অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

বৰপেটাত মৃত্যু -(মূল- এম. এচ. প্ৰভাকৰ, অনুবাদ- লক্ষীপ্ৰিয়া গগৈ)

গুৱাহাটীৰ পৰা প্ৰকাশিত দা আছাম ট্ৰিবিউন কাকতৰ ৩১ জানুৱাৰী, ১৯৭৫ সংখ্যাৰ প্ৰথম পৃষ্ঠাত “বৰপেটাত অনাহাৰে ১০০০ৰো অধিক লোকৰ মৃত্যু” শীৰ্ষক এটি প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনৰ মতে, “বৰপেটা মহকুমাৰ বাঘবৰ-মন্দিয়া অঞ্চলত বিগত ছয় মাহত প্ৰায় ১০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এইক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰিলে অনাগত কেইটামান মাহৰ ভিতৰত প্ৰায় ৫০০০ অন্য লোকৰ মৃত্যু নিশ্চিত। বিধায়ক শ্ৰী জালালুদ্দিনে আহমেদ আৰু মহকুমা পৰিষদৰ কাউন্সিলৰ শ্ৰী আলি আকবৰ খানে কালি বৰপেটাত এই কথা সদৰি কৰে। ” প্ৰতিবেদনত এই সম্পৰ্কীয় সবিশেষ বৰ্ণনা আগবঢ়োৱা হয়। ইয়াৰ চাৰিদিনৰ পাছত ৪ ফেব্ৰুৱাৰী সংখ্যাৰ দা আছাম ট্ৰিবিউনত ইয়াৰ এক বিপৰীত ভাষ্য প্ৰকাশিত হয় য’ত ২ ফেব্ৰুৱাৰী তাৰিখে বিধয়ক জালালুদ্দিন আহমেদে আগবঢ়োৱা ভাষ্য অনুযায়ী ,” মই কৈছিলো যে এই অঞ্চলসমূহত অভূতপূৰ্ব হাৰত অগা পিছাকৈ হোৱা ছটা বানপানীৰ ফলত ব্ৰক্ষ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমুহে সৃষ্টি কৰা গৰাখহনীয়াৰ প্ৰকোপত বৄহৎ সংখ্যক লোক গৃহহাৰা হৈ পৰিছে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যোগান ধৰা সাহাৰ্য্যৰ সুবিধা তথা দেশৰ বহু সহানুভূতিশীল ব্যক্তিয়ে আগবঢ়োৱা অনুদানৰ কথা স্বীকাৰ কৰিও এই কথা ক’ব পাৰি যে এনে সাহাৰ্য্যমূলক পদক্ষেপ অব্যাহত ৰখাৰ প্ৰয়োজনীয়তা আছে।” ৩১ জানুৱাৰী সংখ্যাত এই বাতৰি প্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱাৰ পিছদিনাই ভাৰতৰ ৰাষ্ট্ৰপতি, যিয়ে এই পদত অধিষ্ঠিত হোৱাৰ আগলৈকে সংসদত উল্লিখিত অঞ্চলসমূহৰ প্ৰতিনিধিত্ব কৰি আছিল, গুৱাহাটীত আহি উপস্থিত হোৱাৰ কথা আছিল। গতিকে বিধায়কজনৰ এনে ‘বিপৰীতমুখী’ মন্তব্য ‘আৰোপিত ভাষ্য’ হিচাপে চৰ্চিত হৈছিল কাৰণ ফকৰুদ্দিন আলি আহমেদে প্ৰতিনিধিত্ব কৰা অঞ্চলত অনাহাৰত হোৱা মৃত্যুৰ বাতৰি ৰাষ্ট্ৰপতিজনৰ বাবে অস্বস্তিকৰ বুলি গণ্য কৰা হৈছিল।

১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া এক চমু ভ্ৰমণসূচী লৈ বাতৰিত উল্লিখিত অঞ্চলবিশেষ  নিজে পৰিদৰ্শন কৰি ঘটনাৰ বুজ লবলৈ মই ৰাওনা হঁও। মই থোৰতে এয়ে জানিব খুজিছিলো যে- ৩১ জানুৱাৰীৰ প্ৰতিবেদনটো প্ৰকৃততে সঁচা নে এক ক্ষমণীয় অতিৰঞ্জন অথবা তথ্য বিকৃতকৰণৰ ফল? ১৬ তাৰিখে জনিয়া আৰু ইয়াৰ কাষৰীয়া অঞ্চল আৰু ১৭ তাৰিখে মন্দিয়া অঞ্চল পৰিদৰ্শন কৰি  উঠি মই এই কথা কব পাৰো যে সঁচাকৈয়ে ১০০০ লোকৰ অনাহাৰে মৃত্যুৰ তথ্য সুনিশ্চিত কৰিব নোৱাৰিলেও মন্দিয়া- বাঘবৰ অঞ্চলত বহুতো লোকৰ যে ভোকত মৃত্যু হৈছে তাত কোনো সন্দেহ নাই। কিন্তু মৃত বা মৃত্যু মুখত পৰিবলগীয়া লোকৰ পৰিসংখ্যা নিৰ্ণয় কৰাতকৈ মন কৰিবলগীয়া কথাটো হ’ল ৰাইজে প্ৰদৰ্শন কৰা তীব্ৰ ক্ষোভ আৰু তিক্ততা আৰু এই কথা অনুধাৱন কৰিবলৈ হ’লে চমুকৈ এই অঞ্চলত বাস কৰা লোকসকলৰ ইতিহাস সম্পৰ্কে কিছু কথা জনাটো আৱশ্যকীয়। এই প্ৰসংগত ‘অঞ্চল’ ( region) শব্দটিৰ ব্যৱহাৰ একেবাৰে অস্পষ্ট। বাতৰি কাকতত প্ৰকাশ পোৱা মতে কামৰূপ জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টি – পশ্চিম নলবাৰী, সৰুক্ষেত্ৰী, চেঙা, বাঘবৰ, পাটাছাৰকুছি, জনিয়া আৰু বৰপেটা আৰু গোৱালপাৰা জিলাৰ দুটা বিধানসভা সমষ্টি – অভয়াপুৰী আৰু বঙাইগাঁও – এই কেওটা সমষ্টি সামৰি গঠিত বৰপেটা সংসদীয় সমষ্টিৰ মুঠ ভোটাৰৰ ৪৫ শতাংশই মুছলমান ধৰ্মাৱলম্বী লোক। এই মুছলমান জনসংখ্যাৰ গৰিষ্ঠ সংখ্যকেই তথাকথিত প্ৰব্ৰজিত মুছলমান। ইয়াত ‘তথাকথিত’ শব্দটো ব্যৱহাৰ কৰা হৈছে কাৰণ ইয়াৰে বেছিভাগ লোক বা তেওঁলোকৰ পূৰ্ব পুৰুষ দেশ স্বাধীন হোৱাৰ আগতেই পূৰ্ব বংগৰ গ্ৰামাঞ্চলৰ পৰা বৃটিছ আৰু বৃটিছৰ বিশ্বস্ত সেৱকসকলৰ দ্বাৰা চৰকাৰী ভাৱে অনুমোদিত প্ৰব্ৰজন আঁচনিৰ অধীনত অসমলৈ আহিছিল। এই লোকসকলক মূলত: বংগ আৰু অসমৰ বৃটিছ মালিকানাধীন মৰাপাট মিলসমূহৰ লাভাৰ্থে মৰাপাট উৎপাদনৰ বাবে এই অঞ্চলসমূহলৈ লৈ অনা হৈছিল। স্বাধীনতাৰ পিছৰ কালছোৱাত ইয়াৰে বৃহৎ সংখ্যক লোক, বিশেষকৈ গোৱালপাৰা জিলাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত পাকিস্তানলৈ সাময়িকভাবে প্ৰবজন কৰি পৰিস্থিতি স্বাভাৱিক হোৱাত পুনৰ ঘূৰি অহা লোকসকলৰ স্থিতি অনিশ্চিত হৈ পৰে। পূৰ্ববংগ পাকিস্তানৰ অংশ হৈ থকালৈকে পূৰ্বতে প্ৰব্ৰজন কৰি অহা লোকসকলৰ উত্তৰসূৰী সকসলক এখন   প্ৰতিকূল দেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী হিচাপে চিহ্নিত কৰি চৰকাৰী ব্যৱস্থাৰ দ্বাৰাও যথেষ্ট হাৰাশাস্তি কৰা হৈছিল। অন্যাৰ্থত বাংলাদেশ গঠনৰ আগলৈকে অসমৰ ৰাজহুৱা বিতৰ্কসমূহত পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ সমস্যাই যথেষ্ট গুৰুত্ব লাভ কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰায় একে ৰাতিৰ ভিতৰতে আগদিনালৈকে থকা অনুপ্ৰৱেশকাৰী হয় শূন্য হৈ পৰিছিল নাইবা মিত্ৰ দেশৰ পৰা অহা দৰ্শনকাৰী ৰূপে পৰিগণিত হৈছিল। পূৰ্ববংগৰ মুছলমান কৃষিজীৱীসকলৰ এই উত্তৰসূৰীসকল অসমত কংগ্ৰেছ দলৰ শক্তিশালী সমৰ্থক হিচাপে জনা গৈছিল। হেঁচা, ব্লেকমেইলিং আৰু পৃষ্ঠপোষকতাৰ এক বাহুল্যপূৰ্ণ ব্যৱস্থাৰে কংগ্ৰেছে এইসকল লোকৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ বিস্তাৰ কৰি ৰখাত সফল হৈছিল আৰু দলৰ বাবে এক সুকীয়া pocket borough নিশ্চিত কৰি ৰাখিছিল।

কিন্তু এই সকলোবোৰ দিশতে এক পৰিৱৰ্তন দেখা পোৱা গৈছিল আৰু যোৱা কিছু বছৰত এই পৰিৱৰ্তন বিশেষভাৱে দ্ৰুত হোৱা পৰিলক্ষিত হয়। ‘প্ৰব্ৰজিত’ লোকসকলৰ কংগ্ৰেছৰ প্ৰতি এই দীৰ্ঘদিনীয়া আনুগত্যলৈ অহা এনে পৰিৱৰ্তনৰ আঁৰত দুটা বিশেষ কথাৰ অৱদান দেখা যায়। প্ৰথমটো হৈছে বাংলাদেশ গঠন, যাৰ বাবে সন্দেহজনক সংখ্যালঘূ হিচাপে থকা তেওঁলোকৰ অৱস্থিতিৰ ক্ষেত্ৰত অহা (আন নহলেও চৰকাৰীভাৱে) গুণগত পৰিৱৰ্তন। দ্বিতীয় কাৰণটো হ’ল এনে এক গভীৰ অৰ্থনৈতিক সংকট, যিয়ে আন জনসংখ্যাৰ লোকতকৈ গ্ৰামীণ দৰিদ্ৰ মুছলমানসকলৰ বেছিকৈ ক্ষতিসাধন কৰিছে। ইয়াৰ ফলস্বৰূপে বৃহৎ সংখ্যক মুছলমান যুৱক বিশাল গণতান্ত্ৰিক আন্দোলনসমূহত অংশগ্ৰহণৰ বাবে ওলাই আহিছে আৰু এওঁলোকৰ অধিকাংশই কংগ্ৰেছ দলৰ বিৰুদ্ধে স্থিতি গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে। বৰপেটা সংসদীয় সমষ্টিৰ দুখীয়া মুছলমান সকলো ইয়াৰ ব্যতিক্ৰম নহয়।

*

জনিয়া বৰপেটাৰ পৰা দক্ষিণে কেৱল পাঁচ মাইল দূৰত্বত অৱস্থিত।  সদ্যহতে নিৰ্বাচনী কামত ঘূৰি ফুৰা জীপবোৰৰ সুবিধাৰ্থে ভঙা শিলগুটি পাৰি থোৱা ধূলিময় পথটোৰ তিনি মাইল অতিক্ৰম কৰিয়েই প্ৰায় ১৩৮৮ জন লোক বাস কৰা জহৰপাম নামৰ গাওঁখন পোৱা যায়। নিৰ্বাচনলৈ কেৱল চাৰিদিন বাকী ৰোৱা সময়ত গাঁওখনত ১৬ ফেব্ৰুৱাৰীত মই গৈ উপস্থিত হওঁতে মোকো ভোট বিচাৰি প্ৰচাৰ চলাবলৈ যোৱা বুলিয়েই ধাৰণা কৰিছিল। মই সাধ্যানুসাৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰো যে নিৰ্বাচনৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। দুজন ছাত্ৰ বন্ধুৱে আমাক গাঁওখন দেখুওৱাবলৈ লৈ যায়। প্ৰতিবেদনত উল্লিখিত অনাহাৰত হোৱা মৃত্যুৰ সম্পৰ্কে প্ৰশ্ন সোধাত সহানুভূতিসূচক সঁহাৰি লাভ কৰো। হয়, হয়, মানুহ অনাহাৰে ঢুকাইছে। আমাক কিছু নাম আৰু ঠিকনা জনায়। আৰজ খান, পিতা-ৰহিম খান, চপৰা গাওঁ – তেওঁৰ সেইদিনা পুৱাই মৃত্যু হৈছে। আমাক গাঁওখন পৰিদৰ্শন কৰি অনুষ্টুপীয়া শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবলৈও আদৰণি জনায়। মৃতকৰ দেউতাক ৰহিম খানৰো ‘অপুষ্টিত’ মৃত্যু ঘটাৰ কথা জানিব পৰা যায়। একেদৰে আন কিছু লোকৰো মৃত্যুৰ সম্ভেদ পোৱা যায়। চপৰাৰ ট’টা দেৱান, একে গাঁৱৰে কেতু মিঞা। জহৰপাম গাঁৱৰ নাইম খান। আমাক গাঁওবুঢ়াৰ ঘৰলৈ লৈ যোৱা হয়। গাঁওবুঢ়াজনৰ স্বচ্ছল অৱস্থা তেওঁৰ নিজৰ তামোল, নাৰিকল আৰু বাঁহ গছেৰে ভৰি থকা বাৰীৰ ভেটিত নিৰ্মিত ঘৰৰ ছবিত বিদ্যমান। গাঁৱৰ আটাইতকৈ অৱস্থাপন্ন মানুহ হৈও তেওঁ স্বীকাৰ কৰে যে সময় যথেষ্ট কঠিন। মৰাপাটৰ মূল্যৰ দ্ৰুত পতন আৰু একে সময়তে ধানৰ দামৰ দ্ৰুত উত্থানে বহুতো পৰিয়ালক ধ্বংসৰ মুখলৈ ঠেলি দিছে। যি ক্ষেত্ৰত আনকি পাঁচ বছৰৰ আগলৈকে এক মুঠ(mound) মৰাপাটৰ বিনিময়ত দুই মুঠ ধান সহজেই পোৱা গৈছিল তাত এতিয়া মূল্যৰ অনুপাত প্ৰায় ওলোটা হৈ পৰিছে। বৰপেটা মূলতঃ এক খাটিখোৱা অঞ্চল আৰু অঞ্চলবাসীয়ে সদায়েই বাহিৰৰ পৰা ধান কিনিবলগীয়া হয়। এসময়ত  সহজে উপলব্ধ ধান ভাল দামত কিনিব পৰাকৈ  মৰাপাট খেতি এই লোকসকলৰ বাবে লাভজনক আছিল। কিন্তু ধানৰ যিকোনো ধৰণৰ আন্তঃৰাজ্যিক সৰবৰাহত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত এই লোকসকল জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হয়। ইয়াৰ ফলস্বৰূপে শস্য উৎপাদনৰ প্ৰণালীত এক ধীৰ অথচ নিশ্চিত পৰিৱৰ্তনে দেখা দিয়ে। এসময়ৰ মৰাপাট উৎপাদনকাৰী সকলে লাহে লাহে ধান খেতি কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এই পৰিৱৰ্তনে ভূমিহীন নিবনুৱা কৃষক শ্ৰমিকৰ সংখ্যা বৃদ্ধি কৰিছে আৰু এই শ্ৰেণীৰ লোকসকলৰ মাজতেই অনাহাৰত মৃত্যুৰ ঘটনা সংঘটিত হৈছে। ধান খেতিৰ তুলনাত মৰাপাট খেতিৰ বাবে এক বৃহৎ সংখ্যক কৃষিকৰ্মী শ্ৰমিকৰ প্ৰয়োজন হয়।

গাঁওবুঢ়া আনোৱাৰ বক্সে আমাক গাঁও পৰিদৰ্শনৰ বাবে লৈ যায়। গাঁৱখনত সততে থকাতকৈ কম সংখ্যক পুৰুষ দেখা যায়। প্ৰায়বোৰেই গাঁও এৰি গুচি গৈছে ; কোনো কোনোৱে পৰিয়াল আন ঠাইলৈ লৈ গৈছে নাইবা কামৰ সন্ধানত আন ঠাইলৈ ওলাই গৈছে। পৰিস্থিতি এনেকুৱা যে যিকোনো কামেই যথেষ্ট হ’ব আৰু আনকি বেছি পাৰিশ্ৰমিকৰ দাবীও নাই। সাধাৰণতে পোৱা নামমাত্ৰ পাৰিশ্ৰমিকতকৈ এসাঁজ ভাতৰ প্ৰস্তাৱ সদায়েই আদৰণীয়। গাঁওবুঢ়াজনে আমাক এটা সৰু জুপুৰীলৈ লৈ যায়। জুপুৰীটো কোনোমতে থিয় হৈ থকা প্ৰায় এফুট উচ্চতাৰ ওপৰত শুকান পাতেৰে ঢাকি থোৱা ঘৰসদৃশ জঁকাহে মাথোন। মজিয়াৰ ঠাইখিনি তিনি স্কোৱাৰ ফুটতকৈ বেছি নহয়। এই জুপুৰীতে হাচান, তেওঁৰ পৰিবাৰ আৰু তিনিটি সন্তান বাস কৰে। পৰিয়ালটিৰ এটা ঘৰ আছিল যদিও বাধ্যত পৰি সকলোবোৰ বিক্ৰী কৰিব লগীয়া হ’স আৰু সদ্যহতে ভিক্ষা কৰি পেট প্ৰৱৰ্তাব লগা হৈছে। দুচকুত ভোক আৰু আতংকৰ ছবি জিলিকি থকা সন্তানকেইটিৰ ভিক্ষা খুজিবলৈয়ো ভয়। সম্প্ৰতি তেওঁলোকে ঘেঁচু নামৰ বগৰীৰ আকৃতিৰ গছৰ মূল খাই ভোক নিবাৰণ কৰিছে আৰু এই মূল/কাণ্ড বেছি পৰিমাণে গ্ৰহণ কৰিলে মুৰঘূৰণি হোৱাৰ বাহিৰেও তীব্ৰ পেটৰ বিষ হোৱাটো নিশ্চিত। অথচ প্ৰায় সংখ্যক লোকেই এনেধৰণৰ খাদ্য খায়েই দিন পাৰ কৰিছে। নমুনা হিচাপে মোৰ হাতত তুলি দিয়া টুকুৰা এটা মুখত দি ভালদৰে চোবাই গিলিবলৈ মই নিজকে পতিয়ন নিয়াবলগীয়া হৈছে। বৰপেটা আৰু জনিয়া সংযোগী পথৰ দুয়োপাৰে মহিলা আৰু শিশুৰ অনেক জুম এনে মূল বা কাণ্ড বিচাৰি খালী হাতেৰে উদভ্ৰান্ত হৈ মাটি খান্দি থকা দৃশ্য যিকোনো লোকেই দেখা পাব। আমাক জনোৱা হয় যে তেনেধৰণৰ অন্য খাব পৰা গছৰ মূল ইতিমধ্যেই খাই শেষ কৰা হৈছে।

২৩৭৯ জন লোক বাস কৰা জনিয়া এখন ডাঙৰ গাঁও। গাঁৱখনত এখন হাইস্কুল, এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এটা ডাকঘৰ আছে। একে নামৰ এটা বিধান সভা সমষ্টিৰ অন্তৰ্গত জনিয়া তথা বাঘবৰ অঞ্চল কংগ্ৰেছ দলৰ ‘দূৰ্গ’ হিচাপে পৰিচিত। ইয়াৰ প্ৰকৃত অৰ্থ হ’ল এই অঞ্চলৰ জনসংখ্যা চকুত পৰাকৈ মুছলমান আৰু সকলোবোৰেই ‘প্ৰব্ৰজিত’ আৰু সেয়েহে সদায় কংগ্ৰেছ দলৰ প্ৰতি অনুগত। এনে আনুগত্যৰ কাৰণ ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে। আমি গাঁৱৰ হাইস্কুলৰ প্ৰধান শিক্ষকজনক লগ কৰোতে তেওঁৱো অন্যান্য সূত্ৰৰ পৰা আহৰণ কৰা তথ্যসমূহ নিশ্চিত কৰে। তেওঁৰ ভাষ্য অনুযায়ী ভোকৰ এই জ্বালা ইমানেই সহ্যাতীত যে ইয়ে পূৰ্বৰ কুসংস্কাৰ ( prejudice) সমূহ হয় দূৰ্বল কৰি পেলাইছে নাইবা সমূলি নাইকিয়া কৰিছে। প্ৰায় এবছৰৰ আগলৈকে উচ্চ বৰ্ণৰ হিন্দুসকলে ( জনিয়া অঞ্চলত কিছু হিন্দু বাঙালী শৰণাৰ্থী আৰু থলুৱা অসমীয়া হিন্দু লোক আছে) তেওঁৰ দৰে এজন ‘প্ৰব্ৰজিত’ মুছলমানৰ ঘৰত ভিক্ষা মাগিবলৈ কোনো পৰিস্থিতিতে নাহিলহেঁতেন কিন্তু এতিয়া এই পৰিস্থিতি সলনি হৈছে। ভোক এক শক্তিশালী সমতা স্থাপনকাৰী আহিলা। ভোকে ছাত্ৰ ছাত্ৰী সকলক শ্ৰেণীকোঠাৰ প্ৰতি আগ্ৰহ কমাই আনিছে। প্ৰধান শিক্ষকে লৰা ছোৱালীক বেত্ৰাঘাত কৰা প্ৰথা বন্ধ কৰিবলৈ বাধ্য হৈছে। কিন্তু ভোকে এনেধৰণৰ কুসংস্কাৰৰ ক্ষেত্ৰত শিথিলতা আৰু শিক্ষাৰ্থীৰ প্ৰতি নিষ্ঠুৰতা প্ৰদৰ্শনৰ প্ৰথা নিৰ্মূলকৰণ আদি আদৰণীয় পৰিৱৰ্তন আনিলেও একে সময়তে ভূমিহীন আৰু দৰিদ্ৰ শ্ৰেণীৰ বাহিৰেও একাংশ মধ্য শ্ৰেণীৰ কৃষিজীৱীৰ বাবেও বৃহৎ হাৰত দৰিদ্ৰতা কঢ়িয়াই আনিছে।  গাঁৱৰ অৰ্থনীতিৰে সংযুক্ত প্ৰধান শিক্ষকজনৰ অৱস্থান সম্পৰ্কে কিছু অনুমান কৰিব পাৰি সেই পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হোৱা মাটিবোৰ কোনে কিনিছে সেই কথা ভালদৰে বিচাৰ খোচাৰ কৰাৰ পৰা মই নিজকে বিৰত ৰাখো।

*

মন্দিয়াও বৰপেটাৰ দক্ষিণ পশ্চিম দিশত কেৱল পাঁচ মাইল দূৰত্বত অৱস্থিত। মন্দিয়া নামটোৱে প্ৰকৃতাৰ্থত এখন গাঁও নহয় এটা অঞ্চলহে বুজায়। বৰপেটাৰ পৰা ফাটি যোৱা পথটো প্ৰায় পাঁচ মাইল পাৰ হৈ নখন্দা নদীৰ দাঁতিত শেষ হয় আৰু নদীখন পাৰ হৈ পোৱা যায় মন্দিয়া বজাৰ। ১৭ ফেব্ৰুৱাৰীৰ পুৱা আমি তাত উপস্থিত হোৱাৰ দিনটো আছিল সোমবাৰ অৰ্থাৎ বজাৰ বাৰ। এই সাপ্তাহিক বজাৰখন এক বৃহৎ সংখ্যক লোকৰ সমাবেশ থলী আৰু দিনৰ মাজ ভাগলৈকে প্ৰায় হাজাৰোধিক লোক ধূলিৰে আবৃত দেহেৰে ঠেলা হেঁচা কৰি বস্তু কিনা বেচা কৰিবৰ বাবে ইয়াত সমবেত হয়। ঠাইখন যথেষ্ট ধূলিময়, গৰম আৰু বতাহ বলি থকা। তাৰপৰা বাঘবৰলৈ দহৰ পৰা বাৰ মাইল দূৰ আৰু এই দূৰত্ব খোজকাঢ়ি অতিক্ৰম কৰাৰ বাদে গত্যন্তৰ নাই। আনকি মন্দিয়া বাঘবৰ সংযোগকাৰী এটা যথাযথ পথো নাই। ওখোৰা মোখোৰা ৰাস্তাটোৰে চাইকেল চলাওতে ভাৰসাম্য ৰক্ষা কৰাই কষ্টকৰ। মই এখন চাইকেল খুজি লৈ চলাবলৈ চেষ্টা কৰিও বিফল হওঁ। কিন্তু মন্দিয়া বজাৰ তথা গাঁৱতো ইতিমধ্যেই চিনাকি হৈ পৰা দূৰ্ভিক্ষৰ ছাপ সুস্পষ্ট। ওপৰুৱাকৈ চালে মন্দিয়া বজাৰত গোট খোৱা হাজাৰোধিক লোকৰ সমাগমে গাঁওবোৰৰ নিয়মীয়া অৰ্থনৈতিক কাম-কাজ একেদৰেই চলি থকাৰ আভাস দিলেও ইয়াৰে যিকোনো এজনৰ লগত কথা বতৰা হ’লেও গম পোৱা যে এই উপৰুৱা ছবিখন তেনেই দিকভ্ৰান্তকাৰী।

মন্দিয়া বজাৰত এপাক ঘূৰি পকি আহি আমি নৈৰ পাৰৰ এখন চাহৰ দোকানত কিছুপৰ ৰঁও। ইতিমধ্যেই খবৰ বিয়পি পৰে যে কিছু অচিনাকি লোক অনাহাৰত হোৱা মৃত্যুৰ খবৰ সংক্ৰান্তীয় বা ববাতৰি গোটাবৰ বাবে আহি উপস্থিত হৈছে। মানুহবোৰে আমাক বেৰি ধৰি চাহৰ দোকানৰ চাৰিওফালে গোট খায়। মহানগৰৰ পৰা যোৱা অচিনাকি মানুহবোৰৰ প্ৰতি একধৰণৰ বিশ্বাস তেওঁলোকৰ মুখবোৰত উলমি ৰয়। আমি ততাতৈয়াকৈ তেওঁলোকক আশ্বস্ত কৰিবলৈ চেষ্টা কৰো যে আমি কেৱল কথাবোৰ নিজে চাবলৈ আৰু শুনিবলৈহে তালৈ গৈছো। নিজ নিজ গাঁওবোৰ আমাক দেখুৱাবলৈ তেওঁলোকৰ আগ্ৰহৰ অন্ত নাই। অনাহাৰত ছয়জনকৈ লোকে মৃত্যুক সাৱটি লোৱা বামনদঙৰা গাঁও, আশ্ৰফ আলি নামৰ এজন ব্যক্তিৰ ঘৰতে চাৰিজনকৈ লোকৰ মৃত্যু ঘটা গৰলা চৰ গাঁও, মাথো দুদিন আগেয়ে ১৫ ফেব্ৰুৱাৰীত অনাহাৰত হোৱা মৃতকৰ মাণিকপুৰ গাঁও। আমি তেঁওলোকক জনাও যে তেওঁলোকৰ স্থানীয় বিধায়কে প্ৰায় এহাজাৰ লোকৰ মৃত্যু হোৱা বুলি পূৰ্বে দিয়া বিবৃতি উঠাই লৈছে। তেওঁলোকে এহাজাৰ লোকৰ মৃত্যু হৈছে নে নাই সেয়া নাজানে কিন্তু প্ৰত্যেকেই নিশ্চিত যে ভোকত মানুহ মৰিছে। ইতিমধ্যেই আমাক আগুৰি ধৰি জমা হৈ থকা যথেষ্ট সংখ্যক ভোকাতুৰ আৰু শীৰ্ণকায় কৃষকৰ এক ডাঙৰ সমাবেশৰ ভিৰ ফালি এজন শ্ৰোতা আমাৰ ওচৰলৈ আগুৱাই আহে আৰু তেওঁ ঠাইতে প্ৰস্তুত কৰা আঠজন লোকৰ নাম সম্বলিত এখন কাগজ আমাৰ হাতত গুজি দিয়ে। ইতিমধ্যে মৃত্যুবৰণ কৰা আঠোজন লোকেই তেওঁৰ গাঁও যাদৱপুৰ( থানা- বাঘবৰ) ৰ বাসিন্দা আছিল। (১) আজিমুদ্দিন, (২) নুৰুদ্দিন, (৩) আব্দুল কৰিম (পিতা – নুৰুদ্দিন), (৪) চব্বিৰ দেৱান, (৫) কাটিম আলি, (৬) ফৰমান খান, (৭) পণ্ডিত আলি, (৮) নুচৰত বিবি (স্বামী- পণ্ডিত আলি)। পণ্ডিত আলিৰ নামটো কিছু ব্যতিক্ৰম দেখা পাই মই তেওঁক নামটো শুদ্ধ হৈছে নে সোধাত পুনৰ একেটা নামকে দোহাৰে। এওঁলোকৰ প্ৰত্যেকেই খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিছে। আমি তেঁওলোকক জনাওঁ যে কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱাই এটা ভাষণত দাবী কৰিছে যে অসমত এজনো ভিক্ষাৰী নাই। উত্তৰ আহে- “হয়, বাবা, অসমত সঁচাকৈয়ে কোনো ভিক্ষাৰী নাই। এতিয়া কাৰো ভিক্ষাদানৰ সামৰ্থ্য নথকা দিনত ভিক্ষাৰী থাকিব ক’ৰ পৰা?”

বজাৰ হৈ মন্দিয়া গাঁৱৰ পৰা উভতি অহাৰ পৰত আমাক বৰ উৎসাহেৰে প্ৰকৃত মৃত্যুৰ মূহুৰ্তৰ সাক্ষী হবৰ বাবে মাতি নিয়া হয়। ঠিক তাতেই, সোমবাৰে আবেলি মন্দিয়া বজাৰৰ সোঁমাজত মই এগৰাকী মহিলাক নিজৰ মূৰ্মুষ সন্তানক সাৱটি হিয়া ঢাকুৰি কান্দি থকা দেখা পাওঁ। মাক আৰু সন্তান দুয়োৰে দেহ বুলিবলৈ কেৱল হাড়কেইডালৰ অস্তিত্বহে আছে। মৃতপ্ৰায় শিশুটিক আগুৰি তাত গোট খোৱা সৰুসুৰা জুমটোকো আঁতৰাই মহানগৰৰ পৰা অহা ভদ্ৰলোকসকলৰ বাবে ৰাস্তা উলিয়াই দিয়া হয় যাতে তেওঁলোকে নিজ চকুৰে দেখা পায়- দুখীয়া মানুহবোৰে কেনেকৈ ঢুকায়, কিদৰে সেই শিশুটিয়ে মৃত্যুক সাবটি লয়। বাতৰিটো খৰকৈ বিয়পি পৰে। অচিনাকি মানুহবোৰ তালৈ গৈছিল অনাহাৰত হোৱা মৃত্যুৰ বাতৰিৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আৰু তাৰেই বাবে যেন এক জীৱন্ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰি দিয়া হয়। মহিলা গৰাকীয়ে মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰিবৰ সময়ত শিশুটিৰ দেহ ঢাকিব পৰাকৈ এখন নতুন কাপোৰ কিনিব পৰাকৈ আমি অলপ টকা দি থৈ আহোঁ। ভোকত মৃত্যুবৰণ কৰাসকলৰ ৰৈ যোৱা আত্মীয়ৰ খুব কমেইহে এই বাধ্যতামূলক নতুন কাপোৰখন কিনিব পৰাকৈ সমৰ্থবান হৈ আছে।

*

এই সকলোবোৰৰ মাজতে আহে নিৰ্বাচন। যেনেকৈয়ে নহওক আমি বাৰম্বাৰ নিৰ্বাচনৰ সৈতে জড়িত নহয় বুলি আপত্তি দৰ্শোৱা স্বত্বেও বিষয়টো বাৰে বাৰে উত্থাপন হয়। অৱশ্যে এয়া অস্বাভাৱিকো নাছিল কাৰণ মাথো তিনিটা দিনৰ

পাছতে বৰপেটা সংসদীয় সমষ্টিৰ নিৰ্বাচনৰ দিন। এতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত যেতিয়া দেখা গৈছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে পূৰ্বৰ তুলনাত কম সংখ্যাগৰিষ্ঠতা লাভ কৰি জিকিবলৈ সক্ষম হৈছে, মই এইখিনিতে নিৰ্বাচনৰ প্ৰতি ৰাইজে দেখুওৱা প্ৰতিক্ৰিয়াৰ কিছু অংশ ইয়াত চমুকৈ সন্নিবিষ্ট কৰিব খুজিছো সদ্য সমাপ্ত নিৰ্বাচনৰ বিষয় চেগাচোৰোকাকৈ কিছু মত আগবঢ়াব বিচাৰিছো।

নিৰ্বাচনৰ বহু আগতেই এয়া স্পষ্ট হৈ পৰিছিল যে পূৰ্বৰ দৰে বৃহৎ মাত্ৰাত “ব্লক ভোটিঙ” ৰ দৰে বৈশিষ্ট্যৰ এইবাৰ পুনৰাবৃত্তি নহয়। ইয়াত কোনো সন্দেহ নাই যে বিৰোধী প্ৰাৰ্থীজন পৰাজিত হ’ল আৰু তেওঁৰ সমৰ্থক সকলে ব্যাপক হাৰত ৰিগিঙ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছদিনাই বৰপেটা চহৰত সামগ্ৰিক হৰতাল পালন কৰা হয় – তথাপি এই পৰাজয়ৰ যোগেদিও বিৰোধী পক্ষৰ কিছু ধনাত্মক লাভ হোৱা পৰিলক্ষিত হয়। ইয়াৰে মুখ্য লাভটো হ’ল- ‘প্ৰবজিত’ মুছলমানৰ কংগ্ৰেছ দলৰ প্ৰতি প্ৰায় মৌন সমৰ্থনত ই কিছু পোটোকা পেলাবলৈ সক্ষম হৈছে। বহুতো যুৱকে আমাক বাৰম্বাৰ জনায় যে কংগ্ৰেছ দলৰ প্ৰতি অনুগত হোৱাৰ সপক্ষে বহুতো কাৰণ আছিল। বছৰ বছৰ ধৰি তেওঁলোকক এই বিশ্বাস জন্মোৱা হৈছে যে কংগ্ৰেছ দলেই তেওঁলোকৰ মহান ৰক্ষক। ইয়াৰ বিপৰীতে আটাইবোৰ বিৰোধী দলকে ‘সাম্প্ৰদায়িক’ আখ্যা দি প্ৰবজিত লোকসকলক পাকিস্তানী সজাই দেশৰ পৰা উলিয়াই দিবৰ বাবে তৎপৰ হিচাপে চিনাক্ত কৰা হয়। এই প্ৰপাগাণ্ডাই যথেষ্ট প্ৰভাৱ পেলোৱাৰ উপৰিও বৰ্তমানেও প্ৰবজিত কৃষিজীৱীৰ এক বৃহৎ সংখ্যকে এই কথা বিশ্বাস কৰে। কিন্তু এই দুখীয়া আৰু পিছপৰা কৃষকসকলৰ মাজতো নতুন শক্তিৰ উত্থান হৈছে। উগ্ৰ ৰাজনৈতিক চিন্তাধাৰাই তেওঁলোকৰ মাজত পোখা মেলিছে বুলি দৃঢ়তাৰে ক’ব নোৱাৰিলেও এই কথা ক’ব পাৰি যে তেওঁলোকৰ পুৰণি আনুগত্যৰ বিষয়টো স্ব-সংৰক্ষণৰ দৃষ্টিভংগীৰে সমালোচনাত্মক ভাৱে পুনৰীক্ষণৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। গ্ৰামীণ পূৰ্ববংগৰ পৰা তেওঁলোকে কঢ়িয়াই অনা সামন্তীয় মহাজন আৰু তেওঁৰ আধিয়াৰৰ মাজৰ সম্পৰ্ক একোজন মধ্যভোগী দালালৰ দ্বাৰা নিৰূপণৰ যি মাতব্বৰ ব্যৱস্থা – তাৰ প্ৰভাৱ আৰু কতৃত্বৰ সংকোচনেও এনে পুনৰীক্ষণত অৰিহণা যোগাইছে। এনে হ’ব পাৰে যে এতিয়াও তেওঁলোকৰ বহুতেই ভোটদানৰ পৰা বিৰত থাকিলে বা কংগ্ৰেছ দলক ভোটদান নকৰিলে হ’ব পৰা বিষম ফলাফলৰ আশংকাত পীড়িত হৈ থাকে। এনেকুৱাও হ’ব পাৰে যে এতিয়াও পিন্ধিবলৈ এডুখৰি ভাল কাপোৰ নথকা দাল দৰিদ্ৰজনেও ধাৰলৈ লোৱা শাৰী এখন পিন্ধি কেৱল ভোট দিবলৈকে যায় যাতে ভোটাৰ তালিকাত নিজৰ নামটো আগলৈও থাকে আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰী হিচাপে চিহ্নিত নহয় বুলি আশ্বস্ত হ’ব পাৰে। কিন্তু পৰিৱৰ্তনৰ ছাপ ইয়াৰ মাজতো দেখা পোৱা যায়। অনা- চিপিআই ( non-CPI) সংযুক্ত বিৰোধী দলৰ প্ৰাৰ্থীজনে লাভ কৰা মুঠ ১,০৩,৭৫৭ টা ভোটৰ আটাইবোৰ হিন্দু ভোট নাছিল আৰু পৰাজিত হোৱা স্বত্বেও এই ফলাফলে বিৰোধী পক্ষ কিছু ধনাত্মক পদক্ষেপৰ দিশে আগবঢ়াৰ কথাকে সূচায়।

কাংক্ষিতভাৱেই অসমৰ কংগ্ৰেছী নেতা সকলে বৰপেটা নিৰ্বাচনৰ ফলাফল ধৰ্মনিৰপেক্ষতা, সমাজবাদ আৰু গণতন্ত্ৰৰ জয় সাব্যস্তকৰণৰ উদাহৰণ হিচাপে ব্যাখ্যা কৰিছে। কিন্তু তেওঁলোকে অনুমান কৰিব নোৱাৰা ধৰণে আৰু তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টা স্বত্বেও দুখীয়া মুছলমান ৰাইজৰ

একাংশই এই কথা উপলব্ধি কৰিছে যে তেওঁলোকৰ ‘ৰক্ষক’ সকলৰ হাতত তেওঁলোকৰ মুখ্য স্বাৰ্থ সুৰক্ষিত নহয়। যিদিনাই বৰপেটাৰ নগৰবাসী হিন্দুসকল (যিসকলে সম্পূৰ্ণ সাম্প্ৰদায়িক স্বাৰ্থত কংগ্ৰেছৰ বিৰুদ্ধে ভোটদান কৰিছে) আৰু জনিয়া আৰু বাঘবৰ অঞ্চলৰ গ্ৰাম্য মুছলমানসকলে ৰাজনৈতিক ভাৱে চিন্তা আৰু কাম কৰিবলৈ শিকিব, সিদিনাই প্ৰকৃত ধৰ্মনিৰপেক্ষ আদৰ্শৰ জয় সাব্যস্ত হ’ব। সাম্প্ৰদায়িক আৰু বিভাজনৰ ৰাজনীতি চলাই থকাৰ বাবে মূখ্যত কংগ্ৰেছ দলেই জগৰীয়া আৰু কংগ্ৰেছৰ এনে চিনিকেল ‘ মূল্যায়ন’ ৰ প্ৰায় সমৰ্থনত লিবাৰেলসকলৰ হতাশাজনক সুৰ শুনা পোৱা যায় যে “মুছলমানসকল সদায়েই সাম্প্ৰদায়িক আৰু সদায়েই এজন মুছলমান প্ৰাৰ্থীকেই ভোট দিব।” কিন্তু মুছলমান সমাজ কোনো ধৰণে এখন ব্যতিক্ৰমী সমাজ নহয় আৰু অৰ্থনীতি তথা ইতিহাসৰ বাধ্যবাধকতাৰ প্ৰভাৱৰ পৰা ই কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰে। কেৱল কংগ্ৰেছ দলেহে মুছলমান সকলক পতিয়ন নিয়াব খোজে যে স্থিতাৱস্থা বৰ্তাই ৰাখি সামূহিকভাৱে কংগ্ৰেছক ভোটদান কৰি যোৱাতকৈ উত্তম কোনো

স্থিতি তেওঁলোকৰ বাবে আন একোৱেই হ’ব নোৱাৰে। জনিয়া আৰু মন্দিয়াৰ প্ৰবজিত জনসমষ্টিৰ একাংশ লোকক অতি সংক্ষিপ্ত আৰু সীমিতভাৱে জানিবলৈ পাই ইতিপূৰ্বে তাত্বিক ৰূপত জানি থোৱা কিছু কথা  কেৱল সুনিশ্চিত হ’ল আৰু অনাগত সময়ত পৰিৱৰ্তনৰ এই প্ৰক্ৰিয়াৰ গতি প্ৰবল ৰূপত বিকশিত হোৱাৰ মাথো আশাহে কৰিব পৰা যায়।

(ইক’নমিক এণ্ড পলিটিকেল উইকলি, ৮ মাৰ্চ, ১৯৭৫ ত প্ৰকাশিত)

Leave a Reply

Your email address will not be published. Required fields are marked *