বিবিধ চিন্তা

যুক্তি-বিকাশ সমিতিৰ উদ্যোগত ড০ খগেশ সেন ডেকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন ।। প্ৰতিবেদক দিপ্তী কলিতা

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

৬ এপ্ৰিল, ২০২৫ তাৰিখ, দেওবাৰে সন্ধিয়া ছয়বজাত ‘ৰূপান্তৰ অধ্যয়ন চক্ৰ’ৰ কাৰ্যালয় যোৰহাটত অনুষ্টুপীয়াকৈ ‘যুক্তি-বিকাশ সমিতি’ আৰু ‘মুক্ত চিন্তা’ৰ উদ্যোগত শিক্ষাবিদ, ভাষাবিদ তথা প্ৰগতিশীল লেখক খগেশসেন ডেকাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক ‘স্মৃতিচাৰণ বক্তৃতা’ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই সোঁৱৰণি অনুষ্ঠানটিৰ মুখ্য বক্তা আছিল খগেশসেন ডেকাৰ একালৰ সহপাঠী ডঃ ৰাজেন কলিতা আৰু জনপ্ৰিয় সুলেখিকা অৰূপা পটঙ্গীয়া কলিতা। অনুষ্ঠানটিত দুয়োজন আমন্ত্ৰিত ব্যক্তিয়ে তাহানিৰ সহপাঠীজনৰ সত্তৰ দশকৰ মধুৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে। মেধাবী খগেশসেন ডেকাই যুক্তিবাদী মুক্ত চিন্তাৰ বাটেৰে জীৱন পৰিক্ৰমা অতিক্ৰম কৰিবলৈ যাওঁতে বিভিন্ন সময়ত এইখন সমাজৰ পৰা বিভিন্ন ধৰণে অসুবিধা কিছুমান পাইছিল যদিও কেতিয়াও সেই অসুবিধাসমূহক তেখেতে জীৱন বাটৰ কাঁইট বুলি গ্ৰহণ নকৰিলে। তাৰ পৰিৱৰ্তে সমাজৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে পুষ্ট হৈ কলমৰ বৌদ্ধিক শক্তিক জাগ্ৰত কৰি এক যুক্তিবাদী মৌন আন্দোলন গঢ়ি তুলিবলৈহে সক্ষম হৈছিল। স্বআদৰ্শৰ স’তে কেতিয়াও কোনো কাৰণতে আপোচ কৰা নাছিল বুলি ৰাজেন কলিতাই বক্তব্যৰ যোগেৰে ৰাইজক জানিবলৈ দিয়ে। ছাত্ৰ জীৱনতে লীটল মেগাজিনৰ যোগেৰে সাহিত্য চৰ্চাৰ স’তে জড়িত হৈ পৰা খগেশসেন ডেকাৰ মাতৃভাষাৰ প্ৰতি আছিল একান্ত অনুৰাগ। এই তাড়নাই অসমীয়া ভাষাটো আৰু অসমীয়া জাতিটোৰ প্ৰতি তেখেতক অধিক দায়বদ্ধ কৰি তুলিছিল। ভাষাৰ সাধক খগেশসেন ডেকাই প্ৰতিজন অসমীয়াই অসমীয়া ভাষাটোক শুদ্ধকৈ কোৱা আৰু লিখাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াতো মনে প্রাণে বিচাৰিছিল। সেয়ে, অসমীয়া ভাষা-চৰ্চ্চা বিষয়ক গ্ৰন্থ আদিকে ধৰি আৰু বিভিন্ন ধৰণৰ প্ৰগতিশীল মূল্যবান লেখাৰে অসমীয়া সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছে। তেখেতৰ ৰূপান্তৰকামী চিন্তা চেতনাক কলমেৰে বিশ্লেষণ কৰি পাঠকৰ সমুখত যুক্তিৰে বিবেচনা কৰি প্ৰশ্ন কৰিবলৈ বাধ্য কৰোৱাইছিল। অৰূপা পটঙ্গীয়া কলিতাই বাৰে বাৰে তেখেতৰ সুৰুচিশীল সহপাঠীজনৰ পৰিশীলিত ব্যক্তিত্বক স্মৰণ কৰি স্মৃতিকাতৰ হৈ পৰিছিল। লগতে সমবেত উপস্থিত ৰাইজক জানিবলৈ দিছিল খগেশসেন ডেকাই বৈবাহিক জীৱনত সন্মুখীন হোৱা ব্ৰাহ্মণ্যবাদৰ সংকীৰ্ণতাক কেনেকৈ প্ৰত্যাহ্বান জনাই নিজস্ব আদৰ্শক জয় কৰিছিল স্বাভিমানেৰে।

এই অনুষ্ঠানটি আয়োজন কৰাৰ খবৰ পাই আকস্মিকভাৱে উপস্থিত হৈছিল খগেশসেন ডেকাৰ ঘৰৰ কাষৰ অঞ্চলৰ লেখক তথা শুভাকাংখী শশধৰ ডেকা। তেখেতে পোন প্ৰথমেই যোৰহটীয়া ৰাইজক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আয়োজন কৰাৰ বাবে আবেগিক হৈ আন্তৰিকতাৰে ধন্যবাদসহ কৃতজ্ঞতা জনাই বিশেষ ব্যক্তিজনৰ হৈ বহুখিনি নতুন কথা ৰাইজৰ সমুখত অৱগত কৰে। অনুষ্ঠানটিত উপস্থিত থকা যোৰহাটৰ প্ৰগতিশীল সমাজ সচেতন ব্যক্তিসকলেও প্ৰগতিশীল লেখকজনক গভীৰ শ্ৰদ্ধা নিবেদন কৰি একাষাৰ কয়। অনুষ্ঠানটিক প্ৰাণৱন্ত কৰি তোলাত সহায় কৰে শ্ৰদ্ধাৰ ডঃ দেৱব্ৰত শৰ্মা, নিৰ্মল চন্দ্ৰ গগৈ, মৃণাল দত্ত, অতনু কুমাৰ দত্ত ,সান্ত্বনা শর্মা, ঋতুপৰ্ণ গোস্বামী, দ্বিপেন কাকতি আদিকে ধৰি সমাজ প্রিয় ব্যক্তিসকলে। উদ্যোক্তাসকলৰ তৰফৰ পৰা পৰা ‘যুক্তি-বিকাশ সমিতি’, যোৰহাট শাখাৰ সমন্বয়ক অজিত শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে আৰু ‘মুক্ত চিন্তা’ৰ মুখ্য সম্পাদক ডঃ কৌশিক দাসে প্ৰয়াত খগেশ সেন ডেকাক স্মৰণ কৰি এক মননশীল বক্তব্য ডাঙি ধৰে। শেষত ‘যুক্তি বিকাশ সমিতি’ আৰু ‘মুক্ত চিন্তা’ই ডঃ খগেশ সেন ডেকাৰ পত্নী ড°লোপা বৰুৱা ডেকালৈ এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *