টোকোৰা বাহৰ সোণৰ বেজী : লোককথা আৰু প্রকৃতিৰ অপৰূপ চিত্রণ

সুজাতা হাতীবৰুৱা

টোকোৰা বাহৰ সোণৰ বেজী অৰূপা পটংগীয়া কলিতাৰ আন এখনি মনোৰম পঠনৰ অভিজ্ঞতা দিব পৰা উপন্যাস। মূলতঃ তিনিটা প্ৰজন্মক লৈ বা তাৰ মাজতে জান-নেজানকৈ আৰু দুটা প্ৰজন্মক অগা-পিছাকৈ সামৰি মংগলদৈৰ দাঁতিকাষৰীয়া অঞ্চল এটাৰ কাল্পনিক কাহিনী সেয়া। ব্ৰিটিছৰ অনুগত পুৰুষাণুক্ৰমিক মৌজাদাৰ বনমালী চৌধুৰী আৰু তেওঁৰ হাউলীটোৰ বিভিন্ন চৰিত্ৰক কেন্দ্ৰ কৰিয়েই কাহিনীভাগ আগ বাঢ়ে। কিছুমান ঠাইৰ নাম, চৰিত্ৰসমূহ কাল্পনিক হ'লেও উপন্যাসৰ কাহিনীয়ে অসমৰ যোৱা প্ৰায় এটা শতিকাৰ বুৰঞ্জীক আলম লৈ আগ বাঢ়ি থমকি ৰৈছে। ভিন্ন চৰিত্ৰ, কাহিনী, ৰূপকথা, গীত আদিৰ মাজেৰে কোৱা হৈছে এজাক মানুহৰ আশা-নিৰাশা, সুখ-দুখ, সপোন, ভয়, জীৱন সংগ্ৰামৰ গাথা।

22_SUJATAপ্ৰায় এশ বছৰৰ আগৰ ভূটান পাহাৰৰ নামনিৰ অসমৰ সীমামূৰীয়া ঠাইবোৰত মানুহতকৈ গছ-গছনি, জীৱ-জন্তু, জান-জুৰি, নদী আদি বেছি আছিল। গতিকে কাহিনীৰ আৰম্ভণিতে মানুহৰ লগতে এই প্ৰকৃতিৰ অংশবোৰেও একো একোটা চৰিত্ৰ হৈ ধৰা দিয়ে। পিছে সময়ৰ লগে লগে প্ৰকৃতিৰ ঠাইত মানুহৰ সংখ্যা আৰু হিংসা-অসূয়া বাঢ়ি যোৱাৰ দৰেই কাহিনীৰ শেহৰফালে প্ৰকৃতিতকৈ মানুহৰ চৰিত্ৰবোৰেহে বেছি গুৰুত্ব লাভ কৰিছে। পূৰ্বৰ নিজম বা প্রকৃতিৰ কোলাহলত সৰৱ হাবি, জীৱ-জন্তবোৰৰ ঠাইত শেহলৈ মানুহৰ আৰ্তনাদ, বন্দুকৰ গুলীৰ শব্দহে বেছিকৈ শুনিবলৈ পোৱা গ'ল। সেয়া যেন মৌসৰা মৌজাৰ নহয়, সমগ্ৰ অসমৰে সামগ্ৰিক আৰ্থ-সামাজিক,ৰাজনৈতিক পৰিৱৰ্তনৰ ইতিহাসৰ প্ৰতিফলন।

অৱধাৰিতভাৱেই সেয়ে আহিছে ব্ৰিটিছ চাহাব, মিছনেৰি, ৰায়তৰ দুৰ্ভোগ, পথৰুঘাটৰ ৰণ, স্বাধীনতা আন্দোলন, গান্ধী, বিভাজন, স্বাধীনতা, ভাষা আন্দোলন, চীনা আক্ৰমণ, অসম আন্দোলন, আলফা, বি এল টি, এন ডি এফ বি আদি ভিন্ন ঘটনা-পৰিঘটনাৰ উল্লেখ। তাৰ মাজে মাজে মানুহবোৰৰ নিজা নিজা সুকীয়া অভিজ্ঞতা। অৱশ্যে অসমৰ শেহতীয়া প্ৰায় এশ বছৰৰ মূল পৰিঘটনাসমূহৰ উল্লেখ থাকিলেও ইয়াক বুৰঞ্জীমূলক উপন্যাস বুলিব নোৱাৰি। ঐতিহাসিক সত্যবোৰ ইয়াত কাহিনীৰ প্ৰয়োজনত আহি পৰিছে যদিও ঘটনাবোৰ সমগ্ৰ ভাৰত কিম্বা অসমৰ প্ৰেক্ষাপটত বহলাই আলোচনা কৰা হোৱা নাই।
উপন্যাসখনৰ প্ৰায় আধাতকৈও বেছি সময়জুৰি কোনো নিৰ্দিষ্ট কেন্দ্ৰীয় চৰিত্ৰ নাই। দুই-এটা চৰিত্ৰৰ দুই-তিনিটা খন্ডলৈকে নিজৰ কথাবোৰ কোৱাই লেখিকাই বাকীবোৰৰ মাজত হেৰাই যাবলৈ এৰি দিয়ে। এনেকুৱা লাগে যেন, লেখিকাই এজাক পাৰৰ মাজৰপৰা এটা পাৰ আলফুলকৈ উঠাই কিছু সময় চাই-চিতি জাকৰ মাজত এৰি দিয়ে আৰু আন এটা পাৰ হাতত লয়। তাৰ পাছতো দূৰে দূৰে হ’লেও বহু দেৰিলৈকে নিজৰ ক্ষীণ অস্তিত্ব এটা ঘোষণা কৰি আছিল শান্তিপ্ৰিয়াই। বনমালী চৌধুৰীৰ প্ৰথমা পত্নী। অৱশ্যে কাহিনীৰ দুই-তৃতীয়াংশৰ পাছৰপৰা এটা স্থিৰ কেন্দ্ৰীয় চৰিত্ৰ গঢ় লৈ উঠে শান্তিপ্ৰিয়াৰ বৰপুত্ৰ প্ৰিয়নাথৰ ৰূপত। তেঁওৰ পুত্ৰ আলোকেও সেই দায়িত্বভাৰ ল’ব বিচৰা যেন লাগিলেও শেহ সময়লৈ সি উগ্ৰপন্থীৰ গুলীত প্ৰাণ দিয়াত সেয়া হৈ নুঠিল।

উপন্যাসখনৰ মোৰ আটাইতকৈ ভাল লগা দিশটো হ'ল প্ৰকৃতিৰ অপৰূপ বৰ্ণনা, যেন একো একোখন চলমান ছবিহে। লোককথা, জনশ্ৰুতিৰ মাজেৰে মানুহ আৰু প্ৰকৃতিৰ সম্বন্ধও ফুটি উঠিছে। উপন্যাসখনিৰ নামটোতে সোমাই আছে প্রকৃতিৰ সৈতে নিবিড়ভাৱে জড়িত এটি লোককথা৷
আকৌ, মানুহটোৰপৰা হাতীটোলৈকে, এনে নিৰপেক্ষ আৰু মানৱীয় বৰ্ণনা যে তাত মানুহ খাবলৈ আৰম্ভ কৰা বাঘটোৰপৰা আৰম্ভ কৰি ব্ৰিটিছৰ বন্ধু লম্পট বনমালী চৌধুৰীলৈকে, পঢ়ি থাকোতে কিছু হ’লেও অনুকম্পা জাগে।

অসমলৈ ভিন ভিন অৱস্থাত অহা ভিন ভিন গোটৰ মানুহবোৰৰ মানসিক জগতখন লেখিকাই টুকুৰিয়াই চাইছে। ক'ৰবাত যদি কাৰোবাৰ কিবা ভুল হৈছে তাৰ কাৰণবোৰো বিশ্লেষণ কৰি চাবলৈ চেষ্টা কৰা হৈছে।
তাৰোপৰি, ডেকা প্ৰিয়নাথৰ লগত বিষ্ণু ৰাভাৰ আকস্মিক কাল্পনিক উপস্থিতি তথা সংগইও অলপ সময় মন ৰোমাঞ্চিত কৰি ৰাখিলে।
প্ৰিয়নাথৰ অপৰিসীম কষ্ট আৰু ত্যাগৰ মাজেৰে মানৱীয়তাৰ কথাকে তুলি ধৰিব বিচৰা উপন্যাসখনি নিঃসন্দেহে অসমীয়া ভাষাৰ সাহিত্যলৈ এক অনন্য সংযোজন। পিছে ব্যক্তিগতভাৱে সৰুকৈ মনত খু-দুৱাই থাকিল দুটামান কথাই। যেনে ইমান ধুনীয়াকৈ লেখি শেষ কৰিছে উপন্যাসখন। ভালেকেইটা শিৰোনামেৰে কেইবাটাও খন্ডতো ভাগ কৰিছে। পিছে দুই-এটা শিৰোনাম নিতান্তই ঠৰঙা যেন লাগিল। যেনে তাৰে এটা 'ড্ৰাইভাৰ যোগেনে কি দেখিলে?' ইত্যাদি। আকৌ বহুবাৰ চৌধুৰী পৰিয়ালৰ 'হাউলী'ৰ কথা উঠিল যদিও আশী বিঘা মাটিৰ বাৰীখন, সুগৰীজান, গোসাঁইঘৰ, পদূলিটো, আলহী বহা কোঠাটো, চন্দুকটোৰ বাদে বাকীবোৰ ঘৰ-দুৱাৰৰ বৰ্ণনা পঢ়িবলৈ ৰৈ থকাতে থাকিলো। তাৰোপৰি সময়ৰ লগে লগে বনমালী চৌধুৰীৰ বাকী দুগৰাকী পত্নীৰ সন্তানবোৰৰ একো উৱাদিহ নাপালো।
এই সৰু-সুৰা কথাকেইটা বাদ দি ( বাদ দিবই পাৰি) টোকোৰা বাহৰ সোণৰ বেজী পঢ়ি বিৰাট ভাল লাগিল। জপাই থোৱা কিতাপখনৰপৰা যেন এতিয়াও ভাহি আহিছে ধনগুলৈবোৰ, ন-নৈ নদীৰ চিকমিকনি, সুগৰীজানৰ বাঘটোৰ গুজৰণি, ডফলা পোতা টিলাৰ শহাকেইটাৰ চকুবোৰ, বগা চুলিৰ শান্তিপ্ৰিয়াৰ বিৰ্ বিৰনি, চাহাবৰ চাবুকৰ কোবত আধামৰা হোৱা ৰামুৰ কেঁকনি, জুমাইৰ ৰাগিত মতলীয়া ফান্দী-মাউতৰ বা ধনদাৰ গীত, ম'ৰাৰ চালি নৃত্য, বৰফান্দীৰ গণেশক বিচাৰি মৰা চিঞৰটো, ভূটীয়া কুৰমাৰ চকু সৰু হৈ যোৱা হাঁহিটো, এগাল মৃতদেহ, তাৰ মাজত জামাল ৰুটিৱালাৰ পথাৰত পৰি ৰোৱা পুতেকৰ আৰু আলোকৰ কলেজৰ বাৰান্ডাত তেজে ধুৱাই নিয়া মুখখন, দুছেও হৈ পৰা সৰু ছোৱালীজনী, প্ৰিয়নাথৰ একাকিত্ব আৰু সাহস আৰু সৰ্বোপৰি টোকোৰা বাহৰ সাধুকথাৰ সোণৰ বেজীটো, যিটো বিচাৰি পোৱাটো আচলতে কেতিয়াও সম্ভৱ নহয়!

Share Button
Print Friendly, PDF & Email

No Comments : "টোকোৰা বাহৰ সোণৰ বেজী : লোককথা আৰু প্রকৃতিৰ অপৰূপ চিত্রণ"

Leave a Comment

Your email address will not be published. Required fields are marked *