যুদ্ধ, নাৰীৰ অধিকাৰ আৰু ইৰাণৰ অসমাপ্ত বিপ্লৱ ।। পাৰভিন চুলতানা
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
সাম্প্রতিক সময়ত ইৰাণ যেন দ্বৈত প্রত্যাহ্বানৰ সন্মুখীন হৈছে– এফালে আমেৰিকা আৰু ইজৰাইলৰ লগত যুদ্ধ আৰু আনফালে ইৰাণৰ প্রান্তীয় গোটবোৰৰ অধিকাৰ আৰু সন্মানৰ বাবে চলোৱা প্রতিবাদ। এটা দৃশ্যমান, গৰ্জনময় আৰু নাটকীয় যত মিছাইল ৰাতিৰ আকাশ ফৰকাল কৰি তোলে, ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰে আৰু বিশ্ব শক্তিসমূহে এই অস্থিৰ অঞ্চলত নিজৰ পৰৱৰ্তী পদক্ষেপৰ হিচাপ কৰিবলৈ বাধ্য হয়। আনটো যুদ্ধ তুলনামূলকভাৱে নিঃশব্দ কিন্তু তাতকৈ কম গুৰুত্বপূৰ্ণ নহয়। এইটো যুদ্ধ তেহৰাণ আৰু ইৰাণৰ ৰাজপথত, বিদ্যালয় আৰু ঘৰসমূহত আৰু ঘৰসমূহত সন্মান, স্বায়ত্তশাসন আৰু স্বাধীনতাৰ অৰ্থক লৈ যুদ্ধ। ২০২৬ চনৰ ইৰাণক বুজিবলৈ হলে এই দুয়োটা যুদ্ধ একেলগে চাব লাগিব—বাহিৰৰ যুদ্ধ, যিয়ে শিৰোনাম দখল কৰিছে আৰু ভিতৰৰ আন্দোলন, যাক মহিলাসকলে আগুৱাই লৈ গৈছে, যিয়ে ইৰাণৰ ইছলামিক প্ৰজাতন্ত্ৰৰ ভেটি কঁপাই তুলিছে।
ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাতৰ বৃদ্ধি দেশখনক এক বিপজ্জনক অৱস্থালৈ ঠেলি নিছে। বিমান আক্ৰমণ, চাইবাৰ আক্ৰমণ আৰু গুৰুত্বপূৰ্ণ তেল পথসমূহৰ ওপৰত হুমকি বিশেষকৈ ষ্ট্রেইট অফ হৰ্মুজকলৈ চলা সংঘাতে ইৰাণক বিশ্বজোৰা উদ্বেগৰ কেন্দ্ৰবিন্দুত পৰিণত কৰিছে। কিন্তু, যেতিয়া আন্তঃৰাষ্ট্ৰীয় মনোযোগ এই ঘটনাবোৰত নিবদ্ধ হৈ আছে, তেতিয়াও দেশৰ ভিতৰত সমানভাৱে ৰূপান্তৰকাৰী এক প্ৰক্ৰিয়া চলি আছে। যুদ্ধই প্ৰতিবাদক নীৰৱ কৰা নাই। বৰং ইয়াৰ অন্তৰ্গত দ্বন্দ্বসমূহ অধিক তীব্ৰ কৰি তুলিছে।
ইতিহাসে দেখুৱাইছে যে বাহিৰৰ ভাবুকিৰ সন্মুখীন হোৱা শাসনব্যৱস্থাই ভিতৰত নিয়ন্ত্ৰণ আৰু দৃঢ় কৰি তোলে। যুদ্ধকালীন ভাষণত চৰকাৰে প্রায়ে প্ৰতিবাদক বিশ্বাসঘাতকতা বুলি চিহ্নিত কৰাৰ চেষ্টা কৰিছে আৰু প্রতিবাদকাৰীসকল বিদেশী ষড়যন্ত্রৰ দ্বাৰা পৰিচালিত বুলি এক ভুৱা ধাৰণা আগবঢ়োৱাৰ চেষ্টা কৰিছে। আনকি এনে বহু বাতৰি পোৱা গৈছে যে প্রতিবাদকাৰীসকলক কঠোৰ শাস্তি প্রদান কৰিছে ইৰাণৰ শাসক শ্রেণীয়ে। দেশ সুৰক্ষাৰ অজুহাতত নিজৰ মৌলিক অধিকাৰৰ দাবী কৰাসকলকো গ্রেপ্তাৰ কৰা হৈছে। কিন্তু এই কৌশল, যদিও অস্থায়ীভাৱে কাৰ্যকৰী, ইয়াৰ ভিতৰত লুকাই থকা ভয়কো প্ৰকাশ কৰে। যি ৰাষ্ট্ৰ নিজৰ বৈধতাৰ ওপৰত আত্মবিশ্বাসী, তাক নিজৰ নাগৰিকসকলক এইদৰে নিস্তব্ধ কৰাৰ কিবা প্রয়োজন আছে নে? এই প্ৰশ্নটো এই কঠোৰতাৰ মাজতেই নিহিত হৈ আছে।
এই উদ্বেগ ২০২২ চনৰ ছেপ্টেম্বৰ মাহত স্পষ্টভাৱে প্ৰকাশ পায়, যেতিয়া মাহসা (জিনা) আমিনি নামৰ এজনী কুৰ্দি-ইৰাণী যুৱতীক তথাকথিত “নৈতিক আৰক্ষী”য়ে হিজাব নিয়ম উলংঘনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। যুৱতীগৰাকী আৰক্ষীৰ জিম্মাত মৃত্যু বৰণ কৰে। তাইৰ মৃত্যুৱে সমগ্ৰ ইৰাণত এক ব্যাপক প্ৰতিবাদৰ সঞ্চাৰ কৰে আৰু বিশ্বৰ মনোযোগ আকৰ্ষণ কৰে। “Woman, Life, Freedom” (মহিলা, জীৱন, স্বাধীনতা) নামৰ শ্ল’গানটো এক শক্তিশালী ৰাজনৈতিক দাবীত পৰিণত হয়। এইটো কেৱল এটা স্লোগান নহয়। এইটো আছিল এক বিকল্প সমাজৰ কল্পনা, যি কল্পনাই ইছলামিক প্ৰজাতন্ত্ৰৰ আদৰ্শৰ তীব্ৰ বিৰোধিতা কৰে। এই প্ৰতিবাদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল ইয়াৰ গঠন। মহিলাসকল কেৱল অংশগ্ৰহণকাৰী নাছিল, তেওঁলোকেই এই আন্দোলনৰ আগভাগ লৈছিল। তেওঁলোকে ৰাজপথত নিজৰ চুলি কাটি পেলাইছিল, হিজাব জ্বলাইছিল আৰু আৰক্ষীৰ সন্মুখত এক অভূতপূৰ্ব সাহস প্ৰদৰ্শন কৰিছিল। এইবোৰ কাৰ্য একেলগে মিলি এক শক্তিশালী প্ৰতিবাদত পৰিণত হৈছিল। বাধ্যতামূলক হিজাব, যিটো বহুদিন ধৰি ৰাষ্ট্ৰৰ আদৰ্শৰ কেন্দ্ৰত আছিল, সেয়া বিতৰ্কৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল। ইয়াৰ প্রতিবাদ কৰি মহিলাসকলে কেৱল এযোৰ কাপোৰৰ বাধ্যতামূলক পিন্ধনৰ বিৰোধ কৰা নাছিল, বৰঞ্চ নিজৰ বাচি লোৱাৰ ন্যূনতম স্বাধীনতাকহে সাব্যস্ত কৰাৰ চেষ্টা কৰিছিল।
যদিও চৰকাৰে কঠোৰ দমন নীতি গ্ৰহণ কৰিছিল, এই প্রতিবাদত প্রায় শতাধিক লোক নিহত হৈছিল, হাজাৰ হাজাৰ গ্ৰেপ্তাৰ হৈছিল, কিন্তু এই আন্দোলনে এক টাৰ্নিং পইণ্টৰূপে চিহ্নিত হৈছিল। ই মানুহৰ ভয় ভাঙি পেলাইছিল আৰু এক গতিশীল সমাজৰ চিত্র দাঙি ধৰিছিল। প্ৰতিবাদ কমি অহাৰ পাছতো ইয়াৰ প্ৰভাৱ শেষ হোৱা নাছিল। বহু মহিলা হিজাব নিপিন্ধাকৈ বাহিৰলৈ ওলাবলৈ আৰম্ভ কৰিছিল আৰু নিষেধাজ্ঞাৰ সীমা পৰীক্ষা কৰিছিল।
এই প্রতিবাদে যেন প্রতিবাদ কৰাৰ সাহসৰ যোগান ধৰিছিল। ২০২৫ আৰু ২০২৬ চনত পুনৰ এক নতুন প্ৰতিবাদৰ ঢৌ আৰম্ভ হয়, এইবাৰ মূলতঃ অৰ্থনৈতিক সমস্যাৰ বিৰুদ্ধে। মূল্যবৃদ্ধি, মুদ্ৰাৰ মূল্য হ্ৰাস আৰু নিষেধাজ্ঞাৰ প্ৰভাৱে ইৰাণৰ সাধাৰণ মানুহৰ দৈনন্দিন জীৱন কঠিন কৰি তুলিছিল। আৰম্ভণিতে অৰ্থনৈতিক দাবীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ শীঘ্ৰেই বৃহত্তৰ ৰাজনৈতিক দাবীত পৰিণত হয়। বজাৰ, বিদ্যালয় আৰু বিভিন্ন নগৰত মানুহ ৰাজপথলৈ নামি আহে এক উন্নত মানৰ জীৱনৰ দাবী লৈ।
প্ৰথম দৃষ্টিত এই প্ৰতিবাদবোৰ আগৰ মহিলা-নেতৃত্বাধীন আন্দোলনৰ পৰা পৃথক যেন লাগিব পাৰে। কিন্তু ইয়াৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সংযোগ আছে। ২০২২ চনৰ আন্দোলনে মানুহক প্ৰতিবাদ কৰাৰ সাহস দিছিল। ই দেখুৱাইছিল যে বৃহৎ পৰিসৰত প্ৰতিবাদ সম্ভৱ। এই কাৰণেই ২০২৫–২০২৬ চনৰ প্ৰতিবাদক আগৰ আন্দোলনৰ অব্যাহত ৰূপ হিচাপে চাব পাৰি। এই সকলো পৰিৱৰ্তনৰ মাজতো মহিলাসকল কেন্দ্ৰস্থানত থাকে। তেওঁলোকৰ আগৰ প্ৰতিবাদসমূহে এক শক্তিশালী প্ৰতীক সৃষ্টি কৰিছে। তেওঁলোক এতিয়াও বাধ্যতামূলক হিজাব আইন অস্বীকাৰ কৰি আহিছে। প্ৰযুক্তিৰ সহায়ত মহিলাসকলৰ ওপৰত অধিক নিয়ন্ত্ৰণ আৰোপ কৰা হৈছে, কিন্তু এই ব্যৱস্থাসমূহে সম্পূৰ্ণ সফলতা লাভ কৰা নাই। বৰং, এইবোৰে চৰকাৰৰ প্ৰতি অবিশ্বাস বৃদ্ধি কৰিছে।
যুদ্ধ আৰু প্ৰতিবাদৰ এই সংযোগ ইৰাণৰ পৰিস্থিতিক অধিক জটিল কৰি তোলে। পশ্চিমীয়া দেশবোৰে ইৰাণৰ ওপৰত চলোৱা অবৈধ আক্রমণৰ যুক্তিযুক্ততা প্রমাণ কৰিবলৈ প্রায়ে ইৰাণ চৰকাৰৰ মহিলাবিৰোধী নীতিবোৰৰ সহায় লয়। ইয়াতে এটা কথা উল্লেখযোগ্য যে এটা সার্বভৌম ৰাষ্ট্রত চৰকাৰ পৰিৱর্তনৰ অধিকাৰ কেৱল সেই দেশৰ নাগৰিকৰ। আন দেশে হস্তক্ষেপ কৰি চৰকাৰ পৰিৱর্তন কৰাৰ প্রচেষ্টা আন্তর্জাতিক আইন বিৰোধী।
ইৰাণৰ মহিলাৰ সম অধিকাৰ এক দীর্ঘদীনিয়া দাবী। কিন্তু এই প্রতিবাদৰ গইনালৈ বহু পশ্চিমীয়া দেশৰ চৰকাৰে ইৰাণৰ সার্বভৌমত্বক অৱমাননা কৰে। ইৰাণৰ সমস্যাৰ অন্যতম কাৰণ হল পশ্চিমীয়া দেশে জাপি দিয়া সীমাৱদ্ধতা, কিন্তু এই দায়িত্বৰ পৰাও হাত সাৰিব বিচাৰে এই দেশবোৰে। উল্লেখযোগ্য যে ইৰাণৰ মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীলৈ ইৰাণৰ সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা বোমাবর্ষণক বৈধতা প্রদান কৰাৰ চেষ্টা কৰিছে আমেৰিকাই।
ইৰাণে সন্মুখীন হোৱা দ্বৈত সংকট বুজিবলৈ হলে ১৯৭৯ চনৰ আগতে ইৰাণৰ পৰিস্থিতিলৈ ওভতি যাব লাগিব। সেই সময়ৰ ৰাজা শ্বাহ পেহেলৱীৰ শাসন কালত আধুনিকতাৰ অজুহাত লৈ ইৰাণৰ মহিলাসকলৰ ওপৰত পশ্চিমীয়া সাজ পোচাক বাধ্যতামূলকভাৱে জাপি দিয়া হৈছিল। ইৰাণৰ ৰজাৰ পৰিয়ালৰ আভিজাত্য ইত্যাদিয়েও সাধাৰণ ৰাইজক অতিষ্ট কৰি তুলিছিল। আৰু ১৯৭৯ চনৰ আন্দোলনে খামেইনীৰ ক্ষমতাধিষ্ঠ হোৱাৰ পথ প্রশস্ত কৰিছিল। ১৯৭৯ চনৰ আগত ইৰাণ আৰু আজিৰ ইৰানত এটা গুৰুত্বপূর্ণ সমানতা আছে– নাৰীৰ অধিকাৰকলৈ চলা ৰাজনীতিত নাৰীৰ দাবীক আওকাণ কৰা হৈছে।
আৰু ইয়াতেই পশ্চিমীয়া বিশ্বৰ “মানৱাধিকাৰ ৰাজনীতি”ৰ গভীৰ ভণ্ডামি স্পষ্ট হৈ উঠে। ইৰাণত মহিলাৰ অধিকাৰৰ কথা উঠিলেই বহু পশ্চিমীয়া নেতা আকস্মিকভাৱে নাৰীবাদী হৈ উঠে। কিন্তু সেই একে দেশসমূহে ছৌদি আৰব, সংযুক্ত আৰব আমিৰাত, কাতাৰ বা আন বহু মিত্ৰ ৰাষ্ট্ৰৰ ক্ষেত্ৰত একেধৰণৰ তীব্ৰ ভাষা ব্যৱহাৰ নকৰে। কিয়?
ছৌদি আৰবত বহু বছৰ ধৰি অভিভাৱকত্ব আইন, ৰাজনৈতিক দমন, মত প্ৰকাশৰ নিয়ন্ত্ৰণ, মহিলা অধিকাৰৰ সীমাবদ্ধতা আৰু ভিন্নমত দমনৰ ইতিহাস আছে। সাংবাদিক জামাল খাশোগ্গীৰ হত্যাকাণ্ড বিশ্বই দেখিছিল। তথাপি পশ্চিমীয়া শক্তিসমূহে তেল, অস্ত্ৰ-বাণিজ্য আৰু কৌশলগত স্বার্থৰ বাবে ৰিয়াধৰ লগত ঘনিষ্ঠ সম্পর্ক বজাই ৰাখিছে। মহিলাৰ অধিকাৰ তাত নৈতিক প্রশ্ন নহয়, কূটনৈতিক সুবিধাৰ বিষয়।
ইউএই বা অন্য গাল্ফ ৰাজতন্ত্ৰসমূহতো গণতান্ত্ৰিক অধিকাৰ সীমিত, শ্রমিক অধিকাৰ বহুক্ষেত্ৰত প্রশ্নবিদ্ধ, মত প্ৰকাশ নিয়ন্ত্রিত। কিন্তু সেই দেশবোৰ পশ্চিমীয়া সংবাদমাধ্যমত “স্থিতিশীল অংশীদাৰ” হিচাপে চিত্রিত হয়। ইৰাণক অৱশ্যে “সভ্যতা বনাম অন্ধকাৰ”ৰ ভাষাত বৰ্ণনা কৰা হয়। অর্থাৎ, নাৰীৰ অধিকাৰ বহু সময়ত নীতিগত দায়বদ্ধতা নহয়, কেৱল ভূ-ৰাজনৈতিক হাতিয়াৰ হৈ পৰে।
সাম্প্রতিক সময়ত ইৰাণৰ সাধাৰণ মানুহৰ সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰক সমর্থন কৰাসকলে আমেৰিকাৰ অনৈতিক বোমাবর্ষণৰ বিৰোধিতা কৰিব লাগিব। ইৰাণৰ জনগণৰ দাবীক সমর্থন কৰাৰ অর্থ এক অবৈধ যুদ্ধক সমর্থণ কৰা নহয়। ইৰাণৰ মহিলাসকলক পশ্চিমৰ যুদ্ধবাজ ভাষণে নহয়, তেওঁলোকৰ নিজৰ সংগ্রামেই মুক্ত কৰিব। আৰু বিশ্ব যদি সঁচাই ন্যায় বিচাৰে, তেন্তে সেই ন্যায় ইৰাণ, ছৌদি আৰব, গাজা, ইয়েমেন, আফগানিস্তান—সকলো ঠাইত সমানভাৱে প্ৰয়োগ কৰিব লাগিব। নির্বাচিত নৈতিকতা ন্যায় নহয়, সেইটো কেৱল শক্তিৰ অপব্যৱহাৰৰ অন্য নাম।
ইৰাণৰ প্রয়োজন নিজৰ জনগণৰ দাবীক সন্মান জনাই তেওঁলোকৰ মৌলিক অধিকাৰক সুনিশ্চিত কৰা। এনে নকৰিলে, আভ্যন্তৰীণ সমস্যাই এক ইতিহাস প্রসিদ্ধ দেশ আৰু সংস্কৃতিৰ অপূৰণীয় ক্ষতি কৰিব। ইৰাণত বহু হিজাব পৰিধান কৰা মহিলাও ৰাজপথলৈ ওলাই আহি আমেৰিকাৰ বিৰুদ্ধে প্রতিবাদ কৰিছে। প্রায় ৯৬% স্বাক্ষৰতাৰ হাৰ ইৰাণৰ মহিলাসকলৰ। এওঁলোকৰ কণ্ঠক আৰু শক্তিশালী কৰাৰ প্রয়োজন। এনে কৰিলেহে পশ্চিমীয়া দেশবোৰে ইৰাণৰ নাৰী বিদ্বেষী চৰিত্রৰ অজুহাত ল’ব নোৱাৰিব। আৰু ইৰাণৰ মহিলাসকলেও সঁচা অর্থত নিজ দেশৰ উন্নয়নত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰিব।

