বিবিধ চিন্তা

নেপোলিয়নৰ বাণী – (ৰাচিদা ৰহমান)

নেপোলিয়ন বোনাপাৰ্টৰ নাম নুশুনা হয়তো কোনো নাই। তেখেতৰ জন্ম ১৭৬৯ চনত, মৃত্যু ১৮২১ চনত‌। এজন ছেকেণ্ড লেফটেনেণ্টৰ পৰা এখন দেশৰ ৰজা হোৱাটো একেবাৰে সহজ নাছিল‌। বহুত গুণৰ অধিকাৰী আছিল তেখেত ‌। সেই সময়তে ফ্ৰাঞ্চৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিবলৈ বহুত চেষ্টা কৰিছিল ‌। এজন বহুত উচ্চাকাংক্ষী আৰু বুদ্ধিমান তথা চোকা লোক আছিল নেপোলিয়ন ‌।

নেপোলিয়নৰ বহুতো উক্তি বা বাণী যুগ যুগ ধৰি মানুহৰ মাজত চৰ্চিত হৈ আহিছে আৰু মানুহৰ জীৱন-বীক্ষা তথা অনুপ্ৰেৰণাৰ উৎস হৈ আহিছে। তেওঁৰ বাণীসমূহক কোৱা হয় Napoleonic code বুলি। তেনে কেইটামান বাণী তলত দিয়া হ’ল।

  1. Ability is nothing without opportunity
    সুযোগৰ অবিহনে সামৰ্থ্য অৰ্থহীন‌।
  2. You become strong by defying defeat and by turning loss and failure into success.
    পৰাজয়ক অতিক্ৰম কৰি, লোকচান আৰু বিফলতাক সফলতালৈ পৰিৱৰ্তন কৰিহে তুমি শক্তিশালী হ’ব পাৰিবা‌।
  3. Impossible is a word to be found only in the dictionary of fools.
    মূৰ্খৰ অভিধানতহে অসম্ভৱ শব্দটো পোৱা যায়‌।
  4. There are only two forces that unite men – fear and interest.
    কেৱল দুটা বস্তুৱেহে মানুহক একত্ৰিত কৰিব পাৰে – ভয় আৰু স্বাৰ্থ।
  5. If you want a thing done well, do it yourself.
    কাম এটা যদি ভাল হোৱাটো বিচাৰা, নিজেই কৰা‌।
  6. Take time to deliberate, but when the time for action has arrived, stop thinking and go. চিন্তা-ভাবনা কৰোতে যিমান সময় লাগে লোৱা, কিন্তু যেতিয়া উচিত মুহূৰ্ত আহি পৰিব তেতিয়া সকলো কথা বাদ দি কামত জঁপিয়াই পৰা।
  7. Never interrupt your enemy when he is making a mistake.
    শত্ৰুৱে যেতিয়া ভুল কৰে বাধা নিদিবা
  8. Until you spread your wings you will have no idea how far you can fly.
    যোতিয়ালৈকে পাখি নেমেলা তেতিয়ালৈকে গম নাপাবা তুমি কিমান দূৰলৈ উৰিব পাৰা ‌।
  9. Courage is like love, it must have hope for nourishment. সাহস ঠিক প্ৰেমৰ নিচিনাই, যাৰ মাজত থাকে প্ৰস্ফুটিত হৈ উঠাৰ আশা।
  10. A leader is a dealer of hope.
    আশাৰ বেপাৰীজনেই এজন নেতা।
  11. Riches do not consists in the possession of treasures, but in the use made of them.
    সম্পদ থাকিলেই সম্পদশালী নহয়, ব্যৱহাৰ কৰাটোহে ডাঙৰ কথা ‌।
  12. History is a set of lies agreed upon. ইতিহাস হ’ল মিছা কথাৰ সমাহাৰ মাত্ৰ, যিবিলাক সকলোৱে মানি লৈছে।
  13. The fool has one great advantage over a man of sense, he is always satisfied with himself.
    এজন মূৰ্খ এজন জ্ঞানী মানুহতকৈ এটা কথাত আগবঢ়া, সেইটো হৈছে মূৰ্খ মানুহজন সদায় নিজক লৈ সন্তুষ্ট ‌।
  14. You must not fight too often with one enemy, or you will teach him all your art of war.
    এজন শত্ৰুৰ লগত ঘনাই যুদ্ধত লিপ্ত হ’ব নালাগে, তাৰপৰা শত্ৰুৱে সকলো কৌশল শিকি লয়‌।
  15. Nothing is more difficult, and therefore more precious, than to be able to decide. সবাতোকৈ টান আৰু মূল্যৱান কথাটো হ’ল সময়ত সঠিক সিদ্ধান্ত লোৱাটো।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *