চৰাইৰ চকুৰে অসমীয়া চলচ্চিত্ৰৰ আঠটা দশক - (উৎপল দত্ত)

. এক .

ৰাতিপুৱাটোৱেই দিনটোৰ ইংগিত বহন কৰি আনে৷ অসমীয়া ছবিৰ প্ৰথমটো ৰাতিপুৱাও আছিল অতি উজ্জ্বল৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী কুঁৱৰী’ নাটকৰ আলমত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ‘জয়মতী’ৰে অসমীয়া চিনেমাৰ আৰম্ভণি হয়৷ জাৰ্মানিত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈ উভতি অহা জ্যোতিপ্ৰসাদে তেজপুৰৰ ওচৰৰ ভোলাগুৰি বাগিছাত ‘চিত্ৰবন’ নামেৰে ষ্টুডিঅ’ এটি সাজি লৈ তাতে ‘জয়মতী’ৰ দৃশ্যগ্ৰহণ কৰিছিল৷ পিছত লাহোৰৰ ষ্টুডিঅ’ত সম্পাদনাৰ কাম কৰি কলকাতাৰ ‘ৰাউনাক’ প্ৰেক্ষাগৃহত ছবিখনৰ প্ৰথম দৰ্শনীৰ আয়োজন কৰিছিল ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে৷ ছবিখনে গুৱাহাটীত মুক্তি লাভ কৰিছিল সেই একে মাহৰ ২০ তাৰিখে৷

প্ৰথম অসমীয়া ছবি কাৰণে ‘জয়মতী’ৰ প্ৰতি ৰাইজৰ আগ্ৰহ আছিল অসীম, কিন্তু ছবি পৰিবেশনাৰ বাবে প্ৰয়োজনীয় পৰিকাঠামোৰ অভাৱ আৰু ছবিখনৰ নিৰ্মাণত হোৱা অভাবনীয় ব্যয়ৰ বাবে ছবিখনে বহু টকা লোকচান ভৰিবলগীয়া হৈছিল৷ কিন্তু ইয়াৰ পিছত জ্যোতিপ্ৰসাদে ১৯৩৯ চনত নিজৰ কাহিনীৰে ‘ইন্দ্ৰমালতী’ নামৰ ছবি এখন প্ৰযোজনা আৰু পৰিচালনা কৰি উলিয়াইছিল৷ এই ছবিখন ব্যৱসায়িক দিশত সফল আছিল আৰু ই ‘জয়মতী’ৰ লোকচানো পূৰণ কৰিছিল৷ এই ছবিখন কলকাতাৰ অৰোৰা ষ্টুডিঅ’ত নিৰ্মাণ কৰা হৈছিল৷ প্ৰথমখন ছবিৰ পিছতেই জ্যোতিপ্ৰসাদৰ ‘চিত্ৰবন’ ষ্টুডিঅ’ৰ দুৱাৰ বন্ধ হৈ যায় আৰু কলকাতাৰ ষ্টুডিঅ’ই হৈ উঠে অসমীয়া ছবিৰ নিৰ্মাণস্থলী৷

জ্যোতিপ্ৰসাদ আছিল দাৰ্শনিক, সৃজনীশীল শিল্পী, লেখক আৰু স্বাধীনতা সংগ্ৰামী৷ তেওঁৰ সেই মনটোৰ প্ৰতিফলন ঘটিছিল তেওঁৰ ছবিত৷ ‘জয়মতী’ত আছিল অতীত গৌৰৱ কাহিনী আৰু ‘ইন্দ্ৰমালতী’ত স্বাধীনতা আন্দোলনৰ ছবি৷ বিভিন্ন পৰিচালক আৰু প্ৰযোজকৰ অংশগ্ৰহণেৰে এই ধাৰাৰেই অসমীয়া ছবিৰ গতি আগ বাঢ়িছিল৷ অসমত ছবি নিৰ্মাণৰ সুবিধা নাছিল, ছবি নিৰ্মাণ কাৰ্যটি লাভজনক হ’ব পৰাকৈ ডাঙৰ বজাৰ এখন নাছিল, তথাপিতো কেৱল চলচ্চিত্ৰ কলা মাধ্যমটিৰ প্ৰতি থকা ভালপোৱা আৰু ছবিৰ মাজেৰে কিবা কোৱাৰ ইচ্ছাই চিত্ৰনিৰ্মাতাসকলক উৎসাহিত কৰি আহিছিল৷ ‘মনোমতী’, ‘বিপ্লৱী’, ‘বদন বৰফুকন’, ‘নৰকাসুৰ’ আদি ছবিয়ে অসমীয়া ছবিৰ এই ধাৰাটি প্ৰবহমান কৰি ৰাখিছিল৷

. দুই .

১৯৫৫ চনত লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ‘নিমিলা অংক’ত অসমীয়া মধ্যবিত্তীয় সমাজৰ ছবি অংকন কৰা হৈছিল আৰু সেই ছবিৰ লগে লগে অসমীয়া ছবিৰ কাহিনীলৈ বাস্তৱমুখী ঘটনাৰ আগমন ঘটে৷ ১৯৫৬ চনত মুক্তি লাভ কৰা ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ ছবিখন আছিল অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত৷ এই ছবিখনত ভূপেন হাজৰিকাই ভাৰত-বিখ্যাত সংগীত প্ৰতিভা লতা মংগেছকাৰ, হেমন্ত মুখাৰ্জী আদিৰ কন্ঠ ব্যৱহাৰ কৰি ছবিখনক এটি বহল প্ৰেক্ষাপটত চিনাকি কৰাই দিছিল৷ ১৯৬৩ চনত সেই সময়ৰ জনপ্ৰিয় গীতিকাৰ আৰু সংগীত পৰিচালক ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত ‘ইটো সিটো বহুতো’ নামেৰে হাস্যৰসৰ ছবি নিৰ্মাণ কৰি অসমীয়া ছবিৰ ধাৰাটোত বৈচিত্ৰ্যপূৰ্ণ কৰি তোলাত অৰিহণা আগ বঢ়ায়৷ এই একেই বছৰতে প্ৰচলিত সাধুকথা এটিৰ ভেটিত আনোৱাৰ হুছেইনে নিৰ্মাণ কৰে ‘তেজীমলা’৷

. তিনি .

অসমীয়া ছবিৰ সীমিত বজাৰখন বঢ়োৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকা সদায়েই সচেতন আছিল আৰু সেই উদ্দেশ্যৰেই তেওঁ ১৯৬৫ চনত এটি খাচী লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল ‘প্ৰতিধ্বনি’৷ এই ছবিখন তেওঁ খাচী ভাষালৈ ‘ডাব’ কৰি বাণিজ্যিকভাৱে মুক্তি দিছিল৷ হিন্দী ছবি ‘তকদীৰ’ তেওঁ অসমীয়ালৈ ডাব কৰাত আগভাগ লৈছিল আৰু পৰৱৰ্তী কালত সেই ছবিৰ প্ৰযোজক ৰাজশ্ৰী প্ৰডাকচনৰ লগত যৌথ প্ৰযোজনাত নিৰ্মাণ কৰিছিল ‘চিকমিক বিজুলী’৷ আৰম্ভণিৰেইপৰা অসমীয়া ছবিৰ প্ৰযোজনা মূলতঃ ব্যক্তিপৰ্যায়ত আছিল, কেতিয়াবা একাধিক লোক লগ হৈ, কেতিয়াবা কোনোবা সংঘই বা কেতিয়াবা সমবায় সমিতি গঠন কৰি ছবি প্ৰযোজনা কৰিছিল৷ ‘চিকমিক বিজুলী’য়েই হ’ল প্ৰতিষ্ঠিত চলচ্চিত্ৰ প্ৰযোজনা সংস্থা এটাই প্ৰযোজনা কৰা প্ৰথম অসমীয়া ছবি৷ ইয়াৰ পিছৰেপৰা অসমীয়া ছবিত ব্যবসায়ী সংস্থাৰ অংশগ্ৰহণ আৰম্ভ হয়৷

. চাৰি .

১৯৬৯ চনত ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ আছিল আবেগমিশ্ৰিত থ্ৰিলাৰ আৰু এই ধাৰাৰ প্ৰথম অসমীয়া ছবি৷ ‘ইন্দ্ৰমালতী’ৰ দিনৰেপৰা অসমীয়া ছবিৰ অন্তৰ্দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হৈছিল কলকাতাৰ ষ্টুডিঅ’ত৷ কিন্তু ব্ৰজেন বৰুৱাই কলকাতালৈ যোৱাৰ পৰিবৰ্তে অসমৰে সাধাৰণ ঘৰতে দৃশ্যগ্ৰহণৰ কাম কৰিছিল আৰু কাৰিকৰী লোকৰ অভাৱ পূৰণ কৰিবলৈ থলুৱা ল’ৰা-ডেকাকে কাৰিকৰী কাম শিকাই লৈছিল৷ ‘ডাঃ বেজবৰুৱা’ ব্যৱসায়িক দিশত সফল ছবি আছিল আৰু তাতকৈ ডাঙৰ কথা আছিল এই ছবিখনৰ নিৰ্মাণত ব্ৰজেন বৰুৱাই দেখুওৱা সাহসৰ বাবে অসমত ছবি নিৰ্মাণৰ সংখ্যা বাঢ়িবলৈ লৈছিল৷ একে সময়তে ছবিৰ কাৰিকৰী কামৰ বাবে অসমীয়া মানুহো আগ বাঢ়ি আহিছিল৷ এই সকলোবোৰৰ মিলনে ‘ডাঃ বেজবৰুৱা’ক অসমীয়া ছবিৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ ছবিৰ স্থান দিছিল৷ পৰৱৰ্তী কালত ব্ৰজেন বৰুৱাই ‘মুকুতা’, ‘ললিতা’ আৰু ‘ওপজা সোণৰ মাটি’ নামৰ ছবিকেইখন পৰিচালনা কৰে৷

. পাঁচ .

চতুৰংগ পৰিচালিত ‘অপৰাজেয়’ (১৯৭০) ছবিখনে বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটিৰ আৰম্ভণি কৰে আৰু পদুম বৰুৱাৰ ‘গঙা চিলনীৰ পাখি’ (১৯৭৬) ছবিখনে এই ধাৰাটোক শক্তিশালী কৰি তোলাত সহায় কৰে৷ এই ছবিদুখনৰ মাজৰ সময়ছোৱাত নিৰ্মিত ‘মমতা’, ‘বৃষ্টি’, ‘খোজ’, ‘উত্তৰণ’, ‘হৃদয়ৰ প্ৰয়োজন’ আদি ছবিয়ে এই ধাৰাটিৰ বিকাশত সহায় কৰি আহিছে৷

১৯৭৭ চনত মুক্তি লাভ কৰা ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘সন্ধ্যাৰাগ’ ছবিখনে লাভ কৰা ব্যৱসায়িক আৰু কলাগত সফলতাই বাস্তৱবাদী ধাৰাটোৰ দেহত নতুন তেজৰ সঞ্চাৰ কৰে৷ তেওঁ একাদিক্রমে ‘অৰ্নিবাণ’, ‘অগ্নিস্নান’, ‘কোলাহল’, ‘সাৰথি’, ‘আবৰ্তন’, ‘ইতিহাস’ আৰু হিন্দী ভাষাত ‘কালসন্ধ্যা’ নামৰ ছবিকেইখন পৰিচালনা কৰে৷ দেশ-বিদেশৰ বহু চলচ্চিত্ৰ মহোৎসৱত ভবেন্দ্ৰ নাথ শইকীয়াৰ ছবি প্ৰদৰ্শিত হৈছে৷ তেওঁৰ পিছত জাহ্নু বৰুৱাই ‘অপৰূপা’ৰে তেওঁৰ পৰিচালনা যাত্ৰা আৰম্ভ কৰে আৰু কেইবাখনো ছবি নিৰ্মাণ কৰে৷ তেওঁৰ ছবিয়েও দেশৰ ভিতৰে-বাহিৰে সন্মান লাভ কৰিছে৷ তেনেদৰে সান্ত্বনা বৰদলৈ, অতুল বৰদলৈ, সঞ্জীৱ হাজৰিকা, বিদ্যুত চক্রৱৰ্তী, মঞ্জু বৰা, গৌতম বৰা আদিয়েও বাস্তৱধৰ্মী ছবিৰ ধাৰাটি সবল কৰাত সহায় কৰিছে আৰু দেশ-বিদেশৰপৰা সন্মানো কঢ়িয়াই আনিছে৷

. ছয় .

আনহাতে, বিনোদনধৰ্মী ছবি ‘ডাঃ বেজবৰুৱা’ই যি সফল ব্যৱসায়ৰ বাৰ্তা বহন কৰিছিল, সেই পথেৰেও বহু পৰিচালকে বাট বুলিছিল আৰু দৰ্শকক উপভোগ্য ছবি উপহাৰ দিছিল৷ এই ছবিবোৰৰ প্ৰায়ভাগৰেই কাহিনী আছিল আৱেগপূৰ্ণ আৰু নাটকীয় উপাদানেৰে ভৰা৷ ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্ৰহ’, ‘ভাইটি’, ‘চামেলি মেমচাব’, ‘আজলী নবৌ’ আদি এই ধাৰাৰ ছবি৷ এই ছবিবোৰ চলচ্চিত্ৰ ভাষাৰ দিশৰপৰা বৰ ওখ খাপৰ নাছিল যদিও ছবিবোৰে দৰ্শকৰ ৰুচিবোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিটোল গ্ৰহণযোগ্য কাহিনী একোটাৰ মাজতে নিজকে আবদ্ধ কৰি ৰাখিছিল৷ এই সময়ছোৱাৰ কেইগৰাকীমান উল্লেখযোগ্য পৰিচালক হ’ল নিপ বৰুৱা, দ্বিবন বৰুৱা, আব্দুল মজিদ, শিৱ ঠাকুৰ আদি৷ এটা সময়ত বিভিন্ন কাৰণত অসমীয়া ছবিৰ ব্যৱসায় বেয়া হ’বলৈ আৰম্ভ কৰে৷ এই বিপৰ্যয় অকল অসমীয়া ভাষাৰ ছবিৰ ক্ষেত্ৰতে নাছিল, ই আছিল সৰ্বভাৰতীয় পৰিবেশ৷ এই মন্দাৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেইবাজনো পৰিচালকে হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদান ব্যৱহাৰ কৰি অসমীয়া চিনেমাক ব্যৱসায়ৰ দিশত সফল কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু সেই চেষ্টাই কাম দিয়া নাছিল৷

১৯৯৮ চনত মুক্তি লাভ কৰা অশোক কুমাৰ বিষয়া পৰিচালিত ‘যৌৱনে আমনি কৰে’ ছবিখনে হঠাৎ অসমীয়া ছবিৰ ব্যৱসায়ৰ বৰ্ণহীন ছবিখনক উজ্জ্বল কৰি তোলে৷ সেই ছবিৰ সফলতাত উজ্জীৱিত হৈ বহু নিৰ্মাতাই হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ উপাদানৰ সমাবেশ ঘটাই অসমীয়া চিনেমা নিৰ্মাণ কৰিছিল৷ এই ধাৰাৰ কেইখনমান সফল ছবি আছিল ‘মহাৰথী’, ‘বুকুৰ মাজত জ্বলে’ আদি৷ কেইখনমান ছবিয়ে ব্যৱসায়িক দিশত সফলতা লাভ কৰিলেও বেছিভাগ ছবিৰে ব্যৱসায়-ভাগ্য আছিল মন্দ৷ তাৰ মাজতে মুনীন বৰুৱাই ‘হিয়া দিয়া নিয়া’ নামৰ ব্যৱসায়িক সফল ছবি এখন নিৰ্মাণ কৰিছিল৷ এই ছবিত আধুনিক উপাদান আছিল যদিও ছবিখনৰ মূল আবেদন আছিল নিটোল কাহিনীৰ নাটকীয় উপস্থাপন৷ পৰৱৰ্তী কালত মুনীন বৰুৱাই কেইবাখনো ব্যৱসায়িক সফল ছবি নিৰ্মাণ কৰিছে আৰু কেতিয়াও ৰুচিবোধৰ ক্ষেত্ৰত আপোচ কৰা নাই৷

. সাত .

প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে চিনেমাক চেলুলয়ডৰপৰা মুক্তি দিয়ে আৰু ডিজিটেল পদ্ধতিত চিনেমাৰ দৃশ্যগ্ৰহণ আৰু পিছৰ পৰ্যায়ৰ কামবোৰ কৰিব পৰাৰ সুবিধা দিয়ে৷ ফলত দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ বহু কাম সহজ হৈ পৰে আৰু ছবি নিৰ্মাণলৈ পুনৰ বহু লোক আগ বাঢ়ি আহে৷ ২০১০ চনত সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা কৰা ‘জাংফাই জোনাক’ নামৰ ছবিখনেই হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি৷

. আঠ .

অসমীয়া চিনেমাই অসমৰ বাহিৰত যি অলপ পৰিচিতি লাভ কৰিছে তাৰ মূলতে আছে ৰাষ্টীয় চলচ্চিত্ৰ বঁটা প্ৰাপ্তি আৰু ভাৰতৰ আৰ্ন্তজাতিক চলচ্চিত্ৰ মহোৎসৱৰ ‘ইণ্ডিয়ান পেনোৰামা’ত হোৱা প্ৰদৰ্শন৷ ১৯৫৫ চনত ফণী শৰ্মা পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে ‘ৰাষ্টপতিৰ চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰিছিল আৰু সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্ৰথমটো পুৰষ্কাৰ৷ প্ৰায় প্ৰতি বছৰেই আঞ্চলিক ভাষাৰ ছবিৰ বাবে দিয়া পুৰস্কাৰ অসমীয়া ছবিলৈ আহিয়েই আছে৷ কিন্তু ৰাষ্টীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰে ডঃ ভূপেন হাজৰিকাই ‘চামেলি মেমচাব’ ছবিৰ সংগীত পৰিচালনাৰ বাবে৷ ডঃ ভবেন্দ্ৰ নাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল৷ জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে লাভ কৰিছিল ‘শ্ৰেষ্ঠ পৰিচালকৰ বঁটা’৷ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অসমীয়া ছবি কেইখনমান হ’ল ‘ৰাগ বিৰাগ’ (বিদ্যুৎ চক্রৱৰ্তী), ‘হলধৰ’ (সঞ্জীৱ হাজৰিকা), ‘ৱশ্ব’বিপু’ (গৌতম বৰা), ‘হালধীয়া চৰায়ে বাওধান খায়’ (জাহ্নু বৰুৱা), ‘বনানী’ (জাহ্নু বৰুৱা), ‘বৈভৱ’ (মঞ্জু বৰা), ‘তৰা’ (জাহ্নু বৰুৱা), ‘জুয়ে পোৰা সোণ’ (সঞ্জীৱ সভাপণ্ডিত), ‘আই ক’ত নাই’ (মঞ্জু বৰা) আৰু বিভিন্ন শিতানত বঁটা লাভ কৰা ব্যক্তিকেইগৰাকীমান হ’ল শ্বেৰ চৌধুৰী (সংগীত পৰিচালনা), মলয়া গোস্বামী (অভিনয়), এ শ্ৰীকৰ প্ৰসাদ (সম্পাদনা), মৃণালকান্তি দাস (চিত্ৰগ্ৰহণ)৷ অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ’ বঁটা লাভ কৰিছিল ৰুদ্ৰ বৰুৱা, ভাগীৰথী আৰু বিষ্ণু খাৰঘৰীয়াই৷ তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্ৰ সমালোচনা আৰু চলচ্চিত্ৰ বিষয়ক গ্ৰন্থৰ ৰচনা আৰু প্ৰকাশৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে৷

অসমীয়া ভাষাৰ লগতে অসমৰ বড়ো (প্ৰথম ছবি – ‘আলয়াৰণ’, পৰিচালক - জাওদাং বডোচা), ডিমাছা (প্ৰথম ছবি – ‘দা আনট’ল্ড ষ্টৰি অব ব্লু হিলছ’, পৰিচালক - প্ৰফুল্ল শইকীয়া), কাৰ্বি (প্ৰথম ছবি – ‘জিৰ চং’, পৰিচালক - প্ৰফুল্ল শইকীয়া), মিচিং (প্ৰথম ছবি – ‘পানৈ জংকি’, পৰিচালক - নাৰায়ণ শীল আৰু দিলীপ দলে), ৰাভা (প্ৰথম ছবি – ‘অৰং’, পৰিচালক - সূৰজ কুমাৰ দুৱৰা) আদি ভাষাতো ছবি নিৰ্মাণ হৈ আহিছে আৰু সেই ছবিবোৰৰ কেইবাখনেও ৰাষ্টীয় বঁটাৰে সন্মানিত হৈ খ্যাতি অৰ্জন কৰিছে৷

. ন .

প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ সংগীত পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে৷ বিষ্ণুপ্ৰসাদ ৰাভাইও ‘চিৰাজ’ ছবিৰ সংগীত পৰিচালনা কৰিছিল৷ ‘সতী বেউলা’ ছবিৰে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা ভূপেন হাজৰিকাই বহু অসমীয়া চিনেমাৰ সংগীত পৰিচালনা কৰিছে৷ ‘চামেলি মেমচাব’ ছবিৰ পৰিচালনাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল৷ ‘স্মৃতিৰ পৰশ’ ছবিৰে ব্ৰজেন বৰুৱাই অভিনেতা আৰু সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে আৰু সফল সংগীত পৰিচালক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে৷ ভূপেন হাজৰিকাই গীতত কন্ঠদানৰ বাবে প্ৰায়েই বংগ বা মুম্বাইৰ কন্ঠশিল্পীক লোৱাৰ পৰিৱৰ্তে ব্ৰজেন বৰুৱাই সদায়েই অসমৰ কন্ঠশিল্পীৰ কন্ঠকেই ব্যৱহাৰ কৰিছিল৷ নিজে ছবি পৰিচালনা কৰিবলৈ আগ বঢ়াৰ পিছত ব্ৰজেন বৰুৱাই ছবিৰ সংগীত পৰিচালনাৰপৰা অব্যাহতি লয়৷ ‘ডাঃ বেজবৰুৱা’ ছবিৰে গায়ক ৰমেন বৰুৱাই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে আৰু বহু অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰে৷ অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰা আৰু কেইগৰাকীমান উল্লেখযোগ্য পৰিচালক হ’ল জীতু-তপন, উপেন কাকতি, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ আদি৷

. দহ .

অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্ৰচেষ্টাত৷ পৰৱৰ্তী কালত চৰকাৰে অসমীয়া চিনেমাক সহায় কৰিবলৈ প্ৰযোজকক আৰ্থিক অনুদান আগ বঢ়োৱাৰ ব্যৱস্থা কৰে৷ জ্যোতিপ্ৰসাদৰ স্মৃতিত চৰকাৰে জ্যোতি চিত্ৰবন (ফিল্ম ষ্টুডিঅ’) ছ’চাইটি নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নিৰ্মাণ কৰি অসমৰ চিত্ৰ নিৰ্মাতাসকলক ছবি নিৰ্মাণৰ প্ৰয়োজনত বাহিৰলৈ যোৱা কামটোৰপৰা সকাহ দিয়ে৷ এই চৌহদতে স্থাপন কৰা হৈছে চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয় ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’৷ ছবি প্ৰযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম’৷ চৰকাৰে স্থাপন কৰিছে চলচ্চিত্ৰ সংগ্ৰহালয় আৰু আৰ্কাইভ৷

. এঘাৰ .

সামগ্ৰিকভাৱে আঠটা দশক অতিক্রম কৰা অসমীয়া চিনেমাই সৰ্বভাৰতীয় পৰ্যায়ত অলপ চিনাকি লাভ কৰিলেও আৰ্ন্তজাতিক প্ৰেক্ষাপটত সবল খোজ দিব পৰা নাই৷ এই বিফলতাৰ কাৰণ হ’ল ছবিৰ বিষয়বস্তুৰ নতুনত্ব, বৌদ্ধিক-দাৰ্শনিক সমল আৰু জীৱনৰ অনাৱিষ্কৃত কক্ষত পোহৰ পেলাব পৰা শক্তি৷ বহু চৰ্বিত-চৰ্বণে ৰসহীন কৰি পেলোৱা বিষয়বস্তুৰে ছবি নিৰ্মাণ কৰি কোনো পৰিচালকে কোনো কলাৰসিককে আকৃষ্ট কৰিব নোৱাৰে৷ দেশ-বিদেশৰ উচ্চমানৰ ছবিৰ দৰ্শনে যেনেদৰে চিত্ৰ পৰিচালকৰ মানসিকতাক বহল হ’বলৈ বাধ্য কৰে তেনেদৰে সমাজৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগী হ’ব পৰা ক্ষমতাই বিষয়বস্তুৰ গভীৰত প্ৰবেশৰ পথৰ সন্ধান দিয়ে৷ কাহিনী চিত্ৰ কৰিব বিচৰাসকলে উচ্চমানৰ সাহিত্যৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰিবই লাগিব৷ অকল ইমানেই নহয়, বহু কলা-মাধ্যমৰ সাৰঅংশৰ সমন্বয়ত গঢ় লৈ উঠা চলচ্চিত্ৰ কলাৰ সৌন্দৰ্যৰ সূক্ষ্ম ৰূপ উপলব্ধি কৰিবলৈ সাহিত্য-চিত্ৰকলা-সংগীত-নৃত্য আদি বিষয়ৰ লগত চিত্ৰনিৰ্মাতা এজনৰ যিমান ওচৰ সম্বন্ধ আৰু আত্মীয়তা থাকিব লাগিব, তাৰ অভাৱে অসমীয়া ছবিবোৰক সৌন্দৰ্যমণ্ডিত হৈ উঠিবলৈ দিয়া নাই৷ ব্যৱসায়িক ছবিৰ নামত অতি সাধাৰণ মানৰ, ৰুচিহীন কিছুমান ছবিক যেনেদৰে প্ৰশংসা কৰা হয়, সেই মনোভাবে চিত্ৰ নিৰ্মাতাসকলৰ মনত অৰ্থহীন আত্মবিশ্বাসৰ জন্ম দিয়ে আৰু ফলত হানি হয় চিনেমাৰ৷ ব্যৱসায় কৰিব পৰা চিনেমা নিৰ্মাণ কৰাটো একো লাজৰ কথা নহয়, কিন্তু সি চিনেমা হ’ব লাগিব৷ বক্স অফিচৰ সন্মুখৰ ভিৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বা ইণ্ডিয়ান পেনোৰামাৰ অৰ্ন্তভুক্তিয়ে ছবি এখনৰ সফলতাৰ শেষ বিন্দু বুলি ভবা চিত্ৰনিৰ্মাতাৰদ্বাৰা যুগজয়ী বা চিনেমাৰ ভাষাৰে সমাজজীৱন বা ব্যক্তিজীৱনৰ সংকটৰ নতুন ছবি অথবা অকল্পনীয় দৰ্শন-অভিজ্ঞতাৰ প্ৰদৰ্শন সম্ভৱ নহয়৷

টোকা :

এক : ইংৰাজী চিনেমা, ফিল্ম বা মুভি শব্দৰ সমাৰ্থক অসমীয়া শব্দ হ’ল ‘চলচ্চিত্ৰ’৷ ‘কথাছবি’ বা ‘বোলছবি’ শব্দদুটা কিছুমানে ব্যৱহাৰ কৰে যদিও চিনেমাৰ মৌলিক গুণৰ কথা এই শব্দদুটাই প্ৰকাশ নকৰে বাবে এই শব্দদুটা ব্যৱহাৰ নকৰাই ভাল৷ সকলোধৰণৰ বাক্যত ‘চলচ্চিত্ৰ’ শব্দটোৰ ব্যবহাৰ শুৱলা নহয় বাবে চিনেমা বা ফিল্ম শব্দটো ব্যৱহাৰ গ্ৰহণ কৰিব পাৰি৷
দুই : কেতিয়াবা দেখা যায়, পৰিচালক এগৰাকীয়ে এনে ভাষাত ছবি কৰিছে যিটো ভাষাৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই৷ ষষ্ঠ অনুসূচীৰ বাহিৰত থকা ভাষাৰ ছবিৰ বাবে দিয়া পুৰস্কাৰটো এনে ছবিৰ লক্ষ্য বুলি বুজি পাবলৈ বেছি বিদ্যা-বুদ্ধিৰ প্ৰয়োজন নাই৷

*****************

উৎপল দত্ত একাধাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্র সমালোচক, পৰিচালক, ‘বিস্ময়’ আৰু ‘ৰংঘৰ’ আলোচনীৰ প্রাক্তন সহ-সম্পাদক, অনুবাদক আৰু লেখক। বর্তমান গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ‘অনু্ষ্ঠান কাৰ্যবাহী’ হিচাপে কর্মৰত শ্ৰী দত্তৰ প্রথমখন চুটি চলচ্চিত্র ‘বাই লেন-২’ ভাৰতৰ বিভিন্ন চলচ্চিত্র মহোৎসৱত প্রদর্শিত হোৱাৰ লগতে ২০১৩ৰ ‘ইণ্ডিয়ান পেনোৰামা’লৈও নির্বাচিত হৈছিল। ‘মোজার্টৰ স্বৰলিপি’, ‘নৈশযাত্রী’, ‘আমি কেনে আছো’ (নাট), ‘অপৰূপা আন্দামান’ (ভ্রমণ কাহিনী), ‘চলচ্চিত্র’ ইত্যাদি দত্তৰ কেইখনমান পুথি।

Share Button
Print Friendly, PDF & Email

No Comments : "চৰাইৰ চকুৰে অসমীয়া চলচ্চিত্ৰৰ আঠটা দশক - (উৎপল দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *