কেশৱ মহন্তৰ গীত আৰু কবিতা - (টুনুজ্যোতি গগৈ)

কেশৱ মহন্তৰ বিয়োগ অসমীয়া সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি আছিল বুলি অনেক যুক্তি উত্থাপন কৰিয়েই ক’ব পাৰি। মহন্তই ভালেমান সুখপাঠ্য গদ্য ৰচনা কৰিলেও তেওঁ মূলতঃ কবি আৰু গীতিকাৰ হিচাবেই অধিক পৰিচিত বাবে আমি এই পৰিচয়ৰ ভিত্তিতে তেওঁৰ অনবদ্য অৱদান, স্বকীয়তা, আদৰ্শবাদ আদিৰ বিষয়ে আলোচনা কৰিব পাৰোঁহক। খাৰাংখাচকৈ ক’বলৈ গ’লে, কবি আৰু গীতিকাৰ বুলিলে সাধাৰণতে যেনেধৰণৰ মানসিক গঠনৰ কথা মনলৈ আহে, তেনে গঠনৰ পৰা মহন্তৰ মনোবীক্ষা সম্পূৰ্ণ পৃথক আছিল। মহন্তই বিশ্বাস কৰিছিল যে কলাৰ বাবে কলা নহয়, জীৱনৰ বাবেহে কলা। এই বিশ্বাসৰ ফলশ্ৰুতিত তেওঁৰ সৃষ্টিশীল কৰ্মৰাজি নিৰ্যাতিত, নিপীড়িত আৰু মেহনতী মানুহৰ মুক্তিৰ বাণীৰে বিঢৌত হৈ পৰিছিল। মহন্তক অসমৰ মানুহৰ বিবেকৰ অতন্দ্ৰ প্ৰহৰী বুলি ক’লেও অত্যুক্তি কৰা নহ’ব নিশ্চয়। সমাজজীৱনত উপলব্ধ হোৱা আবিলতা প্ৰতিৰোধৰ স্বাৰ্থত, বৰ্তমানৰ যথোচিত ব্যাখ্যাৰ স্বাৰ্থত, বিভ্ৰান্ত মানুহক এক সঠিক পথৰ নিদৰ্শন দেখুওৱাৰ স্বাৰ্থত তেওঁ আত্মপ্ৰত্যয়েৰে কলম তুলি লৈছিল বাবে তেওঁৰ সুদীৰ্ঘ কাব্য পৰিক্ৰমা আপোন মহিমাৰে প্ৰোজ্জ্বল হৈ পৰিছিল।

কেশৱ মহন্তৰ সৃষ্টিৰাজিক বাস্তৱ অভিজ্ঞতাৰ জীৱন্ত দলিল বুলি অভিহিত কৰিব পাৰি। তেওঁ গাঁৱৰ আৰু মফচলীয়া অঞ্চলৰ সৰু সৰু মানুহবোৰৰ মনৰ সঁচা খবৰবোৰক শিল্প ৰূপ দি দীৰ্ঘকালজুৰি হেজাৰ হেজাৰ পাঠক-শ্ৰোতাৰ মন জয় কৰিছিল। এই আপাহতে তেওঁৰ জীৱন বুৰঞ্জীত আৱগাহন কৰাটোও প্ৰয়োজনীয় বিষয় হৈ পৰে। শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত জন্মগ্ৰহণ কৰা কবি-গীতিকাৰ মহন্তই হাইস্কুলৰ দিনৰ পৰা নিজৰ সামাজিক দায়িত্ববোধৰ পৰিচয় দিছিল। ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা গণ- আন্দোলনত জঁপিয়াই পৰি তেওঁ কাৰাবাস পৰ্যন্ত খাটিছিল। সেই সময়ত তেওঁ বৃহত্তৰ চতিয়া অঞ্চলত ৰাজনৈতিক কাম-কাজত জড়িত হৈ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা বিজয়চন্দ্ৰ ভাগৱতী, অমিয়কুমাৰ দাস, গংগানাথ বৰকটকী আদিৰ নিকট সান্নিধ্যলৈ আহিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁৰ উপলব্ধি হ’ল–‘পোৱাসকলেই পালে, নোপোৱাসকলে নাপালেই।’ এনে উপলব্ধিয়েই হয়তো তেওঁক দেশৰ নৱপ্ৰাপ্ত স্বাধীনতাক ‘ভুৱা স্বাধীনতা’ বুলি আখ্যা দিয়া বিদ্ৰোহী বাঁওপন্থীসকলৰ কাষ চপাই নিছিল। সৰ্বসাধাৰণক নতুন মুক্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তোলাৰ লক্ষ্যৰে তেওঁ ভাৰতৰ কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল আৰু দেশৰ স্বাধীন চৰকাৰৰ হাতত পুনৰবাৰ কাৰাবাস খাটিব লগা হৈছিল।

দেখা যায় যে একোটা গণ- আন্দোলনৰ সময়ত এচাম পাবত গজা নেতাৰ আবিৰ্ভাৱ হয় আৰু তেওঁলোকে তেনে আন্দোলনৰ সৈনিক হিচাপে নিজকে প্ৰক্ষেপ কৰি পৰিস্থিতিৰ পৰা কেতবোৰ সা-সুবিধা বোটলে। কেশৱ মহন্ত এনে লোকৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁৰ স্বদেশ প্ৰেম অকৃত্ৰিম আছিল বাবেই ১৯৪২ চনৰ গণ- আন্দোলনত যোগদান কৰি তেওঁ চৰকাৰী শিক্ষা-দীক্ষাৰ সুবিধা ল’বলৈও অস্বীকাৰ কৰিছিল। অৱশ্যে, পাছত বহুলোকৰ বুজনিত তেওঁ প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সন্দেহ নাই, নিপীড়িতজনৰ হৈ আপোন সামৰ্থ্যৰে কিবা এটা কৰাৰ সপোন দেখাৰ বাবেই মহন্তৰ মানসিক গঠন প্ৰাতিষ্ঠানিক শিক্ষাৰ আলোকত ব্যক্তিগত বৈভৱক ধিয়াই অগ্ৰসৰ হোৱা লোকৰ দৰে হৈ নুঠিল। নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিৰ পৰা সচেতনভাৱে আঁতৰি থাকি আৰু নিজকে ৰাজনৈতিক দলৰ নেতা হিচাবে চিনাকি নিদি তেওঁ সাহিত্য- সংস্কৃতিৰ সাধনাৰ মাজেৰেহে বাট বুলিবলৈ লয়।

সাধাৰণ মানুহৰ সম্ভাৱনাৰ প্ৰতি তেওঁৰ অসীম আস্থা আছিল। কলমৰ শক্তিৰ ওপৰত অগাধ বিশ্বাস ৰাখিয়েই তেওঁ অবিভক্ত চি.পি. আইৰ মুখপত্ৰ ‘নতুন অসম’ৰ সংবাদ পৰিৱেশনৰ কামত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল। সেই সময়ত তেওঁ ভাৰতীয় গণনাট্য সংঘৰ প্ৰগতিশীল কাম-কাজৰ সৈতেও জড়িত হৈছিল। গণনাট্য সংঘৰ অক্লান্ত কৰ্মী হেমাংগ বিশ্বাস, বিষ্ণুপ্ৰসাদ ৰাভা, মঘাই ওজা, দিলীপ শৰ্মা আদিৰ সৈতে তেওঁ গাঁৱে-নগৰে ঘূৰি ফুৰি ৰূপান্তৰৰ বাণী বিলাই ফুৰিছিল। তেওঁ ১৯৫৫ চনত প্ৰগতিশীল আলোচনী ‘প্ৰবাহ’ আৰু পৰৱৰ্তী সময়ত ‘লুইত’, ‘নতুন সাহিত্য’ আদি আলোচনীৰ সম্পাদনাৰ দায়িত্বভাৰ লৈয়ো ৰূপান্তৰৰ বাণী বিলাইছিল।

অসমীয়া সাহিত্য জগতত ধীৰেন দত্ত, ভবানন্দ দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা আদিয়ে আৰম্ভ কৰা প্ৰগতিশীল কবিতাৰ ধাৰাটো কেশৱ মহন্তৰ প্ৰজন্মতে পূৰ্ণ ৰূপত জাতিষ্কাৰ হৈ পৰিছিল। সমসাময়িক অন্যান্য কবিৰ দৰেই তেওঁৰো আছিল আত্ম-জিজ্ঞাসা আৰু আত্ম সচেতনতা। যৌৱনৰ সময়ছোৱাত তেওঁ দেশ-বিদেশৰ সাহিত্যৰ খবৰ ৰাখিছিল আৰু ফৰাচী কবি আৰাগঁ, এলুৱাৰ, চি লিৰ নেৰুডা, আমেৰিকাৰ ৱাল্ট হুইটমেন আদিৰ মুক্তক বা গদ্যগন্ধী ছন্দই তেওঁক আকৰ্ষিত কৰিছিল। উল্লেখ্য যে অসমীয়া সাহিত্য আলোচনী ‘জয়ন্তী’, ‘পছোৱা’ আদিৰ পাততে বিশ্ব সাহিত্যৰ প্ৰতি এক কৌতুহল পৰিলক্ষিত হ’লেও ‘ৰামধেনু’ৰ পাতত সকলো ধৰণৰ আধুনিক চিন্তা-চৰ্চাই অগ্ৰাধিকাৰ লাভ কৰিছিল– এপিনে মাৰ্ক্সীয় চিন্তাধাৰা আৰু আনপিনে ফ্ৰয়েডীয় ধ্যান-ধাৰণাই পাঠকসকলৰ মানসিক দিগন্ত ব্যাপ্ত কৰি তুলিছিল। ‘ৰামধেনু’ৰ বৰ্ণিল পাতত সৃষ্টিৰ মুক্তি বিচৰা মহন্ত আছিল মাৰ্ক্সবাদী কবি-সাহিত্যিক, যাৰ বিজ্ঞানসম্মত ধ্যান-ধাৰণাই কবিতাত এক অনুপম নান্দনিকতাৰ জন্ম দিছিল। এক ব্যঞ্জনাক্ষম ভাষাৰ নিৰ্মাণত তেওঁ গুৰুত্ব দিছিল বাবেই তেওঁৰ কবিতাত আংগিক আৰু অনুভূতিৰ মণিকাঞ্চন সংযোগ ঘটিছিল। দৃষ্টান্ত স্বৰূপে ‘ছাই’ নামৰ কবিতাটিলৈ আঙুলিয়াব পাৰি–

‘এজোপা কদম গছত এটা

শগুণ পৰি আছে। তাৰ

তলৰ বিৰিণা বনত মৰি আছে

এজাক বোৱাৰী। আৰু মোৰ মানুহজনীও

মৰি আছে। তাৰ কাষেদি এখন নদী।

তাৰ বুকুত প্ৰচণ্ড ঢৌবোৰে

দবৰা-দবৰি কৰি আছে....’

এই কবিতাটিত যুদ্ধৰ বিভীষিকা আৰু এই বিভীষিকাই সৃষ্টি কৰা অবাঞ্চিত যন্ত্ৰণা এক শিল্পমণ্ডিত ৰূপত মূৰ্তমান হৈ উঠিছে। কবিতাটিৰ নিৰ্মাণ শৈলীত যেন ই ই কামিংছৰ কবিতাটিৰ নিৰ্মাণশৈলীৰ অৰ্থঘন ৰূপটোও উপলব্ধ হয়।

কেশৱ মহন্তৰ কবিতাৰ চিত্ৰকল্প সহজবোধ্য। অসমৰ নৈসৰ্গিক জগত, লোক-সংস্কৃতি, প্ৰাচীন ঐতিহ্য আদিৰ সৈতে থকা গভীৰ আৰু অন্তৰংগ সম্পৰ্কই তেওঁৰ সৃষ্টিকৰ্মক এক নতুন আয়তন দিলে। ‘আঘোণৰ কুঁৱলি’, সোণজিৰা মাহীৰ নাড়ী’, ‘খেদ’, ‘উম’ আদি কবিতাই তেওঁৰ এই বিশেষত্ব প্ৰমাণ কৰে।

দৃষ্টান্ত—

‘আঘোণৰ আকাশেদি

কোনোবা বিললে’

মন কাঢ়ি বন-হাঁহ

জাকি মাৰি গ’ল

আঘোণৰ আকাশতো উৰুলিৰ ৰাগী

আছে,

ৰাগী আছে,

আঘোণৰ আকাশত ৰাগী আৰু ৰাগী

আঘোণৰ বাটটোহে কুঁৱলিয়ে ঢকা।

মন-হাঁহ খেদি খেদি বন শেষ হ’ল

আঘোণৰ কুঁৱলিয়ে বাট ভেটি ল’লে।”

(‘আঘোণৰ কুঁৱলি’)

এচাম আলোচকে ক’ব খোজে, ‘আঘোণৰ কুঁৱলি’ শীৰ্ষক কবিতাটিত ‘কুঁৱলি’ শব্দটো পুঁজিবাদৰ আৰু ‘ৰাগী’ শব্দটো মুক্তি স্বপ্নৰ প্ৰতীক। সাধাৰণ মানুহে মুক্তিৰ স্বপ্ন দেখিলেও তেওঁলোকৰ সম্মুখৰ পথ ৰুদ্ধ। কবিতাটিত বিক্ষোভৰ জুই ফিৰিঙতি নাই, অথচ দাহিকা শক্তি আছে। ‘সোণজিৰা মাহীৰ নাড়ী’ শীৰ্ষক কবিতাটিত উপলব্ধ হয় গ্ৰাম্য জীৱনৰ যন্ত্ৰণা আৰু সেই যন্ত্ৰণাৰ মাজতো ভাস্বৰিত হৈ থকা সততা।

কেশৱ মহন্তৰ কবিতাসমূহত আমি শুনো আত্মপ্ৰত্যয়ৰ গভীৰ সুৰ–

‘আমি বাটে বাটে গৈ থকা মানুহ

পুৰণি বাট

পুৰণি এৰি নতুন বাট

হাবি ভাঙি উলিয়াই লোৱা বাট।’

কবিয়ে এই বাট সুগম নহয় বুলি জানে। তথাপি সাহসেৰে আগুৱাই যোৱাৰ অংগীকাৰ কৰিছে। লাহে লাহে অনুকূল বতাহ প্ৰতিকূল হৈ আহেচ কেইবাটাও আন্দোলন, সন্ত্ৰাসবাদৰ উত্থান, চৰকাৰী দমননীতি ইত্যাদিয়ে কবিক অসহায় কৰি তোলে। কিন্তু, কবিৰ মনত ভুমুকি মৰা বিপ্লৱ দূতে তেওঁক স্থিতপ্ৰজ্ঞ কৰি তুলিছে—

‘দগ্ধ বিবেকৰ ঠটা মাটিত ফুটি উঠিছে

এপাহ ৰূপহী ভুঁইচম্পা

তাৰ পাহিয়ে পাহিয়ে কোমল আক্ষেপ

হৃদয়বিহীন মস্তিষ্ক যে বন্ধ্যা।’

‘এটা পূৰঠ বীজৰ বেদনাত’ বাস কৰা কবিয়ে আশা কৰিছে যে বীজটো অংকুৰিত হোৱাৰ লগে লগে ‘দেবদাৰু শ্ৰেণী’ৰ আধিপত্যৰ অন্ত পৰিব। কবিৰ এই ‘বেদনা’ আচলতে আশাবাদৰে দ্যোতক–

‘আকাশৰ

এটা জ্বলন্ত সূৰ্যই আজি

অনন্ত যুগৰ তৃষ্ণা নিৰ্বাপিত কৰিছে

তাৰ অসংখ্য সূচিৰে

আগন্তুক জাতকৰ পৰিধান সী

পৃথিৱীত

বীজৰ গৰ্ভত এক অননুভূতপূৰ্ব বেদনাত

মই আন্দোলিত

যেন এটা পূৰ্ণিমাৰ জোন

মৰ আঁউসীৰ জঠৰত।”

(‘আয়োজন শেষ’)

কবিয়ে ‘ভাটি’ অৰ্থাৎ অতীত এৰি চকু দিছিল ‘উজনি’ অৰ্থাৎ ভৱিষ্যতলৈ। তেওঁ ভাবিছিল যে অন্ধকাৰৰ মাজতো ছেগা-চোৰোকাকৈ পোহৰ থাকে, হৃদয়হীন ‘নাবালক মেঘৰ টিঘিল-ঘিলনি’ বেছি যদিও হৃদয়ৰ দাম হেৰাই নাযায়। তেওঁ যথাৰ্থভাৱেই আশা কৰিছিল যে সাধাৰণ মানুহেই এদিন তেজাল ঘোঁৰা হৈ ‘পৰম্পৰাৰ মধুবন’ ধ্বংস কৰিব।

কেশৱ মহন্তই অসমীয়া গীতি-সাহিত্যলৈ অনেক যুগমীয়া মণি-মুকুতা আগবঢ়াই থৈ গৈছে। তেওঁৰ গীতবোৰ খগেন মহন্ত, ৰমেন বৰুৱা, পুলক বেনাৰ্জী, নুমলীয়া কন্যা মনজ্যোৎস্না মহন্ত আদিৰ কণ্ঠত প্ৰাণপাই উঠিছিল। তেওঁৰ গীতবোৰত প্ৰেম, সপোন, সংগ্ৰাম ইত্যাদিয়ে প্ৰাণৱন্ত ৰূপ লৈছিল। ‘আজি বাৰিষাৰ প্ৰথম বৰষুণযতুমি চাগৈ দেখিছা মোৰ সপোন’ৰ দৰে ৰোমাণ্টিক গীত লিখা গীতিকাৰগৰাকীয়ে ‘পাৰ হৈ গ’ল ধুমুহা এজাকযযেন উৰি গ’লযএৰাতি এন্ধাৰযপোহৰ কাঢ়িব খোজা’ৰ দৰে বিদ্ৰোহী গীতো লিখিছে। গীতবোৰৰ ছন্দময় সুৰে গাঁৱৰ শিপিনী, পৰৰ খবৰ বিলাই ফুৰা পিয়নৰ দৰে সৰু সৰু মানুহৰ জীৱনৰ দুখ-বেদনা ফুটাই তুলিছে। ‘কলৰে পাততে কাউৰী পৰে’, ‘মা আমি শদিয়ালে যামেই’, ‘হিংসাৰ চিকমিক চোকা তৰোৱাল’, ‘পাৰৰ পাখিত গাঁঠি দিলোঁ’, ‘নদী মাথোঁ বয়’ আদি গীতবোৰৰ ভাষাত মাটিৰ চিনাকি গন্ধ পোৱা যায়। মহন্তই গীত ৰচনা কৰি সৌ তাহানিখনতে ‘এইচ.এম. ভি’ ৰেকৰ্ড কোম্পানীৰ পৰা ৰয়েল্টি লাভ কৰিছিল। তেওঁ ‘জয় জোৱান জয় কিষাণ’ শীৰ্ষক গীতটি ৰচনা কৰি ১৯৬৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ পৰা বঁটা গ্ৰহণ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত ‘অ’ মোৰ দেশৰ মানুহ’ শীৰ্ষক সংগীতালেখ্যখনি ইংৰাজীলৈ অনূদিত হৈ বেইজিং ৰেডিঅ’যোগেও প্ৰচাৰিত হৈছিল।

একে আষাৰে ক’বলৈ গ’লে– মহন্তই অসমীয়া সাহিত্য জগতলৈ ভালেমান অৱদান আগবঢ়াই অসমৰ পৰৱৰ্তী প্ৰজন্মক ধনী কৰি থৈ গ’ল। (ৰচনা কাল : ২০০৬)

Share Button
Print Friendly, PDF & Email

No Comments : "কেশৱ মহন্তৰ গীত আৰু কবিতা - (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *