গল্প-কবিতা

দেওবাৰ।। দীপজ্যোতি দাস

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

তাহানিৰ গোলামীৰ দিনত মজদুৰসকলে দিন-ৰাতি একাকাৰ কৰি ৰজাক দেহে-কেহে খাটি দিছিল। ফলত সিহঁতৰ দেহ-মন পৰি আহিছিল। এদিন এজন মজদুৰে মৰসাহ কৰি ঘটনাটোৰ বিৰুদ্ধাচাৰণ কৰিবলৈ লয় আৰু সেই ফিৰিঙতিতে খাণ্ডৱ দাহ হৈ জ্বলি-পুৰি আধা পোৰা হোৱা ৰজাই সপ্তাহৰ দেওবাৰটোক বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ বাধ্য হয়। ফলত আজিৰ হ’ম’ ছেপিয়েনছ নামৰ জীৱবিধে পালে দেওবাৰ নামৰ এক সুখৰ দিৱস।

আজি শনিবাৰ। আজিৰ গধূলিটোৱে চন্দ্রৰ বাবে অসংখ্য সপোন ৰচনাৰ দিন। যিমান পাৰি সোনকালে অফিচৰ কাম-কাজ শেষ কৰি চন্দ্ৰ ভাড়াঘৰলৈ আহে। ঘৰ সোমায়েই ভাগৰুৱা ভাৱেৰে হেণ্ডবেগটো বিছনাত দলিয়াই থৈ চকীখনত আউজি বহে। এটা দীঘল স্বস্তিৰ নিশাহ পেলাই সি চকুহাল মুদি ভাবে—কাইলৈ কি কৰা যায়! এইখিনি সময় চন্দ্ৰৰ ভাল লাগে; কাৰণ ভৱিষ্যতৰ সপোন দেখা বাকী দিনবোৰত নহয়, কিন্তু শনিবাৰে হয়। চিগাৰেট এডাল হুপি চন্দ্ৰই ভাবিবলৈ ল’লে— কাইলৈ বন্ধৰ দিনটোত কি কি কৰিব পাৰি। কৰিবলৈ অসংখ্য কাম আছে।

প্ৰথমেই তাৰ চাৰিওফালে চকু গ’ল। চন্দ্ৰ ভাড়াঘৰত অকলশৰে থাকে। ঘৰৰ অৱস্থা শোচনীয়। ৰুমটো কেতিয়া সাৰিছিল মনত নাই। বিছনাৰ চাদৰখন লেতু-সেতু হৈ এচুকত দম হৈছে; তাৰ ওপৰত কম্বল-তুলি মিলি এক প্ৰকাৰৰ সৰু টিলা এটা গঠন কৰিছে। বিছনাৰ কাষৰ ৱালখনত তাহানিতে পৰীক্ষাৰ বাবে লগোৱা অসমৰ মেপখনৰ দুটা টেপ ওলাই আহিছে। তাৰ ওপৰতে সৰুকৈ মকৰা এটাই সংসাৰ গঢ়িছে। সিহঁতৰ সংসাৰত গোপনীয়তাৰ স্বীকৃতি দিবলৈ ক’ৰবাৰ পৰা এলান্ধু অকণ উৰি আহি মকৰাজালৰ লগ দিছে। মকৰাৰ এই ঘৰখনৰ তলতেই আছে কিতাপ-পত্ৰ, বহীৰ প্ৰকাণ্ড এক দম। তাহানিতে চন্দ্ৰই ডাঙৰ বাবু হ’ম বুলি এসোপা কিতাপ-পত্ৰ কিনিছিল। পিছে সেই কিতাপবোৰ পঢ়া কিমানবাৰ হ’ল, তাৰ প্ৰমাণ বৰ্তমান কিতাপৰ ওপৰত জমা হোৱা ধূলি-মাকতিয়ে দিছে। কাইলৈ এই ধূলি-মাকতিবোৰ চাফা কৰিব লাগিব।

অতি সযতনে এপদ-দুপদকৈ সাঁচি কিনা চকা লগোৱা চকীখন ঠেলি ঠেলি চন্দ্ৰ কিতাপৰ দমটোৰ মাজলৈ গ’ল। ডাঙৰ ডাঙৰ কিতাপবোৰ চুবলৈ তাৰ আজিকালি ভয় লাগে; ওচৰতে পোৱা সৰু হালধীয়া কিতাপখন সি তুলি ল’লে। হায়াৰ চেকেণ্ডেৰীৰ অসম বিষয়ক এখন পুৰণি কিতাপ। অলপ জোকাৰি ধূলিখিনি আঁতৰাই ল’বৰ বাবে চন্দ্ৰই কিতাপখন আথে-বেথে লুটিয়াই গ’ল। শেহৰ পৃষ্ঠাতহে তাৰ মন ৰৈ গ’ল। তাত চুকত সৰুকৈ লিখা আছিল—‘চন্দ্ৰ যোগ মালতী…’।

মালতী! চন্দ্ৰৰ মুখত ঈষৎ হাঁহি মিচিকিয়াই উঠিল। যোৱা তিনিটা বছৰ যদি চন্দ্ৰই ঘৰৰ পৰা তিনিশ কিলোমিটাৰ দূৰৈত সৰু ভাড়াঘৰ এটাত দিন কটাইছে, সেয়া তিনিজন মানুহৰ বাবেই কটাইছে—তাৰ মাক, দেউতাক আৰু মালতীৰ বাবে। হায়াৰ চেকেণ্ডেৰীৰ পৰাই মালতীৰ লগত চিনাকি; সিহঁত দেওবাৰে আগে-পাছে টিউচনলৈ যায়। কোনোবা নিজান বাঁহনিৰ তলত মালতীৰ চাইকেলৰ চেইন পৰে, চন্দ্ৰই তাক তুলি দিয়ে। তেনেকুৱা দেওবাৰ চন্দ্ৰৰ ভাল লাগে।

যাব পাৰি। অহা দেওবাৰে মালতীৰ ওচৰলৈ যাব পাৰি। বহুদিন মালতীৰ মুখখন চোৱা হোৱা নাই। যোৱাবাৰ আহোঁতে তাই থোকাথুকি মাতেৰে কৈছিল, “সোনকালে আহিবা”। তাইৰ চকুত এসোঁতা চকু পানী। প্ৰত্যেকবাৰ চন্দ্ৰই মালতীক এৰি আহোঁতে তাই কান্দে। চন্দ্ৰৰ দুখ লাগে, কিন্তু সি কান্দিব নোৱাৰে; বৰং সি সৰুকৈ কয়, “অহা দেওবাৰে আহিম”।; অহা দেওবাৰে যে চন্দ্ৰ আহিব নোৱাৰে, সেয়া চন্দ্ৰয়ো জানে। চন্দ্ৰৰ কৰ্মস্থলীৰ পৰা মালতীৰ ওচৰলৈ বাছ চলে, উৰাজাহাজো চলে। কিন্তু বাছত গ’লে দেওবাৰটো শেষ হৈ যায় আৰু উৰাজাহাজত গ’লে পকেটৰ দৰমহাকেইটা শেষ হৈ যায়। তথাপিও চন্দ্ৰই আহিম বুলি কয়, এনেই কয়—মালতীক আশা দিবলৈ কয়। দীঘলীয়া বন্ধ এটা পালে ঘৰলৈ যাব লাগিব। তেতিয়ালৈ মালতী ৰওক—চন্দ্ৰই ভাবিলে।

কাইলৈ তেনেহ’লে ৰুমটোৱে চাফা কৰা যাওক। চন্দ্ৰই কোঠাটোৰ চাৰিওফালে চালে। চুকত গীটাৰ এখন আউজি আছে। এইখন পূৰ্ণৰ গীটাৰ—চন্দ্ৰৰ বন্ধু। চন্দ্ৰই কেতিয়াবা গীত গায় (কেতিয়াবা মানে মাহত এবাৰ-দুবাৰ) আৰু পূৰ্ণই গীটাৰ বজায়। সিহঁতৰ যেতিয়া সংগীত চৰ্চা হয়, ভাড়াঘৰৰ ওচৰ-চুবুৰীয়াই কাণত হেডফোন লগাই অন্য গীত শুনে। কাইলৈ পূৰ্ণক মাতি দিয়া যায় নেকি? পাৰি। পূৰ্ণও চন্দ্ৰৰ দৰে এইখন চহৰত অপূৰ্ণ। তাক সম্পূৰ্ণ কৰিবলৈ কাইলৈ এটা পাৰ্টি আয়োজন কৰিব পাৰি—সৰুকৈ।

চন্দ্ৰৰ মনত পৰিল পূৰ্ণৰ লগত তাহানিতে দেওবাৰবোৰত বাৰীৰ পিছফালে ক্ৰিকেট খেলাৰ কথা। খেতি চপোৱা হৈছে। সেই পথাৰৰ মাজতেই চুচি-চুচি সিহঁতে পিট্‌চ বনাই লৈছে। যতীনহঁতৰ বাৰীৰ পৰা কাটি অনা শুকান জেওৰাকেইডাল ষ্টাম্প। চন্দ্ৰই এবাৰ ঘৰত খিৰিকী লগাবলৈ অহা কাঠমিস্ত্ৰীজনক খাটনি কৰি বেট এখন বনাই লৈছিল—কাঠৰ, পিছে চলি যায়। মাজতে তামোলৰ ঢকুৱাৰ দ্বাৰা ভৰিত পিন্ধা পেডো বনাইছিল, পিছে সেয়া পিন্ধি দৌৰিবলৈ অসুবিধা। কাইলৈ পূৰ্ণ আহিলে সুধিব লাগিব—কৰবাত ক্ৰিকেট-চিকেট খেলিব পাৰে নেকি? কিমান আৰু দেওবাৰটোত ৰুমত সোমাই থাকিবি?

* * * *

ক্ৰিং ক্ৰিং ক্ৰিং— তন্ময়তা ভাঙি চন্দ্ৰৰ ফোনটো বাজি উঠিল।
—ছাৰ
—চন্দ্র! (ৰূঢ়)
—ছাৰ (ভয়াৰ্ত)
—চন্দ্র, তোমাৰ এই সপ্তাহৰ ছেলছ্ টাৰ্গেটৰ ৰিপ’ৰ্ট চাইছা নে নাই? আৰু আজি যে মই এক্সেল ফাইলটো বনাবলৈ দিছিলোঁ, কি হ’ল সেয়া?
—ছাৰ, মানে, ছাৰ মই, মানে….
—আই ডণ্ট নো এনিথিং, মোক এনিহাউ এক্সেল ফাইলটো লাগিব বাই টুমৰু…..

ঘৰৰ পৰা তিনিশ কিলোমিটাৰ দূৰৈত ত্ৰিশ হাজাৰ টকা লৈ কোম্পানীত চাকৰি কৰা চন্দ্ৰই দেওবাৰে সকলো কাম বাদ দিব পাৰে—ৰুম চাফ কৰা বাদ দিব পাৰে, মালতীক লগ ধৰিবলৈ বাদ দিব পাৰে, পূৰ্ণক আহিবলৈ মানা কৰিব পাৰে, কিন্তু তাৰ মেনেজাৰক মানা কৰিব নোৱাৰে।

—“হ’ব ছাৰ, কাইলৈ চানডে হ’লেও মই এক্সেল ফাইলটো কমপ্লিট কৰি দিম…”।

চন্দ্ৰই ফোনটো থৈ দিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *