কেন্দ্ৰীয় নিবন্ধনিবন্ধ

ফিডেল কাস্ত্ৰো : ঔপনিৱেশিক কিউবাৰ নতুন সূৰ্যোদয় ।। অশ্বিনী কলিতা

মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

পৃষ্ঠভূমিৰ চিনাকী

উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত এখনি সৰু দ্বীপ ৰাষ্ট্ৰ। নাম কিউবা। মাটিকালি ১,০৪,৩৩৯ বৰ্গ কিলোমিটাৰ।

জনসংখ্যাও তেনেই তাকৰ—অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় তিনিভাগৰ এভাগ। উৰ্বৰ ভূমিৰ বাবেই দেশখন শইচ-সম্ভৱা। দেশখনৰ অৰ্থনৈতিক বুনিয়াদ কুঁহিয়াৰ, ধপাত, কফি আদিৰ কৃষিৰে গঢ় লৈ উঠিছে। প্ৰাচুৰ্য্যময় বনজ সম্পদ, জাহাজ চলাচলৰ বাবে ব্যৱহাৰযোগ্য অসংখ্য পোতাশ্ৰয় আৰু তাম, ৰূপ, মেংগানিজ, নিকেল আদি কেবাবিধো বহুমূলীয়া খনিজ ৰত্নভাণ্ডাৰৰ প্ৰাচুৰ্য্যক্ষেত্ৰ হোৱাৰ বাবেই এই দ্বীপ ৰাষ্ট্ৰখন প্ৰায় ৪০০ বছৰ ধৰি স্পেইনৰ উপনিৱেশ আছিল। প্ৰতিৱেশী ৰাষ্ট্ৰ আমেৰিকাৰো প্ৰতিনিয়ত শেনচকু কিউবা নামৰ এই সৰু দ্বীপ ৰাষ্ট্ৰখনৰ ওপৰত।

ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে কিউবানসকলৰ মৰোঁ-জীওঁ সোঁ-আধিকৈ কৰা সংগ্ৰামৰ পৰিণতিত ১৮৯৮ চনত সাম্ৰাজ্যবাদী শক্তি স্পেইন কিউবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হয় যদিও ৰাহুমুক্তি ঘটি স্বাধীন কিউবা গণৰাজ্য গঠন হ’বলৈ দেশখনে আৰু তিনি বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল। এইখিনি সময়ত কিউবা আছিল সাম্ৰাজ্যবাদী আমেৰিকাৰ প্ৰত্যক্ষ সামৰিক শাসনৰ অধীনত। দৰাচলতে স্পেইনৰ ঔপনিৱেশিক শাসন কায়েম থকা সময়তেই আমেৰিকাই কিউবাৰ অৰ্থনীতিৰ হৃদপিণ্ডস্বৰূপ—ধপাত, কফি আদি লোভনীয় কৃষি খণ্ডত যথেষ্ট পুঁজি নিয়োগ কৰিছিল। স্পেইন উপনিৱেশক উৎখাত কৰিবলৈ কিউবাৰ জনসাধাৰণৰ যুঁজত আমেৰিকাই এক ন্যস্ত স্বাৰ্থ লৈ আৰম্ভণিৰে পৰাই হাত উজান দিছিল। অৱশেষত আমেৰিকাৰ মনঃপূত টি. ই. পালমাৰৰ নেতৃত্বাধীন এখনি পুতলা চৰকাৰ গঠনেৰে ১৯০২ চনত আমেৰিকাই কিউবাক ভুৱা স্বাধীনতা প্ৰদান কৰি গণৰাজ্যৰ স্বীকৃতি দিয়ে যদিও নেপথ্যৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখি ছায়া ঔপনিৱেশিক লুণ্ঠন চলাই যায়।

সূৰ্যবিহীন দোকমোকালিৰ অন্য নাম স্বাধীন কিউবা

দৰাচলতে ‘স্বাধীন কিউবা’ শব্দটিয়েই যেন এক প্ৰহসন। ১৯০২ চনৰ স্বাধীনতাও কিউবাৰ নাগৰিকৰ অভীস্পিত স্বাধীনতা নাছিল; ই আছিল আমেৰিকাৰ ন্যস্তস্বাৰ্থ ৰক্ষাৰ বাবে কিউবান নাগৰিকে ভোটাধিকাৰৰ জৰিয়তে দেশীয় দালালসদৃশ প্ৰতিনিধি নিৰ্বাচন কৰাৰ এটি ব্যৱস্থা। সেইবাবেই স্বাধীনোত্তৰ কালৰ কিউবাৰ ৰাষ্ট্ৰপ্ৰধানবোৰে আমেৰিকাৰ অন্যায়পূৰ্ণ নীতি আৰু শোষণ-বঞ্চনাৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱাৰ সাহস কৰা নাছিল। বাস্তৱ ক্ষেত্ৰত তেওঁলোক আছিল আমেৰিকাৰ চাবি দিয়া পুতলাৰ দৰে। দুই-একে তেনে পদক্ষেপ গ্ৰহণ কৰাৰ উমান পালেই নিমিষতে চৰকাৰৰ পতন ঘটাই নতুন অনুগত চৰকাৰ গঠনৰ দিহা কৰিছিল। ইমানতো সৈমান কৰিব নোৱাৰিলে নিৰ্মম যুদ্ধৰ বিভীষিকা জাপি দিছিল কিউবান নাগৰিকৰ ওপৰত।

ৰুজভেল্টৰ নিৰ্দেশত তেনে এক কুটিল যুদ্ধ সংঘটিত হৈছিল ১৯০৬ চনত, যিখন যুঁজ ‘পাচিফিকেচন অৱ কিউবা’ নামেৰে পৰিচিত। এই যুঁজৰ ফলশ্ৰুতিত কিউবাৰ স্বাধীনতা-ৰবি দ্বিতীয়বাৰৰ বাবে অস্ত গৈছিল। প্ৰায় আঢ়ৈটা বছৰ পুনৰবাৰ আমেৰিকাৰ প্ৰত্যক্ষ শাসনৰ বহতীয়া হৈছিল কিউবা। কোৱা বাহুল্য যে আমেৰিকাৰ স্বাৰ্থ ৰক্ষাকাৰী দেশীয় দালাল ৰাষ্ট্ৰনায়কসমূহৰ সৰহসংখ্যকেই আছিল আপাদমস্তক দুৰ্নীতিগ্ৰস্ত, স্বৈৰাচাৰী আৰু আকণ্ঠ ভ্ৰষ্টাচাৰী। অসহায় ক্ৰীড়নকৰ দৰে আমেৰিকাৰ লুণ্ঠনৰ স্বাৰ্থক চৰিতাৰ্থ কৰাৰ সহায়ক হৈ তেওঁলোকে যাপন কৰিছিল ভোগ-বিলাসৰ এক আড়ম্বৰপূৰ্ণ জীৱন। ৰাষ্ট্ৰনায়কৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে পৰাকাষ্ঠাৰ পৰ্যায় লাভ কৰিছিল সামৰিক শাসক ফুলজেনচিঅ’ বাতিস্তাৰ শাসন কালত।

ফুলজেনচিঅ’ বাতিস্তা, ইতিহাসে পাহৰিব নোৱৰা দুৰ্নীতিৰ সদাগৰ

ইতিহাস ভঙা-গঢ়াৰ এক বোৱতী দলিল। জনতা-জনাৰ্দনেই নিৰ্ণয় কৰে ইতিহাসৰ দিশ আৰু গতিপথ। জনতাক জাতি-ধৰ্মৰ আৱেগেৰে কিছু সময়লৈ মোহাচ্ছন্ন কৰি ৰখাটো সম্ভৱ যদিও দীৰ্ঘদিনৰ বাবে সেয়া সম্ভৱ নহয়। পলমকৈ হ’লেও বোধোদয় হয় জনতা-জনাৰ্দনৰ—এইয়াই ইতিহাসৰ শিকনি। ক্ষমতা মূৰত উঠা মূৰ্খ শাসকে সেই কথা পাহৰি ক্ষমতাৰ ৰাগীত বলিয়ান হৈ মদমত্ত হৈ উঠে, হৈ উঠে স্বৈৰাচাৰী। এনে স্বৈৰাচাৰী ৰাষ্ট্ৰশক্তিৰ বিৰুদ্ধে প্ৰজাসাধাৰণ ৰাজপথলৈ নামে, উদ্গীৰিত ক্ষোভে সংগ্ৰামৰ ৰূপ লয়—এইয়াও ইতিহাসৰেই নিয়ম।

ৰাষ্ট্ৰপতি জেৰাৰ্ডো মাচাডোৰ চৰম স্বৈৰাচাৰী শাসনত অতিষ্ঠ কিউবাৰ প্ৰজাসাধাৰণ আৰু ছাত্ৰসমাজ আকৌ এবাৰ ৰাজপথলৈ নামিছিল মাচাডোৰ স্বৈৰাচাৰী শাসনৰ প্ৰতিবাদৰ বাবে। এনে প্ৰতিবাদৰ ওচৰত সেও মানি ৰাষ্ট্ৰপতি জেৰাৰ্ডো মাচাডোৱে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। কোৱা বাহুল্য যে এনে ৰাজনৈতিক পটপৰিৱৰ্তনৰো দূৰ-নিয়ন্ত্ৰক আছিল আমেৰিকা। এক সুস্থিৰ পৰিস্থিতিৰ অভাৱত মাচাডোৰ উত্তৰাধিকাৰী হিচাপে কিছুদিনৰ বাবে দায়িত্ব গ্ৰহণ কৰিছিল কুৱেছাডাই। কিছুদিনৰ পিছতেই সেনাবাহিনীৰ চাৰ্জেণ্ট ফুলজেনচিঅ’ বাতিস্তাই ‘চাৰ্জেণ্ট বিদ্ৰোহ’ নামৰ এক সামৰিক অভ্যুত্থানৰ জৰিয়তে কিউবাৰ শাসনভাৰ প্ৰথমতে পৰোক্ষভাৱে আৰু পিছলৈ (১৯৪০ চনত) প্ৰত্যক্ষভাৱে গ্ৰহণ কৰে। কিউবাৰ ৰাজনৈতিক ইতিহাসৰ এনে দ্ৰুত পটপৰিৱৰ্তনতো মুখ্য ভূমিকা পালন কৰিছিল মাৰ্কিন সাম্ৰাজ্যবাদে।

ফুলজেনচিঅ’ বাতিস্তা আছিল আমেৰিকাৰ পছন্দৰ বিশ্বস্ত দেশীয় দালাল। বাতিস্তাই দুটা কাৰ্যকালৰ বাবে কিউবাৰ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল। প্ৰথমটো কাৰ্যকালতেই (১৯৪০-১৯৪৪) বাতিস্তাই ব্যাপক দুৰ্নীতিৰে সম্পদৰ পাহাৰ গঢ়িছিল। সম্পদৰ দেশ কিউবা ৰূপান্তৰিত হৈছিল দুৰ্নীতিৰ ভূস্বৰ্গলৈ। বাতিস্তাৰ এনে অনীতিৰ বিৰুদ্ধে কিউবান নাগৰিক ক্ষোভত ফাটি পৰিছিল আৰু ১৯৪৪ চনত নিৰ্বাচনৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিছিল। নিৰ্বাচনত পৰাজিত হৈ ভ্ৰষ্ট শাসক ফুলজেনচিঅ’ বাতিস্তাই দুৰ্নীতিৰে গঢ়া বিশাল সম্পদৰ পাহাৰ লুকুৱাই ফ্ল’ৰিডালৈ পলাই গৈ ১৯৫২ চনলৈকে নিৰ্বাসিতৰ জীৱন কটাবলৈ বাধ্য হৈছিল। বাতিস্তাবিহীন সময়ছোৱাত আমেৰিকাৰ লুণ্ঠনৰ এজেণ্ডা কিছু পৰিমাণে ব্যাহত হৈছিল। বাতিস্তাক পুনৰ ক্ষমতাধীন কৰাৰ বাবে আমেৰিকা আছিল প্ৰতিনিয়ত উদগ্ৰীৱ। ১৯৫২ চনৰ এক সামৰিক অভ্যুত্থানৰ যোগেদি আমেৰিকাৰ সমৰ্থনত বাতিস্তাই পুনৰ কিউবাৰ ক্ষমতা দখল কৰে।

এখনি অবিমিশ্ৰ নৰকৰ নাম বাতিস্তাৰ কিউবা

দ্বিতীয়টো কাৰ্যকালৰ বাবে ক্ষমতালৈ অহিয়েই বাতিস্তাই ১৯৪০ চনত প্ৰণয়ন কৰা সংবিধান স্থগিত ৰাখে। ধৰ্মঘটৰ অধিকাৰ আৰু নাগৰিকৰ ৰাজনৈতিক স্বাধীনতা বাতিল কৰাৰ লগতে সংবাদপত্ৰৰ ওপৰতো জাৰি কৰিছিল চেন্সৰশ্বিপ। প্ৰচণ্ড দমন নীতিৰে ৰুদ্ধ কৰে বিৰোধীৰ কণ্ঠ। আমেৰিকাৰ পৰা আৰ্থিক আৰু সামৰিক সাহায্য লাভ কৰি বলিয়ান হোৱা অত্যাচাৰী শাসক বাতিস্তাই কিউবাৰ লাভদায়ক চেনী উদ্যোগৰ সিংহভাগ মালিকীস্বত্ব আমেৰিকাৰ হাতত এৰি দিছিল। আমেৰিকাৰ প্ৰতি সদয় দৃষ্টিভংগীৰ নীতিৰ বাবেই আমেৰিকানসকল হৈ পৰিছিল দেশখনৰ ৭০ শতাংশ কৃষিযোগ্য মাটিৰ গৰাকী। এক কথাত ক’বলৈ গ’লে, আমেৰিকাৰ দেশীয় দালাল বাতিস্তাৰ স্বেচ্ছাচাৰী আৰু জাতিধ্বংসী নীতিৰ বাবেই কিউবানসকল হৈ পৰিছিল নিজ দেশতেই ভগনীয়া।

ব্যক্তিগত লাভৰ স্বাৰ্থত দেশখনৰ প্ৰমূল্য আৰু ঐতিহ্য-সংস্কৃতিক চুৰিকাঘাত কৰিব পৰা পদক্ষেপৰ পৰাও পিছহুহুকি অহা নাছিল ফুলজেনচিঅ’ বাতিস্তা। মোটা লাভৰ বিনিময়ত আমেৰিকাকেন্দ্ৰীয় বহুজাতিক কোম্পানীবোৰৰ বাবে মুকলি কৰিছিল—কেঁকোৰাপোৱালিয়ে মাকক খুলি খুলি খোৱাৰ দৰে নিৰ্মম লুণ্ঠনৰ দুৱাৰ। বাতিস্তাৰ ছত্ৰছায়াতেই আমেৰিকান মাফিয়াই ৰাজধানী হাভানাত গঢ়ি তুলিছিল জুৱাৰ আড্ডা (Casino), ড্ৰাগছৰ সাম্ৰাজ্য আৰু অগণিত বেশ্যালয়। দেশখনৰ বিধ্বস্ত অৰ্থনীতিক টনকিয়াল কৰিবলৈ বাতিস্তাই কিউবাৰ সম্পদৰ ভিত্তিত পৰ্যটন উদ্যোগক বিকশাই তোলাৰ আঁচনি গ্ৰহণ কৰিছিল আৰু অতি নিৰ্লজভাৱে কিউবান নাৰীৰ অতুলনীয় সৌন্দৰ্যকো পৰ্যটন উদ্যোগৰ বাবে প্ৰয়োজনীয় সম্পদ বুলি ঘোষণা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

বাতিস্তাৰ হঠকাৰী আৰু স্বাৰ্থান্বেষী নীতিৰ ফলতেই বিশ্ববাসীৰ ওচৰত সুসভ্য আৰু সংস্কৃতিবান দেশ কিউবাৰ পৰিচয় হৈ পৰিছিল—‘পশ্চিম গোলাৰ্ধৰ বেশ্যালয়’, ভোকাতুৰ আৰু অৱক্ষয়ী মানুহৰ দেশ। বাতিস্তাৰ ভুল নীতিৰ বাবেই দেশখনত বৰ্তি থকা বৰ্ণ-বৈষম্যই অধিক প্ৰগাঢ় ৰূপ ধাৰণ কৰিছিল। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ মাজত অৰ্থনৈতিক ব্যৱধানো অধিক প্ৰকট হৈছিল। দমন, উৎপীড়ন আৰু ৰাজনৈতিক হত্যাকাণ্ড দেশখনৰ দিনপঞ্জীৰ নিত্য-নৈমিত্তিক ঘটনা আছিল বুলি ক’লেও ভুল কোৱা নহয়। ইয়াৰ মাজতেও কমিউনিষ্ট আদৰ্শৰে দীক্ষিত কিছুমান গোট বা একচন গ্ৰুপে (Action Group) নৰকসদৃশ ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ লক্ষ্যৰে গোপনে কুচকাৱাজ চলাই গৈছিল।

ফিডেল কাস্ত্ৰো : কিউবাৰ মেঘে ঢকা আকাশৰ উদিত সূৰ্য

সমাজ এখনৰ সামাজিক সংকট বৃদ্ধি হোৱাৰ সমান্তৰালকৈ সামাজিক দ্বন্দ্বও প্ৰকট হয়। এই দ্বন্দ্ব সৎ আৰু অসতৰ, ন্যায় আৰু অন্যায়ৰ। এই দ্বন্দ্ব সংস্কৃতি আৰু দুষ্কৃতিৰ, সুশাসন আৰু দুঃশাসনৰ। দুই বিপৰীতমুখী দ্বন্দ্বৰ মাজেৰেই বিকাশ লাভ কৰে সমাজখনৰ ৰাজনৈতিক উত্তৰণে। বসন্তৰ মুষলধাৰ বৰষুণৰ পৰশতেই শীতৰ দিনৰ লঠঙা প্ৰকৃতিয়ে কুঁহিপাত মেলে, নল মৰি গজালি ওলায়, শীৰ্ণ জান-জুৰিত ন-ঢল আহে। একেদৰে ৰাষ্ট্ৰৰ দমন-পীড়নে ক্লীৱতা আনি দিয়া স্থাণু সমাজ এখনতো কোনোবা মহানায়কৰ নেতৃত্বত যদিহে সঠিক পৰিৱৰ্তনকামী বৈপ্লৱিক মতাদৰ্শৰ বৰষুণে জনতাৰ চেতনা সিক্ত কৰিবলৈ সক্ষম হয়, তেনেহ’লে ভ্ৰষ্ট শাসকৰ লোহা কঠিন ভেটিত নিৰ্মাণ কৰা অন্যায়পূৰ্ণ সমাজ ব্যৱস্থা এটা তাচপাতৰ ঘৰৰ দৰেই ভাঙি এটি নতুন সমাজ ব্যৱস্থা গঢ় লৈ উঠাটো সম্ভৱপৰ হয়।

ইতিহাস নিৰ্মাণ কৰে জনগণে; জনগণেই ইতিহাসৰ চালিকা শক্তি। ইয়াৰ বাবে প্ৰয়োজন হয় সঠিক বৈপ্লৱিক চেতনাৰে জনতাক উদ্বুদ্ধ কৰি সঠিক ৰণনীতিৰে প্ৰতিবিপ্লৱী শক্তিক মোকাবিলা কৰিবলৈ সমৰ্থবান মহানায়কৰ, যিয়ে নিপীড়িত জনতাৰ বুকুৱে বুকুৱে বোৱাব পাৰে সংগ্ৰামৰ বাবে সাহস আৰু প্ৰেৰণাৰ দোকোলটকা বান। বাতিস্তাৰ স্বেচ্ছাচাৰী শাসনে পৰাকাষ্ঠাৰ শিখৰ চোৱা কিউবাত মাৰ্ক্সবাদ-লেনিনবাদৰ আদৰ্শৰে দীক্ষিত তেনে এগৰাকী মহানায়কেই অত্যাচাৰী শাসক বাতিস্তাক সশস্ত্ৰ গেৰিলা যুঁজেৰে উৎখাত কৰি সাম্য-মৈত্ৰীৰ আধাৰত নতুন কিউবা গঢ়িবলৈ গোপনে আখৰা কৰিছিল। নাম তেওঁৰ ফিডেল কাস্ত্ৰো।

আইনৰ নাম কৰা ছাত্ৰ ফিডেল কাস্ত্ৰোৱে আইনৰ ব্যৱসায় কৰি জীৱনটো নিয়াৰিকৈ যাপন কৰিব পাৰিলেহেঁতেন; কিন্তু তাকে নকৰি কাস্ত্ৰোৱে ভাগ লৈছিল বৈপ্লৱিক কৰ্মকাণ্ডত। কাস্ত্ৰোৰ বাবে সেয়া আছিল যেন এক এৰাব নোৱৰা ঐতিহাসিক দায়িত্ব। মাৰ্ক্সবাদ-লেনিনবাদৰ আদৰ্শই কাস্ত্ৰোক মাটিক মাতৃ বুলি, দেশখনক আই বুলি আঁকোৱালিবলৈ শিকাইছিল। সাম্ৰাজ্যবাদৰ অক্টোপাছসদৃশ আলিংগনৰ পৰা, বাতিস্তাৰ দুঃশাসনৰ পৰা ৰত্নগৰ্ভা কিউবাক মুক্ত কৰিবলৈ ১৬০ জন গেৰিলাৰে (Guerrilla) গঠিত এটি বাহিনীৰে ১৯৫৩ চনৰ ২৬ জুলাই তাৰিখে মোনকাডা সেনা বেৰেকত ফিডেল কাস্ত্ৰোৱে এক সশস্ত্ৰ অভিযান চলায়। এই অভিযানৰ মুখ্য লক্ষ্য আছিল সশস্ত্ৰ বিপ্লৱৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ সংগ্ৰহ কৰা। ৰক্তক্ষয়ী এই অভিযানত সৰহসংখ্যক সতীৰ্থৰেই মৃত্যু হৈছিল। বহুজনক সেনাবাহিনীয়ে কৰায়ত্ত কৰিছিল। কাস্ত্ৰো আৰু ভাতৃ ৰাউলকো সেনাবাহিনীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰে।

প্ৰথমাৱস্থাত কাস্ত্ৰোৱে নিৰ্বাচনৰ প্ৰক্ৰিয়াৰে অত্যাচাৰী শাসক বাতিস্তাক উৎখাত কৰাৰ পৰিকল্পনা কৰি ১৯NT চনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও একনায়কত্ববাদী শাসক বাতিস্তাই নিৰ্বাচন প্ৰক্ৰিয়াটোকেই বানচাল কৰিছিল। উপায়ন্তৰ নেদেখি কাস্ত্ৰোৱে সেইবাবেই সশস্ত্ৰ সংগ্ৰামৰ ৰক্তক্ষয়ী পথত অগ্ৰসৰ হ’বলগীয়া হৈছিল। এই অভিযান ব্যৰ্থ হৈছিল যদিও কিউবাৰ ৰাজনৈতিক ৰূপান্তৰৰ ইতিহাসত ই আছিল এটি মাইলৰ খুঁটি। এই অভিযান আছিল তৰুণ প্ৰজন্মৰ বাবে অত্যাচাৰী শাসকৰ বিৰুদ্ধে অকুতোভয় সংগ্ৰামৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক।

ফিডেল কাস্ত্ৰো কৰায়ত্ত হোৱা বছৰটিতে তেওঁৰ বিচাৰ আৰম্ভ হয়। এই বিচাৰ প্ৰক্ৰিয়াত আত্মপক্ষ সমৰ্থন কৰি এক বিৰল বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল মহানায়ক ফিডেল কাস্ত্ৰো। আদালতৰ শুনানিত বেচ কিছু বিদেশী সাংবাদিকো উপস্থিত আছিল। প্ৰত্যুৎপন্নমতিতা সম্পন্ন ফিডেল কাস্ত্ৰোৱে অতি বিচক্ষণতাৰে তেখেতৰ সোধ-পোচৰ সময়ত কিউবাৰ তৎকালীন সেনা শাসকৰ দমন-পীড়নৰ ছবি উপস্থিত সাংবাদিকসকলৰ মাৰফতত বিশ্ববাসীক জনোৱাৰ ব্যৱস্থা কৰিছিল। বিশ্বৰ প্ৰান্তে প্ৰান্তে ফিডেল কাস্ত্ৰোৰ জনপ্ৰিয়তা বাঢ়িছিল। একনায়কত্ববাদী সেনা শাসকে সেইবাবেই ফিডেল কাস্ত্ৰো আৰু ভাতৃ ৰাউলক মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ বিপৰীতে ১৫ বছৰৰ কাৰাদণ্ড বিহিছিল যদিও দুবছৰ পাছত, ১৯৫৫ চনৰ মে’ মাহত সাধাৰণ ক্ষমাদানেৰে তেওঁলোকক মুকলি কৰি দিবলৈ বাধ্য হয়। দূৰদৰ্শী কাস্ত্ৰোৱে পুনৰায় গ্ৰেপ্তাৰৰ আশংকাত কেৰিবিয়ান সাগৰৰ সিপাৰৰ দেশ মেক্সিকোলৈ পলাই যায়।

চে আৰু কাস্ত্ৰো : ইতিহাসৰ গতিপথ সলনি কৰা দুই প্ৰবাসী বিপ্লৱী পুৰোধাৰ মণিকাঞ্চন সংযোগ

মেক্সিকো চহৰত কাস্ত্ৰোৰ পৰিচয় হৈছিল আৰ্জেণ্টিনাৰ বিপ্লৱী পুৰোধা আৰ্নেষ্টো চে গুৱেভাৰাৰ সৈতে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হোৱাৰ সুবাদত চে গুৱেভাৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণৰ সুযোগ লাভ কৰিছিল। সেই ভ্ৰমণৰ অভিজ্ঞতাই চে গুৱেভাৰাক হতচকিত কৰি তুলিছিল। তেওঁ দেখিছিল সমগ্ৰ লেটিন আমেৰিকাজুৰি আমেৰিকান পুঁজিবাদৰ নিৰ্মম শোষণৰ ৰূপ—ক্ষুধা, দৰিদ্ৰতা আৰু ব্যাধিয়ে কোঙা কৰা নাগৰিকৰ হাহাকাৰ। গুৱেভাৰাই যেন অনুভৱ কৰিছিল—সমস্ত পৃথিৱীজুৰি পুঁজিবাদী লুণ্ঠনৰ একেটাই ৰূপ। সেইবাবেই তেওঁ ক’ব পাৰিছিল: “আপোনাৰ জাতি কি, ধৰ্ম কি সেই কথা জনাৰ মোৰ প্ৰয়োজন নাই। পুঁজিবাদী শোষণৰ প্ৰতিটো অন্যায়ত যদি আপুনি ক্ষোভিত হৈ উঠে, তেনেহ’লে আপুনি মোৰ সতীৰ্থ”।

গুৱেভাৰা আৰু কাস্ত্ৰোৱে মিলি মেক্সিকোত নিৰ্বাসিত জীৱন যাপন কৰা তৰুণ বিপ্লৱীসকলক সংগঠিত কৰি কিউবাৰ বিপ্লৱৰ বাবে এটি সশস্ত্ৰ বাহিনী তৈয়াৰ কৰে। পিছৰ বছৰৰ নৱেম্বৰ মাহত ৮১ জন সশস্ত্ৰ বিপ্লৱী গেৰিলাক লগত লৈ নৌ পথেৰে বিপ্লৱী চে গুৱেভাৰা আৰু ফিডেল কাস্ত্ৰো বিপ্লৱ সংঘটিত কৰাৰ বাবে কিউবালৈ প্ৰত্যাৱৰ্তন কৰে। লগত আছিল ভাতৃ ৰাউল কাস্ত্ৰো। ফিডেল কাস্ত্ৰোৱে এই বিপ্লৱী গেৰিলা বাহিনীটোৰ নাম ৰাখিছিল ‘২৬ জুলাই সংগ্ৰামৰ গেৰিলা সৈনিক দল’ (26th of July Movement Guerrilla Army)। ১৯৫৩ চনৰ ২৬ জুলাইৰ মোনকাডা সেনা ছাউনীত সংঘটিত কৰা গেৰিলা আক্ৰমণৰ স্মৃতিক সজীৱ কৰি জনগণৰ সমৰ্থন আদায় কৰাৰ স্বাৰ্থত কাস্ত্ৰোৰ এয়াও আছিল এক সঠিক ৰণনীতি।

ইয়াৰ পিছৰ দুবছৰৰ ইতিহাস আছিল বাতিষ্টা প্ৰশাসনৰ বিৰুদ্ধে কিউবাৰ জনতাৰ একাংশৰ জনযুদ্ধৰ ইতিহাস। চে গুৱেভাৰা আৰু ফিডেল কাস্ত্ৰোৰ নেতৃত্বত কিউবালৈ প্ৰত্যাৱৰ্তন কৰা সশস্ত্ৰ গেৰিলাৰ দলটিয়ে অৱস্থান কৰিছিল কিউবাৰ দুৰ্গম চিয়েৰা মায়েষ্ট্ৰা (Sierra Maestra) পৰ্বতমালাত। চিয়েৰা মায়েষ্ট্ৰা হৈ পৰিছিল কিউবাৰ মুক্তি সংগ্ৰামী সশস্ত্ৰ গেৰিলাৰ ঘাটি। ফিডেল কাস্ত্ৰোৰ সঠিক ৰণনীতি আৰু চে গুৱেভাৰাৰ সামৰিক বিচক্ষণতাই দুবছৰ জুৰি চলি থকা কিউবাৰ সশস্ত্ৰ বিপ্লৱক সফলতাৰ দিশলৈ লৈ গৈছিল। ২৬ জুলাই সংগ্ৰামৰ গেৰিলা সৈনিক দললৈ কিউবান জনগণৰ বৰ্ধিত সমৰ্থনে কিউবাৰ গ্ৰামাঞ্চলত বিপ্লৱী বাহিনীৰ এক সমান্তৰাল চৰকাৰ চলাৰ পৰিস্থিতিৰ সূচনা কৰিছিল।

১৯৫৮ চনৰ মে’ মাহত গেৰিলা সৈনিক দলে ৰাজধানী হাভানা দখলৰ বাবে সৰ্বাত্মক যুদ্ধৰ সূচনা কৰে। বিপ্লৱী বাহিনীয়ে ইখনৰ পিছত সিখন চহৰ দখল কৰা দেখি প্ৰবল প্ৰতাপী স্বেচ্ছাচাৰী শাসক ফুলজেনচিঅ’ বাতিস্তাই ৩১ ডিচেম্বৰৰ দিনা দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়। বাতিস্তাৰ পৰাজয় কেৱলমাত্ৰ এগৰাকী স্বৈৰাচাৰী শাসকৰেই পৰাজয় নহয়, ই জনগণৰ সংগঠিত শক্তিৰ ওচৰত শোষণ-লুণ্ঠনৰ শিৰোমণি আমেৰিকান সাম্ৰাজ্যবাদৰো পৰাজয়; কাৰণ বাতিস্তা আছিল আমেৰিকাৰ আঙুলিৰ ঠাৰত নচা এটি চাবি দিয়া পুতলা। ১৯৫৯ চনৰ পহিলা জানুৱাৰীৰ দিনা কাস্ত্ৰোৱে বিজয়ীৰ বেশত হাভানাত প্ৰৱেশ কৰে আৰু সপ্তাহচেৰেক পিছত প্ৰধানমন্ত্ৰী হিচাপে আসীন হৈ ব্যস্ত হয় সাম্যবাদী আদৰ্শৰ নতুন কিউবাৰ বুনিয়াদ গঢ়াত। ফিডেল কাস্ত্ৰোৰ বয়স তেতিয়া মাত্ৰ ৩৩ বছৰ।

উদিত সূৰ্যৰ পোহৰত কিউবা গণৰাজ্য

ক্ষমতাত আসীন হৈয়েই ফিডেল কাস্ত্ৰোৱে মাৰ্ক্সবাদ-লেনিনবাদৰ প্ৰয়োগেৰে সাম্যবাদী কিউবা গঢ়াত মনোনিৱেশ কৰে। দেশৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। প্ৰতিজন নাগৰিকৰ বাবে বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰে। কিউবাৰ শিক্ষিতৰ হাৰ প্ৰথম বিশ্বৰ সমতুল্য কৰি তোলে। এক ঈৰ্ষণীয় স্বাস্থ্য সেৱাৰ ব্যৱস্থাৰে নতুন কিউবাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কিউবাত থকা মাৰ্কিন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৰাষ্ট্ৰীয়কৰণ কৰাৰ সাহসী পদক্ষেপ লয়। ইয়াৰ ফলশ্ৰুতিত আমেৰিকা চৰকাৰে কিউবাৰ ওপৰত বাণিজ্যিক নিষেধাজ্ঞা জাৰি কৰে। ইমানেই নহয়, আমেৰিকাৰ স্বৰাষ্ট্ৰ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে নীল-নক্সা (Blue Print) ৰচনা কৰে ফিডেল কাস্ত্ৰোক হত্যা কৰাৰ। কুখ্যাত মাৰ্কিন গুপ্তচৰ সংস্থা চি. আই. এ.-ই ফিডেল কাস্ত্ৰোক ৬৩৮ বাৰ হত্যাৰ অপচেষ্টা চলায়। আনহাতে, কাস্ত্ৰোৱে সেৱন কৰা চিগাৰেটৰ ভিতৰত বিস্ফোৰক ৰাখিও হত্যাৰ অপচেষ্টা চলাবলৈ এৰা নাছিল। প্ৰতিটো হত্যাৰ চেষ্টাকে প্ৰতিহত কৰি উদাত্ত কণ্ঠেৰে কাস্ত্ৰোৱে ঘোষণা কৰিছিল— “হয় সাম্যবাদ, নতুবা মৃত্যু”; ব্যংগ কৰি কৈছিল— “আমেৰিকাই মোক কিংবদন্তি কৰি তুলিছে”।

ইমানতো ক্ষান্ত নাথাকি মাৰ্কিন প্ৰশাসনে কিউবাৰ প্ৰতিবিপ্লৱী সশস্ত্ৰ শক্তিসমূহক ধনে-জনে, সাৰ-পানী যোগাই কিউবাৰ পিগচ উপসাগৰত (Bay of Pigs) আক্ৰমণৰ বাবে উচতনি দিয়ে। কেঁচা ঘাঁত চেঙাতেল সনাৰ দৰে এই আক্ৰমণকো কাস্ত্ৰোৰ সেনাবাহিনীয়ে প্ৰতিহত কৰি দাম্ভিক আমেৰিকাক সঠিক জবাব দিয়ে। ক্ৰমশঃ ফিডেল কাস্ত্ৰো হৈ পৰে মাৰ্কিন আধিপত্যবিৰোধী আন্দোলন, পূব-পশ্চিম দ্বন্দ্ব, পুঁজিবাদ আৰু সাম্যবাদৰ সংঘাতৰ প্ৰতীক আৰু প্ৰেৰণাস্ৰোত। ভেনিজুৱেলাৰ উগো চাভেজ আৰু বলিভিয়াৰ ইভো মোৰালেচৰ মাৰ্কিন আধিপত্যবিৰোধী আন্দোলনে ফিডেল কাস্ত্ৰোৰ দ্বাৰা অনুপ্ৰাণিত হৈ নতুন গতি লাভ কৰিছিল। ফিডেল কাস্ত্ৰোৰ সামৰিক পৰিকল্পনাতেই দক্ষিণ আফ্ৰিকাৰ সাম্ৰাজ্যবাদী শক্তিৰ পৰা এংগোলা আৰু নামিবিয়াই মুক্তি লাভ কৰিছিল।

৪৯ বছৰ কিউবাৰ ৰাষ্ট্ৰপ্ৰধানৰ দায়িত্ব পালন কৰি ২০০৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে কিংবদন্তিস্বৰূপ বিপ্লৱী বীৰ ফিডেল কাস্ত্ৰোৱে। ২০১৬ চনৰ ২৫ নৱেম্বৰ তাৰিখে এই মহান সাম্যবাদী বিপ্লৱীৰ মৃত্যু হয়। সাম্যবাদী বিপ্লৱৰ প্ৰোজ্জ্বল প্ৰতীতি হৈ ফিডেল কাস্ত্ৰো চিৰদিন জীয়াই থাকিব পৃথিৱীৰ প্ৰতিগৰাকী পৰিৱৰ্তনকামী মানুহৰ হৃদয়ে হৃদয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *