গোলকীয় গাঁৱত তথ্যৰ ধুমুহা : আক্ৰান্ত বিজ্ঞানমনস্কতা ।। কৌশিক দাস
(১)
সামাজিক তাৎপৰ্য থকা ব্যক্তিগত স্মৃতিকথা এটাৰে আলোচনা আৰম্ভ কৰিছোঁ। যোৱা শতিকাৰ শেষ দশকৰ আৰম্ভণি—১৯৯২ চন; আমি তেতিয়া স্নাতকোত্তৰ মহলাৰ ছাত্ৰ। ধান গছৰ স্ব-এলিল’পেথীৰ (Self Allelopathy) সংক্ৰান্তত আমাক বিশেষ এখন বিদেশী গৱেষণাপত্ৰৰ সম্পূৰ্ণ পাঠ অতি জৰুৰীভাৱে লগা হৈছিল। তেতিয়াই পুৰণি হৈ যোৱা—১৯৭৬ চনত প্ৰকাশ পোৱা—গৱেষণাপত্ৰখন বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উপৰিও অন্য কেইটামান প্ৰতিষ্ঠানৰ পুথিভঁড়ালত তন্নতন্নকৈ সন্ধান কৰিও বিফল হ’বলগীয়া হ’ল।
তেনেতে গম পোৱা গ’ল যে হায়দৰাবাদৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান এটাই তেনেধৰণৰ গৱেষণাপত্ৰৰ যোগান ধৰে। প্ৰতিষ্ঠানটোলৈ গৱেষণাপত্ৰখনৰ সবিশেষ জনাই চৰকাৰী ডাক সেৱাৰ জৰিয়তে পত্ৰ এখন প্ৰেৰণ কৰা হ’ল। প্ৰায় তিনি মাহৰ পাছত প্ৰতিষ্ঠানটোৱে পত্ৰযোগে জনালে—গৱেষণাপত্ৰখনৰ সন্ধান পোৱা গৈছে; লগতে জনালে সেইখনৰ বাবদ আমি কিমান মাচুল দিব লাগিব। ধনৰ পৰিমাণটো আছিল তেনেই কম, ছাত্ৰ-ছাত্ৰীয়ে সহজেই বহন কৰিব পৰা। মানি অৰ্ডাৰ কৰি ধন প্ৰেৰণ কৰাৰ প্ৰায় এমাহ পাছত, আধুনালুপ্ত ডট্ মেট্ৰিক্স প্ৰিণ্টাৰত (Dot matrix printers) অনুজ্জ্বল আখৰেৰে পাতল কাগজত প্ৰিণ্ট কৰা গৱেষণাপত্ৰখনৰ কপি ডাকযোগে আহি পালে। যোগাযোগ আৰম্ভ কৰাৰপৰা প্ৰায় চাৰি মাহ সময় লাগিল। এনে লাগিছিল, যেন কিবা অমূল্য ৰতনহে আহি পৰিছে আমাৰ হাতত!
ইমান বছৰৰ পাছতো গৱেষণাপত্ৰখনৰ শিৰোনাম, প্ৰকাশ হোৱা চন আৰু জাৰ্ণালখনৰ নাম আমাৰ হুবহু মনত আছে। এই কথাটো আমাৰ ব্যক্তিগত স্মৃতিৰ তীক্ষ্ণতা-দুৰ্বলতাৰ সৈতে সম্পৰ্কিত কৰি উত্থাপন কৰা নাই; তাৰ অন্য এটা দিশহে বৰ তাৎপৰ্যপূৰ্ণ—সেইটো প্ৰসংগ এই আলোচনাৰ যথাস্থানত উল্লেখ কৰা হ’ব। সি যিয়েই নহওঁক, এই আলোচনাটো লিখিবলৈ আৰম্ভ কৰাৰ আগতে কৌতূহলবশতঃ ইণ্টাৰনেটত গৱেষণাপত্ৰখনৰ সবিশেষ দি চালোঁ—কিবা ওলায় নেকি! চকুৰ পলক নৌপৰোঁতেই লেপটপৰ স্ক্ৰীনত গৱেষণাপত্ৰখনৰ মূল নিৰ্যাসখিনি (Abstract) জিলিকি উঠিল। লগতে জনা গ’ল—সম্পূৰ্ণ গৱেষণাপত্ৰখনৰ প্ৰতিলিপি মুহূৰ্ততে ডাউনলোড কৰিব পাৰি, তাৰবাবে এতিয়া (২০২৬ চন) ভৰিব লাগিব মোটা অংকৰ ধন, প্ৰায় চাৰে চাৰি হাজাৰ টকা!
তেনেকুৱা এটা পৰিস্থিতিয়েই আছিল আমাৰ মাজলৈ ইণ্টাৰনেটৰ আগমণ ঘটাৰ আগৰ যুগটোত। সেইটো শতিকাৰ উক্ত দশকৰ মাজৰ পৰাহে চূৰ্চুৰীয়াকৈ ভাৰতবৰ্ষত ইণ্টাৰনেটৰ ব্যৱহাৰ আৰম্ভ হৈছিল, তাকো সি সীমাবদ্ধ আছিল এমুঠিমান মানুহৰ মাজত। একবিংশ শতিকাৰ আৰম্ভণিৰ ঠিক আগে-পিছে অসমো সোমাই পৰিছিল ইতিমধ্যেই বিশ্বজুৰি বিস্তাৰিত হৈ পৰা ইণ্টাৰনেটৰ জালিকাখনৰ মাজত। প্ৰথম অৱস্থাত, বিশেষকৈ মধ্য বয়সৰ আৰু বয়োজ্যেষ্ঠ লোকসকলৰ বাবে তেনেই আচহুৱা উৎপাত যেন লাগিলেও পৰৱৰ্তী এটা দশকৰ ভিতৰতেই, নগৰ-মহানগৰৰ উপৰিও ইণ্টাৰনেটৰ জালিকাখন অতি দ্ৰুত গতিত শিপাই পৰিল অসমৰ গ্ৰামাঞ্চলৰো সিংহভাগ মানুহৰ মাজত। তথ্য উপলভ্য হোৱাৰ দ্ৰুতিত অভূতপূৰ্ব আৰু পূৰ্বতে অকল্পনীয় উলম্ফন ঘটিল। ভাৰত বা অসমৰ ক্ষেত্ৰতেই যে তেনেকুৱা হৈছিল, তেনে নহয়; এইটো আছিল বিশ্বজুৰি সংঘটিত হোৱা এটা বিৰাট পৰিৱৰ্তন। সঠিকভাৱেই এই ঘটনাটোক তথ্য-প্ৰযুক্তিৰ বিপ্লৱ বুলি অভিহিত কৰা হৈছে। তথ্য যোগানৰ ক্ষেত্ৰখন ইণ্টাৰনেটে কিমান আমূলভাৱে যে সলাই পেলালে, সেই কথাটো স্পষ্ট কৰিবলৈ উদাহৰণ হিচাপে আমাৰ ব্যক্তিগত অভিজ্ঞতাটো দিয়া হৈছে আলোচনাৰ আৰম্ভণিতেই। বিশুদ্ধ বিদ্যায়তনিক প্ৰসংগতহে আছিল উপৰিউক্ত উদাহৰণটো। মাত্ৰ সেইটো দিশতেই নহয়—ব্যৱসায়-বাণিজ্য, শিল্প-কলা-সংস্কৃতি, ক্ৰীড়া, চিকিৎসা, ৰাজনীতি-অৰ্থনীতি, জুৱা-প্ৰবঞ্চনা আদিকে ধৰি মানুহৰ চিন্তা-ভাবনা-কৰ্মকাণ্ডৰ এনে এটা দিশ নাই, য’ত তথ্য-প্ৰযুক্তি বিপ্লৱৰ প্ৰচণ্ড জোৱাৰৰ লহৰে আহি খুন্দা মৰা নাই।
সমগ্ৰ দেশৰ লগতে অসমতো তথ্য-প্ৰযুক্তিৰ সেই জোৱাৰৰ সমান্তৰালভাৱে তথাকথিত ভুৱনীকৰণৰ (Globalization) বতাহে খুন্দা মাৰিবলৈ আৰম্ভ কৰিছিল। কোৱা হ’ল যে পৃথিৱীখন এখন গোলকীয় গাঁও হৈ পৰিছে। তথাকথিত এই “গোলকীয় গাঁও”-খনলৈ বহুতো পৰিৱৰ্তন আহিল, বহু যুগৰপৰা বৰ্তি থকা অনেক কথা আৰু প্ৰমূল্যই ব্যৱহাৰিক উপযোগিতা হেৰুৱাই অপ্ৰাসংগিক আৰু অলাগতীয়াল ৰূপে পৰিগণিত হ’বলৈ ধৰিলে। ভুৱনীকৰণৰ ধামখুমীয়াত ক্ৰমাৎ নিমজ্জিত হোৱা নগৰাঞ্চলৰ কথা বাদেই, প্ৰত্যন্ত গ্ৰামাঞ্চলতো তথ্যৰ ধুমুহাৰ প্ৰাৰম্ভিক খুন্দাটোৰ প্ৰচণ্ড কোব দেখি মানুহ চমকি উঠিল। প্ৰথম পৰ্যায়ৰ বিমূঢ় বিস্ময় শাম কটাৰ পাছত, বিশেষকৈ যুৱ প্ৰজন্মটো অতিশয় পুলকিত হৈ উঠিল; বয়োজ্যেষ্ঠসকলো তেনে পৰিৱৰ্তনৰ সৈতে ক্ৰমাৎ অভ্যস্ত হৈ পৰিবলৈ আৰম্ভ কৰিলে। সেইটো আছিল সমাজ-বাস্তৱে মানুহৰ বাবে নিৰ্ধাৰণ কৰি দিয়া অমোঘ আৰু অনিবাৰ্য পৰিস্থিতি, কিয়নো তথ্য-প্ৰযুক্তিৰ বৰদৈচিলাৰ কোবাল আৰু সৰ্বস্পৰ্শী খুন্দাৰপৰা আঁতৰি থকাটো আছিল একেবাৰে অসম্ভৱ।
(২)
তথ্যৰ মহাবিস্ফোৰণ (Information explosion) যেনেকৈ এটা দেখ্দেখ্ বাস্তৱ, তেনেদৰেই তাৰ ইতিবাচক ফলসমূহো তৰ্কাতীত। এই প্ৰসংগত সহজবোধ্য আৰু গুৰুগম্ভীৰ—দুয়োবিধ আলোচনা বহুত হৈছে। এই নিবন্ধত আমি সেইটো দিশলৈ নাযাওঁ। তথ্যৰ ধুমুহাৰ মাজত আমি সোমাই পৰা প্ৰায় তিনিটা দশকেই হ’লহি। এই দীঘলীয়া সময় অতিক্ৰম কৰাৰ পাছত, ইয়াত আমি এই প্ৰশ্নটোহে উত্থাপন কৰিছোঁ—আমাৰ সমাজত আজি তথ্যৰ অভাৱ নাই, তথ্য আজি উভৈনদী; কিন্তু তেনে তথ্যৰ বিশ্লেষণৰ দিশটোৰ গতি-প্ৰকৃতি কেনেকুৱা?
কোনো সন্দেহ নাই, মানুহৰ জ্ঞানাৰ্জনৰ বাটত তথ্য হৈছে অপৰিহাৰ্য সমল। এই কথাটো সেই আদিম যুগৰেপৰা চলি আহিছে। তেতিয়া মানুহে তথ্য সংগ্ৰহ কৰিছিল মূলতঃ প্ৰত্যক্ষ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি। উদাহৰণ এটালৈ আমি লক্ষ্য কৰিব পাৰোঁ। আদিম মানুহে দেখিছিল—কেতিয়াবা আকাশ ফৰকাল হৈ থাকে, কেতিয়াবা তাত থাকে কলীয়া ডাৱৰ। এইটো এটা প্ৰত্যক্ষ পৰ্যবেক্ষণ। তেওঁলোকে এইটোও দেখিছিল—আকাশখন মেঘে ওন্দোলাই অনাৰ পাছতহে বৰষুণ অহাৰ সম্ভাৱনা থাকে, মেঘহীন আকাশৰ পৰা বৃষ্টিপাত নহয়। এইটোৰ সাৰাংশ হ’লগৈ—মেঘ থাকিলে বৰষুণ হয়। সেইটো এবিধ তথ্যাশ্ৰয়ী আৰু অভিজ্ঞতালব্ধ প্ৰাৰম্ভিক জ্ঞান আছিল বুলি আমি বিবেচনা কৰিব পাৰোঁ। পৰ্যবেক্ষণ তীক্ষ্ন, নিবিড় আৰু বহুমুখী হৈ পৰাত সংগ্ৰহিত তথ্য-ভাণ্ডাৰৰ আয়তনো বৃদ্ধি পাইছিল। আদিম মানুহে দেখিছিল, আকাশত মেঘ জমা হোৱাৰ পিছতো কেতিয়াবা বৰষুণ নহয়, কোবাল বতাহে ডাৱৰ আঁতৰাই লৈ যায়; আকৌ, সকলোধৰণৰ ডাৱৰেও বৃষ্টিপাত কৰিব নোৱাৰে। এইবোৰো আছিল তেওঁলোকৰ একো-একোটা পৰ্যবেক্ষণসম্ভূত তথ্যাশ্ৰয়ী অভিজ্ঞতা। দিন যোৱাৰ লগে লগে, স্বাভাবিকতেই তথ্যৰ পৰিমাণ বাঢ়ি আহিছিল, তথ্যৰ ক্ৰমবৰ্ধমান পৰিমাণে অধিক সূক্ষ্ম আৰু পৰিশীলিত সিদ্ধান্তলৈ অহাত নিৰ্ণায়ক ভূমিকা লৈছিল। বিবিধ তথ্যৰ সমাহাৰৰপৰা অৰ্থপূৰ্ণ সিদ্ধান্তলৈ অহাৰ বাটটোও ক্ৰমাৎ জটিল হৈ পৰিছিল। আমাৰ উদাহৰণৰ “মেঘ থাকিলেই বৰষুণ হ’ব”, সেই প্ৰাৰম্ভিক সিদ্ধান্তটোৰ সাৰ্বজনীনতাত নৱলব্ধ তথ্যই সংশয়ৰ সৃষ্টি কৰিলে—“মেঘ আছে হয়, কিন্তু বতৰৰ অন্য বাতৰিবোৰ কি? বতাহ আছেনে?”—এইটো হৈছে আপেক্ষিকভাৱে পৰিশীলিত মনৰ জিজ্ঞাসা।
বহু দূৰ অতীতৰ উপৰিউক্ত উদাহৰণটো আলোচনালৈ আনিছিলোঁ অতীত-বৰ্তমান-ভৱিষ্যত—সকলোতে প্ৰযোজ্য এটা বিশেষ দিশ স্পষ্টকৈ উত্থাপন কৰাৰ বাবে। কথাটো এনেকুৱা, হাতত তথ্য থাকিলেই নহ’ব—বিবিধ তথ্যৰ মাজত থকা আন্তঃসম্পৰ্কৰ তলা-নলাৰ সম্ভেদ উলিয়াই, সেইসমূহৰ সঠিক বিশ্লেষণৰ অন্ততহে বিশেষ প্ৰসংগ এটাত যুক্তিযুক্ত সিদ্ধান্তলৈ আহিব পৰা যায়। অৱশ্যে জটিল হৈ সমাজ এখনত, আদিম অৱস্থাৰ দৰে মানুহ আজি মাত্ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণ আৰু পোনপটীয়া অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ নকৰে। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি সঞ্চিত হৈ থকা, কিম্বা দূৰ-দূৰণিৰ মানুহে সংগ্ৰহ কৰা তথ্যও বৰ্তমানৰ মানুহে কামত লগায়। সি যিয়েই নহওঁক, সঠিক সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোত হাতত থকা সকলো তথ্য যে অপৰিহাৰ্য, তেনে নহয়। কিছুমান তথ্য প্ৰয়োজনীয়, অন্যহাতেদি কিছুমান তথ্য সেইটো প্ৰসংগত হয়তো একেবাৰেই অবান্তৰ। গতিকে, বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰত সতৰ্কভাৱে তথ্য গ্ৰহণ আৰু বৰ্জনৰ দিশটো অতিশয় গুৰুত্বপূৰ্ণ। কিন্তু উপযুক্ত তথ্য গ্ৰহণ কৰাৰ লগে লগেই বিশ্লেষণ প্ৰক্ৰিয়াটোৰ অন্ত নপৰে, কিয়নো গ্ৰহণীয় তথ্যসমূহৰ তাৎপৰ্য কি আৰু সেইবোৰৰ মাজৰ আন্তঃসম্পৰ্ক স্বৰূপ কেনেকুৱা—সেইটো ঠিৰাং কৰাৰ পাছতহে সঠিক সিদ্ধান্তলৈ আহিব পৰা যায়। আমি অলপ গমি চালেই দেখিম, সঠিক সিদ্ধান্তলৈ অহাৰ তেনে প্ৰক্ৰিয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে যুক্তিয়ে। শুদ্ধ সিদ্ধান্তৰ বাবে তথ্যৰ চয়ন, নিৰ্বাচন আৰু বিশ্লেষণ যুক্তি-আশ্ৰয়ী হ’বই লাগিব। বিপৰীতপক্ষে, প্ৰক্ৰিয়াটোৰ কোনো পৰ্যায়ত যদি অযৌক্তিকতাৰ অনুপ্ৰৱেশ ঘটে, তেনেহ’লে অনিবাৰ্যভাৱে ভ্ৰান্ত সিদ্ধান্তৰহে উদ্ভৱ হ’ব। এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে মানুহৰ প্ৰজ্ঞা (Wisdom) আৰু জ্ঞানাত্মক-প্ৰতীতিৰ (Cognition) কথাটো অংগাংগীভাৱে সাঙোৰ খাই আছে।
(৩)
সাম্প্ৰতিক তথ্য-প্ৰযুক্তিৰ বিপ্লৱৰ ফলত তথ্যৰ উৎস আজি বিতৰ্কাতীতভাৱে পৰিধিবিহীন, কিন্তু তথ্য-বিস্ফোৰণৰ তেনে ত্বৰান্বিত দ্ৰুতিৰ সৈতে মানুহৰ প্ৰজ্ঞা আৰু জ্ঞানাত্মক-প্ৰতীতিয়ে তথ্য-বিশ্লেষণৰ ক্ষেত্ৰত হাতত হাত ধৰি আগুৱাই যাবলৈ সক্ষম হৈছেনে? কথাটো ভালদৰে যুকিয়াই চালে কিছুমান চিত্তাকৰ্ষক দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। কথাটো জৰুৰী, কিয়নো তথ্য-প্ৰযুক্তিৰ অবিসংবাদী বিপ্লৱে যৌক্তিক বিচাৰ-বিশ্লেষণৰ চিনাকী বাটটোত বৰ্তমান যুগৰ মানুহক এটা আচহুৱা কেঁকুৰিত আনি থিয় কৰাই দিছে। তথ্য-প্ৰযুক্তিৰ বিপ্লৱ আৰু তৎজনিত তথ্যৰ মহাবিস্ফোৰণৰ বাবে মানুহৰ হাতত এতিয়া তথ্যৰ অফুৰন্ত ভাণ্ডাৰ। মাথো সেয়াই নহয়, মুহূৰ্তে মুহূৰ্তে সেই ভাণ্ডাৰৰ আয়তন অভাৱনীয়ভাৱে বাঢ়ি গৈ আছে। আমি উনুকিয়াই আহিছিলোঁ, তথ্য হাতত থাকিলেই নহ’ব—তথ্যৰ সঠিক বিশ্লেষণ কৰি শুদ্ধ সিদ্ধান্তলৈ অহাটোহে অৰ্থপূৰ্ণ কাম। এইটো কামত মানুহে বিৱৰ্তনসূত্ৰে লাভ কৰা মগজুটো হৈছে মুখ্য কাৰখানা। সঠিক বিশ্লেষণ কৰিবলৈ লাভ কৰা তথ্যবোৰ মগজুৱে সংৰক্ষণ কৰিবলগীয়াও হয়। এইটো এটা মানুহৰ আদিম অৱস্থাৰেপৰা চলি অহা প্ৰক্ৰিয়া। এইটো প্ৰক্ৰিয়াত মগজুলৈ তথ্যৰ আগমনৰ দ্ৰুতিৰ সৈতে মগজুৰ প্ৰক্ৰিয়াকৰণ (Processing) ক্ষমতা আৰু কাৰ্যকৰী স্মৃতিশক্তিৰ (Working memory) সন্তুলন অপৰিহাৰ্য। তথ্যৰ মহাবিস্ফোৰণৰ এই যুগত মানুহ এজনৰ মগজুলৈ একে সময়তে বিবিধ আৰু বিচিত্ৰ তথ্য নিৰন্তৰভাৱে আহি থাকে। অসংখ্য তথ্যৰ আগমনৰ তেনে প্ৰচণ্ড বেগে মানুহৰ মগজুৰ স্বাভাবিক প্ৰক্ৰিয়াকৰণ ক্ষমতা আৰু কাৰ্যকৰী স্মৃতিশক্তিৰ জৈৱিক সীমা অতিক্ৰম কৰি যায়। তেনে এটা অৱস্থাত মানুহজনৰ মগজুটোৱে সন্তুলন হেৰুৱাই আক্ৰান্ত হয় জ্ঞানপ্ৰজ্ঞাৰ গুৰুভাৰত (Cognitive overload)। আমি পাই আহিছিলোঁ, তথ্যৰ নিৰ্বাচন আৰু বিশ্লেষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ মানুহৰ মগজুৱে অহৰহ কাম কৰি যাবলগীয়া হয়। আজিৰ পৰিস্থিতিত, মগজুলৈ অহা বিপুল তথ্যসম্ভাৰৰ মাজৰ কিছুমান তথ্য লাগতীয়াল আৰু গুৰুত্ত্বপূৰ্ণ, কিছুমান তেনেই অপ্ৰাসংগিক। কিছুমান তথ্য আকৌ পৰস্পৰবিৰোধী। এইবোৰ অহৰহ মগজুলৈ আহি থাকে তথ্য-প্ৰযুক্তিৰ বিপ্লৱে আনি দিয়া বিবিধ উপাদানৰপৰা—ইণ্টাৰনেটৰ নানান ছাইট, বিভিন্ন লিংক, হৰেক ৰকমৰ সামাজিক মাধ্যম, ই-মেইল, বিবিধ ডিজিটেল জাননী (Notification), সংগতিবিহীন নানান বাৰ্তা আৰু কত যে কি! দৰকাৰী-অদৰকাৰী-গুৰুত্ত্বপূৰ্ণ-অপ্ৰাসংগিক তথ্যৰ তেনে কোবাল বানৰ মাজত শুদ্ধাশুদ্ধৰ বিচাৰ কৰোঁতে কৰোঁতে মগজুটোৰ শক্তি নিঃশেষ হৈ পৰাৰ উপক্ৰম হয়। তেনে পৰিস্থিতিত মগজুৱে তথ্য সংৰক্ষণ কৰাৰ সলনি নিজে বিভ্ৰান্তহে হৈ পৰে। আমি পাই আহিছিলোঁ যে তথ্যৰ বিচাৰ-বিশ্লেষণক সঠিক দিশলৈ লৈ যায় মানুহৰ যুক্তিবোধসম্পৃক্ত জ্ঞানাত্মক-প্ৰতীতিয়ে। কিন্তু তথ্যৰ আধিক্যই জন্ম দিয়া জ্ঞানপ্ৰজ্ঞাৰ গুৰুভাৰে মানুহৰ জ্ঞানাত্মক-প্ৰতীতিকেই সম্পূৰ্ণ বিসংগতিপূৰ্ণ কৰি পেলায়, আক্ৰান্ত হৈ পৰে মানুহৰ যুক্তিবোধ। এনে এটা অৱস্থাত মগজুৱে সঠিক আৰু যুক্তিগ্ৰাহ্য সিদ্ধান্ত দিয়াটো জানোঁ সম্ভৱ?
তথ্যৰ মহাবিস্ফোৰণে জন্ম দিয়া জ্ঞানপ্ৰজ্ঞাৰ গুৰুভাৰে মানুহৰ চিন্তা-চৰ্চাত অন্য দিশৰপৰাও নেতিবাচক ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। গভীৰ চিন্তা-চৰ্চা-বিচাৰ-বিশ্লেষণৰ বেলিকা মানুহৰ মনোসংযোগ কেন্দ্ৰীভূত (Mental concentration) কৰাটো অপৰিহাৰ্য। কিন্তু প্ৰয়োজনীয়-অপ্ৰয়োজনীয় অলেখ আৰু বিভিন্ন প্ৰকাৰৰ তথ্যই মানুহৰ একাগ্ৰ মনোসংযোগৰ গুণটোক বিপৰ্যস্ত কৰি পেলাইছে। এইটো কথা এদিন বা দুদিনৰ কথা নহয়। সুদীৰ্ঘ সময় ধৰি তথ্যই দি থকা হেঁচাত ক্লান্ত হৈ পৰাৰ পাছতহে মানুহ জ্ঞানপ্ৰজ্ঞাৰ গুৰুভাৰত আক্ৰান্ত হয়। তথ্যৰ দিশাহীন কোবাল স্ৰোতত উটি যোৱা মানুহে, হাতত পৰা তথ্যবোৰত—ইটোৰ লগত সিটোৰ সম্পৰ্ক নথকা, কেতিয়া পৰস্পৰবিৰোধী তথ্যত—ব্যস্ত হৈ পৰে। মগজুটোও একেসময়তে বহুকেইটা সম্পৰ্ক-সংগতিবিহীন কাৰ্যত (Multitasking) অৱতীৰ্ণ হ’বলগীয়া হয়। একেসময়তে বহুকেইটা কাম কৰিব পৰাটোক আজিৰ ব্যৱসায়িক মূল্যবোধে দক্ষতা বুলি প্ৰক্ষেপ কৰিলেও, তাৰ পৰিণতি ভয়াবহ। একাগ্ৰ মনোসংযোগৰহিত হৈ, সম্পৰ্ক-সংগতিবিহীন বহুকেইটা কাৰ্যত একে সময়তে ব্যস্ত হৈ পৰাৰ ফলত মগজুৰ চিন্তা-ভাবনা-বিচাৰ-বিশ্লেষণ আদি একেবাৰেই অগভীৰ আৰু তৰল হৈ পৰে। তাতোতকৈও ডাঙৰ কথা, ইতিমধ্যেই ক্লান্ত হৈ পৰা মগজুটো তেনে বহুধাবিভক্ত কাৰ্যই দিয়া হেঁচাত সম্পূৰ্ণভাৱে বিপৰ্যস্ত হৈ পৰে। আমি পাই আহিছিলোঁ, সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যুক্তিৰ প্ৰয়োগ অপৰিহাৰ্য, যৌক্তিক ভিত্তি অবিহনে ভ্ৰান্ত সিদ্ধান্তৰ জন্ম হয়। কিন্তু জ্ঞানপ্ৰজ্ঞাৰ গুৰুভাৰত আক্ৰাম্ত, একাগ্ৰতাহীন আৰু বহুধাবিভক্ত কাৰ্যত ক্লান্ত আৰু বিভ্ৰান্ত হৈ পৰা মগজুৱে তেনে যৌক্তিক বিচাৰ-বিশ্লেষণৰ গুণ হেৰুৱাই পেলায়। অতিৰিক্ত তথ্যৰ বোজাই মানুহৰ মগজুত পেলোৱা অন্য এবিধ নেতিবাচক প্ৰভাৱৰ কথাও ইয়াতে উনুকিয়াই থ’ব পাৰি। আলোচনাৰ আৰম্ভণিতে আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ প্ৰসংগত কৈছিলোঁ যে পুৰণি তথ্য এটাৰ কথা আমাৰ স্মৃতি এতিয়াও স্পষ্ট হৈ আছে। তেতিয়াৰ দিনত তথ্যৰ ভাণ্ডাৰ কম হ’লেও, মানুহে লাভ কৰা তথ্যবোৰৰ সৈতে নিবিড়ভাৱে একান্ত হোৱাৰ সময় পাইছিল। এইটো নিশ্চয় তথ্যবোৰ স্মৃতিত সঞ্চিত হৈ থকাৰ সৈতে সম্পৰ্কিত। কিন্তু তথ্য-প্ৰযুক্তিৰ বিস্ফোৰণৰ পাছত তথ্যৰ সৈতে তেনে একান্ত পৰিচয়ৰ সুযোগ এতিয়া আৰু মানুহৰ হাতত নাই।
তথ্যৰ অবিৰত আগমনৰ প্ৰচণ্ড প্ৰভাৱে যৌক্তিক বিচাৰ-বিশ্লেষণৰ গুণ বিনষ্ট কৰাৰ উপৰিও, মানুহৰ মানসিক স্বাস্থ্যৰ অন্যান্য দিশতো ক্ষতিকৰ প্ৰভাৱ পেলাইছে। বৰ্তমানৰ অসাম্য-অনিয়মেৰে ভৰা সমাজখন হৈছে মানুহৰ নিঃসংগতাবোধ, উদ্বেগ, বিচ্ছিন্নতাবোধ, হতাশা, নিৰাপত্তহীনতা, অনিশ্চয়তা আদিৰ অন্যতম মূল কাৰণ। তেনে পটভূমিত ভূতৰ ওপৰত দানহ পৰাৰ দৰে তথ্যৰ জোৱাৰে মানুহৰ মনলৈ প্ৰশান্তি কঢ়িয়াই অনাৰ পৰিৱৰ্তে তীব্ৰ উৎকণ্ঠাহে লৈ আহিছে। মানুহৰ মনত অনবৰতে উন্মুখ হৈ থকা মানসিক প্ৰৱণতা এটাৰ জন্ম হৈছে—নতুন কিবা হৈছে নেকি, নতুন কিবা ঘটনা ঘটিছে নেকি—প্ৰতি মুহূৰ্ততে তেনে ভাবত মানুহৰ মগজুটো হয়তো অচেতন অৱস্থাতো ব্যস্ত হৈ পৰিছে। কিবা তথ্য হেৰুৱালোঁ নেকি, কিবা কথা অগোচৰে থাকি গ’ল নেকি—এনেধৰণৰ উদ্বেগে অচেতনভাৱে হ’লেও মানুহৰ মগজুটোক অহৰহ খুছি-বিন্ধি থাকিবলৈ লৈছে। এই প্ৰসংগত “হেৰাই যোৱাৰ ভীতি” (Fear of missing out, সাংক্ষেপে FOMO) নামৰ বিশেষ এবিধ মানসিক অৱস্থাৰ কথা আমি মনলৈ আনিব পাৰোঁ। তথ্যবিদ্ধ ভাৰাক্ৰান্ত মগজুত তেনেধৰণৰ বিসংগতিয়ে মানুহৰ সৃজনীশীল কৰ্মকাণ্ডতো গভীৰভাৱে বিৰূপ প্ৰভাৱ পেলাইছে।
তথ্য-প্ৰযুক্তিয়ে কঢ়িয়াই অনা তথ্যৰ অনিয়ন্ত্ৰনীয় প্ৰচণ্ড সোঁতত বয়সভেদে জন্ম দিয়া ভিন্নতৰ প্ৰতিক্ৰিয়াৰ কথাটোও আমি উনুকিয়াই আহিছিলোঁ। কাৰোবাৰ কাৰণে পৰিস্থিতিটো হৈ পৰিছিল একেবাৰেই আচহুৱা, এচামে কিছু পৰিমাণে পৰিৱৰ্তিত পটভূমিটোৰ তৎ ধৰিব পাৰিছিল—তেওঁলোকে লাহে লাহে অভ্যস্ত হৈ পৰিবলৈ প্ৰয়াস কৰিছিল, এচাম পৰিস্থিতিটোৰ সৈতে সহজ হৈ পৰিছিল। এই তিনিওটা গোটৰ মাজত তথ্য-প্ৰযুক্তিয়ে মানসিক আৰু প্ৰমূল্যগত বিভাজনৰ জন্ম দিছিল। এই পৰিস্থিতিটো এতিয়াও বিদ্যমান, কিয়নো তথ্য-প্ৰযুক্তিৰ চমকপ্ৰদ বিকাশ ঘটি আছে কোনো বিৰাম নোহাৱোকৈ। ফলত, তথ্য-প্ৰযুক্তিৰ বিস্তাৰণৰ প্ৰেক্ষাপটত মানুহৰ মাজত ঘটা তেনে মানসিক আৰু প্ৰমূল্যগত বিভাজনে বেলেগধৰণৰ এবিধ বিচ্ছিন্নতাৰ জন্ম দিছে, মানুহৰ মাজত প্ৰজন্ম-ব্যৱধান অতি প্ৰকট কৰি পেলাইছে। এই বিচ্ছিন্নতা আৰু ব্যৱধান নিঃন্দেহে সামাজিক প্ৰগতিবাদৰ পৰিপন্থী।
(৪)
আমি একাধিকবাৰ উনুকিয়াই আহিছিলোঁ—তথ্যৰ গুৰুভাৰে বিদ্ধ কৰা, একাগ্ৰতাহীন আৰু বহুধাবিভক্ত কাৰ্যত ক্লান্ত-দিগ্ভ্ৰান্ত হৈ পৰা মগজুৰ যৌক্তিক বিচাৰ-বিশ্লেষণৰ গুণ বিনষ্ট হৈ পৰে। ই কোনো সন্দেহ নোহোৱাকৈ মানুহৰ যুক্তিবুদ্ধিৰ চৰ্চাতো ক্ষতিকাৰক প্ৰভাৱ পেলায়, আক্ৰান্ত হয় মানুহৰ বিজ্ঞানমনস্কতা। এই প্ৰসংগত চমুকৈ কেইটিমান কথাৰ অৱতাৰণা কৰিব লাগিব।
তথ্যৰ মহাবিস্ফোৰণত মানুহৰ মগজুটো বাৰুকৈয়ে যে আক্ৰান্ত হৈ পৰিছে, সেইটো আমি পাই আহিলোঁ। কিন্তু জটিল জৈৱিক বিৱৰ্তনীয় প্ৰক্ৰিয়াই বিৰূপ অৱস্থাৰ সৈতে বৰ্তি থাকিবলৈ, প্ৰতিকূল পৰিস্থিতিত অভিযোজিত হ’বলৈও প্ৰয়াস কৰা অসামান্য গুণ এটাও মানুহক প্ৰদান কৰিছে। আলোচ্য প্ৰসংগত আমি দেখিলোঁ যে তথ্যৰ উৎপাতত মানুহৰ মগজুটোৱে কেনেকুৱা হাৰাশাস্তিৰ মুখামুখি হ’বলগীয়াত পৰিছে। ইয়াৰপৰা পৰিত্ৰাণ বিচৰি মগজুটোৱে নিজেই—মানুহৰ কোনো সচেতন ভূমিকা নোহোৱাকৈ—বাট এটা বিচাৰি লৈছে। বিভিন্ন পৰস্পৰবিৰোধী তথ্যই যে মগজুটোৰ ব্যতিব্যস্ত কৰি বিভ্ৰান্ত কৰি পেলায়, সেইটো আমি আলচ কৰি আহিছিলোঁ। তেনে বিৰূপ শৰীৰবৃত্তীয় আৰু মানসিক অৱস্থাটো এৰাই চলিবলৈ তথ্যৰ বিৰাট পাহাৰ পৰিহাৰ কৰি, তাৰ দাঁতিয়েদি মগজুটোৱে সহজ আৰু চমু বাট উলিয়াই লয়। অৰ্থাৎ, মগজুটোৱে নিজৰ সুবিধামতে তথ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে (এই প্ৰক্ৰিয়াটোক বোধহয় মনোবিজ্ঞানৰ স্বঅনুভূতিভিত্তিক প্ৰৱণতাৰ—Heuristics-ৰ সৈতে সম্পৰ্কিত কৰিব পাৰি)। এই প্ৰৱণতাক ভিত্তি কৰি মানুহৰ মগজুৱে জটিল সমস্যাৰ সমাধান দ্ৰুত গতিত কৰি পেলায়। ফলত মগজুটোৱে জ্ঞানপ্ৰজ্ঞাৰ গুৰুভাৰত আক্ৰান্ত হোৱাৰপৰা কিঞ্চিৎ হ’লেও হাত সাৰিবলৈ সক্ষম হয়। এই ক্ষেত্ৰত, অৰ্থাৎ, মগজুটোৱে নিজৰ সুবিধামতে তথ্য গ্ৰহণ কৰাৰ কাৰ্যটোত এটা প্ৰৱণতা প্ৰায়েই প্ৰকট হৈ উঠা পৰিলক্ষিত হয়। সেইটো হৈছে, মগজুৱে নিজৰ বাবে আহুকাল নোহোৱা, সহজ-সৰল, হাততে পোৱা তথ্যহে মাত্ৰ গ্ৰহণ কৰে—এইটোক বোধহয় মনোবিজ্ঞানৰ উপলভ্যতাভিত্তিক স্বঅনুভূতি প্ৰৱণতাৰ (Availability heuristic) সৈতে সম্পৰ্কিত কৰা যাবও পাৰে। এইটো প্ৰৱণতাৰ ফলত বাৰু মানুহৰ মগজুৱে কেনেকুৱা তথ্য নিৰ্বাচন কৰি গ্ৰহণ আৰু বিশ্লেষণ কৰিব? অলপ গমি চালেই ধৰিব পাৰি, তেনে ক্ষেত্ৰত মানুহে নিজৰ পূৰ্বধাৰণাৰ সৈতে সংগতিপূৰ্ণ তথ্যহে গ্ৰহণ কৰে। উদাহৰণ এটা দিয়া যাওক। ধৰা গ’ল, এজন মানুহে গভীৰভাৱে বিশ্বাস কৰি আহিছে যে চন্দ্ৰ বা সূৰ্যৰ গ্ৰহণৰ সময়ত বেক্টেৰিয়াৰ বৃদ্ধি বাঢ়ি যায়। এইটো পূৰ্বধাৰণা লৈ থকা মানুহজনৰ হাতত পৰিল দুটা বিপৰীত তথ্য; এটাই কয় যে চন্দ্ৰ-সূৰ্যৰ পোহৰ হ্ৰাস পোৱাৰ বাবে গ্ৰহণৰ সময়ত অনুজীৱৰ সংখ্যা বাঢ়ে, ইটোৱে কয় যে পৰীক্ষা কৰি পোৱা গৈছে যে গ্ৰহণৰ তেনে কোনো প্ৰভাৱ নাই। এই দুটা বিপৰীতমুখী তথ্যক যুক্তিযুক্ত পদ্ধতিৰে বিচাৰ কৰিবলৈ সময় লাগিব, মগজুটোৱে কচৰৎ কৰিব লাগিব। কিন্তু অজস্ৰ তথ্যৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা মগজুটোৱে তেনে হেঁচাৰপৰা পৰিত্ৰাণ পাবলৈ পূৰ্বধাৰণাটোৰ সৈতে খাপ খোৱা তথ্যটোকহে গ্ৰহণ কৰে। এইটোক জ্ঞানীয় পক্ষপাতদুষ্টতা (Cognitive bias) বুলি অভিহিত কৰা যায়। জ্ঞানীয় পক্ষপাতদুষ্টতাৰ ফলত মগজুটোৱে স্বস্তি লাভ কৰে ঠিকেই, কিন্তু ডাঙৰ কথা হ’ল—তাৰ ফলত সিদ্ধান্তবোৰ পক্ষপাতদুষ্ট হৈ পৰে। তথ্য-প্ৰযুক্তিৰ বিপ্লৱৰ ফলত তথ্যৰ আগমনৰ গতি অতি তীব্ৰ, কিন্তু তথ্যৰ বিশ্লেষণৰ বাবে অপৰিহাৰ্য যুক্তিৰ বেগ অতি কম। তথ্য-প্ৰযুক্তিৰ বিপ্লৱে যুক্তিক সিমান সময় নিদিয়ে, এটা তথ্য মগজুৱে যুক্তিৰে প্ৰক্ৰিয়াকৰণ কৰিবলৈ লোৱাৰ লগে লগে অন্য বহুতো লাগতীয়াল-অলাগতীয়াল-প্ৰাসংগিক-অপ্ৰাসংগিক তথ্য আহি খুন্দিয়াবলৈ আৰম্ভ কৰে। সহজ বাট বিচাৰি থকা ক্লান্ত মগজুটোৱে তেনে পৰিস্থিতিত প্ৰদান কৰা সিদ্ধান্তবোৰ যে জ্ঞানীয় পক্ষপাতদুষ্টতাত নিমজ্জিত হৈছে, সেইটো ধৰিবই নোৱাৰে। তেনে পৰিস্থিতিত মানুহৰ মনত, সমাজখনত বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ বিকাশৰ প্ৰশ্নটোও সংশয়াচ্ছন্ন হৈ পৰে।
বৰ্তমানৰ ফে’চবুক আদিৰ দৰে সামজিক মাধ্যমবোৰে পৰিস্থিতি অধিক ভয়াবহ কৰি পেলাইছে। সামজিক মাধ্যমবোৰত একধৰণৰ ব্যৱস্থা স্থিৰ কৰি থোৱা আছে, তাৰ এলগৰিডম বোলা হয়। এইটোৱে জ্ঞানীয় পক্ষপাতদুষ্টতাক অধিক তীব্ৰ আৰু ভয়াবহ কৰি পেলাইছে। এলগৰিডমৰ বাবে এজন মানুহে ইণ্টাৰনেটত কি বিচাৰে বা কেনেধৰণৰ লিংকত ক্লিক কৰে, তাৰ ওপৰত ভিত্তি কৰি মানুহজনে কেৱল সেই একেধৰণৰ তথ্যহে মাত্ৰ লাভ কৰি থাকে। যিহেতু মানুহজনে প্ৰতিক্ষণতে নিজৰ মতৰ সৈতে মিলি যোৱা তথ্যহে পাই থাকে, সেইবাবে তেওঁৰ মনত বদ্ধমূল ধাৰণা হয় যে তেওঁৰ ধাৰণা বা বিশ্বাসটোহে সত্য। তদুপৰি মানুহজনে মাত্ৰ সেইজাতীয় তথ্যহে সংগ্ৰহ কৰি মগজুত সংৰক্ষণ কৰিবলৈ ধৰে, বিপৰীত তথ্য—সি যিমানেই যুক্তিযুক্ত নহওঁক—বৰ্জন কৰে তৎমুহূৰ্ততে। এই কথাটোৱে মানুহজনক ভিন্ন মতৰ প্ৰতি অসহিষ্ণু কৰি তোলে। বহল পৰিসৰত সংঘটিত হোৱা এইটো কথাৰ বাবে সমাজত বিশ্বাসভিত্তিক মেৰুকৰণৰ বাট প্ৰশস্ত হৈ পৰে।
এক সুস্থ, বিজ্ঞানমনস্ক আৰু যুক্তিবাদী সমাজ গঠনৰ বাবে এইবোৰ পক্ষপাতিত্বৰ পৰা মুক্ত হোৱাটো জৰুৰী। ইয়াৰ বাবে আমি সচেতনভাৱে বিভিন্ন তথ্যবোৰ যুক্তিৰে চালি-জাৰি চাবলৈ শিকিব লাগিব। কোনো এটা তথ্য অন্ধভাৱে বিশ্বাস কৰাৰ আগতে তাৰ উৎস আৰু সত্যতা সতৰ্কভাৱে পৰীক্ষা কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। তথ্য-প্ৰযুক্তিয়ে আমাক বিস্তৰ তথ্যৰ যোগান ধৰি আছে সঁচা, কিন্তু সেই তথ্যক বিজ্ঞানসন্মতভাৱে অৰ্থবহ কৰিব নোৱাৰিলে তথ্যৰ ধুমুহাত বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ আক্ৰান্ত হৈ থাকিব। এই প্ৰসংগত কিন্তু কোনো চমু পথ আমাৰ চকুত পৰা নাই। ভ্ৰান্ত আৰু বিপজ্জনক তথ্যৰ বিস্তাৰণত কঠোৰ প্ৰশাসনিক আৰু চৰকাৰী নিয়ন্ত্ৰণে পৰিস্থিতিটো কিছু দূৰলৈ উন্নত কৰিব পাৰে। কিন্তু তেনে আশা সম্প্ৰতি পৰ্বতত কাছ কণীৰ সন্ধান কৰাৰ দৰেহে। কিয়নো, যুক্তিনিষ্ঠ চিন্তাক মষিমূৰ কৰি অন্ধ আৱেগে মানুহক নিয়ন্ত্ৰণ কৰাৰ এই পৰিস্থিতিটো শাসকসকলৰ বাবে বৰ উপযোগী।

