়াৰপৰা এটা কথা সাব্যস্ত হৈছে যে জেণ্ডাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰখনত কিছুমান ভয়ানক গণ্ডগোল চলি আছে আৰু তাৰ বলি হৈছে উঠি অহা ল’ৰা-ছোৱালীবিলাক৷ সি যি নহওক, ডিট্ৰেঞ্জিচনাৰসকলে মেডিকেল সেৱাৰ ক্ষেত্ৰত বহুতো সমস্যাত ভুগিবলগীয়া হৈছে; ট্ৰেঞ্জিচনৰ বাবে যিমানবোৰ মেডিকেল সেৱা তথা সুবিধা আছে, ডিট্ৰেঞ্জিচনৰ ক্ষেত্ৰত কথাটো ওলোটা৷ ট্ৰেন্সজেণ্ডাৰ সংগঠন তথা এক্টিভিষ্টসকলৰপৰাও তেওঁলোকে আশাপ্ৰদ সহায়-সহযোগ নাপায়; বৰং বহু সময়ত তেওঁলোকক আন্দোলনটোৰ প্ৰতি একপ্ৰকাৰ বিশ্বাসঘাতক হিচাপেহে বিবেচনা কৰা দেখা যায় আৰু তেওঁলোকৰ অস্তিত্ব নস্যাৎ কৰিবলৈ তথা কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰা হয়৷ কেতিয়াবা ডিট্ৰেঞ্জিচনাৰক বিভিন্ন জেণ্ডাৰৰ মাজৰে এটা নতুন জেণ্ডাৰ হিচাপে প্ৰক্ষেপ কৰা হয় – কোনোবাই এসময়ত ট্ৰেন্স বয় হিচাপে আত্মচিনাক্ত কৰিছিল, এতিয়া আকৌ ছোৱালী হিচাপে আত্মচিনাক্ত কৰিছে; ইয়াত চিন্তা কৰিবলগীয়া কোনো কথা নাই৷ এনেকৈ ডিট্ৰেঞ্জিচনাৰসকলে উত্থাপন কৰা প্ৰশ্নসমূহ আওকাণ কৰিব বিচৰা হয়৷
জেণ্ডাৰ ট্ৰিটমেণ্ট হ’ল একধৰণৰ পৰীক্ষামূলক ট্ৰিটমেণ্ট৷ ইয়াৰ কোনো বৈজ্ঞানিক আধাৰ নাই৷ কোনো কোনোৱে ইয়াক ইতিহাসৰ এটা সবাতোকৈ ডাঙৰ মেডিকেল কেলেংকাৰি বুলি অভিহিত কৰিছে৷ তথাপি ঘাইকৈ মতাদৰ্শগত আধিপত্যৰ আধাৰত তথা এক্টিভিজম আৰু কৰ্প’ৰেট অৰ্থনৈতিক শক্তিৰ জোৰত এইটো বহুলভাৱে চলি আছে৷ এই ট্ৰিটমেণ্ট হ’ল একধৰণৰ কস্মেটিক ট্ৰিটমেণ্ট৷ ইয়াক লৈ কোনো দ্বিমত থাকিব নোৱাৰে যে প্ৰাপ্তবয়স্ক যিকোনো ব্যক্তিয়ে ইচ্ছানুসাৰে তেনে ট্ৰিটমেণ্ট গ্ৰহণ কৰিব পাৰে, আৰু তাৰ সুবিধাও থাকিব লাগে৷ নক’লেও হ’ব যে বহুতো ব্যক্তিয়ে এনে ট্ৰিটমেণ্ট গ্ৰহণ কৰি সুখে-সন্তোষে জীৱন নিৰ্বাহ কৰি আছে৷ কিন্তু তাক ভুলকৈ মেডিকেল প্ৰমাণৰ ওপৰত আধাৰিত বুলি প্ৰচাৰ কৰাটো গ্ৰহণযোগ্য নহয়, আৰু তাক জেণ্ডাৰক লৈ বিভ্ৰান্ত অপ্ৰাপ্তবয়স্কসকলৰ বাবে একমাত্ৰ উচিত ট্ৰিটমেণ্ট বুলি জাপি দিব খোজাটো ভয়ংকৰ কথা৷ যোৱা বছৰত ঘটা এই বিষয়ক দুটা গুৰুত্বপূৰ্ণ ঘটনা উল্লেখ কৰিব পাৰি৷ Environmental Progress নামৰ সংগঠন এটাই WPATHঅৰ (World Professional Association for Transgender Health) আভ্যন্তৰীণ মেছেজিং ফ’ৰামৰ কেইবাবছৰৰ কথা-বাৰ্তা তথা এটা আভ্যন্তৰীণ পেনেল আলোচনাৰ ফাইল ৰাজহুৱা কৰিছিল৷ এই ফাইলসমূহ সন্নিৱিষ্ট ৰিপ’ৰ্টটোৰ নাম দিয়া হৈছিল The WPATH Files: Pseudoscientific surgical and hormonal experiments on children, adolescents, and vulnerable adults. WPATH হ’ল বিশ্বজুৰি চলি থকা জেণ্ডাৰ ট্ৰিটমেণ্টৰ প্ৰধান নেতৃত্বদায়ী সংগঠন; ই প্ৰস্তুত কৰা ‘Standards of Care’অক এইক্ষেত্ৰত হাতপুথি হিচাপে গণ্য কৰা হয়৷ (আদালতৰ এটা গোচৰত সংগঠনটোৱে স্পষ্টীকৰণ দিছিল যে এইটো কোনো ‘Standards of Care’ নহয়, ট্ৰিটমেণ্ট সম্পৰ্কে কিছুমান ‘recommendations’হে৷) প্ৰফেছনেল সংগঠন বুলি দাবী কৰিলেও ই মূলতঃ ট্ৰেন্সজেণ্ডাৰ এড্ভ’কেচি সংগঠনহে; ইয়াৰ প্ৰফেছনেল সদস্যৰ নিচিনাকৈ কেৱল-এক্টিভিষ্ট সদস্যও বহু আছে, তেনেকুৱা ব্যক্তিয়ে ইয়াৰ সভাপতিত্বও বহন কৰিছে৷ উপৰোক্ত ৰিপ’ৰ্টটোৱে দেখুৱালে যে সংগঠনটোৰ কাম-কাজৰ সৈতে মেডিকেল নৈতিকতা, প্ৰমাণ-ভিত্তিক মেডিচিনৰ কোনো সম্পৰ্ক নাই৷ ইয়াৰ সদস্যসকলে বহু সময়ত improvise কৰি ট্ৰিটমেণ্ট দিয়ে, বিভিন্ন মানসিক সমস্যাত ভুগি থকা ব্যক্তিক সেই সমস্যাসমূহৰ কোনো বাছ-বিচাৰ নকৰাকৈ চিধাই জেণ্ডাৰ ট্ৰিটমেণ্ট দিয়া হয় আৰু সেই ট্ৰিটমেণ্টবিলাকৰ দীৰ্ঘম্যাদী পৰিণাম সম্পৰ্কে তেওঁলোকৰ কোনো ধাৰণা বা মতলব নাই৷ (এইখিনিতে মনত পেলাব পাৰি, জেণ্ডাৰ ট্ৰিটমেণ্ট আগ বঢ়োৱা কিছুমান ডাক্তৰে নিজেই এনেকৈ কোৱাৰ উদাহৰণ আছে – ‘‘We are building the plane while we are flying it.’’) সি যি নহওক, WPATHঅৰ ক্ষেত্ৰত এইটো কোনো নতুন ঘটনা নহয়; বাৰংবাৰ বিভিন্ন ঘটনাই তাৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে, আৰু বহু চিকিৎসাবিজ্ঞানী-গৱেষক-প্ৰফেছনেলে ইয়াৰ সৰৱ সমালোচনা-বিৰোধিতা কৰি আহিছে৷ দ্বিতীয়টো ঘটনা হ’ল NHS Englandএ কমিছন কৰা ডাক্তৰ হিলাৰি কাছৰ নেতৃত্বত প্ৰস্তুত Cass Review প্ৰকাশ পায়৷ শিশু আৰু যুৱসমাজৰ জেণ্ডাৰ ট্ৰিটমেণ্টৰ ইতিহাসত এইটো নিশ্চয়কৈ সবাতোকৈ ডাঙৰ পৰিঘটনা; অন্ততঃ ব্ৰিটেইনৰ ক্ষেত্ৰত ই জেণ্ডাৰ ট্ৰিটমেণ্টৰ এটা যুগৰ অৱসান ঘটায়৷ জেণ্ডাৰ ট্ৰিটমেণ্টৰ জগতখন বিতংভাৱে অধ্যয়ন কৰি চাৰিবছৰীয়া প্ৰচেষ্টাৰ অন্তত এই ৰিপ’ৰ্টটো প্ৰকাশ কৰা হৈছিল, যাৰ সৈতে আছিল সমৰ্থনকাৰী ন-টা ষ্টাডি (যাৰ আঠটাই আছিল systematic reviews of evidence)৷ ২০২২ চনত ব্ৰিটেইনে টেভিষ্টক জেণ্ডাৰ ক্লিনিকটো চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে৷ এই ক্লিনিকটো আছিল পৃথিৱীৰ সৰ্ববৃহৎ পেডিয়াট্ৰিক জেণ্ডাৰ ক্লিনিক, আৰু ইংলেণ্ড আৰু ৱেল্ছৰ একমাত্ৰ তেনেধৰণৰ ক্লিনিক৷ ক্লিনিকটোত জেণ্ডাৰক লৈ সমস্যাত ভোগা শিশুসকলক অনাহকভাৱে মেডিকেলাইজ কৰা হৈছে বুলি, শিশুৰ ওপৰত এক্সপেৰিমেণ্ট চলোৱা বুলি বহুতো অভিযোগ উঠিছিল; তাৰপৰা ভালেমান ক্লিনিচিয়ান-কৰ্মচাৰীয়ে পদত্যাগ কৰিছিল; অনুসন্ধানে প্ৰমাণ কৰিছিল যে তাত এটা ভয়ংকৰ মেডিকেল কেলেংকাৰি চলি আছে৷ এই ক্লিনিকটো সংক্ৰান্ততে প্ৰথমতে হিলাৰি কাছক এটা স্বতন্ত্ৰ পুনৰীক্ষণৰ দায়িত্ব প্ৰদান কৰা হৈছিল আৰু তেওঁ দাখিল কৰা অন্তৰ্ৱৰ্তীকালীন ৰিপ’ৰ্টে ক্লিনিকটো বন্ধ কৰি দিয়া সিদ্ধান্তক প্ৰভাৱিত কৰিছিল৷ সি যি নহওক, এতিয়া আমি জেণ্ডাৰ ট্ৰিটমেণ্ট সম্পৰ্কীয় কিছু সাধাৰণ আলোচনালৈ আহো৷ চিকিৎসাবিজ্ঞান অতিকে জটিল বিষয় আৰু বাহিৰৰ মানুহৰ বাবে সেইবিলাক বুজাটো সম্ভৱ নহয়; কিন্তু আলোচ্য প্ৰসংগটোত অলপ ভিতৰলৈ সোমালেই ধৰিব পাৰি যে বিষয়টো চিকিৎসাবৈজ্ঞানিক নহয়েই – ই হ’ল ৰাজনৈতিক বিষয়, তাকে মাত্ৰ চিকিৎসাবৈজ্ঞানিক সাজত উপস্থাপন কৰা হৈছে৷ সেয়ে কাছ ৰিভিউৰ দৰে যিবিলাক যথাৰ্থতে বৈজ্ঞানিক অধ্যয়ন তাৰ সৈতে মোকাবিলা কৰিবলৈ ট্ৰেন্সজেণ্ডাৰ এষ্টাব্লিছমেণ্টটো অপাৰগ; সিবিলাকক নস্যাৎ কৰাৰ বাদে বেলেগ উপায় নাই৷ কাছ ৰিভিউৰ বিৰুদ্ধে হোৱা কুৎসা ৰটনা, ভুৱা প্ৰচাৰ, ভুল ব্যাখ্যা, গালি-গালাজ আদিয়ে এইটোকে প্ৰমাণ কৰে৷ (উদাহৰণস্বৰূপে, কোনোবা গৱেষকে পেপাৰ লিখি ৰিভিউটোক Cis-supremacyৰ প্ৰকাশ বুলি কৈছিল; কিছুমান জেণ্ডাৰ ষ্টাডিজৰ প্ৰফেছৰ, জেণ্ডাৰ এক্টিভিষ্ট আদিয়ে বিবৃতি জাৰি কৰি তাক dangerous, and rights-stripping in its proposals বুলি কৈছিল; WPATH-USPATHএ বিবৃতিত হিলাৰি কাছক কামটোৰ বাবে অযোগ্য বুলি কৈছিল, ৰিভিউটোৱে ট্ৰেন্সজেণ্ডাৰ যুৱচামক প্ৰয়োজনীয় চিকিৎসাৰপৰা বঞ্চিত কৰি ক্ষতিসাধন কৰিব বুলি কৈছিল; কোনো কোনোৱে কাছক ট্ৰেন্সফ’বিক, টাৰ্ফ বুলি অভিহিত কৰিছিল৷) জেণ্ডাৰ ট্ৰিটমেণ্ট লাভ কৰাটো ট্ৰেন্স মানুহৰ অধিকাৰ; এয়া সামাজিক ন্যায়ৰ প্ৰশ্ন, ইয়াত চিকিৎসাবিজ্ঞানৰ কোনো কথা নাই৷ কোনো কোনো এক্টিভিষ্টে এনেকৈও দাবী কৰে যে বয়ঃসন্ধি বস্তুটো সাৰ্বজনীনভাৱে স্বেচ্ছামূলক হ’ব লাগে – puberty must be optional. এজন কম বয়সীয়া ব্যক্তিয়ে (ল’ৰা বা ছোৱালী বুলি ক’ব নোৱাৰি) পাছত কি বুলি আত্মচিনাক্ত কৰে, কোনে জানে? তেনেস্থলত তেওঁলোকক বাধ্যতামূলকভাৱে male puberty বা female pubertyৰ মাজেদি পাৰ হৈ যাবলৈ দিয়াটো অন্যায়; তেওঁলোকক পিউবাৰ্টি ব্লকাৰ দি এটা বিৰতি দিব লাগে, যাতে তেওঁলোকে নিজ পছন্দমতে পাছত জেণ্ডাৰটো বাছি ল’ব পাৰে৷ মনত ৰখা দৰকাৰ যে ট্ৰেন্স বাগধাৰাত বয়ঃসন্ধিটো এটা অতিকে ভয়ংকৰ আৰু অনাকাংক্ষিত ঘটনা৷ কোনোৱে আকৌ এনেকৈও দাবী কৰে যে সকলোৰে Freedom of sex থাকিব লাগে; প্ৰতিটো শিশুৰে সেই অধিকাৰ থাকিব; কিয় বিচাৰে আৰু সেইটো ইচ্ছা ক’ৰপৰা আহিল, সেইবিলাক কোনো কথা থাকিব নালাগে, কোনো জেণ্ডাৰ ডিস্ফ’ৰিয়াৰ নাহে; মুঠতে শিশুকে ধৰি যিকোনো মানুহে বিচাৰিলেই ছেক্স সলনি কৰিবলৈ পাব লাগে৷ এনেধৰণৰ দাবী নকৰিলেও জেণ্ডাৰ ট্ৰিটমেণ্টৰ সমৰ্থনত বিভিন্ন প্ৰফেছনেল সংগঠনৰ মূল নীতিবিলাকৰ চৰিত্ৰও ইয়াৰপৰা বৰ বেছি পৃথক নহয়৷ সি যি নহওক, আমেৰিকাই গুৰি ধৰা আৰু বিশ্বজুৰি বিয়পি পৰা জেণ্ডাৰ ট্ৰিটমেণ্টৰ বৰ্তমান আধিপত্যশীল মডেলটোক কোৱা হয় gender-affirming care, য’ত এক সমৰ্থনমূলক দৃষ্টিভংগী (Affirmative approach) গ্ৰহণ কৰা হয়৷ পিউবাৰ্টি ব্লকাৰ, ক্ৰছ-ছেক্স হৰম’ন আৰু ছাৰ্জাৰিৰে গঠিত যুৱ জেণ্ডাৰ ট্ৰিটমেণ্টৰ প্ৰট’কলটো প্ৰথম বিকশিত হৈছিল ১৯৯০ৰ দশকত নেদাৰলেণ্ডত, যি কাৰণত তাক ‘Dutch Protocol’ বুলি কোৱা হয়৷ কিন্তু gender-affirming careঅৰ সাম্প্ৰতিক ধাৰণাটোৰ জন্ম হয় আমেৰিকাত৷ দেখাত বিভিন্ন ফৰ্মেলিটি কৰা হয় যদিও জেণ্ডাৰ ডিস্ফ’ৰিয়াৰ কোনোধৰণৰ diagnosis নাই; কোনোবা ব্যক্তি ট্ৰেন্সজেণ্ডাৰ হয় নে নহয় জানিবলৈ কোনো বৈজ্ঞানিক উপায় নাই৷ বৰ্তমান মডেলটোত ব্যক্তি এজনৰ স্বঘোষিত ট্ৰেন্সজেণ্ডাৰ পৰিচিতিক affirm কৰাটোৱেই ঘাই কথা৷ অৰ্থাৎ, শিশু বা কিশোৰ এজনে নিজেহে জানে তেওঁ ট্ৰেন্সজেণ্ডাৰ হয় নে নহয়; নিজে যদি হয় বুলি কৈছে তেনেহ’লে ডাক্তৰ-ছাইক’লজিষ্টে সেইটো সমৰ্থন কৰিব লাগে আৰু ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰিব লাগে৷ এইক্ষেত্ৰত ট্ৰেন্স বুলি কোৱা শিশু এটাৰ অভিভাৱকে যদি কথাটো মানি ল’ব নোখোজে, তেনেহ’লে সেইসকলক সৈমান কৰোৱাটোও তেওঁলোকৰ দায়িত্বৰ ভিতৰত পৰে৷ এই সমৰ্থনমূলক দৃষ্টিভংগীৰ বিপৰীতে যোৱাটো এতিয়া সহজ নহয়; তেনেধৰণৰ ডাক্তৰ-ছাইক’লজিষ্টে ট্ৰেন্স এক্টিভিষ্টবিলাকৰপৰা ৰেহাই পোৱাৰ আশা কম৷ কোৱা বাহুল্য যে ট্ৰেন্স এক্টিভিজমৰ নীতি মতে পৰিচালিত এই মডেলটোত জেণ্ডাৰ-সমস্যাত ভোগা শিশু-কিশোৰৰ আচৰণগত আৰু মানসিক স্বাস্থ্যজনিত আন কোনো কথা বা প্ৰশ্নৰ অনুসন্ধান কৰাটো একান্তই বৰ্জনীয় বুলি গণ্য কৰা হয়৷ বৰং এইধৰণৰ অনুসন্ধানক এক বিলম্বকাৰী কৌশল (delaying tactic) বুলিহে অভিহিত কৰা হয়, যি অসহায় ৰোগীসকলক জৰুৰী ট্ৰিটমেণ্টৰপৰা বঞ্চিত কৰি ৰাখে৷ গতিকে এই মতে জেণ্ডাৰ ট্ৰিটমেণ্টক বিলম্ব কৰিব পৰা কোনো কামেই গ্ৰহণযোগ্য নহয়, বৰং সেয়া ট্ৰেন্স মানুহৰ স্বাৰ্থৰ পৰিপন্থী৷ কাৰ্যক্ষেত্ৰত দেখা যায় যে থেৰাপিষ্টসকলে ৰোগীৰ ‘এছেছ্মেণ্ট’ কৰাৰ পাছতহে জেণ্ডাৰ ট্ৰিটমেণ্টৰ ছুপাৰিছ কৰে৷ কিন্তু সেই ‘এছেছ্মেণ্ট’ মানে হ’ল সৰহ ক্ষেত্ৰতে এটা মাত্ৰ পেৰাগ্ৰাফ লিখি পঠোৱা যে সেই কিশোৰজন বা কিশোৰীগৰাকীয়ে নিজকে ট্ৰেন্স হিচাপে চিনাক্ত কৰে, তেওঁ জেণ্ডাৰ ডিস্ফ’ৰিয়াত ভুগি আছে, আৰু জেণ্ডাৰ ট্ৰিটমেণ্ট ল’ব বিচাৰে, সেইবাবে এই ক’ৰ্ছটো ছুপাৰিছ কৰা হ’ল৷ যথাসম্ভৱ সোনকালেই, কেতিয়াবা মাত্ৰ এটা সাক্ষাততে, এনে ছুপাৰিছ কৰি পঠোৱা হয়৷ ঐতিহাসিকভাৱে চালে দেখা যায় যে ছেক্স পৰিবৰ্তনৰ বাবে মেডিকেল হস্তক্ষেপ কৰা হৈছিল ঘাইকৈ দীৰ্ঘদিনীয়া ডিস্ফ’ৰিয়াত ভুগি থকা প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত৷ এইধৰণৰ হস্তক্ষেপৰ পূৰ্বে ৰোগীৰ সৈতে দীঘলীয়া সময় ধৰি এংগেজমেণ্ট চলিছিল, পুংখানুপুংখ মনস্তাত্ত্বিক এছেছ্মেণ্ট চলিছিল৷ ইয়াৰ বিপৰীতে, সাম্প্ৰতিক সময়ত জেণ্ডাৰ ট্ৰিটমেণ্টৰ দুৱাৰ শিশু-কিশোৰৰ বাবে উন্মুক্ত কৰি দিয়া হৈছে, অথচ তাৰ বাবে কোনো সাৱধানতা অৱলম্বন কৰা হোৱা নাই৷ নামমাত্ৰ বা শূন্য মনস্তাত্ত্বিক এছেছ্মেণ্ট কৰি তেওঁলোকক ‘barrier-free’ জেণ্ডাৰ ট্ৰিটমেণ্ট দিব পৰাটোকেই এতিয়া ভাল বুলি ভবা হৈছে৷ সি যি নহওক, যিহেতু diagnosis নাই, গতিকে কথাটো থাকিলগৈ জেণ্ডাৰ ট্ৰিটমেণ্টবিলাকে ‘‘কাম’’ কৰে নে নকৰে; অৰ্থাৎ, সেইবিলাকে জেণ্ডাৰ সমস্যাৰ সমাধান কৰি মানসিক শান্তি দিব পাৰে নে নোৱাৰে৷ বিভিন্ন প্ৰণালীবদ্ধ গৱেষণাই বাৰংবাৰ প্ৰমাণ কৰিছে যে এইক্ষেত্ৰত the harms outweigh the benefits. জেণ্ডাৰ ট্ৰিটমেণ্টৰপৰা কিবা লাভ হয় বুলি বিশেষ কোনো প্ৰমাণ নাই; কিন্তু তাৰপৰা যে ভয়ংকৰ আৰু দীৰ্ঘম্যাদী ক্ষতি হয় তাৰ দেধাৰ প্ৰমাণ আছে৷ প্ৰতিটো অধ্যয়নেই (systematic review of evidence) এই কথা প্ৰমাণ কৰিছে যে জেণ্ডাৰ-সমৰ্থনমূলক কেয়াৰে মানসিক স্বাস্থ্যজনিত উপকাৰ (mental health benefits) কৰে বুলি যিবোৰ প্ৰমাণ (evidence) আগ বঢ়োৱা হৈছে, সেইবোৰৰ মান হ’ল low, very low বা very low certaintyৰ৷ জেণ্ডাৰ ট্ৰেঞ্জিচনে আত্মহত্যা ৰোধ কৰে বুলি যিটো দাবী কৰা হয় তাকো প্ৰতিটো অধ্যয়নেই ভুল প্ৰমাণিত কৰিছে৷ উক্ত মডেলটোৰ সমৰ্থনকাৰী সংগঠন তথা প্ৰবক্তাসকলে সততে দাবী কৰি থাকে যে বহু দশকৰ বহু গৱেষণাৰ আধাৰত তেওঁলোকৰ ট্ৰিটমেণ্টৰ মডেলটো প্ৰতিষ্ঠিত; কিন্তু নিৰ্দিষ্টভাৱে সবিশেষ বিতৰ্কত তেওঁলোকে কেতিয়াও অংশগ্ৰহণ নকৰে৷ সি যি নহওক, জেণ্ডাৰ ট্ৰিটমেণ্ট অতিকে জটিল আৰু কষ্টকৰ প্ৰক্ৰিয়া, যাৰ ফলত সৃষ্টি হ’ব পৰা সমস্যা আৰু পাৰ্শ্বক্ৰিয়া বহুতো৷ bone density কমি যোৱাৰপৰা vaginal atrophyলৈকে, infertilityৰপৰা cardiovascular complications লৈকে বহুধৰণৰ পাৰ্শ্বক্ৰিয়াত ভুগিবলগা হ’ব পাৰে৷ তদুপৰি দীৰ্ঘদিনৰ বাবে কৰিবলগীয়া মেইন্টিনেন্স আছেই৷ এবাৰ জেণ্ডাৰ ট্ৰিটমেণ্ট গ্ৰহণ কৰা মানে জীৱনজুৰি ৰোগী হৈ থকা৷ উদাহৰণস্বৰূপে, প্ৰভাৱ বৰ্তাই ৰাখিবলৈ ক্ৰছ-ছেক্স হৰম’ন গোটেই জীৱনজুৰি লৈ থাকিব লাগে৷ ছাৰ্জাৰিৰ জৰিয়তে মতা মানুহ এজনে পে’নিছ-অণ্ডকোষ আঁতৰাই যেতিয়া কৃত্ৰিম ভেজাইনাৰ সৃষ্টি কৰি লয়, শৰীৰটোৱে তাক এটুকুৰা ঘা বুলি গণ্য কৰে আৰু তাক ঠিক কৰি বন্ধ কৰি দিবলৈ অহৰহ চেষ্টা কৰি থাকে৷ গতিকে সেই ভেজাইনা খোলা ৰাখিবলৈ হ’লে গোটেই জীৱনজুৰি ডাইলেচন (post-operative vaginal dilation) কৰি থাকিব লাগিব৷ এনেবোৰ কাৰণতে এতিয়া gender-affirming care মডেলটো ক্ৰমাৎ বৰ্জন কৰা হৈছে৷ এইটো স্বীকাৰ কৰা হৈছে যে জেণ্ডাৰ সমস্যাত ভোগা শিশু-কিশোৰসকলক মনস্তাত্ত্বিক সহায়ৰহে প্ৰয়োজন, মেডিকেল হস্তক্ষেপৰ নহয়৷ ল’ৰা-ছোৱালীৰ বাবে, বিশেষকৈ বয়ঃসন্ধি পোৱাৰ পূৰ্বে, জেণ্ডাৰ অসংগতি বা সমস্যা এটা ক্ষণস্থায়ী পৰ্যায় হ’ব পাৰে৷ গতিকে তেওঁলোকৰ এটা সামগ্ৰিক মূল্যায়ন হ’ব লাগে, য’ত তেওঁলোকে ভুগি থকা বিভিন্ন শাৰীৰিক-মানসিক সমস্যাবিলাক ধীৰে-সুস্থিৰে আৰু দীৰ্ঘম্যাদী চিন্তাৰে বিবেচনা কৰিব পাৰি, তেওঁলোকৰ ওপৰত পৰা সমনীয়া তথা সাংস্কৃতিক প্ৰভাৱবিলাকো চিহ্নিত কৰিব পাৰি৷ গতিকে তেওঁলোকৰ বাবে মেডিকেল নহয়, মনোসামাজিক হস্তক্ষেপহে (psychosocial interventions) দৰকাৰী৷ কাছ ৰিভিউ প্ৰকাশৰ পাছতে ইংলেণ্ডত পিউবাৰ্টি ব্লকাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ৱেল্ছ আৰু স্কটলেণ্ডেও ইংলেণ্ডৰ সদৃশ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ছুইডেন, ফিনলেণ্ড, ডেনমাৰ্ক, নৰৱে’ আদি দেশত অপ্ৰাপ্তবয়স্কৰ বাবে জেণ্ডাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বিভিন্নধৰণে নিষেধাজ্ঞা-সীমাবদ্ধতা বা কঠোৰ চৰ্ত আৰোপ কৰিছে৷ ইটালি, জাৰ্মানি, ফ্ৰান্স, বেলজিয়াম, নিউজিলেণ্ড, আনকি নেদাৰলেণ্ডতো affirming মডেলটোক বিচাৰৰ কাঠগৰাত থিয় কৰোৱা হৈছে৷ আনহাতে, কাছ ৰিভিউৰ প্ৰকাশৰ পাছতে সকলোতে জেণ্ডাৰ ট্ৰিটমেণ্টক লৈ নতুনকৈ প্ৰশ্ন উত্থাপিত হৈছে; ইয়াৰ প্ৰভাৱ যে সুদূৰপ্ৰসাৰী হ’ব সেইটো সহজেই অনুমান কৰিব পাৰি৷ ইয়াৰ বিপৰীতে, বিভিন্ন বিতৰ্ক তথা বিৰোধ সত্ত্বেও আমেৰিকাত প্ৰধানকৈ affirming মডেলটো চলি আছে, আৰু তাৰ নেতৃত্বতে বিশ্বজুৰি এনে এটা ধাৰণা বিয়পাই দিয়া হৈছে যে এয়াই জেণ্ডাৰ সমস্যাৰ একমাত্ৰ আদৰ্শনীয় সমাধান৷ এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ইউৰোপৰ দেশবিলাকত একোটা ৰাজহুৱা চিকিৎসা সেৱা খণ্ড আছে; তাৰ বিপৰীতে আমেৰিকাৰ চিকিৎসা সেৱা খণ্ডৰ নিয়ন্ত্ৰণকাৰী শক্তি হ’ল ব্যক্তিগত পুঁজি৷ গতিকে আমেৰিকাৰ ক্ষেত্ৰত কৰ্প’ৰেট মুনাফাৰ স্বাৰ্থই যে জেণ্ডাৰ ট্ৰিটমেণ্টক প্ৰভাৱিত কৰিব পাৰে, তাৰ সম্ভাৱনা প্ৰবল৷
জেণ্ডাৰ মতাদৰ্শৰ মাজত শৰীৰৰ প্ৰতি এক ঘৃণা অন্তৰ্নিহিত হৈ থকা দেখিবলৈ পোৱা যায়৷ এই ঘৃণা শিশু আৰু যুৱ প্ৰজন্মৰ মনোজগতত ভৰাই দিবলৈ সি বিভিন্নধৰণে চেষ্টা কৰে – যাতে তেওঁলোকে নিজক শৰীৰপৰা বিচ্ছিন্ন ৰূপত চাবলৈ শিকে আৰু শৰীৰটোক ইচ্ছানুসৰি সালসলনি কৰি ল’ব পৰা এক জড় বস্তু বুলি গণ্য কৰে৷ সেইটো কৰিবৰ বাবে ই ঘৃণাকেই প্ৰেম বুলি প্ৰচাৰ কৰে – শৰীৰৰ অংগচ্ছেদক (mutilation) উপস্থাপন কৰে মুক্তি, স্বাধীনতা আৰু সবলীকৰণৰ ৰূপত৷ শৰীৰৰ ওপৰত মেডিকেল পৰীক্ষা-নিৰীক্ষা কৰাটোক ই দাঙি ধৰে ‘জীৱনদায়িনী চিকিৎসা’ হিচাপে, আত্মোপলব্ধি আৰু স্বপ্নপূৰণৰ সোপান হিচাপে৷ জেণ্ডাৰ ট্ৰেঞ্জিচন প্ৰকৃততে এটা অতিকে যন্ত্ৰণাদায়ক প্ৰক্ৰিয়া; কিন্তু তাৰ এটা মনোমোহা ছেনিটাইজ্ড ৰূপ দাঙি ধৰিবলৈ বিচৰা হয়; যত কূটৰ ঘাই বুলি দেখুওৱা হয় সামাজিক হেঁচা-সমালোচনাক৷ ছ’চিয়েল মেডিয়াত বহুতো ভিডিঅ’ পোৱা যায় য’ত টপ ছাৰ্জাৰি কৰা (মানে স্তন কটাই দিয়া) ছোৱালীয়ে দাগযুক্ত বুকু প্ৰদৰ্শন কৰি ‘‘I love my scars’’ বা সদৃশ বাৰ্তাৰে দৰ্শকসকলক উৎসাহিত কৰা দেখা যায়৷ Rupal’s Drag Race নামৰ ৰিয়েলিটি কম্পিটিচনটোত শেহতীয়াভাৱে এগৰাকী টপ ছাৰ্জাৰি কৰা ট্ৰেন্স পুৰুষক ৰেম্পত দেখা গৈছিল এটা বিশেষ দৃশ্যত : তেওঁৰ বুকুৰ ছাৰ্জাৰিৰ ঘা দুটুকুৰাৰপৰা কৃত্ৰিম তেজ টোপাল টোপালকৈ পৰি আছিল; পিঠিৰ ফালৰপৰা আগ বাঢ়ি অহা দুখন কৃত্ৰিম হাতত (নিজৰ হাত দুখন নিজৰ ঠাইতে আছিল) আছিল দুডাল স্কেলপেল যি দুডালে অহৰহ বুকুৰ ঘা দুডোখৰৰ ওপৰত লৰচৰ কৰি আছিল, যেন স্তন দুটা কাটি হোৱাৰ পাছত ঠাইডোখৰ চিকুণাই থকা হৈছে; এখন হাতত লৈ আছিল এটা পলিথিনৰ বেগ য’ত আছিল কৃত্ৰিম তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দুটা গোলাকাৰ বস্তু, তাৰ মানে তেওঁৰ কাটি পেলোৱা স্তন দুটা৷ এই পাৰ্ফৰ্মেন্সটোক শ্ৰেষ্ঠ, দুঃসাহসিক, অবিস্মৰণীয় আদি বুলি উচ্চ প্ৰশংসা কৰা হৈছিল; যিসকলে সমালোচনা কৰিছিল, তেওঁলোকক সোঁপন্থী বুলি ধিক্কাৰ দিয়া হৈছিল; পিংক নিউজ নামৰ কুইয়েৰ মেডিয়া ছাইটটোৱে এই বিষয়ে দিয়া শিৰোনাম আছিল ‘‘Gottmik’s stunning All Stars 9 top surgery look sends right-wingers into meltdown’’. শৰীৰৰ প্ৰতি এই ঘৃণা তথা বিচ্ছিন্নতাৰ মনোভাব (body dissociation) জেণ্ডাৰ মতাদৰ্শৰ প্ৰধান অৱলম্বন৷ এই মনোভাব গ্ৰহণ কৰি মেডিকেল ট্ৰেঞ্জিচনৰ পথত ভৰি দিয়া শিশু বা যুৱ প্ৰজন্মৰ শৰীৰবিলাকে কি ৰূপ লয় বা সিবিলাকৰ ওপৰত কি প্ৰভাৱ পৰে, সেইটোক লৈ চিন্তিত হোৱা দেখা নাযায়৷ কথা হ’ল, শৰীৰৰ প্ৰতি এই মনোভাব গঢ় দিয়াৰ জৰিয়তেই তেওঁলোকক জেণ্ডাৰ মতাদৰ্শত দীক্ষিত কৰা হয়৷ এনেকৈয়ে সৃষ্টি কৰা হয় ‘ট্ৰেন্স শিশু’ৰ৷ ‘ট্ৰেন্স শিশু’ বুলি শিশুৰ কিবা কেটেগৰি এটা নাই; এইটো হ’ল এটা বিশুদ্ধ বাগধাৰাগত সৃষ্টি৷ হে’দাৰ ব্ৰান্সকেল-ইভান্সে (Heather Brunskell-Evans) ‘The Medico-Legal “Making” of “The Transgender Child”’ নামৰ পেপাৰখনত ফুকোৰ ধাৰণাৰ আধাৰত ‘newly emergent, discursively produced historical figure’ ট্ৰেন্স শিশুৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো সবিশেষ ফঁহিয়াই দেখুৱাইছে৷ সি যি নহওক, লিংগ-অসংগত বা অভিভাৱকে লিংগ-অসংগত বুলি ভবা বহু শিশুকতো ট্ৰেন্স হিচাপে গঢ় দিয়া হৈছেই; আচলতে সকলো শিশুৰ মাজতেই পৰিকল্পিতভাৱে জেণ্ডাৰক লৈ এক বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা হৈছে৷ জেণ্ডাৰ পৰিচিতি তত্ত্বৰ জৰিয়তে ছেক্স সম্পৰ্কে চূড়ান্ত অবৈজ্ঞানিক ধাৰণা বিয়পাই দিয়া হৈছে৷ ইয়াৰ ফলত এক অসম্ভৱ দ্বৈতবাদৰ (dualism) সৃষ্টি হয় – ভাব আৰু বস্তুৰ, মন আৰু শৰীৰৰ এনেধৰণৰ চূড়ান্ত দ্বৈতবাদ আধুনিক বিজ্ঞান-সমাজবিজ্ঞান একোৱেই সমৰ্থন নকৰে৷ ক’বলৈ গ’লে, জেণ্ডাৰ মতাদৰ্শই পাশ্চাত্যৰ সমাজত ব্যাপকভাৱে এক collective cognitive dissonanceঅৰ সৃষ্টি কৰিছে৷ কিন্তু শিশু তথা যুৱ প্ৰজন্মৰ ক্ষেত্ৰত ইয়াৰ পৰিণাম হৈছে অধিক ক্ষতিকাৰক৷ ইয়াৰ পৰিণামস্বৰূপে বিভ্ৰান্ত হৈ জাকে জাকে ল’ৰা-ছোৱালীয়ে ট্ৰেন্স আত্মচিনাক্তকৰণ তথা জেণ্ডাৰ ট্ৰেঞ্জিচনৰ ফালে আগ বাঢ়িছে৷ এই প্ৰক্ৰিয়াত প্ৰধান ভূমিকা পালন কৰিছে শিক্ষাই৷
জেণ্ডাৰ মতাদৰ্শই প্ৰাতিষ্ঠানিক পৃষ্ঠপোষকতা লাভ কৰা সকলো ঠাইতে জেণ্ডাৰ পৰিচিতি তত্ত্ব শিক্ষাৰ অভিন্ন অংগ হৈ পৰিছে৷ উদাহৰণস্বৰূপে, Women’s Declaration International USAই সংগ্ৰহ কৰা বিস্তৃত সাক্ষ্যই (‘Summary Report on ‘Gender Identity’ Indoctrination in the Schools’) দেখুৱাইছে, আমেৰিকাৰ বহু ৰাজ্যত কিণ্ডাৰগাৰ্টেনৰপৰা দ্বাদশ শ্ৰেণীলৈকে (K-12) শিক্ষাৰ জৰিয়তে কেনেকৈ জেণ্ডাৰ মতাদৰ্শত দীক্ষা দিয়া হয়৷ জেণ্ডাৰ পৰিচিতি সম্পৰ্কীয় বিভিন্ন সচিত্ৰ কিতাপ-পত্ৰ কিণ্ডাৰগাৰ্টেনৰপৰাই শিশুক পঢ়িবলৈ দিয়া হয়৷ ভুল শৰীৰত জন্ম হোৱাৰ ধাৰণাটো ইয়াত দিয়া হয়; নিজৰ জেণ্ডাৰ পৰিচিতি অনুসন্ধান কৰিবৰ বাবে শিশুহঁতক উৎসাহিত কৰা হয়; বিভিন্নধৰণৰ ব্যক্তিগত সৰ্বনাম ব্যৱহাৰ কৰি চাবলৈ শিকোৱা হয়৷ যৌন শিক্ষাও তেনেদৰেই দিয়া হয়৷ সন্তানোৎপাদন তথা যৌন এনাটমিৰ বিষয়ে শিকাওঁতেও ‘a person with a uterus’, ‘a person with testicles’, a person finding out they’re pregnant’ আদি টাৰ্ম ব্যৱহাৰ কৰা হয়৷ এনেকৈ বিজ্ঞান, আৰ্ট্ছ আদি সকলো বিষয়তে জেণ্ডাৰ পৰিচিতি তত্ত্বৰ ধাৰণা বিয়পি থকা দেখিবলৈ পোৱা যায়৷ শিক্ষকসকলক জেণ্ডাৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয় (বিভিন্ন এল জি বি টি সংগঠনে ট্ৰেন্সজেণ্ডাৰ অন্তৰ্ভুক্তিকৰণ তথা বৈচিত্ৰ্য সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰে আৰু সেইটো এটা অতি ডাঙৰ উদ্যোগ); কিছুমান এক্টিভিষ্ট শিক্ষক দেখিবলৈ পোৱা যায়, যিসকলে অত্যুৎসাহেৰে জেণ্ডাৰ পৰিচিতি তত্ত্বৰ প্ৰচাৰ কৰে৷ তদুপৰি পতাকা, প’ষ্টাৰ, পুস্তিকা আদিৰ লগতে বিভিন্ন ইভেণ্ট, আলোচনা আদিৰ জৰিয়তে শিশুসকলক ইয়াৰ সৈতে জড়িত কৰা হয়৷ বহু স্কুল-কলেজে অতি গৌৰৱেৰে নিজকে ট্ৰেন্স এক্টিভিজমৰ সক্ৰিয় অংশীদাৰ হিচাপে চিনাকি দিয়ে৷ সি যি নহওক, চিত্ৰসহ কেনেদৰে জেণ্ডাৰ পৰিচিতিৰ শিক্ষা দিয়া যায় তেনে দুটামান বাক্যৰ নমুনা দিয়া হ’ল : “I have a girl brain but a boy body. This is called transgender. I was born this way!” “A lot of times people with these parts are girls, but any gender and kid can have any type of body.” “See, when you were born, you couldn’t tell people who you were or how you felt. They looked at you and made a guess. Maybe they got it right, maybe they got it wrong.” “What a baby’s body looks like when they’re born can be a clue to what the baby’s gender will be, but not always.” “Girl or boy, only you know who you are on the inside, but the best thing you can be is a good friend.” এনেধৰণৰ ভুল আৰু বিজ্ঞানবিৰোধী শিক্ষা দিয়াৰ পাছত সৰু সৰু ল’ৰা-ছোৱালীয়ে জেণ্ডাৰক লৈ বিভ্ৰান্তিত ভোগাটো অৱশ্যম্ভাৱী৷ তেনে অৱস্থাত তেওঁলোকে কি জেণ্ডাৰ বুলি আত্মচিনাক্ত কৰিব কোনে জানে? শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল ড্ৰেগ (drag)৷ Drag queen story hour এতিয়া শিশুৰ শিক্ষাৰ এটা অংগ হৈ পৰিছে৷ পাব্লিক লাইব্ৰেৰি, স্কুল, কিতাপৰ দোকান, কমিউনিটি চেণ্টাৰ আদি বিভিন্ন ঠাইত এনে অনুষ্ঠান পতা হয়, য’ত ড্ৰেগ কুইনবিলাকে শিশুৰ বাবে লিখা কিতাপ পঢ়ি শুনাই, নাচ-বাগ কৰি শিক্ষা (জেণ্ডাৰ পৰিচিতি, যৌনতা আদি সম্পৰ্কীয়) প্ৰদান কৰে৷ ২০১৫ চনত আৰম্ভ হোৱা এই অনুষ্ঠানৰ জনপ্ৰিয়তা বহুত৷ অতীতত ড্ৰেগ আছিল বিশেষকৈ গে’ পুৰুষৰ মাজত সীমাবদ্ধ একধৰণৰ প্ৰাপ্তবয়স্ক subculture; কিন্তু সম্প্ৰতি তাৰ কেৱল মূলসুঁতিকৰণ ঘটাই নহয়, তাক অতিকে গ্লেমাৰাছ আৰু অনুকৰণীয় বুলি প্ৰচাৰ কৰা হৈছে৷ ড্ৰেগ পাৰ্ফৰ্মেন্সক লৈ কোনোধৰণৰ আপত্তি থাকিব নোৱাৰে; প্ৰাপ্তবয়স্ক লোকে আমোদ বা অন্য যিকোনো কাৰণে ইয়াত অংশগ্ৰহণ কৰিব পাৰে৷ কিন্তু শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ড্ৰেগৰ ব্যৱহাৰ সম্পৰ্কে নিশ্চয়কৈ প্ৰশ্ন উঠিব পাৰে৷ Hypersexualized ড্ৰেছ পিন্ধি আৰু বিভিন্ন যৌন ভংগিমাৰে নাচি, twerk কৰি ড্ৰেগ কুইনবিলাকে (শিশুৰ বাবে লিখা এখন জনপ্ৰিয় কিতাপৰ নাম The Hips on the Drag Queen Go Swish, Swish, Swish; The wheels on the bus পদ্যৰ অনুকৰণত) দিয়া শিক্ষাই জেণ্ডাৰ মতাদৰ্শৰ প্ৰচাৰৰ উপৰি Childhood sexualizationঅত বৰঙণি যোগাইছে৷ ইয়াৰ জৰিয়তে যৌন অনুৰক্তিৰ বিকাশ নঘটা সৰু সৰু ল’ৰা-ছোৱালীৰ ওপৰত প্ৰাপ্তবয়স্কৰ যৌন চিন্তা জাপি দিয়া হয়৷ এইখিনিতে মন কৰিবলগীয়া যে ড্ৰেগ বুলিলে সাধাৰণতে ড্ৰেগ কুইনসকলকেই (মতা মানুহ) বুজা যায়, সেইখন জগতত তেওঁলোকৰে আধিপত্য আছে; ড্ৰেগ কিং (মাইকী মানুহ) তেনেই কম, তেওঁলোকৰ ৰাজহুৱা দৃশ্যমানতা নাই, তেওঁলোকক বিশেষ গুৰুত্ব বা সন্মান দিয়া নহয়। সি যি নহওক, বৰ্তমান শিশুৰ শিক্ষা তথা শৈশৱৰ Queering কৰাটো প্ৰগতিশীল আৰু উপকাৰী বুলি গণ্য কৰা হ’ব লাগিছে৷ কোনো কোনোৱে ইয়াক Drag pedagogy বা queer pedagogy বুলি কয়৷ উদাহৰণস্বৰূপে, ‘Drag pedagogy: The playful practice of queer imagination in early childhood’ নামৰ এখন পেপাৰত কোৱা হৈছে যে ‘‘Drag Queen Story Hour provides a generative extension of queer pedagogy into the world of early childhood education’’; ‘‘‘Drag pedagogy’ provides a performative approach to queer pedagogy that is not simply about LGBT lives, but living queerly.’’ গতিকে শিক্ষাৰ জৰিয়তে শিশুসকলক কুইয়েৰ ৰূপত গঢ়ি তুলিবৰ বাবে প্ৰণালীবদ্ধভাৱে বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছে৷ আনহাতে, কিছুমান স্কুল তথা স্কুল ব’ৰ্ডত এনেকুৱা পলিচি আছে যে ছাত্ৰ-ছাত্ৰীৰ জেণ্ডাৰ আত্মচিনাক্তকৰণৰ কথা স্কুলখনে অফিচিয়েলি অভিভাৱকৰপৰা লুকুৱাই ৰাখিব পাৰে৷ ট্ৰেন্স বাগধাৰাত মাজে-সময়ে মাক-দেউতাকক শত্ৰু পক্ষ হিচাপে চিত্ৰিত কৰা দেখিবলৈ পোৱা যায়৷ ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ে এইবুলি ভাবে যে সম্প্ৰদায় হিচাপে তেওঁলোকৰ কাম হ’ল শিশুসকলক মাক-দেউতাকৰপৰা সুৰক্ষিত কৰা৷ সন্তানৰ ট্ৰেন্সজেণ্ডাৰ পৰিচিতি মাক-দেউতাকৰ আগত মুকলি কৰি দিয়াটো বা out কৰি দিয়াটো বহু ট্ৰেন্স এক্টিভিষ্টে ভয়ানক আৰু অনুচিত কাৰবাৰ বুলি ভাবে৷ তেনে চিন্তাৰপৰাই স্কুলসমূহৰ উপৰোক্ত সিদ্ধান্তটো অহা বুলিব পাৰি৷ স্কুলৰ ফালৰপৰা ছাত্ৰ-ছাত্ৰীৰ জেণ্ডাৰ যাত্ৰাত যথাসম্ভৱ সহায় কৰা হয়, কিন্তু কথাটো পৰিকল্পিতভাৱে মাক-দেউতাকৰপৰা লুকুৱাই ৰখা হয়৷ ধৰক, আপোনাৰ ছোৱালীজনীয়ে স্কুলত ল’ৰা হিচাপে আত্মচিনাক্তকৰণ কৰিলে, তাইৰ সেই পৰিচিতি শিক্ষকসকলে affirm কৰিলে, তাইক নতুন ল’ৰা নামেৰে (আৰু পুংবাচক সৰ্বনামেৰে) স্কুলত সকলোৱে মাতিবলৈ ধৰিলে, তাই ল’ৰা হিচাপেই স্কুলৰ দিনবোৰ পাৰ কৰিবলৈ ধৰিলে; কিন্তু আপোনালোকে যাতে কথাটো গম নাপায় তাৰ বাবে সাৱধানতা অৱলম্বন কৰা হ’ল, স্কুলৰপৰা আপোনাৰ সৈতে যোগাযোগ কৰোতে তাইৰ আচল নামটো ব্যৱহাৰ কৰা হৈ থাকিল, স্কুলৰপৰা আপোনালৈ দিয়া চিঠি-ইমেইলত তাইৰ স্ত্ৰীবাচক সৰ্বনাম ব্যৱহাৰ কৰা হৈ থাকিল; এনেকৈ গৈ গৈ আপুনি ছমাহ বা এবছৰৰ পাছত গম পালে যে আপোনাৰ ছোৱালীয়ে স্কুলত সামাজিক ট্ৰেঞ্জিচন কৰি কাহানিবাই ল’ৰা হৈ গৈছে৷ জেণ্ডাৰ ট্ৰেঞ্জিচনৰ নিচিনা ডাঙৰ আৰু জীৱন সলনি কৰি দিব পৰা সিদ্ধান্ত এটাৰপৰা মাক-দেউতাকক আনুষ্ঠানিকভাৱে আঁতৰাই ৰাখিব খোজা এনে পলিচিয়ে স্বাভাৱিকতেই মাক-দেউতাকৰ অধিকাৰ খৰ্ব কৰিছে, আৰু লগতে ল’ৰা-ছোৱালীক ঠগবাজি কৰিবলৈ উৎসাহিত কৰিছে৷ এনেকুৱা পলিচিৰ বাবে বিভিন্ন ঠাইত স্কুল তথা স্কুল ব’ৰ্ডৰ বিৰুদ্ধে মাক-দেউতাকহঁতে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইয়াক লৈ কিছুমান গোচৰ আদালতত চলি আছে৷

