নীল নদীৰ পাৰত ফাল্লাহীন, জন আৰু ৰংমনৰ বিননি

এটুকুৰা ভূমিকা:

১৯৩৯ চনত ‘অগ্নিযুগৰ ফিৰিঙতি’ৰপৰা আশী-পঁচাশী চনমানলৈকে ভূপেন হাজৰিকাৰ গীতৰ এক সোণালী সময় বুলিব পাৰি‌। এই কালছোৱাত ৰচিত একো একোটা গানক লৈয়েই আচলতে গবেষণা বা অধ্যয়ন হোৱা উচিত আছিল‌। অসমৰ বিদ্বৎ সমাজত কিন্তু তেনেধৰণৰ তৎপৰতা চকুত নপৰে‌। তাৰ সলনি চৰকাৰী পৃষ্ঠপোষকতাত ভূপেন হাজৰিকাৰ সমাধি নিৰ্মাণ, মূৰ্তি নিৰ্মাণ আদিতহে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে‌। অসমৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানবোৰেও এইধৰণৰ স্মৃতিচাৰণতেই অধিক গুৰুত্ব দিয়া বুলি ক’ব পাৰি‌। এই প্ৰক্ৰিয়াই যে অচিৰেই ভূপেন হাজৰিকাকো ‘লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে’ বুলি আক্ষেপৰ সুৰেৰে আহ্বান কৰিব লগা গুৰুজনাৰ শাৰীলৈ লৈ যাব সেয়া নিশ্চিত। সেয়েহে নিজৰ অপৰিসীম অসামৰ্থ্যক স্বীকাৰ কৰিও ভূপেন হাজৰিকাৰ এটা নিৰ্দিষ্ট গীতৰ বিষয়ে এটি চমু আলোচনা কৰিবলৈ মৰসাহ কৰিছো‌। আচলতে আলোচনাটোক কোনো বিদ্যায়তনিক চৰ্চা বোলাতকৈ গীতটো শুনি হোৱা নিজৰ কিছু বিক্ষিপ্ত চিন্তা বুলিলেহে শুদ্ধ হ’ব‌। গীতটোৰ বিস্ময়কৰ সাংগীতিক সংশ্লেষণে তাক বিভিন্ন ধৰণেৰে শুনি চাবলৈ, ভাবি চাবলৈ বাধ্য কৰায়‌। আৰু এইদৰে শুনোতে, ভাবোঁতেই ওলাই পৰে গীতটোৰ মাজেৰে প্ৰকাশ পোৱা ভূপেন হাজৰিকাৰ জাতীয়তাবাদৰপৰা মানৱতাবাদলৈ বিস্তৃত অন্তৰ্দৃষ্টিটো‌। গীতটোৰ শিৰোনাম, “অতীতৰ বুৰঞ্জী”‌।

গীতটোৰ পটভূমি:

গীতটোৰ ৰচনাকাল ১৯৫২ চন‌। স্থান আফ্ৰিকাৰ নীল নদীৰ পাৰ। (১)

কিন্তু ঠিক ইমানখিনি ক’লেই যথেষ্ট নহয়‌। নীল নদীৰ পাৰত বহি এই গীতটো লিখিব পৰাকৈ গঢ়ি উঠা শিল্পীজনৰ নেপথ্যৰ পটভূমিটোও ব্যাখ্যা কৰা প্ৰয়োজন‌। কাৰণ মিছৰৰ সুউচ্চ পিৰামিডবোৰৰ প্ৰত্যক্ষ দৰ্শনৰ পাছত ক্ষমতাশালী ফাৰাওসকলৰ কথা নকৈ ফাল্লাহীনৰ বিননিৰ কথা ক’বলৈও এটা পটভূমিৰ দৰকাৰ‌। নীল নদীৰ কলৰৱত মানুহৰ মুকুতিৰ সপোন ৰচিবলৈ তেওঁ বাৰু ক’ত শিকিলে?

এই কথা ক’লে বোধহয় ভুল নহ’ব যে সেই পটভূমি একলা-দুকলাকৈ নিৰ্মাণ হৈছিল তেওঁৰ শৈশৱৰপৰাই‌ – জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সযত্ন পৰশত‌। ১৯৩৯ চনতে সেয়ে তেওঁ লিখিব পাৰিছিল—“অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম”‌। লগতে ১৯৪৪ চনত গঠন হোৱা ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখায়ো এক অতি গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াইছিল। জ্যোতি-বিষ্ণুৰ ব্যক্তিগত সৌহাৰ্দ্যত গঢ়ি উঠা ভূপেন হাজৰিকাৰ প্ৰতিবাদী সংগ্ৰামী সত্তাটোক এক নতুন মাত্ৰা দিছিল গণনাট্য সংঘই‌ তথা অসমত তাৰ পিতৃস্বৰূপ হেমাংগ বিশ্বাসে। শ্ৰমিক শ্ৰেণীৰ অধিকাৰৰ দৃষ্টিকোণৰপৰা জীৱনক চোৱাৰ, শ্ৰমিক-কৃষক শ্ৰেণীৰ স্বাৰ্থক সন্মুখত ৰাখি সচেতনভাৱে শিল্প আৰু সাহিত্য কৰ্মত আত্মনিয়োগ কৰাৰ বাবে বহু প্ৰতিভাৱান শিল্পী-সাহিত্যিককে ই এখন সজীৱ আৰু সক্ৰিয় মঞ্চ দিছিল‌।

ভূপেন হাজৰিকাৰ সৃষ্টিৰ পথাৰক উৰ্বৰ আৰু গণমুখী কৰা আন এক ব্যক্তিত্ব হ’ল পল ৰ’বছন‌। ১৯৪৯ চনত কলম্বিয়া বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে যোৱা ভূপেন হাজৰিকাক পল ৰ’বছনৰ বিশাল ব্যক্তিত্বই কেনেকৈ মোহাৱিষ্ট কৰিছিল তাক তেওঁ নিজেই ব্যাখ্যা কৰি গৈছে‌ এনেকৈ – “তেওঁৰ গীতে আমাক বিদ্যুৎ প্ৰবাহৰ দৰে চুই গ’ল‌। বিজুলী সঞ্চাৰেৰে সহস্ৰ ৰাইজ যেন উদ্বুদ্ধ হ’ল বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ‌। তেওঁ গোৱা গীতে আমাক এক নতুন সংগীত জগতৰ বতৰা দিলে‌। . . . তেওঁক দেখি বিষ্ণু ককাইদেউক লগ পোৱা যেন লাগিছিল‌। একলব্যৰ দৰে দূৰৈৰপৰা তেওঁৰ ধুমুহা-সদৃশ ব্যক্তিত্বক সন্মান জনাই লাহে লাহে লাহে ওচৰ চাপিছিলোঁ‌।” (২)

এইদৰেই জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাসৰপৰা পল ৰ’বছনলৈকে বিস্তৃত হৈ পৰা তেওঁৰ শৈল্পিক পৰিক্ৰমাই সীমাৰ পৰিধি ভাঙি লুইতৰপৰা মিছিছিপিলৈ বৈ যাব পাৰিছিল‌। পল ৰ’বছনৰ ‘অ’ল্ড মেন ৰিভাৰ’ মিছিছিপি আপোন ‘বুঢ়া লুইত’খন হৈ বৈছিল ভূপেন হাজৰিকাৰ গীতত‌। ঠিক এই একেটা পৰিঘটনাৰেই ব্যাখ্যা কৰিব পাৰি নীল নদীৰ পাৰত ৰচিত এই গীতটোকো‌।

গীতটোৰ কথা:

অতীতৰ বুৰঞ্জী লিখকে লিখিছিল

ৰজা মহাৰজাৰ কথা

আজিৰ বুৰঞ্জী লিখকে লিখিছে

মানুহৰ মুকুতিৰ কথা‌।

গীতটোৰ আৰম্ভণিৰ এই কলিটোৱেই গীতটোৰ সমগ্ৰ ভাবটো বহন কৰিছে‌। গীতৰ মাধ্যমেৰে মানুহৰ শোষণৰ বিৰুদ্ধে শৈল্পিক প্ৰতিবাদ আৰু মানৱ মুক্তিৰ সপোন নিহিত হৈ আছে গোটেই গীতটোত‌ে। সেই মানুহবোৰ কোন – যাৰ কথা লিখাটো আজিৰ বুৰঞ্জী লেখকৰ মহান দায়িত্ব?

মিছৰ দেশৰে নীল নৈৰ পাৰৰে

ফাল্লাহীনে বিনালে

কৈ কৃষকৰ বুকুৰে বেথা –

আফ্ৰিকা মহাদেশৰ বেছিভাগ অঞ্চলৰ ভূমি ব্যৱস্থাৰ লগত এছিয়াৰ দেশসমূহৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল অৰ্থনৈতিক ব্যৱস্থাৰ এক আচৰিত সাদৃশ্য দেখা যায়। (৩) সেইবাবেই সামন্ত প্ৰথাৰদ্বাৰা নিষ্পেষিত দৰিদ্ৰ কৃষক ফাল্লাহীনৰ বিননিত শুনা যায় সকলো কৃষকৰ বুকুৰ বেথা‌। উল্লেখযোগ্য যে আফ্ৰিকা মহাদেশৰ ভূমিহীন কৃষকসকলক ফাল্লাহীন বোলা হয়‌। সামন্ত যুগত সীমাহীন দুখ-কষ্টেৰে ভৰা আছিল তেওঁলোকৰ জীৱন‌।

মিছিছিপিৰ পাৰতে কপাহৰে খেতিতে

নিগ্ৰো—‘জনে’ বিনালে

কৈ মানুহৰ বৰণৰ কথা –

মিছিছিপিৰ পাৰৰ কপাহ খেতিত নিগ্ৰো ক্ৰীতদাসৰ অবৰ্ণনীয় দুখ-যাতনাৰ কথাও সৰ্বজনবিদিত‌। সেয়েহে বৰ্ণবৈষম্যৰ বলি হাজাৰ হাজাৰ কৃষ্ণাংগ ‘জন’ৰ বিননিও মূৰ্ত হৈছে গীতটোত‌।

নীল নদীৰ দুপাৰৰ, মিছিছিপিৰ দুপাৰৰ এই নিগৃহীতৰ হুমুনিয়াহে ভূপেন হাজৰিকাক মনত পেলাই দিছে আপোন গাঁওখনৰ নিগৃহীত খেতিয়কজনলৈ, ৰংমনলৈ‌।

লুইতৰে পাৰৰে

গাঁৱৰে মৰিশালিত

ৰংমনে নিতৌ চিঞৰে

কৈ বোৱঁতী মনৰে কথা –

ফাল্লাহীন, জন আৰু ৰংমন, ভূপেন হাজৰিকাৰ বাবে একেডাল সূতাৰে বন্ধা তিনিটা চৰিত্ৰ‌, যি বুকুৰ মাজত একেই সুখ-দুখৰ যন্ত্ৰণা কঢ়িয়াই ফুৰে‌। জাতীয়তাবাদৰ সংকীৰ্ণতাত বন্দী হৈ তেওঁ ফাল্লাহীন, জনহঁতৰ স’তে থকা ৰংমনৰ যোগসূত্ৰটো পাহৰা নাই‌।

অৰ্থৱহভাৱে লুইতৰ পাৰৰ ৰংমনে মৰিশালিৰপৰা চিঞৰ মাৰে‌। মৃতকৰ পথাৰত ৰৈও ৰংমনে বোৱঁতী মনৰ কথাহে কয়‌। সময় ৰৈ নাথাকে, বৈ থাকে‌। ৰংমনৰ এই বোৱঁতী মনৰ আশাই যেন গীতিকাৰক সাহ দি যায়, সামন্ত যুগৰ সকলো নিষ্পেষণৰ বিৰুদ্ধে গৰজি উঠিবলৈ—

পাহৰি পেলালো বুৰঞ্জীয়ে গোৱা

সামন্ত যুগৰে কথা –

সময়ৰ সাহেৰে

লিখি যাম আজি মই

মানুহৰ মুকুতিৰ কথা –

এইখিনিতে গানটোৱে এটা নতুন মোৰো লয়‌। গীতিকাৰে ৰংমনৰ হাতত ধৰিয়েই জন, ফাল্লাহীনহঁতৰ সাহসী মিছিলত প্ৰত্যক্ষভাৱে যোগ দিয়ে‌। গীতটোৰ প্ৰথম অংশত দ্বিতীয় পুৰুষৰ কথা কৈ থকা লিখক এই শেষৰ শাৰীত প্ৰথম পুৰুষ হৈ পৰে‌। প্ৰথমে আছিল “আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা”‌। কিন্তু শেষত তেওঁ নিজেই হৈ পৰে সেই বুৰঞ্জী লিখক—“সময়ৰ সাহেৰে লিখি যাম আজি মই মানুহৰ মুকুতিৰ কথা”‌।

গীতটোৰ সুৰ:

গীতটোৰ মূল সুৰটোত সংশ্লেষিত হৈ আছে ইজিপ্টীয় সংগীতৰ সুৰ‌। বিশেষকৈ আৰম্ভণী আৰু মাজৰ সংগীতাংশৰ বাঁহী আৰু বেহেলাৰ সুৰটোত সম্পূৰ্ণৰূপে ইজিপ্টৰ সংগীতৰ সুৰ পৰিস্ফুট হৈছে‌। ইজিপ্টীয় সংগীতত, আৰবীয় মূলৰপৰা অহা মেলডিৰেই মূল জঁকাটো নিৰ্মাণ হয়, যাক মাকামাট (maqamat) বোলা হয়‌। মূল ৰেকৰ্ডিঙত বাদ্যযন্ত্ৰৰ সহযোগত খুব সুন্দৰকৈ এই সুৰটো প্ৰকাশ কৰা হৈছে‌। কিন্তু আশ্চৰ্যজনক কথাটো হৈছে, কোনোধৰণৰ বিশেষ বাদ্যযন্ত্ৰ নোহোৱাকৈও কেৱল কণ্ঠৰেই এই মূল সুৰটোৰ স্বকীয়তা তেওঁ ৰক্ষা কৰিছে‌‌। কথাটো উপলব্ধি কৰিবলৈ  ১৯৮৯ চনত টৰেন্ট’, কানাডাৰ এটা সংগীতানুষ্ঠানৰ পৰিবেশন চাব পাৰি‌। ইউটিউবৰ ভিডিঅ’ এটাৰ ২৯.৪৭ মিনিটত এই গীতটো মঞ্চত পৰিবেশন কৰা দেখা যায় (https://www.youtube.com/watch?v=UdMIo6pWcuI)। তাত আনকি ‘ফাল্লাহিনে বিনালে’, এই শাৰীটো গাওঁতে ‘ফাল্লাহীনে’ এই শব্দটোত স্পষ্টকৈয়ে আজানৰ সুৰ এটা ফুটি উঠিছে‌।

কিন্তু সমগ্ৰ গীতটোত কেৱল ইজিপ্টীয় সুৰটোৱেই পৰিব্যাপ্ত হৈ আছে বুলি ক’লে ভুল হ’ব‌। অতি কৌশলেৰে সুৰটোত অসমৰ লোকসংগীতৰ সুৰো সংযোজন হৈছে‌। ফাল্লাহীনৰ কথা কওঁতে যেনেকৈ আজানৰ সুৰ ভাহি আহিল, একেখিনি স্বৰৰ সংযোজনেৰে কিন্তু লুইতৰ পাৰৰ ৰংমনৰ কথা কওঁতে হঠাতে এটুকুৰা বিহুৰ সুৰো ওপঙি আহিল‌। “কৈ বোৱঁতী মনৰে কথা” শাৰীটো দুবাৰ গাইছে‌। পাছৰ শাৰীটোত মূল সুৰটোৰপৰা ফালৰি কাটি এক মুহূৰ্ততে বিহু সোমাই পৰিছে‌। মন কৰিবলগীয়া কথাটো হ’ল, গীতটোৰ প্ৰথম দুটা অন্তৰাত ক্ৰমে ফাল্লাহীন আৰু জনে বিনালে‌। ফাল্লাহীনে বিনালে “কৈ কৃষকৰ বুকুৰে বেথা” আৰু জনে বিনালে “কৈ মানুহৰ বৰণৰ কথা”‌। গতিকে সেই অনুসৰি এই দুয়োটা শাৰীতে সুৰটো কৰুণতাৰে ভৰি পৰিছে‌। কিন্তু গাঁৱৰ ৰংমনজনে বিনোৱা নাই, চিঞৰিছেহে‌। গতিকে একেটা সুৰৰ সজাতে আগৰ ‘বিনালে’ শব্দটোৰ ঠাইত ‘চিঞৰে’ শব্দটোৱে সঁচাকৈয়ে দূৰৈৰপৰা চিঞৰাৰ সুৰ এটা টানি আনে‌। আকৌ ৰংমনে কি বুলি চিঞৰে? “ৰংমনে নিতৌ চিঞৰে, কৈ বোৱঁতী মনৰে কথা”‌। এইবাৰ কিন্তু এই শাৰীটোত আগৰ কৰুণতা নাই‌। তাৰ ঠাই অধিকাৰ কৰে গতিশীলতাৰ এটা সুৰে‌। আৰু ঠিক এইখিনিৰপৰাই গানৰ সুৰটোলৈ এক গতি আহে‌। “পাহৰি পেলালোঁ বুৰঞ্জীয়ে গোৱা সামন্ত যুগৰে কথা” – এই শাৰীটোৰপৰা সময়ৰ সাহ বুকুত বান্ধি আগুৱাই গ’লে যিধৰণৰ আত্মপ্ৰত্যয় আহে কণ্ঠলৈ সেইধৰণৰ প্ৰত্যয়‌ যোগ হয় গীতৰ সুৰত। সামন্ত যুগৰ সকলো শাসন-শোষণৰ বিৰুদ্ধে ৰংমনৰ হাতত ধৰি সকলো ফাল্লাহীন আৰু জন যেন আগুৱাই যায়‌।

গীতটোৰ তাল আৰু লয়:

ইজিপ্টীয় সংগীতৰ তাৰাবুকা (tarabuka) নামৰ ঢোলটোত বজোৱা “ডুম-টাক-কাহ” ঠেকাতেই গোটেই গীতটো বান্ধ খাই আছে‌। এই ঠেকাটোৱে গীতটোক অনন্য কৰি তুলিছে‌। ইতিহাসৰ বুকুত সদা উপেক্ষিত মুক্তিকামী মানুহৰ পেশীবহুল, কৰ্মথ হাতৰ কোবত যেন গৰজি উঠে ঢোলটোৱে – ডুম- টাক্- কাহ্, ডুম- টাক্- কাহ্‌! সেই ঠেকাটোৱেই একেটা লয়তে প্ৰথম অংশত বাজি থাকে, শেষৰ কলিটোৰ লয়ৰ পৰিবৰ্তন হৈ এক সংগ্ৰামী চেতনাৰ আভাস ফুটি উঠে‌।

সামৰণি:

সাম্প্ৰতিক সময়ত ভাল গানৰ অভাৱ আমি ভালকৈয়ে অনুভৱ কৰোঁ‌। সাংস্কৃতিক সাম্ৰাজ্যবাদে কঢ়িয়াই অনা পণ্য সংস্কৃতিয়েই তাৰ বাবে মূলতঃ জগৰীয়া যদিও, এক সুস্থ বিকল্প সংস্কৃতিৰ অভাৱেও সেই পণ্য সংস্কৃতিৰ সোঁতক ত্বৰান্বিত কৰিছে‌। কিন্তু ৰমক-জমক পণ্য সংস্কৃতিৰ বিপৰীতে এক সুস্থ বিকল্প সংস্কৃতিৰ বাবে গণনাট্য সংঘৰ দৰে এক সাংগঠনিক সাংস্কৃতিক আন্দোলনৰো দৰকাৰ‌। গণবিচ্ছিন্ন ব্যক্তিগত সাধনাৰে এনেধৰণৰ এটা গীতৰ সৃষ্টি হয়তো সম্ভৱ নহ’ব‌। তেনেধৰণৰ সৃষ্টি এটা সম্পৰীক্ষাৰ পৰ্যায়তে হয়তো ৰৈ যাব‌।

 

গ্ৰন্থ টোকা:

১) ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ : ড০ দিলীপ দত্ত‌। পৃ: ২৪৪।

২) ‘শিল্পীৰ পৃথিৱী দৰিদ্ৰ হ’ল’ : আমাৰ প্ৰতিনিধি, এপ্ৰিল, ১৯৭৬: ড০ পৰমানন্দ মজুমদাৰৰদ্বাৰা সম্পাদিত ভূপেন হাজৰিকা: গতিৰপৰা আমাৰ প্ৰতিনিধিলৈত সংকলিত‌। পৃ: ২৫৩‌।

৩) ‘আফ্ৰিকাৰ সৌন্দৰ্যবোধ’: মুলকৰাজ আনন্দ, গতি, কপৌফুল সংখ্যাত প্ৰকাশিত‌, ড০ পৰমানন্দ মজুমদাৰৰদ্বাৰা সম্পাদিত ভূপেন হাজৰিকা: গতিৰপৰা আমাৰ প্ৰতিনিধিলৈত সংকলিত‌। পৃ: ৩৯০।

 

~বৰ্ণালী বৰুৱা দাস

Share Button
Print Friendly, PDF & Email

No Comments : "নীল নদীৰ পাৰত ফাল্লাহীন, জন আৰু ৰংমনৰ বিননি"

Leave a Comment

Your email address will not be published. Required fields are marked *