বিশ্ববিদ্যালয়ৰ প্ৰাতিষ্ঠানিক সংকটৰ সমাজতাত্ত্বিক বিশ্লেষণ ।। ড০ জিতু বুঢ়াগোহাঁই
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
আন্দ্ৰে বেটেইৰ University at the Crossroads
দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সৰ সমাজবিজ্ঞান বিভাগৰ প্ৰফেচৰ এমেৰিটছ, খ্যাতনামা ভাৰতীয় সমাজতত্ত্ববিদ, লেখক আৰু বুদ্ধিজীৱী আন্দ্ৰে বেটেই ২০২৬ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে নতুন দিল্লীৰ নিজা বাসগৃহত ৯১ বছৰ বয়সত মৃত্যুবৰণ কৰে। ষাঠিৰো অধিক বছৰ জুৰি বিস্তৃত তেওঁৰ দীৰ্ঘ আৰু গৌৰৱময় পেচাগত জীৱনত বেটেইয়ে সমাজবিজ্ঞানৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিছিল। তেওঁ কঠোৰ ক্ষেত্ৰভিত্তিক গৱেষণাৰ জৰিয়তে ভাৰতীয় সমাজৰ জটিল গাঁথনি—বিশেষকৈ জাত-প্ৰথা, অসমতা আৰু সামাজিক স্তৰবিন্যাসৰ গভীৰ বিশ্লেষণ আগবঢ়াইছিল। তেওঁৰ গৱেষণাৰ ধৰণ আছিল বাস্তৱভিত্তিক, সূক্ষ্ম পৰ্যবেক্ষণত নিৰ্ভৰশীল আৰু বৌদ্ধিক সততাৰ এক উজ্জ্বল নিদৰ্শন।

তেওঁ কেৱল এজন গৱেষক নাছিল, বৰং এজন গভীৰ চিন্তাবিদো আছিল। তেওঁৰ মৃত্যুৱে ভাৰতীয় সমাজতত্ত্বৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত পৰাৰ ইংগিত দিলেও, তেওঁৰ ধাৰণা আৰু চিন্তাধাৰা – গৱেষণা আৰু জনআলোচনাত দীৰ্ঘদিনলৈ প্ৰভাৱশালী হৈ থাকিব। Caste, Class and Power-ৰ পৰা Equality and Universality-লৈকে তেওঁৰ ৰচনাসমূহে পাঠকক অসমতা, প্ৰতিষ্ঠান আৰু অধিক ন্যায়সঙ্গত সমাজ গঢ়াৰ সম্ভাৱনাসমূহ সৎ আৰু সমালোচনামূলক দৃষ্টিত বিবেচনা কৰিবলৈ সদায় উৎসাহিত কৰি আহিছে। তেওঁ বহু প্ৰজন্মৰ শিক্ষাৰ্থীক প্ৰভাৱিত কৰিছিল আৰু ভাৰতৰ সামাজিক গঠন অধ্যয়ন আৰু বুজাৰ পদ্ধতিক গভীৰভাৱে ৰূপান্তৰিত কৰিছিল। ছাত্ৰ-ছাত্ৰী, বন্ধুবান্ধৱ আৰু সহকৰ্মীসকলে বেটেইক এজন অসাধাৰণ শিক্ষক হিচাপে আৰু ভাৰতত সমাজবিজ্ঞান অধ্যয়নক নতুন দিশ দিয়া এজন পণ্ডিত হিচাপে সদায় মনত ৰাখিব।
১৯৩৪ চনত তেতিয়াৰ বেঙ্গলৰ ফৰাচী উপনিবেশ চন্দননগৰত জন্মগ্ৰহণ কৰা বেটেই ইউৰোপীয় যুক্তিবাদী চিন্তাধাৰা আৰু সজীৱ বঙালী বৌদ্ধিক পৰম্পৰাৰ সংগমস্থলত ডাঙৰ হৈছিল। ইংৰাজী, ফৰাচী আৰু বঙালী ভাষাত পাৰদৰ্শী বেটেইয়ে এক স্বতন্ত্ৰ ভাৰতীয় সমাজতাত্ত্বিক দৃষ্টিভংগী অটুট ৰাখিছিল।
বেটেইৰ সকলো গ্ৰন্থ মই পঢ়া নাই। উচ্চ শিক্ষাৰ লগত জড়িত হৈ আছিলো বাবে বেটেইৰ University at the Crossroads নামৰ গ্ৰন্থখনৰ ৰচনাসমূহ প্ৰাসংগিক কিছু কথাৰ বাবে কেবাবাৰো পঢ়িছিলো। আন্দ্ৰে বেটেইৰ University at the Crossroads হৈছে প্ৰবন্ধ, ভাষণ আৰু সমাৱর্তন ভাষণৰ সুচিন্তিত সংকলন, যিয়ে আধুনিক বিশ্ববিদ্যালয়ৰ বিষয়ে এক সুদীৰ্ঘ চিন্তাশীল আলোচনা আগবঢ়াইছে। মুঠ বাৰটা প্ৰবন্ধত বেটেইয়ে বিশ্ববিদ্যালয়ক কেৱল প্ৰশাসনিক গাঁথনি হিচাপে নহয়, বৰং এক নৈতিক, বৌদ্ধিক আৰু সামাজিক প্ৰতিষ্ঠান হিচাপে বিবেচনা কৰে। তেওঁ বাৰে বাৰে এই কথাটোত গুৰুত্ব দিয়ে যে বিশ্ববিদ্যালয়ৰ প্ৰধান দায়িত্ব হৈছে শৃংখলাবদ্ধ অনুসন্ধানৰ জৰিয়তে জ্ঞানৰ অনুসৰণ। বেটেইয়ে দৃঢ়ভাৱে কয় যে শাসনব্যৱস্থা, একাডেমিক স্বাধীনতা, সমতা বা জনদায়বদ্ধতা— যিকোনো বিষয়তেই আলোচনা কৰক লাগে বিশ্ববিদ্যালয়ে তেতিয়াহে সমাজক সৰ্বোত্তমভাৱে সেৱা আগবঢ়ায়, যেতিয়া ই ৰাজনৈতিক হস্তক্ষেপ, অতি-প্ৰশাসনিক নিয়ন্ত্ৰণ আৰু বজাৰ-চাপৰ পৰা নিজৰ স্বায়ত্তশাসন সংৰক্ষণ কৰে। বেটেইৰ কিছুমান প্ৰবন্ধত বিশ্ববিদ্যালয়ৰ ঐতিহাসিক ভিত্তিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, য’ত নিৰপেক্ষ শিক্ষাবৃত্তি, যোগ্যতাভিত্তিক মূল্যায়ন আৰু প্ৰতিষ্ঠানিক আত্মনিয়ন্ত্ৰণৰ দৰে আদৰ্শসমূহ কেনেদৰে গঢ় লৈ উঠিল সেইটো ব্যাখ্যা কৰা হৈছে। বেটেইয়ে অতীতক ৰোমান্টিক ৰূপত উপস্থাপন নকৰে; তাৰ পৰিৱৰ্তে তেওঁ স্বীকাৰ কৰে যে পুৰণি বিশ্ববিদ্যালয়সমূহ বহু ক্ষেত্ৰত সামাজিকভাৱে বঞ্চনামূলক আছিল।
এই গ্ৰন্থখন কোনো সংস্কাৰ-নির্দেশিকা নহয়; বৰং বেটেইয়ে বিশ্ববিদ্যালয়ক নৈতিক আৰু বৌদ্ধিক প্ৰতিষ্ঠান হিচাপে বিচাৰ কৰি কেইটামান সৰল যেন লগা কিন্তু গভীৰ প্ৰশ্ন উত্থাপন কৰিছে— বিশ্ববিদ্যালয়ৰ প্ৰধান উদ্দেশ্য কি? সময়ৰ সৈতে বিশ্ববিদ্যালয়সমূহে কেনেকৈ ৰূপান্তৰিত হৈছে? দ্ৰুত বিস্তাৰ আৰু সামাজিক পৰিবর্তনৰ যুগত বিশ্ববিদ্যালয়সমূহে কেনেধৰণৰ সংকটৰ মুখামুখি হৈছে? গ্ৰন্থখনৰ মূল যুক্তি হ’ল আধুনিক বিশ্ববিদ্যালয়সমূহৰ তিনিটা ভিন্ন দাবীৰ মাজত থকা দ্বিধা-দ্বন্দ্ব — জ্ঞান অনুসন্ধান, সামাজিক পৰিবর্তনৰ আহিলা, আৰু ব্যাপক প্ৰমাণপত্ৰ প্ৰদানকাৰী প্ৰতিষ্ঠান। ঐতিহাসিকভাৱে বিশ্ববিদ্যালয়সমূহ আছিল স্বায়ত্তশাসিত পণ্ডিতসমাজৰ কেন্দ্ৰ। কিন্তু উচ্চ শিক্ষাৰ বিস্তাৰৰ লগে লগে এইবোৰ ধীৰে ধীৰে চৰকাৰ, বজাৰ আৰু সামাজিক দাবীৰ প্ৰতি দায়বদ্ধ বৃহৎ প্ৰশাসনিক ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। ফলস্বৰূপে, বেটেইৰ মতে সমস্যাটো কেৱল শিক্ষাগত মান হ্ৰাস পোৱাত সীমাবদ্ধ নহয়; ইয়াৰ মূলতে বিশ্ববিদ্যালয়ৰ উদ্দেশ্য সম্বন্ধে এক গভীৰ আৰু মৌলিক বিভ্ৰান্তি উদ্ভৱ হৈছে। গ্ৰন্থখনৰ আটাইতকৈ শক্তিশালী আলোচনা অংশসমূহৰ এটা হ’ল একাডেমিক স্বাধীনতাৰ প্ৰসংগ। বিশ্ববিদ্যালয়ে সমাজ সেৱা কৰিব লাগিব বুলি বেটেইয়ে অস্বীকাৰ নকৰে; কিন্তু তেওঁৰ উদ্বেগ হ’ল বিশ্ববিদ্যালয়সমূহে ক্ৰমে তৎকালীন ৰাজনৈতিক আৰু অৰ্থনৈতিক চাপৰ অধীনত কাম কৰিবলৈ আৰম্ভ কৰিছে। অতিমাত্ৰা প্ৰশাসনিক নিয়ন্ত্ৰণ, চিন্তাধাৰাৰ পক্ষপাত আৰু গ্ৰাহক-উপভোক্তাৰ দৃষ্টিভংগীয়ে বৌদ্ধিক কর্তৃত্ব দুর্বল কৰে। যেতিয়া গভীৰ বিচাৰ-বিবেচনাৰ ঠাইত মাত্ৰ আনুষ্ঠানিক প্ৰক্ৰিয়া, আৰু প্রকৃত শিক্ষাৰ ঠাইত কেৱল প্ৰমাণপত্ৰই গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া বিশ্ববিদ্যালয় লাহে লাহে নিজৰ মৌলিক স্বৰূপৰ পৰা আঁতৰিবলৈ ধৰে। তেনে অৱস্থাত ই নিয়মিত আৰু মুক্ত অনুসন্ধানৰ এক বিশেষ স্থান হৈ নাথাকে; বৰঞ্চ কেৱল প্ৰশাসনিক কাঠামোৰ মাজত সীমাবদ্ধ এক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হ’বলৈ আৰম্ভ কৰে।
শিক্ষক-ছাত্ৰ সম্পৰ্কৰ পৰিৱর্তন সম্পৰ্কীয় তেওঁৰ বিশ্লেষণো সমানেই অন্তৰ্দৃষ্টিপূৰ্ণ। আগতে শিক্ষক-ছাত্ৰ সম্পৰ্ক আছিল জ্ঞানৰ শিক্ষানবিশত্বৰ ওপৰত আধাৰিত। বৰ্তমান এই সম্পৰ্কটো প্ৰায় চুক্তিভিত্তিক হৈ পৰিছে— শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-গ্ৰাহক, আৰু প্ৰশাসক-নিয়ন্ত্ৰক। এই পৰিৱর্তনে শিক্ষাক সেৱা-খণ্ডলৈ ৰূপান্তৰৰ সামাজিক ধাৰাটোক প্ৰতিফলিত কৰে। বেটেইৰ সমালোচনা কেৱল অতীতৰ প্ৰতি আৱেগময় নষ্টালজিয়া নহয়; ই মূলতঃ সমাজবিজ্ঞানভিত্তিক বিশ্লেষণ। তেওঁ বিশ্ববিদ্যালয়ক হেৰাই যোৱা সুৱৰ্ণযুগৰ দৃষ্টিৰে নেদেখে, বৰঞ্চ সমাজিক পৰিৱৰ্তন, প্ৰাতিষ্ঠানিক চাপ আৰু জ্ঞানচর্চাৰ চৰিত্ৰগত ৰূপান্তৰৰ প্ৰেক্ষাপটত বুজিবলৈ চেষ্টা কৰে।
গ্ৰন্থখনৰ আটাইতকৈ সূক্ষ্ম আৰু গভীৰ অংশটো হ’ল সমতা আৰু উৎকৃষ্টতাৰ মাজৰ দ্বন্দ্ব সম্পৰ্কীয় আলোচনা। আধুনিক বিশ্ববিদ্যালয়সমূহে একে সময়তে অধিক লোকক সুযোগ দিব লাগিব আৰু শিক্ষাগত মানো বজাই ৰাখিব লাগিব। বেটেইয়ে কয় যে সমাজৰ সকলো অসমতা কেৱল বিশ্ববিদ্যালয়ৰ ভিতৰতে সংশোধন কৰিবলৈ চেষ্টা কৰিলে এই প্ৰতিষ্ঠানসমূহে নিজৰ মূল দায়িত্ব— কঠোৰ আৰু শৃঙ্খলাবদ্ধ জ্ঞানচর্চা আপোচ কৰিবলগীয়া হয়।
প্ৰবন্ধসমূহৰ শক্তি নিহিত আছে ইয়াৰ শান্ত, বিশ্লেষণাত্মক ভাষাশৈলীত। বেটৈইয়ে তীক্ষ্ণ মতবাদী আক্রমণ এৰাই ঐতিহাসিক তুলনা আৰু ধাৰণাগত স্পষ্টতাক অগ্ৰাধিকাৰ দিছে। একে সময়তে গ্ৰন্থখনৰ কিছুমান সীমাবদ্ধতাও আছে। সামগ্ৰিকভাৱে প্ৰবন্ধসমূহে সমস্যাৰ সমাধান কেনেকৈ কৰিব লাগে তাৰ দিশ দেখুৱাতকৈ, সমস্যাবোৰ কি কি আৰু কেনেকৈ সৃষ্টি হৈছে সেইবোৰহে বেছি স্পষ্টকৈ দেখুৱাইছে। বিশ্ব প্ৰেক্ষাপটৰ কিছুমান তুলনামূলক উল্লেখ থাকিলেও গ্ৰন্থখনৰ মুখ্য দৃষ্টি ভাৰতীয় অভিজ্ঞতাৰ ওপৰতেই কেন্দ্ৰিত। বজাৰীকৰণ, ডিজিটেল ৰূপান্তৰ, গ্ল’বেল ৰেংকিং, নব্য উদাৰীকৰণ নীতি, কৰ্পৰেট প্ৰভাৱ, বা ৰাষ্ট্ৰীয় ক্ষমতাৰ হস্তক্ষেপ—সেইবোৰৰ কম আলোচনা থকা বাবে কিছুমান পাঠকে অনুভৱ কৰিব পাৰে যে গ্ৰন্থখন সমসাময়িক প্ৰশাসনিক বাস্তৱতাৰ তুলনাত গাঁথনিগত মূল্যবোধৰ দিশত অধিক শক্তিশালী।
এই সীমাবদ্ধতা স্বত্বেও গ্ৰন্থখন আজিও অত্যন্ত প্ৰাসংগিক। কৰ্মসংস্থাপনমুখী শিক্ষা, কেম্পাছৰ ৰাজনীতিকৰণ আৰু প্ৰশাসনিক বিস্তাৰৰ দৰে সমসাময়িক বিতর্কসমূহত বেটেইয়ে চিহ্নিত কৰা সংঘাত বা টনা-আজোৰা স্পষ্টকৈ ধৰা পৰে। বিশ্ববিদ্যালয়সমূহ এতিয়া এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত— সমাজৰ বাবে উৎসৰ্গিত এক সজীৱ বৌদ্ধিক অনুষ্ঠান হিচাপে থাকিব নে কেৱল প্ৰমাণপত্ৰ উৎপাদন কৰা এক অনুষ্ঠানত পৰিণত হ’ব? বেটেইয়ে অভিজাত অতীতলৈ উভতি যোৱাৰ কোনো আহ্বান জনোৱা নাই; কিন্ত মূলতঃ এটা মৌলিক নীতিৰ কথাহে স্মৰণ কৰাই দিছে—বিশ্ববিদ্যালয়ে সমাজক সৰ্বোত্তমভাৱে সেৱা কৰিব পাৰে কেৱল তেতিয়াই, যেতিয়া ই নিজৰ বৌদ্ধিক স্বাধীনতা অটুট ৰাখে।
সহজ অথচ গভীৰ ভাষাশৈলীৰে লিখা বেটেইৰ University at the Crossroads গ্ৰন্থখনৰ প্ৰবন্ধসমূহে এক বৃহৎ পাঠকসমাজক আকৰ্ষিত কৰিছিল আৰু নতুন প্ৰজন্মৰ গৱেষকসকলক অনুপ্ৰাণিত কৰিছিল। এই গ্ৰন্থখনে আমাক সোঁৱৰাই দিয়ে যে বিশ্ববিদ্যালয় কোনো সাধাৰণ প্ৰতিষ্ঠান নহয়—ই এক সমাজৰ আত্মপ্ৰতিফলনৰ দাপোণ। যেনেকুৱা বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰোঁ, তেনেকুৱাই সমাজ আমি পাওঁ। মেধা আৰু সমতা, স্বায়ত্তশাসন আৰু সামাজিক দায়বদ্ধতা, জ্ঞানৰ বিশুদ্ধতা আৰু সামাজিক প্ৰাসংগিকতা—এই দ্বন্দ্বসমূহৰ কোনো সহজ সমাধান নাই। কিন্তু এই দ্বন্দ্বসমূহক সৎভাৱে স্বীকাৰ কৰি, তাৰ সৈতে বৌদ্ধিক সততাৰে মোকাবিলা কৰিব পৰাটোৱেই হয়তো বিশ্ববিদ্যালয়ৰ প্ৰকৃত পৰিচয়।
বেটেইৰ এই গ্ৰন্থখনৰ আটাইতকৈ গভীৰ আৰু স্থায়ী অৱদান হ’ল—ই আমাক সহজ উত্তৰৰ প্ৰলোভনৰ পৰা আঁতৰাই আনে, আৰু তাৰ পৰিৱৰ্তে আমাৰ ভিতৰত জগাই তোলে প্ৰশ্ন কৰাৰ সাহস, সমালোচনামূলক চিন্তাৰ শিষ্টাচাৰ আৰু সত্যৰ প্ৰতি এক দায়বদ্ধতা। এই গ্ৰন্থখন কেৱল বিশ্ববিদ্যালয় ব্যৱস্থাৰ সমালোচনা নহয়; ই এক বৌদ্ধিক আহ্বান—য’ত আদৰ্শ আৰু বাস্তৱৰ মাজত সেতু গঢ়াৰ প্ৰয়াস দেখা যায়, আৰু য’ত আপোচৰ পৰিৱৰ্তে সততা আৰু মানদণ্ডক অগ্ৰাধিকাৰ দিবলৈ প্ৰেৰণা জনোৱা হৈছে। আজি ভাৰতৰ উচ্চশিক্ষা ব্যৱস্থা যেতিয়া নানাধৰণৰ প্ৰশাসনিক, ৰাজনৈতিক আৰু বজাৰমুখী চাপৰ মাজত নিজস্বতা ৰক্ষা কৰাৰ সংগ্ৰামত লিপ্ত, তেনে সময়ত এই গ্ৰন্থখনৰ বাৰ্তাই বিশেষ তাৎপৰ্য বহন কৰে। নীতি-নির্মাতা, শিক্ষক, গৱেষক আৰু শিক্ষাৰ্থী—সকলোৰে বাবে এই গ্ৰন্থখন কেৱল একাডেমিক গ্ৰন্থ নহয়, বৰং এক বৌদ্ধিক সহযাত্ৰী হিচাপে অভিহিত কৰিব পাৰি।

