ব’হাগ বুলি ঢাপলি মেলোতে (শৈলেন তালুকদাৰ)
মুক্ত চিন্তা, ১ম বছৰ, ৫ম সংখ্যা
ব’হাগ বুলি ঢাপলি মেলোতে
গা সাতখন আঠখন
হিয়াত ঢোল পেঁপাৰ
ক’লা মেঘ ফলা ৰজনজন,
মোৰ এৰি অহা গাঁওখনত
আছেনে বাৰু আজিও
ৰাধাচূড়াৰ তলৰ পুৰণিকলীয়া বিহুখন
আৰু আয়ে বোৱা হাতশালৰ গামোচাখন!
ৰ’বগৈ নোৱাৰি একে চিপে যাওঁগৈ সাউৎকৈ দৌৰি
একালৰ পুৰণি বিহুখন বিচাৰি,
ডি জে, চি জে আৰু কত কি যে
কৃষ্টিক ঢাকে অপকৃষ্টিয়ে
ৰাধাচূড়াৰ ফুল বেজাৰতে পৰে সৰি
উভতি অৱশ মোৰ ভাগৰুৱা ভৰি !

