কেন্দ্ৰীয় নিবন্ধনিবন্ধ

ধৰ্মনিৰপেক্ষ ভাৰত নে ধৰ্মভিত্তিক ভাৰত? ।। ভবেশ নাথ

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

ইতিহাসত যেতিয়াই ৰাষ্ট্ৰৰ সৈতে ধৰ্মক সাঙুৰিব বিচৰা হৈছে তেতিয়াই সংকট উদ্ভূত হৈছে। ইয়াৰ বাবে বৰ বেছি দূৰলৈ আমি যাব নালাগে। আহোম ৰাজবংশৰ পতনৰ সংকেত কঢ়িয়াই অনা মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱাৰ কাৰকবোৰৰ অন্যতম এটা কাৰক আছিল ধৰ্ম। মোৱামৰীয়াসকল আছিল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ অন্তৰ্গত মায়ামৰা বা মোৱামৰীয়া সত্ৰৰ শিষ্য। আনহাতে সপ্তদশ শতিকাৰ শেষৰফালে আহোম ৰাজবংশই শাক্ত ধৰ্মক মুকলিকৈয়ে পৃষ্ঠপোষকতা আগবঢ়াইছিল, আহোম ৰজা গদাধৰ সিংহ নিজে গোড়া শাক্ত আছিল। গদাধৰ সিংহৰ নিৰ্দেশক্ৰমেই মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ বৈকুণ্ঠ দেৱক হত্যা পৰ্যন্ত কৰা হৈছিল। উল্লেখযোগ্য যে মোৱামৰীয়া সত্ৰৰ বৈষ্ণৱ ধৰ্ম আৰু আহোমৰ ৰাজশক্তিয়ে পৃষ্ঠপোষকতা আগবঢ়োৱা শাক্ত ধৰ্মৰ দ্বন্দ্বই তেতিয়াই তীব্ৰ ৰূপ পাইছিল, যেতিয়া আহোম ৰজা শিৱসিংহৰ দিনত ‘বৰৰজা’ ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গা পূজালৈ বৈষ্ণৱ মহন্তসকলক মাতি আনি জোৱৰদস্তি বলি কটা তেজৰ ফোট ল’বলৈ বাধ্য কৰাইছিল। মোৱামৰীয়া সত্ৰৰ শিষ্যসকল আছিল ঘাইকৈ জনজাতীয় শূদ্ৰ সম্প্ৰদায়ৰ, জাত-পাত-ধৰ্মৰ বিপৰীতে শংকৰদেৱৰ উদাৰ ধৰ্মীয় নীতিৰে পৰিচালিত হোৱা বাবে এই সত্ৰই সহজেই সেই সময়ৰ সাধাৰণ প্ৰজাক আকৰ্ষিত কৰিছিল। বৈষ্ণৱ ধৰ্মৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বাঢ়িছিল প্ৰজাৰ মাজত। প্ৰজাৰ ধৰ্মক আহোম ৰাজশক্তিয়ে উপলব্ধি কৰিব নাজানি, নিজৰ ধৰ্মক বলপূৰ্বক বৈষ্ণৱসকলৰ মাজত প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ পৰিণতিতেই তিনিটাকৈ বিদ্ৰোহ মোৱামৰীয়াসকলে সংঘটিত কৰি আহোম ৰাজশক্তিৰ ভেটি কপাই তুলিবলৈ সক্ষম হৈছিল। আনকি সাময়িকভাৱে মোৱামৰীয়াসকলে আহোমৰ শাসন ক্ষমতা দখল কৰিবলৈও সক্ষম হৈছিল।

ভাৰতবৰ্ষৰ ৰাজনীতিতো বিগত প্ৰায় দুটা দশকত আটাইতকৈ বেছি চৰ্চিত হোৱা বিষয়টো ‘ধৰ্ম’ বুলি কলেও হয়তো বঢ়াই কোৱা নহ’ব। কিন্তু চিন্তনীয় বিষয়টো হৈছে এই চৰ্চিত হোৱা ‘ধৰ্ম’ শব্দটোৰ ভাৰতবৰ্ষৰ জনগণে নিজৰ ধৰ্মীয় বিশ্বাসৰ আধাৰত পালন কৰা ‘ধৰ্ম’ আৰু একশ্ৰেণীয়ে কেৱল মাত্ৰ শাসন ক্ষমতা চিৰস্থায়ী কৰাৰ উদ্দেশ্যে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচৰা ‘ধৰ্ম’ৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে। সাধাৰণ জনগণে ধৰ্মৰ ক্ষেত্ৰত নিজস্ব বিশ্বাসেৰে ধৰ্মীয় নীতি-নিয়ম পালন কৰাত আমাৰ সংবিধানে কোনো বাধা-নিষেধ প্ৰদান কৰা নাই, কিন্তু ধৰ্মক ৰাষ্ট্ৰৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সংবিধানে কোনোকালে অনুমতি প্ৰদান কৰা নাই। আহোম ৰাজবংশই প্ৰজাৰ ধৰ্মৰ ধৰ্মীয় বিশ্বাসৰ বিপৰীতে গৈ তেওঁলোকে পৃষ্ঠপোষকতা কৰা ধৰ্মৰ হৈ ওকালতি কৰিবলৈ যোৱাৰ বাবে মোৱামৰীয়া বিদ্ৰোহৰ নামত আহোম ৰাজ্যই যি সংঘাতৰ সন্মুখীন হৈছিল, সেই সংঘাত যাতে প্ৰজাৰ ধৰ্ম আৰু ৰজাৰ ধৰ্মৰ মাজত কোনোদিনেই আহিব নোৱাৰে,তাৰেই নিৰ্দেশনা আমাৰ ভাৰতৰ সংবিধানেও দি থৈ গৈছে।

ধৰ্মক লৈ ভাৰতৰ সংবিধানে কৈছে যে কোনো নিৰ্দিষ্ট ধৰ্মক ভাৰতৰ সংবিধানে প্ৰতিনিধিত্ব নকৰে। ভাৰতবৰ্ষই ধৰ্মৰ ক্ষেত্ৰত সাংবিধানিকভাৱে ‘ধৰ্মনিৰপেক্ষ’ চৰিত্ৰ গ্ৰহণ কৰিছে। কিন্তু ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু পশ্চিমীয়া ধাৰণাৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ মাজত কিছু পাৰ্থক্য আছে যদিও ভাৰতবৰ্ষই পশ্চিমীয়া ধাৰণাৰ নেতিবাচক ধৰ্মনিৰপেক্ষতাৰ বিপৰীতে ইতিবাচক ধৰ্মনিৰপেক্ষতাক গ্ৰহণ কৰিছে। ধৰ্মনিৰপেক্ষতাৰ ক্ষেত্ৰত পশ্চিমীয়া ধাৰণাত ধৰ্ম আৰু ৰাষ্ট্ৰক সম্পূৰ্ণকৈ পৃথক দৃষ্টিভংগীৰে চোৱা হৈছে যিহেতু সেইবোৰ ৰাষ্ট্ৰত গীৰ্জাৰ এক সাৰ্বজনীন কৰ্তৃত্ব আছিল। কিন্তু ভাৰতবৰ্ষ যিহেতু বিভিন্ন ধৰ্মৰে পৰিৱেষ্টিত এখন দেশ, সেইহেতুকে সকলো ধৰ্মকে সম সন্মান প্ৰদানৰ জৰিয়তে সকলোৰে ধৰ্মকে সমানে উপাসনা কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানত প্ৰদান কৰা হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ সংবিধানখন সংবিধান সভাই গ্ৰহণ কৰাৰ সময়ত প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো অন্তৰ্ভুক্ত নাছিল। ১৯৭৬ চনৰ ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তেহে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিল। এই কথাটোক লৈয়েই এতিয়া একশ্ৰেণীয়ে, যিসকলে ধৰ্মভিত্তিক ভাৰতবৰ্ষৰ ধাৰণাত বিশ্বাস কৰে, তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ শব্দটো আঁতৰ কৰাৰ যুক্তি প্ৰদৰ্শন কৰে। আনকি এই সম্পৰ্কত বহুকেইটা গোচৰো ইতিমধ্যে উচ্চতম ন্যায়ালয়লৈ গৈছে। আপাতদৃষ্টিত কথাটো সত্য। কিন্তু ভাৰতৰ সংবিধানে আৰম্ভণিতেই সংবিধানখনত এনে কিছুমান অনুচ্ছেদৰ ব্যৱস্থা ৰাখিছে যিবোৰে ভাৰতবৰ্ষৰ ‘ধৰ্মনিৰপেক্ষ’ চৰিত্ৰক পূৰামাত্ৰাই প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ চৈধ্যৰ পৰা ওঠৰলৈকে লিপিবদ্ধ সমতাৰ অধিকাৰৰ অন্তৰ্গত পোন্ধৰ নম্বৰ অনুচ্ছেদত কোৱা হৈছে যে ভাৰতীয় কোনো নাগৰিককে ধৰ্মৰ ভিত্তিত বৈষম্য কৰিব নোৱাৰিব (Prohibition of discrimination on grounds of religion)। অৰ্থাৎ আমি এনেকৈয়ো ক’ব পাৰোঁ যে ধৰ্মৰ ভিত্তিত কোনো ভাৰতীয় নাগৰিককে তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। একেদৰে ধৰ্ম নিৰ্বিশেষে সকলো আইনৰ দৃষ্টিত সমান এই কথাও সংবিধানৰ চৈধ্য নম্বৰ অনুচ্ছেদত উল্লেখ কৰা আছে। ঠিক সেইদৰে ষোল্ল নম্বৰ অনুচ্ছেদত ধৰ্ম নিৰ্বিশেষে সকলো নাগৰিককে ৰাজহুৱা নিযুক্তিৰ পৰা বঞ্চিত কৰিব নোৱাৰাৰ কথা উল্লেখ কৰা আছে। আনকি ভাৰতীয় সংবিধানে পঁচিশ নম্বৰৰ পৰা আঠাইশ নম্বৰ অনুচ্ছেদলৈকে খুব স্পষ্টভাৱে ভাৰতীয় নাগৰিকৰ ধৰ্মীয় স্বাধীনতাৰ বিষয়ে উল্লেখ কৰি গৈছে। পঁচিশ নম্বৰ অনুচ্ছেদত কোৱা হৈছে—, সকলো নাগৰিকেই নিজৰ ধৰ্মীয় বিশ্বাস অনুসৰি নিজৰ ধৰ্মৰ উপাসনা আৰু প্ৰসাৰ কৰিব পাৰিব (practice and propagation of any religion), একেদৰে ছাব্বিশ নম্বৰ অনুচ্ছেদে ধৰ্মীয় কাজ-কাজ পৰিচালনাৰ স্বাধীনতা প্ৰদান কৰিছে (Freedom to manage religious affairs), সাতাইশ নম্বৰ অনুচ্ছেদে যিকোনো ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত কৰৰ পৰা মুক্ত ঘোষণা কৰিছে (Freedom from payment of taxes for promotion of any religion), আঠাইশ নম্বৰ অনুচ্ছেদে দেশৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানত কোনোধৰণৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহ’ব বুলি উল্লেখ কৰিছে (No religious instruction shall be provided in any educational institution maintained by the state)। কিন্তু সংবিধানৰ ত্ৰিশ নম্বৰ অনুচ্ছেদে সংখ্যালঘুসকলৰ বাবে শিক্ষানুষ্ঠান গঠন আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদান কৰিছে (All minorities shall have the right to establish and administer educational institutions of their choice)।

গতিকে যদিও সংবিধানৰ প্ৰস্তাৱনাত আৰম্ভণিতে ‘ধৰ্মনিৰপেক্ষ’ শব্দটো অন্তৰ্ভুক্ত কৰা নাছিল, কিন্তু ভাৰতীয় সংবিধানে প্ৰদান কৰা ছয়বিধ মৌলিক অধিকাৰৰ অন্তৰ্গত বিভিন্ন অনুচ্ছেদৰ অধিকাৰৰ মাজেৰে ভাৰতীয় সংবিধানে ইতিমধ্যেই ‘ধৰ্মনিৰপেক্ষ’ চৰিত্ৰক প্ৰতিফলিত কৰিছে। কিন্তু সমসাময়িক ৰাজনৈতিক প্ৰেক্ষাপটত ‘ধৰ্মনিৰপেক্ষ’ শব্দটোক ৰাইজৰ মাজত এচামে এনেকৈ প্ৰক্ষেপ কৰিছে যে ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নহৈ ধৰ্মভিত্তিক ৰাষ্ট্ৰ হলেহে সকলো সমস্যাৰ সমাধান সম্ভৱপৰ হৈ উঠিলহেতেন। কিন্তু চুবুৰীয়া ধৰ্মভিত্তিক ৰাষ্ট্ৰ পাকিস্তানৰ বৰ্তমানৰ অৱস্থালৈ লক্ষ্য কৰিলে আমি দেখিম যে ধৰ্মভিত্তিক ৰাষ্ট্ৰৰ ধাৰণা কিমান ভয়ংকৰ।

আজিৰ তাৰিখত যদি আমি চাওঁ ধৰ্মভিত্তিক পাকিস্তানৰ অৱস্থা ক’ত আৰু ধৰ্মনিৰপেক্ষ ভাৰতৰ অৱস্থা ক’ত। শিক্ষা,স্বাস্থ্য, বিজ্ঞান সকলোক্ষেত্ৰতে ভাৰত আজি পাকিস্তানতকৈ বহু ওপৰত। কেৱল ‘ধৰ্ম’কেই মূল সমল হিচাপে লৈ শাসনকাৰ্য চলোৱা পাকিস্তানৰ নাগৰিকৰ আজি জীৱন ধাৰণৰ মানদণ্ড, ধৰ্মান্ধ মানসিকতা আমি সকলোৱে জানোঁ । আমিও যদি ধৰ্মকেন্দ্ৰিক চৰিত্ৰ এটা লৈ গীতা, ৰামায়ণ, মনুস্মৃতিৰ নীতি আৰু আদৰ্শক সমাজত প্ৰতিষ্ঠা কৰি কেৱল এক ধৰ্মান্ধ মানসিকতাৰে আগ বাঢ়িলোঁহেতেন, আজিৰ এইখন ভাৰতবৰ্ষ হয়তো আমি নাপালোহেতেন! কিন্তু একশ্ৰেণীয়ে ভাৰতবৰ্ষকো ধৰ্মৰ নামত তেনে এক পৰ্যায়লৈ গতি কৰাটো বিচাৰে। যাৰ বাবে বাৰে বাৰে সংবিধানৰ প্ৰস্তাৱনাত থকা ‘ধৰ্মনিৰপেক্ষ’ শব্দটোক সংবিধান সংশোধনৰ জৰিয়তে আঁতৰাই দিয়াৰ যুক্তি আৰোপ কৰি থকা হৈছে। কিন্তু একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ কেতবোৰ ৰায়ৰ বাবে এই কাৰ্য এতিয়ালৈকে সম্ভৱপৰ হৈ উঠা নাই।

ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ সম্পৰ্কত ১৯৭৪ চনতেই মহামান্য উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দি থৈ দিছে–“Although the words ‘secular state’ were not expressedly mentioned in the Constitution, there can be no doubt that Constitution makers wanted to establish such a state and accordingly Article 25 to 28 (guaranteeing the fundamental right to freedom of religion ) have been included in the Constitution”। অৰ্থাৎ যদিও সংবিধানত ‘ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ’ শব্দৰ স্পষ্ট উল্লেখ নাছিল, সংবিধান-নিৰ্মাতাসকলে যে এনে এখন ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল তাত কোনো সন্দেহ থাকিব নোৱাৰে আৰু সেই অনুসৰি ২৫ৰ পৰা ২৮ নং অনুচ্ছেদ (ধৰ্মীয় স্বাধীনতাৰ মৌলিক অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা) সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে”। আনহাতে কেশৱানন্দ ভাৰতী গোচৰত (১৯৭৩) উচ্চতম ন্যায়ালয়ে  কৈছে যে preamble can be amended, subject to the condition that no amendment is done to the basic features; In other words, the Court held that the basic elements or the fundamental features of the Constitution as contained in the Preamble cannot be altered by an amendment under Article 368। অৰ্থাৎ সংবিধানৰ প্ৰস্তাৱনাক সংশোধন কৰিব পাৰি, এই চৰ্তত যাতে মৌলিক বৈশিষ্ট্যসমূহৰ কোনো সংশোধন কৰা নহয়; অৰ্থাৎ প্ৰস্তাৱনাত উল্লেখ কৰা সংবিধানৰ মৌলিক উপাদান বা মৌলিক বৈশিষ্ট্যসমূহ সংবিধানৰ ৩৬৮ নং অনুচ্ছেদৰ অধীনত সংশোধনীৰ দ্বাৰা সলনি কৰিব নোৱাৰি। ‘ধৰ্মনিৰপেক্ষ’ শব্দটো যিহেতু সংবিধানৰ মৌলিক গাঁঠনিৰ সৈতে জড়িত; সেইবাবে উচ্চতম ন্যায়ালয়ে ইয়াক সংশোধনৰ পৰা আঁতৰত ৰাখি ইতিমধ্যেই কেইবাটাও নিৰ্দেশনা প্ৰদান কৰি থৈছে।

এতিয়া প্ৰশ্নটো হ’ল ৰজাৰ ধৰ্মক ৰাষ্ট্ৰ পৰিচালনাৰ অংশ কৰিবলৈ যোৱাৰ পৰিণতিতেই আহোম শাসনত মোৱামৰীয়া বিদ্ৰোহে ভয়ংকৰ ৰূপ লৈ আহোম শাসনব্যৱস্থাক তচনচ কৰি পেলাইছিল আৰু আহোম শাসনৰ পৰিসমাপ্তিৰ প্ৰক্ৰিয়াও ইয়াৰ পৰাই আৰম্ভ হৈছিল। আহোম ৰাজশক্তিয়ে প্ৰজাৰ বিশ্বাসক অস্বীকাৰ কৰি নিজৰ পৃষ্ঠপোষক ধৰ্ম জাপি দিয়াৰ ফলত যেনেকৈ বিদ্ৰোহৰ জন্ম হৈছিল, আজিৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো কথাটো একেই। ধৰ্ম ব্যক্তিগত আস্থা, ৰাষ্ট্ৰ সাৰ্বজনীন দায়িত্ব। দুয়োটাকে একে কৰা মানে বিভাজনৰ দুৱাৰ মুকলি কৰা। সেইকাৰণেই আমাৰ সংবিধানে ধৰ্মনিৰপেক্ষতাক মৌলিক গাঁঠনি হিচাপে স্বীকাৰ কৰিছে, যাতে প্ৰজাৰ ধৰ্ম আৰু ৰাষ্ট্ৰৰ ক্ষমতাৰ মাজত কোনোদিনেই সংঘাতৰ উদ্ৰেক নহয়। যদি আমি স্থিতিশীল, ন্যায়ভিত্তিক আৰু বহুত্ববাদী ভাৰত বিচাৰোঁ, তেন্তে ৰাষ্ট্ৰক সকলো ধৰ্মৰ উৰ্দ্ধত ৰাখিবই লাগিব। নহ’লে অতীতৰ ভুল পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনাই অধিক।

Leave a Reply

Your email address will not be published. Required fields are marked *