পিপ'ল্‌ছ ফটোগ্ৰাফি

বগা-ক’লাৰ মহানগৰী ।। সীমান্ত কোঁৱৰ

চৌবিশ ঘণ্টাই সাৰে থকা মুম্বাইৰ দৰে মহানগৰীৰ বহুৰঙী নাগৰিক জীৱনক সকলোৱেই নিজস্ব পাৰস্পেক্টিভত বিভিন্ন ধৰণেৰে দেখিছে অথবা শুনিছে। কিন্তু বিশেষ এক দূৰত্বৰ পৰা চালে বহু সময়ত এই ৰঙীন জীৱনো তেনেই সীমিত, যন্ত্ৰৱৎ, অথবা হয়-নহয়ৰ মাজত আৱদ্ধ এখন দ্বি-মাত্রিক ছাঁয়া-চিত্ৰ হৈ পৰা দেখা যায়। তেনে কিছু নাগৰিক জীৱনৰ দৃশ্যক কেমেৰাৰ ফ্ৰেমত ক’লা-বগা ৰঙেৰে সজাবলৈ চেষ্টা কৰাৰ এয়া এক সৰু প্ৰচেষ্টা মাথোন!

সদাব্যস্ত মহানগৰীৰ ৰাজপথেৰে সুৰুঙা উলিয়াই পাৰ হ’ব বিচৰা কেইজনমান যুৱক
সদাব্যস্ত মহানগৰীৰ ৰাজপথেৰে এজন চাইকেল আৰোহী
১৮৬৯ চনত স্থাপিত ষ্টেচনৰ সন্মুখত ব্যস্ত জীৱনধাৰা
মহানগৰীৰ চমকনিয়ে ঢুকি নোপোৱা লোকেল ট্ৰেইনত সন্তানৰ সৈতে এগৰাকী মহিলা যাত্ৰী
মুম্বাই লোকেল ট্ৰেইনৰ ভিৰৰ মাজত নিজৰ লগত মগ্ন এজন যাত্ৰী
চি এছ এম টিৰ সন্মুখত দিনটোৰ কাম সামৰি লোকেল ট্ৰেইন ধৰিবলৈ খৰখেদাকৈ আগবঢ়া পদব্ৰজী ঘৰ অভিমুখী যাত্ৰী

Leave a Reply

Your email address will not be published. Required fields are marked *