গল্প-কবিতা

দ্য বাৰ্নিঙ চিটি ।। ৰশ্মিৰীয়া গগৈ

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

নিশা হ’লেই যদি
হঠাতে আকাশৰ এচোৱা
ৰঙচুৱা হৈ উঠা দেখিবলৈ পোৱা
তেনে সেয়া সূৰ্যাস্ত বুলি ভুল নকৰিবা,

সেয়া জ্বলি থকা চহৰ এখন
নতুবা কোনো পাহাৰী গাভৰুৰ স্তন অথবা
উলংগ নাৰীবোৰৰ আটাইবোৰ দেহো হ’ব পাৰে!

যাৰ খবৰ পৃথিৱীয়ে ক্ৰমে ক্ৰমে পাহৰি গৈছে।

য’ত কোনোবাই চিঞৰি আছে
“আমাৰ জৰায়ুত জুই জ্বলাইছে কোনে?
আমাৰ নক্সা ফালি ফালি
তেজৰ নতুন ব্যাকৰণ সাজিছে কোনে?

নাঙঠ যন্ত্ৰণাত চটফটাই থকা আমাৰ বস্ত্ৰহীন শৰীৰত যুদ্ধক্ষেত্ৰ সাজিছে কোনে?

ইতিহাস লিখি থবৰ বাবে
নাৰীৰ চামৰাই যে আটাইতকৈ সহজ কাগজ
বাৰে বাৰে সেই কথাটোকে বুজাই আছে কোনে?

মাটি আৰু বাটবোৰে চিঞৰি চিঞৰি সুধি আছে

কোৱা ভীৰুসভা
কোন ধৰ্মই তোমালোকক
গাভৰুৰ স্তন কেঁচাই খাবলৈ শিকায়

কোন ধৰ্মই তোমালোকক
ব্ৰজ কণ্ঠ গিলি পেলাবলৈ শিকায়

তোমালোক,
যি নিজক আদৰ্শ ৰাষ্ট্ৰ বুলি ফিতাহি মাৰি ফুৰা

তোমালোক,
যি দিল্লীৱালাৰ জোতা চেলেকি চাফা কৰা

পুৰি নিঃশেষ হোৱা ঘৰবোৰৰ ফুট ছাঁইৰ গোন্ধ
কিমান দিনলৈ বতাহে গিলে
তাৰ খবৰ কোনে ৰাখা!

তোমালোকক প্ৰশ্ন কৰিব খোজোঁ

ধৰ্মই কি জুইৰ ৰং বদলায়?
ধৰ্মই কি তেজৰ গোন্ধ সলায়?
তোমালোকৰ ভাগ ভাগ ঈশ্বৰবোৰে
জুইত জ্বলা দেহবোৰলৈ চাই কি
চকু জপায়?

জুই, ধোঁৱা আৰু বিদ্ৰোহী ৰাতিবোৰেৰে
সহবাস

মোৰ এইপাৰে ইম্ফল উপত্যকাৰ ক্ষোভৰ কান্দোন
বহুতো জ্বলি থকা চকু

মোৰ সেইপাৰে এখন নিৰ্লিপ্ত পাহাৰ
কেইটামান হিচাবী মগজু
আৰু
নিৰ্লিপ্ত দেশ এখনৰ
নিৰ্লজ্জ ভূগোল!

Leave a Reply

Your email address will not be published. Required fields are marked *