সঁচা কথাবোৰ, শংকা আৰু মুক্তি।। (হাৰকিউলিয়েন বৰ্মন)
সঁচা কথাবোৰ …..
সঁচা কথাবোৰ মনে মনে কিয় কোৱা
সত্য কথাবোৰ …..
সঁচা কথাবোৰ কৈ দিয়া
কঁপি উঠক আকাশ
বতাহত উঠক তৰংগ
নিনাদক মেঘ
ইফালে সিফালে
জুই জ্বলি থকাৰ পৰত
আশ্ৰয় বিচাৰিছা ক’ত
সঁচা কথাবোৰ জুই হৈ বিয়পি পৰক
কণ্ঠত সানি দিয়া বজ্ৰৰ শক্তি
সঁচা কথাবোৰ কবিতা হ’ব পাৰে
সঁচা কথাবোৰ হ’ব পাৰে গীত
সঁচা কথাবোৰ
হৃদয়ৰ স্পন্দন হ’ব পাৰে
সঁচা কথাবোৰ হ’ব পাৰে
নতুন সূৰ্যোদয়ৰ সংগীত
শংকা …..
জানোচা জোনটো নোহোৱা হৈ যায়
আৰু বেলিটো
ক্ৰমশঃ …..
আৰু চেঁচা হৈ আহোঁ আমি
আমাৰ অন্তৰবোৰ
জানোচা কুঁৱলীয়ে আৰু ঘন কৰে এন্ধাৰবোৰ
মুক্তি ..…
নিলগত
পূবৰ আকাশৰ পৰা
কুৰুৱাৰ স’তে এজাক চৰাই আহিছেহি উৰি
এতিয়া …..
পাতে পাতে সকলোতে
যেন বেলিৰেই হেঙুলীয়া ৰং